< Joshua 13 >

1 Nígbà tí Joṣua sì darúgbó tí ọjọ́ orí rẹ̀ sì pọ̀ jọjọ, Olúwa sọ fún un pé, “Ìwọ ti darúgbó púpọ̀, bẹ́ẹ̀ ni ilẹ̀ sì kù lọ́pọ̀lọ́pọ̀ fún yín láti gbà.
যেতিয়া যিহোচূৱা বুঢ়া আৰু অতিশয় বৃদ্ধ হ’ল, তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি বুঢ়া আৰু অতিশয় বৃদ্ধ থ’লো, কিন্তু এতিয়াও অনেক দেশ অধিকাৰ কৰিবলৈ বাকী আছে।
2 “Èyí ni ilẹ̀ tí ó kù: “gbogbo àwọn agbègbè àwọn Filistini, àti ti ara Geṣuri:
এই দেশবোৰ এতিয়াও অৱশিষ্ট: পলেষ্টীয়াৰ সকলো অঞ্চল আৰু গচুৰীয়াসকলৰ অঞ্চলবোৰ,
3 láti odò Ṣihori ní ìlà-oòrùn Ejibiti sí agbègbè Ekroni ìhà àríwá, gbogbo rẹ̀ ni a kà kún Kenaani (agbègbè ìjòyè Filistini márùn-ún ní Gasa, Aṣdodu, Aṣkeloni, Gitti àti Ekroni; ti àwọn ará Affimu);
মিচৰৰ পূব ফালে থকা চিহোৰৰ পৰা উত্তৰফালে থকা কনানীয়াসকলৰ অধিকাৰত থোৱা ইক্ৰোণৰ সীমালৈকে; পলেষ্টীয়াসকলৰ সেই পাঁচজন অধিপতি- ঘচাতীয়া, অচ্‌দোদীয়া, অস্কিলোনীয়া, গাতীয়া আৰু ইক্ৰোণীয়া - এইটো অব্বীয়াসকলৰ অঞ্চল আছিল৷
4 láti gúúsù; gbogbo ilẹ̀ àwọn ará Kenaani, láti Arah ti àwọn ará Sidoni títí ó fi dé Afeki, agbègbè àwọn ará Amori,
দক্ষিণ দিশে থকা কনানীয়াসকলৰ গোটেই দেশ আৰু চীদোনীয়াসকলৰ অধিকাৰত থকা মিয়াৰা, অফেকাৰ পৰা ইমোৰীয়াসকলৰ সীমালৈকে;
5 àti ilẹ̀ àwọn ará Gebali; àti gbogbo àwọn Lebanoni dé ìlà-oòrùn, láti Baali-Gadi ní ìsàlẹ̀ òkè Hermoni dé Lebo-Hamati.
গিবলীয়াসকলৰ দেশ, সূৰ্য উদয় হোৱা ফালে থকা গোটেই লিবানোন, হৰ্মোণ পৰ্ব্বতৰ তলত থকা বাল-গাদৰ পৰা হমাতলৈ৷
6 “Ní ti gbogbo àwọn olùgbé agbègbè òkè, láti Lebanoni sí Misrefoti-Maimu, àní, gbogbo àwọn ará Sidoni, èmi fúnra mi ní yóò lé wọn jáde ní iwájú àwọn ará Israẹli. Kí o ri dájú pé o pín ilẹ̀ yí fún Israẹli ní ilẹ̀ ìní, gẹ́gẹ́ bí mo ṣe fi àṣẹ fún ọ,
ইয়াৰ উপৰিও লিবানোনৰ পৰা মিষ্ৰফোৎ-ময়িমলৈকে পৰ্ব্বতীয়া অঞ্চলৰ নিবাসী সকলৰ লগতে আটাই চীদোনীয়াসকল৷ মই তেওঁলোকক ইস্ৰায়েলৰ বাহিনীসকলৰ আগৰ পৰা দূৰ কৰিম; মই তোমাক আজ্ঞা দিয়াৰ দৰে, ইস্ৰায়েল উত্তৰাধিকাৰী হ’বলৈ তাৰ ভাগ নিৰ্ধাৰিত কৰিবৰ অৰ্থে তুমি নিশ্চিত কৰা৷
7 pín ilẹ̀ yìí ní ilẹ̀ ìní fún àwọn ẹ̀yà mẹ́sàn-án àti ìdajì ẹ̀yà Manase.”
