< Genesis 35 >

1 Nígbà náà ni Ọlọ́run wí fún Jakọbu pé, “Gòkè lọ sí Beteli kí o sì tẹ̀dó síbẹ̀, kí ó mọ pẹpẹ níbẹ̀ fún Ọlọ́run tó farahàn ọ́ nígbà tí o ń sálọ kúrò níwájú Esau arákùnrin rẹ.”
তাৰ পাছত ঈশ্বৰে যাকোবক ক’লে, “উঠা, তুমি এতিয়া বৈৎএললৈ গৈ তাত নিবাস কৰাগৈ আৰু তুমি তোমাৰ ককাই এচৌৰ আগৰ পৰা পলাই যোৱা সময়ত, যিজন সৰ্বশক্তিমান ঈশ্বৰে তোমাক দৰ্শন দিছিল, সেই ঈশ্বৰৰ উদ্দেশ্যে তাত এটা যজ্ঞবেদি নিৰ্ম্মাণ কৰাগৈ।”
2 Nítorí náà, Jakọbu wí fún gbogbo ará ilé rẹ̀ pé, “Ẹ mú gbogbo àjèjì òrìṣà tí ó wà lọ́dọ̀ yín kúrò, kí ẹ ya ara yín sí mímọ́, kí ẹ sì pààrọ̀ aṣọ yín.
তেতিয়া যাকোবে নিজৰ পৰিয়াল আৰু তেওঁৰ লগৰ সকলো লোকক ক’লে, “তোমালোকৰ মাজত বিদেশৰ যিবোৰ দেৱ-দেৱী আছে, সেইবোৰ দূৰ কৰা আৰু নিজকে শুচি কৰি আন কাপোৰ পিন্ধা।
3 Nígbà náà ni kí ẹ wá, kí ẹ jẹ́ kí a lọ sí Beteli, níbi tí n ó ti mọ pẹpẹ fún Ọlọ́run, tí ó dá mi lóhùn ní ọjọ́ ìpọ́njú mi tí ó sì ti ń pẹ̀lú mi níbi gbogbo tí mo ń lọ.”
তাৰ পাছত, ব’লা আমি বৈৎএললৈ যাওঁহঁক; তাত ঈশ্বৰৰ উদ্দেশ্যে এটা যজ্ঞবেদি নির্ম্মাণ কৰিম, যিজনা ঈশ্বৰে মোৰ দুখৰ সময়ত মোৰ প্ৰাৰ্থনাৰ উত্তৰ দিছিল আৰু মই যোৱা বাটত মোৰ সংগত আছিল।”
4 Bẹ́ẹ̀ ni wọ́n fún Jakọbu ní gbogbo àjèjì òrìṣà tí ó wà lọ́wọ́ wọn, àti yẹtí etí wọn, Jakọbu sì bo gbogbo wọn mọ́lẹ̀ sábẹ́ igi óákù ní Ṣekemu.
তেতিয়া তেওঁলোকৰ হাতত বিদেশৰ যিমানবোৰ দেৱ-দেৱী আছিল যাকোবক দিলে। তাৰ লগতে কাণৰ কুণ্ডলবোৰো যাকোবক দিলে; যাকোবে সেই সকলোকে লৈ চিখিম নগৰৰ ওচৰত ওচৰৰ এলা গছজোপাৰ ত’লতে পুতি থলে।
5 Wọ́n sì bẹ̀rẹ̀ ìrìnàjò wọn. Ìbẹ̀rù Ọlọ́run sì ń bẹ lára gbogbo ìlú tí ó yí wọn ká, wọ́n kò sì lépa àwọn ọmọ Jakọbu.
পাছত তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোক যোৱাৰ পথত ঈশ্বৰে চাৰিওফালৰ নগৰৰ মাজত এনে এক ভয়ৰ সৃষ্টি কৰিলে যাৰ ফলত সেই লোকসকলে যাকোবৰ পুত্রসকলৰ পাছত খেদি নগ’ল।
6 Jakọbu àti gbogbo àwọn tí ó wà pẹ̀lú rẹ̀ sì dé sí Lusi (ti o túmọ̀ sí Beteli) tí ó wà ní ilẹ̀ Kenaani.
এইদৰে যাকোব আৰু তেওঁৰ লগত থকা আনসকলো কনান দেশৰ লুজ নগৰ অৰ্থাৎ বৈৎএল গৈ পালে।
7 Níbẹ̀ ni ó sì mọ pẹpẹ kan tí ó pè ní El-Beteli, nítorí níbẹ̀ ni Ọlọ́run ti gbé fi ara hàn án nígbà tí ó ń sálọ fún arákùnrin rẹ̀.
