< Isaiah 1 >

1 Ìran sí Juda àti Jerusalẹmu èyí tí Isaiah ọmọ Amosi rí ní àsìkò ìjọba Ussiah, Jotamu, Ahasi àti Hesekiah àwọn ọba Juda.
যিহূদা দেশৰ ৰজা উজ্জিয়া, যোথম, আহজ, আৰু হিষ্কিয়াৰ শাসনকালত আমোচৰ পুত্ৰ যিচয়াই যিহূদা আৰু যিৰূচালেমৰ বিষয়ে পোৱা দৰ্শন।
2 Gbọ́ ẹ̀yin ọ̀run! Fi etí sílẹ̀, ìwọ ayé! Nítorí Olúwa ti sọ̀rọ̀: “Mo tọ́ àwọn ọmọ dàgbà, ṣùgbọ́n wọ́n ti ṣọ̀tẹ̀ sí mi.
হে আকাশ-মণ্ডল শুনা, আৰু হে পৃথিৱী কাণ পাতা; কিয়নো যিহোৱাই কৈছে, “মই সন্তান সকলক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰিলোঁ; কিন্তু তেওঁলোকে মোৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে।
3 Màlúù mọ olówó rẹ̀, kẹ́tẹ́kẹ́tẹ́ sì mọ ibùjẹ olówó rẹ̀, ṣùgbọ́n Israẹli kò mọ̀, òye kò yé àwọn ènìyàn mi.”
গৰুৱে নিজৰ গৰাকীক আৰু গাধই নিজৰ মালিকৰ দানা পাত্ৰ চিনি পায়; কিন্তু ইস্ৰায়েলে চিনি নাপায়, আৰু বুজিও নাপায়।”
4 Á à! Orílẹ̀-èdè ẹlẹ́ṣẹ̀, àwọn ènìyàn tí ẹ̀bi ẹ̀ṣẹ̀ ń pa lẹ́rù, ìran àwọn aṣebi, àwọn ọmọ tó ti di aṣèbàjẹ́! Wọn ti kọ Olúwa sílẹ̀ wọn ti gan Ẹni Mímọ́ Israẹli, wọn sì ti kẹ̀yìn sí i.
হায় হায় পাপী জাতি, আৰু অপৰাধত ভাৰাগ্ৰস্ত লোক, কুকৰ্ম কৰাসকলৰ বংশধৰ, হে ভ্ৰষ্টতাৰে কাৰ্য কৰা সন্তান সকল! তেওঁলোকে যিহোৱাক ত্যাগ কৰিলে, তেওঁলোক ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনাক হেয়জ্ঞান কৰিলে; তেওঁলোক নিজকে তেওঁৰ পৰা বিছিন্ন কৰিলে।
5 Èéṣe tí a ó fi tún lù yín mọ́? Èéṣe tí ẹ ò dẹ́kun ọ̀tẹ̀ ṣíṣe? Gbogbo orí yín jẹ́ kìkì ọgbẹ́, gbogbo ọkàn yín sì ti pòruurù.
তোমালোকে কিয় বিদ্ৰোহ আচৰণ কৰি থাকা? তোমালোক কিয় এতিয়াও প্ৰহাৰিত হ’বা? সম্পূৰ্ণ মূৰ ৰোগাগ্রস্ত, আৰু সম্পূৰ্ণ হৃদয় দুৰ্ব্বল;
6 Láti àtẹ́lẹsẹ̀ yín dé àtàrí yín kò sí àlàáfíà rárá, àyàfi ọgbẹ́ òun ìfarapa àti ojú egbò, tí a kò nù kúrò tàbí kí á dì tàbí kí a kùn ún ní òróró.
