< Jeremiah 3 >

1 “Bí ọkùnrin kan bá sì kọ ìyàwó rẹ̀ sílẹ̀ tí obìnrin náà sì lọ fẹ́ ọkọ mìíràn, ǹjẹ́ ọkùnrin náà tún lè tọ̀ ọ́ wá? Ǹjẹ́ ilẹ̀ náà kò ní di aláìmọ́ bí? Ṣùgbọ́n ìwọ ti gbé pẹ̀lú onírúurú panṣágà gẹ́gẹ́ bí olùfẹ́, ṣé ìwọ yóò tún padà sọ́dọ̀ mi bí?” ni Olúwa wí.
মোচিয়ে এইদৰে লিখিছিল যে, কোনোৱে নিজ স্ত্রীক ত্যাগ কৰাৰ পাছত, সেই স্ত্রীয়ে তেওঁৰ স্বামীৰ লগ এৰি, যদি আন পুৰুষৰ সৈতে বিবাহ হয়, তেতিয়া তাইৰ প্রথম স্বামীয়ে পুনৰায় তাইক নিজৰ পত্নীৰূপে ঘূৰাই নল’ব, যদি যায়, তেন্তে সেই গোটেই দেশ নিচেইকৈ মোলৈ গ্রহণীয় নহ’বলৈ সেয়ে এক কাৰণ হ’ব। কিন্তু তুমি অনেক প্ৰিয়ই সৈতে বেশ্যাকৰ্ম কৰিলা আৰু সেইবোৰে সৈতে শয়ন কৰিলা! গতিকে মোৰ ওচৰলৈ যদি তুমি ওলটিও আহাঁ, মই জানো তোমাক গ্রহণ কৰিম?” এইবুলি যিহোৱাই কৈছে।
2 “Gbé ojú rẹ sókè sí ibi gíga wọ̀n-ọn-nì, kí o sì wò ó ibi kan ha wà tí a kò bà ọ́ jẹ́? Ní ojú ọ̀nà, ìwọ jókòó de àwọn olólùfẹ́, bí i ará Arabia kan nínú aginjù, ìwọ sì ti ba ilẹ̀ náà jẹ́ pẹ̀lú ìwà àgbèrè àti ìwà búburú rẹ.
“চকু তুলি গছশূন্য পাহাৰ টিলাবোৰলৈ চোৱা। তুমি আৰাধ্য কৰা প্রতিমাবোৰ প্রত্যেক পাহাৰ টিলাবোৰতেই আছে। তুমি অৰণ্যত থকা আৰবীয়াৰ দৰে মানুবোৰলৈ বাট চাই ৰাজ-আলিত আক্রমণ কৰি লুটপাত কৰিবলৈ বহি থকাৰ দৰে যেন তেওঁলোক সকলোৱে প্রেমিকহে যাৰে সৈতে বেশ্যাকৰ্ম কৰিলা। কিয়নো প্রতিমাবোৰক আৰাধনা কৰি আৰু বেশ্যাকৰ্ম আৰু কুকৰ্মৰ দ্বাৰাই তুমি দেশখন মোলৈ অগ্রহণীয় কৰিলা।
3 Nítorí náà, a ti fa ọ̀wààrà òjò sẹ́yìn, kò sì ṣí òjò àrọ̀kúrò. Síbẹ̀ ìwọ ní ojú líle ti panṣágà, ìwọ sì kọ̀ láti ní ìtìjú.
সেইবাবেই বছৰৰ নিৰূপিত সময়ত হ’ব লগীয়া বৃষ্টি মই আটক কৰিলোঁ, যেতিয়া তোমালোকে ইয়াৰ প্রয়োজন বোধ কৰিছিলা। তথাপি তুমি বেশ্যাৰ মুখ ধাৰণ কৰি, লজ্জিত হবলৈ অস্বীকাৰ কৰিলা।
4 Ǹjẹ́ ìwọ kò ha a pè mí láìpẹ́ yìí pé, ‘Baba mi, ìwọ ọ̀rẹ́ mi láti ìgbà èwe mi.
তুমি আজিৰ পৰা মোৰ আগত প্ৰাৰ্থনা কৰি নকবা নে, যে, ‘হে মোৰ পিতৃ! তুমি মোৰ যৌৱনকালৰ পথদৰ্শক!