তেওঁ তাত এটা যজ্ঞবেদি নিৰ্মাণ কৰিলে। তেওঁ সেই ঠাইৰ নাম এল বৈৎএল ৰাখিলে, কিয়নো, তেওঁ নিজৰ ককায়েকৰ ওচৰৰ পৰা পলাই অহাৰ সময়ত, ঈশ্বৰে সেই ঠাইতে তেওঁক দৰ্শন দিছিল।
8 Kò pẹ́ lẹ́yìn èyí ni Debora, olùtọ́jú Rebeka kú, a sì sin ín sábẹ́ igi óákù ní ìsàlẹ̀ Beteli. Nítorí náà a sọ ọ́ ní Aloni-Bakuti.
ইতিমধ্যে ৰিবেকাৰ ধাত্রী দবোৰাৰ মৃত্যু হ’ল। তেওঁক বৈৎএলৰ ওচৰত থকা এজোপা ওক গছৰ তলত মৈদাম দিয়া হ’ল; সেই কাৰণে সেই ঠাইৰ নাম অল্লোন-বাখুৎ হ’ল।
9 Lẹ́yìn tí Jakọbu padà dé láti Padani-Aramu, Ọlọ́run tún fi ara hàn án, ó sì súre fún un.
পদ্দন-অৰামৰ পৰা যাকোব উভটি অহাৰ পাছত, ঈশ্বৰে তেওঁক পুনৰায় দৰ্শন দি আশীৰ্ব্বাদ কৰিলে।
10 Ọlọ́run sì wí fun un pé, “Jakọbu ni orúkọ rẹ, a kì yóò pè ọ́ ní Jakọbu mọ́; bí kò ṣe Israẹli.” Nítorí náà, ó sọ orúkọ rẹ̀ ní Israẹli.
১০ঈশ্বৰে তেওঁক ক’লে, “তোমাৰ নাম হৈছে যাকোব, কিন্তু তোমাক আৰু যাকোব বুলি মতা নহ’ব; তোমাৰ নাম হ’ব ইস্ৰায়েল।” এইদৰে ঈশ্বৰে তেওঁৰ নাম ইস্ৰায়েল ৰাখিলে।
11 Ọlọ́run sì wí fún un pé, “Èmi ni Ọlọ́run alágbára, El-Ṣaddai; máa bí sí i, kí o sì máa pọ̀ sí i. Orílẹ̀-èdè àti ọ̀pọ̀lọpọ̀ orílẹ̀-èdè ni yóò ti ọ̀dọ̀ rẹ̀ wá, àwọn ọba yóò sì jáde wá láti ara rẹ̀.
১১ঈশ্বৰে তেওঁক আৰু ক’লে, “ময়েই সৰ্ব্বশক্তিমান ঈশ্বৰ; তুমি বহুবংশ হৈ বাঢ়ি বাঢ়ি যোৱা; তোমাৰ পৰা এক জাতি, এনে কি, জাতি সমূহৰ এক সমাজ গঠন হ’ব; তোমাৰ বংশত অনেক ৰজাসকলৰ জন্ম হ’ব।
12 Gbogbo ilẹ̀ tí mo fi fún Abrahamu àti Isaaki ni èmi yóò fún ọ pẹ̀lú, àti fún àwọn ìran rẹ tí ó ń bọ̀ lẹ́yìn.”
১২মই অব্ৰাহাম আৰু ইচহাকক দিয়া দেশ তোমাক আৰু তোমাৰ পাছত তোমাৰ ভাবী-বংশকো দিম।”
13 Nígbà náà ni Ọlọ́run gòkè lọ kúrò ní ibi tí ó ti ń bá a sọ̀rọ̀.
১৩ঈশ্বৰে তেওঁৰে সৈতে কথা বতৰা হোৱা ঠাইতে তেওঁক এৰি ওপৰলৈ উঠি গ’ল।
14 Jakọbu sì fi òkúta ṣe ọ̀wọ̀n kan sí ibi tí Ọlọ́run ti bá a sọ̀rọ̀, ó sì ta ọrẹ ohun mímu sí orí rẹ̀, ó sì da òróró olifi sí orí rẹ̀ pẹ̀lú.
