< Joshua 7 >
1 Ṣùgbọ́n àwọn ará Israẹli ṣe àìṣòótọ́ nípa ohun ìyàsọ́tọ̀, Akani ọmọ Karmi, ọmọ Sabdi, ọmọ Sera, ẹ̀yà Juda, mú nínú wọn. Bẹ́ẹ̀ ni ìbínú Olúwa ru sí àwọn ará Israẹli.
১কিন্তু ইস্রায়েলৰ সন্তান সকলে ধ্বংস কৰিবলগীয়া যিহোৱাই বর্জন কৰা বস্তুৰ বিষয়ত অবিশ্বাসযোগ্য লোকৰ দৰে কৰ্ম কৰিলে। কর্মীৰ পুত্ৰ আখান, এই আখান যিহূদা ফৈদৰ। এওঁ ধ্বংস হ’বলগীয়া বৰ্জিত বস্তুৰ কিছুমান নিজৰ লগত লৈ গৈছিল; সেয়ে যিহোৱাৰ ক্রোধ ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত জ্বলি উঠিল।
2 Joṣua rán àwọn ọkùnrin láti Jeriko lọ sí Ai, tí ó súnmọ́ Beti-Afeni ní ìlà-oòrùn Beteli, ó sì sọ fún wọn pé, “Ẹ gòkè lọ kí ẹ sì ṣe ayọ́lẹ̀wò.” Bẹ́ẹ̀ ni àwọn arákùnrin náà lọ, wọ́n sì yọ́ Ai wò.
২যিহোচূৱাই যিৰীহোৰ পৰা বৈৎএলৰ পূবফালে থকা, বৈৎ-আবনৰ ওচৰৰ অয়লৈ মানুহ পঠাই ক’লে, “তোমালোকে উঠি গৈ, গুপুতে এই দেশৰ বুজ-বিচাৰ লৈ আঁহাগৈ।” তেতিয়া উঠি গৈ তেওঁলোকে অয়ৰ বুজ-বিচাৰ ল’লে।
3 Nígbà tí wọ́n padà sí ọ̀dọ̀ Joṣua, wọ́n wí pé, “Kì í ṣe gbogbo àwọn ènìyàn ni ó ni láti gòkè lọ bá Ai jà. Rán ẹgbẹ̀rún méjì tàbí ẹgbẹ̀rún mẹ́ta ọkùnrin láti gbà á, kí ó má ṣe dá gbogbo àwọn ènìyàn ní agara, nítorí ìba ọkùnrin díẹ̀ ní ó wà níbẹ̀.”
৩পাছত তেওঁলোকে যিহোচূৱাৰ ওচৰলৈ উলটি আহি ক’লে, “অয়লৈ আটাইবোৰ মানুহ নপঠিয়াব; তালৈ উঠি গৈ অয়ক আক্ৰমণ কৰিবলৈ কেৱল দুই বা তিনি হাজাৰমান লোকহে পঠিয়াওক৷ ৰণত আটাইবোৰ মানুহক পঠাই কষ্ট নিদিব, কিয়নো সিহঁত সংখ্যাত তাকৰ।”
4 Bẹ́ẹ̀ ní àwọn bí ẹgbẹ̀rún mẹ́ta ọkùnrin lọ; ṣùgbọ́n àwọn ọkùnrin Ai lé wọn sá.
৪এই হেতুকে লোকসকলৰ মাজৰ পৰা তিনি হাজাৰমান লোক সেই ঠাইলৈ উঠি গ’ল; কিন্তু তেওঁলোক অয়ৰ লোক সকলৰ আগৰ পৰা পলাল।
5 Àwọn ènìyàn Ai sì pa àwọn bí mẹ́rìndínlógójì nínú wọn. Wọ́n sì ń lépa àwọn ará Israẹli láti ibodè ìlú títí dé Ṣebarimu, wọ́n sì pa àwọn tí ń sọ̀kalẹ̀. Àyà àwọn ènìyàn náà sì já, ọkàn wọn sì pami.
