< Joshua 24 >
1 Nígbà náà ni Joṣua pe gbogbo àwọn ẹ̀yà Israẹli jọ ní Ṣekemu. Ó pe àwọn àgbàgbà, àwọn olórí, onídàájọ́ àti àwọn ìjòyè Israẹli, wọ́n sì fi ara wọn hàn níwájú Ọlọ́run.
১পাছত যিহোচূৱাই ইস্ৰায়েলৰ সকলো ফৈদক চিখিমত গোট খোৱালে আৰু তেওঁলোকৰ বৃদ্ধ লোকসকলক, অধ্যক্ষসকলক, বিচাৰকৰ্ত্তাসকলক আৰু বিষয়াসকলক মতাই আনিলে, তেতিয়া তেওঁলোকে ঈশ্ৱৰৰ সাক্ষাতে উপস্থিত হ’ল।
2 Joṣua sì sọ fun gbogbo ènìyàn pé, “Báyìí ni Olúwa Ọlọ́run Israẹli, wí, ‘Nígbà kan rí àwọn baba ńlá yín Tẹra baba Abrahamu àti Nahori ń gbé ní ìkọjá odò Eufurate, wọ́n sì sin àwọn òrìṣà.
২যিহোচূৱাই লোক সকলক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘আগৰ কালত তোমালোকৰ পূর্ব পুৰুষ - অব্ৰাহাম আৰু নাহোৰৰ পিতৃ তেৰহ, ইউফ্ৰেটিচ নদীৰ সিপাৰে বাস কৰিছিল আৰু তেওঁলোকে অন্য দেৱতা বোৰক পূজা কৰিছিল।
3 Ṣùgbọ́n mo mú Abrahamu baba yín kúrò ní ìkọjá odò Eufurate, mo sì ṣe amọ̀nà rẹ̀ ni gbogbo Kenaani, mo sì fún ní àwọn ọmọ púpọ̀. Mo fún ní Isaaki,
৩পাছত মই তোমালোকৰ আদি পিতৃ অব্ৰাহামক নদীৰ সিপাৰৰ পৰা আনি, কনান দেশৰ সকলো ফালে লৈ ফুৰালোঁ আৰু মই তেওঁৰ পুত্ৰ ইচহাকৰ দ্ৱাৰা তেওঁৰ বংশ বৃদ্ধি কৰিলোঁ৷
4 àti fún Isaaki ni mo fún ní Jakọbu àti Esau, mo sì fún Esau ní ilẹ̀ orí òkè Seiri ní ìní, ṣùgbọ́n Jakọbu àti àwọn ọmọ rẹ̀ sọ̀kalẹ̀ lọ sí Ejibiti.
৪আৰু ইচহাকলৈ মই যাকোব আৰু এচৌক দিলোঁ৷ এচৌৰ অধিকাৰৰ অৰ্থে মই তেওঁক চেয়ীৰ পৰ্ব্বত দিলোঁ, কিন্তু যাকোব আৰু তেওঁৰ সন্তান সকল হ’লে মিচৰলৈ নামি গ’ল।
5 “‘Nígbà náà ni mo rán Mose àti Aaroni, mo sì yọ Ejibiti lẹ́nu ní ti nǹkan tí mo ṣe níbẹ̀, mo sì mú yín jáde.
৫তাৰ পাছত মই মোচি আৰু হাৰোণক পঠিয়ালোঁ আৰু মিচৰৰ লোক সকলৰ ওপৰত কৰা মোৰ কাৰ্যৰ দ্বাৰাই তেওঁলোকলৈ মহা আপদ ঘটালোঁ৷ তাৰ পাছত মই তোমালোকক উলিয়াই আনিলো।
6 Nígbà tí mo mú àwọn baba yín jáde kúrò ní Ejibiti, ẹ wá sí Òkun, àwọn ará Ejibiti lépa wọn pẹ̀lú kẹ̀kẹ́ ogun àti àwọn ẹlẹ́ṣin títí ó fi dé Òkun Pupa.
