< Job 13 >

1 “Wò ó, ojú mi ti rí gbogbo èyí rí, etí mí sì gbọ́, ó sì ti yé mi.
চোৱা, মোৰ চকুৱে এই সকলোকে দেখিলে, আৰু নিজ কাণেৰে শুনি তাক বুজিলোঁ।
2 Ohun tí ẹ̀yin mọ̀, èmi mọ̀ pẹ̀lú, èmi kò kéré sí i yin.
তোমালোকে যি জানা, ময়ো তাক জানো; মই তোমালোকতকৈ নিকৃষ্ট নহওঁ।
3 Nítòótọ́ èmi ó bá Olódùmarè sọ̀rọ̀, èmi sì ń fẹ́ bá Ọlọ́run sọ àsọyé.
কিয়নো মই সৰ্ব্বশক্তিমান জনাকহে কথা কম, আৰু মই ঈশ্বৰৰ লগতহে বাদ-বিচাৰ কৰিব খুজিছোঁ।
4 Ẹ̀yin fi irọ́ bá mi sọ̀rọ̀, oníṣègùn lásán ni gbogbo yín.
কিন্তু তোমালোক হলে মিছা কথা সাজোঁতা, আৰু তোমালোক সকলোৱেই অকামিলা বেজ।
5 Háà! ẹ̀yin kì bá kúkú dákẹ́! Èyí ni kì bá sì ṣe ọgbọ́n yín.
অস, তোমালোক একেবাৰে নিমাত হৈ থকা হ’লে, কেনে ভাল আছিল! সেয়ে তোমালোকৰ পক্ষে জ্ঞানৰ কাৰ্য বুলি গণিত হলহেঁতেন।
6 Ẹ gbọ́ àwíyé mi nísinsin yìí; ẹ sì fetísílẹ̀ sí àròyé ẹnu mi.
এতিয়া মোৰ তিৰস্কাৰ শুনা, আৰু মোৰ মুখৰ অনুযোগ-বাক্যলৈ কাণ পাতা।
7 Ẹ̀yin fẹ́ sọ ìsọkúsọ fún Ọlọ́run? Ki ẹ sì fi ẹ̀tàn sọ̀rọ̀ gbè é?
তোমালোকে ঈশ্বৰৰ পক্ষ হৈ অন্যায়ৰ কথা ক’বা নে? আৰু তেওঁৰ পক্ষ হৈ প্ৰবঞ্চনা-বাক্য বুলিবা নে?
8 Ẹ̀yin fẹ́ ṣe ojúsàájú rẹ̀? Ẹ̀yin fẹ́ gbèjà fún Ọlọ́run?
তোমালোকে তেওঁৰেই পক্ষপাত কৰিবা নে? তোমালোকে ঈশ্বৰৰেই পক্ষ হৈ প্ৰতিবাদ কৰিবা নে?
9 Ó ha dára to tí yóò hú àṣírí yín síta, tàbí kí ẹ̀yin tàn án bí ẹnìkan ti í tan ẹnìkejì?
তেওঁ বিচাৰি বিচাৰি তোমালোকৰ তত্ত্ব উলিয়ালে তোমালোকৰ মঙ্গল হ’ব নে? বা মানুহক ফাঁকি দিয়াৰ দৰে জানো তোমালোকে তেওঁক ফাঁকি দিব পাৰিবা?
10 Yóò máa bá yín wí nítòótọ́, bí ẹ̀yin bá ṣe ojúsàájú ènìyàn níkọ̀kọ̀.
১০তোমালোকে যদি গুপুতে পক্ষপাতিত্ব কৰা, তেন্তে তেওঁ অৱশ্যে তোমালোকক দণ্ড দিব।
11 Ìwà ọlá rẹ̀ kì yóò bà yín lẹ́rù bí? Ìpayà rẹ̀ kì yóò pá yín láyà?
১১তেওঁৰ প্ৰতাপে তোমালোকক ত্ৰাসযুক্ত নকৰিব নে? তেওঁৰ ভয়ানকতাত জানো তোমালোকে ভয় নকৰিবা?
12 Àwọn òwe yín dàbí eérú, bẹ́ẹ̀ ni àwọn odi ìlú yin dàbí amọ̀.
১২তোমালোকৰ সোঁৱৰণীয় বাক্য ভস্মস্বৰূপ দৃষ্টান্ত মাথোন, তোমালোকৰ প্রতিৰোধ ধুলিৰ গড়স্বৰূপ।
13 “Ẹ pa ẹnu yín mọ́ kúrò lára mi, kí èmi kí ó lè sọ̀rọ̀, ki ohun tí ń bọ̀ wá í bá mi, le è máa bọ̀.
১৩তোমালোকে মনে মনে থাকা, মোকেই কথা ক’বলৈ এৰি দিয়া; মোলৈ যি ঘটে, ঘটক।
14 Ǹjẹ́ nítorí kí ni èmi ṣe ń fi eyín mi bu ẹran-ara mi jẹ, tí mo sì gbé ẹ̀mí mi lé ara mi lọ́wọ́?
