< Jeremiah 4 >
1 “Tí ìwọ yóò bá yí padà, ìwọ Israẹli, padà tọ̀ mí wá,” ni Olúwa wí. “Tí ìwọ yóò bá sì mú ìríra rẹ kúrò níwájú mi, ìwọ kí ó sì rìn kiri.
১যিহোৱাই কৈছে: হে ইস্ৰায়েল লোকসকল, এই আন আন দেৱ-দেৱীবোৰক এৰা আৰু মোলৈ উলটি আহাঁ! তুমি যদি এই জঘন্য দেৱ-দেৱীবোৰৰ পৰা আঁতৰি আহিব খোজা, তেন্তে তোমাক অগ্রাহ্য কৰা নহ’ব।
2 Tí ó bá jẹ́ lóòtítọ́ àti òdodo ni ìwọ búra. Nítòótọ́ bí Olúwa ti wà láààyè, nígbà náà ni orílẹ̀-èdè yóò di alábùkún fún nípasẹ̀ rẹ, àti nínú rẹ̀ ni wọn yóò ṣògo.”
২আৰু যদি তুমি ঘোষণা কৰা, যে ‘নিশ্চয়কৈ যিহোৱা জীৱিত, তেওঁ যিটো কয়, সেয়ে সত্য, ন্যায় আৰু ধাৰ্মিকতাৰ জীৱনৰ কথা কয়’, যিহোৱাৰ জীৱনৰ শপত কৰিবা আৰু জাতিবোৰে তেওঁতেই নিজক আশীৰ্ব্বাদপ্ৰাপ্ত বুলি জ্ঞাত কৰিব, আৰু তেওঁতেই তেওঁলোকে গৌৰৱ কৰিব।
3 Èyí ni ohun tí Olúwa wí fún àwọn ènìyàn Juda àti Jerusalẹmu: “Hú gbogbo ilẹ̀ tí ẹ kò lò rí, kí o má sì ṣe gbìn sáàrín ẹ̀gún.
৩সেই বাবেই যিহোৱাই যিহূদা আৰু যিৰূচালেমৰ লোকসকলক এই কথা কৈছে, “খেতিয়কে নিজৰ কঠিন মাটি চহাই গুটি ৰুবলৈ প্রস্তুত কৰাৰ দৰে মোৰ বাক্য তোমালোকৰ গুপ্ত স্থানত গ্রহণ কৰিবলৈ যুগুত থাকিবা। কিন্তু যিহেতু খেতিয়কে কাঁইটীয়া বন থকা মাটিত নষ্ট হ’বলৈ ভাল গুটি নিসিঁচে, তেনেকৈ তোমালোকৰ কঠিন মনত সেই বাক্য দি, নষ্ট কৰিবলৈ মই নোখোজো।
4 Kọ ara rẹ ní ilà sí Olúwa, kọ ọkàn rẹ ní ilà, ẹ̀yin ènìyàn Juda àti gbogbo ènìyàn Jerusalẹmu, bí bẹ́ẹ̀ kọ́, ìbínú mi yóò ru jáde yóò sì jó bí iná, nítorí ibi tí o ti ṣe kì yóò sí ẹni tí yóò pa á.
৪হে যিহূদাৰ লোক, হে যিৰূচালেম নিবাসীসকল, তোমালোকে যিহোৱাৰ উদ্দেশ্যে চুন্নৎ হোৱা, নিজ নিজ হৃদয়ৰ অগ্ৰচৰ্ম্ম গুচাই পেলোৱা, নতুবা তোমালোকৰ কাৰ্যৰ দুষ্টতাৰ বাবে মোৰ ক্ৰোধাগ্নি জ্বলি উঠি কোনেও নুমাব নোৱাৰাকৈ দগ্ধ কৰিব।
5 “Kéde ní Juda, kí o sì polongo ní Jerusalẹmu, kí o sì wí pé: ‘Fun fèrè káàkiri gbogbo ilẹ̀!’ Kí o sì kígbe: ‘Kó ara jọ pọ̀! Jẹ́ kí a sálọ sí ìlú olódi.’
৫যিহূদাত বাকি ঠাইবোৰত প্ৰচাৰ কৰা আৰু যিৰূচালেমৰ সকলো লোকসকলৰ আগত ঘোষণা কৰা। আৰু চোৱা, “দেশত তোমালোকে শিঙা বজোৱা;” আৰু ৰিঙিয়াই কোৱা, “গোট খোৱা, আহাঁ, আমি গড়েৰে আবৃত হোৱা নগৰবোৰত সোমাওঁগৈ।”
6 Fi àmì láti sálọ sí Sioni hàn, sálọ fún ààbò láìsí ìdádúró. Nítorí èmi ó mú àjálù láti àríwá wá, àní ìparun tí ó burú jọjọ.”
