< Genesis 50 >

1 Josẹfu sì ṣubú lé baba rẹ̀, ó sọkún, ó sì fẹnukò ó ní ẹnu.
তেতিয়া যোচেফে তেওঁৰ বাপেকৰ মুখৰ ওপৰত মুখ দি পৰিল, আৰু কান্দি কান্দি তেওঁক চুমা খালে।
2 Nígbà náà ni Josẹfu pàṣẹ fún àwọn oníṣègùn tí ó wà ní ìkáwọ́ rẹ̀ pé kí wọn kí ó ṣe òkú Israẹli baba rẹ̀ lọ́jọ̀, àwọn oníṣègùn náà sì ṣe bẹ́ẹ̀.
পাছত যোচেফে তেওঁৰ বাপেকৰ মৃতদেহ সুগন্ধিদ্ৰব্যযুক্ত কৰি ৰাখিবলৈ, তেওঁৰ দাস চিকিৎসকসলক আজ্ঞা দিলে; তাতে চিকিৎসকসকলে ইস্ৰায়েলৰ দেহ সুগন্ধিদ্ৰব্যযুক্ত কৰিলে।
3 Fún ogójì ọjọ́ ni wọ́n fi ṣe èyí, nítorí èyí ni àsìkò tí a máa ń fi ṣe ẹ̀ǹbáàmù òkú. Àwọn ará Ejibiti sì ṣọ̀fọ̀ rẹ̀ fún àádọ́rin ọjọ́.
তেওঁলোকে এই কাৰ্যত চল্লিশ দিন সময় ল’লে; কিয়নো সেই কাৰ্য কৰিবলৈ ইমান দিনেই প্ৰয়োজন হয়। পাছত মিচৰীয়াসকলে তেওঁৰ কাৰণে সত্তৰ দিন শোক কৰিলে।
4 Nígbà tí ọjọ́ ìṣọ̀fọ̀ náà kọjá. Josẹfu wí fún àwọn ará ilé Farao pé, “Bí mo bá bá ojúrere yín pàdé, ẹ bá mi sọ fún Farao.
সেই শোকৰ দিন অতীত হোৱাৰ পাছত, যোচেফে ফৰৌণৰ অধিকাৰীসকলক ক’লে, “মই যদি আপোনালোকৰ আগত অনুগ্ৰহ প্ৰাপ্ত হৈছোঁ, তেনেহলে বিনয় কৰোঁ, ফৰৌণৰ ওচৰত এই কথা কওক যে,
5 ‘Baba mi mú mi búra ó sì wí fún mi pé, “Mo ti fẹ́rẹ kú: sinmi sínú ibojì tí mo gbẹ́ fún ara mi ní ilẹ̀ Kenaani.” Nísinsin yìí, jẹ́ kí n lọ kí n sì sìnkú baba mi, lẹ́yìn náà èmi yóò padà wa.’”
‘মোৰ পিতৃয়ে মোক শপত কৰাই কৈছিল, চোৱা, মই এতিয়া মৰোঁহে; কনান দেশত মই মোৰ নিজৰ অৰ্থে খান্দি থোৱা মৈদামতেই তুমি মোক মৈদাম দিবা’। এতেকে, মই বিনয় কৰোঁ, এতিয়া মোৰ পিতৃক মৈদাম দিবলৈ মোক যাব দিয়ক; পাছত মই পুনৰ ঘূৰি আহিম’।”
6 Farao wí pé, “Gòkè lọ, kí o sì sin baba rẹ, bí ó tí mú ọ búra.”
তেতিয়া ফৰৌণে ক’লে, “যোৱা; তোমাৰ পিতৃয়ে তোমাক শপত কৰোঁৱাৰ দৰেই তুমি তেওঁক মৈদাম দিয়াগৈ।”
7 Báyìí ni Josẹfu gòkè lọ láti sìnkú baba rẹ̀. Gbogbo àwọn ìjòyè Farao ni ó sìn ín lọ—àwọn àgbàgbà ilé rẹ̀, àti gbogbo àwọn àgbàgbà ilẹ̀ Ejibiti.