১৪যাকোবে তেওঁৰে সৈতে কথা বতৰা হোৱা সেই ঠাইতে এটা শিলৰ স্তম্ভ স্থাপন কৰিলে আৰু তাৰ ওপৰত পেয় নৈবেদ্য উৎসর্গ কৰিলে। তেওঁ তাৰ ওপৰত তেলো ঢালি দিলে।
15 Jakọbu sì pe orúkọ ibi tí Ọlọ́run ti bá a sọ̀rọ̀ ní Beteli.
১৫ঈশ্বৰে সৈতে কথা বতৰা হোৱা সেই ঠাইৰ নাম যাকোবে বৈৎএল ৰাখিলে।
16 Nígbà náà ni wọ́n ń tẹ̀síwájú nínú ìrìnàjò wọn láti Beteli. Nígbà tí ó sì ku díẹ̀ kí wọn dé Efrata, Rakeli bẹ̀rẹ̀ sí ní rọbí, ó sì ní ìdààmú púpọ̀.
১৬তাৰ পাছত যাকোব আৰু তেওঁৰ লোকসকলে বৈৎএলৰ পৰা যাত্ৰা কৰিলে। তেওঁলোকে ইফ্ৰাথ পাবলৈ কিছু বাট থাকোঁতেই ৰাহেলৰ প্ৰসৱ-বেদনা আৰম্ভ হ’ল আৰু তেওঁ বৰকৈ কষ্ট পাবলৈ ধৰিলে।
17 Bí ó sì ti ń rọbí pẹ̀lú ìrora yìí, agbẹ̀bí wí fún un pé, “Má bẹ̀rù nítorí ọmọkùnrin mìíràn ni ó ń bọ̀ yìí.”
১৭প্ৰসৱৰ কালত তেওঁৰ বেদনা যেতিয়া ভীষণ বাঢ়ি গ’ল, তেতিয়া ধাত্ৰীয়ে তেওঁক ক’লে, “ভয় নকৰিবা; কিয়নো এইবাৰো আপোনাৰ এটি পুত্ৰ সন্তান হ’ব।”
18 Bí o sì ti fẹ́ gbé ẹ̀mí mi, torí pé ó ń kú lọ, ó pe ọmọ rẹ̀ náà ní Bene-Oni, ọmọ ìpọ́njú. Ṣùgbọ́n Jakọbu sọ ọmọ náà ní Benjamini, ọmọ oókan àyà mi.
১৮কিন্তু ৰাহেলৰ মৃত্যু হ’ল। প্ৰাণত্যাগ কৰাৰ সময়ত তেওঁ সেই পুত্ৰৰ নাম বিন-ওনী ৰাখিলে; কিন্তু তাৰ বাপেকে হ’লে তাৰ নাম বিন্যামীন ৰাখিলে।
19 Báyìí ni Rakeli kú, a sì sin ín sí ọ̀nà Efrata (ti o túmọ̀ sí, Bẹtilẹhẹmu).
১৯ৰাহেলৰ মৃত্যু হোৱাৰ পাছত ইফ্ৰাথ অৰ্থাৎ বৈৎলেহেমলৈ যোৱা বাটৰ ওচৰতে তেওঁক মৈদাম দিলে।
