< Judges 8 >

1 Àwọn àgbàgbà ẹ̀yà Efraimu sì bínú gidigidi sí Gideoni wọ́n bi í léèrè pé, kí ló dé tí o fi ṣe irú èyí sí wa? Èéṣe tí ìwọ kò fi pè wá nígbà tí ìwọ kọ́kọ́ jáde lọ láti bá àwọn ará Midiani jagun? Ohùn ìbínú ni wọ́n fi bá a sọ̀rọ̀.
ইফ্ৰয়িম ফৈদৰ লোকসকলে গিদিয়োনক সুধিলে, “আপুনি আমাৰ লগত কিয় এনে ব্যৱহাৰ কৰিলে? মিদিয়নীয়াৰ সৈতে যুদ্ধ কৰিবলৈ যোৱাৰ সময়ত আপুনি আমাক নামাতিলে।” এইদৰে তেওঁলোকে গিদিয়োনৰ সৈতে বিবাদ কৰিবলৈ ধৰিলে।
2 Ṣùgbọ́n Gideoni dá wọn lóhùn pé, “Àṣeyọrí wo ni mo ti ṣe tí ó tó fiwé tiyín? Àṣàkù àjàrà Efraimu kò ha dára ju gbogbo ìkórè àjàrà Abieseri lọ bí?
তেওঁ তেওঁলোকক ক’লে, “এতিয়া আপোনালোকৰ তুলনাত মইনো এনে কি কাম কৰিলোঁ? অবীয়াচৰ বংশধৰৰ মাজত তোলা সমস্ত আঙুৰৰ খেতিৰ শস্যতকৈ জানো ইফ্ৰয়িমৰ ভূমিত তোলা আঙুৰবোৰ উত্তম নহয়?
3 Ọlọ́run ti fi Orebu àti Seebu àwọn olórí àwọn ará Midiani lé yín lọ́wọ́. Kí ni ohun tí Mose ṣe tí ó tó fiwé e yín tàbí tí ó tó àṣeyọrí i yín?” Nígbà tí ó wí èyí ríru ìbínú wọn rọlẹ̀.
ঈশ্বৰে আপোনালোকৰ হাতত মিদিয়নীয়াসকলৰ নেতা ওৰেব আৰু জেবক সমৰ্পণ কৰিলে। আপোনালোকৰ তুলনাত মইনো বিশেষ কি কৰিব পাতিলোঁ?” গিদিয়োনৰ এনে কথা শুনাৰ পাছত তেওঁৰ প্রতি থকা তেওঁলোকৰ খং নাইকিয়া হ’ল।
4 Gideoni àti àwọn ọ̀ọ́dúnrún ọkùnrin tí ó wà pẹ̀lú rẹ̀ tẹ̀síwájú láti lépa àwọn ọ̀tá bí ó tilẹ̀ jẹ́ pé ó ti rẹ̀ wọ́n, wọ́n dé Jordani wọ́n sì kọjá sí òdìkejì.
গিদিয়োন আৰু তেওঁৰ লগত থকা তিনি শ লোকে মিদিয়নীয়া শত্ৰুবোৰক খেদি খেদি গৈ যৰ্দ্দন নদীৰ ওচৰলৈকে আহি নদীখন পাৰ হ’ল। তেতিয়া তেওঁলোক অতি ক্লান্ত হৈ পৰিছিল।
5 Ó wí fún àwọn ọkùnrin Sukkoti pé, “Ẹ fún àwọn ọmọ-ogun mi ní oúnjẹ díẹ̀, nítorí ó ti rẹ̀ wọ́n, èmi sì ń lépa Seba àti Salmunna àwọn ọba Midiani.”
সেয়ে গিদিয়োনে চুক্কোতৰ অধিবাসীসকলক ক’লে, “দয়া কৰি মোৰ পাছে পাছে অহা সৈন্যবোৰক কিছু পিঠা খাবলৈ দিয়ক; কিয়নো তেওঁলোক অতিশয় পৰিশ্রান্ত হৈ পৰিছে। মই মিদিয়নীয়াসকলৰ ৰজা জেবহ আৰু চলমুন্নাৰ পাছে পাছে খেদি আহিছোঁ।”
6 Ṣùgbọ́n àwọn ìjòyè Sukkoti fèsì pé ṣé ọwọ́ rẹ ti tẹ Seba àti Salmunna náà ni? Èéṣe tí àwa yóò ṣe fún àwọn ológun rẹ ní oúnjẹ?
