< Judges 5 >
1 Nígbà náà ni Debora àti Baraki ọmọ Abinoamu kọ orin ní ọjọ́ náà wí pé,
১সেইদিনাখন দবোৰা আৰু অবীনোৱমৰ পুত্ৰ বাৰাকে এই গীত গালে,
2 “Nítorí bí àwọn olórí ti síwájú ní Israẹli, nítorí bi àwọn ènìyàn ti fi tọkàntọkàn wa, ẹ fi ìbùkún fún Olúwa!
২“নেতাসকলে ইস্রায়েলৰ লোকক যুদ্ধত পৰিচালনা কৰিলে, লোকসকলে স্বেচ্ছায় আনন্দেৰে আগবাঢ়ি গ’ল - আমি যিহোৱাৰ প্রশংসা গীত কৰোঁ!
3 “Ẹ gbọ́ ẹ̀yin ọba! Ẹ fetí yín sílẹ̀ ẹ̀yin ọmọ-aládé! Èmi yóò kọrin sí Olúwa, èmi yóò kọrin ìyìn sí Olúwa: Ọlọ́run Israẹli.
৩হে ৰজাসকল শুনা! নেতাসকল, মনোযোগ দিয়া! মই, ময়েই যিহোৱাৰ উদ্দেশ্যে গান কৰিম; মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গাম।
4 “Olúwa nígbà tí o jáde kúrò ní Seiri, nígbà tí ìwọ ń yan jáde wá láti pápá Edomu, ilẹ̀ mì tìtì, àwọn ọ̀run sì kán sílẹ̀, àní àwọsánmọ̀ pẹ̀lú kàn omi sílẹ̀.
৪হে যিহোৱা, তুমি যেতিয়া চেয়ীৰৰ পৰা ওলাই আহিছিলা, ইদোমৰ পৰা আগুৱাই আহিছিলা, পৃথিৱী কঁপি উঠিছিল, আকাশে গৰজি উঠিছিল, এনেকি মেঘেও জল বৰষালে।
5 Àwọn òkè ńlá wárìrì ní iwájú Olúwa, bẹ́ẹ̀ ni Sinai ní iwájú Olúwa Ọlọ́run Israẹli.
৫যিহোৱাৰ সাক্ষাতে পর্বতমালা কঁপি উঠিছিল; এনেকি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে চীনয় পর্বত কঁপি উঠিল।
6 “Ní ọjọ́ Ṣamgari ọmọ Anati, ní ọjọ́ Jaeli, àwọn ọ̀nà òpópó dá; àwọn arìnrìn-àjò sì ń gba ọ̀nà ìkọ̀kọ̀.
৬চমগৰ আৰু যায়েলৰ দিনত ৰাজআলিবোৰ জনশূণ্য হৈ পৰিছিল আৰু পথিকসকলে বেঁকা বাটেদি যাতায়ত কৰিছিল।
7 Àwọn olórí tán ní Israẹli, wọ́n tán, títí èmi Debora fi dìde bí ìyá ní Israẹli.
৭মই, দবোৰাই নেতৃত্ব নিদিয়ালৈকে, ইস্রায়েলৰ ভূমিত কৃষকসকল নাছিল, মই ইস্রায়েলবাসীৰ মাতৃৰ দৰে হ’লো।
8 Wọ́n ti yan ọlọ́run tuntun, nígbà náà ni ogun wà ní ibodè a ha rí asà tàbí ọ̀kọ̀ kan láàrín ọ̀kẹ́ méjì ní Israẹli bí.
৮লোকসকলে নতুন দেৱতাবোৰক মনোনীত কৰিছিল; তেতিয়া নগৰৰ দুৱাৰত যুদ্ধ লাগিল। চল্লিশ হাজাৰ ইস্রায়েল লোকৰ মাজত এখনো ঢাল বা এপাত যাঠি দেখা পোৱা নাছিলো।
9 Àyà mi fà sí àwọn aláṣẹ Israẹli àwọn tí wọ́n yọ̀ǹda ara wọn tinútinú láàrín àwọn ènìyàn. Ẹ fi ìbùkún fún Olúwa!
৯মোৰ মন ইস্রায়েলৰ নেতাসকলৰ লগতে আছে, যিসকলে স্বেচ্ছায় আনন্দেৰে যুদ্ধলৈ গৈছিল, সেইসকলৰ বাবে আমি যিহোৱাৰ ধন্যবাদ কৰোঁ!
