< Jeremiah 31 >

1 “Nígbà náà, Èmi yóò jẹ́ Ọlọ́run fún gbogbo ìdílé ìran Israẹli, àwọn náà yóò sì jẹ́ ènìyàn mi,” ni Olúwa wí.
“সেই সময়ত” - যিহোৱাৰ এই ঘোষণা - “মই ইস্ৰায়েলৰ সকলো গোষ্ঠীৰ ঈশ্বৰ হ’ম, আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।”
2 Èyí ni ohun tí Olúwa wí: “Àwọn ènìyàn tí ó sá àsálà lọ́wọ́ idà yóò rí ojúrere Olúwa ní aṣálẹ̀, Èmi yóò sì fi ìsinmi fún Israẹli.”
যিহোৱাই এই কথা কৈছে: যি ইস্ৰায়েলৰ লোকসকলে তৰোৱালৰ পৰা ৰক্ষা পাই জীয়াই আছিল তেওঁলোক অৰণ্যত দয়া পালে।
3 Olúwa ti fi ara rẹ̀ hàn wá ní ìgbà kan rí, ó wí pé: “Èmi ti nífẹ̀ẹ́ yín pẹ̀lú ìfẹ́ àìlópin; mo ti fi ìfẹ́ ńlá fà yín,
যিহোৱাই অতীতৰ পৰা দৰ্শন দিলে, আৰু মোক ক’লে, ‘সঁচাকৈ মই চিৰস্থায়ী প্ৰেমেৰে তোমাক প্ৰেম কৰোঁ। এই কাৰণে মই তোমাক বহুকালৰে পৰা দয়া কৰি আহিছোঁ।
4 Èmi yóò tún gbé e yín sókè, àní a ó tún gbé e yín ró ìwọ wúńdíá ilẹ̀ Israẹli. Àní ẹ ó tún tún ohun èlò orin yín gbé, ẹ ó sì jáde síta pẹ̀lú ijó àti ayọ̀.
হে কুমাৰী ইস্ৰায়েল, মই তোমাক পুনৰ নিৰ্ম্মাণ কৰিম, তাতে তুমি নিৰ্ম্মিত হ’বা। তুমি তোমাৰ খঞ্জৰীৰে পুনৰায় ভুষিতা হ’বা, আৰু আমোদকাৰীসকলৰ লগত নাচিবাগি ওলাই যাবা।
5 Ẹ ó tún gbin ọgbà àjàrà ní orí òkè Samaria; àwọn àgbẹ̀ yóò sì máa gbádùn èso oko wọn.
তুমি চমৰিয়াৰ পৰ্বতবোৰত পুনৰায় দ্ৰাক্ষাবাৰী পাতিবা; খেতিয়কসকলে তাক ৰুব, আৰু তাৰ ফল ভোগ কৰিব।
6 Ọjọ́ kan máa wà tí àwọn olùṣọ́ yóò kígbe jáde lórí òkè Efraimu wí pé, ‘Ẹ wá, ẹ jẹ́ kí a gòkè lọ sí Sioni, ní ọ̀dọ̀ Olúwa Ọlọ́run wa.’”
কিয়নো ইফ্ৰয়িমৰ পৰ্ব্বতত প্ৰহৰীসকলে ঘোষণা কৰিব বোলে, ‘উঠা, ব’লা, আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিলৈ চিয়োনলৈ যাওহঁক’।”
7 Èyí ni ọ̀rọ̀ tí Olúwa sọ wí pé: “Ẹ fi ayọ̀ kọrin sí Jakọbu; ẹ hó sí olórí àwọn orílẹ̀-èdè gbogbo. Jẹ́ kí wọ́n gbọ́ ìyìn rẹ kí o sì wí pé, ‘Olúwa, gba àwọn ènìyàn rẹ là; àwọn tí ó ṣẹ́kù ní Israẹli.’