তেতিয়া যোচেফে তেওঁৰ বাপেকক মৈদাম দিবলৈ যাত্ৰা কৰিলে; তাতে ফৰৌণৰ পাত্ৰমন্ত্ৰীসকল, তেওঁৰ ঘৰৰ বৃদ্ধসকল, মিচৰ দেশৰ সকলো বৃদ্ধ লোক,
8 Yàtọ̀ fún gbogbo àwọn ará ilé Josẹfu àti ti àwọn arákùnrin rẹ̀ àti àwọn tí ó jẹ́ ilé baba rẹ̀, àwọn ọmọ wọn nìkan àti agbo ẹran pẹ̀lú agbo màlúù ni ó sẹ́ kù ní Goṣeni.
যোচেফ আৰু তেওঁৰ আটাই পৰিয়াল, তেওঁৰ ভায়েক-ককায়েকসকল, আৰু বাপেকৰ পৰিয়ালো তেওঁৰ লগত গ’ল; তেওঁলোকে কেৱল নিজৰ ল’ৰা-তিৰোতা আৰু মেৰ, ছাগ, আৰু গৰু আদিৰ জাকবোৰহে গোচনত এৰি গ’ল।
9 Kẹ̀kẹ́-ẹṣin àti àwọn ẹlẹ́ṣin pẹ̀lú gòkè lọ. Àìmoye ènìyàn ni ó lọ.
তেওঁৰ লগত ৰথ, আৰু অশ্বাৰোহীসকল গ’ল। এইদৰে সকলো মিলি এটা অতি বৃহৎ দল হ’ল।
10 Nígbà tí wọ́n dé ilẹ̀ ìpakà Atadi, ní ẹ̀bá Jordani, wọn pohùnréré ẹkún, níbẹ̀ ni Josẹfu sì tún dúró ṣọ̀fọ̀ baba rẹ̀ fún ọjọ́ méje.
১০পাছত তেওঁলোকে গৈ যৰ্দ্দনৰ সিপাৰে থকা আটদৰ মৰণা মৰা ঠাই পালে, সেই ঠাইতে তেওঁলোকে অতি দাৰুণ মহা-বিলাপেৰে বিলাপ কৰিলে।
11 Nígbà tí àwọn ará Kenaani tí ń gbé níbẹ̀ rí i bí wọ́n ti ń ṣọ̀fọ̀ náà ni ilẹ̀ ìpakà Atadi, wọ́n wí pé, “Ọ̀fọ̀ ńlá ni àwọn ará Ejibiti ń ṣe yìí.” Ìdí èyí ni a fi ń pe ibẹ̀ ní Abeli-Misraimu. Kò sì jìnnà sí Jordani.
১১তাতে সেই দেশ নিবাসী কনানীয়াসকলে আটদৰ মৰণা মৰা ঠাইত এইদৰে শোক কৰা দেখি ক’লে, “মিচৰীয়াসকলৰ এয়ে অতি দাৰুণ শোক।” এই হেতুকে যৰ্দ্দনৰ সিপাৰে থকা সেই ঠাই আবেল-নিশ্ৰিয়াম নামেৰে প্ৰখ্যাত হ’ল।
12 Báyìí ni àwọn ọmọ Jakọbu ṣe ohun tí baba wọn pàṣẹ fún wọn.
১২পাছত যাকোবে নিজৰ পুত্ৰসকলক আজ্ঞা দিয়াৰ দৰেই তেওঁলোকে কৰিলে।
13 Wọ́n gbé e lọ sí ilẹ̀ Kenaani, wọ́n sì sin ín sínú ihò àpáta tí ó wà ní oko Makpela, ní tòsí i Mamre tí Abrahamu rà gẹ́gẹ́ bí ilẹ̀ ìsìnkú lọ́wọ́ Efroni ará Hiti, pẹ̀lú ilẹ̀ náà.
১৩তেওঁৰ পুত্ৰসকলে তেওঁক কনান দেশলৈ লৈ গ’ল আৰু মম্ৰিৰ সন্মুখত থকা মকপেলাৰ পথাৰৰ যি গুহা আছিল, তাতে মৈদাম দিলে। অব্ৰাহামে পথাৰে সৈতে সেই গুহা মৈদাম দিবৰ বাবে কিনিছিল। তেওঁ হিত্তীয়া ইফ্রোণৰ পৰা সেই ঠাই কিনি লৈছিল।
14 Lẹ́yìn ìgbà tí ó ti sìnkú baba rẹ̀ tan, Josẹfu padà sí Ejibiti pẹ̀lú àwọn arákùnrin rẹ̀ àti àwọn mìíràn tí ó tẹ̀lé e lọ láti sin baba rẹ̀.
