< Job 6 >
1 Jobu sì dáhùn ó si wí pé,
১তেতিয়া ইয়োবে উত্তৰ দি ক’লে,
2 “Háà! À bá lè wọ́n ìbìnújẹ́ mi nínú òsùwọ̀n, kí a sì le gbé ọ̀fọ̀ mi lé orí òsùwọ̀n ṣọ̀kan pọ̀!
২“অস, মোৰ মনৰ বেজাৰ জুখিব পৰা হ’লে, আৰু তাৰ লগতে এফালে মোৰ ক্লেশকো দিব পৰা হ’লে, কেনে ভাল আছিল।
3 Ǹjẹ́ nísinsin yìí, ìbá wúwo jú iyanrìn òkun lọ, nítorí náà ni ọ̀rọ̀ mi ṣe ń tàsé.
৩কিয়নো সেয়ে হোৱা হ’লে, ই সমুদ্ৰৰ বালিতকৈয়ো গধুৰ হ’লহেঁতেন; এই হেতুকে মোৰ বাক্য অবিবেচনাযুক্ত।
4 Nítorí pé ọfà Olódùmarè wọ̀ mi nínú, oró èyí tí ọkàn mi mú; ìpayà-ẹ̀rù Ọlọ́run dúró tì mí.
৪কিয়নো সৰ্ব্বশক্তিমান জনাৰ বাণবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে; ঈশ্বৰীয় ত্ৰাস সৈন্য সমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে।
5 Ǹjẹ́ kẹ́tẹ́kẹ́tẹ́ igbó á máa dún nígbà tí ó bá ní koríko, tàbí ọ̀dá màlúù a máa dún lórí ìjẹ rẹ̀?
৫বনৰীয়া গাধই ঘাঁহ পালে জানো চিঞৰে? বা গৰুৱে দানা পালে জানো হেম্বেলিয়াই?
6 A ha lè jẹ ohun tí kò ní adùn ní àìní iyọ̀, tàbí adùn ha wà nínú funfun ẹyin?
৬যিহৰ সোৱাদ নাই, তাক জানো লোণ নিদিয়াকৈ খোৱা যায়? বা কণীৰ বগা বিজলুৱা অংশত জানো আস্বাদ আছে?
7 Ohun ti ọ̀kan mi kọ̀ láti tọ́wò, òun ni ó dàbí oúnjẹ tí ó mú mi ṣàárẹ̀.
৭মোৰ প্ৰাণে যি যি চুবলৈ অসন্মত, সেইবোৰেই মোৰ ঘিণলগীয়া আহাৰস্বৰূপ হ’ল।
8 “Háà! èmi ìbá lè rí ìbéèrè mi gbà; àti pé, kí Ọlọ́run lè fi ohun tí èmi ṣàfẹ́rí fún mi.
৮অস! মোৰ নিবেদন সফল হোৱা হ’লে, আৰু ঈশ্বৰে মোৰ বাঞ্ছনীয়খিনি দিয়া হ’লে, কেনে ভাল আছিল।
9 Àní Ọlọ́run ìbá jẹ́ pa mí run, tí òun ìbá jẹ́ ṣíwọ́ rẹ̀ kì ó sì ké mi kúrò.
৯অস! ঈশ্বৰে অনুগ্ৰহ কৰি মোক গুড়ি কৰা হ’লে, তেওঁ হাত মেলি মোক কাটি পেলোৱা হ’লে, কেনে ভাল আছিল।
10 Nígbà náà ní èmi ìbá ní ìtùnú síbẹ̀, àní, èmi ìbá mú ọkàn mi le nínú ìbànújẹ́ mi ti kò dá ni sí: nítorí èmi kò fi ọ̀rọ̀ ẹni mímọ́ ni sin rí.
১০সেয়ে হোৱা হ’লেও মই শান্ত্বনা পালোহেঁতেন, এনে কি, মই নিদাৰুণ যান্ত্ৰণাতো উল্লাস কৰিলোহেঁতেন; কিয়নো মই পবিত্ৰ জনাৰ বাক্য অস্বীকাৰ কৰা নাই।
11 “Kí ní agbára mi tí èmi ó fi retí? Kí sì ní òpin mi tí èmi ó fi ní sùúrù?
১১মোৰ বলনো কি, মই যে অপেক্ষা কৰিম? আৰু মোৰ শেষগতি নো কি, মই যে সহি থাকিম?
12 Agbára mi ha ṣe agbára òkúta bí? Ẹran-ara mi í ṣe idẹ?
১২মোৰ বল জানো শিলৰ বল? বা মোৰ মাংস জানো পিতলৰ?
13 Ìrànlọ́wọ́ mi kò ha wà nínú mi: ọgbọ́n kò ha ti sálọ kúrò lọ́dọ̀ mi bí?
১৩মই একেবাৰেই উপায়হীন নহওঁ নে? আৰু বুদ্ধি-কৌশল মোৰ পৰা সমুলি দূৰ কৰা নহ’ল নে?
14 “Ẹni tí àyà rẹ̀ yọ́ dànù, ta ni a bá máa ṣàánú fún láti ọ̀dọ̀ ọ̀rẹ́ rẹ̀ wá, kí ó má ba à kọ ìbẹ̀rù Olódùmarè sílẹ̀?
১৪নিৰাশ হৈ যোৱা জনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে; সেয়ে নহ’লে কিজানি তেওঁ সৰ্ব্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব।
15 Àwọn ará mi dàbí odò tí kò ṣe gbẹ́kẹ̀lé bí ìṣàn omi odò, wọ́n sàn kọjá lọ.