৬মই মিচৰৰ পৰা তোমালোকৰ পূর্ব পুৰুষ সকলক উলিয়াই অানিলো আৰু তোমালোকৰ সেই পুৰুষসকল আহি সমুদ্ৰ পালে; তেতিয়া মিচৰীয়া লোক সকলে ৰথ আৰু অশ্বাৰোহী সৈন্য লৈ, চূফ সাগৰলৈকে তোমালোকৰ পূর্ব পুৰুষ সকলৰ পাছে পাছে খেদি আহিছিল।
7 Ṣùgbọ́n wọ́n ké pe Olúwa fún ìrànlọ́wọ́, ó sì fi òkùnkùn sí àárín yín àti àwọn ará Ejibiti, ó sì mú òkun wá sí orí wọn; ó sì bò wọ́n mọ́lẹ̀. Ẹ sì fi ojú yín rí ohun tí mo ṣe sí àwọn ará Ejibiti. Lẹ́yìn náà ẹ sì gbé ní aginjù fún ọjọ́ pípẹ́.
৭সেই সময়ত যেতিয়া তোমালোকৰ পূর্ব পুৰুষ সকলে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, তেতিয়া যিহোৱাই মিচৰীয়াসকলৰ আৰু তোমালোকৰ মাজত অন্ধকাৰ স্থাপন কৰিলে৷ তেওঁ তেওঁলোকৰ ওপৰলৈ সমুদ্ৰ আনিলে আৰু তেওঁলোকক ঢাকি পেলালে৷ মই মিচৰত কৰা কাৰ্য তোমালোকে নিজ চকুৰে দেখিলা৷ তাৰ পাছত তোমালোকে বহুকাল মৰুপ্ৰান্তত বাস কৰিলা।
8 “‘Èmi mú yín wá sí ilẹ̀ àwọn ará Amori tí ó ń gbé ìlà-oòrùn Jordani. Wọ́n bá yín jà, ṣùgbọ́n mo fi wọ́n lé yín lọ́wọ́. Èmí pa wọ́n run kúrò níwájú u yín, ẹ sì gba ilẹ̀ ẹ wọn.
৮তাৰ পাছত মই তোমালোকক যৰ্দ্দনৰ সিপাৰে থকা ইমোৰীয়া সকলৰ দেশলৈ আনিলোঁ৷ তেওঁলোকে তোমালোকৰে সৈতে যুদ্ধ কৰিলে আৰু মই তোমালোকৰ হাতত তেওঁলোকক সমৰ্পণ কৰিলোঁ৷ পাছত তোমালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিলা; এইদৰে মই তোমালোকৰ আগৰ পৰা তেওঁলোকক বিনষ্ট কৰিলোঁ।
9 Nígbà tí Balaki ọmọ Sippori, ọba Moabu, múra láti bá Israẹli jà, ó ránṣẹ́ sí Balaamu ọmọ Beori láti fi yín bú.
৯পাছত চিপ্পোৰৰ পুত্ৰ মোৱাবৰ ৰজা বালাকে উঠি ইস্ৰায়েলক আক্ৰমণ কৰিলে আৰু তোমালোকক শাও দিবৰ কাৰণে মানুহ পঠিয়াই বিয়োৰৰ পুতেক বিলিয়মক মাতিলে।
10 Ṣùgbọ́n èmi kò fetí sí Balaamu, bẹ́ẹ̀ ni ó súre fún un yín síwájú àti síwájú sí i, mo sì gbà yín kúrò ní ọwọ́ rẹ̀.
১০কিন্তু মই বিলিয়মৰ কথাত মন দিবলৈ সন্মত নহলোঁ৷ তাতে তেওঁ তোমালোকক আশীৰ্ব্বাদহে কৰিলে; এইদৰে মই তেওঁৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলোঁ।
11 “‘Lẹ́yìn náà ni ẹ rékọjá Jordani, tí ẹ sì wá sí Jeriko. Àwọn ará ìlú Jeriko sì bá yín jà, gẹ́gẹ́ bí ará Amori, Peresi, Kenaani, Hiti, Girgaṣi, Hifi àti Jebusi. Ṣùgbọ́n mo fi wọ́n lé e yín lọ́wọ́.
