< Judges 10 >

1 Lẹ́yìn ikú Abimeleki, ọkùnrin kan láti ẹ̀yà Isakari tí orúkọ rẹ̀ ń jẹ́ Tola ọmọ Pua, ọmọ Dodo, dìde láti gba Israẹli sílẹ̀. Ní Ṣamiri tí ó wà ní òkè Efraimu ni ó gbé.
অবীমেলকৰ পাছত তোলা নামৰ ইচাখৰ বংশৰ এজন লোকে ইস্রায়েলী লোকসকলক উদ্ধাৰ কৰিবলৈ আহিল। পূৱাৰ পুত্ৰ তোলা আৰু দোদোৰ নাতি তেওঁ ইফ্ৰয়িমৰ পাহাৰীয়া অঞ্চলৰ চামীৰত বাস কৰিছিল।
2 Ó ṣe àkóso Israẹli ní ọdún mẹ́tàlélógún. Nígbà tí ó kú wọ́n sìn ín sí Ṣamiri.
তেওঁ তেইশ বছৰ ধৰি ইস্ৰায়েলৰ বিচাৰকর্তা আছিল। তাৰ পাছত তেওঁৰ মৃত্যু হ’ল আৰু চামীৰত তেওঁক মৈদাম দিয়া হ’ল।
3 Jairi ti ẹ̀yà Gileadi ni ó dìde lẹ́yìn rẹ̀, ó ṣàkóso Israẹli ní ọdún méjìlélógún.
তোলাৰ পাছত গিলিয়দীয়া যায়ীৰ বাইশ বছৰ ইস্ৰায়েলী লোকসকলৰ বিচাৰকর্তা আছিল।
4 Àwọn ọgbọ̀n ọmọ tí ó n gun ọgbọ̀n kẹ́tẹ́kẹ́tẹ́. Wọ́n ṣe àkóso ọgbọ̀n ìlú ní Gileadi, tí a pe orúkọ wọn ní Hafoti-Jairi títí di òní.
যায়ীৰৰ ত্ৰিশ জন পুতেক আছিল আৰু তেওঁলোকে ত্ৰিশটা গাধত উঠি ফুৰিছিল: তেওঁলোকৰ ত্ৰিশখন নগৰ আছিল; আজিও সেই নগৰবোৰক হব্বোৎ-যায়ীৰ বোলা হয়।
5 Nígbà tí Jairi kú wọ́n sin ín sí Kamoni.
যায়ীৰৰ মৃত্যুৰ পাছত কামোনত তেওঁক মৈদাম দিয়া হ’ল।
6 Àwọn ọmọ Israẹli sì túnṣe ohun tí ó burú lójú Olúwa. Wọ́n sin Baali àti Aṣtoreti àti àwọn òrìṣà Aramu, òrìṣà Sidoni, òrìṣà Moabu, òrìṣà àwọn ará Ammoni àti òrìṣà àwọn ará Filistini. Nítorí àwọn ará Israẹli kọ Olúwa sílẹ̀ tí wọn kò sì sìn ín mọ́,
ইস্ৰায়েলী লোকসকলে যিহোৱাৰ দৃষ্টিত আকৌ কু-আচৰণ কৰিবলৈ ধৰিলে; তেওঁলোকে বাল-দেৱতা, অষ্টাৰেৎ দেবী আৰু অৰাম, চীদোন, মোৱাব, অম্মোন আৰু পলেষ্টীয়াসকলৰ দেৱ-দেৱীসকলৰ পূজা কৰিবলৈ ধৰিলে। এইদৰে তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে আৰু তেওঁৰ উপাসনা নকৰিলে।
7 ó bínú sí wọn, ó fi wọ́n sílẹ̀ fún àwọn ará Filistini àti Ammoni láti jẹ ẹ́ ní ìyà.
সেয়ে তেওঁলোকৰ বিৰুদ্ধে তেওঁ খঙত জ্বলি উঠিল আৰু পলেষ্টীয়া আৰু অম্মোনীয়াসকলৰ হাতত তেওঁলোকক তুলি দিলে।
8 Ní ọdún náà, wọ́n tú wọn ká wọ́n sì pọ́n wọn lójú. Fún ọdún méjìdínlógún ni wọ́n fi ni gbogbo àwọn ọmọ Israẹli tí ó wà ní ìlà-oòrùn odò Jordani ní ilẹ̀ àwọn ará Amori lára (èyí nì ní Gileadi).
তেওঁলোকে সেই বছৰত ইস্ৰায়েলীয়াসকলক উপদ্রৱ কৰি জয় কৰিলে; ওঠৰ বছৰ ধৰি যৰ্দ্দনৰ সিপাৰে থকা গিলিয়দৰ ইমোৰীয়া দেশত বাস কৰা সকলো ইস্ৰায়েলীয়া লোকক তেওঁলোকে উপদ্রৱ কৰিছিল।
9 Àwọn ará Ammoni sì la odò Jordani kọjá láti bá Juda, Benjamini àti àwọn ará ilé Efraimu jagun: Israẹli sì dojúkọ ìpọ́njú tó lágbára.
