< Mark 15 >

1 Ní kùtùkùtù òwúrọ̀, àwọn olórí àlùfáà, àwọn àgbàgbà, àwọn olùkọ́ òfin àti gbogbo àjọ ìgbìmọ̀ fi ẹnu kò lórí ohun tí wọn yóò ṣe. Wọ́n sì de Jesu, wọ́n mú un lọ, wọ́n sì fi lé Pilatu lọ́wọ́.
পাছত ৰাতিপুৱা প্ৰধান পুৰোহিত, পৰিচাৰক আৰু বিধানৰ অধ্যাপক সকলৰ সৈতে গোটেই মহাসভাই মন্ত্ৰণা কৰিলে৷ তেতিয়া তেখেত সকলে যীচুক বান্ধিলে আৰু পীলাতৰ হাতত শোধাই দিলে।
2 Pilatu sì bi í léèrè, ó ni, “Ṣe ìwọ ni ọba àwọn Júù?” Jesu sì dáhùn pé, “Gẹ́gẹ́ bi ìwọ ti wí náà ni.”
তেতিয়া পীলাতে তেওঁক সুধিলে, “তুমি ইহুদী সকলৰ ৰজা হয় নে?” তাতে তেওঁ উত্তৰ দি ক’লে, “তুমিয়েই কৈছা।”
3 Àwọn olórí àlùfáà fi ẹ̀sùn ohun púpọ̀ kàn án.
এনেতে প্ৰধান পুৰোহিত সকলে তেওঁক বহুত অপবাদ দিলে।
4 Pilatu sì tún bi í léèrè pé, “Ṣe ìwọ kò dáhùn ni? Wo gbogbo ẹ̀sùn tí wọ́n fi kàn ọ.”
তেতিয়া পীলাতে আকৌ তেওঁক সুধিলে, “তুমি একো উত্তৰ নিদিয়া নে? চোৱা, এওঁলোকে তোমাৰ বিৰুদ্ধে কিমান অপবাদ দিছে!”
5 Ṣùgbọ́n Jesu kò dalóhùn síbẹ̀, tó bẹ́ẹ̀ ti ẹnu fi ya Pilatu.
কিন্তু যীচুৱে কোনো দিঘলীয়া উত্তৰ নিদিলে আৰু তাতে তেওঁ বিস্ময় মানিলে।
6 Ní báyìí, nígbà àjọ, gẹ́gẹ́ bí àṣà, òun a máa dá òǹdè kan sílẹ̀ fún wọn, ẹnikẹ́ni tí wọ́n bá béèrè fún.
সেই পৰ্বৰ সময়ত মানুহবোৰে বিচাৰিলে যি কোনো এজন বন্দীক পীলাতে মুকলি কৰি দিয়ে।
7 Ọkùnrin kan wà tí orúkọ rẹ̀ ń jẹ́ Baraba. Wọ́n ti ju òun àti àwọn ọlọ̀tẹ̀ ẹgbẹ́ rẹ̀ sí ọgbà ẹ̀wọ̀n, nítorí wọ́n ṣọ̀tẹ̀ sí ìjọba, wọ́n sì pa ènìyàn nínú ìdìtẹ̀ wọn.
সেই সময়ত বিদ্ৰোহী লোক সকলৰ সৈতে কাৰাগাৰত, কিছুমান হত্যাকাৰীৰ লগত প্ৰতিষ্ঠিত ব্যৱস্থাৰ বিৰুদ্ধে যোৱা ৰাজদ্ৰোহী এজন আছিল; তেওঁৰ নাম আছিল বাৰাব্বা ৷
8 Ọ̀pọ̀ ènìyàn sì lọ bá Pilatu, wọ́n ní kí ó ṣe bí ó ti máa ń ṣe fún wọn ní ọdọọdún.
