< Genesis 44 >

1 Nígbà náà ni Josẹfu pàṣẹ fún ìránṣẹ́ rẹ̀ pé, “Di oúnjẹ kún inú àpò àwọn ọkùnrin náà tó ìwọ̀n èyí tí wọ́n le rù, kí o sì mú owó olúkúlùkù àwọn ọkùnrin náà padà sí ẹnu àpò rẹ̀.
যোচেফে তেওঁৰ ঘৰৰ ঘৰগিৰীক আদেশ দি ক’লে, “এই লোকসকলে যিমান শস্য লৈ যাব পাৰে, তেওঁলোকৰ বস্তাবোৰ সিমানকৈ পূৰ কৰি দিয়া আৰু প্ৰতিজন লোকৰ ধন তেওঁলোকৰ বস্তাৰ মুখত থ’বা।
2 Nígbà náà ni kí o mú kọ́ọ̀bù idẹ mi sí ẹnu àpò èyí tí ó jẹ́ àbíkẹ́yìn nínú wọn pẹ̀lú owó tí ó fi ra ọkà,” ó sì ṣe bí Josẹfu ti sọ.
মোৰ ৰূপৰ পিয়লাটো সবাটোকৈ সৰুটোৰ শস্য ভৰোৱা বস্তাৰ মুখত থ’বা; শস্য কিনাৰ বাবে অনা তাৰ ধনখিনিও থ’বা।” তেতিয়া ঘৰগিৰী জনে যোচেফে কোৱাৰ দৰেই কৰিলে।
3 Bí ilẹ̀ ti ń mọ́, wọ́n bẹ̀rẹ̀ ìrìnàjò wọn padà lọ pẹ̀lú kẹ́tẹ́kẹ́tẹ́ wọn.
পাছদিনা অতি পুৱাতেই লোকসকলক তেওঁলোকৰ গাধবোৰৰ সৈতে বিদায় দিলে।
4 Wọn kò tí ì rìn jìnnà sí ìlú náà tí Josẹfu fi wí fún ìránṣẹ́ rẹ̀ pé, “Lépa àwọn ọkùnrin náà, nígbà tí o bá sì bá wọn, kí o wí pé, ‘Èéṣe ti ẹ fi búburú san rere?
তেওঁলোক নগৰৰ পৰা ওলাই যোৱাৰ পাছত, অধিক দূৰ গৈ পোৱাৰ আগতেই যোচেফে তেওঁৰ ঘৰগিৰীক ক’লে, “সোনকালে সেই লোকসকলৰ পাছে পাছে যোৱা। তেওঁলোকক লগ পাই ক’বা, ‘তোমালোকে উপকাৰৰ সলনি কিয় অপকাৰ কৰি আহিলা? কিয় তোমালোকে মোৰ প্রভুৰ পিয়লা চুৰ কৰিলা?
5 Èyí ha kọ́ ni kọ́ọ̀bù tí olúwa mi ń lò fún ohun mímu tí ó sì tún ń fi í ṣe àyẹ̀wò? Ohun tí ẹ ṣe yìí burú púpọ̀.’”
সেইটো পিয়লাতে মোৰ প্ৰভুৱে পান কৰে আৰু মঙ্গল চোৱাৰ কাৰণেও ব্যৱহাৰ কৰে? তোমালোকে এই কৰ্ম কৰি অতি অন্যায় কৰিছা’।”
6 Nígbà tí ó sì bá wọn, o sọ ọ̀rọ̀ wọ̀nyí fún wọn.
এইদৰে সেই ঘৰগিৰীয়েও গৈ বাটত তেওঁলোকক লগ ধৰিলে আৰু এইবোৰ কথা ক’লে।
7 Ṣùgbọ́n wọ́n dá a lóhùn pé, “Kí ló dé tí olúwa mi sọ irú nǹkan wọ̀nyí? Ká má rí i! Àwọn ìránṣẹ́ rẹ kò le ṣe irú nǹkan bẹ́ẹ̀!
