< Joshua 21 >
1 Báyìí ni olórí ìdílé àwọn ọmọ Lefi lọ bá Eleasari àlùfáà, Joṣua ọmọ Nuni àti olórí ẹ̀yà àwọn ìdílé ẹ̀yà Israẹli.
১তেতিয়া লেবীয়াসকলৰ পিতৃবংশৰ মুখিয়াল লোকসকলে ইলিয়াজৰ পুৰোহিত, নুনৰ পুত্ৰ যিহোচূৱা আৰু ইস্ৰায়েলৰ সন্তান সকলৰ ফৈদৰ পিতৃ-বংশৰ পৰিয়াল সমূহৰ লোকসকলৰ ওচৰলৈ আহিল৷
2 Ní Ṣilo, ní Kenaani, wọn sọ fún wọn pé, “Olúwa pàṣẹ nípasẹ̀ Mose pé kí wọn fún wa ní ìlú láti máa gbé àti ilẹ̀ pápá oko tútù fún ẹran ọ̀sìn wa.”
২আৰু কনান দেশত থকা চীলোত তেওঁলোকক ক’লে, “আমি থাকিবৰ অৰ্থে নগৰ আৰু পশুবোৰ চৰাবৰ বাবে তাৰ চৰণীয়া ঠাই দিয়াৰ আজ্ঞা যিহোৱাই মোচিৰ দ্বাৰাই তোমালোকক দিছিল।”
3 Àwọn ọmọ Israẹli sì fún àwọn ọmọ Lefi ní àwọn ìlú wọ̀nyí, àti ilẹ̀ pápá oko tútù lára ilẹ̀ ìní tiwọn gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Mose.
৩তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ উত্তৰাধিকাৰৰ পৰা লেবীয়াসকলক এই নগৰ আৰু চৰণীয়া ঠাই সমূহ দিলে।
4 Ìpín kìn-ín-ní wà fún àwọn ọmọ Kohati, ní agbo ilé, agbo ilé. Àwọn ọmọ Lefi tí wọ́n jẹ́ ọmọ Aaroni àlùfáà ni a pín ìlú mẹ́tàlá fún láti ara ẹ̀yà Juda, Simeoni àti Benjamini.
৪চিঠি খেলাওঁতে কহাতীয়া বংশৰ নাম উঠিলত: লেবীয়াসকলৰ মাজৰ হাৰোণ পুৰোহিতৰ সন্তান সকলে চিঠিখেলৰ দ্বাৰাই যিহূদা ফৈদৰ, চিমিয়োন ফৈদৰ আৰু বিন্যামীন ফৈদৰ পৰা তেৰ খন নগৰ পালে।
5 Ìyókù àwọn ọmọ Kohati ni a pín ìlú mẹ́wàá fún láti ara ẹ̀yà Efraimu, Dani àti ìdajì Manase.
৫আৰু কহাতৰ অৱশিষ্ট বংশই চিঠি খেলৰ দ্বাৰাই ইফ্ৰয়িম ফৈদ সমূহৰ পৰা, আচেৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা দহখন নগৰ পালে।
6 Àwọn ẹ̀yà Gerṣoni ni a pín ìlú mẹ́tàlá fún láti ara ẹ̀yà Isakari, Aṣeri, Naftali àti ìdajì ẹ̀yà Manase ní Baṣani.
৬আৰু বংশানুক্ৰমে গেৰ্চোনৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই ইচাখৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা তেৰ খন নগৰ পালে।
7 Àwọn ọmọ Merari ní agbo ilé, agbo ilé ni wọ́n fún ní ìlú méjìlá láti ara ẹ̀yà Reubeni, Gadi àti Sebuluni.
৭আৰু বংশানুক্ৰমে মৰাৰীৰ সন্তান সকলে নিজ নিজ ফৈদ অনুসাৰে ৰূবেণ ফৈদৰ, গাদ ফৈদৰ আৰু জবূলূন ফৈদৰ পৰা বাৰখন নগৰ পালে।
8 Báyìí ni àwọn ọmọ Israẹli pín ìlú wọ̀nyí àti ilẹ̀ pápá oko tútù fún àwọn ọmọ Lefi gẹ́gẹ́ bí Olúwa ti pàṣẹ láti ẹnu Mose.