৬যিৰূচালেমৰ লোকসকলক চিঞঁৰি কোৱা, ‘ৰক্ষা পাবলৈ পলোৱা! পলম নকৰিবা, কিয়নো মই উত্তৰ দিশৰ পৰা তোমালোকৰ ওপৰত ভয়ানক অমঙ্গল আৰু মহাসংহাৰ আনি আছোঁ।’
7 Kìnnìún ti sá jáde láti inú ibùgbé rẹ̀, apanirun orílẹ̀-èdè sì ti jáde. Ó ti fi ààyè rẹ̀ sílẹ̀ láti ba ilẹ̀ rẹ̀ jẹ́. Ìlú rẹ yóò di ahoro láìsí olùgbé.
৭এটা সিংহই নিজ গাতৰ পৰা ওলাই আন আন জন্তুবোৰক সংহাৰ কৰাৰ দৰে বহু জাতিক সংহাৰ কৰা সৈন্যই তোমালোকক আক্রমণ কৰিব। সৈন্যসকলে ইতিমধ্যে তোমালোকৰ দেশৰ অভিমুখে কুচকাৱাজ কৰি খোজ কাঢ়িবলৈ ধৰিছে। তেওঁলোকে তোমালোকৰ নগৰবোৰ ধ্বংশ কৰিব আৰু তাত থকা সকলোকে উচ্ছন্ন কৰি মানুহশূন্য কৰি এৰি থৈ যাব।
8 Nítorí náà, gbé aṣọ ọ̀fọ̀ wọ̀ káàánú kí o sì pohùnréré ẹkún, nítorí ìbínú ńlá Olúwa kò tí ì kúrò lórí wa.
৮এই হেতুকে তোমালোকে কঁকালত চট বান্ধা, বুকুত ভুকুৱাই হাহাঁকাৰ কৰি ক্রন্দন কৰা আৰু দেখুউৱা যে তোমালোকে যি যি কৰিলা তাৰ বাবে তোমালোক অতি দুখিত কিয়নো যিহোৱাৰ জলন্ত ক্ৰোধ আমাৰ পৰা এতিয়াও ঘূৰি যোৱা নাই।
9 “Ní ọjọ́ náà,” ni Olúwa wí pé, “Àwọn ọba àti ìjòyè yóò pàdánù ẹ̀mí wọn, àwọn àlùfáà yóò wárìrì, àwọn wòlíì yóò sì fòyà.”
৯যিহোৱাই ঘোষণা কৰিছে যে, যেতিয়া তেওঁ শাস্তি দিয়ে, সেই কালত ৰজাৰ মন আৰু অধ্যক্ষসকলৰ মন ব্যাকুল হব, পুৰোহিতসকলে বিস্ময় মানিব, আৰু ভাববাদীসকল আতংকিত হ’ব।
10 Nígbà náà ni mo sì wí pé, “Háà! Olúwa Olódùmarè, báwo ni ìwọ ti ṣe tan àwọn ènìyàn wọ̀nyí àti Jerusalẹmu jẹ nípa sísọ wí pé, ‘Ìwọ yóò wà ní àlàáfíà,’ nígbà tí o jẹ́ wí pé idà wà ní ọ̀fun wa.”
১০তেতিয়া মই উত্তৰ দি ক’লোঁ, “হায় হায়, হে মোৰ প্ৰভু যিহোৱা, স্বৰূপেই তুমি এই জাতিক আৰু যিৰূচালেমক অত্যন্ত প্ৰবঞ্চনা কৰিলা, কাৰণ তুমি কৈছিলা, ‘তোমালোকৰ শান্তি হব’ অথচ তৰোৱালে মৰ্ম ভেদিছে!”
11 Nígbà náà ni a ó sọ fún Jerusalẹmu àti àwọn ènìyàn pé, “Ẹ̀fúùfù líle láti aṣálẹ̀ fẹ́ lu àwọn ènìyàn mi, kì í ṣe láti sọ di mímọ́.
১১সেই কালত এই জাতিক আৰু যিৰূচালেমক এই কথা কোৱা যাব, “ঘেহুঁৰ পৰা তুঁহ আঁতৰোৱা কোমল বতাহৰ দৰে নহয়, কিন্তু অৰণ্যত থকা গছ-শূন্য পৰ্ব্বতবোৰৰ পৰা গৰম বতাহৰ দৰে এক বৃহৎ সৈন্যৰ দলে তোমালোকক আক্রমণ কৰিব।
12 Ẹ̀fúùfù líle tí ó wá láti ọ̀dọ̀ mi. Báyìí mo kéde ìdájọ́ mi lórí wọn.”
