< Genesis 4 >

1 Adamu sì bá aya rẹ̀ Efa lòpọ̀, ó sì lóyún, ó sì bí Kaini. Ó wí pé, “Pẹ̀lú ìrànlọ́wọ́ Olúwa ni mo bí ọmọ ọkùnrin.”
মানুহে তেওঁৰ ভাৰ্যা হৱাৰ সৈতে একেলগ হোৱাত তেওঁ গৰ্ভৱতী হৈ কয়িনক প্ৰসৱ কৰিলে। তেতিয়া হৱাই ক’লে, “যিহোৱাৰ সহায়ত মই এটি পুত্র সন্তান পালোঁ।”
2 Lẹ́yìn náà, ó sì bí ọmọkùnrin mìíràn tí a pè ní Abeli. Abeli jẹ́ darandaran, Kaini sì jẹ́ àgbẹ̀.
পাছত তেওঁ পুনৰায় কয়িনৰ ভায়েক হেবলক প্ৰসৱ কৰিলে। হেবল এজন মেৰ-ছাগৰ পালক আৰু কয়িন কৃষক হ’ল।
3 Ó sì ṣe lẹ́yìn ìgbà díẹ̀, Kaini mú ọrẹ wá fún Olúwa nínú èso ilẹ̀ rẹ̀.
পাছত এটা সময়ত কয়িনে যিহোৱাৰ উদ্দেশ্যে তেওঁৰ ভূমিত উৎপন্ন হোৱা কিছু ফল উৎসৰ্গ কৰিলে;
4 Ṣùgbọ́n Abeli mú ẹran tí ó sanra wá fún Olúwa nínú àkọ́bí ẹran ọ̀sìn rẹ̀. Olúwa sì fi ojúrere wo Abeli àti ọrẹ rẹ̀,
হেবলেও নিজৰ জাকৰ পৰা প্ৰথমে জগা কেইটামান পশু আৰু সেইবোৰৰ চর্বি উৎসৰ্গ কৰিলে। যিহোৱাই হেবলক আৰু তেওঁৰ উৎসর্গ গ্ৰহণ কৰিলে;
5 ṣùgbọ́n Olúwa kò fi ojúrere wo Kaini àti ẹbọ rẹ̀. Nítorí náà inú bí Kaini gidigidi, ojú rẹ̀ sì fàro.
কিন্তু কয়িনক আৰু তেওঁৰ উৎসৰ্গক হলে গ্ৰহণ নকৰিলে। সেয়ে কয়িনৰ অতিশয় খং উঠিল আৰু তেওঁৰ মুখো ক’লা পৰি গ’ল।
6 Nígbà náà ni Olúwa bi Kaini pé, “Èéṣe tí ìwọ ń bínú? Èéṣe tí ojú rẹ sì fàro?
তেতিয়া যিহোৱাই কয়িনক ক’লে, “কিয় খং কৰিছা আৰু কেলেই বা মুখ ক’লা কৰি আছা?
7 Bí ìwọ bá ṣe ohun tí ó tọ́, ṣé ìwọ kò ní jẹ́ ìtẹ́wọ́gbà? Ṣùgbọ́n bí ìwọ kò bá ṣe ohun tí ó tọ́, ẹ̀ṣẹ̀ ń bẹ ní ẹnu-ọ̀nà rẹ, ó fẹ́ ní ọ ní ìní, ṣùgbọ́n ìwọ gbọdọ̀ ṣe àkóso rẹ̀.”
তুমি যদি ভাল কাম কৰা, তেন্তে জানো তোমাক গ্ৰহণ কৰা নহ’ব? কিন্তু যদি ভাল কাম নকৰা, তেন্তে পাপে তোমাক তাৰ বশ কৰিবলৈ দুৱাৰ মুখত খাপ পাতি থাকে; সেয়ে তুমি তাক দমন কৰিব লাগে।”
8 Kaini wí fún Abeli arákùnrin rẹ̀ pé, “Jẹ́ kí a lọ sí oko.” Ó sì ṣe, bí wọ́n ti wà ní oko; Kaini da ojú ìjà kọ Abeli arákùnrin rẹ̀, ó sì pa á.
তাৰ পাছত এদিন খেতি-পথাৰত থকাৰ সময়ত কয়িনে ভায়েক হেবলৰ লগত কথা কৈ আছিল আৰু তেতিয়া কয়িনে নিজ ভায়েক হেবলৰ বিৰুদ্ধে উঠি তেওঁক বধ কৰিলে।
9 Nígbà náà ni Olúwa béèrè lọ́wọ́ Kaini pé, “Níbo ni Abeli arákùnrin rẹ wà?” Ó sì dáhùn pé, “Èmi kò mọ ibi tí ó wà, èmí ha ń ṣe olùṣọ́ arákùnrin mi bí?”