৮এইদৰে মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই লেবীয়া লোকসকলক সেইবোৰ নগৰ আৰু লগত চৰণীয়া ঠাইবোৰ দিলে।
9 Láti ara ẹ̀yà Juda àti ẹ̀yà Simeoni ni wọ́n ti pín àwọn ìlú tí a dárúkọ wọ̀nyí,
৯পাছত তেওঁলোকে যিহূদাৰ সন্তান সকলৰ ফৈদৰ পৰা আৰু চিমিয়োনৰ সন্তান সকলৰ ফৈদৰ পৰা পোৱা নগৰবোৰৰ নামে সৈতে উল্লেখ কৰাৰ দৰে নগৰ দিলে৷
10 (ìlú wọ̀nyí ni a fún àwọn ọmọ Aaroni tí ó jẹ́ ọ̀kan nínú ìdílé Kohati tí í ṣe ọmọ Lefi, nítorí tí ìpín àkọ́kọ́ jẹ́ tiwọn).
১০এই নগৰ লেবীৰ সন্তান কহাতীয়া বংশৰ মাজত থকা হাৰোণৰ বংশধৰ সকলৰ হ’ল, কিয়নো তেওঁলোকৰ নাম প্ৰথমেই উঠিল।
11 Wọ́n fún wọn ní Kiriati-Arba (tí í ṣe, Hebroni), pẹ̀lú ilẹ̀ pápá oko tútù tí ó yí wọn ká, ní ilẹ̀ òkè Juda. (Arba ni baba ńlá Anaki.)
১১ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত থকা চাৰিওফালৰ চৰণীয়া ঠায়েৰে সৈতে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে; সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল।
12 Ṣùgbọ́n àwọn oko àti àwọn abúlé ní agbègbè ìlú náà ni wọ́n ti fi fún Kalebu ọmọ Jefunne gẹ́gẹ́ bí ohun ìní rẹ̀.
১২কিন্তু সেই নগৰৰ পথাৰসমূহ আৰু তাৰ গাওঁবোৰ তেওঁলোকে আধিপত্যৰ অৰ্থে যিফুন্নিৰ পুত্ৰ কালেবক দিলে।
13 Ní àfikún wọ́n sì fún àwọn ọmọ Aaroni tí í ṣe àlùfáà ní Hebroni (ọ̀kan nínú ìlú ààbò fún àwọn apànìyàn) pẹ̀lú ilẹ̀ pápá oko tútù rẹ̀, Libina,
১৩তেওঁলোকে হাৰোণ পুৰোহিতৰ সন্তান সকলক চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ হিব্ৰোণ আৰু চৰণীয়া ঠায়েৰে সৈতে লিব্না,
১৪চৰণীয়া ঠায়েৰে সৈতে যত্তীৰ, চৰণীয়া ঠায়েৰে সৈতে ইষ্টমোৱা,
১৫চৰণীয়া ঠায়েৰে সৈতে হোলোন, চৰণীয়া ঠায়েৰে সৈতে দবীৰ,
16 Aini, Jutta àti Beti-Ṣemeṣi, pẹ̀lú ilẹ̀ pápá oko wọn. Ìlú mẹ́sàn-án láti ara ẹ̀yà méjì wọ̀nyí.
১৬চৰণীয়া ঠায়েৰে সৈতে ঐন, চৰণীয়া ঠায়েৰে সৈতে যুত্তা আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎচেমচ, সেই দুই ফৈদৰ পৰা এই ন খন নগৰ পালে।
17 Láti ara ẹ̀yà Benjamini ni wọ́n ti fún wọn ní: Gibeoni, Geba,
১৭আৰু বিন্যামীন ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে গিবিয়োন, চৰণীয়া ঠায়েৰে সৈতে গেবা,
18 Anatoti àti Almoni, pẹ̀lú ilẹ̀ pápá oko wọn, wọ́n jẹ́ ìlú mẹ́rin.
১৮চৰণীয়া ঠায়েৰে সৈতে অনাথোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অলমোন এই চাৰিখন নগৰ দিলে।
19 Gbogbo ìlú àwọn àlùfáà, ìran Aaroni jẹ́ mẹ́tàlá pẹ̀lú ilẹ̀ pápá wọn.
১৯নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ হাৰোণৰ বংশৰ পুৰোহিতসকলে পালে।
20 Ìyókù ìdílé Kohati tí ó jẹ́ ọmọ Lefi ní a pín ìlú fún láti ara ẹ̀yà Efraimu.