ভৰিৰ তলুৱাৰে পৰা মুৰলৈকে কোনো এটা অংশ আঘাত নোপোৱাকৈ নাই; কেৱল ঘা, আঘাত, আৰু মুকলি ঘাঁবোৰ সতেজ; সেইবোৰ বন্ধ কৰা নাই, চাফা কৰা নাই আৰু বন্ধা নাই, নাইবা তেলেৰে সুশ্রূষাও কৰা নাই।
7 Orílẹ̀-èdè yín dahoro, a dáná sun àwọn ìlú yín, oko yín ni àwọn àjèjì ti jẹ run lójú ara yín náà, ni gbogbo rẹ̀ ṣòfò bí èyí tí àwọn àjèjì borí rẹ̀.
তোমালোকৰ দেশ উচ্ছন্ন হৈছে; তোমালোকৰ নগৰবোৰ অগ্নিদগ্ধ হৈছে; বিদেশীলোকে তোমালোকৰ চকুৰ আগতে সেইবোৰ ধ্বংস কৰিছে; সেয়ে বিদেশীসকলৰ বিধ্বংসৰ দ্বাৰাই পৰিত্যক্ত কৰি উচ্ছন্ন কৰা হৈছে।
8 Ọmọbìnrin Sioni ni a fi sílẹ̀ gẹ́gẹ́ bí àtíbàbà nínú ọgbà àjàrà, gẹ́gẹ́ bí abà nínú oko ẹ̀gúnsí, àti bí ìlú tí a dó tì.
দ্ৰাক্ষাবাৰীৰ পঁজাৰ দৰে, আৰু তিয়ঁহ বাৰীৰ চাঙিৰ দৰে, আৰু অৱৰোধ কৰা নগৰৰ দৰে, চিয়োন-জীয়ৰী পৰিত্যক্ত হৈছে।
9 Àyàfi bí Olúwa àwọn ọmọ-ogun bá ṣẹ́ díẹ̀ kù fún wà, a ò bá ti rí bí Sodomu, a ò bá sì ti dàbí Gomorra.
বাহিনীসকলৰ যিহোৱাই আমাৰ বাবে অলপ অৱশিষ্ট নৰখা হ’লে, আমি চদোম আৰু ঘমোৰাৰ দৰে হলোঁহেঁতেন।
10 Gbọ́ ọ̀rọ̀ Olúwa, ẹ̀yin aláṣẹ Sodomu, tẹ́tí sí òfin Ọlọ́run wa, ẹ̀yin ènìyàn Gomorra!
১০হে চদোমৰ শাসনকৰ্ত্তাসকল, যিহোৱাৰ বাক্য শুনা; হে ঘমোৰাৰ লোকসকল আমাৰ ঈশ্বৰৰ বিধানলৈ মনোযোগ দিয়া।
11 “Ọ̀pọ̀lọpọ̀ ẹbọ yín kín ni ọ̀pọ̀lọpọ̀ ẹbọ yín jásí fún mi?” ni Olúwa wí. “Mo ti ní ànító àti àníṣẹ́kù ẹbọ sísun ti àgbò àti ọ̀rá ẹran àbọ́pa, Èmi kò ní inú dídùn nínú ẹ̀jẹ̀ akọ màlúù, ti àgùntàn àti ti òbúkọ.
১১যিহোৱাই কৈছে, “মোলৈ তোমালোকৰ বহু সংখ্যক বলিদান কি?” মেৰ-ছাগ পোৱালি আৰু হৃষ্টপুষ্ট পশুৰ তেলেৰে দিয়া হোম বলি মোৰ যথেষ্ট আছে; ভতৰা গৰু, মেৰ-ছাগ, বা ছাগলীবোৰৰ তেজত মই সন্তুষ্ট নহওঁ।
12 Nígbà tí ẹ wá farahàn níwájú mi, ta ni ó béèrè èyí lọ́wọ́ yín, gìrì gìrì ẹsẹ̀ nínú àgbàlá mi?
১২যেতিয়া তোমালোকে মোৰ আগত উপস্থিত হ’বলৈ আহাঁ, আৰু মোৰ চোতালখন গচকা, তেতিয়া তোমালোকৰ পৰা এইবোৰ কোনে খুজিছিল?