তেতিয়া যিহোৱাই কয়িনক সুধিলে, “তোমাৰ ভাই হেবল ক’ত আছে?” কয়িনে ক’লে, “মই নেজানো, মই মোৰ ভাইৰ ৰখীয়া নেকি?”
10 Olúwa wí pé, “Kín ni ohun tí ìwọ ṣe yìí? Gbọ́! Ẹ̀jẹ̀ arákùnrin rẹ ń kígbe pè mí láti ilẹ̀ wá.
১০তেতিয়া যিহোৱাই ক’লে, “তুমি কি কৰিলা? তোমাৰ ভাইৰ তেজে ভূমিৰ পৰা মোলৈ চিঞৰি মাতিছে।
11 Láti ìsinsin yìí lọ, ìwọ ti wà lábẹ́ ègún, a sì ti lé ọ lórí ilẹ̀ tí ó ya ẹnu gba ẹ̀jẹ̀ arákùnrin rẹ lọ́wọ́ rẹ.
১১সেয়ে যি ভূমিয়ে তোমাৰ হাতৰ পৰা তোমাৰ ভাইৰ তেজ গ্ৰহণ কৰিবৰ কাৰণে মুখ মেলিলে, সেই ভূমিৰ পৰাই তুমি অভিশপ্ত হ’লা।
12 Bí ìwọ bá ro ilẹ̀, ilẹ̀ kì yóò fi agbára rẹ̀ so èso rẹ̀ fún ọ mọ́. Ìwọ yóò sì jẹ́ ìsáǹsá àti alárìnkiri ni orí ilẹ̀ ayé.”
১২এতিয়াৰে পৰা তুমি ভূমিত খেতি কৰিলেও ভুমিৰ পৰা উৎপাদিত বহু শস্য তুমি নাপাবা। তুমি পৃথিবীত পলৰীয়া আৰু থানথিত নোহোৱা হ’বা।”
13 Kaini wí fún Olúwa pé, “Ẹrù ìyà ẹ̀ṣẹ̀ mi pọ̀ ju èyí tí mo le rù lọ.
১৩তেতিয়া কয়িনে যিহোৱাক ক’লে, “এই শাস্তি মোৰ বাবে অসহনীয়।
14 Lónìí, ìwọ lé mi kúrò lórí ilẹ̀, mó sì di ẹni tí ó fi ara pamọ́ kúrò ní ojú rẹ, èmi yóò sì di ìsáǹsá àti alárìnkiri ní ayé, ẹnikẹ́ni tí ó bá rí mi, yóò sì pa mí.”
১৪আজি আপুনি মোক ভূমিৰ পৰা খেদি পঠালে; মই আপোনাৰ সন্মুখৰ পৰা লুকাই থকিব লগা হ’ব; এই পৃথিবীত পলৰীয়া হৈ মই যেতিয়া ঘূৰি ফুৰিব লগা হ’ব, তেতিয়া যেয়ে মোক পাব তেৱেঁ মোক বধ কৰিব।”
15 Ṣùgbọ́n, Olúwa wí fún pé, “Bẹ́ẹ̀ kọ́, bí ẹnikẹ́ni bá pa Kaini, èmi yóò gbẹ̀san ní ara onítọ̀hún ní ìgbà méje.” Nígbà náà ni Ọlọ́run fi àmì sí ara Kaini, kí ẹnikẹ́ni tí ó bá ri má ba à pa á.
১৫তেতিয়া যিহোৱাই তেওঁক ক’লে, “তেনেহলে যি কোনোৱে তোমাক বধ কৰিব, তেওঁৰ ওপৰত সাতগুণ প্ৰতিশোধ লোৱা হ’ব।” তাৰ পাছত যিহোৱাই কয়িনৰ বাবে এনে এটা চিন দিলে যেন কোনেও তেওঁক পাই বধ নকৰে।
16 Kaini sì kúrò níwájú Olúwa, ó sì ń gbé ilẹ̀ Nodi ní ìhà ìlà-oòrùn Edeni.
১৬তাৰ পাছত কয়িনে যিহোৱাৰ সন্মুখৰ পৰা ওলাই গৈ, এদনৰ পূব দিশে থকা নোদ দেশত বাস কৰিলে।
17 Kaini sì bá aya rẹ̀ lòpọ̀, ó sì lóyún, ó sì bí Enoku. Kaini sì tẹ ìlú kan dó, ó sì fi orúkọ ọmọ rẹ̀ ọkùnrin Enoku sọ ìlú náà.