5 Ìwọ yóò ha máa bínú títí? Ìbínú rẹ yóò ha máa lọ títí láé?’ Báyìí ni o ṣe ń sọ̀rọ̀ ìwọ ṣe gbogbo ibi tí ìwọ le ṣe.”
তুমি জানো চিৰকাললৈকে তোমাৰ ক্ৰোধ মোৰ ওপৰত ৰাখিবা!’ চোৱা, তুমি মন্দ কথা ক’লা, আৰু কুকৰ্মও কৰি আছা আৰু নিজ ইচ্ছামতে তাক সিদ্ধও কৰি আছা!”
6 Ní àkókò ìjọba Josiah ọba, Olúwa wí fún mi pé, “Ṣé o ti rí nǹkan tí àwọn Israẹli aláìnígbàgbọ́ ti ṣe? Wọ́n ti lọ sí àwọn òkè gíga àti sí abẹ́ àwọn igi, wọ́n sì ti ṣe àgbèrè níbẹ̀.
যিহূদাৰ ৰজা, ৰজা যোচিয়াই ৰাজত্ব কৰি থকা কালত এদিনাখন যিহোৱাই মোক ক’লে, “বিপথগামিনী ইস্ৰায়েলে যি কৰিলে, তাক তুমি দেখিবলৈ পালা নে? নিজৰ স্বামীক ত্যাগ কৰি আন লোকৰ সৈতে শয়ন কৰাৰ দৰে তেওঁলোক মোৰ পৰা বিমুখ হ’ল। তেওঁলোকে প্ৰত্যেক ওখ পৰ্ব্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত গৈ, সেই সেই ঠাইত বেশ্যা কৰ্ম কৰিলে।
7 Mo rò pé nígbà tí wọ́n ti ṣe èyí wọn yóò padà, wọn kò padà, Juda aláìgbàgbọ́ arábìnrin rẹ̀ náà sì rí i.
মই ভাবিছিলোঁ যে এইবোৰ কাম কৰাৰ পাছত তেওঁলোক মোৰ ওচৰলৈ উলটি আহিব, গতিকে মই ক’লোঁ, ‘মোলৈ ঘূৰি আহাঁ!’ কিন্তু তেওঁলোকে উলটি নাহিল। আৰু তেওঁলোকৰ বিশ্বাস-ঘাতকিনী যিহূদাই তাক দেখিলে।
8 Mo fún Israẹli aláìnígbàgbọ́ ní ìwé ìkọ̀sílẹ̀, mo sì ké wọn kúrò nítorí gbogbo àgbèrè wọn. Síbẹ̀ mo rí pé Juda tí ó jẹ́ arábìnrin rẹ̀ kò bẹ̀rù, òun náà sì jáde lọ láti lọ ṣe àgbèrè.
আৰু মই দেখিলোঁ, যে, বিপথদগামিনী ইস্ৰায়েলে ব্যভিচাৰ কৰিলে, এই কাৰণে মই পত্নীক ত্যাগ-পত্ৰ দি এৰি দিয়াৰ দৰে, অন্য দেশলৈ পঠিয়াই দিলোঁ। মই তেওঁলোকক কি কৰিলোঁ, বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সেই সকলো দেখিও ইস্রায়েলৰ দৰেই বেশ্যাকৰ্ম কৰিলে। মই তেওঁলোকলৈ কি কৰিব পাৰোঁ, তালৈ যিহূদাই ভয় নকৰিলে, কিন্তু স্ত্রীসকলে নিজৰ স্বামীক এৰি আন পুৰুষলৈ যোৱাৰ দৰে দেৱ-দেৱীৰ উপাসক হৈ মোৰ পৰা নিজলে বিমূখ কৰিলে।
9 Nítorí ìwà èérí Israẹli kò jọ ọ́ lójú, ó ti ba ilẹ̀ jẹ́, ó sì ti ṣe àgbèrè pẹ̀lú òkúta àti igi.
তেওঁলোকে বেশ্যাকৰ্ম লঘু জ্ঞান কৰি তেওঁলোকে শিল আৰু কাঠেৰে সজা দেৱ-দেৱীৰ উপাসক হৈ দেশখন অশুচি কৰিলে।
10 Látàrí gbogbo nǹkan wọ̀nyí Juda arábìnrin rẹ̀ aláìgbàgbọ́ kò padà tọ̀ mí wá pẹ̀lú gbogbo ọkàn rẹ̀, bí kò ṣe nípa fífarahàn bí olóòtítọ́,” ni Olúwa wí.