13 Ẹ má mú ọrẹ asán wá mọ́! Ìríra ni tùràrí yín jásí fún mi, oṣù tuntun àti ọjọ́ ìsinmi àti àwọn àpéjọ, Èmi kò lè faradà á, ẹ̀ṣẹ̀ ni àpéjọ yín wọ̀nyí.
১৩অনৰ্থক নৈবেদ্য আৰু নানিবা; আৰু ধূপ মোলৈ ঘিণলগীয়া; তোমালোকৰ ন-জোন, বিশ্ৰামবাৰ, আৰু মই এই দুষ্টসকলৰ সভাসমূহ সহিব নোৱাৰোঁ।
14 Ayẹyẹ oṣù tuntun yín àti àjọ̀dún tí a yàn, ni ọkàn mi kórìíra. Wọ́n ti di àjàgà sí mi ní ọrùn, Ó sú mi láti fi ara dà wọ́n.
১৪তোমালোকৰ ন-জোন, আৰু তোমালোকৰ নিৰূপিত উৎসৱবোৰ মোৰ আত্মাই ঘিণ কৰে; সেইবোৰ মোলৈ ভাৰ স্বৰূপ, মই সেইবোৰ সহন কৰি ভাগৰি গলোঁ।
15 Nígbà tí ẹ bá tẹ́ ọwọ́ yín sókè ni àdúrà, Èmi yóò fi ojú mi pamọ́ fún un yín, kódà bí ẹ bá gba ọ̀pọ̀lọpọ̀ àdúrà, Èmi kò ni tẹ́tí sí i. “Ọwọ́ yín kún fún ẹ̀jẹ̀.
১৫সেয়ে তোমালোকে যেতিয়া প্রাৰ্থনাৰ বাবে তোমালোকৰ হাত মেলা, তেতিয়া মই তোমালোকৰ পৰা দৃষ্টি আঁতৰাওঁ; এনে কি, তোমালোকে প্ৰাৰ্থনা কৰি থাকিলেও মই নুশুনিম; তোমালোকৰ হাত নির্দোষীৰ তেজেৰে পৰিপূৰ্ণ হৈছে।
16 “Wẹ̀ kí ẹ sì jẹ́ kí ara yín mọ́. Ẹ mú ìwà ibi yín kúrò níwájú mi! Dáwọ́ àìṣedéédéé dúró,
১৬নিজকে ধুই শুচি কৰা; মোৰ দৃষ্টিৰ পৰা তোমালোকৰ পাপ কৰ্মবোৰ দূৰ কৰা; পাপ কৰিবলৈ বন্ধ কৰা,
17 kọ́ láti ṣe rere! Wá ìdájọ́ òtítọ́, tu àwọn tí a ń pọ́n lójú nínú. Ṣàtìlẹyìn fún ẹ̀tọ́ aláìní baba, gbà ẹjọ́ opó rò.
১৭ভাল কৰ্ম কৰিবলৈ শিকা। ন্যায়বিচাৰ বিচাৰা, আৰু নিপীড়িতক সহায় কৰা, পিতৃহীনক ন্যায় দিয়া আৰু বিধৱাক সুৰক্ষা দিয়া।”
18 “Ẹ wá ní ìsinsin yìí, ẹ jẹ́ kí a jọ ṣàṣàrò,” ni Olúwa wí. “Bí ẹ̀ṣẹ̀ yín bá rí bí osùn, wọn ó sì funfun bí i yìnyín, bí wọn bá sì pọ́n bí ẹ̀jẹ̀, wọn ó sì dàbí ẹ̀gbọ̀n òwú.