কিন্তু তেওঁলোকে তেওঁক ক’লে, “মহাশয়, আপুনি কিয় এনেবোৰ কথা কৈছে? আপোনাৰ দাসবোৰৰ পৰা এনে ধৰণৰ কৰ্ম কৰা দূৰ হওক।
8 A tilẹ̀ mú owó tí a rí lẹ́nu àpò wa padà tọ̀ ọ́ wá láti ilẹ̀ Kenaani. Nítorí náà èéṣe tí àwa yóò fi jí wúrà tàbí idẹ ní ilé olúwa à rẹ?
চাওক, যোৱাবাৰ আমাৰ বস্তাৰ মুখত যি ধন পাইছিলোঁ, সেয়া আমি কনান দেশৰ পৰা পুনৰ আপোনালৈ ওভটাই আনিলো; তেন্তে আপোনাৰ প্ৰভুৰ ঘৰৰ পৰা আমি ৰূপ বা সোণ কেনেকৈ চুৰ কৰি আনিব পাৰোঁ?
9 Bí a bá rí i lọ́wọ́ èyíkéyìí nínú àwọn ìránṣẹ́ rẹ, kíkú ni yóò kú, àwọn tí ó kù yóò sì di ẹrú fún olúwa à rẹ.”
যদি সেই পিয়লা আপোনাৰ এই দাসবোৰৰ কোনোবা এজনৰ ওচৰত পোৱা যায়, তেন্তে তাৰ মৃত্যু হওঁক আৰু আমিও প্ৰভুৰ দাস হৈ থাকিম।”
10 Ó wí pé, “Ó dára, kí ó rí bí ẹ ti ṣe sọ. Ẹnikẹ́ni tí mo bá rí i lọ́wọ́ rẹ̀ yóò di ẹrú mi. Ẹ̀yin tí ó kù yóò sì wà láìlẹ́bi.”
১০তেতিয়া ঘৰগিৰীজনে ক’লে, “ঠিক আছে, আপোনালোকৰ কথাৰ দৰেই হওক; কিন্তু যিজনৰ ওচৰত সেই পিয়লা পোৱা যাব, কেৱল তেৱেঁ মোৰ দাস হ’ব; আন সকলো নিৰ্দ্দোষী হ’ব।”
11 Olúkúlùkù wọn yára sọ àpò rẹ̀ kalẹ̀, wọ́n sì tú u.
১১তেতিয়া তেওঁলোকে বেগতে নিজৰ বস্তা মাটিত নমাই খুলিলে।
12 Nígbà náà ni ìránṣẹ́ náà bẹ̀rẹ̀ sí ní í wá a, bẹ̀rẹ̀ láti orí ẹ̀gbọ́n títí lọ sórí àbúrò pátápátá. Ó sì rí kọ́ọ̀bù náà nínú àpò ti Benjamini.
১২ঘৰগিৰীয়ে ডাঙৰজনৰ পৰা আৰম্ভ কৰি শেষত সৰুজনলৈকে বিচাৰোতে বিন্যামীনৰ বস্তাৰ ভিতৰত সেই পিয়লা পোৱা গ’ল।
13 Nígbà tí wọ́n rí èyí, wọ́n fa aṣọ wọn ya, wọ́n sì banújẹ́ gidigidi, wọn tún ẹrù wọn dì sórí kẹ́tẹ́kẹ́tẹ́, wọ́n sì padà sí inú ìlú.
১৩তেতিয়া তেওঁলোকে নিজৰ কাপোৰ ফালিলে। নিজৰ গাধত বোজাবোৰ দি পুনৰ নগৰলৈ উভটি গ’ল।
14 Josẹfu sì wà nínú ilé nígbà tí Juda àti àwọn arákùnrin rẹ̀ wọlé wá. Gbogbo wọn sì wólẹ̀ níwájú rẹ̀.
১৪যিহূদা আৰু তেওঁৰ ভায়েক-ককায়েকসকল যেতিয়া যোচেফৰ ঘৰ আহি পালে, যোচেফ তেতিয়াও তাতে আছিল। তেওঁলোকে তেওঁৰ সন্মুখলৈ গৈ মাটিত উবুৰি হৈ পৰিল।
15 Josẹfu wí fún wọn pé, “Èwo ni èyí tí ẹ ṣe yìí? Ṣe ẹ kò mọ pé, ènìyàn bí èmi le è rí ìdí nǹkan nípa ṣíṣe àyẹ̀wò?”
১৫তেতিয়া যোচেফে তেওঁলোকক ক’লে, “তোমালোকেনো এইটো কি কাম কৰিলা? তোমালোকে নাজানা নে যে মোৰ নিচিনা এজন লোকে মঙ্গল চোৱাৰ অভ্যাস কৰিব পাৰে?”