তেতিয়া চুক্কোতৰ নেতাসকলে ক’লে, “আমি বুজা নাই কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে? জেবহ আৰু চলমুন্না জানো এতিয়া তোমাৰ হাতত আহিল?”
7 Gideoni dá wọn lóhùn pé, “Ó dára, nígbà tí Olúwa bá fi Seba àti Salmunna lé mi lọ́wọ́ tán èmi yóò fi ẹ̀gún ijù àti ẹ̀gún òṣùṣú ya ẹran-ara yín.”
তেতিয়া গিদিয়োনে ক’লে, “যেতিয়া যিহোৱাই জেবহ আৰু চলমুন্নাক মোৰ হাতত তুলি দিব, তেতিয়া মই মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছৰ আঘাতেৰে আপোনালোকৰ গাৰ মঙহ ছিৰি পেলাম।”
8 Láti ibẹ̀, ó lọ sí Penieli ó sì bẹ̀ wọ́n bẹ́ẹ̀ gẹ́gẹ́, ṣùgbọ́n àwọn náà dá a lóhùn bí àwọn ará Sukkoti ti dá a lóhùn.
তাৰ পাছত গিদিয়োন তাৰ পৰা পনুৱেললৈ উঠি গ’ল আৰু সেই ঠাইৰ লোকসকলৰ ওচৰতো একেদৰে ক’লে। তাতে চুক্কোতৰ লোকসকলে যেনেকৈ কৈছিল, তেওঁলোকেও একে উত্তৰ দিলে।
9 Nígbà náà ni ó sọ fún àwọn ọkùnrin Penieli pé, “Nígbà tí mo bá ṣẹ́gun tí mo sì padà dé ní àlàáfíà, èmi yóò wó ilé ìṣọ́ yìí.”
তেতিয়া তেওঁ পনুৱেলৰ লোকসকলক ক’লে, “কুশলে যেতিয়া পুনৰ উলটি আহিম, মই এই কোঁঠ ভাঙি পেলাম।”
10 Ní àsìkò náà Seba àti Salmunna wà ní Karkori pẹ̀lú ọmọ-ogun wọn tí ó tó ẹgbẹ̀rún mẹ́ẹ̀ẹ́dógún ọkùnrin, àwọn wọ̀nyí ni ó ṣẹ́kù nínú gbogbo ogun àwọn ènìyàn apá ìlà-oòrùn, nítorí ọ̀kẹ́ mẹ́fà ọkùnrin tí ó fi idà jà ti kú ní ojú ogun.
১০সেই সময়ত জেবহ আৰু চলমুন্না প্রায় পোন্ধৰ হাজাৰ সৈন্যৰ দল লৈ কৰ্কোৰত আছিল; পূর্বদেশৰ সৈন্যসকলৰ মাজত কেৱল এওঁলোকেই তেতিয়া অৱশিষ্ট আছিল; কিয়নো তেওঁলোকৰ তৰোৱাল ধৰা এক লাখ বিশ হাজাৰ সৈন্য হত হ’ল।
11 Gideoni gba ọ̀nà tí àwọn darandaran máa ń rìn ní apá ìhà ìlà-oòrùn Noba àti Jogbeha ó sì kọjú ogun sí àwọn ọmọ-ogun náà nítorí wọ́n ti túra sílẹ̀.
