< Job 33 >

1 “Ǹjẹ́ nítorí náà, Jobu, èmí bẹ̀ ọ, gbọ́ ọ̀rọ̀ mi kí o sì fetísí ọ̀rọ̀ mi!
যি হওক, হে ইয়োব, মিনতি কৰোঁ, মোৰ কথা শুনা, আৰু মোৰ সকলো বাক্যলৈ কাণ পাতা।
2 Kíyèsi i nísinsin yìí, èmí ya ẹnu mi, ahọ́n mi sì sọ̀rọ̀ ní ẹnu mi.
চোৱা, মই এতিয়া মুখ মেলিলোঁ; মোৰ মুখত থকা জিভাই কথা কৈছে।
3 Ọ̀rọ̀ mi yóò sì jásí ìdúró ṣinṣin ọkàn mi, ètè mi yóò sì sọ ìmọ̀ mi jáde dájúdájú.
মোৰ বাক্যই মোৰ মনৰ সৰলতা প্ৰকাশ কৰিব, মোৰ ওঁঠে যি জানে, তাক অকপটভাবে কব।
4 Ẹ̀mí Ọlọ́run ni ó tí dá mi, àti ìmísí Olódùmarè ni ó ti fún mi ní ìyè.
ঈশ্বৰৰ আত্মাইহে মোক নিৰ্ম্মাণ কৰিলে, আৰু সৰ্ব্বশক্তিমান জনাৰ নিশ্বাসেহে মোক জীৱন দিছে।
5 Bí ìwọ bá le dá mi lóhùn, tò ọ̀rọ̀ rẹ̀ lẹ́sẹẹsẹ níwájú mi;
তুমি যদি পাৰা, তেন্তে মোক উত্তৰ দিয়া; মোৰ আগত কথা কোৱা, উঠি থিয় হোৱ।
6 kíyèsi i, bí ìwọ ṣe jẹ́ ti Ọlọ́run, bẹ́ẹ̀ ni èmi náà; láti amọ̀ wá ni a sì ti dá mi pẹ̀lú.
চোৱা, ঈশ্বৰৰ দৃষ্টিত মইও তোমাৰ নিচিনা; মইও মৃত্তিকাৰে নিৰ্ম্মিত হৈছোঁ।
7 Kíyèsi i, ẹ̀rù ńlá mi kì yóò bà ọ; bẹ́ẹ̀ ni ọwọ́ mi kì yóò wúwo sí ọ lára.
চোৱা, মোৰ ভয়ানকতাই তোমাক ভয় নলগাব, আৰু মোৰ কথাৰ ভাৰো তোমালৈ গধুৰ নহব।
8 “Nítòótọ́ ìwọ sọ ní etí mi, èmí sì gbọ́ ọ̀rọ̀ rẹ̀ wí pé,
বাস্তৱিক তুমি মোৰ কাণে শুনাকৈ কথা কলা; তুমি কথা কোৱা মই শুনিলোঁ।
9 ‘Èmi mọ́, láìní ìrékọjá, aláìṣẹ̀ ní èmi; bẹ́ẹ̀ àìṣedéédéé kò sí ní ọwọ́ mi.
তুমি কলা, “মই শুচি, মই নিৰপৰাধী, মই নিষ্কলঙ্ক, মোত কোনো দোষ নাই।
10 Kíyèsi i, Ọlọ́run ti rí àìṣedéédéé pẹ̀lú mi; ó kà mí sì ọ̀tá rẹ̀.
১০চোৱা, তেওঁ মোৰ অহিতে ছিদ্ৰ বিচাৰে, তেওঁ মোক শত্রু যেন জ্ঞান কৰে;
11 Ó kan ẹ̀ṣẹ̀ mi sínú àbà; o kíyèsi ipa ọ̀nà mi gbogbo.’
১১তেওঁ মোৰ ভৰি কুন্দাত বন্ধ কৰিছে; তেওঁ মোৰ সকলো পথত চকু দিয়ে।
12 “Kíyèsi i, nínú èyí ìwọ ṣìnà! Èmi ó dá ọ lóhùn pé, Ọlọ́run tóbi jù ènìyàn lọ!
