< Joshua 8 >

1 Nígbà náà ni Olúwa sọ fún Joṣua pé, “Má ṣe bẹ̀rù, kí àyà kí ó má ṣe fò ọ́. Kó gbogbo àwọn ọmọ-ogun pẹ̀lú rẹ, kí ẹ gòkè lọ gbógun ti Ai. Nítorí mo ti fi ọba Ai, àwọn ènìyàn rẹ̀, ìlú u rẹ̀ àti ilẹ̀ ẹ rẹ̀ lé ọ lọ́wọ́.
পাছত যিহোৱাই যিহোচূৱাক ক’লে, “তুমি ভয় নকৰিবা আৰু ব্যাকুল নহ’বা৷ যুদ্ধ কৰিব পৰা লোকসকলক তোমাৰ লগত লোৱা৷ উঠা, অয়লৈ যাত্ৰা কৰা৷ চোৱা, মই অয়ৰ ৰজাক, তাৰ প্ৰজাসকলক, তাৰ নগৰ আৰু তাৰ দেশ তোমাৰ হাতত শোধাই দিলোঁ।
2 Ìwọ yóò sì ṣe sí Ai àti ọba rẹ̀ gẹ́gẹ́ bí ìwọ ti ṣe sí Jeriko àti ọba rẹ̀, ohun ìkógun wọn àti ohun ọ̀sìn wọn ni kí ẹ̀yin mú fún ara yín. Rán ènìyàn kí wọ́n ba sí ẹ̀yìn ìlú náà.”
তুমি যিৰীহো আৰু তাৰ ৰজালৈ যেনে কৰিলা, অয়লৈ আৰু তাৰ ৰজালৈকো তেনে কৰিবা, কেৱল তাৰ লুটদ্ৰব্য আৰু পশু তোমালোকে তোমালোকৰ কাৰণে লুট কৰি ল’বা৷ তুমি নগৰৰ পাছফালে এদল সৈন্য লুকুৱাই চোপ লৈ থাকিবলৈ দিবা।”
3 Bẹ́ẹ̀ ní Joṣua àti gbogbo àwọn ọmọ-ogun jáde lọ láti dojúkọ Ai. Ó sì yan ẹgbàá mẹ́ẹ̀ẹ́dógún àwọn ọkùnrin ogun rẹ̀ ti ó yakin, ó sì rán wọn lọ ní òru.
তেতিয়া যিহোচূৱা আৰু যুদ্ধ কৰিব পৰা সকলো লোক অয়লৈ যাবৰ বাবে উঠিল আৰু যিহোচূৱাই ত্ৰিশ হাজাৰ বলৱান আৰু সাহিয়াল বীৰপুৰুষ বাচি লৈ ৰাতিয়েই তেওঁলোকক পঠিয়াই দিলে।
4 Pẹ̀lú àwọn àṣẹ wọ̀nyí: “Ẹ fi etí sílẹ̀ dáradára. Ẹ ba sí ẹ̀yìn ìlú náà. Ẹ má ṣe jìnnà sí i púpọ̀. Kí gbogbo yín wà ní ìmúrasílẹ̀.
তেওঁ তেওঁলোকক এই আজ্ঞা দিলে, “চোৱা, তোমালোক নগৰৰ বিপৰীতে, পাছফালে লুকাই থাকিবা৷ নগৰৰ পৰা বৰ দূৰলৈ নাযাবা, কিন্তু তোমালোক সকলোৱে যুগুত থাকিবা।
5 Èmi àti gbogbo àwọn tí ó wà pẹ̀lú mi yóò súnmọ́ ìlú náà, nígbà tí àwọn ọkùnrin náà bá jáde sí wa, gẹ́gẹ́ bí wọ́n ti ṣe ní ìṣáájú, àwa yóò sì sá kúrò níwájú u wọn.