৫আৰু অয়ৰ লোকসকলে তেওঁলোকৰ ছয়ত্ৰিশ জনমান লোকক বধ কৰিলে আৰু সিহঁতে নগৰৰ দুৱাৰৰ আগৰ পৰা চবাৰীমলৈকে তেওঁলোকক খেদি নিলে আৰু নামি যোৱা বাটত তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ পৰিল আৰু তেওঁলোকে সাহস হেৰুৱাই পেলালে।
6 Joṣua sì fa aṣọ rẹ̀ ya, ó sì dojúbolẹ̀ níwájú àpótí ẹ̀rí Olúwa títí di àṣálẹ́. Àwọn àgbà Israẹli sì ṣe bákan náà, wọ́n ku eruku sí orí wọn.
৬তেতিয়া যিহোচূৱাই নিজৰ কাপোৰ ফালিলে৷ তেওঁ আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে নিজ নিজ মুৰত ধুলি ছটিয়াই, যিহোৱাৰ নিয়ম-চন্দুকৰ আগত, তললৈ মুখ কৰি সন্ধিয়ালৈকে মাটিত পৰি থাকিল।
7 Joṣua sì wí pé, “Háà, Olúwa Olódùmarè, nítorí kín ni ìwọ ṣe mú àwọn ènìyàn yìí kọjá Jordani, láti fi wọ́n lé àwọn ará Amori lọ́wọ́, láti pa wọn run? Àwa ìbá mọ̀ kí a dúró ní òdìkejì Jordani?
৭তেতিয়া যিহোচূৱাই ক’লে, “হায় হায়, হে প্ৰভু যিহোৱা, আমাক বিনষ্ট কৰাবৰ অৰ্থে এই ইমোৰীয়াসকলৰ হাতত আমাক শোধাই দিবলৈ, তুমি কিয় এই লোকসকলক যৰ্দ্দন পাৰ কৰি আনিলা? তাতকৈ আমি অন্য সিদ্ধান্তৰে ক্ষান্ত হৈ যৰ্দ্দনৰ সিপাৰে থকা হ’লেই কেনে ভাল আছিল!
8 Olúwa, kín ni èmi yóò sọ nísinsin yìí tí Israẹli sì ti sá níwájú ọ̀tá a rẹ̀?
৮হে প্ৰভু, ইস্ৰায়েলে নিজ শত্ৰুবোৰলৈ পিঠি দিলে, এতিয়া মই কি ক’ম?
9 Àwọn Kenaani àti àwọn ènìyàn ìlú tí ó kù náà yóò gbọ́ èyí, wọn yóò sì yí wa ká, wọn yóò sì ké orúkọ wa kúrò ní ayé. Kí ni ìwọ ó ha ṣe fún orúkọ ńlá à rẹ?”
৯কিয়নো কনানীয়া আদি কৰি এই দেশনিবাসী আটাই লোকে যেতিয়া এই কথা শুনিব, তেতিয়া তেওঁলোকে আমাক বেৰি ধৰিব আৰু পৃথিবীৰ পৰা আমাৰ নাম লুপ্ত কৰিব; তেতিয়া তোমাৰ মহান নামৰ কাৰণে তুমি কি কৰিবা?”
10 Olúwa sì sọ fún Joṣua pé, “Dìde! Kín ni ìwọ ń ṣe tí ó fi dojúbolẹ̀?
১০তেতিয়া যিহোৱাই যিহোচূৱাক ক’লে, “উঠা, তুমি তললৈ মুখ কৰি কিয় মাটিত পৰি আছা?
11 Israẹli ti ṣẹ̀, wọ́n sì ti ba májẹ̀mú mi jẹ́, èyí tí mo pàṣẹ fún wọn pé kí wọn pamọ́. Wọ́n ti mú nínú ohun ìyàsọ́tọ̀, wọ́n ti jí, wọ́n pa irọ́, wọ́n ti fi wọ́n sí ara ohun ìní wọn.