20 Jakọbu sì mọ ọ̀wọ́n kan sí ibojì rẹ̀, ọ̀wọ̀n náà sì tọ́ka sí ojú ibojì Rakeli títí di òní.
২০যাকোবে তেওঁৰ মৈদামৰ ওপৰত এটা স্তম্ভ স্থাপন কৰিলে; সেয়া আজিও ৰাহেলৰ মৈদামৰ চিহ্ন হিচাবে সেই ঠাইত আছে।
21 Israẹli sì ń bá ìrìnàjò rẹ̀ lọ, ó sì pa àgọ́ rẹ̀ sí Migida-Ederi, ilé ìṣọ́ Ederi.
২১তাৰ পাছত ইস্ৰায়েলে তাৰ পৰা আকৌ যাত্ৰা কৰিলে। তেওঁ মিকদল-এদৰ নামৰ ঠাইখন এৰি আগবাঢ়ি গৈ তেওঁৰ তম্বু তৰিলে।
22 Nígbà tí Israẹli sì ń gbé ní ibẹ̀, Reubeni wọlé tọ Biliha, àlè baba rẹ̀ lọ, ó sì bá a lòpọ̀, Israẹli sì gbọ́ ọ̀rọ̀ náà. Jakọbu sì bí ọmọkùnrin méjìlá.
২২ইস্ৰায়েলে সেই দেশত নিবাস কৰা সময়ত ৰূবেণে তেওঁৰ বাপেকৰ উপপত্নী বিলহাৰ লগতে শয়ন কৰিলে; সেই কথা ইস্ৰায়েলৰ কাণত পৰিল। যাকোবৰ পুত্ৰ আছিল বাৰজন।
23 Àwọn ọmọ Lea, Reubeni tí í ṣe àkọ́bí Jakọbu, Simeoni, Lefi, Juda, Isakari àti Sebuluni.
২৩লেয়াৰ গর্ভত যাকোবৰ জেষ্ঠ্য পুত্ৰ ৰূবেণৰ জন্ম হৈছিল। তাৰ পাছত চিমিয়োন, লেবী, যিহূদা, ইচাখৰ আৰু জবূলূনৰ জন্ম হৈছিল।
24 Àwọn ọmọ Rakeli: Josẹfu àti Benjamini.
২৪ৰাহেলৰ গর্ভত তেওঁৰ পুত্র যোচেফ আৰু বিন্যামীন।
25 Àwọn ọmọ Biliha ìránṣẹ́bìnrin Rakeli: Dani àti Naftali.
২৫ৰাহেলৰ দাসী বিলহাৰ গর্ভত তেওঁৰ পুত্র দান আৰু নপ্তালী।
26 Àwọn ọmọ Silipa ìránṣẹ́bìnrin Lea: Gadi àti Aṣeri. Àwọn wọ̀nyí ni ọmọ tí Jakọbu bí ní Padani-Aramu.
২৬লেয়াৰ দাসী জিল্পাৰ গর্ভত তেওঁৰ পুত্র গাদ আৰু আচেৰ। এইসকলেই হৈছে পদ্দন-অৰামত জন্মা যাকোবৰ পুত্ৰ।
27 Jakọbu sì padà dé ilé lọ́dọ̀ Isaaki baba rẹ̀ ni Mamre nítòsí i Kiriati-Arba (ti o túmọ̀ sí Hebroni). Níbi tí Abrahamu àti Isaaki gbé.
২৭শেষত যাকোব কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণৰ ওচৰৰ মম্ৰি নগৰত তেওঁৰ পিতৃ ইচহাকৰ ওচৰলৈ আহিল। এই ঠাইতে অব্ৰাহাম আৰু ইচহাকে বাস কৰিছিল।
28 Ẹni ọgọ́sàn-án ọdún ni Isaaki.
২৮ইচহাক এশ আশী বছৰ জীয়াই আছিল।
29 Isaaki sì kú láìpẹ́ lẹ́yìn ìpadàbọ̀ Jakọbu, a sì sin ín pẹ̀lú àwọn ènìyàn rẹ̀ ní ọjọ́ ogbó rẹ̀. Esau àti Jakọbu ọmọ rẹ̀ sì sin ín.
২৯ইচহাকে এক পৰিপূর্ণ আয়ুস কটাই বৃদ্ধ হৈ মৃত্যু বৰণ কৰি তেওঁৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গ’ল; তাতে তেওঁৰ পুত্ৰ এচৌ আৰু যাকোবে তেওঁক মৈদাম দিলে।

< Genesis 35 >