মই আৰু মোৰ লগৰ লোকসকল নগৰৰ ওচৰলৈ যাম, তাতে যেতিয়া তেওঁলোকে আমাক আক্ৰমণ কৰিবলৈ ওলাই আহিব, তেতিয়া পূৰ্বৰ দৰে আমি তেওঁলোকৰ আগৰ পৰা পলাম৷
6 Wọn yóò sì lépa wa títí àwa ó fi tàn wọ́n jáde kúrò ní ìlú náà, nítorí tí wọn yóò wí pé, wọ́n ń sálọ kúrò ní ọ̀dọ̀ wa gẹ́gẹ́ bí wọ́n tí ṣe ní ìṣáájú. Nítorí náà bí a bá sá kúrò fún wọn,
পাছত তেওঁলোকে আমাক নগৰৰ পৰা দূৰলৈ খেদি নিবৰ বাবে নগৰৰ বাহিৰলৈ তেওঁলোক ওলাই আহিব আৰু আমাক পাছে পাছে খেদি আহিব৷ কিয়নো তেওঁলোকে ক’ব, ‘এওঁলোকে আগৰ নিচিনাকৈ আমাৰ পৰা পলাইছে৷’ গতিকে, এইদৰে আমি তেওঁলোকৰ আগৰ পৰা পলাম।
7 ẹ̀yin yóò dìde kúrò ní ibùba, ẹ ó sì gba ìlú náà. Olúwa Ọlọ́run yín yóò sì fi lé e yín lọ́wọ́.
তেতিয়া তোমালোকে লুকাই থকা ঠাইৰ পৰা ওলাই আহিবা আৰু নগৰ আটক কৰি ল’বা৷ কিয়নো তোমালোকৰ ঈশ্বৰ যিহোৱাই তাক তোমালোকৰ হাতত শোধাই দিব।
8 Nígbà tí ẹ bá ti gba ìlú náà, kí ẹ sì ti iná bọ̀ ọ́. Kí ẹ ṣe ohun tí Olúwa pàṣẹ. Mo ti fi àṣẹ fún un yín ná.”
যেতিয়া তোমালোকে নগৰ আটক কৰিবা, তাত জুই লগাই দিবা৷ যিহোৱাৰ বাক্যত আজ্ঞা কৰাৰ দৰে তোমালোকে এই কাৰ্য কৰিবা। চোৱা, মই তোমালোকক আজ্ঞা কৰিলোঁ।”
9 Nígbà náà ni Joṣua rán wọn lọ. Wọ́n sì lọ sí ibùba, wọ́n sì sùn ní àárín Beteli àti Ai, ní ìwọ̀-oòrùn Ai. Ṣùgbọ́n Joṣua wá dúró pẹ̀lú àwọn ènìyàn ní òru ọjọ́ náà.
এইদৰে, যিহোচূৱাই তেওঁলোকক পঠোৱাৰ পাছত তেওঁলোকে গৈ অয়ৰ পশ্চিমে বৈৎএলৰ আৰু অয়ৰ মাজ ঠাইত লুকাই থাকিল; কিন্তু যিহোচূৱাই লোকসকলৰ মাজত সেই ৰাতিটো শুই থাকিল।
10 Ní kùtùkùtù òwúrọ̀ ọjọ́ kejì Joṣua kó àwọn ọmọ-ogun rẹ̀, òun àti àwọn olórí Israẹli, wọ́n wọ́de ogun lọ sí Ai.
১০পাছত যিহোচূৱাই অতি ৰাতিপুৱাতে উঠি আহিল আৰু ৰণুৱাসকলক সাজু কৰিলে৷ পাছত তেওঁ ইস্ৰায়েলৰ বৃদ্ধলোক সকলেৰে সৈতে আগে আগে গৈ অয়ক আক্ৰমণ কৰিলে।
11 Gbogbo àwọn ọmọ-ogun tí ó wà pẹ̀lú u rẹ̀ sì gòkè lọ, wọ́n sì súnmọ́ tòsí ìlú náà, wọ́n sì dé iwájú u rẹ̀. Wọ́n sì pàgọ́ ní ìhà àríwá Ai. Àfonífojì sì wà ní agbede-méjì wọn àti ìlú náà.
১১তেওঁৰ লগত থকা সকলো ৰণুৱাই উঠি গৈ নগৰৰ সন্মুখত উপস্থিত হ’ল৷ তেওঁলোকে নগৰৰ ওচৰ চাপি অয়ৰ উত্তৰ ফালে ছাউনি পাতিলে৷ তেওঁলোকৰ আৰু অয়ৰ মাজত এক উপত্যকা আছিল।
12 Joṣua sì ti fi bí ẹgbẹ̀rún márùn-ún ọmọ-ogun pamọ́ sí àárín Beteli àti Ai, sí ìwọ̀-oòrùn ìlú náà.
১২তেওঁ পাঁচ হাজাৰ মান লোক লগত লৈ নগৰৰ পশ্চিম ফালে বৈৎএল আৰু অয়ৰ মাজত আক্ৰমণ কৰিবলৈ লুকুৱাই ৰাখিছিল।
13 Wọ́n sì yan àwọn ọmọ-ogun sí ipò wọn, gbogbo àwọn tí ó wà ní ibùdó lọ sí àríwá ìlú náà àti àwọn tí ó sá pamọ́ sí ìwọ̀-oòrùn rẹ̀. Ní òru ọjọ́ náà Joṣua lọ sí àfonífojì.