কাৰণ যিহোৱাই এই কথা কৈছে: “তোমালোকে যাকোবৰ কাৰণে আনন্দেৰে গীত গোৱা! আৰু জাতিবোৰৰ মুখিয়ালসকলৰ কাৰণে উল্লাসেৰে জয়-ধ্বনি কৰা, প্ৰচাৰ কৰা! প্ৰশংসা কৰা। আৰু কোৱা, ‘যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ অৱশিষ্ট ভাগক ৰক্ষা কৰিলে।’
8 Wò ó, Èmi yóò mú wọn wá láti ilẹ̀ àríwá; èmi yóò kó gbogbo wọn jọ láti òpin ayé. Lára wọn ni yóò jẹ́ afọ́jú àti arọ, aboyún àti obìnrin tí ń rọbí, ọ̀pọ̀ ènìyàn yóò wá.
চোৱা, মই তেওঁলোকক উত্তৰ দিশৰ পৰা আনিম। মই পৃথিৱীৰ অন্তভাগৰ পৰা তেওঁলোকক গোট খুৱাম। তেওঁলোকৰ মাজত অন্ধ আৰু খোৰা লোক থাকিব; গৰ্ভৱতী আৰু গৰ্ভবেদনা পোৱা মহিলাসকল তেওঁলোকৰ লগত থাকিব। আৰু এই ঠাইলৈ এটা মহান সভা ঘূৰি আহিব।
9 Wọn yóò wá pẹ̀lú ẹkún, wọn yóò gbàdúrà bí Èmi yóò ṣe mú wọn padà. Èmi yóò jẹ́ atọ́nà fún wọn ní ẹ̀bá odò omi; ní ọ̀nà tí ó tẹ́jú tí wọn kì yóò le ṣubú, nítorí èmi ni baba Israẹli, Efraimu sì ni àkọ́bí ọkùnrin mi.
তেওঁলোকে ক্ৰন্দন কৰি আহিব; আৰু তেওঁলোকে বিনয় কৰি থকা অৱস্থাত মই তেওঁলোকক চলাম। মই তেওঁলোকক জুৰিৰ ওচৰেদি গমন কৰাম যি পোন বাটত তেওঁলোকে যেন উজুটি নাখাই, কিয়নো মই ইস্ৰায়েলৰ পিতৃ, আৰু ইফ্ৰয়িম মোৰ জেষ্ট পুত্ৰ।”
10 “Ẹ gbọ́ ọ̀rọ̀ Olúwa ẹ̀yin orílẹ̀-èdè ẹ kéde rẹ̀ ní erékùṣù jíjìn; ‘Ẹni tí ó bá tú Israẹli ká yóò kójọ, yóò sì ṣọ́ agbo rẹ̀ gẹ́gẹ́ bí olùṣọ́-àgùntàn.’
১০হে জাতি সমূহ, যিহোৱাৰ বাক্য শুনা। দূৰত থকা দ্বীপবোৰত সেই বিষয়ে প্ৰচাৰ কৰা। হে জাতি সমূহ, তোমালোকে কোৱা, “যি জনে ইস্ৰায়েলক ছিন্ন-ভিন্ন কৰিছিল, তেৱেঁই তাইক গোটাব, আৰু ৰখীয়াই নিজৰ জাকক ৰখাৰ দৰে তেওঁ তাইক সেইদৰে ৰাখিব।”
11 Nítorí Olúwa ti tú Jakọbu sílẹ̀, o sì rà á padà ní ọwọ́ àwọn tí ó lágbára jù ú lọ.
১১কিয়নো যিহোৱাই যাকোবক মোকলালে, আৰু তাতকৈ অধিক বলৱান জনৰ হাতৰ পৰা তেওঁক মুক্ত কৰিলে।
12 Wọn yóò wá, wọn ó sì hó ìhó ayọ̀ lórí òkè Sioni; wọn yóò yọ ayọ̀ níbi oore Olúwa. Àlìkámà ni, ọtí wáìnì tuntun àti òróró ọ̀dọ́-àgùntàn àti ọ̀dọ́ ọ̀wọ́ ẹran. Wọn ó dàbí ọgbà àjàrà tí a bomirin, ìkorò kò ní bá wọn mọ́.