১৪বাপেকক মৈদাম দিয়াৰ পাছত যোচেফ আৰু তেওঁৰ ভায়েক-ককায়েকসকলৰ লগতে বাপেকক মৈদাম দিবলৈ তেওঁলোকৰ লগত অহা সকলো লোক মিচৰদেশলৈ উভতি গ’ল।
15 Nígbà tí àwọn arákùnrin Josẹfu rí i pé baba wọn kú, wọ́n wí fún ara wọn pé, “Ǹjẹ́ bí ó bá ṣe pé Josẹfu ṣì fi wá sínú ń kọ́, tí ó sì fẹ́ gbẹ̀san gbogbo aburú tí a ti ṣe sí i?”
১৫পাছত যোচেফৰ ককায়েকসকলে দেখিলে যে তেওঁলোকৰ পিতৃৰ মৃত্যু হ’ল, সেয়ে তেওঁলোকে ক’লে, “যদি যোচেফে ঘৃণা কৰে, আৰু আমি তেওঁলৈ যি যি অন্যায় কৰিছিলোঁ, তাৰ যদি প্ৰতিফল আমাক দিয়ে?”
16 Nítorí náà wọ́n ránṣẹ́ sí Josẹfu wí pé, “Baba rẹ fi àṣẹ yìí sílẹ̀ kí ó tó lọ wí pé,
১৬সেয়ে তেওঁলোকে যোচেফলৈ বার্তা পঠালে, আৰু ক’লে, “তোমাৰ পিতৃয়ে তেওঁৰ মৃত্যুৰ আগেয়ে এই আদেশ দিছিল, যে,
17 ‘Èyí ni kí ẹ̀yin kí ó sọ fún Josẹfu, mo bẹ̀ ọ́ kí o dáríjì àwọn arákùnrin rẹ, gbogbo ẹ̀ṣẹ̀ àti aburú tí wọ́n ṣe sí ọ, èyí tí ó mú ibi bá ọ’. Nísinsin yìí, jọ̀wọ́ dárí ẹ̀ṣẹ̀ àwọn ìránṣẹ́ Ọlọ́run baba rẹ jì wọ́n.” Nígbà tí iṣẹ́ ti wọ́n rán dé ọ̀dọ̀ rẹ̀, Josẹfu sọkún.
১৭তোমালোকে যোচেফক এইদৰে ক’বা, ‘বিনয় কৰোঁ, তুমি তোমাৰ ককায়েৰাহঁতৰ জগৰ, তেওঁলোকৰ পাপ ক্ষমা কৰা; কিয়নো তেওঁলোকে তোমাক দুৰ্গতি কৰিছিল’। এতেকে, এতিয়া আমি বিনয় কৰোঁ, আপুনি নিজ পিতৃৰ ঈশ্বৰৰ দাসসকলৰ দোষ ক্ষমা কৰক।” এইদৰে তেওঁলোকে যোচেফলৈ কৈ পঠোৱাত, তেওঁ কান্দি পেলালে।
18 Àwọn arákùnrin rẹ̀ wá, wọ́n sì wólẹ̀ níwájú rẹ̀, wọ́n wí pé, “Ẹrú rẹ ni a jẹ́.”
১৮তাৰ পাছত তেওঁৰ ককায়েকসকলে গৈ তেওঁৰ সন্মুখত পৰি ক’লে, “চাওক, আমি আপোনাৰে বন্দী।”
19 Ṣùgbọ́n Josẹfu wí fún wọn pé, “Ẹ má ṣe bẹ̀rù, èmi ha wà ní ipò Ọlọ́run bí?
১৯তেতিয়া যোচেফে তেওঁলোকক ক’লে, “ভয় নকৰিবা; কিয়নো, মই জানো ঈশ্বৰৰ প্ৰতিনিধি?
20 Bí ó tilẹ̀ jẹ́ pé ẹ gbèrò láti ṣe mi ní ibi, ṣùgbọ́n Ọlọ́run gbèrò láti fi ṣe rere tí ń ṣe lọ́wọ́ yìí; ni gbígba ẹ̀mí ọ̀pọ̀lọpọ̀ ènìyàn là.