১৩এইদৰে মুখ্য ৰণুৱাসকলক নগৰৰ উত্তৰফালে থকা গোটেই ছাউনিক আৰু নগৰৰ পশ্চিমফালে পহৰা দি লুকাই থকা দলটিক উপযুক্ত স্থানত স্থাপন কৰি যিহোচূৱাই সেই ৰাতি উপত্যকাৰ মাজলৈ গমণ কৰিলে।
14 Nígbà tí ọba Ai rí èyí, òun àti gbogbo ọkùnrin ìlú náà yára jáde ní òwúrọ̀ kùtùkùtù láti pàdé ogun Israẹli ní pẹ̀tẹ́lẹ̀ aginjù. Ṣùgbọ́n kò mọ̀ pé àwọn kan wà ní ibùba ní ẹ̀yìn ìlú náà.
১৪পাছত অয়ৰ ৰজাই তাক দেখাৰ লগে লগে তেওঁ আৰু তেওঁৰ সকলো সৈন্য-বাহিনীয়ে ৰাতিপুৱাতে বেগাই উঠি আহিল, আৰু ইস্ৰায়েলৰ লগত যুদ্ধ কৰিবলৈ, যৰ্দন নদীৰ সন্মুখত থকা নিৰূপিত ঠাইলৈ বেগাই যাত্ৰা কৰিলে৷ কিন্তু তেওঁৰ বিৰুদ্ধে নগৰৰ পাছ ফালে যে এদল সৈন্য আক্ৰমণ কৰিবলৈ লুকাই আছিল, সেই বিষয়ে তেওঁ নাজানিলে।
15 Joṣua àti gbogbo àwọn Israẹli sì ṣe bí ẹni tí a lé padà níwájú wọn, wọ́n sì sá gba ọ̀nà aginjù.
১৫পাছত যিহোচূৱা আৰু আটাই ইস্ৰায়েলী লোক তেওঁলোকৰ আগত নিজকে হাৰি যোৱা যেন দেখুৱাই মৰুপ্ৰান্তৰ বাটেদি পলাই গ’ল।
16 A sì pe gbogbo àwọn ọkùnrin Ai jọ láti lépa wọn, wọ́n sì lépa Joṣua títí wọ́n fi tàn wọ́n jáde nínú ìlú náà.
১৬তেতিয়া তেওঁলোকৰ পাছে পাছে খেদি যাবৰ বাবে নগৰত থকা সকলো লোকক গোট খাবলৈ মতা হ’ল আৰু তেওঁলোকে যিহোচূৱাৰ পাছে পাছে খেদি লৈ গ’ল, আৰু এইদৰে তেওঁলোক নগৰৰ পৰা বহু দূৰলৈ আতৰি গ’ল।
17 Kò sì ku ọkùnrin kan ní Ai tàbí Beteli tí kò tẹ̀lé Israẹli. Wọ́n sì fi ìlẹ̀kùn ibodè ìlú náà sílẹ̀ ní ṣíṣí, wọ́n sì ń lépa àwọn ará Israẹli.
১৭আৰু ইস্ৰায়েলৰ পাছত খেদি যাওঁতে যাওঁতে অয় আৰু বৈৎএলত এজন লোকো অৱশিষ্ট নাথাকিল৷ তেওঁলোকে নগৰৰ দুৱাৰ মুকলিকৈ এৰি থৈ, সকলোৱে ইস্ৰায়েলৰ পাছত খেদি গ’ল।
18 Nígbà náà ni Olúwa sọ fún Joṣua pé, “Na ọ̀kọ̀ tí ó wà lọ́wọ́ rẹ sí Ai, nítorí tí èmi yóò fi ìlú náà lé ọ ní ọwọ́.” Bẹ́ẹ̀ ni Joṣua sì na ọ̀kọ̀ ọwọ́ rẹ̀ sí Ai.
