< Joshua 9 >

1 Nísinsin yìí, nígbà tí gbogbo ọba tó wà ní ìwọ̀-oòrùn Jordani gbọ́ nípa nǹkan wọ̀nyí, àwọn náà tí ó wà ní orí òkè àti àwọn tí ó wà ní ẹsẹ̀ òkè, àti gbogbo àwọn tí ó wà ní agbègbè Òkun Ńlá títí ó fi dé Lebanoni (àwọn ọba Hiti, Amori, Kenaani, Peresi, Hifi àti Jebusi)
যৰ্দ্দনৰ সিপাৰে থকা ৰজাসকলে, পৰ্ব্বতীয়া অঞ্চলত আৰু নিন্মভূমিত বসতি কৰা আৰু লিবানোনৰ সন্মুখলৈকে মহাসমুদ্ৰৰ গোটেই পাৰত বসতি কৰা হিত্তীয়া, ইমোৰীয়া, কনানীয়া, পৰিজ্জীয়া, হিব্বীয়া আৰু যিবুচীয়াৰ ৰজাসকলে এই কথা শুনি,
2 wọ́n sì kó ara wọn jọ láti bá Joṣua àti Israẹli jagun.
সকলোৱে একে লগ হৈ যিহোচূৱা আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ গোট খালে।
3 Ṣùgbọ́n nígbà tí àwọn ènìyàn Gibeoni gbọ́ ohun tí Joṣua ṣe sí Jeriko àti Ai,
কিন্তু যিৰীহো আৰু অয়লৈ যিহোচূৱাই কৰা কাৰ্যবোৰৰ কথা যেতিয়া গিবিয়োনীয়াসকলে শুনিলে,
4 wọ́n dá ọgbọ́n ẹ̀tàn. Wọ́n lọ gẹ́gẹ́ bí aṣojú tí kẹ́tẹ́kẹ́tẹ́ wọn kún fún ẹrù tí a fi àwọn àpò tó ti gbó dì, àti àwọn awọ ọtí wáìnì tó ti gbó tí a tún rán.
তেতিয়া তেওঁলোকে চল কৰিলে৷ তেওঁলোকে ৰজাৰ কটকীৰ বেশ ধৰি, নিজ নিজ গাধবোৰৰ ওপৰত পুৰণি থৈলা আৰু দ্ৰাক্ষাৰস ৰখা পুৰণি ফটা-চিটা আৰু গাঠি দিয়া ছালৰ মোটবোৰ বোজাই দিলে।
5 Àwọn ọkùnrin náà sì wọ bàtà àti aṣọ tí ó ti gbó. Gbogbo oúnjẹ tí wọ́n pèsè fún ara wọn sì bu.
আৰু ভৰিত টাপলি মৰা পুৰণি জোতা, গাত পুৰণি কাপোৰ পিন্ধিলে আৰু তেওঁলোকে বাটৰ কাৰণে লোৱা আটাই পিঠা শুকান আৰু ভেঁকুৰা লগা আছিল।
6 Wọ́n sì tọ Joṣua lọ ní ibùdó ní Gilgali, wọ́n sì sọ fún òun àti àwọn ọkùnrin Israẹli pé, “Ìlú òkèrè ní àwọn ti wá, ẹ ṣe àdéhùn àlàáfíà pẹ̀lú wa.”
পাছত তেওঁলোকে গিলগলৰ ছাউনিত থকা যিহোচূৱাৰ ওচৰলৈ গৈ, তেওঁক আৰু ইস্ৰায়েলৰ লোকসকলক ক’লে, “আমি দূৰ দেশৰ পৰা আহিছোঁ; এতেকে আপোনালোকে এতিয়া আমাৰে সৈতে এটি নিয়ম স্থিৰ কৰক।”
7 Àwọn ọkùnrin Israẹli sọ fún àwọn ará Hifi pé, “Ṣùgbọ́n bóyá tòsí wa ni ẹ ń gbé. Báwo ni a ó ṣe lè ṣe àdéhùn pẹ̀lú yín?”
তেতিয়া ইস্ৰায়েলৰ লোকসকলে সেই হিব্বীয়াসকলক ক’লে, “হয়তো আপোনালোক আমাৰ ওচৰতে বাস কৰে৷ সেয়ে হ’লে আমি আপোনালোকৰ সৈতে কেনেকৈ নিয়ম স্থিৰ কৰিব পাৰোঁ?”
8 “Ìránṣẹ́ rẹ ní àwa í ṣe.” Wọ́n sọ fún Joṣua. Ṣùgbọ́n Joṣua béèrè, “Ta ni yín àti pé níbo ni ẹ̀yin ti wá?”