১২তেতিয়া তেওঁলোকে আহি চিয়োনৰ উচ্ছস্থানত আনন্দ কৰিব। তেওঁলোকে যিহোৱাৰ সততাত আনন্দ কৰিব, যেনে ঘেহুঁ, নতুন দ্ৰাক্ষাৰস, তেল আৰু মেৰ-ছাগৰ জাকৰ পোৱালিবোৰ। কিয়নো তেওঁলোকৰ জীৱন পানী দিয়া উদ্যানৰ নিচিনা হ’ব, আৰু তেওঁলোকে কেতিয়াও পুনৰ শোক অনুভৱ নকৰিব।
13 Àwọn wúńdíá yóò jó, wọn ó sì kún fún ayọ̀, bẹ́ẹ̀ gẹ́gẹ́ ni ọkùnrin àti obìnrin. Èmi yóò sọ ọ̀fọ̀ wọn di ayọ̀, dípò ìkorò èmi yóò tù wọ́n nínú. Èmi ó sì fún wọn ní ayọ̀.
১৩তেতিয়া যুৱতীসকলে নাচত আনন্দ কৰিব আৰু ডেকা আৰু বুঢ়া লোকসকলে একে লগে তেওঁলোকৰ সৈতে আনন্দ কৰিব। “কিয়নো মই তেওঁলোকৰ বিলাপ হৰ্ষলৈ পৰিবৰ্ত্তন কৰিম। মই তেওঁলোকৰ ওপৰত দয়া কৰিম, আৰু তেওঁলোকৰ শোক গুচাই তাৰ সলনি তেওঁলোকক আনন্দিত কৰাম।
14 Èmi ó tẹ́ àwọn àlùfáà lọ́rùn pẹ̀lú ọ̀pọ̀; àwọn ènìyàn mi yóò sì kún fún oore mi,” ni Olúwa wí.
১৪আৰু মই পুষ্টিকৰ দ্ৰব্যেৰে পুৰোহিতসকলৰ মন প্রচুৰতাৰে তৃপ্ত কৰিম। আৰু মোৰ প্ৰজাসকলে মোৰ উত্তম বস্তুৰে নিজকে পৰিপূৰ্ণ কৰিব” - এয়ে যিহোৱাৰ ঘোষণা।
15 Èyí ni ohun tí Olúwa wí: “A gbọ́ ohùn kan ní Rama tí ń ṣọ̀fọ̀ pẹ̀lú ẹkún kíkorò. Rakeli ń sọkún àwọn ọmọ rẹ̀; kò gbà kí wọ́n tu òun nínú, nítorí àwọn ọmọ rẹ̀ kò sí mọ́.”
১৫যিহোৱাই এই কথা কৈছে: “ৰামাত বিলাপৰ আৰু ক্ৰন্দাৰ শব্দ শুনা গৈছে। ৰাহেলে নিজৰ সন্তান সকলৰ কাৰণে ক্ৰন্দন কৰিছে; তেওঁ নিজৰ সন্তান সকলৰ বিষয়ে শান্তনা দিয়া কথা নামানে, কিয়নো তেওঁলোক আৰু জীৱিত নাই।”
16 Báyìí ni Olúwa wí: “Dá ohùn rẹ dúró nínú ẹkún àti ojú rẹ nínú omijé; nítorí a ó fi èrè sí iṣẹ́ rẹ,” ni Olúwa wí. “Wọn ó sì padà wá láti ilẹ̀ ọ̀tá.
১৬যিহোৱাই এই কথা কৈছে: “তুমি ক্ৰন্দন কৰিবলৈ আৰু চকু-লো বোৱাবলৈ এৰা; কিয়নো তোমাৰ কষ্টৰ পুৰস্কাৰ দিয়া হ’ব” - এয়ে যিহোৱাৰ ঘোষণা। “তোমাৰ সন্তান সকল শত্ৰূৰ দেশৰ পৰা পুনৰায় আহিব।
17 Nítorí ìrètí wà fún ọjọ́ iwájú rẹ,” ni Olúwa wí. “Àwọn ọmọ rẹ yóò padà wá sí ilẹ̀ wọn.
১৭তোমাৰ শেষ অৱস্থাৰ বিষয়ে আশা আছে” - এয়ে যিহোৱাৰ বচন। “তোমাৰ সন্তান সকল নিজৰ অঞ্চললৈ ঘূৰি আহিব।”
18 “Nítòótọ́, èmi ti gbọ́ ìpohùnréré Efraimu wí pé, ‘Ìwọ ti bá mi wí gẹ́gẹ́ bí ọmọ màlúù tí a kò kọ́ èmi sì ti gbọ́ ìbáwí. Rà mí padà, èmi yóò sì yípadà, nítorí ìwọ ni Olúwa Ọlọ́run mi.