তেতিয়া লোক সকলে পীলাতৰ ওচৰলৈ আহিল আৰু আগতে কৰি অহা নিয়ম অনুসৰি কৰিবলৈ তেওঁক অনুৰোধ কৰিলে৷
9 Pilatu béèrè lọ́wọ́ wọn wí pé, “Ṣe ẹ̀yin ń fẹ́ kí èmi dá ọba àwọn Júù sílẹ̀ fún yin?”
পীলাতে তেওঁলোকক উত্তৰ দি ক’লে, “তোমালোকৰ বাবে মই ইহুদী সকলৰ ৰজাক যেন মুকলি কৰোঁ, তোমালোকে এনে ইচ্ছা কৰা নে?”
10 Òun mọ̀ pé nítorí ìlara ni àwọn olórí àlùfáà ṣe fà Jesu lé òun lọ́wọ́.
১০কিয়নো তেওঁ জানিছিল যে প্ৰধান পুৰোহিত সকলে ইর্ষা কৰি যীচুক তেওঁৰ ওচৰত শোধাই দিছিল৷
11 Nígbà náà ni àwọn olórí àlùfáà ru ọ̀pọ̀ ènìyàn sókè pé, kí ó kúkú dá Baraba sílẹ̀ fún wọn.
১১কিন্তু প্ৰধান পুৰোহিত সকলে যীচুৰ সলনি বাৰাব্বাক মুকলি কৰিবৰ বাবে দাবী কৰিবলৈ লোক সকলক উচটালে৷
12 Pilatu sì tún béèrè lọ́wọ́ wọn pé, “Kí ni ẹ̀yin ń fẹ́ kí èmi kí ó ṣe pẹ̀lú ẹni ti ẹ̀yin n pè ní ọba àwọn Júù?”
১২পাছত পীলাতে আকৌ উত্তৰ দি তেওঁলোকক সুধিলে, “তেনেহলে তোমালোকে যি জনক ইহুদী সকলৰ ৰজা বুলি কোৱা তেওঁক মই কি কৰিম?”
13 Wọ́n sì tún kígbe sókè pé, “Kàn án mọ àgbélébùú!”
১৩তেতিয়া তেওঁলোকে আকৌ আটাহ পাৰি ক’লে, “তাক ক্রুচত দিয়ক।”
14 Nígbà náà ni Pilatu bi wọn léèrè pé, “Èéṣe? Búburú kí ni ó ṣe?” Wọ́n sì kígbe sókè gidigidi wí pé, “Kàn án mọ́ àgbélébùú!”
১৪তেতিয়া পীলাতে তেওঁলোকক সুধিলে, “কিন্তু তেওঁনো কি দোষ কৰিলে?” তাতে তেওঁলোকে অধিককৈ আটাহ পাৰি ক’লে, “তাক ক্রুচত দিয়ক।”
15 Pilatu sì ń fẹ́ ṣe èyí tí ó wu àwọn ènìyàn, ó dá Baraba sílẹ̀ fún wọn. Nígbà tí ó sì na Jesu tan o fà á lé wọn lọ́wọ́ láti kàn an mọ́ àgbélébùú.
১৫তেতিয়া পীলাতে লোক সকলক সন্তুষ্ট কৰিবলৈ তেওঁলোকলৈ বাৰাব্বাক মুকলি কৰি দিলে আৰু যীচুক চাবুকেৰে কোবোৱাই, ক্রুচত দিবলৈ শোধাই দিলে।
16 Àwọn ọmọ-ogun sì fà á jáde lọ sínú ààfin (tí a ń pè ní Pretoriomu), wọ́n sì pe gbogbo ẹgbẹ́ àwọn ọmọ-ogun jọ.