১১পাছত তোমালোকে যৰ্দ্দন পাৰ হৈ যিৰীহো পালাহি৷ যিৰিহোৰ অধ্যক্ষসকলে ইমোৰীয়া, পৰিজ্জীয়া, কনানীয়া, হিত্তীয়া, গিৰ্গাচীয়া, হিব্বীয়া আৰু যিবুচীয়া লোকসকলৰ সৈতে তোমালোকৰ বিৰুদ্ধে যুদ্ধ কৰিলে৷ মই তোমালোকক তেওঁলোকৰ ওপৰত জয়ী হ’বলৈ দিলোঁ আৰু তোমালোকৰ হাতত শোধাই দিলোঁ।
12 Èmi sì rán oyin sí iwájú yín, tí ó lé wọn kúrò ní iwájú yín, àní ọba Amori méjì. Ẹ kò ṣe èyí pẹ̀lú idà yín àti ọrun yín.
১২মই তোমালোকৰ আগে আগে কোদো পঠালোঁ; তাতে সেই কোদোৱে তোমালোকৰ আগৰ পৰা তেওঁলোকক, বিশেষকৈ ইমোৰীয়াসকলৰ দুজন ৰজাক দূৰ কৰিলে৷ তোমালোকৰ তৰোৱাল বা ধনুৰ দ্বাৰাই তেওঁলোকক দূৰ কৰা হোৱা নাছিল।
13 Bẹ́ẹ̀ ni mo fún un yín ní ilẹ̀ tí ẹ̀yin kò ṣiṣẹ́ fún, àti àwọn ìlú tí ẹ̀ yin kò kọ́; ẹ sì ń gbé inú wọn, ẹ sì ń jẹ nínú ọgbà àjàrà àti ọgbà olifi tí ẹ kò gbìn.’
১৩তোমালোকে যিহৰ বাবে শ্ৰম কৰা নাই, এনে এক দেশ আৰু যিহক তোমালোকে স্থাপন কৰা নাই এনে অনেক নগৰ মই তোমালোকক দিলোঁ, তোমালোকে তাৰ মাজত বাস কৰি আছা৷ আৰু যি দ্ৰাক্ষালতা ও জিতগছৰ বাৰী তোমালোকে পতা নাই, এনে বাৰীৰ ফল তোমালোকে ভোগ কৰি আছা।
14 “Nísinsin yìí ẹ bẹ̀rù Olúwa, kí ẹ sì máa sìn ín ní òtítọ́ àti òdodo. Kí ẹ sì mú òrìṣà tí àwọn baba ńlá yín sìn ní ìkọjá odò Eufurate àti ní Ejibiti kúrò, kí ẹ sì máa sin Olúwa.
১৪এই হেতুকে এতিয়া তোমালোকে যিহোৱাক ভয় কৰা আৰু সৰল মনেৰে ও সত্যেৰে তেওঁৰ আৰাধনা কৰা; তোমালোকৰ পূৰ্বপুৰুষসকলে নদীৰ সিপাৰে আৰু মিচৰত পূজা কৰা দেৱতাবোৰক দূৰ কৰা আৰু যিহোৱাৰ আৰাধনা কৰা।
15 Ṣùgbọ́n bí ẹ̀yin kò bá fẹ́ láti sin Olúwa, nígbà náà ẹ yàn fún ara yín ní òní ẹni tí ẹ̀yin yóò sìn bóyá òrìṣà tí àwọn baba ńlá yín sìn ní ìkọjá odò Eufurate, tàbí òrìṣà àwọn ará Amori, ní ilẹ̀ ẹni tí ẹ̀yin ń gbé. Ṣùgbọ́n ní ti èmi àti ilé mi, Olúwa ni àwa yóò máa sìn.”