16 Juda dáhùn pé, “Kí ni à bá sọ fún olúwa mi? Báwo ni a ṣe lè wẹ ara wa mọ́? Ọlọ́run ti tú àṣírí ẹ̀ṣẹ̀ àwọn ìránṣẹ́ rẹ̀, a ti di ẹrú olúwa à mi báyìí àwa fúnra wa àti ẹni náà tí a rí kọ́ọ̀bù lọ́wọ́ rẹ̀.”
১৬যিহূদাই ক’লে, “মোৰ প্ৰভুকনো আমি কি ক’ম? উত্তৰেইবা কি দিম? কেনেদৰেইবা আমি নিজক নিৰ্দ্দোষী বুলি প্রমাণ কৰিম? আপোনাৰ দাসবোৰৰ অপৰাধ ঈশ্বৰেই প্ৰকাশ কৰি দিলে; যাৰ হাতত সেই পিয়লাটো পোৱা গৈছে, চাওঁক, সি আৰু আমি সকলোৱেই মোৰ প্ৰভুৰ দাস হলোঁ।”
17 Ṣùgbọ́n Josẹfu dáhùn pé, “Ká má rí i pé mo ṣe irú nǹkan bẹ́ẹ̀! Ẹni tí a bá kọ́ọ̀bù mi lọ́wọ́ rẹ̀ nìkan ni yóò di ẹrú mi, ẹ̀yin tí ó kù, ẹ máa lọ sọ́dọ̀ baba yín ní àlàáfíà.”
১৭তাতে যোচেফে ক’লে, “এনে কৰ্ম কৰা মোৰ পৰা দূৰ হওঁক; যাৰ হাতত পিয়লাটো পোৱা গৈছে, তেওঁহে মোৰ দাস হ’ব; কিন্তু আন সকলোৱে শান্তিৰে তোমালোকৰ পিতৃৰ কাষলৈ ঘূৰি যোৱা।”
18 Nígbà náà ni Juda súnmọ́ ọ̀dọ̀ rẹ̀, ó sì wí pé, “Jọ̀wọ́ olúwa mi, jẹ́ kí ìránṣẹ́ rẹ kí ó sọ ọ̀rọ̀ kan fún olúwa mi, má ṣe bínú sí ìránṣẹ́ rẹ bí ó tilẹ̀ jẹ́ wí pé ìwọ pẹ̀lú láṣẹ bí i ti Farao.
১৮তেতিয়া যিহূদাই তেওঁৰ ওচৰলৈ আগুৱাই গৈ ক’লে, “হে মোৰ মালিক, ফৰৌণ যেনে আপুনিও তেনে। দয়া কৰি মোৰ প্ৰভুৰ কাণত আপোনাৰ এই দাসক এষাৰ কথা জনাবলৈ অনুমতি দিয়ক। আপোনাৰ এই দাসৰ ওপৰত আপোনাৰ ক্ৰোধ প্রজ্বলিত নহওঁক।
19 Olúwa mi béèrè lọ́wọ́ àwọn ìránṣẹ́ rẹ̀ pé, ‘Ǹjẹ́ ó ní baba tàbí arákùnrin?’
১৯মোৰ প্ৰভুৱে তেওঁৰ এই দাসবোৰক সুধিছিল, ‘তোমালোকৰ পিতৃ আৰু কোনো ভাই আছে নে?’
20 Àwa sì wí fún olúwa mi pé, ‘A ni baba tí ó ti darúgbó, ọmọkùnrin kan sì wà pẹ̀lú tí a bí fún un ní ọjọ́ ogbó rẹ̀. Ẹ̀gbọ́n rẹ̀ ti kú, òun nìkan sì ni ó kù nínú àwọn ọmọ ìyá rẹ̀, baba rẹ̀ sì fẹ́ràn án rẹ̀.’