১২সেয়ে এক প্ৰবল বা-মাৰলি মোৰ আজ্ঞাত আহিব। গতিকে এতিয়া মইও তেওঁলোকৰ বিৰুদ্ধে দণ্ডাজ্ঞা প্ৰচাৰ কৰিম।”
13 Wò ó! O ń bọ̀ bí ìkùùkuu kẹ̀kẹ́ ogun rẹ̀ sì wá bí ìjì líle ẹṣin rẹ̀ sì yára ju idì lọ. Ègbé ni fún wa àwa parun.
১৩চোৱা, আমাৰ শত্রুবোৰ আমালৈ বেগেৰে আহি আছে; সি মেঘবোৰৰ দৰে উঠি আহিব; তাৰ ৰথবোৰ বা-মাৰলী বতাহস্বৰূপ; তাৰ ঘোঁৰাবোৰ কুৰৰ পক্ষীতকৈয়ো বেগী। হায় হায়, আমাৰ সৰ্ব্বনাশ! কিয়নো আমি নষ্ট হলোঁ।
14 Ìwọ Jerusalẹmu, mú búburú kúrò lọ́kàn rẹ kí o sì yè. Yóò ti pẹ́ tó tí ìwọ yóò mú èrò búburú wà ní ọkàn rẹ?
১৪হে যিৰূচালেমৰ লোকসকল, যিহোৱাই ৰক্ষা কৰিবলৈ, তোমালোকৰ হৃদয় ধুই দুষ্টতা দূৰ কৰা। তোমালোকৰ অন্তৰত কু-ভাবনা আৰু কিমান দিন ৰাখিবা?
15 Ohùn kan sì ń kéde ní Dani o ń kókìkí ìparun láti orí òkè Efraimu wá.
১৫কিয়নো দানৰ নগৰৰ পৰা ইফ্ৰয়িম পৰ্ব্বতৰ উত্তৰ ফালে অতি দুৰৈত কোনো প্ৰচাৰ কৰোঁতাৰ দ্বাৰাই অমঙ্গলৰ বাৰ্ত্তা শব্দ শুনা গৈছে।
16 “Sọ èyí fún àwọn orílẹ̀-èdè, kéde rẹ̀ fún Jerusalẹmu pé: ‘Ọmọ-ogun ọ̀tá ń bọ̀ láti ilẹ̀ jíjìn wá wọ́n sì ń kígbe ogun láti dojúkọ ìlú Juda.
১৬ইয়াক তোমালোকে আন আন জাতিবোৰৰ আগত কোৱাগৈ আৰু যিৰূচালেমতো ঘোষণা কৰা: যিহোৱাই কৈছে, চোৱা, অৱৰোধকাৰীবোৰ যে দূৰ দেশৰ পৰা আহিব লাগিছে, আৰু যিহূদাৰ নগৰবোৰৰ বিৰুদ্ধে যে তেওঁলোকে ৰণ-ধ্বনি কৰিব।
17 Wọ́n yí i ká bí ìgbà tí àwọn ọkùnrin bá ń ṣọ́ pápá, nítorí pé ó ti dìtẹ̀ sí mi,’” ni Olúwa wí.
১৭খেতিৰ সময়ত খেতি-ৰখীয়াবোৰৰ দৰে তেওঁলোকে যিৰূচালেমৰ চাৰিওফালে অস্থায়ীভাৱে ছাউনি পাতি থাকিব। যিহোৱাই কৈছে, এইদৰেই ঘটিব, কিয়নো তেওঁলোকে মোৰ অহিতে বিদ্ৰোহ-আচৰণ কৰিলে।
18 “Ìwà rẹ àti ìṣe rẹ ló fa èyí bá ọ ìjìyà rẹ sì nìyìí. Báwo ló ti ṣe korò tó! Báwo ló ti ṣe gún ọkàn rẹ sí!”
১৮তোমালোকলৈ সেই শাস্তি অতি কঠোৰ হ’ব; তোমালোকৰ কলিজাবোৰত তৰোৱালে খোচ মাৰি আঘাত কৰাৰ দৰে হ’ব। তোমালোকৰ নিজ আচৰণ আৰু কাৰ্যবোৰেই তোমালোকলৈ ইয়াক ঘটাইছে; সেয়ে তোমালোকৰ দুষ্টতাৰ ফল।
19 Háà! Ìrora mi, ìrora mi! Mo yí nínú ìrora. Háà, ìrora ọkàn mi! Ọkàn mi lù kìkì nínú mi, n kò le è dákẹ́. Nítorí mo ti gbọ́ ohùn ìpè, mo sì ti gbọ́ igbe ogun.