১৭কয়িনে তেওঁৰ ভার্য্যাৰ সৈতে একেলগ হোৱাত, তেওঁ গৰ্ভৱতী হৈ হনোকক প্ৰসৱ কৰিলে; কয়িনে এখন নগৰ নিৰ্ম্মাণ কৰিলে আৰু পুত্রৰ নাম অনুসাৰে সেই নগৰখনৰ নাম হনোক ৰাখিলে।
18 Enoku sì bí Iradi, Iradi sì ni baba Mehujaeli, Mehujaeli sì bí Metuṣaeli, Metuṣaeli sì ni baba Lameki.
১৮হনোকৰ পুতেকৰ নাম ঈৰদ, ঈৰদৰ পুতেকৰ নাম মহুৱায়েল, মহুৱায়েলৰ পুতেকৰ নাম মথুচায়েল, মথুচায়েলৰ পুতেকৰ নাম লেমক।
19 Lameki sì fẹ́ aya méjì, orúkọ èkínní ni Adah, àti orúkọ èkejì ni Silla.
১৯লেমকৰ দুগৰাকী ভার্য্যা আছিল। এগৰাকীৰ নাম আদা আৰু আনগৰাকীৰ নাম চিল্লা।
20 Adah sì bí Jabali, òun ni baba irú àwọn tí ń gbé inú àgọ́, tí wọ́n sì ń sin ẹran ọ̀sìn.
২০আদাৰ গর্ভত যাবলৰ জন্ম হ’ল; তম্বুত বাস কৰি পশুপালন কৰা লোকসকলৰ তেওঁ পূৰ্বপুৰুষ আছিল।
21 Orúkọ arákùnrin rẹ̀ ni Jubali, òun ni baba irú àwọn tí ń tẹ dùùrù tí wọ́n sì ń fọn fèrè.
২১তেওঁৰ ভায়েকৰ নাম আছিল যুবল; তেওঁ বীণা আৰু বাঁহী বজোৱাসকলৰ আদি পুৰুষ আছিল।
22 Silla náà sì bí ọmọkùnrin tí ń jẹ́ Tubali-Kaini, tí ó ń rọ oríṣìíríṣìí ohun èlò láti ara idẹ àti irin. Arábìnrin Tubali-Kaini ni Naama.
২২চিল্লাৰ গর্ভত তুবল-কয়িনৰ জন্ম হ’ল; তেওঁ পিতল আৰু লোহাৰ নানাবিধ অস্ত্ৰ গঢ়োতা আছিল; সেই তুবল-কয়িনৰ নয়মা নামেৰে এজনী ভনীয়েক আছিল।
23 Lameki wí fún àwọn aya rẹ̀, “Adah àti Silla, ẹ tẹ́tí sí mi; ẹ̀yin aya Lameki, ẹ gbọ́ ọ̀rọ̀ mi. Mo ti pa ọkùnrin kan tí ó kọlù mí, ọ̀dọ́mọkùnrin tí ó pa mí lára.
২৩লেমকে তেওঁৰ দুই ভার্য্যাক ক’লে, “হে আদা আৰু চিল্লা, তোমালোকে মোৰ কথা শুনা; হে লেমকৰ ভার্য্যাসকল, মোৰ কথালৈ কাণ দিয়া; কিয়নো আঘাত কৰাৰ বাবে এজন লোকক, আঘাত কৰাৰ বাবে এজন যুবকক মই বধ কৰিলোঁ।
24 Bí a ó bá gbẹ̀san Kaini ní ìgbà méje, ǹjẹ́ kí a gba ti Lameki nígbà mẹ́tàdínlọ́gọ́rin.”
২৪কয়িনে হত্যা কৰাৰ প্রতিশোধ যদি সাতগুণ হয়, তেন্তে অৱশ্যেই লেমকৰ প্রতিশোধ হ’ব সাতসত্তৰ গুণ।”
25 Adamu sì tún bá aya rẹ̀ lòpọ̀, ó sì bí ọmọkùnrin kan tí ó pe orúkọ rẹ̀ ní Seti, tí ó túmọ̀ sí pé, “Ọlọ́run fún mi ní ọmọkùnrin mìíràn ní ipò Abeli tí Kaini pa.”
২৫পাছত আদমে পুনৰায় তেওঁৰ ভাৰ্যাৰ সৈতে একেলগ হোৱাত, তেওঁৰ পুনৰ এটি পুত্ৰ সন্তান জন্ম হ’ল। হৱাই সেই সন্তানৰ নাম চেথ ৰাখিলে আৰু ক’লে, “কয়িনে হেবলক বধ কৰাৰ কাৰণে ঈশ্বৰে মোক হেবলৰ সলনি পুনৰ এটি সন্তান দিলে।”
26 Seti náà sì bí ọmọkùnrin kan, ó sì pe orúkọ rẹ̀ ní Enoṣi. Láti àkókò náà lọ ni àwọn ènìyàn ti bẹ̀rẹ̀ sí ní ké pe orúkọ Olúwa.
২৬পাছত চেথৰো এটি পুত্ৰ জন্মিল। তেওঁ তেওঁৰ নাম ইনোচ ৰাখিলে। সেই সময়ৰ পৰা লোকসকলে যিহোৱাৰ নামেৰে প্ৰাৰ্থনা আদি কৰিবলৈ আৰম্ভ কৰিলে।

< Genesis 4 >