১৮তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে, “তোমাৰ হাতত থকা যাঠীপাত অয়ৰ ফাললৈ দাঙা; কিয়নো সেই নগৰ মই তোমাৰ হাতত দিম।” তেতিয়া যিহোচূৱাই নিজৰ হাতত থকা যাঠীপাত নগৰৰ ফাললৈ দাঙিলে।
19 Bí ó ti ṣe èyí tán, àwọn ọkùnrin tí ó ba sì dìde kánkán kúrò ní ipò wọn, wọ́n sáré síwájú. Wọn wọ ìlú náà, wọ́n gbà á, wọ́n sì yára ti iná bọ̀ ọ́.
১৯তেওঁ হাত দঙামাত্ৰে লগে লগে আক্রমণ কৰিবলৈ লুকাই থকা সৈন্য দলে নিজ ঠাইৰ পৰা বেগাই ওলাই আহিল আৰু লৰি গৈ নগৰত সোমাল। তাৰ পাছত তেওঁলোকে নগৰখন আটক কৰি ল’লে আৰু তাত জুই লগাই দিলে।
20 Àwọn ọkùnrin Ai bojú wo ẹ̀yìn, wọ́n rí èéfín ìlú náà ń gòkè lọ sí ọ̀run, ṣùgbọ́n wọn kò rí, ààyè láti sá àsálà lọ sí ibìkan kan, nítorí tí àwọn ará Israẹli tí wọ́n tí ń sálọ sí aginjù ti yípadà sí àwọn tí ń lépa wọn.
২০পাছত অয়ৰ লোকসকলে পাছফাললৈ ঘূৰি চালে আৰু নগৰৰ ধোঁৱা আকাশলৈ উঠা দেখিলে৷ তেতিয়া তেওঁলোকে ইফালে সিফালে কোনোফালে পলাবলৈ একো উপায় নাপালে৷ কাৰণ মৰুপ্ৰান্তলৈ পলাই যোৱা সৈন্যসকলে তেওঁলোকক খেদি আক্ৰমণ কৰিলে৷
21 Nígbà tí Joṣua àti gbogbo àwọn ará Israẹli rí i pé àwọn tí ó bá ti gba ìlú náà, tí èéfín ìlú náà sì ń gòkè, wọ́n yí padà wọ́n sì kọlu àwọn ọkùnrin Ai.
২১অৰ্থাৎ যেতিয়া যিহোচূৱাই আৰু গোটেই ইস্ৰায়েলে দেখিলে যে, আক্ৰমণ কৰিবলৈ লুকাই থকা সৈন্যদলে নগৰখন আটক কৰি ল’লে আৰু নগৰৰ ধোঁৱা উঠিছে, তেতিয়া তেওঁলোকে উভতি ধৰি অয়ৰ লোকসকলক আঘাত কৰিলে।
22 Àwọn ọmọ-ogun tí ó ba náà sì yípadà sí wọn láti inú ìlú náà, bẹ́ẹ̀ ni wọ́n wà ní agbede-méjì àwọn ará Israẹli ní ìhà méjèèjì. Israẹli sì pa wọ́n, bẹ́ẹ̀ ni wọn kò sì jẹ́ kí ọ̀kan kí ó yè tàbí kí ó sálọ nínú wọn.
২২আৰু ইস্ৰায়েলৰ অন্য সৈন্যসকলে নগৰৰ পৰা ওলাই অাহি তেওঁলোকক আক্ৰমণ কৰিলে৷ এইদৰে অয়ৰ লোকসকল ইস্ৰায়েলৰ সৈন্যসকলৰ মাজত ধৰা পৰিল; তাতে এফালে এদল আৰু আনফালে এদল আছিল৷ পাছত ইস্ৰায়েলে তেওঁলোকক এনেকৈ আঘাত কৰিলে যে, তেওঁলোকৰ এজনো অৱশিষ্ট বা জীয়াই নাথাকিল।
23 Ṣùgbọ́n wọ́n mú ọba Ai láààyè, wọ́n sì mu un tọ Joṣua wá.
২৩তেওঁলোকে অয়ৰ ৰজাক জীৱিত অৱস্থাতে বন্দী কৰিলে, আৰু যিহোচূৱাৰ ওচৰলৈ লৈ আহিল।
24 Nígbà tí Israẹli parí pípa gbogbo àwọn ìlú Ai ní pápá àti ní aginjù ní ibi tí wọ́n ti lépa wọn lọ, tí gbogbo wọ́n sì ti ojú idà ṣubú, tí a fi pa gbogbo wọn tan, gbogbo àwọn Israẹli sì padà sí Ai, wọ́n sì fi ojú idà kọlù ú.