১৫যদি যিহোৱাৰ আৰাধনা কৰাত বেয়া লাগিছে, তেন্তে ইউফ্ৰেটিচ নদীৰ সিপাৰে থকা তোমালোকৰ ওপৰ-পিতৃসকলে পূজা কৰা দেৱতাবোৰেই হওঁক বা যিসকলৰ দেশত তোমালোকে বাস কৰিছা, সেই ইমোৰীয়াসকলৰ দেৱতাবোৰেই হওঁক, যাৰ আৰাধনা কৰিবা তাক আজিয়েই মনোনীত কৰা৷ কিন্তু মই আৰু মোৰ পৰিয়ালে হ’লে যিহোৱাৰ আৰাধনা কৰিম।”
16 Àwọn ènìyàn sì dáhùn pé, “Kí a má ri tí àwa yóò fi kọ Olúwa sílẹ̀ láti sin òrìṣà!
১৬তেতিয়া লোকসকলে উত্তৰ দি ক’লে, “আমি আন দেৱতাবোৰক পূজা কৰিবৰ বাবে যে যিহোৱাক ত্যাগ কৰিম আমাৰ পৰা এনে কথা দূৰ হওঁক,
17 Nítorí Olúwa Ọlọ́run fúnra rẹ̀ ni ó gba àwọn baba ńlá wa là kúrò ní Ejibiti, ní oko ẹrú. Òun ni Ọlọ́run tí ó ṣe iṣẹ́ ìyanu ńlá níwájú àwọn ọmọ Israẹli. Ó pa wá mọ́ nínú gbogbo ìrìnàjò wa àti ní àárín gbogbo orílẹ̀-èdè tí a là kọjá.
১৭কিয়নো যিজনাই আমাক আৰু আমাৰ ওপৰ পিতৃসকলক বন্দীঘৰস্বৰূপ মিচৰ দেশৰ পৰা আনিলে আৰু আমাৰ চকুৰ আগতে সেই মহৎ চিনবোৰ দেখুৱালে আৰু যি বাটেদি আমি আহিলোঁ, সেই গোটেই বাটত আৰু যি জাতিবোৰৰ মাজেদি আমি পাৰ হৈ আহিলোঁ, সেই জাতিবোৰৰ মাজতো আমাক ৰক্ষা কৰিলে, সেই জনাই আমাৰ ঈশ্বৰ যিহোৱা।
18 Olúwa sì lé gbogbo àwọn orílẹ̀-èdè jáde kúrò ní iwájú wa, pẹ̀lú àwọn Amori, tí ń gbé ilẹ̀ náà. Àwa náà yóò máa sin Olúwa, nítorí òun ni Ọlọ́run wa.”
১৮সেই যিহোৱায়েই এই দেশত থকা ইমোৰীয়া আদি কৰি সকলো জাতিক আমাৰ আগৰ পৰা দূৰ কৰিলে৷ এই হেতুকে আমিও যিহোৱাৰেহে আৰাধনা কৰিম, কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ।”
19 Joṣua sì wí fún àwọn ènìyàn náà, pé, “Ẹ̀yin kò le sin Olúwa, nítorí Ọlọ́run mímọ́ ni òun; Ọlọ́run owú ni òun, kì yóò dárí ìrékọjá àti ẹ̀ṣẹ̀ yín jì yín.
১৯কিন্তু যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে যিহোৱাৰ আৰাধনা কৰিব নোৱাৰিবা, কিয়নো তেওঁ পবিত্ৰ ঈশ্বৰ; নিজ মৰ্য্যদা ৰখাত উদ্যোগী ঈশ্বৰ; তেওঁ তোমালোকৰ অধাৰ্মিকতা আৰু পাপসমূহক ক্ষমা নকৰিব।
20 Bí ẹ bá kọ Olúwa tí ẹ sì sin òrìṣà orílẹ̀-èdè mìíràn òun yóò padà yóò sì mú ibi bá a yín, yóò sì pa yín run, lẹ́yìn ìgbà tí ó ti ṣe rere fún un yín tan.”
২০তোমালোকে যদি যিহোৱাক ত্যাগ কৰি বিজাতীয় দেৱতাক পূজা কৰা, তেন্তে তেওঁ তোমালোকক মঙ্গল কৰাৰ পৰা ঘূৰি, তোমালোকৰ অমঙ্গলহে কৰিব আৰু তোমালোকক সংহাৰ কৰিব।”
21 Ṣùgbọ́n àwọn ènìyàn sọ fún Joṣua pé, “Bẹ́ẹ̀ kọ́! A yàn láti sin Olúwa.”