১৬তেতিয়া সেনাবোৰে চোতাললৈ অৰ্থাৎ প্ৰিটৰিয়মৰ ভিতৰলৈ তেওঁক লৈ গ’ল, আৰু গোটেই সৈন্য দলক মাতি গোট খুৱালে।
17 Wọn sì fi aṣọ aláwọ̀ àlùkò wọ̀ ọ́, wọ́n hun adé ẹ̀gún, wọ́n sì fi dé e ní orí.
১৭পাছত তেওঁলোকে যীচুক উজ্বল বৰণীয়া কাপোৰ পিন্ধালে, আৰু কাঁইটৰ কিৰীটি সাজি মুৰত পিন্ধাই দিলে;
18 Wọ́n sì bẹ̀rẹ̀ sí i kí ì wí pé, Kábíyèsí, ọba àwọn Júù.
১৮মানুহবোৰে তেওঁক নমস্কাৰ জনাই ক’লে “হে ইহুদী সকলৰ ৰজা, জয় হওক!”
19 Wọ́n sì fi ọ̀pá lù ú lórí, wọ́n sì tutọ́ sí i lára, wọ́n sì kúnlẹ̀ níwájú rẹ̀, wọ́n sì foríbalẹ̀ fún un.
১৯তেতিয়া নলেৰে তেওঁৰ মুৰত কোবালে আৰু থুই পেলালে৷ তাৰ পাছত তেওঁৰ আগত আঁঠুকাঢ়ি শ্ৰদ্ধা জনালে।
20 Nígbà tí wọ́n sì fi ṣẹ̀sín tan, wọ́n sì bọ aṣọ elése àlùkò náà kúrò lára rẹ̀, wọ́n sì fi aṣọ rẹ̀ wọ̀ ọ́, wọ́n sì mú un jáde lọ láti kàn án mọ́ àgbélébùú.
২০এইদৰে তেওঁক ঠাট্টা-বিদ্ৰূপ কৰি উঠি, সেই উজ্বল বৰণীয়া কাপোৰ সোলোকাই তেওঁক নিজৰ কাপোৰ পিন্ধালে আৰু তেওঁক ক্রুচত দিবৰ বাবে বাহিৰলৈ লৈ গ’ল।
21 Wọ́n rí ọkùnrin kan tí ń kọjá lọ. Simoni ará Kirene. Òun ni baba Aleksanderu àti Rufusi. Wọ́n sì mú un ní tipátipá pé, kí ó rú àgbélébùú Jesu.
২১সেই সময়ত মানুহবোৰে কুৰীণীয়া দেশৰ পৰা অহা চিমোন নামৰ (এই জন আলেকজেন্দাৰ আৰু ৰুফৰ বাপেক) লোক এজনক জবৰদস্তিৰে যীচুৰ ক্ৰুচটো কঢ়িয়াই নিবলৈ ধৰি আনিলে৷
22 Wọ́n sì mú Jesu wá sí Gọlgọta (èyí tí ìtumọ̀ rẹ̀ ń jẹ́ Ibi Agbárí)
২২এইদৰে সৈন্য সকলে গলগথা বুলি কোৱা ঠাই খন লৈ যীচুক লৈ আহিল; (এই নামৰ অর্থ ‘মুৰৰ লাওখোলা’) ৷
23 Wọ́n sì fi myrri wáìnì tí a dàpọ̀ mọ́ òjìá fún un mu, ṣùgbọ́n òun kò gbà á.
২৩তাতে তেওঁলোকে যীচুক গন্ধৰসেৰে মিহলি হোৱা দ্ৰাক্ষাৰস যাচিলে কিন্তু তেওঁ তাক গ্ৰহণ নকৰিলে।
24 Wọ́n sì kàn án mọ́ àgbélébùú. Wọ́n sì pín aṣọ rẹ̀ láàrín ara wọn, wọ́n dìbò lórí àwọn aṣọ náà ni kí wọn bá à lè mọ èyí tí yóò jẹ́ ti olúkúlùkù.
২৪পাছত তেওঁক ক্রুচত দি উঠি, তেওঁৰ কাপোৰৰ কোনে কি পাব, সেয়ে নিশ্চয় কৰিবলৈ, তেওঁলোকে চিঠি খেলি সেই কাপোৰ ভগাই ল’লে।
25 Ní wákàtí kẹta ọjọ́ ni wọ́n kàn án mọ́ àgbélébùú.
২৫তেতিয়া ন মান বজাত তেওঁলোকে যীচুক ক্রুচত দিলে।
26 Àkọlé ìfisùn tí wọ́n kọ sókè orí rẹ̀ ni: Ọba àwọn Júù.