অম্মোনীয়াসকলে যিহূদা, বিন্যামীন আৰু ইফ্ৰয়িম ফৈদৰ বিপক্ষে যুদ্ধ কৰিবলৈ যৰ্দ্দন পাৰ হৈ গ’ল। তেতিয়া ইস্ৰায়েলী লোকসকলে অতিশয় কষ্ট ভোগ কৰিলে।
10 Nígbà tí èyí ti ṣẹlẹ̀ àwọn ọmọ Israẹli ké pe Olúwa wí pé, “Àwa ti ṣẹ̀ sí ọ, nítorí pé àwa ti kọ Ọlọ́run wa sílẹ̀, àwa sì ń sin Baali.”
১০তেওঁলোকে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, “আমি নিজ ঈশ্বৰক ত্যাগ কৰি বাল-দেৱতাবোৰক পূজা কৰি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।”
11 Olúwa sì dáhùn pé, “Ǹjẹ́ nígbà tí àwọn ará Ejibiti, Amori, Ammoni, Filistini,
১১যিহোৱাই তেওঁলোকক ক’লে, “মই জানো মিচৰীয়া, ইমোৰীয়া, অম্মোনীয়া আৰু পলেষ্টীয়াসকলৰ পৰা তোমালোকক উদ্ধাৰ কৰা নাছিলো?
12 àwọn ará Sidoni, Amaleki pẹ̀lú Maoni ni yín lára, tí ẹ sì ké pè mí fún ìrànlọ́wọ́, ǹjẹ́ èmi kò gbà yín sílẹ̀ kúrò ní ọwọ́ wọn?
১২যেতিয়া চীদোনীয়া, অমালেকীয়া আৰু মায়োনীয়াসকলে তোমালোকক উপদ্ৰৱ কৰিছিল, তেতিয়া তোমালোকে মোৰ আগত কাতৰোক্তি কৰিছিলা আৰু মই তোমালোকক তেওঁলোকৰ অধীনৰ পৰা উদ্ধাৰ কৰিছিলোঁ।
13 Síbẹ̀síbẹ̀ ẹ̀yin kọ̀ mí sílẹ̀ láti sin àwọn ọlọ́run mìíràn, torí ìdí èyí, èmi kì yóò sì tún gbà yín mọ́.
১৩তথাপিও তোমালোকে মোক পুনৰ ত্যাগ কৰিলা আৰু আন দেৱ-দেৱীসকলক পূজা কৰিবলৈ ধৰিলা; গতিকে মই তোমালোকক বাৰে বাৰে ৰক্ষা কৰি নাথাকিম।
14 Ẹ lọ kí ẹ sì ké pe àwọn òrìṣà tí ẹ̀yin ti yàn fún ara yín. Jẹ́ kí wọn gbà yín sílẹ̀ ní àsìkò ìpọ́njú yín!”
১৪যি দেৱতাবোৰক তোমালোকে পূজা কৰিছিলা তেওঁলোকৰ ওচৰলৈ গৈ কাতৰোক্তি কৰা; সঙ্কটৰ সময়ত তেওঁলোকেই তোমালোকক ৰক্ষা কৰক।”
15 Àwọn ọmọ Israẹli sì dá Olúwa lóhùn pé, “Àwa ti ṣẹ̀, ṣe ohun tí ó bá fẹ́ pẹ̀lú wa, ṣùgbọ́n, jọ̀wọ́ gbà wá sílẹ̀ náání àsìkò yìí.”
১৫কিন্তু ইস্ৰায়েলীয়াসকলে যিহোৱাক ক’লে, “আমি পাপ কৰিলোঁ; আপোনাৰ দৃষ্টিত যি ভাল দেখে তাকেই আমালৈ কৰক; অনুগ্রহ কৰি কেৱল এইবাৰ আপুনি আমাক উদ্ধাৰ কৰক।”
16 Nígbà náà ni wọ́n kó gbogbo ọlọ́run àjèjì tí ó wà láàrín wọn kúrò wọ́n sì sin Olúwa nìkan, ọkàn rẹ̀ kò sì le gbàgbé ìrora Israẹli mọ́.
১৬তাৰ পাছত তেওঁলোকৰ মাজত ভিন্ন দেশীয় যি দেৱতাবোৰ আছিল, সেইসকলো দূৰ কৰি তেওঁলোকে যিহোৱাৰ সেৱা কৰিলে; তাতে ইস্ৰায়েলৰ কষ্ট দেখি যিহোৱাই দূখ কৰিলে।
17 Nígbà tí àwọn ará Ammoni kógun jọ ní Gileadi láti bá Israẹli jà, àwọn ọmọ Israẹli gbárajọpọ̀, wọ́n sì tẹ̀dó ogun ní Mispa.
১৭তেতিয়া অম্মোনীয়াসকলে একগোট হৈ গিলিয়দত ছাউনি পাতিলে আৰু ইস্ৰায়েলী লোকসকলেও লগ হৈ মিস্পাত ছাউনি পাতিলে।
18 Àwọn ìjòyè: aṣíwájú àwọn ará Gileadi wí fún ará wọn pé, “Ẹnikẹ́ni tí yóò kọ́ ṣígun si àwọn ará Ammoni ni yóò jẹ́ orí fún gbogbo àwọn tí ń gbé ní Gileadi.”
১৮গিলিয়দৰ নেতাসকলে এজনে আন জনক ক’লে, “অম্মোনীয়াসকলৰ লগত প্রথমে কোনে যুদ্ধ আৰম্ভ কৰিব? যিজনে কৰিব, তেঁৱেই গিলিয়দ-নিবাসী সকলো লোকৰ ওপৰত নেতা হ’ব।”

< Judges 10 >