১৯হায় হায় মোৰ নাড়ী! মোৰ নাড়ী! মই অতিশয় শোক-পীড়িত হৈছোঁ; মোৰ অন্তৰত মই অতি বেদনা পাইছোঁ। মোৰ কলিজাৰ ধপধপনি অধিক হৈছে! কিন্তু মই নিৰৱে থাকিব নোৱাৰোঁ, কিয়নো যিহূদাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ যে হ’ব, শত্রুৰ শিঙাৰ শব্দ আৰু যুদ্ধৰ ধ্বনি মই শুনিলো!
20 Ìparun ń gorí ìparun; gbogbo ilẹ̀ náà sì ṣubú sínú ìparun lọ́gán ni a wó àwọn àgọ́ mi, tí ó jẹ́ ohun ààbò mi níṣẹ́jú kan.
২০গোটেই দেশ উচ্ছন্ন নোহোৱালৈকে বিনাশৰ উপৰি বিনাশ হ’ব। অকস্মাতে আমাৰ তম্বুবোৰ, মুহূৰ্ত্ততে ধ্বংশ হ’ব; আনকি মোৰ তম্বুৰ কাপোৰবোৰ ফালি চিৰাচিৰ হ’ব।
21 Yóò ti pẹ́ tó, tí èmi yóò rí ogun tí èmi yóò sì gbọ́ ìró fèrè?
২১কিমান কাল এই যুদ্ধ চলিব? কিমান কালনো শত্রুৰ এই যুদ্ধৰ নিচান দেখিম আৰু তেওঁলোকৰ ৰণশিঙাৰ শব্দ শুনিম?
22 “Aṣiwèrè ni àwọn ènìyàn mi; wọn kò mọ̀ mí. Wọ́n jẹ́ aláìgbọ́n ọmọ; wọ́n sì jẹ́ aláìlóye. Wọ́n mọ ibi ni ṣíṣe; wọn kò mọ bí a ti í ṣe rere.”
২২যিহোৱাই কৈছে: কিয়নো মোৰ প্ৰজাসকল অজ্ঞানী! মোৰ সৈতে তেওঁলোকৰ কোনো সম্পর্ক নাই। তেওঁলোক মূৰ্খ, অজলা লৰা-ছোৱালিৰ দৰে কোনো বিষয় বুজি নাপায়। তেওঁলোক কদাচাৰত পটু, কিন্তু সদাচৰণত অজ্ঞান।
23 Mo bojú wo ayé, ó sì wà ní júujùu, ó sì ṣófo àti ní ọ̀run, ìmọ́lẹ̀ wọn kò sì ṣí.
২৩ঈশ্বৰে মোক এক দৰ্শন দিলে য’ত মই পৃথীৱীলৈ চাই দেখিলোঁ, চোৱা, সেয়ে ধ্বংস হ’ল আৰু উদং; আৰু আকাশ-মণ্ডললৈ চালোঁ, তাত কোনো দীপ্তি নাছিল।
24 Mo wo àwọn òkè ńlá, wọ́n wárìrì; gbogbo òkè kéékèèké mì jẹ̀jẹ̀.
২৪মই পৰ্ব্বতবোৰলৈ দৃষ্টি কৰিলোঁ, চোৱা, সেইবোৰ এফালৰ পৰা আনফাললৈ কঁপিছে, আৰু আটাই গিৰিবোৰ লৰিছে।
25 Mo wò yíká n kò rí ẹnìkan; gbogbo ẹyẹ ojú ọ̀run ló ti fò lọ.
২৫মই চাই দেখিলোঁ, কোনো মানুহ যেন নাই আৰু আকাশৰ পক্ষীবোৰো পলাই গ’ল।
26 Mo bojú wò, ilẹ̀ eléso, ó sì di aṣálẹ̀ gbogbo àwọn ìlú inú rẹ̀ sì ṣubú sínú ìparun níwájú Olúwa àti níwájú ríru ìbínú rẹ̀.
২৬মই চাই দেখিলোঁ, ফলৱতী পথাৰবোৰ মৰুভূমি হৈ পৰিল যিবোৰ আগতে ফলৱতী বাৰী আছিল। আটাই নগৰ ভগ্ন হ’ল; সেই সকলো যিহোৱাৰ সাক্ষাতে আৰু তেওঁৰ অতি জ্বলন্ত ক্ৰোধৰ প্ৰভাৱত ধ্বংশ কৰা হ’ল।
27 Èyí ni ohun tí Olúwa wí: “Gbogbo ìlú náà yóò sì di ahoro, síbẹ̀ èmi kì yóò pa á run pátápátá.
