< Jeremiah 35 >
1 Ọ̀rọ̀ tí ó tọ Jeremiah wá láti ọ̀dọ̀ Olúwa ní ọjọ́ Jehoiakimu ọmọ Josiah ọba Juda wí pé:
১যোচিয়াৰ পুত্ৰ যিহূদাৰ ৰজা যিহোয়াকীমৰ ৰাজত্বৰ সময়ত যিহোৱাৰ পৰা যিৰিমিয়াৰ ওচৰলৈ এই বাক্য আহিল, বোলে,
2 “Lọ sí ilé àwọn ọmọ Rekabu, kí o sì bá wọn sọ̀rọ̀, kí o sì mú wọn wá sí ilé Olúwa, sí ọ̀kan nínú iyàrá wọ̀n-ọn-nì, kí o sì fún wọn ní ọtí wáìnì mu.”
২“তুমি ৰেখব-বংশীয় লোকসকলৰ ওচৰলৈ যোৱা, আৰু তেওঁলোকৰ লগত কথা বতৰা কৰা। তাৰ পাছত তেওঁলোকক যিহোৱাৰ গৃহৰ কোনো এটা কোঁঠালিলৈ আনি, পান কৰিবলৈ দ্ৰাক্ষাৰস দিয়া।”
3 Nígbà náà ni mo mu Jaaṣaniah ọmọ Jeremiah, ọmọ Habasiniah àti àwọn arákùnrin rẹ̀; àti gbogbo àwọn ọmọ rẹ̀, àti gbogbo ilé àwọn ọmọ Rekabu.
৩তেতিয়া মই হবচিনিয়াৰ নাতিয়েক যিৰিমিয়াৰ পুত্ৰ যাজনিয়া, তেওঁৰ ককায়েক-ভায়েকসকলক, তেওঁৰ পুত্রসকলক আৰু ৰেখবীয়াৰ গোটেই বংশক লগত লৈ গ’লো।
4 Mo sì mú wọn wá sí ilé Olúwa sínú iyàrá Hanani ọmọ Igdaliah, ènìyàn Ọlọ́run, tí ó wà lẹ́bàá yàrá àwọn ìjòyè, tí ó wà ní òkè yàrá Maaseiah, ọmọ Ṣallumu olùtọ́jú ẹnu-ọ̀nà.
৪মই তেওঁলোকক যিহোৱাৰ গৃহলৈ, ঈশ্বৰৰ লোক যিগ্দলিয়াৰ পুত্ৰ হাননৰ পুত্রসকলৰ কোঁঠালিলৈ নিলোঁ। সেই কোঁঠালি চল্লুমৰ পুত্ৰ মাচেয়া নামেৰে দুৱৰীৰ কোঁঠালিৰ ওপৰত প্ৰধান লোকসকলৰ কোঁঠালিৰ কাষত আছিল।
5 Mo sì gbé ìkòkò tí ó kún fún ọtí wáìnì pẹ̀lú ago ka iwájú àwọn ọmọ Rekabu. Mo sì wí fún wọn pé, “Mu ọtí wáìnì.”
৫তাৰ পাছত মই ৰেখব-বংশৰ লোকসকলৰ সন্মুখত দ্ৰাক্ষাৰসেৰে ভৰা কলহ আৰু বাতি আগত ৰাখি তেওঁলোকক ক’লোঁ, “তোমালোকে কিছু দ্ৰাক্ষাৰস পান কৰা।”
6 Ṣùgbọ́n wọ́n wí pé, “Àwa kì yóò mu ọtí wáìnì nítorí Jonadabu ọmọ Rekabu, baba wa pàṣẹ fún wa pé: ‘Ẹ̀yin kò gbọdọ̀ mu ọtí wáìnì ẹ̀yin àti àwọn ọmọ yín láéláé.
৬কিন্তু তেওঁলোকে ক’লে, “আমি একো দ্ৰাক্ষাৰস পান নকৰোঁ, কিয়নো আমাৰ পূৰ্বপুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে আমাক এই আজ্ঞা দিছিল, ‘তোমালোকে আৰু তোমালোকৰ সন্তান সকলে কোনেও চিৰকালৈকে দ্ৰাক্ষাৰস পান নকৰিবা।
7 Bẹ́ẹ̀ ni, ẹ̀yin kò gbọdọ̀ kọ́ ilé tàbí kí ẹ fúnrúgbìn, tàbí kí ẹ gbin ọgbà àjàrà. Bẹ́ẹ̀ ni ẹ̀yin kò gbọdọ̀ ní ọ̀kankan nínú àwọn ohun wọ̀nyí, ṣùgbọ́n ní gbogbo ọjọ́ yín ni ẹ̀yin ó máa gbé inú àgọ́; kí ẹ̀yin kí ó lè wá ní ọjọ́ púpọ̀ ní ilẹ̀ náà; níbi tí ẹ̀yin ti ń ṣe àtìpó.’