উত্তৰাধিকাৰী হ’বলৈ তুমি অধিকাৰৰ অৰ্থে ন’টা গোষ্ঠীলৈ আৰু মনচিৰ আধা গোষ্ঠীলৈ এই দেশ ভাগ কৰি দিয়া।”
8 Àwọn ìdajì ẹ̀yà Manase tí ó kù, àti àwọn Reubeni àti àwọn Gadi ti gba ilẹ̀ ìní, tí Mose ti fún wọn ní ìhà ìlà-oòrùn Jordani bí Mose ìránṣẹ́ Olúwa ti fi fún wọn.
বাকী থকা মনছিৰ আধা জন-গোষ্ঠী, ৰূবেণীয়া আৰু গাদীয়াসকলে যৰ্দ্দনৰ পূব ফালে থকা, মোচিয়ে দিয়াৰ দৰে নিজ নিজ উত্তৰাধিকাৰ গ্ৰহণ কৰিলে,
9 Ó sì lọ títí láti Aroeri tí ń bẹ létí àfonífojì Arnoni, àti láti ìlú náà tí ń bẹ ní àárín àfonífojì náà, àti pẹ̀lú gbogbo pẹ̀tẹ́lẹ̀ Medeba títí dé Diboni.
অৰ্ণোনৰ উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা উপত্যকাৰ মাজত থকা নগৰবোৰ আৰু দীবোনলৈকে মেদবাৰ গোটেই সমথল;
10 Gbogbo ìlú Sihoni ọba àwọn Amori, tí ó ṣe àkóso ní Heṣboni, títí dé ààlà àwọn ará Ammoni.
১০হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ ৰজা চীহোনৰ সকলো নগৰৰ পৰা অম্মোনৰ সীমালৈকে;
11 Àti Gileadi, ní agbègbè àwọn ènìyàn Geṣuri àti Maakati, gbogbo òkè Hermoni àti gbogbo Baṣani títí dé Saleka,
১১গিলিয়দ আৰু গচুৰীয়া আৰু মাখাথীয়াসকলৰ অঞ্চল আৰু গোটেই হৰ্মোণ পৰ্ব্বত আৰু চলখালৈকে গোটেই বাচান;
12 ìyẹn, gbogbo ilẹ̀ ọba Ogu ní Baṣani, tí ó jẹ ọba ní Aṣtarotu àti Edrei, ẹni tí ó kù nínú àwọn Refaimu ìyókù. Mose ti ṣẹ́gun wọn, ó sì ti gba ilẹ̀ wọn.
১২বাচানৰ ৰজা ওগৰ সকলো ৰাজ্য, যি জনে অষ্টাৰোতত আৰু ইদ্ৰেয়ীত শাসন কৰিছিল ৰফায়ীয়াসকলৰ মাজত এইবোৰেই অৱশিষ্ট আছিল; কিয়নো মোচিয়ে তেওঁলোকক তৰোৱালেৰে প্ৰহাৰ কৰি দূৰ কৰিছিল।
13 Ṣùgbọ́n àwọn ará Israẹli kò lé àwọn ará Geṣuri àti Maakati jáde, bẹ́ẹ̀ ni wọ́n ń gbé ní àárín àwọn ará Israẹli títí di òní yìí.
১৩কিন্তু ইস্ৰায়েলৰ সন্তান সকলে গচুৰীয়া আৰু মাখাথীয়াসকলক দূৰ কৰা নাছিল; বৰং গচুৰীয়া আৰু মাখাথীয়াসকলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত আজিলৈ বাস কৰি আছে।
14 Ṣùgbọ́n àwọn ẹ̀yà Lefi ni kò fi ogún kankan fún, níwọ̀n ìgbà tí ó ti jẹ́ pé ọrẹ àfinásun sí Olúwa Ọlọ́run Israẹli ni ogún tiwọn, gẹ́gẹ́ bí o ti ṣèlérí fún wọn.