২৪যেতিয়া ইস্ৰায়েলী লোকসকলে নগৰৰ বাহিৰৰ মৰুভূমিত তেওঁলোকৰ পাছে পাছে খেদি অহা সকলো অয়-নিবাসীকে বধ কৰি উঠিল, তেতিয়া অয়-নিবাসী সেই লোকসকল নিঃশেষে পতিত হ’ল আৰু তাৰ পাছত তেওঁলোক অয় লৈ উভতি আহি তাত থকা লোকসকলকো তৰোৱালেৰে বধ কৰিলে৷
25 Ẹgbàá mẹ́fà ọkùnrin àti obìnrin ni ó kú ní ọjọ́ náà—gbogbo wọn jẹ́ àwọn ènìyàn Ai.
২৫সেইদিনা অয়-নিবাসী সকলো লোক অৰ্থাৎ মহিলা আৰু পুৰুষ আদি কৰি বাৰ হাজাৰ লোকক বধ কৰা হ’ল৷
26 Nítorí tí Joṣua kò fa ọwọ́ rẹ̀ tí ó di ọ̀kọ̀ mú sí ẹ̀yìn, títí ó fi pa gbogbo àwọn tí ń gbé ìlú Ai run.
২৬কিয়নো অয় নিবাসী লোকসকলক নিঃশেষে বিনষ্ট নকৰালৈকে যিহোচূৱাই নিজৰ যাঠী দঙা হাত নোকোচালে।
27 Ṣùgbọ́n Israẹli kó ẹran ọ̀sìn àti ìkógun ti ìlú yìí fún ara wọn, gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Joṣua.
২৭যিহোচূৱাক আদেশ কৰা যিহোৱাৰ বাক্য অনুসাৰে ইস্ৰায়েলে কেৱল সেই নগৰৰ পশু আৰু লুটদ্ৰব্যবোৰ নিজৰ বাবে ল’লে।
28 Joṣua sì jó Ai, ó sì sọ ọ́ di ààtàn, àní ahoro di òní yìí.
২৮এইদৰে অয়ক যিহোচূৱাই জুই লগাই পুৰিলে আৰু সেই নগৰক চিৰকলীয়া ধ্বংসাৱশেষৰ স্তুপ কৰিলে। এইদৰে এই ঠাই আজিলৈকে পৰিত্যক্ত হৈ আছে৷
29 Ó sì gbé ọba Ai kọ́ orí igi, ó sì fi kalẹ̀ síbẹ̀ títí di ìrọ̀lẹ́. Bí oòrùn sì ti wọ̀ ni Joṣua pàṣẹ fún wọn láti sọ òkú rẹ̀ kalẹ̀ kúrò ní orí igi, kí wọn sì wọ́ ọ jù sí àtiwọ ẹnu ibodè ìlú náà. Wọ́n sì kó òkìtì òkúta ńlá lé e ní orí, èyí tí ó wà títí di òní yìí.
২৯পাছত তেওঁ অয়ৰ ৰজাক সন্ধিয়ালৈকে গছত ওলোমাই ৰাখিলে৷ আৰু সূৰ্য মাৰ যোৱা সময়ত, যিহোচূৱাৰ আজ্ঞা অনুসাৰে তেওঁলোকে গছৰ পৰা শৱটো নমাই নগৰৰ দুৱাৰমুখত পেলালে আৰু তাৰ ওপৰত শিলৰ এক ডাঙৰ দ’ম কৰিলে; সেই দ’ম আজিলৈকে আছে।
30 Nígbà náà ni Joṣua mọ pẹpẹ kan fún Olúwa Ọlọ́run Israẹli, ní òkè Ebali,
৩০সেই সময়ত যিহোচূৱাই এবাল পৰ্ব্বতত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্য এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে,
31 gẹ́gẹ́ bí Mose ìránṣẹ́ Olúwa ti pàṣẹ fún àwọn ọmọ Israẹli. Ó sì kọ́ ọ́ gẹ́gẹ́ bí a ti kọ́ nínú ìwé òfin Mose, pẹpẹ odindi òkúta, èyí tí ẹnìkan kò fi ohun èlò irin kàn rí. Wọ́n sì rú ọrẹ ẹbọ sísun àti ọrẹ àlàáfíà ní orí rẹ̀ sí Olúwa.