তেওঁলোকে যিহোচূৱাক ক’লে, “আমি আপোনাৰ দাস।” তেতিয়া যিহোচূৱাই ক’লে, “আপোনালোক কোন? আৰু আপোনালোকে ক’ৰ পৰা আহিছে?”
9 Wọ́n sì dáhùn pé, “Ní ilẹ̀ òkèèrè ní àwọn ìránṣẹ́ rẹ tí wá, nítorí orúkọ Olúwa Ọlọ́run rẹ. Nítorí tí àwa ti gbọ́ òkìkí rẹ àti ohun gbogbo tí ó ti ṣe ní Ejibiti,
তেওঁলোকে তেওঁক ক’লে, “আপোনাৰ ঈশ্বৰ যিহোৱাৰ নাম শুনি আপোনাৰ দাসবোৰে বহুত দূৰ দেশৰ পৰা আহিছোঁ৷ কিয়নো তেওঁৰ যশস্যা আৰু মিচৰ দেশত কৰা তেওঁৰ সকলো কৰ্ম,
10 àti ohun gbogbo tí ó ti ṣe sí ọba àwọn Amori méjèèje tí ń bẹ ní òkè Jordani, sí Sihoni ọba Heṣboni, àti Ogu ọba Baṣani, tí wọ́n jẹ ọba ní Aṣtarotu.
১০আৰু যৰ্দ্দনৰ সিপাৰে থকা ইমোৰীয়া ৰজা দুজনলৈ অৰ্থাৎ হিচবোনৰ ৰজা চীহোনলৈ আৰু অষ্টাৰোতত থকা বাচানৰ ৰজা ওগলৈ তেওঁ কৰা সকলো কাৰ্যৰ কথা আমি শুনিলোঁ।
11 Àwọn àgbàgbà wa àti gbogbo àwọn tí ń gbé ìlú wa sọ fún wa pé, ‘Ẹ mú oúnjẹ lọ́wọ́ fún ìrìnàjò yín, ẹ lọ pàdé wọn, kí ẹ sì sọ fún wọn pé, “Àwa ni ìránṣẹ́ yín, ẹ dá àdéhùn pẹ̀lú wa.”’
১১আমাৰ বৃদ্ধ আৰু দেশ-নিবাসী সকলো লোকে আমাক ক’লে, ‘তোমালোকে হাতত বাটৰ সমল লোৱা আৰু তেওঁলোকৰে সৈতে সাক্ষাৎ কৰিবলৈ গৈ, তেওঁলোকক এই কথা কোৱাগৈ, ‘আমি আপোনালোকৰ দাস। আমাৰে সৈতে এটি নিয়ম স্থিৰ কৰক’।
12 Gbígbóná ní a mú oúnjẹ wa wá, nígbà tí a dì í ní ilé ní ọjọ́ tí à ń bọ̀ wá sọ́dọ̀ yín. Ṣùgbọ́n ẹ wò ó bí ó ṣe gbẹ àti bí ó sì ṣe bu nísinsin yìí.
১২আমি আপোনালোকৰ ওচৰলৈ যাত্ৰা কৰিবলৈ ওলোৱাৰ দিনাখন, বাটৰ অৰ্থে আমাৰ এই পিঠা ঘৰৰ পৰা লওঁতে তপত আছিল, কিন্তু চাওঁক, এতিয়া এইবোৰ শুকাল আৰু এইবোৰত ভেঁকুৰ ধৰিলে।
13 Àti ìgò wáìnì wọ̀nyí, tí àwa rọ kún tuntun ni, ṣùgbọ́n ẹ wò ó bí wọ́n ti sán. Aṣọ àti bàtà wa ni ó sì ti gbó nítorí ìrìnàjò ọ̀nà jíjìn.”
১৩আমি যেতিয়া এই মোটবোৰত দ্ৰাক্ষাৰস ভৰাইছিলোঁ, তেতিয়া এই মোটবোৰ নতুন আছিল, কিন্তু চাওঁক, এতিয়া এইবোৰ ফাটিল৷ আমাৰ এই কাপোৰ আৰু জোতাবোৰ অতি দূৰ বাট ভ্ৰমণ কৰাৰ বাবে পুৰণি হৈ গ’ল’।”
14 Àwọn ọkùnrin Israẹli sì yẹ oúnjẹ wọn wò, wọn kò sì wádìí ní ọwọ́ Olúwa.