১৮“মই ইফ্ৰয়িমক বিলাপেৰে সঁচাকৈ কোৱা শুনিলোঁ। ‘তুমি মোক শাস্তি দিলা, আৰু মই শাস্তি ভোগ কৰিলোঁ। যুৱলিত অভ্যাস নোহোৱা দামুৰি পোৱালিৰ নিচিনাকৈ তুমি মোক ঘূৰুউৱা, তাতে মই ঘূৰিম, কিয়নো তুমিয়েই মোৰ ঈশ্বৰ যিহোৱা।
19 Lẹ́yìn tí èmi ti yípadà, mo ronúpìwàdà, lẹ́yìn tí èmi ti wá mọ̀, èmi lu àyà mi. Ojú tì mí, mo sì dààmú; nítorí èmi gba èrè ẹ̀gàn ìgbà èwe mi.’
১৯নিশ্চয়ে মই ঘূৰাৰ পাছতে মই মন পালটালোঁ; আৰু মই শিক্ষা পোৱাৰ পাছত মই শোকত মোৰ বুকুত চপৰিয়ালোঁ; মোৰ ডেকা কালৰ অপমান ভাৰ বোৱাৰ কাৰণে মই লাজ পালোঁ এনে কি, বিবৰ্ণ হলোঁ।’
20 Efraimu kì í ha í ṣe ọmọkùnrin mi dáradára tí inú mi dùn sí bí? Bí èmi ti ń sọ̀rọ̀ sí i tó, síbẹ̀, èmi rántí rẹ̀. Nítorí náà, ọkàn mi ṣe ohun kan fún un, èmi káàánú gidigidi fún un,” ni Olúwa wí.
২০ইফ্ৰয়িম মোৰ প্ৰিয় পুত্ৰ নহয় নে? সি মোৰ মৰমৰ লৰা নহয় নে? কিয়নো যিমানবাৰ মই তাৰ অহিতে কথা কওঁ, সিমানবাৰ পুনৰায় তাক অনুগ্ৰহেৰে সোঁৱৰণ কৰোঁ; এইদৰে তাৰ কাৰণে মোৰ হৃদয়ে হেঁপাহ কৰে। অৱশ্যে মই তাক দয়া কৰিম।” - এয়ে যিহোৱাৰ বচন।
21 “Gbé àmì ojú ọ̀nà dìde, ṣe atọ́nà àmì, kíyèsi òpópó ọ̀nà geere ojú ọ̀nà tí ó ń gbà. Yípadà ìwọ wúńdíá Israẹli, padà sí àwọn ìlú rẹ.
২১তুমি ঠায়ে ঠায়ে নিজৰ কাৰণে বাটৰ চিন ৰাখা। তোমাৰ বাট দেখুউৱা খুঁটা স্থাপন কৰা; তুমি যি সুপথে গৈছিলা, সেই পথ মনত ৰাখা, যি পথটো তুমি ল’বা। হে কুমাৰী ইস্ৰায়েল! ওলোটা, পুনৰায় তোমাৰ এই নগৰবোৰলৈ উলটি আহাঁ।
22 Ìwọ yóò ti ṣìnà pẹ́ tó, ìwọ aláìṣòótọ́ ọmọbìnrin; Olúwa yóò dá ohun tuntun lórí ilẹ̀, ọmọbìnrin kan yóò yí ọkùnrin kan ká.”
২২হে অবিশ্ৱাসী জীয়াৰী, তুমি কিমান কাল অস্থিৰে থাকিবা? কাৰণ যিহোৱাই পৃথিৱীত এটা নতুন বস্তু সৃষ্টি কৰিলে: তিৰোতাসকলে শক্তিশালী পুৰুষসকলক আবৰি ধৰিব।
23 Báyìí ni ohun tí Olúwa àwọn ọmọ-ogun Israẹli wí: “Nígbà tí èmi bá kó wọn dé láti ìgbèkùn; àwọn ènìyàn tí ó wà ní ilẹ̀ Juda àti ní àwọn ìlú rẹ̀ yóò tún lo àwọn ọ̀rọ̀ yìí lẹ́ẹ̀kan sí i; wí pé, ‘Kí Olúwa kí ó bùkún fún ọ, ìwọ ibùgbé òdodo, ìwọ òkè ìwà mímọ́.’