১১পাছত গিদিয়োনে নোবহ আৰু যগ্বেহাৰ চহৰৰ পুবফালে তম্বুবাসী লোকসকলৰ নমাদ বাটেদি উঠি গৈ শত্রুপক্ষৰ ছাউনি পালে। সেই সময়ত শত্রুসকল আক্রমণৰ বাবে প্রস্তুত নাছিল আৰু গিদিয়োনে গৈ তেওঁলোকক পৰাস্ত কৰিলে।
12 Seba àti Salmunna, àwọn ọba Midiani méjèèjì sá, ṣùgbọ́n Gideoni lépa wọn ó sì mú wọn, ó run gbogbo ogun wọn.
১২জেবহ আৰু চলমুন্না পলাই গ’ল; কিন্তু গিদিয়োনে মিদিয়নীয়াসকলৰ সেই দুজন ৰজা জেবহ আৰু চলমুন্নাক খেদি খেদি ধৰিলে। তেতিয়া তেওঁলোকৰ সৈন্যদলৰ সকলোৱে গিদিয়োনৰ ভয়ত আতঙ্কিত হ’ল।
13 Gideoni ọmọ Joaṣi gba ọ̀nà ìgòkè Heresi padà sẹ́yìn láti ojú ogun.
১৩তাৰ পাছত যোৱাচৰ পুত্ৰ গিদিয়োনে হেৰচৰ গিৰিপথেদি যুদ্ধৰ পৰা উলটি আহিছিল।
14 Ó mú ọ̀dọ́mọkùnrin kan ará Sukkoti, ó sì béèrè àwọn ìbéèrè ní ọwọ́ rẹ̀, ọ̀dọ́mọkùnrin náà sì kọ orúkọ àwọn ìjòyè Sukkoti mẹ́tàdínlọ́gọ́rin fún un tí wọ́n jẹ́ àgbàgbà ìlú náà.
১৪গিদিয়োনে চুক্কোত নিবাসীসকলৰ এজন যুৱকক ধৰি আনিলে আৰু তেওঁৰ পৰা পৰামর্শ বিচাৰিলে; যুৱকজনে চুক্কোতৰ সাতসত্তৰজন নেতা আৰু জ্যেষ্ঠলোকৰ নাম ক’লে।
15 Nígbà náà ni Gideoni wá ó sọ fún àwọn ọkùnrin Sukkoti pé, “Seba àti Salmunna nìwọ̀nyí nípa àwọn tí ẹ̀yin fi mí ṣẹ̀fẹ̀ nígbà tí ẹ wí pé, ‘Ṣé ó ti ṣẹ́gun Seba àti Salmunna? Èéṣe tí àwa ó fi fún àwọn ọmọ-ogun rẹ tí ó ti rẹ̀ ní oúnjẹ?’”
১৫গিদিয়োনে চুক্কোতবাসীসকলৰ ওচৰলৈ আহি ক’লে, “এইয়া চোৱা, জেবহ আৰু চলমুন্না! এওঁলোকৰ বাবেই আপোনালোকে মোক ঠাট্টা কৰি কৈছিলে, ‘আমি বুজা নাই, কিয় আমি আপোনাৰ সৈন্যবোৰক পিঠা খাবলৈ দিব লাগে। আপুনি জানো জেবহ আৰু চলমুন্নাক জয় কৰিলে’?”
16 Ó mú àwọn àgbàgbà ìlú náà, ó sì fi kọ́ àwọn Sukkoti lọ́gbọ́n nípa jíjẹ wọ́n ní yà pẹ̀lú àwọn ẹ̀gún ijù àti ẹ̀gún ọ̀gàn.
১৬এইবুলি কৈ তেওঁ চুক্কোতৰ জ্যেষ্ঠসকলক ধৰি আনি মৰুভূমিৰ কাঁইট আৰু কাঁইটীয়া গছেৰে আঘাত কৰি শাস্তি দিলে।
17 Ó wó ilé ìṣọ́ Penieli, ó sì pa àwọn ọkùnrin ìlú náà.
১৭তেওঁ পনুৱেলৰ কোঁঠটোও ভাঙি পেলালে আৰু সেই নগৰৰ লোকসকলক বধ কৰিলে।
18 Gideoni bi Seba àti Salmunna pé, “Irú ọkùnrin tí ẹ pa ní Tabori, báwo ni wọ́n ṣe rí?” “Àwọn ọkùnrin náà dàbí rẹ ọ̀kọ̀ọ̀kan wọn dàbí ọmọ ọba,” ní ìdáhùn wọn.