10 “Ẹ kéde rẹ̀: ẹ̀yin tí ń gun kẹ́tẹ́kẹ́tẹ́ funfun, ẹ̀yin tí ń jókòó lórí ẹní dáradára, àti ẹ̀yin tí ó ń rìn ní ọ̀nà. Ní ọ̀nà jíjìn sí
১০তোমালোক যিসকলে বগা গাধত উঠি, পিঠিত আসনৰ বাবে কম্বলৰ গদিত বহি ঘূৰি ফুৰা আৰু তোমালোক যিসকলে পথত খোজ কাঢ়ি ফুৰা, তোমালোকে এই সকলো বিষয়ে ভাৱা!
11 ariwo àwọn tafàtafà, ní ibi tí a gbé ń fa omi. Níbẹ̀ ni wọ́n gbé ń sọ ti iṣẹ́ òdodo Olúwa, àní iṣẹ́ òdodo ìjọba rẹ̀ ní Israẹli. “Nígbà náà ni àwọn ènìyàn Olúwa sọ̀kalẹ̀ lọ sí ibodè.
১১তোমালোকে পশুবোৰে পানী পিবলৈ অহা ঠাইত ধনুৰ্ধৰসকলৰ মাত কথা শুনা, তাত তেওঁলোকে যিহোৱাৰ ধাৰ্মিকতাৰ কার্যবোৰৰ কথা পুনৰ কয়, আৰু ইস্রায়েলত যিহোৱাৰ সৈনিকসকলে কৰা ধার্মিকতাৰ কার্যবোৰ বর্ণনা কৰে। “তাৰ পাছত যিহোৱাৰ সন্তানসকল নগৰৰ দুৱাৰবোৰলৈ নামি গ’ল।
12 ‘Jí, jí, Debora! Jí, jí, kọ orin dìde! Dìde ìwọ Baraki! Kó àwọn ìgbèkùn rẹ ní ìgbèkùn ìwọ ọmọ Abinoamu.’
১২সাৰ পোৱা দবোৰা, সাৰ পোৱা! সাৰ পোৱা, সাৰ পোৱা, গীতগান কৰা! হে অবীনোৱমৰ পুত্ৰ বাৰাক, উঠা আৰু যুদ্ধত যিসকলক তোমালোকে ধৰিলা, বন্দী কৰি লৈ যোৱা।
13 “Nígbà náà ni àwọn tókù sọ̀kalẹ̀ àwọn ọlọ́lá lọ; àwọn ènìyàn Olúwa tọ̀ mí wá pẹ̀lú àwọn alágbára.
১৩তাৰ পাছত জীয়াই থকা লোকসকল গণ্য-মান্য লোকৰ ওচৰলৈ নামি আহিল; যিহোৱাৰ লোকসকলে যুদ্ধ কৰিবৰ বাবে মোৰ ওচৰলৈ নামি আহিল।
14 Àwọn kan jáde wá láti Efraimu, àwọn tí gbòǹgbò wọn wà ní Amaleki; Benjamini wà pẹ̀lú àwọn tí ó tẹ̀lé ọ. Láti Makiri ni àwọn aláṣẹ ti sọ̀kalẹ̀ wá, láti Sebuluni ni àwọn ẹni tí ń mú ọ̀pá oyè lọ́wọ́.
১৪কিছু লোক আহিল ইফ্ৰয়িমৰ পৰা, য’ত অমালেকীয়াসকলে বাস কৰিছিল; তোমালোকৰ পাছে পাছে বিন্যামীন বংশৰ লোক আহিল; মাখীৰৰ পৰা সেনাপতিসকল নামি আহিল; আৰু জবূলূনৰ বংশৰ লোকসকলে শাসনকর্তাৰ দণ্ড লৈ নামি আহিল।
15 Àwọn ọmọ-aládé Isakari wá pẹ̀lú Debora; bí Isakari ti ṣe olóòtítọ́ sí Baraki, wọ́n fi ẹsẹ̀ súré tẹ̀lé wọn lọ sí àfonífojì náà. Ní ipadò Reubeni ni ìgbèrò púpọ̀ wà.
১৫ইচাখৰৰ মুখ্য লোকসকল দবোৰাৰ লগত আছিল আৰু ইচাখৰ বাৰাকৰ লগত আছিল। বাৰাকৰ পাছে পাছে দৌৰি লোকসকলে শীঘ্ৰে উপত্যকালৈ নামি গ’ল। ৰূবেণৰ ফৈদৰ মাজত অনেক দৃঢ়মনৰ লোক আছিল।
16 Èéṣe tí ìwọ fi dúró pẹ́ láàrín agbo àgùntàn láti máa gbọ́ fèrè olùṣọ́-àgùntàn? Ní ipadò Reubeni ni ìgbèrò púpọ̀ wà.