২০তোমালোকে মোৰ বিৰুদ্ধে অনিষ্টৰ কল্পনা কৰিছিলা হয়, কিন্তু এতিয়া যেনেকৈ দেখিছা তেনেকৈ অনেক লোকৰ প্ৰাণ ৰক্ষা কৰা কাৰ্য সিদ্ধ কৰাৰ অভিপ্ৰায়েৰে, ঈশ্বৰে ইয়াকে মঙ্গলৰ কল্পনা কৰিলে।
21 Nítorí náà, ẹ má ṣe bẹ̀rù. Èmi yóò pèsè fún ẹ̀yin àti àwọn ọmọ yín.” Ó tún fi wọ́n lọ́kàn balẹ̀, ó sì sọ ọ̀rọ̀ rere fun wọn.
২১এতিয়া তোমালোকে ভয় নকৰিবা; মই তোমালোকক আৰু তোমালোকৰ ল’ৰা-তিৰোতাসকলকো প্ৰতিপালন কৰিম।” এইদৰে তেওঁলোকক তেওঁ শান্ত্বনা দিলে, আৰু মৰমৰ কথা ক’লে।
22 Josẹfu sì ń gbé ní Ejibiti pẹ̀lú gbogbo ìdílé baba rẹ̀. Ó sì wà láààyè fún àádọ́fà ọdún.
২২পাছত যোচেফে তেওঁৰ পিতৃ-বংশৰ সৈতে মিচৰ দেশতে নিবাস কৰি থাকিল। আৰু যোচেফ এশ দহ বছৰ জীয়াই থাকিল।
23 Ó sì rí ìran kẹta ọmọ Efraimu-Àwọn ọmọ Makiri, ọmọkùnrin Manase ni a sì gbé le eékún Josẹfu nígbà tí ó bí wọn.
২৩এইদৰে যোচেফে ইফ্ৰয়িমৰ পৰিনাতি দেখিবলৈ পালে। তেওঁ মনচিৰ পুতেক মাখীৰৰ সন্তান সকলকো দেখা পালে। তেওঁ তেওঁলোকক কোলাত লবলৈ পালে।
24 Nígbà náà ni Josẹfu wí fún àwọn arákùnrin rẹ̀ pé, “Mo ti fẹ́rẹ kú, ṣùgbọ́n dájúdájú Ọlọ́run yóò wá sí ìrànlọ́wọ́ yín, yóò sì mú un yín jáde kúrò ní ilẹ̀ yìí lọ sí ilẹ̀ tí ó ti ṣèlérí ní ìbúra fún Abrahamu, Isaaki àti Jakọbu.”
২৪পাছত যোচেফে তেওঁৰ ভায়েক-ককায়েকসকলক ক’লে, “মই এতিয়া মৃত্যুৰ সময়ত উপস্থিত হৈছোঁ; কিন্তু ঈশ্বৰে তোমালোকলৈ অৱশ্যে দৃষ্টি কৰিব আৰু অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশলৈ তোমালোকক এই দেশৰ পৰা লৈ যাব।”
25 Josẹfu sì mú kí àwọn ọmọ Israẹli búra májẹ̀mú kan wí pé, “Dájúdájú Ọlọ́run yóò wá sí ìrànlọ́wọ́ yín, nígbà náà ni ẹ gbọdọ̀ kó egungun mi lọ́wọ́ kúrò ní ìhín.”
২৫তাৰ পাছত যোচেফে ইস্ৰায়েলৰ সন্তান সকলক শপত কৰালে। তেওঁ ক’লে, “ঈশ্বৰে অৱশ্যে তোমালোকলৈ দৃষ্টি কৰিব। সেই সময়ত নিশ্চয়কৈ তোমালোকে ইয়াৰ পৰা মোৰ অস্থি লৈ যাবা।”
26 Báyìí ni Josẹfu kú nígbà tí ó pé àádọ́fà ọdún. Lẹ́yìn ìgbà tí wọ́n ṣe òkú rẹ̀ lọ́jọ̀ tan, a gbé e sí inú pósí ní Ejibiti.
২৬এইদৰে যোচেফ এশ দহ বছৰ বয়সত মৰিল; পাছত তেওঁক সুগন্ধিদ্ৰব্য যুক্ত কৰি, মিচৰত এটা পেড়াত ভৰাই ৰখা হ’ল।

< Genesis 50 >