২৩ইস্ৰায়েলৰ ঈশ্বৰ, বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে: “মই যেতিয়া এই লোকসকলৰ বন্দী-অৱস্থা পৰিবৰ্ত্তন কৰিম, তেতিয়া তেওঁলোকে যিহূদা দেশত আৰু তাৰ নগৰবোৰত পুনৰায় এই কথা ক’ব: ‘হে ধৰ্মনিবাস, হে পবিত্ৰ পৰ্ব্বত, যিহোৱাই তোমাক আশীৰ্ব্বাদ কৰক।’
24 Àwọn ènìyàn yóò gbé papọ̀ ní Juda àti ní gbogbo àwọn ìlú rẹ̀; bákan náà ni àgbẹ̀ àti àwọn tí ń tẹ̀lé agbo ẹran wọn ká.
২৪কিয়নো যিহূদা আৰু তাৰ সকলো নগৰবোৰে সেই ঠাইত বাস কৰিব। খেতিয়ক আৰু মেৰ-ছাগৰ ৰখীয়াসকলে মেৰ-ছাগৰ জাক লৈ একে লগে তাত বাস কৰিব।
25 Èmi yóò sọ aláàárẹ̀ di ọ̀tun, èmi yóò sì tẹ́ gbogbo ọkàn tí ń káàánú lọ́rùn.”
২৫কিয়নো মই ভাগৰুৱাসকলক প্ৰাণ জুৰাৱাম, আৰু প্ৰত্যেক দুখিত প্ৰাণক পৰিতৃপ্ত কৰিম”।
26 Lórí èyí ni mo jí, mo sì wò yíká, oorun mi sì dùn mọ́ mi.
২৬ইয়াৰ পাছত মই সাৰ পালোঁ আৰু মোৰ নিদ্ৰা মোলৈ সুখদায়ক আছিল সেয়া অনুভৱ কৰিলোঁ।
27 “Wò ó, ọjọ́ ń bọ̀,” ni Olúwa wí, “nígbà tí èmi yóò gbin ilé Israẹli àti ilé Juda pẹ̀lú irúgbìn ọmọ ènìyàn àti ẹranko.
২৭যিহোৱাই কৈছে - “চোৱা, এনে দিনবোৰ আহি আছে”, যে, সেই দিনা মই ইস্ৰায়েল আৰু যিহূদা বংশত মানুহ আৰু পশুস্বৰূপ গুটি সিঁচিম।
28 Gẹ́gẹ́ bí mo ṣe ń ṣọ́ wọn, láti fàtu, àti láti wó lulẹ̀, àti láti gba ìṣàkóso, láti bàjẹ́ àti láti mú ibi wá, bẹ́ẹ̀ ni èmi yóò ṣọ́ wọn láti kọ́ àti láti gbìn,” ni Olúwa wí.
২৮তেতিয়া মই তেওঁলোকক উঘালিবলৈ, ভাঙিবলৈ, নিপাত কৰিবলৈ, বিনষ্ট কৰিবলৈ আৰু দুখ দিবলৈ তেওঁলোকৰ পক্ষে যেনেকৈ জাগি আছিলোঁ, তেওঁলোকক সাজিবলৈ আৰু ৰুবলৈ সেই দৰে তেওঁলোকৰ পক্ষে জাগি থকিম” - এয়ে যিহোৱাৰ ঘোষণা।
29 “Ní ọjọ́ wọ̀n-ọn-nì àwọn ènìyàn kò ní sọ mọ́ pé: “‘Àwọn baba ti jẹ èso àjàrà àìpọ́n àti pé eyín kan àwọn ọmọdé.’
২৯সেই দিনবোৰত কোনো এজন লোকে এনে কথা নকব, ‘পিতৃসকলে টেঙা দ্ৰাক্ষা গুটি খালে, কিন্তু পুতেকসকলৰ দাঁত টেঙালে।’
30 Ṣùgbọ́n olúkúlùkù ni yóò kú fún ẹ̀ṣẹ̀ rẹ̀, ẹnikẹ́ni tí ó bá jẹ èso kíkan ni eyín yóò kan.