১১ইস্ৰায়েলে পাপ কৰিলে৷ মই তেওঁলোকক আজ্ঞা কৰা নিয়মটিও লঙ্ঘন কৰিলে৷ তেওঁলোকে বৰ্জিত বস্তুৰ পৰাই কিছু চুৰ কৰি ল’লে, চুৰ কৰিও ভাও ধৰিলে আৰু তেওঁলোকৰ বস্তুৰ মাজত সেই বর্জিত বস্তু লুকুৱাই ৰাখিলে।
12 Ìdí nì èyí tí àwọn ará Israẹli kò fi lè dúró níwájú àwọn ọ̀tá wọn; wọ́n yí ẹ̀yìn wọn padà, wọ́n sì sálọ níwájú ọ̀tá a wọn nítorí pé àwọn gan an ti di ẹni ìparun. Èmi kì yóò wà pẹ̀lú u yín mọ́, bí kò ṣe pé ẹ̀yin pa ohun ìyàsọ́tọ̀ run kúrò ní àárín yín.
১২সেই বাবে ইস্ৰায়েলৰ সন্তান সকলে শত্ৰুবোৰৰ আগত থিয় হ’ব নোৱাৰিলে৷ তেওঁলোকে শত্ৰুবোৰলৈ পিঠি দিলে, কিয়নো তেওঁলোক বৰ্জিত হ’ল৷ তোমালোকে সেই বৰ্জিত বস্তু বিনষ্ট কৰি তোমালোকৰ মাজৰ পৰা দূৰ নকৰিলে, মই তোমালোকৰ লগত পুনৰ নাথাকিম।
13 “Lọ, ya àwọn ènìyàn náà sí mímọ́. Sọ fún wọn pé, ‘Ẹ ya ara yín sí mímọ́ fún ọ̀la, nítorí báyìí ni Olúwa, Ọlọ́run Israẹli wí, ohun ìyàsọ́tọ̀ kan ń bẹ ní àárín yín, Israẹli. Ẹ̀yin kì yóò lè dúró níwájú àwọn ọ̀tá a yín títí ẹ̀yin yóò fi mú kúrò.
১৩উঠা! লোকসকলক পবিত্ৰ কৰা আৰু তুমি তেওঁলোকক কোৱা, তোমালোকে কালিৰ কাৰণে নিজকে পবিত্ৰ কৰা। কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘হে ইস্ৰায়েল, তোমাৰ মাজত বৰ্জিত বস্তু আছে। তোমালোকৰ মাজৰ পৰা সেই বৰ্জিত বস্তু দূৰ নকৰালৈকে তুমি তোমাৰ শত্ৰুবোৰৰ আগত থিয় হ’ব নোৱাৰিবা’।
14 “‘Ní òwúrọ̀, kí ẹ mú ará yín wá síwájú ní ẹ̀yà kọ̀ọ̀kan. Ẹ̀yà tí Olúwa bá mú yóò wá sí iwájú ní agbo ilé kọ̀ọ̀kan, agbo ilé tí Olúwa bá mú yóò wá sí iwájú ní ìdílé kọ̀ọ̀kan, ìdílé tí Olúwa bá sì mú yóò wá sí iwájú ní ẹni kọ̀ọ̀kan.
১৪এতেকে ৰাতিপুৱাতে তোমালোকে নিজ নিজ ফৈদ অনুসাৰে হাজিৰ হ’বা৷ তাতে চিঠি-খেলোতে যিহোৱাই যি ফৈদক ধৰিব, সেই ফৈদৰ এক এক গোষ্ঠী ওচৰ চাপি আহিব আৰু যিহোৱাই যি পৰিয়ালক ধৰিব, তাৰ এজন এজন পুৰুষ ওচৰ চাপি আহিব।
15 Ẹnikẹ́ni tí a bá ká mọ́ pẹ̀lú ohun ìyàsọ́tọ̀ náà, a ó fi iná pa á run, pẹ̀lú gbogbo ohun tí ó ní. Ó ti ba májẹ̀mú Olúwa jẹ́, ó sì ti ṣe nǹkan ìtìjú ní Israẹli!’”