১০ইস্রায়েলৰ বিশ্বাস-ঘাতকিনী বায়েক যিহূদাই সম্পূৰ্ণ মনেৰে সৈতে নহয়, কেৱল কপটভাৱেৰে মোলৈ উলটিল। এয়েই সত্য হোৱাৰ বাবে মই, যিহোৱাই ইয়াকে ক’লো।”
11 Olúwa wí fún mi pé, “Israẹli aláìnígbàgbọ́ ṣe òdodo ju Juda tí ó ní ìgbàgbọ́ lọ.
১১তেতিয়া যিহোৱাই মোক ক’লে, “ইস্ৰায়েলৰ লোকসকলে মোৰ পৰা ঘূৰি গ’ল, কিন্তু বিশ্বাস-ঘাতকিনী যিহূদাই বিপদ-ঘামিনী ইস্ৰায়েলতকৈ নিকৃষ্টতৰভাৱে বিপথে গ’ল।
12 Lọ polongo ọ̀rọ̀ náà, lọ sí ìhà àríwá: “‘Yípadà, Israẹli aláìnígbàgbọ́,’ ni Olúwa wí. ‘Ojú mi kì yóò korò sí ọ mọ́, nítorí mo jẹ́ aláàánú, ni Olúwa wí. Èmi kì yóò sì bínú mọ́ títí láé.
১২গতিকে তুমি গৈ ইস্রায়েলৰ লোকসকলক কোৱাগৈ: ‘তেওঁৰ পৰা উলটি যোৱা হে ইস্রায়েলৰ লোকসকল, যিহোৱাই এই কথা তোমালোকক কৈছে: মই তোমালৈ আৰু ক্ৰোধ-দৃষ্টি নকৰিম। কিয়নো যিহোৱাই কৈছে, মই দয়ালু আৰু মই চিৰকাললৈকে ক্ৰোধ নাৰাখোঁ। গতিকে তোমালোক মোলৈ উলটি আহাঁ।
13 Sá à ti mọ ẹ̀bi rẹ, ìwọ ti ṣọ̀tẹ̀ sí Olúwa Ọlọ́run rẹ, ìwọ ti wá ojúrere rẹ lọ́dọ̀ ọlọ́run àjèjì lábẹ́ gbogbo igikígi tí ó gbilẹ̀, ẹ̀yin kò gba ohun mi gbọ́,’” ni Olúwa wí.
১৩তোমাৰ সেই দোষ স্বীকাৰ কৰা যে, তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তুমি অপৰাধ কৰিলা, আৰু পৰজাতিসকলক বিচাৰি ইফালে সিফালে ফুৰি প্ৰত্যেক কেঁচাপতিয়া গছৰ তলত তেওঁলোকৰ সৈতে শয়ন কৰিলা অৰ্থাৎ সেই দেৱ-দেৱীৰ উপাসনা কৰিলা, তোমালোকে মোৰ বাক্য পালন নকৰি মোৰ পৰা আঁতৰি গ’লা।
14 “Padà, ẹ̀yin ènìyàn aláìnígbàgbọ́,” ni Olúwa wí, “nítorí èmi ni ọkọ rẹ. Èmi ó yàn ọ́, ọ̀kan láti ìlú àti méjì láti ẹ̀yà. Èmi ó sì mú ọ wá sí Sioni.
১৪যিহোৱাই কৈছে, হে বিপদ-ঘামিনী সন্তান সকল, মোলৈ উলটি আহাঁ; কিয়নো ময়েই তোমালোকৰ স্বামী! তোমালোক উলটি আহিলে, মই এখন নগৰৰ পৰা এজন আৰু এক গোষ্ঠীৰ পৰা দুজনকৈ লৈ চিয়োনলৈ অৰ্থাৎ যিৰূচালেমলৈ তোমালোকক আনিম।