২০আৰু কহাতৰ অৱশিষ্ট পৰিয়াল অৰ্থাৎ কহাতৰ পৰিয়াল সমূহ লেবীয়া, ইফ্ৰয়িম ফৈদৰ পৰা চিঠি খেলৰ দ্বাৰাই নিজ আধিপত্য নগৰ পালে।
21 Ní ilẹ̀ òkè Efraimu wọ́n fún wọn ní: Ṣekemu (tí ó jẹ́ ìlú ààbò fún apànìyàn) àti Geseri,
২১ইস্ৰায়েলৰ সন্তান সকলে চৰণীয়া ঠায়েৰে সৈতে নৰ-বধী অৰ্থাৎ যিকোনো লোকে অনিচ্ছাকৃত ভাৱে বধ কৰা লোকসকলৰ আশ্ৰয় লোৱা নগৰ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা চিখিম, চৰণীয়া ঠায়েৰে সৈতে গেজৰ আৰু ইয়াৰ চৰণীয়া ঠায়েৰে সৈতে
22 Kibasaimu àti Beti-Horoni, pẹ̀lú ilẹ̀ pápá oko wọn jẹ́ ìlú mẹ́rin.
২২কিব্চয়িম আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎ-হোৰোণ, এই চাৰিখন নগৰ দিলে।
23 Láti ara ẹ̀yà Dani ni wọ́n ti fún wọn ní: Elteke, Gibetoni,
২৩আৰু দান ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে ইল্টকি, চৰণীয়া ঠায়েৰে সৈতে গিব্বথোন,
24 Aijaloni àti Gati-Rimoni, pẹ̀lú ilẹ̀ pápá oko tútù wọn jẹ́ ìlú mẹ́rin.
২৪চৰণীয়া ঠায়েৰে সৈতে অয়ালোন, চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ, এই চাৰিখন নগৰ দিলে।
25 Láti ara ìdajì ẹ̀yà Manase ni wọ́n ti fún wọn ní: Taanaki àti Gati-Rimoni pẹ̀lú ilẹ̀ pápá oko wọn jẹ́ ìlú méjì.
২৫আৰু মনচিৰ আধা ফৈদৰ পৰা কহাতৰ বংশলৈ, চৰণীয়া ঠায়েৰে সৈতে তানক আৰু চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ এই দুখন নগৰ তেওঁলোকক দিলে।
26 Gbogbo ìlú mẹ́wẹ̀ẹ̀wá yìí àti ilẹ̀ pápá wọn ni a fi fún ìyókù ìdílé Kohati.
২৬কহাতৰ অৱশিষ্ট বংশধৰসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ দহখন নগৰ পালে।
27 Àwọn ọmọ Gerṣoni ìdílé àwọn ọmọ Lefi ni wọ́n fún lára: ìdajì ẹ̀yà Manase, Golani ní Baṣani (ìlú ààbò fún apànìyàn) àti Be-Eṣterah pẹ̀lú ilẹ̀ pápá oko tútù wọ́n jẹ́ méjì.