১৫মোৰ ভাইসকল পৰ্ব্বতৰ জুৰিৰ নিচিনা বিশ্বাসঘাতক; বৈ শুকাই যোৱা জুৰিৰ নিচিনা অবিশ্বাসী।
16 Tí ó dúdú nítorí omi dídì, àti níbi tí yìnyín dídì gbé di yíyọ́.
১৬সেইবোৰ বৰফৰ কাৰণে ঘোলা হৈ পৰে, আৰু হিম সেইবোৰত লীন হৈ যায়;
17 Nígbàkígbà tí wọ́n bá gbóná wọn a sì yọ́ sàn lọ, nígbà tí oòrùn bá mú, wọn a sì gbẹ kúrò ni ipò wọn.
১৭কিন্তু শীতকাল হোৱামাত্ৰে সেইবোৰ লুপ্ত হয়, আৰু গ্রীষ্মকালত নিজ ঠাইৰ পৰা নাইকিয়া হয়।
18 Àwọn oníṣòwò yà kúrò ní ọ̀nà wọn, wọ́n gòkè sí ibi asán, wọ́n sì run.
১৮সেইবোৰৰ কাষে কাষে যোৱা ভ্রমনকৰীদলবোৰে বাট এৰি যায়, আৰু মৰুপ্ৰান্তত গৈ সোমাই বিনষ্ট হয়।
19 Ẹgbẹ́ oníṣòwò Tema ń wá omi, àwọn oníṣòwò Ṣeba ń dúró dè wọ́n ní ìrètí.
১৯তেমাৰ ভ্রমনকাৰীদলবোৰে সেইবোৰক বিচাৰে, আৰু চিবাৰ যাত্ৰীসমূহে সেইবোৰলৈ অপেক্ষা কৰে;
20 Wọ́n káàárẹ̀, nítorí tí wọ́n gbẹ́kẹ̀ wọn lé e; wọ́n dé bẹ̀, wọ́n sì dààmú.
২০কিন্তু তেওঁলোক আশাত বঞ্চিত হয়, তেওঁলোক সেই ঠাইলৈ গৈ হতাশ হয়।
21 Ǹjẹ́ nísinsin yìí, ẹ̀yin dàbí wọn; ẹ̀yin rí ìrẹ̀sílẹ̀ mi àyà sì fò mí.
২১কিয়নো এতিয়া তোমালোক একো নোহোৱা; তোমালোকে আপদ দেখি ভয় পাইছা।
22 Èmi ó ha wí pé, ‘Ẹ mú ohun fún mi wá, tàbí pé ẹ fún mi ní ẹ̀bùn nínú ohun ìní yín?
২২মই জানো তোমালোকক কৈছিলোঁ যে, মোক কিছু দিয়া; তোমালোকৰ সম্পত্তিৰ পৰা মোক উপহাৰ দিয়া?
23 Tàbí, ẹ gbà mí lọ́wọ́ ọ̀tá ni, tàbí, ẹ rà mí padà kúrò lọ́wọ́ alágbára nì’?
২৩বা শত্ৰুৰ হাতৰ পৰা মোক ৰক্ষা কৰা, নাইবা অত্যাচাৰীহঁতৰ হাতৰ পৰা মোক মুক্ত কৰা?
24 “Ẹ kọ́ mi, èmi ó sì pa ẹnu mi mọ́ kí ẹ sì mú mi wòye níbi tí mo gbé ti ṣìnà.
২৪মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম; আৰু মোৰ ভুল কি, সেই বিষয়ে মোক বুজায় দিয়া।
25 Wò ó! Bí ọ̀rọ̀ òtítọ́ ti lágbára tó ṣùgbọ́n kí ni àròyé ìbáwí yín jásí?
২৫ন্যায় বাক্য কেনে বেদনাদায়ক! কিন্তু তোমালোকৰ তৰ্ক-বিতৰ্কত কি দোষ প্ৰকাশিত হয়?
26 Ẹ̀yin ṣè bí ẹ tún ọ̀rọ̀ mi ṣe àti ohùn ẹnu tí ó dàbí afẹ́fẹ́ ṣe àárẹ̀.
২৬তুমি কি বায়ুতুল্য কথাৰে নিৰাশজনক আচৰণ কৰিবা, নে তুমি মোক বাক্যৰে অবহেলা কৰাৰ পৰিকল্পনা কৰিছা?
27 Àní ẹ̀yin ṣe gẹ́gẹ́ bí aláìní baba, ẹ̀yin sì da iye lé ọ̀rẹ́ yín.
২৭তোমালোকে দেখোন পিতৃহীনৰেই চিঠি খেলালাহেঁতেন, আৰু নিজ বন্ধুকো বেপাৰৰ বস্তু কৰিলাহেঁতেন।
28 “Nítorí náà, kí èyí kí ó tó fún yín. Ẹ má wò mi! Nítorí pé ó hàn gbangba pé, ní ojú yín ni èmi kì yóò ṣèké.
২৮এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা; কিয়নো মই নিশ্চয়ে তোমালোকৰ আগত মিছা কথা নকওঁ।
29 Èmi ń bẹ̀ yín, ẹ padà, kí ó má sì ṣe jásí ẹ̀ṣẹ̀; àní, ẹ sì tún padà, àre mi ń bẹ nínú ọ̀rọ̀ yìí.
২৯মই মিনতি কৰোঁ, তোমালোকে পুনৰায় আৰম্ভ কৰা, কোনো অন্যায় নহওঁক; আকৌ কওঁ, পুনৰায় আৰম্ভ কৰা, মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে।
30 Àìṣedéédéé ha wà ní ahọ́n mi? Ǹjẹ́ ìtọ́wò ẹnu mi kò kúkú le mọ ohun ti ó burú jù?
৩০মোৰ জিভাত জানো অন্যায় আছে? মোৰ জিভাই জানো চাকি চায় মন্দ বিষয়ৰ আস্বাদ বুজিব নোৱাৰে?