১৮তাৰ পাছত তেওঁ জেবহ আৰু চলমুন্নাক সুধিলে, “তাবোৰত আপোনালোকে কেনে লোকসকলক বধ কৰিছিলে?” তেওঁলোকে উত্তৰ দিলে, “আপুনি যেনেকুৱা, তেওঁলোকো তেনেকুৱা আছিল; তেওঁলোক প্ৰতিজন দেখাত ৰাজপুত্র সদৃশ আছিল।”
19 Gideoni dáhùn pé, “Arákùnrin mi ni wọ́n, àwọn ọmọ ìyá mi. Mo fi Olúwa búra, bí ó bá ṣe pé ẹ dá ẹ̀mí wọn sí, èmi náà ò nípa yín.”
১৯গিদিয়োনে ক’লে, “সেইসকল মোৰ ভাই আছিল; মোৰ আইৰ সন্তান; জীৱন্ত ঈশ্বৰৰ শপত, আপোনালোকে যদি তেওঁলোকক জীয়াই ৰাখিলোঁহেঁতেন, তেন্তে মই আপোনালোকক বধ নকৰিলোঁহেঁতেন।”
20 Ó yí padà sí Jeteri, ọmọ rẹ̀ tí ó dàgbà jùlọ, ó wí fún un pé, “Pa wọ́n!” Ṣùgbọ́n Jeteri kò fa idà rẹ̀ yọ láti pa wọ́n nítorí ó jẹ́ ọ̀dọ́mọdé ẹ̀rù sì bà á láti pa wọ́n.
২০তাৰ পাছত তেওঁ নিজৰ বৰ পুতেক যেথৰক ক’লে, “উঠি, ইহঁতক বধ কৰ!” কিন্তু সেই কুমলীয়া ল’ৰাজনে নিজৰ তৰোৱাল নুলিয়ালে; সি তেতিয়া অল্পবয়সীয়া ল’ৰা আছিল বাবে ভয় কৰিলে।
21 Seba àti Salmunna dá Gideoni lóhùn pé, “Wá pa wá fún raàrẹ, ‘Nítorí bí ènìyàn bá ti rí bẹ́ẹ̀ ni agbára rẹ̀ yóò rí.’” Gideoni bọ́ síwájú ó sì pa wọ́n, ó sì mú ohun ọ̀ṣọ́ tí ó wà ní ọrùn àwọn ìbákasẹ wọn.
২১তেতিয়া জেবহ আৰু চলমুন্নাই গিদিয়োনক ক’লে, “আপুনিয়েই উঠি আমাক বধ কৰক! কিয়নো যি যেনে মানুহ, তাৰ শক্তিও তেনে।” তেতিয়া গিদিয়োনে উঠি জেবহ আৰু চলমুন্নাক বধ কৰিলে, আৰু তেওঁলোকৰ উটৰ ডিঙিৰ পৰা চন্দ্ৰহাৰবোৰ খুলি ল’লে।
22 Àwọn ará Israẹli wí fún Gideoni pé, “Jọba lórí wa—ìwọ, àwọn ọmọ rẹ àti àwọn ọmọ ọmọ rẹ pẹ̀lú, nítorí tí ìwọ ti gbà wá lọ́wọ́ àwọn ará Midiani.”
২২পাছত ইস্ৰায়েলৰ লোকসকলে গিদিয়োনক ক’লে, “আপুনি মিদিয়নীয়াসকলৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰিলে; এতিয়া আপুনি, আপোনাৰ পুত্র, নাতি সকলোৱে আমাৰ ওপৰত শাসন কৰক।”
23 Ṣùgbọ́n Gideoni dá wọn lóhùn pé, “Èmi kì yóò jẹ ọba lórí yín, bẹ́ẹ̀ ni àwọn ọmọ mi kì yóò jẹ ọba lórí yín. Olúwa ni yóò jẹ ọba lórí yín.”