15 Lẹ́yìn èyí, èmi ó fún ọ ní àwọn olùṣọ́-àgùntàn láti inú ọkàn mi, tí wọn yóò ṣáájú yín pẹ̀lú òye àti ìmọ̀.
১৫তোমালোকে এইদৰে কৰিলে, মই তোমালোকক মোৰ মনৰ দৰে এজন ৰখীয়া দিম; তেওঁলোকে জ্ঞান আৰু বুদ্ধিৰে তোমালোকক চৰাব, কাৰণ তেওঁলোকে মোক সন্তুষ্ট কৰিবলৈ জানে আৰু বুজে।
16 Ní ọjọ́ wọ̀n-ọn-nì, tí ẹ̀yin bá pọ̀ sí i lórí ilẹ̀ náà,” ni Olúwa wí, “àwọn ènìyàn kò tún lè sọ pé, ‘Àpótí ẹ̀rí Olúwa.’ Kò ní wá sí ìrántí wọn mọ́, a kì yóò pàdánù rẹ̀, bẹ́ẹ̀ ni a kì yóò sì tún kan òmíràn mọ́.
১৬যিহোৱাই কৈছে, সেই দিনত, যেতিয়া তোমালোক বাঢ়ি বহুপ্ৰজা হ’বা, তেতিয়া, “যিহোৱাৰ নিয়ম চন্দুক” এই কথা মানুহে আৰু নকব, আৰু সেয়ে মনত নপৰিব, লোকে তাক সোঁৱৰণ নকৰিব, সেয়ে নোহোৱাত লোকে বেজাৰ নাপাব আৰু তাক পুনৰায় সজা নাযাব।
17 Ní ìgbà náà, wọn yóò pe Jerusalẹmu ní ìtẹ́ Olúwa gbogbo orílẹ̀-èdè yóò péjọ sí Jerusalẹmu láti bọ̀wọ̀ fún orúkọ Olúwa, wọn kì yóò sì tún tẹ̀lé àyà líle búburú wọn mọ́.
১৭সেই সময়ত লোকসকলে ক’ব, “যিৰূচালেম যিহোৱাৰ সিংহাসন বুলি প্ৰখ্যাত হব, আৰু সকলো জাতিয়ে তাৰ ওচৰত যিৰূচালেমত যিহোৱাৰ নামেৰে গোট খাব আৰু তেওঁলোকে নিজ নিজ দুষ্ট মনৰ কঠিনতা অনুসাৰে আৰু নচলিব।
18 Ní ọjọ́ wọ̀n-ọn-nì ni ilé Juda yóò darapọ̀ mọ́ ilé Israẹli. Wọn yóò sì wá láti ilẹ̀ àríwá wá sí ilẹ̀ tí mo fi fún àwọn baba ńlá yín gẹ́gẹ́ bí ilẹ̀ ìní.
১৮সেই কালত যিহূদা বংশই ইস্ৰায়েল বংশই সৈতে সমভাবে চলিব, আৰু তেওঁলোক একে লগে উত্তৰ দেশৰ পৰা ওলাই, তোমালোকৰ পূৰ্বপুৰুষসকলক আধিপত্যৰ অৰ্থে মই দিয়া দেশলৈ আনিম।
19 “Èmi fúnra mi sọ wí pé, “‘Báwo ni inú mi yóò ti dùn tó, kí èmi kí ó tọ́ ọ bí ọmọkùnrin kí n sì fún ọ ní ilẹ̀ tí ó tó.’ Mo rò pé ìwọ yóò pè mí ní ‘Baba mi’ o kò sì ní ṣàì tọ̀ mí lẹ́yìn.
১৯আৰু ময়েই কৈছিলোঁ, তোমালোক ইস্রায়েলৰ লোকসকল, মই তোমালোকক গ্রহণ কৰিবলৈ তোমালোক মোৰ সন্তান হোৱা। কাৰণ মই তোমালোকক এক মনোহৰ দেশ দিম। আন জাতিৰ দেশতকৈ এই দেশ অধিককৈ মনোহৰ! মই ইচ্ছা কৰিছোঁ যেন তোমালোকে মোক ‘পিতৃ’ বুলি সন্বোধন কৰা, আৰু মোৰ পাছত চলাৰ পৰা কেতিয়াও উলটি নাযাবা।
20 Ṣùgbọ́n gẹ́gẹ́ bí aláìgbàgbọ́ obìnrin sí ọkọ rẹ̀, bẹ́ẹ̀ gẹ́gẹ́ o jẹ́ aláìgbàgbọ́ sí mi. Ìwọ ilé Israẹli,” ni Olúwa wí.