১৪মই কিয় মোৰ মাংস দাঁতত লৈ থাকিম? মোৰ প্ৰাণ মোৰ হাততেই ৰাখিম।
15 Bí ó tilẹ̀ pa mí, síbẹ̀ èmi ó máa gbẹ́kẹ̀lé e, èmi ó máa tẹnumọ́ ọ̀nà mi níwájú rẹ̀.
১৫চোৱা, তেওঁ মোক বধ কৰিব, মই তেওঁলৈ অপেক্ষা কৰি থাকিম; তথাপি তেওঁৰ আগত মোৰ আচৰণৰ নিৰ্দ্দোষীতা প্ৰমাণ কৰিম।
16 Èyí ni yóò sì ṣe ìgbàlà mi, àgàbàgebè kì yóò wá síwájú rẹ̀.
১৬এয়ে মোৰ মুক্তিৰ কাৰণ হ’ব, মই এজন অধাৰ্মিক লোকৰ দৰে তেওঁৰ আগত থিয় হ’ব নোৱাৰিম।
17 Ẹ gbọ́ ọ̀rọ̀ ẹnu mi ní ìfarabalẹ̀, jẹ́ kí ọ̀rọ̀ mí dún ni etí yín.
১৭মনোযোগ কৰি মোৰ কথা শুনা; মোৰ বাক্য তোমালোকৰ কাণত সোমাওক।
18 Wò ó nísinsin yìí, èmi ti mura ọ̀ràn mi sílẹ̀; èmi mọ̀ pé a ó dá mi láre.
১৮চোৱা, মোৰ গোচৰ মই ঠিকঠাক কৰি থৈছোঁ; মই যে নিৰ্দ্দোষী হওঁ, তাক মই জানো।
19 Ta ni òun ti yóò bá mi ṣàròyé? Ǹjẹ́ nísinsin yìí, èmi fẹ́ pa ẹnu mi mọ́, èmi ó sì jọ̀wọ́ ẹ̀mí mi lọ́wọ́.
১৯মোৰ লগত প্ৰতিবাদ কৰিব পৰা কোন আছে? যদি আছে, তেন্তে মই নিমাত হৈ প্ৰাণত্যাগ কৰিম।
20 “Ṣùgbọ́n, má ṣe ṣe ohun méjì yìí sí mi, nígbà náà ni èmi kì yóò sì fi ara mi pamọ́ kúrò fún ọ.
২০হে ঈশ্বৰ, তুমি কেৱল দুটা কাৰ্য মোলৈ কৰিবা; তাতে মই তোমাৰ সম্মুখৰ পৰা নিজকে নুলুকুৱাম।
21 Fa ọwọ́ rẹ sẹ́yìn kúrò lára mi, má sì jẹ́ kí ẹ̀rù rẹ kí ó pá mi láyà.
২১মোৰ ওপৰৰ পৰা তোমাৰ অত্যাচাৰী হাত আঁতৰাই নিবা, আৰু তোমাৰ ভয়ানকতাৰে মোক ভয় নুখুৱাবা।
22 Nígbà náà ni kí ìwọ kí ó pè, èmi o sì dáhùn, tàbí jẹ́ kí ń máa sọ̀rọ̀, ki ìwọ kí ó sì dá mi lóhùn.
২২তেতিয়া তুমি মোক মাতিবা, মই উত্তৰ দিম, বা মই কম, তুমি উত্তৰ দিবা।
23 Mélòó ní àìṣedéédéé àti ẹ̀ṣẹ̀ mi? Mú mi mọ̀ ìrékọjá àti ẹ̀ṣẹ̀ mi.
২৩মোৰ অপৰাধ আৰু পাপ কিমান? মোৰ অধৰ্ম আৰু পাপ মোক জনোৱা।
24 Nítorí kí ni ìwọ ṣe pa ojú rẹ mọ́, tí o sì yàn mí ní ọ̀tá rẹ?
২৪কিয় তোমাৰ মুখ মোৰ পৰা লুকুৱাইছা, আৰু মোক তোমাৰ শত্ৰু যেন জ্ঞান কৰিছা?
25 Ìwọ ó fa ewé ti afẹ́fẹ́ ń fẹ́ síyìn-ín sọ́hùn-ún ya bi? Ìwọ a sì máa lépa ìyàngbò?
২৫উৰুৱাই নিয়া পাতক তুমি জানো তাড়ণা কৰিবা? আৰু শুকান ঘুলাক জানো খেদি যাবা?
26 Nítorí pé ìwọ kọ̀wé ohun kíkorò sí mi, o sì mú mi jogún àìṣedéédéé èwe mi.
২৬কিয়নো তুমি মোৰ বিৰুদ্ধে তিতা লগা কথা লিখি থৈছা, আৰু মোক যৌবন-কালৰ অপৰাধৰ উত্তৰাধিকৰী কৰিছা।
27 Ìwọ kàn àbà mọ́ mi lẹ́sẹ̀ pẹ̀lú, ìwọ sì ń wò ipa ọ̀nà ìrìn mi ní àwòfín; nípa fífi ìlà yí gígísẹ̀ mi ká.
২৭তুমি মোৰ ভৰি কুন্দত বান্ধি ৰাখিছা, মোৰ সকলো পথৰ চিন ৰাখিছা, আৰু মোৰ ভৰিৰ চাৰিওফালে সীমাৰ আঁক টানিছা,
28 “Bẹ́ẹ̀ ni ènìyàn ń ṣègbé bí ohun ìdíbàjẹ́, bi aṣọ tí kòkòrò jẹ.
২৮সেয়ে মই ক্ষয়নীয় পচা বস্তুৰ নিচিনা, আৰু পোকে খোৱা বস্ত্ৰৰ সদৃশ হলোঁ।

< Job 13 >