২০তাতে আমি প্ৰভুক কৈছিলোঁ, ‘আমাৰ এজন বৃদ্ধ পিতা আছে আৰু তেওঁৰ বুঢ়া কালৰ এজন সৰু ল’ৰাও আছে; তাৰ ককায়েকৰ মৃত্যু হৈছে আৰু একে মাকৰ সন্তান হিচাবে সি এতিয়া অকলেই আছে; সেয়ে তাৰ পিতাই তাক অতি মৰম কৰে।
21 “Nígbà náà ni ó sọ fún àwọn ìránṣẹ́ rẹ̀ pé, ‘Ẹ mu un tọ̀ mí wá kí n le fojú ara mi rí i.’
২১পাছত আপুনি আপোনাৰ এই দাসবোৰক কৈছিল, ‘তাক মোৰ ওচৰলৈ লৈ আনা, মই তাক চাব বিচাৰো।’
22 A sì sọ fún olúwa à mi pé, ‘Ọmọkùnrin náà kò le è fi baba rẹ̀ sílẹ̀, bí ó bá dán an wò baba rẹ̀ yóò kú.’
২২তেতিয়া আমি প্ৰভুক কৈছিলোঁ, ‘ল’ৰাটিয়ে তাৰ পিতাকক এৰি আহিব নোৱাৰে; কিয়নো যদি আহে, তেন্তে তাৰ পিতাৰ মৃত্যু হ’ব।’
23 Ṣùgbọ́n ìwọ wí fún àwọn ìránṣẹ́ rẹ̀ pé, ‘Ẹ má ṣe padà tọ̀ mí wá àyàfi bí àbíkẹ́yìn yín bá bá yín wá.’
২৩কিন্তু আপুনি আপোনাৰ দাসবোৰক কৈছিল, ‘তোমালোকৰ সৰু ভাইক লগত লৈ নাহিলে, তোমালোকে পুনৰ মোৰ মুখ দেখা নাপাবা।’
24 Nígbà tí a padà lọ sọ́dọ̀ baba wa, tí í ṣe ìránṣẹ́ rẹ, a sọ ohun tí olúwa à mi wí fún un.
২৪সেয়ে মোৰ প্ৰভুৰ সকলো কথা আমি আপোনাৰ দাস, মোৰ পিতাক কৈছিলোঁ।
25 “Nígbà náà ni baba wa wí pé, ‘Ẹ padà lọ láti lọ ra oúnjẹ díẹ̀ wá.’
২৫পাছত আমাৰ পিতায়ে কৈছিল, ‘তোমালোকে পুনৰ গৈ আমাৰ বাবে কিছু শস্য কিনি আনাগৈ।’
26 Ṣùgbọ́n a wí pe, ‘Àwa kò le è padà lọ, àyàfi bí àbúrò wa pátápátá yóò bá bá wa lọ. A kò le è rí ojú ọkùnrin náà àyàfi tí àbúrò wa bá lọ pẹ̀lú wa.’
২৬তেতিয়া আমি ক’লোঁ, ‘আমাৰ সৰু ভাই যদি আমাৰ লগত যায়, তেতিয়াহে আমি যাম। নহ’লে আমি যাব নোৱাৰো। কিয়নো আমাৰ সৰু ভাই যদি আমাৰ লগত নাথাকে, তেন্তে সেই পুৰুষৰ মুখকে আমি দেখিবলৈ নাপাম।’
27 “Baba mi, ìránṣẹ́ rẹ wí fún wa pé, ‘Ẹ mọ̀ pé ìyàwó mi bí ọmọkùnrin méjì fún mi.
২৭তেতিয়া আপোনাৰ দাস অর্থাৎ মোৰ পিতায়ে আমাক ক’লে, ‘তোমালোকেতো জানাই যে মোৰ ভাৰ্যাই মোলৈ দুটি পুত্ৰ প্ৰসৱ কৰিছিল।
28 Ọ̀kan nínú wọn lọ kúrò lọ́dọ̀ mi, mo sì wí pé, “Dájúdájú a ti fà á ya pẹ́rẹpẹ̀rẹ.” N kò sì tí ì ri láti ọjọ́ náà.