১৮যিহোৱাই কৈছে, “এতিয়া আহাঁ, আমি তৰ্কবিতৰ্ক কৰোঁহক,” তোমালোকৰ পাপবোৰ উজ্বল ৰঙা হ’লেও, হিমৰ দৰে বগা কৰা হ’ব; আৰু অগ্নিবৰ্ণৰ দৰে ৰঙা হ’লেও, ঊণৰ দৰে হৈ পৰিব।
19 Tí ẹ̀yin bá fẹ́, tí ẹ sì gbọ́rọ̀, ẹ̀yin yóò sì jẹ ojúlówó adùn ilẹ̀ náà.
১৯তোমালোকে যদি ইচ্ছা কৰা আৰু বাধ্য হোৱা, তেনেহ’লে তোমালোকে দেশৰ উত্তম ফল ভোগ কৰিবলৈ পাবা।
20 Ṣùgbọ́n tí ẹ bá kọ̀ tí ẹ sì ṣọ̀tẹ̀, idà ni a ó fi pa yín run.” Nítorí ẹnu Olúwa la ti sọ ọ́.
২০কিন্তু যদি তোমালোক অসন্মত হৈ বিদ্ৰোহ আচৰণ কৰা, তেনেহ’লে তৰোৱালৰ দ্বাৰাই গ্ৰাস কৰা হ’ব,” কিয়নো যিহোৱাৰ মুখে এই কথা ক’লে।
21 Wo bí ìlú òtítọ́ ṣe di àgbèrè! Ó ti kún fún ìdájọ́ òtítọ́ nígbà kan rí, òdodo ń gbé ibẹ̀ tẹ́lẹ̀ rí, ṣùgbọ́n báyìí àwọn apànìyàn!
২১কিদৰে বিশ্বাসী নগৰ বেশ্যালৈ পৰিণত হ’ল! তেওঁ ন্যায় বিচাৰেৰে আৰু ধাৰ্মিকতাৰে পৰিপূৰ্ণ আছিল; কিন্তু এতিয়া তেওঁ হত্যাকাৰীসকলৰ দ্বাৰা পৰিপূৰ্ণ।
22 Fàdákà rẹ ti di ìpẹ́pẹ́, ààyò wáìnì rẹ la ti bu omi là.
২২তোমালোকৰ ৰূপ বিশুদ্ধলৈ পৰিণত হ’ল, আৰু তোমালোকৰ দ্ৰাক্ষাৰস পানীৰে মিহলোৱা হ’ল।
23 Ọlọ̀tẹ̀ ni àwọn aláṣẹ yín, akẹgbẹ́ àwọn olè, gbogbo wọn ló fẹ́ràn àbẹ̀tẹ́lẹ̀ wọ́n sì ń wá ẹ̀bùn kiri. Wọ́n kì í ṣàtìlẹyìn fún ẹ̀tọ́ aláìní baba, ẹjọ́ opó kì í sì í dé iwájú wọn.
২৩তোমালোকৰ শাসনকৰ্তাসকল বিদ্ৰোহী আৰু চোৰৰ সঙ্গী হ’ল; প্ৰতিজনে উৎকোচ ভাল পায়, আৰু পুৰস্কাৰৰ পাছত দৌৰে; তেওঁলোকে পিতৃহীনক সুৰক্ষা নিদিয়ে, নাইবা বিধৱাৰ গোচৰ তেওঁলোকে আগলৈ নানে।
24 Nítorí náà ni Olúwa, Olúwa àwọn ọmọ-ogun, alágbára kan ṣoṣo tí Israẹli sọ wí pé: “Á à! Èmi yóò ní ìfọ̀kànbalẹ̀ lórí àwọn ọ̀tá mi n ó sì gbẹ̀san lára àwọn ọ̀tá mi.
২৪এই কাৰণে বাহিনীসকলৰ যিহোৱা, ইস্ৰায়েলৰ পৰাক্ৰমী জনা প্রভুৱে এই কথা কৈছে: “তেওঁলোকৰ সন্তাপ হওক! মই মোৰ শত্ৰুসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল’ম, আৰু মোৰ শত্রুসকলৰ বিৰুদ্ধে মই নিজে প্রতিশোধ সাধিম;
25 Èmi yóò pa ọwọ́ mi dà sí ọ, èmi ó sì ku ìpẹ́pẹ́ rẹ dànù, n ó sì mú gbogbo ìdọ̀tí rẹ kúrò.