২৭অন্য লেবীয়াসকলৰ বংশধৰবোৰৰ মাজৰ গেৰ্চোনৰ সন্তান সকলক মনচিৰ আধা ফৈদৰ পৰা, চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ বাচানত থকা গোলন আৰু চৰণীয়া ঠায়েৰে সৈতে বেষ্টৰা এই দুখন নগৰ দিলে।
28 Láti ara ẹ̀yà Isakari ni wọ́n ti fún wọn ní, Kiṣioni Daberati,
২৮গেৰ্চোনৰ বংশধৰ সকললৈ ইচাখৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে কিচিয়োন লগতে চৰণীয়া ঠায়েৰে সৈতে দাবৰৎ,
29 Jarmatu àti Eni-Gannimu, pẹ̀lú ilẹ̀ pápá oko wọ́n jẹ́ ìlú mẹ́rin.
২৯চৰণীয়া ঠায়েৰে সৈতে যমুৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অয়ীন-গন্নীম, এই চাৰিখন নগৰ দিলে।
30 Láti ara ẹ̀yà Aṣeri ni wọ́n ti fún wọn ní Miṣali, àti Abdoni,
৩০আৰু আচেৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে মিচাল, চৰণীয়া ঠায়েৰে সৈতে অব্দোন,
31 Helikati àti Rehobu, pẹ̀lú ilẹ̀ pápá oko wọ́n jẹ́ ìlú mẹ́rin.
৩১চৰণীয়া ঠায়েৰে সৈতে হিল্কৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ৰহোব, এই চাৰিখন নগৰ দিলে।
32 Láti ara ẹ̀yà Naftali ni a ti fún wọn ní: Kedeṣi ní Galili (tí ó jẹ́ ìlú ààbò fún apànìyàn), Hamoti Dori àti Karitani, pẹ̀lú ilẹ̀ pápá oko wọ́n jẹ́ ìlú mẹ́ta.
৩২আৰু নপ্তালী ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় লোৱা নগৰ গালীলত থকা কেদচ, চৰণীয়া ঠায়েৰে সৈতে হম্মোৎ-দোৰ আৰু চৰণীয়া ঠায়েৰে সৈতে কতন, এই তিনিখন নগৰ দিলে।
33 Gbogbo ìlú tí ó jẹ́ ti ọmọ Gerṣoni jẹ́ mẹ́tàlá, pẹ̀lú ilẹ̀ pápá oko wọn.
৩৩নিজ নিজ বংশানুসাৰে গেৰ্চোনীয়াসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ পালে।
34 Láti ara ẹ̀yà Sebuluni ni a ti fún ìdílé Merari (tí í ṣe ìyókù ọmọ Lefi) ní: Jokneamu, Karta,
৩৪পাছত তেওঁলোকে মৰাৰীৰ ফৈদবোৰক অৰ্থাৎ অৱশিষ্ট লেবীয়ালৈ জবূলূন জন-গোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে যক্নীয়াম, চৰণীয়া ঠায়েৰে সৈতে কৰ্তা,
35 Dimina àti Nahalali, pẹ̀lú ilẹ̀ pápá oko wọn, wọ́n jẹ́ ìlú mẹ́rin.
৩৫চৰণীয়া ঠায়েৰে সৈতে দিম্না আৰু চৰণীয়া ঠায়েৰে সৈতে নহলাল, এই চাৰিখন নগৰ দিলে।
36 Láti ara ẹ̀yà Reubeni ni wọ́n ti fún wọn ní Beseri, àti Jahisa,
৩৬ৰূবেণ ফৈদৰ পৰা মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে বেচৰ, চৰণীয়া ঠায়েৰে সৈতে যহচ,
37 Kedemoti àti Mefaati, pẹ̀lú ilẹ̀ pápá oko wọ́n jẹ́ ìlú mẹ́rin.
৩৭চৰণীয়া ঠায়েৰে সৈতে কদেমোৎ আৰু চৰণীয়া ঠায়েৰে সৈতে মেফাৎ, এই চাৰিখন নগৰ দিলে।
38 Láti ara ẹ̀yà Gadi ni wọ́n ti fún wọn ní Ramoti ní Gileadi (tí ó jẹ́ ìlú ààbò fún apànìyàn), Mahanaimu,
৩৮আৰু গাদ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে অনিচ্ছাকৃত ভাৱে নৰ-বধ কৰা লোকৰ আশ্ৰয় নগৰ গিলিয়দত থকা ৰমোৎ, চৰণীয়া ঠায়েৰে সৈতে মহনয়িম তেওঁলোকক দিয়া হ’ল৷