১৫তাতে যিহোৱাই বৰ্জন কৰা বস্তু লোৱা যি জন ধৰা পৰিব, তাক আৰু তাৰ সকলোকে জুইত পোৰা যাব; কিয়নো তেওঁ যিহোৱাৰ নিয়মটি লঙ্ঘন কৰি ইস্ৰায়েলৰ মাজত অপমানজনক কাম কৰিলে।”
16 Ní kùtùkùtù òwúrọ̀ ọjọ́ kejì, Joṣua mú Israẹli wá síwájú ní ẹ̀yà kọ̀ọ̀kan, a sì mú ẹ̀yà Juda.
১৬পাছত যিহোচূৱাই ৰাতিপুৱাতে উঠি ইস্ৰায়েলক নিজ নিজ ফৈদ অনুসাৰে মাতি আনিলে; তাতে যিহূদা ফৈদ ধৰা পৰিল।
17 Àwọn agbo ilé e Juda wá sí iwájú, ó sì mú agbo ilé Sera. Ó sì mú agbo ilé Sera wá síwájú ní ìdílé kọ̀ọ̀kan, a sì mú ìdílé Sabdi.
১৭আৰু যিহূদা ফৈদৰ লোকসকলক মাতি অানোতে, জেৰহৰ গোষ্ঠী ধৰা পৰিল; পাছত জেৰহৰ গোষ্ঠীৰ পুৰুষ অনুসাৰে মাতি আনোতে, জব্দী ধৰা পৰিল।
18 Joṣua sì mú ìdílé Simri wá síwájú ní ọkùnrin kọ̀ọ̀kan, a sì mú Akani ọmọ Karmi, ọmọ Sabdi, ọmọ Sera ti ẹ̀yà Juda.
১৮তাৰ পাছত তেওঁৰ পৰিয়ালৰ সকলো লোকক এজন এজনকৈ মাতি আনোতে আখান ধৰা পৰিল, আখান কর্মীৰ পুত্ৰ, কর্মী জব্দীৰ পুত্ৰ, জব্দী জেৰহৰ পুত্ৰ; এওঁ যিহূদা ফৈদৰ আছিল।
19 Nígbà náà ní Joṣua sọ fún Akani pé, “Ọmọ mi fi ògo fún Olúwa, Ọlọ́run Israẹli, kí o sì fi ìyìn fún un. Sọ fún mi ohun tí ìwọ ti ṣe, má ṣe fi pamọ́ fún mi.”
১৯তেতিয়া যিহোচূৱাই আখানক ক’লে, “বোপা, তুমি সর্বসশক্তিমান ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ সন্মূখত সত্য কথা কোৱা আৰু তেওঁৰ প্ৰশংসা কৰা৷ বিনয় কৰোঁ, তুমি যি কৰিলা, সেই বিষয়ে মোক কোৱা; মোৰ পৰা সেই বিষয় নুলুকুৱাবা।”
20 Akani sì dáhùn pé, “Òtítọ́ ni! Mo ti ṣẹ̀ sí Olúwa, Ọlọ́run Israẹli. Nǹkan tí mo ṣe nìyìí,
২০তেতিয়া আখানে উত্তৰ দি যিহোচূৱাক ক’লে, “সঁচাকৈ মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ৷ মই এনে কাৰ্য কৰিলোঁ:
21 nígbà tí mo rí ẹ̀wù Babeli kan tí ó dára nínú ìkógun, àti igba ṣékélì fàdákà àti odindi wúrà olóṣùnwọ́n àádọ́ta ṣékélì, mo ṣe ojúkòkòrò wọn mo sì mú wọn. Mo fi wọ́n pamọ́ ní abẹ́ àgọ́ mi àti fàdákà ní abẹ́ rẹ̀.”
২১লুটদ্ৰব্যৰ মাজৰ এটা উত্তম বাবিলীয়া চোলা, দুশ চেকল ৰূপ আৰু পঞ্চাশ চেকল জোখৰ জিভা আকৃতিৰ এচটা সোণ দেখি, লোভতে মই সেইবোৰ ললোঁ৷ সেইবোৰ মোৰ তম্বুৰ ভিতৰত মাটিত পুতি থোৱা আছে আৰু সেইবোৰৰ তলতে ৰূপো আছে।”
22 Bẹ́ẹ̀ ni Joṣua ran àwọn òjíṣẹ́, wọ́n sì sáré wọ inú àgọ́ náà, ó sì wà níbẹ̀, a sì fi pamọ́ nínú àgọ́ ọ rẹ̀, àti fàdákà ní abẹ́ ẹ rẹ̀.