১৬তোমালোকে মেৰ-ছাগ ৰখীয়াবোৰৰ বাঁহীৰ শব্দ শুনি শুনি কিয় মেৰ-ছাগৰ জুহালৰ মাজত বহি আছিলা? যিহেতু ৰূবেণৰ বংশত অনেক দৃঢ়মনা লোক আছিল।
17 Gileadi dúró ní òkè odò Jordani. Èéṣe tí Dani fi dúró nínú ọkọ̀ ojú omi? Aṣeri jókòó ní etí bèbè Òkun, ó sì ń gbé èbúté rẹ̀.
১৭গিলিয়দৰ বংশৰ লোকসকল যৰ্দ্দনৰ সিপাৰে বাস কৰিলে; আৰু দান ফৈদৰ লোকে কিয় জাহাজৰ কাষত বাস কৰিলে? আচেৰৰ লোকসকল সমুদ্ৰৰ তীৰত থাকি বন্দৰবোৰৰ কাষত বাস কৰিলে।
18 Àwọn ènìyàn Sebuluni fi ẹ̀mí wọn wéwu ikú; bẹ́ẹ̀ sì ni àwọn ènìyàn Naftali ní ibi gíga pápá.
১৮জবূলূন আৰু নপ্তালীৰ ফৈদ ৰণস্থলীত প্ৰাণক মৰণলৈকে তুচ্ছ জ্ঞান কৰা লোক।
19 “Àwọn ọba wá, wọ́n sì jà; àwọn ọba Kenaani jà ní Taanaki ní etí odo Megido, ṣùgbọ́n wọn kò sì gba èrè owó.
১৯ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে; মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে।
20 Àwọn ìràwọ̀ já láti ojú ọ̀run wá láti inú ipa ọ̀nà wọn ni wọ́n bá Sisera jà.
২০আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে; নিজ নিজ পথবোৰৰ পৰা তৰাবোৰে চীচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
21 Odò Kiṣoni gbá wọn lọ, odò ìgbàanì, odò Kiṣoni. Máa yan lọ, ìwọ ọkàn mi, nínú agbára!
২১কীচোন নদীয়ে সিহঁতক উটাই নিলে; সেই প্ৰাচীন কালৰ নদীৰপানী, কীচোন নদীয়ে শত্রুবোৰক উটুৱাই নিলে। হে মোৰ মন, শক্তিশালী হৈ আগবাঢ়া।
22 Nígbà náà ni pátákò ẹsẹ̀ ẹṣin ki ilẹ̀, nítorí eré sísá, eré sísá àwọn alágbára wọn.
২২তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাতত মাটি কঁপি উঠিল; তেওঁৰ শক্তিশালী ঘোঁৰাবোৰে চেঁকুৰি দৌৰিবলৈ ধৰিলে।
23 ‘Ẹ fi Merosi bú,’ ni angẹli Olúwa wí. ‘Ẹ fi àwọn ènìyàn inú rẹ̀ bú ìbú kíkorò, nítorí wọn kò wá sí ìrànlọ́wọ́ Olúwa, láti dojúkọ àwọn alágbára.’
২৩যিহোৱাৰ দূতে কৈছে, মেৰোজ চহৰক অভিশাপ দিয়া! তাৰ নিবাসীসকলক অতিশয় শাও দিয়া! কিয়নো সিহঁত যিহোৱাৰ সহায়ৰ অৰ্থে নাহিল- বীৰসকলৰ বিৰুদ্ধে যুদ্ধত যিহোৱাক সহায় কৰিবলৈ নাহিল।
24 “Ìbùkún ni fún Jaeli, aya Heberi ará Keni ju àwọn obìnrin lọ, ìbùkún ni fún un ju àwọn obìnrin tí ń gbé nínú àgọ́.
২৪কেনীয়া হেবৰৰ ভার্যা যায়েল, আন মহিলাসকলতকৈ ধন্যা মহিলা; তেওঁ সকলো তম্বুবাসী মহিলাতকৈও অতি ধন্যা।
25 Ó béèrè omi, ó fún un ní wàrà; ó mú òrí-àmọ́ tọ̀ ọ́ wá nínú àwo iyebíye tí ó yẹ fún àwọn ọlọ́lá.
২৫চীচৰাই পানী খুজিলত তেওঁ গাখীৰ দিলে; এটি ৰাজকীয় পাত্ৰত তেওঁ ঘন গাখীৰ আনি দিলে।
26 Ó na ọwọ́ rẹ̀ mú ìṣó àgọ́, ó fi ọwọ́ ọ̀tún rẹ̀ mú òòlù awọ gbẹ́nàgbẹ́nà, òòlù náà ni ó sì fi lu Sisera, ó gbá a mọ́ ọn ní orí, ó sì gun, ó sì kàn ẹ̀bátí rẹ̀ mọ́lẹ̀ ṣinṣin.