২০কিন্তু তোমালোকে পত্নীয়ে যেনেকৈ নিজ স্বামীক বিশ্বাস-ঘাতকতা কৰি এৰে, তেনেকৈ তোমালোকেও স্বৰূপেই মোৰ অহিতে বিশ্বা-ঘাতকতা কৰিলা। সেইবাবেই যিহোৱাই কৈছে, আৰু মই ইস্ৰায়েল বংশক এই কথা ক’লো।
21 A gbọ́ ohùn àgàn láti ibi gíga, ẹkún àti ẹ̀bẹ̀ àwọn ọmọ Israẹli, nítorí wọ́n ti yí ọ̀nà wọn po, wọ́n sì ti gbàgbé Olúwa Ọlọ́run wọn.
২১“গছশূন্য পৰ্ব্বতত ইস্ৰায়েলৰ সন্তান সকলৰ কান্দোন আৰু কাকুতি-মিনতি শুনা গৈছে; কাৰণ, তেওঁলোক বিপদগামী হৈছিল আৰু তেওঁলোকে নিজৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈছিল বুলি স্বীকাৰ কৰিছে।
22 “Padà, ẹ̀yin ènìyàn aláìnígbàgbọ́, Èmi ó wo ìpadàsẹ́yìn kúrò ní ọ̀nà títọ́ rẹ sàn.” “Bẹ́ẹ̀, ni a ó wá sọ́dọ̀ rẹ nítorí ìwọ ni Olúwa Ọlọ́run wa.
২২যিহোৱাই তেওঁলোকক ক’ব, “হে বিপথগামী ইস্রায়েলৰ সন্তান সকল, মোলৈ উলটি আহাঁ! তেনে কৰিলে মই তোমালোকৰ বিপথগমনস্বৰূপ ৰোগ সুস্থ কৰিম।” তেতিয়া লোকসকলে উত্তৰ দি ক’ব, “চোৱা, আমি তোমাৰ ওচৰলৈ আহিছোঁ; কিয়নো তুমিয়েই আমাৰ ঈশ্বৰ যিহোৱা।
23 Nítòótọ́, asán ni ìbọ̀rìṣà àti ìrúkèrúdò tí ó wà ní àwọn orí òkè kéékèèké àti àwọn òkè gíga, nítòótọ́, nínú Olúwa Ọlọ́run wa ni ìgbàlà Israẹli wà.
২৩স্বৰূপেই গিৰিবোৰৰ পৰা আশা কৰা সহায় আৰু পৰ্ব্বতবোৰৰ ওপৰত দেৱ-দেৱীৰ আগত কৰা কঢ়াল মিছা। স্বৰূপেই উপলদ্ধি কৰিছোঁ যে, আমাৰ ঈশ্বৰ যিহোৱাইহে ইস্ৰায়েলৰ পৰিত্ৰাণ!
24 Láti ìgbà èwe wa ni àwọn òrìṣà ìtìjú ti jẹ èso iṣẹ́ àwọn baba wa run, ọ̀wọ́ ẹran wọn àti agbo ẹran wọn, ọmọkùnrin àti ọmọbìnrin wọn.
২৪কিন্তু সেই লজ্জাজনক বাল দেৱতাই, আমাৰ লৰা কালৰে পৰা আমাৰ পিতৃসকলৰ শ্ৰমেৰে অৰ্জ্জা সম্পত্তি, তেওঁলোকৰ গৰু, মেৰ আদি জাক আৰু তেওঁলোকৰ লৰা-ছোৱালী সকলক গ্ৰাস কৰিলে।
25 Jẹ́ kí a dùbúlẹ̀ nínú ìtìjú wa, kí ìtìjú wa bò wá mọ́lẹ̀. A ti ṣẹ̀ sí Olúwa Ọlọ́run wa, àwa àti àwọn baba wa, láti ìgbà èwe wa títí di òní a kò gbọ́rọ̀ sí Olúwa Ọlọ́run wa.”
২৫সেয়ে আমি আমাৰ লাজস্বৰূপ বিছনাত শোওঁ আৰু আমাৰ অপমানে আমাক ঢাকক; কিয়নো আমাৰ পূৰ্বপুৰুষসকলে, আৰু আমিও লৰা কালৰে পৰা আজিলৈকে নিজৰ ঈশ্বৰ যিহোৱাৰ অহিতে পাপ কৰিলোঁ, আৰু নিজৰ ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন নকৰিলোঁ।”

< Jeremiah 3 >