১৪তেতিয়া ইস্রায়েলী লোকসকলে সকলে নেতৃত্বৰ বাবে যিহোৱাৰ কি ইচ্ছা, সেই বিষয়ে নুসুধি, তেওঁলোকৰ খোৱা বস্তু কিছু ল’লে।
15 Nígbà náà ni Joṣua ṣe àdéhùn àlàáfíà pẹ̀lú wọn láti dá wọn sí, àti àwọn olórí ìjọ ènìyàn fi ọwọ́ sí àdéhùn náà nípa ṣíṣe ìbúra.
১৫আৰু যিহোচূৱাই তেওঁলোকৰে সৈতে সন্ধি স্থাপন কৰি তেওঁলোকে যেন জীয়াই থাকে, এনে নিয়ম কৰিলে আৰু লোক সকলৰ অধ্যক্ষ সকলে তেওঁলোকৰ আগত শপত খালে।
16 Ní ẹ̀yìn ọjọ́ mẹ́ta tí wọ́n ti ṣe àdéhùn pẹ̀lú àwọn ará Gibeoni, àwọn ọmọ Israẹli gbọ́ pé aládùúgbò wọn ni wọ́n, tí ń gbé ní tòsí wọn.
১৬এইদৰে তেওঁলোকৰে সৈতে নিয়ম স্থাপন কৰাৰ তিনিদিনৰ পাছত, তেওঁলোক যে তেওঁলোকৰ ওচৰত থকা লোক হয় আৰু তেওঁলোকৰ মাজতে বাস কৰি আছে, সেই বিষয়ে তেওঁলোকে শুনিবলৈ পালে।
17 Bẹ́ẹ̀ ní àwọn ọmọ Israẹli jáde, wọ́n sì dé ìlú wọn ní ọjọ́ kẹta: Gibeoni, Kefira, Beeroti àti Kiriati-Jearimu.
১৭ইস্ৰায়েলৰ সন্তান সকলে যাত্ৰা কৰি তৃতীয় দিনা তেওঁলোকৰ নগৰবোৰৰ ওচৰ পালে৷ তেওঁলোকৰ নগৰবোৰৰ নাম গিবিয়োন, কফীৰা, বেৰোৎ আৰু কিৰিয়ৎ-যিয়াৰীম আছিল।
18 Ṣùgbọ́n àwọn ọmọ Israẹli kò si kọlù wọ́n, nítorí pé àwọn àgbàgbà ìjọ ènìyàn ti búra fún wọn ní orúkọ Olúwa Ọlọ́run Israẹli. Gbogbo ènìyàn sì kùn sí àwọn àgbàgbà náà,
১৮ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক বধ নকৰিলে কাৰণ অধ্যক্ষসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁলোকৰ আগত শপত খাইছিল। ইস্ৰায়েলী লোকসকলে অধ্যক্ষসকলৰ অহিতে ওজৰ-আপত্তি কৰিবলৈ ধৰিলে।
19 ṣùgbọ́n gbogbo àwọn olórí dáhùn pé, “Àwa ti búra fún wọn ní orúkọ Olúwa Ọlọ́run Israẹli, a kò sì lè fọwọ́ kàn wọ́n nísinsin yìí.
১৯কিন্তু অধ্যক্ষসকলে লোকসকলক ক’লে, “আমি ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তেওঁলোকৰ সম্বন্ধে শপত খালোঁ; এই কাৰণে আমি এতিয়া তেওঁলোকৰ অপকাৰ কৰিব নোৱাৰোঁ।
20 Èyí ní àwa yóò ṣe sí wọn, àwa yóò dá wọn sí, kí ìbínú kí ó má ba à wá sórí wa, nítorí ìbúra tí a búra fún wọn.”
২০সেইবাবে আমি তেওঁলোকৰ প্ৰতি এইদৰে কৰিম: আমাৰ প্ৰতি হ’বলগীয়া ক্ৰোধৰ পৰা আঁতৰি থাকিবলৈ আমি তেওঁলোকক জীয়াই ৰাখিম, কাৰণ আমি তেওঁলোকৰ আগত শপত খাইছিলো।”
21 Wọ́n tẹ̀síwájú, “Ẹ dá wọn sí, ṣùgbọ́n ẹ jẹ́ kí wọn jẹ́ gégigégi àti apọnmi fún gbogbo ìlú.” Àwọn àgbàgbà náà sì mú ìlérí wọn ṣẹ fún wọn.