৩১যিহোৱাৰ দাস মোচিয়ে ইস্ৰায়েলৰ সন্তান সকলক দিয়া আজ্ঞা, যি দৰে মোচিৰ ব্যৱস্থা-পুস্তকত লিখা আছিল, সেই আদেশ অনুসাৰে: “যি শিলৰ ওপৰত কোনেও অস্ত্ৰ দঙা নাই, এনে নকটা শিলৰ যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।” আৰু তেওঁ তাৰ ওপৰত যিহোৱাৰ উদ্দেশ্যে হোম-বলি আৰু তেওঁলোকে মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
32 Níbẹ̀, ní ojú àwọn ará Israẹli, Joṣua sì ṣe àdàkọ òfin Mose èyí tí ó ti kọ sí ara òkúta náà.
৩২সেই ঠাইত তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ সাক্ষাতেই সেই শিলবোৰৰ ওপৰত মোচিৰ ব্যৱস্থাৰ এখন নকল লিখিলে।
33 Gbogbo Israẹli, àjèjì àti ọmọ ìlú, pẹ̀lú àwọn àgbàgbà, olórí àti onídàájọ́ dúró ní ẹ̀gbẹ́ méjèèjì àpótí ẹ̀rí Olúwa tí ó kọjú sí àwọn àlùfáà tí ó rù ú, tí wọ́n jẹ́ ọmọ Lefi. Ìdajì àwọn ènìyàn náà dúró ní òkè Gerisimu, àwọn ìdajì si dúró ni òkè Ebali, gẹ́gẹ́ bí Mose ìránṣẹ́ Olúwa ti pàṣẹ rí, pé kí wọn súre fún àwọn ènìyàn Israẹli.
৩৩সকলো ইস্ৰায়েলী লোক, তেওঁলোকৰ পৰিচাৰকসকল, বিষয়াসকল আৰু বিচাৰকৰ্তাসকলকে আদি কৰি সকলো লোকে নিয়ম-চন্দুকৰ চাৰিওফালে থিয় হ’ল; তেওঁলোকে পুৰোহিত আৰু যিহোৱাৰ নিয়ম-চন্দুক বহনকাৰী লেবীয়াসকলৰ সন্মুখত থিয় হ’ল। তাতে স্বদেশীয় আৰু পৰদেশীয় সকলো লোক আছিল। তেওঁলোকৰ আধা অংশ লোক গৰিজ্জীম পৰ্বতৰ ফালে আৰু আধা অংশ লোক এবাল পৰ্বতৰ ফালে আছিল। ইস্ৰায়েলৰ লোকসকল আশীৰ্ব্বাদ প্ৰাপ্ত হ’বৰ বাবে যিহোৱাৰ দাস মোচিয়ে প্ৰথমে তেওঁলোকক এইদৰে আজ্ঞা দিছিল।
34 Lẹ́yìn èyí, Joṣua sì ka gbogbo ọ̀rọ̀ inú òfin, ìbùkún àti ègún, gẹ́gẹ́ bí a ti kọ ọ́ nínú ìwé òfin.
৩৪তাৰ পাছত যিহোচূৱাই ব্যৱস্থা-পুস্তকৰ প্ৰতিটো কথা পাঠ কৰি শুনালে। তেওঁ সকলো আশীৰ্ব্বাদ আৰু অভিশাপ ব্যৱস্থা-পুস্তকত যেনেদৰে লিখা আছিল, ঠিক তেনেদৰেই পাঠ কৰি শুনালে।
35 Kò sí ọ̀rọ̀ kan nínú gbogbo èyí tí Mose pàṣẹ tí Joṣua kò kà ní iwájú gbogbo àjọ Israẹli, títí fi kan àwọn obìnrin àti àwọn ọmọ wọn, àti àwọn àjèjì tí ń gbé ní àárín wọn.
৩৫ইস্ৰায়েলৰ গোটেই সমাজৰ আগত, লগত মহিলাসকল, সৰু সৰু লৰা-ছোৱালীসকল আৰু তেওঁলোকৰ মাজত থকা বিদেশীসকলৰ আগত মোচিয়ে আজ্ঞা কৰা সেই সকলো বাক্যৰ এটি কথাও যিহোচূৱাই পাঠ নকৰাকৈ নাথাকিল।

< Joshua 8 >