২২তেতিয়া যিহোচূৱাই বাৰ্তাবাহকসকলক সেই ঠাইলৈ পঠিয়ালে আৰু তেওঁলোকে তাৰ তম্বুৰ ভিতৰলৈ লৰি গ’ল৷ সেই ঠাইলৈ গৈ তেওঁলোকে দেখিলে যে, সেই বস্তু তাৰ তম্বুৰ ভিতৰত পুতি থোৱা আছে আৰু সেইবোৰৰ তলত ৰূপো আছে,
23 Wọ́n sì mú àwọn nǹkan náà jáde láti inú àgọ́ rẹ̀, wọ́n mú wọn wá fún Joṣua àti gbogbo àwọn ọmọ Israẹli, wọ́n sì fi wọ́n lélẹ̀ níwájú Olúwa.
২৩তেতিয়া তেওঁলোকে তম্বুৰ ভিতৰৰ পৰা সেই বস্তুবোৰ লৈ যিহোচূৱাৰ আৰু ইস্ৰায়েলৰ ওচৰলৈ আনি যিহোৱাৰ আগত সেইবোৰ হ’ল।
24 Nígbà náà ni Joṣua pẹ̀lú gbogbo Israẹli, mú Akani ọmọ Sera, fàdákà, ẹ̀wù àti wúrà tí a dà, àwọn ọmọ rẹ̀ ọkùnrin àti obìnrin, màlúù rẹ̀, kẹ́tẹ́kẹ́tẹ́ àti àgùntàn àgọ́ rẹ̀ àti gbogbo ohun tí ó ni, wọ́n sì kó wọn lọ sí ibi àfonífojì Akori.
২৪পাছত যিহোচূৱা আৰু তেওঁৰে সৈতে গোটেই ইস্ৰায়েলে জেৰহৰ পুত্ৰ আখানক আৰু সেই ৰূপ, চোলা আৰু সোণৰ জিভা আৰু তাৰ পুতেক, জীয়েক, তাৰ গৰু, তাৰ গাধ, তাৰ ভেড়া আৰু তাৰ তম্বু আদি সকলোকে ল’লে আৰু সকলোবোৰ আখোৰ উপত্যকালৈ আনিলে।
25 Joṣua sì wí pé, “Èéṣe tí ìwọ mú wàhálà yìí wá sí orí wa? Olúwa yóò mú ìpọ́njú wá sí orí ìwọ náà lónìí.” Nígbà náà ni gbogbo Israẹli sọ ọ́ ní òkúta pa, lẹ́yìn ìgbà tí wọ́n sọ àwọn tókù ní òkúta pa tán, wọ́n sì jó wọn níná.
২৫পাছত যিহোচূৱাই ক’লে, “তুমি আমাক কিয় দুখত পেলালা? যিহোৱাই আজি তোমাকো দুখত পেলাব।” পাছত সমুদায় ইস্ৰায়েলে তাক আৰু তাৰ সকলোকে শিল দলিয়াই বধ কৰিলে আৰু সকলোকে জুইত পুৰিলে৷
26 Wọ́n sì kó òkìtì òkúta ńlá lé Akani lórí títí di òní yìí. Nígbà náà ní Olúwa sì yí ìbínú gbígbóná rẹ̀ padà. Nítorí náà ni a ṣe ń pe orúkọ ibẹ̀ ní àfonífojì Akori láti ìgbà náà.
২৬পাছত তাৰ ওপৰত শিল দলিয়াই দলিয়াই শিলৰ বৰ দ’ম কৰিলে; শিলৰ সেই দ’ম আজিলৈকে আছে। পাছত যিহোৱাই তেওঁৰ প্ৰচণ্ড ক্রোধৰ পৰা ঘূৰিল। সেই বাবে এই ঠাই আখোৰ উপত্যকা বুলি আজিলৈকে বিখ্যাত আছে।