২১এতেকে অধ্যক্ষসকলে তেওঁলোকৰ লোকসকলক ক’লে, “তেওঁলোক জীয়াই থাকক।” তেতিয়া তেওঁলোকক অধ্যক্ষসকলে কোৱা বাক্য অনুসাৰে গিবিয়োনসকলে ইস্ৰায়েলী লোকসকলৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰোঁতা হ’ল।
22 Nígbà náà ni Joṣua pe àwọn ọmọ Gibeoni jọ pé, “Èéṣe tí ẹ̀yin fi tàn wá wí pe, ‘Àwa gbé ní ibi tí ó jìnnà sí yín,’ nígbà tí ó jẹ́ pé tòsí wa ní ẹ̀yin ń gbé?
২২যিহোচূৱাই তেওঁলোকক মাতি আনি ক’লে, “তোমালোকে আমাৰ মাজতে থাকিও, ‘আমি তোমালোকৰ পৰা বহু দূৰত থাকো’, এইবুলি কৈ কিয় আমাক প্ৰবঞ্চনা কৰিলা?
23 Nísinsin yìí, ẹ̀yin di ẹni ègún, ẹ̀yin kò sì ní kúrò ní gégigégi àti apọnmi fún ilé Ọlọ́run mi.”
২৩এই কাৰণে তোমালোক অভিশপ্ত থ’লো; তোমালোকে মোৰ ঈশ্বৰ যিহোৱাৰ গৃহৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰা বন্দী কামৰ পৰা কেতিয়াও মুক্তি নাপাবা।”
24 Wọ́n sì dá Joṣua lóhùn pé, “Nítorí tí a sọ fún àwọn ìránṣẹ́ rẹ dájúṣáká bí Olúwa Ọlọ́run rẹ ti pàṣẹ fún Mose ìránṣẹ́ rẹ̀, láti fún yín ní gbogbo ilẹ̀ náà, kí ó sì pa gbogbo olùgbé ilẹ̀ náà run kúrò ní iwájú yín. Nítorí náà, àwa bẹ̀rù ẹ̀mí wa nítorí yín, èyí sì ni ìdí tí a fi ṣe bẹ́ẹ̀.
২৪তেতিয়া তেওঁলোকে যিহোচূৱাক উত্তৰ দি ক’লে, “কিয়নো এইদৰে তোমালোকৰ দাস সকলক কোৱা হৈছিল যে, সকলো দেশ তোমালোকক দিবলৈ আৰু দেশৰ সকলো নিবাসীসকলক তোমালোকৰ আগত ধ্বংস কৰিবলৈ তোমালোকৰ ঈশ্ৱৰ যিহোৱাই তেওঁৰ দাস মোচিক আজ্ঞা দিছিল, সেয়েহে তোমালোকৰ প্ৰতি অতিশয় ভয় কৰি আমি এই কাৰ্য কৰিলোঁ।
25 Nísinsin yìí, àwa wà ní ọwọ́ yín. Ohunkóhun tí ẹ bá rò pé ó yẹ ó si tọ́ lójú yín ní kí ẹ fi wá ṣe.”
২৫এতিয়া চাওঁক, আমি আপোনাৰ হাততে আছোঁ৷ আমাৰ প্ৰতি যি ভাল আৰু ন্যায় যেন আপোনাৰ বোধ হয়, আপুনি তাকেই কৰক।”
26 Bẹ́ẹ̀ ní Joṣua sì gbà wọ́n là kúrò ní ọwọ́ àwọn ọmọ Israẹli. Wọn kò sì pa wọ́n.
২৬তাৰ পাছত যিহোচূৱাই গিবিয়নীয়সকলৰ বাবে তাকেই কৰিলে, তেওঁ ইস্ৰায়েলৰ সন্তানসকলৰ হাতৰ পৰা গিবিয়নীয়সকলক ৰক্ষা কৰিলে আৰু তেওঁলোকে সিহঁতক বধ নকৰিলে।
27 Ní ọjọ́ náà ni ó sọ àwọn Gibeoni di aṣẹ́gi àti apọnmi fún àwọn ará ìlú àti fún pẹpẹ Olúwa ní ibi tí Olúwa yóò yàn. Báyìí ni wọ́n wà títí di òní yìí.
২৭আৰু যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত সমাজৰ আৰু যিহোৱাৰ যজ্ঞবেদীৰ বাবে খৰিকটীয়া আৰু পানী-যোগান ধৰোঁতা হ’বলৈ যিহোচূৱাই সেইদিনা তেওঁলোকক নিযুক্ত কৰিলে আৰু আজিলৈকে তেওঁলোক সেইদৰেই আছে।

< Joshua 9 >