২৬আৰু “ইহুদী সকলৰ ৰজা৷” এই বুলি তেওঁৰ অপৰাধৰ জাননী ওপৰত লিখি দিলে।
27 Wọ́n sì kan àwọn olè méjì mọ́ àgbélébùú pẹ̀lú rẹ̀, ọ̀kan lọ́wọ́ ọ̀tún rẹ̀, èkejì lọ́wọ́ òsì rẹ̀.
২৭তেওঁৰ লগত আন দুজন ডকাইতৰ সোঁফালে এজনক আৰু বাওঁফালে আন এজনক, এনেদৰে ক্রুচতদিলে।
২৮
29 Àwọn tí ń kọjá lọ sì ń fi ṣe ẹlẹ́yà, wọ́n ń mi orí wọn pẹ̀lú, wọ́n sì ké pé, “Háà! Ìwọ tí yóò wó tẹmpili tí yóò sì tún un kọ́ láàrín ọjọ́ mẹ́ta,
২৯পাছত অহা-যোৱা কৰা বাটৰুৱা সকলে মুৰ জোকাৰি নিন্দা কৰি কবলৈ ধৰিলে, “হেৰৌ মন্দিৰ নষ্ট কৰোঁতা আৰু তিন দিনৰ ভিতৰত সাজোঁতা,
30 sọ̀kalẹ̀ láti orí àgbélébùú wá, kí o sì gba ara rẹ là!”
৩০নিজকে ৰক্ষা কৰ আৰু ক্ৰুচৰ পৰা নাম৷”
31 Bákan náà ni àwọn olórí àlùfáà àti àwọn olùkọ́ òfin fi í ṣẹ̀sín láàrín ara wọn, wọ́n wí pé, “Ó gba àwọn ẹlòmíràn là ṣùgbọ́n, ara rẹ̀ ni kò lè gbàlà.
৩১সেইদৰে প্ৰধান পুৰোহিত সকলে বিধানৰ অধ্যাপক সকলৰ সৈতে ঠাট্টা-বিদ্ৰূপ কৰি পৰস্পৰৰ মাজত ক’লে, “সি আন লোকক ৰক্ষা কৰিছিল কিন্তু নিজকেই ৰক্ষা কৰিব নোৱাৰে।
32 Jẹ́ kí Kristi, ọba Israẹli, sọ̀kalẹ̀ láti orí igi àgbélébùú wá nísinsin yìí kí àwa kí ó lè rí i, kí àwa kí ó sì lè gbàgbọ́.” Bákan náà, àwọn ti a kàn mọ́ àgbélébùú pẹ̀lú rẹ̀ sì ń kẹ́gàn rẹ̀.
৩২হে খ্ৰীষ্ট, ইস্ৰায়েলৰ ৰজা, এতিয়াই ক্ৰুচৰ পৰা নামি আহা; তাতে আমি যেন দেখা পাওঁ আৰু বিশ্বাস কৰোঁ৷” তেতিয়া যি দুজনক তেওঁৰ লগত ক্ৰুচত দিয়া হ’ল, সেই দুজনেও তেওঁক নিন্দা কৰিলে।
33 Nígbà tí ó di wákàtí kẹfà, òkùnkùn bo gbogbo ilẹ̀ títí di wákàtí kẹsànán.
৩৩পাছত বাৰ মান বজাৰ পৰা তিনি বজালৈকে গোটেই দেশ আন্ধাৰ হ’ল।
34 Ní wákàtí kẹsànán ni Jesu kígbe sókè ní ohùn rara, ó ní, “Eli, Eli, lama sabakitani?” (ìtumọ̀ èyí tí í ṣe, “Ọlọ́run mi, Ọlọ́run mi, èéṣe tí ìwọ fi kọ̀ mí sílẹ̀?”).