২১তেতিয়া লোকসকলে যিহোচূৱাক ক’লে, “নহয়, আমি যিহোৱাৰহে আৰাধনা কৰিম।”
22 Lẹ́yìn náà ni Joṣua wí pé, “Ẹ̀yin ni ẹlẹ́rìí ara yín pé, ẹ ti yàn láti sin Olúwa.” Wọ́n dáhùn wí pé, “Bẹ́ẹ̀ ni, àwa ni ẹlẹ́rìí.”
২২তেতিয়া যিহোচূৱাই লোকসকলক ক’লে, “তোমালোকে আৰাধনা কৰিবৰ অৰ্থে যিহোৱাক যে মনোনীত কৰিলা, এই কথাত তোমালোকে নিজৰ বিৰুদ্ধে নিজে সাক্ষী হৈছা।” তেওঁলোকে ক’লে, “হয়, আমি সাক্ষী হৈছোঁ।”
23 Nígbà náà ni Joṣua dáhùn wí pé, “Ẹ mú òrìṣà orílẹ̀-èdè mìíràn tí ń bẹ ní àárín yín kúrò, ki ẹ sì yí ọkàn yín padà sí Olúwa, Ọlọ́run Israẹli.”
২৩তেতিয়া তেওঁ ক’লে, “তেনেহ’লে এতিয়া তোমালোকৰ মাজত থকা বিজাতীয় দেৱতাবোৰ দূৰ কৰা আৰু নিজ নিজ হৃদয়েৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱালৈ ঘূৰি অাহাঁ।”
24 Àwọn ènìyàn náà sì wí fún Joṣua pé, “Olúwa Ọlọ́run nìkan ni àwa yóò máa sìn, òun nìkan ni àwa yóò máa ṣe ìgbọ́ràn sí.”
২৪লোকসকলে যিহোচূৱাক ক’লে, “আমি ঈশ্বৰ যিহোৱাৰেই আৰাধনা কৰিম আৰু তেওঁৰেই বাক্যলৈ কাণ দিম।”
25 Ní ọjọ́ náà Joṣua dá májẹ̀mú fún àwọn ènìyàn, ó sì fi òfin àti ìlànà fún wọn ní Ṣekemu.
২৫এই দৰে যিহোচূৱাই সেইদিনা লোকসকলৰে সৈতে এটি নিয়ম স্থিৰ কৰিলে৷ তেওঁ চিখিমত তেওঁলোকৰ বাবে এক বিধি আৰু শাসন প্ৰণালী স্থাপন কৰিলে।
26 Joṣua sì kọ gbogbo ìdáhùn àwọn ènìyàn wọ̀nyí sí inú Ìwé Òfin Ọlọ́run. Lẹ́yìn náà ó gbé òkúta ńlá kan, ó gbé e kalẹ̀ ní abẹ́ igi óákù ní ẹ̀bá ibi mímọ́ Olúwa.
২৬তেতিয়া যিহোচূৱাই সেই সকলো কথা ঈশ্বৰৰ বিধান-পুস্তকখনিত লিখি হ’ল আৰু এটা ডাঙৰ শিল লৈ, যিহোৱাৰ ধৰ্মধামৰ ওচৰত থকা এৰা গছৰ তলত স্থাপন কৰিলে।
27 “E wò ó!” ó wí fún gbogbo ènìyàn pé, “Òkúta yìí ni yóò jẹ́ ẹlẹ́rìí fún wa, nítorí ó ti gbọ́ gbogbo ọ̀rọ̀ tí Olúwa ti sọ fún wa. Yóò jẹ́ ẹlẹ́rìí yín tí ẹ bá ṣe àìṣòótọ́ sí Ọlọ́run yín.”