৩০কিয়নো প্ৰতিজনে নিজ নিজ অপৰাধৰ কাৰণে মৰিব; যি সকলে টেঙা দ্ৰাক্ষাগুটি খাব, তেওঁৰেইহে দাঁত টেঙাব।
31 “Ìgbà kan ń bọ̀,” ni Olúwa wí, “tí Èmi yóò bá ilé Israẹli àti ilé Juda dá májẹ̀mú tuntun.
৩১যিহোৱাই কৈছে: “চোৱা, এনে কোনো দিন আহি আছে - “সেই দিনা মই ইস্ৰায়েল-বংশ আৰু যিহূদা বংশৰ সৈতে এক নতুন নিয়ম স্থাপন কৰিম।
32 Kò ní dàbí májẹ̀mú tí mo bá àwọn baba ńlá wọn dá, nígbà tí mo fà wọ́n lọ́wọ́, tí mo mú wọn jáde ní Ejibiti nítorí wọ́n da májẹ̀mú mi. Lóòótọ́ ọkọ ni èmi jẹ́ fún wọn,” ni Olúwa wí.
৩২মিচৰ দেশৰ পৰা উলিয়াই অনাৰ দিনত তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ হাত ধৰিবৰ দিনা তেওঁলোকৰ সৈতে যি নিয়ম স্থাপন কৰা হৈছিল সেই নিয়মটিৰ অনুসাৰে নহয়। সেই দিনবোৰত তেওঁলোকে মোৰ নিয়মটি ভাঙিছিল, যদিও মই তেওঁলোকৰ স্বামীৰ দৰে আছিলোঁ” - এয়ে যিহোৱাৰ ঘোষণা।
33 “Èyí ni májẹ̀mú tí èmi yóò bá ilé Israẹli dá lẹ́yìn ìgbà náà,” ni Olúwa wí pé: “Èmi yóò fi òfin mi sí ọkàn wọn, èmi ó sì kọ ọ́ sí àyà wọn. Èmi ó jẹ́ Olúwa wọn; àwọn ó sì jẹ́ ènìyàn mi.
৩৩“কিন্তু সেই দিনৰ পাছত ইস্ৰায়েল-বংশৰ লগত মই যি নিয়ম কৰিম, সেই নিয়মটি এই” - মই তেওঁলোকৰ অন্তৰত মোৰ নিয়ম স্থাপন কৰিম, আৰু তেওঁলোকৰ হৃদয়ত সেই বিষয়ে লিখিম, কিয়নো মই তেওঁলোকৰ ঈশ্বৰ হ’ম আৰু তেওঁলোক মোৰ প্ৰজা হ’ব।
34 Kò ní sí pé ọkùnrin kan ń kọ́ àwọn ará ilé rẹ̀ tàbí ọkùnrin ń kọ́ arákùnrin rẹ̀ pé, ‘Ẹ mọ Olúwa,’ nítorí gbogbo wọn ni yóò mọ̀ mí láti ẹni kékeré wọn títí dé ẹni ńlá,” ni Olúwa wí. “Nítorí èmi ó dárí àìṣedéédéé wọn jì, èmi kò sì ní rántí ẹ̀ṣẹ̀ wọn mọ́.”
৩৪তেতিয়া প্ৰতিজনে নিজ নিজ ওচৰ-চুবুৰীয়াক বা প্ৰতিজনে নিজ নিজ ভাইক এই শিক্ষা নিদিব বোলে, ‘যিহোৱাক জানা!’ কিয়নো তেওঁলোকৰ সকলো বৰৰ পৰা সৰুলৈকে সকলোৱে মোক জানিব” - এয়ে যিহোৱাৰ ঘোষণা। “কিয়নো মই তেওঁলোকৰ অপৰাধ ক্ষমা কৰিম আৰু তেওঁলোকৰ পাপ মই আৰু কেতিয়াও নুসুঁৱৰিম।”
35 Èyí ni ohun tí Olúwa wí: ẹni tí ó mú oòrùn tan ìmọ́lẹ̀ ní ọ̀sán, tí ó mú òṣùpá àti ìràwọ̀ ràn ní òru; tí ó rú omi Òkun sókè tó bẹ́ẹ̀ tí ìjì rẹ̀ fi ń hó Olúwa àwọn ọmọ-ogun ni orúkọ rẹ̀.