৩৪আৰু ঠিক তিনি বজাৰ সময়ত যীচুৱে বৰ মাতেৰে ৰিঙিয়াই ক’লে, “এলোই, এলোই, লামা চবক্তানী?” অৰ্থাৎ “হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, কি কাৰণত মোক তুমি পৰিত্যাগ কৰিলা?”
35 Nígbà tí àwọn kan nínú àwọn tí wọ́n dúró níbẹ̀ gbọ́, wọ́n sì wí pé, “Wò ó ó ń pe Elijah.”
৩৫তেতিয়া ওচৰত থিয় দি থকা লোক সকলৰ মাজৰ কোনো কোনোৱে ইয়াকে শুনি ক’লে, “চোৱা, ই এলিয়াক মাতিছে।”
36 Nígbà náà ni ẹnìkan sáré lọ ki kànìnkànìn bọ inú ọtí kíkan, ó fi lé orí ọ̀pá, ó sì nà án sí Jesu kí ó lè mu ún. Ó wí pé, “Ẹ jẹ́ kí a máa wò ó, bóyá Elijah yóò wá sọ̀ ọ́ kalẹ̀ wa.”
৩৬তাতে কোনো এজনে বেগাই গৈ, স্পঞ্জ এটা চিৰকাৰে পুৰ কৰি, তাক নলৰ আগত লগাই তেওঁক পান কৰিবলৈ দি ক’লে, “ৰবা, এলিয়াই ইয়াক নমাই দিবলৈ আহে নে নাহে, তাকে আমি চাওঁ আহা৷”
37 Jesu sì tún kígbe sókè ni ohùn rara, ó jọ̀wọ́ ẹ̀mí rẹ̀ lọ́wọ́.
৩৭তেতিয়া যীচুৱে বৰকৈ আটাহ পাৰি, প্ৰাণ ত্যাগ কৰিলে।
38 Aṣọ ìkélé tẹmpili sì fàya sí méjì láti òkè dé ìsàlẹ̀.
৩৮তাতে মন্দিৰৰ আঁৰ-কাপোৰ খন ওপৰৰ পৰা তললৈকে ফালি দুভাগ হ’ল।
39 Nígbà tí balógun ọ̀rún tí ó dúró lẹ́gbẹ̀ ọ̀dọ̀ Jesu rí i tí ó kígbe sókè báyìí, tí ó sì jọ̀wọ́ èmí rẹ̀ lọ́wọ́, ó wí pé, “Lóòótọ́ Ọmọ Ọlọ́run ni ọkùnrin yìí í ṣe.”
৩৯তেওঁ এইদৰে প্ৰাণ ত্যাগ কৰা দেখি, তেওঁৰ ওচৰতে থিয় দি থকা এশৰ সেনাপতিয়ে ক’লে, “সঁচাকৈ এই মানুহ জন ঈশ্বৰৰ পুত্ৰ আছিল৷”
40 Àwọn obìnrin kan wà níbẹ̀ pẹ̀lú, tí wọ́n ń wò ó láti òkèèrè. Maria Magdalene wà lára àwọn obìnrin náà, àti Maria ìyá Jakọbu kékeré àti ti Jose, àti Salome.
৪০সেই সময়ত বহু মহিলাই আতৰৰ পৰা চাই আছিল৷ তেওঁলোকৰ ভিতৰত মগ্দলীনী মৰিয়ম, সৰু যাকোব আৰু যোচিৰ মাক মৰিয়ম আৰু চালোমীও আছিল ৷
41 Àwọn wọ̀nyí, nígbà tí ó wà ní Galili máa ń tọ̀ ọ́ lẹ́yìn, wọ́n a sì máa ṣe ìránṣẹ́ fún un àti ọ̀pọ̀ obìnrin mìíràn tí wọ́n sì bá a gòkè wá sí Jerusalẹmu.