২৭পাছত যিহোচূৱাই লোকসকলক ক’লে, “চোৱা, এই শিলে আমাৰ অহিতে সাক্ষী হ’ব৷ কিয়নো আমাৰ আগত যিহোৱাই কোৱা সকলো কথা ই শুনিলে৷ এই হেতুকে তোমালোকে তোমালোকৰ ঈশ্বৰক আসৈ নকৰিবৰ বাবে এইয়ে তোমালোকৰ অহিতে সাক্ষী হ’ব।”
28 Lẹ́yìn náà ni Joṣua jẹ́ kí àwọn ènìyàn lọ, olúkúlùkù sí ilẹ̀ ìní rẹ̀.
২৮তাৰ পাছত যিহোচূৱাই লোকসকলক নিজ নিজ উত্তৰাধিকাৰলৈ বিদায় দিলে।
29 Lẹ́yìn nǹkan wọ̀nyí, Joṣua ọmọ Nuni ìránṣẹ́ Olúwa, kú ní ẹni àádọ́fà ọdún.
২৯এই সকলো ঘটনাৰ পাছত, যিহোৱাৰ দাস নুনৰ পুত্ৰ যিহোচূৱাৰ এশ দহ বছৰত মৃত্যু হ’ল।
30 Wọ́n sì sin ín sí ilẹ̀ ìní rẹ̀, ní Timnati Serah ni ilẹ̀ orí òkè Efraimu, ní ìhà àríwá òkè Gaaṣi.
৩০তেতিয়া লোকসকলে গাচ পৰ্ব্বতৰ উত্তৰফালে, ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা তিম্নৎ-চেৰহত তেওঁৰ নিজৰ উত্তৰাধিকাৰৰ সীমাৰ ভিতৰত তেওঁক মৈদাম দিলে।
31 Israẹli sì sin Olúwa ní gbogbo ọjọ́ ayé Joṣua àti ní gbogbo ọjọ́ àwọn àgbàgbà tí ó wà lẹ́yìn ikú rẹ̀ tí wọ́n sì rí gbogbo iṣẹ́ ńlá tí Olúwa ṣe fún Israẹli.
৩১যিহোচূৱাৰ আয়ুসৰ সকলো কালত আৰু যি বৃদ্ধ লোকসকল যিহোচূৱাৰ মৃত্যুৰ পাছত জীয়াই আছিল আৰু ইস্ৰায়েলৰ বাবে যিহোৱাই কৰা সকলো কৰ্ম জানিছিল, তেওঁলোক জীয়াই থকালৈকে ইস্ৰায়েলে যিহোৱাৰ আৰাধনা কৰি আছিল।
32 Egungun Josẹfu, èyí tí àwọn ọmọ Israẹli kó kúrò ní Ejibiti, ni wọ́n sin ní Ṣekemu ní ìpín ilẹ̀ tí Jakọbu rà fún ọgọ́rùn-ún fàdákà ní ọwọ́ Hamori, baba Ṣekemu. Èyí sì jẹ́ ilẹ̀ ìní àwọn ọmọ Josẹfu.
৩২ইস্ৰায়েলৰ সন্তান সকলে মিচৰ দেশৰ পৰা অনা যোচেফৰ অস্থিবোৰ চিখিমত এডোখৰ মাটিত মৈদাম দিলে, যি মাটি যাকোবে চিখিমৰ বাপেক হমোৰৰ পুতেকহঁতৰ পৰা এশ ৰূপ দি কিনি লৈছিল; আৰু সেয়ে যোচেফৰ সন্তান সকলৰ উত্তৰাধিকাৰ হ’ল।
33 Eleasari ọmọ Aaroni sì kú, wọ́n sì sin ín ní Gibeah, tí a ti pín fún ọmọ rẹ̀ Finehasi ní òkè ilẹ̀ Efraimu.
৩৩তাৰ পাছত হাৰোণৰ পুত্ৰ ইলিয়াজৰৰো মৃত্যু হ’ল৷ তাত লোকসকলে ইফ্ৰয়িমৰ পৰ্ব্বতীয়া অঞ্চলত তেওঁৰ পুত্ৰ পীনহচক দিয়া গিবিয়াত তেওঁক মৈদাম দিলে।