২৩তেতিয়া গিদিয়োনে তেওঁলোকক ক’লে, “মই বা মোৰ পুত্রই আপোনালোকৰ ওপৰত শাসন নকৰিব; যিহোৱাইহে আপোনালোকৰ ওপৰত শাসন কৰিব।”
24 Gideoni sì wí pé, “Mo ní ẹ̀bẹ̀ kan tí mo fẹ́ bẹ̀ yín kí ẹnìkọ̀ọ̀kan yín fún mi ní yẹtí kọ̀ọ̀kan láti inú ohun ti ó kàn yín láti inú ìkógun.” (Àṣà àwọn ará Iṣmaeli ni láti máa fi yẹtí wúrà sétí.)
২৪গিদিয়োনে তেওঁলোকক পুনৰ ক’লে, “কিন্তু আপোনালোকৰ ওচৰত মোৰ এটি অনুৰোধ আছে, আপোনালোকৰ লুটৰ ভাগৰ পৰা প্ৰতিজনে মোক এটাকৈ কাণৰ গহনা দিয়ক।” কিয়নো মিদিয়নীয়াসকল আছিল ইস্মায়েলৰ বংশৰ লোক আৰু তেওঁলোকে কাণত সোনৰ গহনা পিন্ধা প্রচলিত আছিল।
25 Wọ́n dáhùn pé, “Tayọ̀tayọ̀ ni àwa yóò fi wọ́n sílẹ̀.” Wọ́n tẹ́ aṣọ kan sílẹ̀ ọkùnrin kọ̀ọ̀kan sì ń sọ yẹtí kọ̀ọ̀kan tí ó kàn wọ́n láti ibi ìkógun síbẹ̀.
২৫তেওঁলোকে উত্তৰ দিলে, “আমি আনন্দ মনেৰে আপোনাক সেয়া দিম।” তাৰ পাছত তেওঁলোকে এখন কাপোৰ পাৰি তাৰ মাজত প্ৰতিজনে লুটি অনা নিজ নিজ কাণৰ গহনা পেলালে।
26 Ìwọ̀n òrùka wúrà tí ó béèrè fún tó ẹ̀ẹ́dẹ́gbẹ̀sán ìwọ̀n ṣékélì, láìka àwọn ohun ọ̀ṣọ́ àti ohun sísorọ̀ tí ó wà lára ìlẹ̀kẹ̀ ọrùn àti aṣọ elése àlùkò tí àwọn ọba Midiani ń wọ̀ tàbí àwọn ẹ̀wọ̀n tí ó wà ní ọrùn àwọn ìbákasẹ wọn.
২৬তাতে তেওঁ অনুৰোধ কৰি পোৱা সেই সোনৰ কাণফুলিবোৰৰ ওজন এক হাজাৰ সাত শ চেকল হ’ল; তাৰ বাহিৰেও চন্দ্ৰহাৰ, ‘লকেট’, মিদিয়নীয়া ৰজাসকলে পিন্ধা বেঙেনা বৰণীয়া বস্ত্ৰ আৰু তেওঁলোকৰ উটবোৰে পিন্ধা ডিঙিৰ হাৰ আছিল।
27 Gideoni fi àwọn wúrà náà ṣe efodu èyí tí ó gbé kalẹ̀ ní Ofira ìlú rẹ̀. Àwọn ọmọ Israẹli sì sọ ara wọn di àgbèrè nípa sínsin-ín ní ibẹ̀. Ó sì di ìdẹ̀kùn fún Gideoni àti ìdílé rẹ̀.
২৭তাৰ পাছত গিদিয়োনে সেই সোণবোৰ লৈ এখন এফোদ তৈয়াৰ কৰি তেওঁ নিজৰ নগৰ অফ্রাত ৰাখিলে; ইস্রায়েলীয়াসকলে সেই ঠাইত একমাত্র ঈশ্বৰৰ পৰিবর্তে এফোদৰ পূজা কৰি নিজকে ব্যভিচাৰী কৰিলে; এয়ে গিদিয়োন আৰু তেওঁৰ পৰিয়াললৈ এক ফান্দস্বৰূপ হ’ল।
28 Báyìí ni a ṣe tẹrí àwọn ará Midiani ba níwájú àwọn ọmọ Israẹli bẹ́ẹ̀ ni wọn kò tún gbé orí mọ́. Ní ọjọ́ Gideoni, Israẹli wà ní àlàáfíà fún ogójì ọdún.