39 Heṣboni àti Jaseri, e pẹ̀lú ilẹ̀ pápá oko wọ́n jẹ́ ìlú mẹ́rin.
৩৯মৰাৰীৰ বংশবোৰলৈ চৰণীয়া ঠায়েৰে সৈতে হিচবোন আৰু চৰণীয়া ঠায়ৰে সৈতে যাজেৰ, মুঠতে এই চাৰিখন নগৰ দিলে।
40 Gbogbo ìlú tí wọ́n pín fún àwọn ọmọ Merari tí wọ́n jẹ́ ìyókù àwọn ọmọ Lefi jẹ́ méjìlá.
৪০লেবীয়াসকলৰ অৱশিষ্ট ফৈদ অৰ্থাৎ মৰাৰীৰ নিজ নিজ বংশ অনুসাৰে এইবোৰ নগৰ হ’ল; তেওঁলোকে চিঠি খেলৰ দ্বাৰাই বাৰ খন নগৰ পালে।
41 Gbogbo ìlú àwọn ọmọ Lefi tó wà láàrín ara ilẹ̀ àwọn ọmọ Israẹli jẹ́ méjìdínláàádọ́ta lápapọ̀ pẹ̀lú pápá oko wọn.
৪১ইস্ৰায়েলৰ সন্তান সকলৰ আধিপত্যৰ মাজত থকা লেবীয়াসকলৰ আটাই নগৰ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ আঠচল্লিশ খন নগৰ আছিল।
42 Ọ̀kọ̀ọ̀kan ìlú wọ̀nyí ni ó ni ilẹ̀ pápá oko tí ó yí ì ká, bẹ́ẹ̀ náà ló rí fún gbogbo ìlú wọ̀nyí.
৪২সেইবোৰৰ প্ৰত্যেক নগৰৰ চাৰিওকাষে চৰণীয়া ঠাই আছিল৷ সকলো নগৰ সেই দৰেই আছিল।
43 Báyìí ni Olúwa fún Israẹli ní gbogbo ilẹ̀ tí ó ṣèlérí láti fi fún àwọn baba ńlá wọn. Nígbà tí wọ́n sì gbà á tan wọ́n sì tẹ̀dó síbẹ̀.
৪৩এইদৰে যিহোৱাই ইস্ৰায়েল লোকৰ পুৰ্বপুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত খাইছিল, সেই দেশ তেওঁ তেওঁলোকক দিলে৷ তেওঁলোকে তাক অধিকাৰ কৰি তাৰ মাজত নিবাস কৰিলে।
44 Olúwa sì fún wọn ní ìsinmi ní gbogbo ọ̀nà, gẹ́gẹ́ bí ó ti ṣèlérí fún baba ńlá wọn. Kò sì sí ọ̀kankan nínú àwọn ọ̀tá wọn tí ó lè dojúkọ wọ́n. Olúwa sì fi gbogbo àwọn ọ̀tá wọn lé wọn ní ọwọ́.
৪৪তেতিয়া যিহোৱাই তেওঁলোকৰ পুৰ্বপুৰুষসকলৰ আগত শপত খোৱাৰ দৰে চাৰিওফালে তেওঁলোকক জিৰণী দিলে৷ তেওঁলোকৰ শত্ৰুসকলৰ মাজৰ কোনেও তেওঁলোকৰ আগত থিয় হ’ব নোৱাৰিলে৷ যিহোৱাই তেওঁলোকৰ সকলো শত্ৰুক তেওঁলোকৰ হাতত দিলে।
45 Kò sí ọ̀kan nínú ìlérí rere tí Olúwa ṣe fún ilé Israẹli tí ó kùnà, gbogbo rẹ̀ ni ó ṣe.
৪৫যিহোৱাই ইস্ৰায়েল বংশলৈ যি যি মঙ্গলৰ বাক্য কৈছিল, তাৰ মাজৰ এটি বাক্যও নিষ্ফল নহ’ল৷ সকলো সিদ্ধ হ’ল।