২৭কিয়নো যিহোৱাই এই কথাই কৈছে: গোটেই যিহূদাৰ দেশ ধ্বংসৰ ঠাই হ’ব, তথাপি মই নিঃশেষে সংহাৰ নকৰিম।
28 Nítorí náà, ayé yóò pohùnréré ẹkún àwọn ọ̀run lókè yóò ṣú òòkùn nítorí mo ti sọ, mo sì ti pète rẹ̀ mo ti pinnu, n kì yóò sì yí i padà.”
২৮এই হেতুকে মই যি ক’লো, মোৰ লোকসকললৈ এইদৰেই কৰিম, আৰু মোৰ মন মই সলনি নকৰিম। গতিকে যেতিয়া এইবোৰ ঘটিব, পৃথিৱীয়ে শোক কৰা যেন হ’ব আৰু ওপৰত থকা আকাশ-মণ্ডল অন্ধকাৰময় যেন হ’ব।”
29 Nípa ariwo àwọn ẹlẹ́ṣin àti àwọn tafàtafà gbogbo ìlú yóò sálọ. Ọ̀pọ̀ sálọ sínú igbó; ọ̀pọ̀ yóò sì gun orí àpáta lọ. Gbogbo ìlú náà sì di ahoro; kò sì ṣí ẹnìkan nínú rẹ̀.
২৯অশ্বাৰোহী আৰু ধনুৰ্দ্ধসকলৰ শব্দত নগৰখনেই পলাব। কোনো কোনোৱে ডাঠ হাবিত সোমাব, আৰু কোনো কোনোৱে শত্রুৰ হাতত নিহত হোৱাৰ পৰা ৰক্ষা পাবলৈ শিলত উঠিব। যিহূদাৰ গোটেই নগৰ ত্যাগ কৰা হ’ব; তাৰ মাজত বাস কৰোঁতা মানুহ কোনো নাথাকিব।
30 Kí ni ò ń ṣe, ìwọ tí o ti di ìjẹ tán? Ìwọ ìbá wọ ara rẹ ní aṣọ òdodo kí o sì fi wúrà ṣe ara rẹ lọ́ṣọ̀ọ́. Àwọn olólùfẹ́ rẹ kẹ́gàn rẹ; wọ́n sì ń lépa ẹ̀mí rẹ.
৩০এতেকে তোমালোক নিশ্চয়ে ধ্বংশ হ’বা, হে বিনষ্টা, তেতিয়া তোমালোকে কি কৰিবা? যদিও তুমি কাপোৰ পিন্ধা, সোণৰ অলঙ্কাৰেৰে নিজকে ভুষিত কৰা আৰু কাজলেৰে চকু দুটা ডাঙৰ কৰা, তথাপিও তুমি নিজকে সুন্দৰী কৰা বৃথা; উপপতিবোৰে তোমাক ঘৃণাব, তেওঁলোকে তোমাৰ প্ৰাণ নষ্ট কৰিবলৈ বিচাৰিব।
31 Mo gbọ́ ìró kan bí i igbe obìnrin tó ń rọbí, tí ó ń rọbí, ìrora bí i abiyamọ ọmọbìnrin Sioni tí ń pohùnréré ẹkún ara rẹ̀. Tí ó na ọwọ́ rẹ̀ tí ó sì wí pé, “Kíyèsi i mo gbé, nítorí a ti fi ẹ̀mí mi lé àwọn apani lọ́wọ́.”
৩১কিয়নো মই ইতিমধ্যেই যিৰূচালেমৰ লোকসকলৰ মাত শুনিবলৈ পালোঁ যেন এগৰাকি প্ৰসৱকাৰিণী স্ত্রীৰ কান্দোন, প্ৰথম লৰা ওপজোৱা জনীৰ বেদনাৰ শব্দ যেন শুনিছোঁ; কোনোজনৰ পৰা সহায় পাবলৈ কান্দি কান্দি কাতৰোক্তি কৰি কোৱাৰ দৰেহে যেন কৈছে, “মোৰ সৰ্ব্বনাশ! কিয়নো বধকাৰীবোৰৰ আগত মোৰ প্ৰাণ অচেতন হৈছে,” এই বুলি কৈ দীঘল নিশ্বাস পেলোৱা; হাত বিস্তাৰ কৰা চিয়োন জীয়াৰীৰ শব্দ শুনিছোঁ!”