২৮এইদৰেই মিদিয়নীয়াসকল ইস্ৰায়েলৰ লোকসকলৰ তলতীয়া হৈ থাকিল; তেওঁলোকে পুনৰ মূৰ দাঙিব নোৱাৰিলে। গিদিয়োনৰ কালত দেশ চল্লিশ বছৰলৈকে সুস্থিৰে থাকিল।
29 Jerubbaali ọmọ Joaṣi padà lọ láti máa gbé ní ìlú rẹ̀.
২৯তাৰ পাছত যোৱাচৰ পুত্ৰ যিৰুব্বালে নিজৰ ঘৰলৈ গৈ তাতে বাস কৰিলে।
30 Àádọ́rin ọmọ ni Gideoni bí, nítorí ó ní ọ̀pọ̀lọpọ̀ àwọn ìyàwó.
৩০গিদিয়োনৰ বহুতো ভার্য্যা আছিল আৰু সেয়ে তেওঁ সত্তৰজন পুত্রৰ পিতৃ আছিল।
31 Àlè rẹ̀, tó ń gbé ní Ṣekemu, pàápàá bí ọmọkùnrin kan fún un tí ó pe orúkọ rẹ̀ ní Abimeleki.
৩১চিখিমত তেওঁৰ এগৰাকী উপপত্নী আছিল। তেওঁৰ ঔৰসতো গিদিয়োনৰ এটি পুত্ৰ আছিল। গিদিয়োনে তেওঁৰ নাম অবীমেলক দিছিল।
32 Gideoni ọmọ Joaṣi kú ní ògbólógbòó ọjọ́ rẹ̀, ó sì pọ̀ ní ọjọ́ orí, wọ́n sì sin ín sí ibojì baba rẹ̀ ní Ofira ti àwọn ará Abieseri.
৩২যোৱাচৰ পুত্ৰ গিদিয়োনৰ অতি বৃদ্ধ বয়সত মৃত্যু হ’ল। অবীয়েজ্ৰীয়াসকলৰ অফ্রাত তেওঁৰ পিতৃ যোৱাচৰ সমাধিস্থলত তেওঁক মৈদাম দিয়া হ’ল।
33 Láìpẹ́ jọjọ lẹ́yìn ikú Gideoni ni àwọn ará Israẹli ṣe àgbèrè tọ Baali lẹ́yìn, wọ́n fi Baali-Beriti ṣe òrìṣà wọn.
৩৩গিদিয়োনৰ মৃত্যুৰ পাছতেই ইস্ৰায়েলৰ সন্তান সকল পুনৰায় ঈশ্বৰৰ অবিশ্বাসী হ’ল আৰু তেওঁলোকে বাল-দেৱতাবোৰক পূজা-অর্চনা কৰি নিজক ব্যভিচাৰী কৰিলে। তেওঁলোকে বাল-বৰীৎক নিজৰ দেৱতা বুলি মানিলে।
34 Wọn kò sì rántí Olúwa Ọlọ́run wọn, ẹni tí ó gbà wọ́n kúrò lọ́wọ́ àwọn ọ̀tá wọn gbogbo tí ó wà ní gbogbo àyíká wọn.
৩৪তেওঁলোকৰ চাৰিওফালে থকা সকলো শত্ৰুবোৰৰ হাতৰ পৰা যি জনা ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিছিল, ইস্রায়েলে তেওঁলোকৰ সেই ঈশ্বৰ যিহোৱাক সন্মান দিবলৈ পাহৰি গ’ল।
35 Wọ́n kùnà láti fi inú rere hàn sí ìdílé Jerubbaali (èyí ni Gideoni) fún gbogbo oore tí ó ṣe fún wọn.
৩৫যিৰুব্বালে ইস্রায়েলত যি সকলো উপকাৰ সাধি গ’ল, তাৰ বিপৰীতে লোক সকলে তেওঁৰ বংশৰ প্রতি কৰা প্রতিজ্ঞাত বিশ্বস্ত হৈ নাথাকিল।

< Judges 8 >