১২চোৱা, মই তোমাক উত্তৰ দিওঁ, এই বিষয়ত তোমাৰ কথা ন্যায় নহয়; কিয়নো মনুষ্যত্কৈ ঈশ্বৰ মহান।
13 Nítorí kí ni ìwọ ṣe ń bá a jà, wí pé, òun kò ní sọ ọ̀rọ̀ kan nítorí iṣẹ́ rẹ̀?
১৩তুমি তেওঁৰে সৈতে কিয় বিবাদ কৰিছা? কিয়নো তেওঁ নিজৰ কাৰ্যবোৰৰ এটিৰো নেদেখুৱায়।
14 Nítorí pe Ọlọ́run sọ̀rọ̀ lẹ́ẹ̀kan, àní, lẹ́ẹ̀kejì, ṣùgbọ́n ènìyàn kò róye rẹ̀.
১৪তথাপি ঈশ্বৰে এক প্ৰকাৰে কথা কয়, এনে কি, দুই প্ৰকাৰেও কথা কয়; কিন্তু মানুহে তালৈ মন নিদিয়ে।
15 Nínú àlá, ní ojúran òru, nígbà tí orun èjìká bá kùn ènìyàn lọ, ní sísùn lórí ibùsùn,
১৫যেতিয়া মানুহবিলাক ঘোৰ নিদ্ৰাত মগ্ন হৈ শয্যাত পৰি টোপনি যায়, তেতিয়া তেওঁ সপোনত ৰাতিৰ দৰ্শনত কথা কয়।
16 nígbà náà ni ó lè sọ̀rọ̀ ní etí wọn, yóò sì dẹ́rùbà wọ́n pẹ̀lú ìbáwí,
১৬এই দৰে, মানুহক কু-কাৰ্যৰ পৰা এৰুৱাবৰ নিমিত্তে, মানুহৰ পৰা অহংকাৰ গুপ্ত ৰাখিবৰ নিমিত্তে,
17 kí ó lè fa ènìyàn sẹ́yìn kúrò nínú ètè rẹ̀; kí ó sì pa ìgbéraga mọ́ kúrò lọ́dọ̀ ènìyàn;
১৭গাৰ পৰা তাৰ জীৱাত্মা ৰক্ষা কৰিবৰ নিমিত্তে, আৰু অস্ত্ৰৰ দ্ধাৰাই বিনষ্ট নোহোৱাকৈ তাৰ প্ৰাণ ৰাখিবৰ নিমিত্তে,
18 Ó sì fa ọkàn rẹ̀ padà kúrò nínú isà òkú, àti ẹ̀mí rẹ̀ láti ṣègbé lọ́wọ́ idà.
১৮তেওঁ সেই সময়ত মানুহৰ কাণ মুকলি কৰি দিয়ে, আৰু সিবিলাকক দিয়া শিক্ষা মোহৰ মাৰে।
19 “A sì nà án lórí ibùsùn ìrora rẹ̀; pẹ̀lúpẹ̀lú a fi ìjà egungun rẹ̀ ti ó dúró pẹ́ nà án,
১৯সি নিজ শয্যাত বেদনাৰ দ্বাৰাই শাস্তি পায়, আৰু তাৰ হাড়বোৰৰ মাজত যেন সদায় যুদ্ধ লাগিছে, এনে শাস্তি ভোগ কৰে,
20 bẹ́ẹ̀ ni ẹ̀mí rẹ kọ oúnjẹ, ọkàn rẹ̀ sì kọ oúnjẹ dídùn.
২০তাতে তাৰ প্ৰাণে আহাৰ ঘিণ কৰে, আৰু সুস্বাদু খাদ্যলৈ তাৰ জীৱাত্মাৰ অৰুচি জন্মে।
21 Ẹran-ara rẹ̀ run, títí a kò sì fi lè rí i mọ́ egungun rẹ̀ tí a kò tí rí sì ta jáde.
২১তাৰ মাংস ক্ষয় পায় অদৃশ্য হয়, আৰু আগেয়ে নেদেখা হাড়বোৰ জক্জককৈ ওলাই পৰে;
22 Àní, ọkàn rẹ̀ sì súnmọ́ isà òkú, ẹ̀mí rẹ̀ sì súnmọ́ ọ̀dọ̀ àwọn ìránṣẹ́ ikú.