১৪কেৱল লেবীৰ গোষ্ঠীক মোচিয়ে উত্তাৰাধিকাৰি হ’বলৈ নিদিলে। যিহোৱাই মোচিক কোৱা বাক্য অনুসাৰে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ” তেওঁলোকৰ উত্তৰাধিকাৰী হ’ল।
15 Èyí ni Mose fi fún ẹ̀yà Reubeni ni agbo ilé sí agbo ilé,
১৫মোচিয়ে বংশানুক্ৰমে ৰূবেণৰ জন-গোষ্ঠীলৈ উত্তৰাধিকাৰ দিলে।
16 láti agbègbè Aroeri ní etí Arnoni Jọ́ọ́jì àti láti ìlú tí ń bẹ láàrín Jọ́ọ́jì, àti gbogbo pẹ̀tẹ́lẹ̀ ní ìkọjá Medeba
১৬তেওঁলোকৰ সীমা অৰ্ণোন উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা আৰু উপত্যকাৰ মাজত থকা নগৰৰ লগতে মেদবাৰ ওচৰত থকা গোটেই মালভূমি৷
17 sí Heṣboni àti gbogbo ìlú rẹ̀ ní pẹ̀tẹ́lẹ̀, pẹ̀lú Diboni, Bamoti Baali, Beti-Baali-Mioni,
১৭ৰূবেণে হিচবোন আৰু মালভূমিত থকা তাৰ সকলো নগৰবোৰ গ্ৰহণ কৰিছিল আৰু তাৰ লগত দীবোন, বামোৎ-বাল, বৈৎ-বালমিয়োন,
18 Jahisa, Kedemoti, Mefaati,
১৮যহচ, কদেমোৎ আৰু মেফাৎ,
19 Kiriataimu, Sibma, Sereti Ṣahari lórí òkè ní àfonífojì.
১৯কিৰিয়াথয়িম, চিবমা, উপত্যকাৰ পৰ্ব্বতটোত থকা চেৰৎ-চহৰ৷
20 Beti-Peori, gẹ̀rẹ́gẹ̀rẹ́ Pisga, àti Beti-Jeṣimoti
২০ৰূবেণে বৈৎ-পিয়োৰ, পিচগাৰ, চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশ আৰু বৈৎ-যিচীমোৎ;
21 gbogbo ìlú tí ó wà ní pẹ̀tẹ́lẹ̀ àti gbogbo agbègbè Sihoni ọba Amori, tí ó ṣe àkóso Heṣboni. Mose sì ti ṣẹ́gun rẹ̀ àti àwọn ọmọ ìjòyè Midiani, Efi, Rekemu, Suri, Huri àti Reba, àwọn ọmọ ọba pawọ́pọ̀ pẹ̀lú Sihoni tí ó gbé ilẹ̀ náà.
২১মালভূমিত থকা আন সকলো নগৰ, হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ সেই ৰজা চীহোনৰ সমুদায় ৰাজ্য, যি জনক মোচিয়ে চীহোনত থকা তলতীয়া মিদিয়নীয়া নেতাসকল- ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবাৰৰ সৈতে পৰাস্ত কৰিছিল৷
22 Ní àfikún àwọn tí a pa ní ogun, àwọn ọmọ Israẹli fi idà pa Balaamu ọmọ Beori alásọtẹ́lẹ̀.
২২ইস্ৰায়েলৰ সন্তান সকলে যিসকলক বধ কৰিছিল, সেইবোৰৰ মাজত তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মকো তৰোৱালেৰে বধ কৰিলে, এই জন লোকে মঙ্গল চোৱা কার্যৰ নিয়ম মানি চলিছিল৷
23 Ààlà àwọn ọmọ Reubeni ni etí odò Jordani. Àwọn ìlú wọ̀nyí àti abúlé rẹ̀ ni ilẹ̀ ìní àwọn ọmọ Reubeni ní agbo ilé ní agbo ilé.
২৩যৰ্দ্দন আৰু তাৰ অঞ্চল ৰূবেণৰ সন্তান সকলৰ সীমা আছিল। এয়ে ৰূবেনৰ সন্তান সকলৰ উত্তৰাধিকাৰ, যি নগৰ আৰু গাৱেঁৰে সৈতে তেওঁৰ প্ৰত্যেক বংশক দিয়া হৈছিল৷
24 Èyí ni ohun tí Mose ti fi fún ẹ̀yà Gadi, ní agbo ilé ní agbo ilé.
২৪মোচিয়ে গাদৰ জন-গোষ্ঠীক নিজ বংশানুক্ৰমে দিয়া উত্তৰাধিকাৰ এই:
25 Agbègbè ìlú Jaseri, gbogbo ìlú Gileadi àti ìdajì orílẹ̀-èdè àwọn ọmọ ará Ammoni títí dé Aroeri, ní ẹ̀bá Rabba;
২৫তেওঁলোকৰ সীমা যাজেৰ আৰু গিলিয়দৰ সকলো নগৰ আৰু ৰব্বাৰ পূবে থকা অৰোয়েৰলৈকে অম্মোনৰ সন্তান সকলৰ আধা দেশ,
26 àti láti Heṣboni lọ sí Ramati-Mispa àti Betonimu, àti láti Mahanaimu sí agbègbè ìlú Debiri,
২৬হিচবোনৰ পৰা ৰমাৎ-মিস্পা আৰু বটোনীমলৈকে আৰু মহনয়িমৰ পৰা দবীৰৰ সীমালৈকে৷
27 àti ní àfonífojì Beti-Haramu, Beti-Nimra, Sukkoti àti Safoni pẹ̀lú ìyókù agbègbè ilẹ̀ Sihoni ọba Heṣboni (ní ìhà ìlà-oòrùn Jordani, agbègbè rẹ̀ títí dé òpin Òkun Kinnereti).