২৫মই তোমালোকৰ বিৰুদ্ধে মোৰ হাত ঘূৰাই আনিম, তোমালোকৰ আবৰ্জনাবোৰ আঁতৰাই শুদ্ধ কৰিম, আৰু তোমালোকৰ সকলো অসাৰ বস্তু নাইকিয়া কৰিম।
26 Èmi yóò mú àwọn adájọ́ rẹ bọ̀ sí ipò gẹ́gẹ́ bí i ti àtijọ́, àti àwọn olùdámọ̀ràn rẹ̀ bí i ti ìbẹ̀rẹ̀ pẹ̀pẹ̀. Lẹ́yìn náà ni a ó pè ọ ní ìlú òdodo, ìlú òtítọ́.”
২৬মই আগৰ দৰেই তোমালোকৰ বিচাৰকৰ্তাসকলক, আৰু আৰম্ভণীৰ দৰে তোমালোকৰ পৰামৰ্শদাতাসকলক পুনৰায় স্থাপন কৰিম; তাৰ পাছতহে তোমালোকে ধাৰ্মিকতাৰ দ্বাৰাই আৰু বিশ্বাসীৰ নগৰ নামেৰে প্ৰখ্যাত হ’বা।”
27 A ó fi ìdájọ́ òtítọ́ ra Sioni padà, àti àwọn tí ó ronúpìwàdà pẹ̀lú òdodo.
২৭চিয়োন ন্যায়বিচাৰৰ দ্বাৰাই, আৰু ধাৰ্মিকতাৰ দ্বাৰাই অনুতপ্ত হ’ব।
28 Ṣùgbọ́n àwọn ọlọ̀tẹ̀ àti àwọn ẹlẹ́ṣẹ̀ ni a ó parun. Àwọn tí ó bá sì kọ Olúwa sílẹ̀ ni yóò ṣègbé.
২৮বিদ্ৰোহী আৰু পাপীসকল একেলগে চূৰ্ণ কৰা হ’ব, আৰু যিহোৱাক ত্যাগ কৰাসকলক তেওঁলোকৰ সৈতে নষ্ট কৰা হ’ব।
29 “Ojú yóò tì yín nítorí igi óákù mímọ́ èyí tí ẹ ní inú dídùn sí, a ó kàn yín lábùkù nítorí àwọn ọgbà yìí tí ẹ ti yàn fúnra yín.
২৯“কিয়নো তোমালোকে পবিত্র ওক গছবোৰত আৰাধনা কৰা দেৱতাবোৰৰ বাবে লাজ পাবা, আৰু তোমালোকৰ মনোনীত বাগিছাবোৰৰ বাবে বিভ্রান্ত হ’বা।
30 Ẹ ó sì dàbí igi óákù tí ewé rẹ̀ ti rọ, bí ọgbà tí kò ní omi.
৩০কাৰণ তোমালোক ওক গছৰ শুকান পাতৰ দৰে, আৰু পানী নথকা বাগিছাৰ দৰে হ’বা।
31 Alágbára ọkùnrin náà yóò sì dàbí ohun ìdáná, iṣẹ́ rẹ̀ bí ẹ̀ṣẹ́-iná, àwọn méjèèjì ni yóò jóná papọ̀, láìsí ẹni tí yóò lè pa iná yìí.”
৩১পৰাক্ৰমী লোক জ্বলি শেষ হৈ যোৱা পদার্থৰ দৰে, আৰু তেওঁৰ কৰ্ম ফিৰিঙতিৰ দৰে হ’ব; সেইবোৰ দুয়ো একেলগে জ্বলিব আৰু কোনেও তাক নুমাব নোৱাৰিব।

< Isaiah 1 >