৪১যীচু যেতিয়া গালীল প্ৰদেশত আছিল, তেতিয়া এই মহিলা সকলে তেওঁৰ পাছে পাছে গৈ তেওঁক সেৱা শুশ্ৰূষা কৰিছিল৷ ইয়াৰ ওপৰিও বহু মহিলা তেওঁৰ লগত যিৰূচালেমলৈ আহিছিল৷
42 Ọjọ́ yìí jẹ́ ọjọ́ ìpalẹ̀mọ́ (èyí tí i ṣe, ọjọ́ tó ṣáájú ọjọ́ ìsinmi). Nígbà tí ilẹ̀ ọjọ́ náà sì ṣú,
৪২এই দিনটো আছিল আয়োজনদিন; বিশ্ৰাম দিনৰ আগদিনা৷ সেয়েহে তেতিয়া আবেলি ওচৰ চাপি অহাত,
43 Josẹfu ará Arimatea wá, ọ̀kan pàtàkì nínú àwọn ọmọ ìgbìmọ̀, ẹni tí ń retí ìjọba Ọlọ́run, ó fi ìgboyà lọ sí iwájú Pilatu láti tọrọ òkú Jesu.
৪৩অৰিমাথিয়াৰ যোচেফ সেই ঠাইলৈ আহিল৷ তেওঁ পৰিষদ মণ্ডলীৰ এজন সন্মানীয় সদস্য আছিল৷ তেওঁ ঈশ্ৱৰৰ ৰাজ্যলৈ অপেক্ষা কৰি আছিল৷ তেওঁ সাহসেৰে পীলাতৰ ওচৰলৈ গ’ল আৰু যীচুৰ দেহ বিচাৰিলে।
44 Ẹnu ya Pilatu láti gbọ́ pé Jesu ti kú. Nítorí náà ó pe balógun ọ̀rún, ó sì bí i léèrè bóyá Jesu ti kú nítòótọ́.
৪৪ইতিমধ্যে পীলাতে যীচুৰ মৃত্যু হোৱা বুলি জানিবলৈ পোৱাত, পীলাত আচৰিত হ’ল; তেওঁ এশৰ সেনাপতিক মাতি আনিলে আৰু যীচুৰ মৃত্যুৰ বিষয়ে সুধিলে৷
45 Nígbà tí balógun ọ̀rún náà sì fún Pilatu ni ìdánilójú pé Jesu ti kú, Pilatu jọ̀wọ́ òkú rẹ̀ fún Josẹfu.
৪৫যেতিয়া তেওঁ এশৰ সেনাপতিৰ পৰা যীচুৰ মৃত্যু জানিলে, তেতিয়া তেওঁ যোচেফক যীচুৰ দেহটো নিবলৈ অনুমতি প্ৰদান কৰিলে৷
46 Josẹfu sì ti ra aṣọ ọ̀gbọ̀ wá. Ó sọ òkú Jesu kalẹ̀: ó sì fi aṣọ ọ̀gbọ̀ náà dì í. Ó sì tẹ́ ẹ sí inú ibojì, tí wọ́n gbẹ́ sí ara àpáta. Ó wá yí òkúta dí ẹnu ibojì náà.
৪৬যোচেফে শণ সুতাৰ কাপোৰ লগত লৈ আহিছিল৷ তেওঁ যীচুক ক্ৰুচৰ পৰা নমালে আৰু লগত অনা শণ সুতাৰ কাপোৰেৰে মেৰিয়াই শিলত খান্দি উলিওৱা মৈদাম এটাত শুৱাই থ’লে৷ তাৰ পাছত এচটা ডাঙৰ শিল বগৰাই আনি মৈদামৰ প্ৰৱেশ দ্ৱাৰ বন্ধ কৰি দিলে৷
47 Maria Magdalene àti Maria ìyá Jose ń wò ó bi Josẹfu ti n tẹ́ Jesu sí ibojì.
৪৭মগ্দলীনী মৰিয়ম আৰু যোচিৰ মাক মৰিয়মে যীচুক মৈদাম দিয়া ঠাইটো দেখা পালে৷

< Mark 15 >