৩৫যিহোৱাই এইদৰে কৈছে - যি জন যিহোৱাই দিনৰ পোহৰৰ কাৰণে সুৰ্য্য আৰু ৰাতিৰ পোহৰৰ কাৰণে চন্দ্ৰ আৰু তৰাবোৰৰ নিয়ম স্থাপন কৰে, যি জনে সাগৰৰ ঢৌৱে গৰ্জ্জন কৰাকৈ সমুদ্ৰক আস্ফালন কৰায়, বাহিনীসকলৰ যিহোৱাৰ নামেৰে তেওঁ এই কথা কৈছে:
36 “Àyàfi tí ìlànà yìí bá kúrò níwájú mi,” ni Olúwa wí. “Ǹjẹ́ àwọn ọmọ Israẹli yóò dẹ́kun láti jẹ́ orílẹ̀-èdè níwájú mi láéláé.”
৩৬“যদিহে এই স্থায়ী নিয়মবোৰ মোৰ আগৰ পৰা গুচে” - যিহোৱাই এই কথা কৈছে - তেন্তে ইস্ৰায়েল বংশও চিৰকালৰ কাৰণে মোৰ আগত এক জাতি হোৱাৰ পৰা স্থগিত হ’ব।”
37 Èyí ni ohun tí Olúwa wí: “Àyàfi tí a bá lé àwọn ọ̀run lókè tí ìpìlẹ̀ ayé sì di àwárí ní ìsàlẹ̀, ni èmi yóò kọ àwọn Israẹli nítorí ohun gbogbo tí wọ́n ti ṣe,” ni Olúwa wí.
৩৭যিহোৱাই এই কথা কৈছে: যদি ওপৰত আকাশ-মণ্ডল জুখিব পাৰি, আৰু তলত পৃথিৱীৰ মূলবোৰ অনুসন্ধান কৰিব পাৰি, তেনেহ’লে ইস্ৰায়েলে কৰা সকলো কৰ্মৰ কাৰণে মইও গোটেই ইস্ৰায়েল-বংশক দূৰ কৰিম - এয়ে যিহোৱাৰ বচন।
38 “Ọjọ́ náà ń bọ̀,” ni Olúwa wí, “tí wọn yóò tún ìlú yìí kọ́ fún mi láti ilé ìṣọ́ Hananeli dé igun ẹnu ibodè.
৩৮যিহোৱাই এই কথা কৈছে - “চোৱা, এনে কোনো দিন আহি আছে” - যি দিনা মোৰ উদ্দেশ্যে হননেলৰ কোঁঠৰ পৰা চুকৰ দুৱাৰলৈকে নগৰখন সজা হ’ব,
39 Okùn ìwọ̀n yóò sì nà jáde láti ibi gígùn lọ sí òkè Garebu yóò sì lọ sí Goa.
৩৯তেতিয়া পৰিমাণ-জৰী গাৰেব পৰ্ব্বতলৈকে পোনে পোনে টনা যাব; আৰু ঘূৰি গোৱালৈ আহিব।
40 Gbogbo àfonífojì níbi tí wọ́n ń da òkú àti eérú sí, àti gbogbo àfonífojì Kidironi ní ìhà ìlà-oòrùn títí dé igun ẹnu ibodè ẹṣin yóò jẹ́ mímọ́ sí Olúwa. A kì yóò fa ìlú náà tu tàbí kí a wó o palẹ̀.”
৪০আৰু মৰা শৱ আৰু ছাঁই পেলোৱা গোটাই উপত্যকা, আৰু কিদ্ৰোণ জুৰিলৈকে সকলো মুকলি ঠাই পূবফালে থকা অশ্ব-দুৱাৰৰ চুকলৈকে যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ’ব; তাক চিৰকালৰ কাৰণে উঘলা বা কেতিয়াও পৰাভূত কৰা নহ’ব।”

< Jeremiah 31 >