< Isaiah 4 >

1 Ní ọjọ́ náà, obìnrin méje yóò dì mọ́ ọkùnrin kan yóò sì wí pé, “Àwa ó máa jẹ oúnjẹ ara wa a ó sì pèsè aṣọ ara wa; sá à jẹ́ kí a máa fi orúkọ rẹ̀ pè wá. Mú ẹ̀gàn wa kúrò!”
সেই দিনা সাত গৰাকী মহিলাই এজন পুৰুষক ধৰিব, আৰু ক’ব, “আমি আমাৰ নিজৰ আহাৰ খাম, আৰু নিজৰ বস্ত্র পিন্ধিম; কিন্তু আমাৰ লাজ দূৰ কৰিবলৈ আপোনাৰ নাম লবলৈ দিয়ক।”
2 Ní ọjọ́ náà, ẹ̀ka Olúwa yóò ní ẹwà àti ògo, èso ilẹ̀ náà yóò sì jẹ́ ìgbéraga àti ògo àwọn ti ó sálà ní Israẹli.
সেই দিনা যিহোৱাৰ শাখা সৌন্দৰ্যময়, প্ৰতাপী, আৰু পৃথিৱীত উৎপন্ন হোৱা ফল সুস্বাদু হ’ব আৰু ইস্রায়েলৰ ৰক্ষা পোৱা সকলৰ বাবে আনন্দদায়ক হ’ব।
3 Àwọn tí ó ṣẹ́kù ní Sioni, àwọn tí o kù ní Jerusalẹmu, ni a ó pè ní mímọ́, orúkọ àwọn ẹni tí a kọ mọ́ àwọn alààyè ní Jerusalẹmu.
তেতিয়া চিয়োন আৰু যিৰূচালেমত থকা অৱশিষ্ট লোকসকলৰ নাম জীৱন পুস্তকত লিখা থাকিব, আৰু তেওঁলোক প্রতিজনকে পবিত্ৰ বুলি কোৱা হ’ব।
4 Olúwa yóò wẹ ẹ̀gbin àwọn obìnrin Sioni kúrò yóò sì fọ gbogbo àbàwọ́n ẹ̀jẹ̀ kúrò ní Jerusalẹmu pẹ̀lú ẹ̀mí ìdájọ́ àti ẹ̀mí iná.
ন্যায়ৰ আত্মাৰ দ্বাৰাই আৰু জ্বলি থকা জুইৰ আত্মাৰ দ্বাৰাই প্ৰভুৱে যেতিয়া চিয়োন জীয়াৰীসকলৰ কলুষ ধুই পেলাব, আৰু যিৰূচালেমৰ মাজৰ পৰা তেজৰ দাগ পৰিস্কাৰ কৰিব।
5 Lẹ́yìn náà, Olúwa yóò dá sórí òkè Sioni àti sórí i gbogbo àwọn tí ó péjọpọ̀ síbẹ̀, kurukuru èéfín ní ọ̀sán àti ìtànṣán ọ̀wọ́-iná ní òru, lórí gbogbo ògo yìí ni ààbò yóò wà.
তেতিয়া যিহোৱাই চিয়োন পৰ্ব্বতৰ সকলো ঠাই, আৰু তাৰ সকলো সমবেত হোৱা ঠাইৰ ওপৰত দিনত মেঘ আৰু ধোঁৱাৰে, আৰু ৰাতি জ্বলন্ত অগ্নিশিখাৰ পোহৰৰ দ্বাৰাই সমুদায় প্ৰতাপৰ ওপৰত এখন চন্দ্ৰতাপ হ’ব।
6 Èyí ni yóò jẹ́ ààbò àti òjìji kúrò lọ́wọ́ ooru ọ̀sán, àti ààbò òun ibi ìsádi kúrò lọ́wọ́ ìjì àti òjò.
এই সকলো দিনৰ সময়ত গৰমৰ পৰা ৰক্ষা পাবলৈ ছাঁ, আৰু ধুমুহা আৰু বৰষুণৰ পৰা ৰক্ষা পাবলৈ আশ্ৰয় আৰু আৱৰণ হ’ব।

< Isaiah 4 >