৭আৰু কোনো ঘৰ নাসাজিবা, গুটি নিসিচিবা, দ্ৰাক্ষাবাৰী নাপাতিবা আৰু এইবোৰৰ একোৰো অধিকাৰি নহ’বা; কিয়নো তোমালোকে প্ৰবাস কৰা দেশত বহু দিন থাকিবৰ কাৰণে, তোমালোকৰ সকলো কালত তম্বুত বাস কৰিবা।’
8 Báyìí ni àwa gba ohùn Jehonadabu ọmọ Rekabu baba wa gbọ́ nínú gbogbo èyí tí ó pàṣẹ fún wa, kí a má mu ọtí wáìnì ní gbogbo ọjọ́ ayé wa; àwa, àwọn aya wa, àwọn ọmọkùnrin wa, àti àwọn ọmọbìnrin wa.
৮আমি আমাৰ পত্নী, লৰা আৰু ছোৱালী সকলোৱে আমাৰ গোটেই জীৱনৰ কালত দ্ৰাক্ষাৰস পান নকৰিবলৈ, আৰু আমাৰ পুৰ্ব্ব–পুৰুষ ৰেখবৰ পুত্ৰ যোনাদবে দিয়া সকলো আজ্ঞাবোৰ পালন কৰিছোঁ।
9 Àti kí a má kọ́ ilé láti gbé; bẹ́ẹ̀ ni àwa kò ní ọgbà àjàrà tàbí oko, tàbí ohun ọ̀gbìn.
৯আমি নিবাসৰ অৰ্থে ঘৰ কেতিয়াও নাসাজিম, আৰু আমাৰ দ্ৰাক্ষাবাৰী, শস্যক্ষেত্ৰ আৰু কঠীয়াত আমাৰ কোনো অধিকাৰ নাই।
10 Ṣùgbọ́n àwa ń gbé inú àgọ́, a sì gbọ́rọ̀, a sì ṣe gẹ́gẹ́ bí gbogbo èyí tí Jonadabu baba wa pàṣẹ fún wa.
১০কিন্তু আমি তম্বুত থাকি, আমাৰ পূৰ্বপুৰুষ যোনাদবে দিয়া আজ্ঞা মানি, সেই অনুসাৰে সকলো কাম কৰি আহিছোঁ।
11 Ó sì ṣe, nígbà tí Nebukadnessari ọba Babeli gòkè wá sí ilẹ̀ náà; àwa wí pé, ‘Ẹ wá, ẹ jẹ́ kí a lọ sí Jerusalẹmu, nítorí ìbẹ̀rù ogun àwọn ara Siria.’ Bẹ́ẹ̀ ni àwa sì ń gbé Jerusalẹmu.”
১১কিন্তু যেতিয়া বাবিলৰ ৰজা নবূখদনেচৰ এই দেশ আক্রমণ কৰিছিল, তেতিয়া আমি ক’লোঁ, ‘আহাঁ, আমি কলদীয়া আৰু অৰামীয়াসকলৰ সৈন্যসামন্তৰ পৰা হাৰি যিৰূচালেমলৈ যাওহঁক।’ এই কাৰণে আমি যিৰূচালেমত বাস কৰিছোঁ।”
12 Nígbà yìí ni ọ̀rọ̀ Olúwa tọ Jeremiah wá wí pé:
১২পাছত যিৰিমিয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
13 “Báyìí ní Olúwa àwọn ọmọ-ogun Ọlọ́run Israẹli wí pé, lọ, kí o sì sọ fún àwọn ọkùnrin Juda, àti àwọn olùgbé Jerusalẹmu pé, ‘Ẹ̀yin kì yóò ha gba ẹ̀kọ́ láti fetí sí ọ̀rọ̀ mi,’ ni Olúwa wí.
১৩“বাহিনীসকলৰ যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: তুমি গৈ যিহূদাৰ লোকসকলক আৰু যিৰূচালেম-নিবাসীসকলক কোৱা, যিহোৱাই কৈছে, ‘তোমালোকে মোৰ বাক্যলৈ কাণ দিবলৈ উপদেশ গ্ৰহণ নকৰিবা নে?’
14 ‘Ọ̀rọ̀ Jehonadabu ọmọ Rekabu tí ó pàṣẹ fún àwọn ọmọ rẹ̀ pé wọn kò gbọdọ̀ mu ọtí wáìnì, ni a mú ṣẹ, wọn kò sì mu ọtí wáìnì títí di òní yìí, nítorí tí wọ́n gba òfin baba wọn. Èmi sì ti ń sọ̀rọ̀ fún un yín, ṣùgbọ́n ẹ̀yin kò fetí sí mi.