২৭মোচিয়ে উপত্যকাত তেওঁলোকক বৈৎ-হাৰম, বৈৎ-নিম্ৰা, চুক্কোৎ, চাফোন, হিচবোনৰ ৰজা চীহোনৰ অৱশিষ্ট ৰাজ্য, যৰ্দ্দনৰ পূব দিশে কিন্নেৰৎ সাগৰৰ কাষলৈকে যৰ্দ্দন আৰু তাৰ অঞ্চল দান কৰিলে৷
28 Àwọn ìlú wọ̀nyí àti abúlé rẹ̀ jẹ́ ogún àwọn ọmọ Gadi, ní agbo ilé ní agbo ilé.
২৮এইটোৱেই হৈছে গাদৰ জন-গোষ্ঠীক বংশানুক্ৰমে দিয়া উত্তৰাধিকাৰ, এইবোৰ নগৰ তেওঁলোকৰ গাৱেঁৰে সৈতে আছিল।
29 Èyí ni ohun tí Mose ti fi fún ìdajì ẹ̀yà Manase, èyí ni pé, fún ìdajì ìdílé irú-ọmọ Manase, ní agbo ilé ní agbo ilé.
২৯মোচিয়ে মনচিৰ আধা জন-গোষ্ঠীক উত্তৰাধিকাৰী হ’বলৈ দিলে৷ মনচিৰ সন্তান সকলৰ আধা গোষ্ঠীয়ে সেই উত্তৰাধিকাৰ নিজ নিজ বংশ অনুসাৰে পালে।
30 Ilẹ̀ náà fẹ̀ dé Mahanaimu àti gbogbo Baṣani, gbogbo agbègbè ilẹ̀ Ogu ọba Baṣani, èyí tí í ṣe ibùgbé Jairi ní Baṣani, ọgọ́ta ìlú,
৩০তেওঁলোকৰ সীমা মহনয়িমৰ পৰা সকলো বাচান, বাচানৰ ৰজা ওগৰ গোটেই ৰাজ্য আৰু বাচানত থকা যায়ীৰৰ সকলো নগৰ অৰ্থাৎ ষাঠিখন নগৰ;
31 ìdajì Gileadi, àti Aṣtarotu àti Edrei (àwọn ìlú ọba Ogu ní Baṣani). Èyí ni fún irú àwọn ọmọ Makiri ọmọ Manase fún ààbọ̀ àwọn ọmọ Makiri, ní agbo ilé ní agbo ilé.
৩১গিলিয়দৰ আধা দেশ, অষ্টাৰোৎ আৰু ইদ্ৰেয়ী নগৰ৷ এই সকলোবোৰ মনচিৰ পুত্ৰ মাখীৰৰ আধা বংশৰ পৰিয়ালৰ প্ৰত্যেককে দিবলৈ নির্ধাৰিত কৰা হ’ল।
32 Èyí ni ogún tí Mose fi fún wọn nígbà tí ó wà ní pẹ̀tẹ́lẹ̀ Moabu ní ìhà kejì Jordani ní ìlà-oòrùn Jeriko.
৩২এইবোৰেই যিৰীহোৰ পূবফালে থকা যৰ্দ্দনৰ সিপাৰৰ মোৱাবৰ সমথলত মোচিয়ে লোকসকলক ভগাই দিয়া উত্তৰাধিকাৰ৷
33 Ṣùgbọ́n fún ẹ̀yà Lefi, Mose kò fi ogún fún un; Olúwa, Ọlọ́run Israẹli, ní ogún wọn, gẹ́gẹ́ bí ó ti ṣe ìlérí fún wọn.
৩৩কিন্তু লেবী ফৈদক হ’লে মোচিয়ে কোনো উত্তৰাধিকাৰ নিদিলে৷ তেওঁলোকক কোৱা নিজ বাক্য অনুসাৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱায়েই তেওঁলোকৰ উত্তৰাধিকাৰ হ’ল।

< Joshua 13 >