২৬তেওঁ তম্বু বন্ধা খুটিটোলৈ নিজৰ হাত মেলিলে, বনুৱাৰ হাতুৰীটো সোঁ হাতত ল’লে; চীচৰাক হাতুৰীৰে আঘাত কৰি তেওঁৰ মূৰ ভাঙিলে; মূৰৰ কাষেদি খুঁটি বিন্ধাই চীচৰাৰ মূৰৰ লাওখোলা গুড়ি কৰিলে।
27 Ní ẹsẹ̀ rẹ̀ ó wólẹ̀, ó ṣubú; ó dùbúlẹ̀. Ó wólẹ̀ ní ẹsẹ̀ rẹ̀, ó ṣubú níbi tí ó gbé ń wólẹ̀; níbẹ̀ náà ni ó ṣubú kú sí.
২৭তেওঁৰ ভৰিৰ ওচৰত মূৰ গুজি চীচৰা পৰি গ’ল, আৰু য’ত পৰিছিল, তাতে পৰি থাকিল। ভৰিৰ ওচৰত যি ঠাইত পৰিছিল, সেই ঠাইতে তেওঁক নিশংসভাবে বধ কৰা হ’ল।
28 “Ìyá Sisera yọjú láti ojú fèrèsé, ó sì kígbe, ó kígbe ní ojú fèrèsé ọlọ́nà pé, ‘Èéṣe tí kẹ̀kẹ́-ẹṣin rẹ fi pẹ́ bẹ́ẹ̀ láti dé? Èéṣe tí ẹsẹ̀ kẹ̀kẹ́-ẹṣin rẹ̀ fi dúró lẹ́yìn?’
২৮চীচৰাৰ মাতৃয়ে এখন খিড়িকিয়েদি জুমি চালে - তেওঁ জালিকটা খিড়িকিৰে চাই চিঞঁৰি ক’লে, “চীচৰাৰ ৰথ আহিবলৈ কিয় ইমান পলম হৈছে? তেওঁৰ ৰথবোৰ টনা ঘোঁৰাবোৰৰ চেকুৰাৰ শব্দ কিয় এতিয়ালৈকে শুনা নাই?”
29 Àwọn amòye obìnrin rẹ̀ dá a lóhùn; àní òun náà pẹ̀lú ti dá ara rẹ̀ lóhùn pé,
২৯তেওঁৰ জ্ঞানৱতী লিগিৰীবোৰে উত্তৰ দিলে আৰু তেৱোঁ একে উত্তৰকে নিজকে নিজে দিলে:
30 ‘Wọn kò ha ń wa kiri, wọn kò ha ti pín ìkógun bi: ọmọbìnrin kan tàbí méjì fún ọkùnrin kan, fún Sisera ìkógun aṣọ aláràbarà, ìkógun aṣọ aláràbarà àti ọlọ́nà, àwọn aṣọ ọlọ́nà iyebíye fún ọrùn mi, gbogbo èyí tí a kó ní ogun?’
৩০তেওঁলোকে লুটদ্ৰব্য পাই ভাগ কৰা নাই নেকি? - প্ৰতিজন পুৰুষৰ কাৰণে এজনী বা দুজনী ৰমণী; চীচৰাৰ কাৰণে খমখমীয়া ৰঙীণ পোছাক, ফুল কৰা ৰঙীণ পোছাক, মোৰ ডিঙিৰ চৌপাশে ফুল বচা দুটাকৈ পোছাক-
31 “Bẹ́ẹ̀ ni kí ó jẹ́ kí gbogbo àwọn ọ̀tá rẹ kí ó ṣègbé Olúwa! Ṣùgbọ́n jẹ́ kí àwọn tí ó fẹ́ ọ ràn bí oòrùn, nígbà tí ó bá yọ nínú agbára rẹ̀.” Ilẹ̀ náà sì sinmi ní ogójì ọdún.
৩১হে যিহোৱা, তোমাৰ সকলো শত্ৰুবোৰ যেন এনেদৰেই বিনষ্ট হয়! কিন্তু যিসকলে তোমাক প্ৰেম কৰে, সেইসকল যেন প্ৰতাপেৰে উদয় হোৱা সূৰ্যৰ নিচিনা হৈ উঠে। ইয়াৰ পাছত দেশত চল্লিশ বছৰলৈকে শান্তি আছিল।