২২এনে কি, তাৰ জীৱাত্ম গাতৰ ওচৰ চাপে, আৰু তাৰ প্ৰাণে সংহাৰকবোৰৰ গুৰি পায়।
23 Bí angẹli kan ba wà lọ́dọ̀ rẹ̀, ẹni tí ń ṣe alágbàwí, ọ̀kan nínú ẹgbẹ̀rún láti fi ọ̀nà pípé hàn ni,
২৩মানুহক যথাৰ্থ পথ দেখুৱাবৰ নিমিত্তে, তাৰ পক্ষে যদি হাজাৰৰ ভিতৰত এজন দুত মধ্যস্থ থাকে,
24 nígbà náà ni ó ṣe oore-ọ̀fẹ́ fún un ó sì wí pé, gbà á kúrò nínú lílọ sínú isà òkú; èmi ti rà á padà.
২৪তেন্তে তেওঁ তালৈ কৃপা কৰি কব, “গাতলৈ যোৱাৰ পৰা তাক মুক্ত কৰা, মই প্ৰায়শ্চিত্ত পালোঁ।
25 Ara rẹ̀ yóò sì di ọ̀tun bí i ti ọmọ kékeré, yóò sì tún padà sí ọjọ́ ìgbà èwe rẹ̀;
২৫তাৰ গা লৰাত্কৈয়ো চিকণ হব; সি পুনৰ্ব্বাৰ যৌৱনকাল পাব।
26 Ó gbàdúrà sọ́dọ̀ Ọlọ́run, òun sì ṣe ojúrere rẹ̀, o sì rí ojú rẹ̀ pẹ̀lú ayọ̀, òhun o san òdodo rẹ̀ padà fún ènìyàn.
২৬সি ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিলে, তেওঁ তালৈ প্ৰসন্ন হব; তাতে সি তেওঁৰ মুখ আনন্দেৰে দেখিব, আৰু তেওঁ মানুহক তাৰ ধাৰ্মিকতা ওলোটাই দিব।
27 Ó wá sọ́dọ̀ ènìyàn ó sì wí pé, ‘Èmi ṣẹ̀, kò sì ṣí èyí tí o tọ́, mo sì ti yí èyí tí ó tọ́ po, a kò sì san ẹ̀san rẹ̀ fún mi;
২৭সি মানুহৰ আগত গীত গাই কব, “আমি পাপ কৰিলোঁ, ন্যায়ৰ বিপৰীতে চলিলোঁ; তথাপি মই তাৰ উচিত ফল পোৱা নাই।
28 Ọlọ́run ti gba ọkàn mi kúrò nínú lílọ sínú ihò, ẹ̀mí mi yóò wà láti jẹ adùn ìmọ́lẹ̀ ayé.’
২৮গাতলৈ যোৱাৰ পৰা তেওঁ মোৰ জীৱাত্মা মুক্ত কৰিলে, আৰু মোৰ প্ৰাণ পোহৰত আনন্দিত হব।”
29 “Wò ó! Nǹkan wọ̀nyí ni Ọlọ́run máa ń ṣe fún ènìyàn nígbà méjì àti nígbà mẹ́ta,
২৯চোৱা, মানুহক জীৱন স্বৰূপ পোহৰেৰে আলোকিত কৰিবৰ নিমিত্তে, তাৰ প্ৰাণ বিনাশক গাতৰ পৰা ওলোটাই আনিবলৈ,
30 láti mú ọkàn rẹ padà kúrò nínú isà òkú, láti fi ìmọ́lẹ̀ alààyè han sí i.
৩০ঈশ্বৰে মনুষ্যে সৈতে এই সকলো ব্যৱহাৰ দুবাৰ, এনে কি, তিনি বাৰ কৰে।
31 “Jobu, kíyèsi i gidigidi, kí o sì fetí sí mi; pa ẹnu rẹ mọ́, èmi ó sì máa sọ ọ́.
৩১হে ইয়োব, মন দিয়া, মোৰ কথা শুনা; মনে মনে থাকা, ময়েই কওঁ।
32 Bí ìwọ bá sì ní ohun wí, dá mi lóhùn; máa sọ, nítorí pé èmi fẹ́ dá ọ láre.
৩২যদি তোমাৰ কিবা কব লগা আছে, তেন্তে মোক উত্তৰ দিয়া; কোৱা, কিয়নো মই তোমাক নিৰ্দোষী কৰিবলৈ বাঞ্ছা কৰোঁ।
33 Bí bẹ́ẹ̀ kọ́, gbọ́ tèmi; pa ẹnu rẹ mọ́, èmi ó sì kọ́ ọ ní ọgbọ́n.”
৩৩যদি নাইহে, তেন্তে মোলৈ কাণ পাতি, মনে মনে থাকা; মই তোমাক জ্ঞান শিক্ষা দিওঁ।

< Job 33 >