১৪ৰেখবৰ পুত্ৰ যোনাদবে দ্ৰাক্ষাৰস পান নকৰিবলৈ তেওঁৰ সন্তান সকলক যি বাক্যৰে আজ্ঞা কৰিছিল, তেওঁৰ সেই বাক্য আজিলৈকে সিদ্ধ আছে। তেওঁলোকে তেওঁলোকৰ পূৰ্বপুৰুষৰ আজ্ঞা মানে; কিন্তু মই অতি প্ৰভাতে উঠি তোমালোকক কৈ আছোঁ, তথাপি তোমালোকে মোৰ বাক্য নামানা।
15 Èmi rán gbogbo àwọn ìránṣẹ́ àti àwọn wòlíì mí sí yín pẹ̀lú wí pé, “Ẹ yípadà nísinsin yìí kúrò ní ọ̀nà búburú yín, kí ẹ sì tún ìṣe yín ṣe sí rere. Kí ẹ ma sì ṣe bọ òrìṣà tàbí sìn wọ́n; ẹ̀yin ó sì máa gbé ní ilẹ̀ náà tí mo fi fún un yín àti fún àwọn baba ńlá yín.” Ṣùgbọ́n ẹ̀yin kò fetí sí mi.
১৫মই মোৰ সকলো দাস, ভাববাদীসকলক তোমালোকৰ ওচৰলৈ পঠিয়াইছিলোঁ আৰু প্ৰভাতে উঠি তেওঁলোকক পঠিয়াই তোমালোকক কোৱাইছিলোঁ, “তোমালোকে এতিয়া নিজ নিজ কু-পথৰ পৰা ঘূৰি নিজ নিজ আচাৰ-ব্যৱহাৰ শুদ্ধ কৰা। আন আন দেৱতাবোৰক সেৱাপূজা কৰিবৰ অৰ্থে সেইবোৰৰ পাছত যাওঁতা নহ’বা। তাৰ পৰিবৰ্ত্তে মই তোমালোকক আৰু তোমালোকৰ পূৰ্বপুৰুষসকলক দিয়া দেশলৈ তোমালোকে ঘূৰি আহা। তথাপিও তোমালোকে মোৰ কথালৈ কাণ দিয়া নাই আৰু মোৰ বাক্যলৈ মনকো দিয়া নাই।”
16 Nítòótọ́, àwọn ọmọ Jehonadabu ọmọ Rekabu pa òfin baba wọn mọ́ tí ó pàṣẹ fún wọn, ṣùgbọ́n àwọn ènìyàn wọ̀nyí kò pa òfin mi mọ́.’
১৬ৰেখবৰ পুত্ৰ যোনাদবৰ সন্তান সকলে তেওঁলোকক দিয়া তেওঁলোকৰ পুৰ্ব্ব–পুৰুষৰ আজ্ঞা পালন কৰি আহিছে, কিন্তু এই জাতিৰ লোকসকলে মোৰ কথালৈ কাণ দিবলৈ অস্ৱীকাৰ কৰিছে।’
17 “Nítorí náà, báyìí ni, Olúwa Ọlọ́run àwọn ọmọ-ogun Ọlọ́run Israẹli wí, ‘Fetísílẹ̀! Èmi ó mú gbogbo ohun búburú tí èmi ti sọ wá sórí Juda, àti sórí gbogbo olùgbé Jerusalẹmu nítorí èmi ti bá wọn sọ̀rọ̀: Ṣùgbọ́n wọn kò sì dáhùn.’”
১৭এই কাৰণে বাহিনীসকলৰ ঈশ্বৰ আৰু ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই, এই কথা কৈছে: ‘চোৱা, যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ অহিতে মই কোৱা সকলো অমঙ্গলৰ কথা তেওঁলোকলৈ ঘটাম, কিয়নো মই তেওঁলোকক যি ঘোষণা কৰিছিলোঁ, সেই বিষয়ে তেওঁলোকে নুশুনিলে। মই তেওঁলোকক মাতিলো কিন্তু তেওঁলোকে উত্তৰ নিদিলে’।”
18 Nígbà náà ni Jeremiah wí fún ìdílé Rekabu pé, “Báyìí ni Olúwa Ọlọ́run àwọn ọmọ-ogun Ọlọ́run Israẹli wí pé: ‘Nítorí tí ẹ̀yin gba òfin Jehonadabu baba yín, tí ẹ sì pa gbogbo rẹ̀ mọ́, tí ẹ sì ṣe gẹ́gẹ́ bí èyí tí ó pàṣẹ fún un yín.’
১৮যিৰিমিয়াই ৰেখবীয়া বংশক ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: তোমালোকে তোমালোকৰ পূৰ্বপুৰুষ যোনাদবৰ আজ্ঞালৈ মনোযোগ কৰি তেওঁৰ সকলো আদেশ পালন কৰিছা, আৰু তেওঁ তোমালোকক দিয়া আটাই আজ্ঞা অনুসাৰে কাৰ্য কৰিছা;
19 Nítorí náà, báyìí ni Olúwa àwọn ọmọ-ogun, Ọlọ́run Israẹli wí, pé: ‘Jonadabu ọmọ Rekabu kì yóò fẹ́ ọkùnrin kan kù láti sìn mí.’”
১৯এই কাৰণে বাহিনীসকলৰ যিহোৱা আৰু ইস্ৰায়েলৰ ঈশ্বৰে এই কথা কৈছে: মোক সেৱা কৰিবৰ কাৰণে ৰেখবৰ পুত্ৰ যোনাদবৰ বংশৰ পৰা কেতিয়াও কোনো এজন লোকৰ অভাৱ নহ’ব’।”