২৮তাৰে এটি মোৰ পৰা ওলাই গ’ল আৰু মই কলোঁ, ‘নিশ্চয় কোনো জন্তুৱে তাক ডোখৰ ডোখৰ কৰি ছিৰাছিৰ কৰিলে; তাৰ পাছৰ পৰাই মই তাক পুনৰ দেখা নাপালোঁ;
29 Tí ẹ bá tún mú èyí lọ, kúrò lọ́dọ̀ mi, tí ohunkóhun bá ṣe é, ìbànújẹ́ ni ẹ ó fi mú ewú orí mi lọ sí ipò òkú.’ (Sheol h7585)
২৯এতিয়া যদি তোমালোকে ইয়াকো মোৰ ওচৰৰ পৰা লৈ যোৱা আৰু তাৰ যদি কোনো ক্ষতি হয়, তেন্তে এই পকা চুলিৰে সৈতে শোকতে মোক তোমালোকে চিয়োললৈ পঠাবা।’ (Sheol h7585)
30 “Nítorí náà, bí a bá padà tọ baba wa lọ láìsí ọmọ náà pẹ̀lú wa nígbà tí a mọ̀ pé, ọmọ náà ni ẹ̀mí baba wa.
৩০গতিকে, এতিয়া মই আপোনাৰ দাসৰ কাষলৈ অর্থাৎ মোৰ পিতাৰ কাষলৈ যদি ল’ৰাটো অবিহনে উভটি যাওঁ আৰু যিহেতু ল’ৰাটোৰ লগত তেওঁৰ প্রাণ একেলগে বন্ধা আছে,
31 Tí ó bá ri pé ọmọkùnrin náà kò wá pẹ̀lú wa, yóò kùú. Àwọn ìránṣẹ́ rẹ yóò wá mú baba wa tòun ti ewú orí lọ sí ipò òkú ní ìbànújẹ́. (Sheol h7585)
৩১সেয়ে ল’ৰাটোক আমাৰ লগত নেদেখিলে, তেওঁৰ নিশ্চয়ে মৃত্যু হ’ব। তাতে আপোনাৰ এই দাসবোৰে আপোনাৰ দাস অর্থাৎ আমাৰ পিতাইক তেওঁৰ পকা চুলিৰে সৈতে শোকতে চিয়োললৈ পঠাব; (Sheol h7585)
32 Ìránṣẹ́ rẹ ló ṣe onídùúró fún ààbò ọmọ náà lọ́dọ̀ baba mi. Mo wí pé, ‘Bí n kò bá mú un padà tọ̀ ọ́ wá, baba mi, èmi ó ru ẹ̀bi rẹ̀ ní gbogbo ọjọ́ ayé mi!’
৩২মই, এই আপোনাৰ দাসে মোৰ পিতাৰ ওচৰত এই ল’ৰাৰ কাৰণে জামিন হৈ কৈছিলোঁ, ‘মই যদি তাক আপোনাৰ ওচৰলৈ নানো, তেন্তে পিতা মই চিৰকাললৈকে আপোনাৰ ওচৰত অপৰাধী হৈ থাকিম।
33 “Nítorí náà, jẹ́ kí ìránṣẹ́ rẹ kí ó dúró ní ìhín lọ́dọ̀ olúwa à mi bí ẹrú dípò ọmọ náà. Kí ọmọ náà bá àwọn arákùnrin rẹ̀ padà.
৩৩সেয়ে মোৰ প্ৰভু, দয়া কৰি সেই ল’ৰাৰ পৰিবর্তে মোকে আপোনাৰ দাসৰ দৰে ৰাখক আৰু ল’ৰা জনক তাৰ ককায়েকসকলৰ সৈতে ঘূৰি যাবলৈ দিয়ক।
34 Báwo ni mo ṣe lè padà tọ baba mi lọ láì bá ṣe pé ọmọ náà wà pẹ̀lú mi? Rárá, èmi kò fẹ́ kí n rí ìbànújẹ́ tí yóò dé bá baba mi.”
৩৪কিয়নো, ল’ৰা জনক লগত নিনিয়াকৈ মই কেনেকৈ পিতাৰ ওচৰলৈ উলটি যাম? মোৰ পিতালৈ যি আপদ ঘটিব, তাক মই চাব নোৱাৰিম।”

< Genesis 44 >