< Genesis 19 >

1 Ní àṣálẹ́, àwọn angẹli méjì sì wá sí ìlú Sodomu, Lọti sì jókòó ní ẹnu ibodè ìlú. Bí ó sì ti rí wọn, ó sì dìde láti pàdé wọn, ó kí wọn, ó sì foríbalẹ̀ fún wọn.
সেইদিনা সন্ধিয়া দুজন দূত চদোম নগৰলৈ আহিল। লোট তেতিয়া চদোম নগৰৰ প্রৱেশ দুৱাৰত বহি আছিল। তেওঁলোকক দেখা পাই লোটে উঠি সাক্ষাৎ কৰিবলৈ গ’ল আৰু মাটিত উবুৰি হৈ প্ৰণিপাত কৰিলে।
2 Ó wí pé, “Ẹ̀yin olúwa mi, èmi bẹ̀ yín, ẹ yà sí ilé ìránṣẹ́ yín kí ẹ sì wẹ ẹsẹ̀ yín, kí n sì gbà yín lálejò, ẹ̀yin ó sì dìde ní kùtùkùtù òwúrọ̀ láti máa bá ìrìnàjò yín lọ.” Wọ́n sì wí pé, “Rárá o, àwa yóò dúró ní ìgboro ní òru òní.”
তেওঁ ক’লে, “হে মোৰ প্ৰভুসকল, অনুগ্রহ কৰি আপোনালোকৰ এই দাসৰ ঘৰলৈ আহঁক আৰু ভৰি-হাত ধুই ৰাতিটো আজি ইয়াতে কটাওক। পুনৰ ৰাতিপুৱাতে উঠি নিজ বাটেদি গুচি যাব।” তেতিয়া তেওঁলোকে ক’লে, “নহয়, ৰাতিটো আমি নগৰৰ চকতেই থাকিম।”
3 Ṣùgbọ́n Lọti rọ̀ wọ́n gidigidi tó bẹ́ẹ̀ tí wọ́n gbà láti bá a lọ sì ilé. Ó sì ṣe àsè fún wọn, ó sì dín àkàrà aláìwú fún wọ́n, wọ́n sì jẹ.
কিন্তু বৰকৈ জোৰ কৰিবলৈ ধৰাত, তেওঁলোক লোটৰ লগত গৈ তেওঁৰ ঘৰত সোমাল; লোটে তেওঁলোকৰ কাৰণে খমীৰ নিদিয়া পিঠা সেকি এসাঁজ আহাৰ যুগুত কৰিলে আৰু তেওঁলোকক খাবলৈ দিলে।
4 Ṣùgbọ́n kí ó tó di pé wọ́n lọ sùn, àwọn ọkùnrin ìlú Sodomu tọmọdé tàgbà yí ilé náà ká.
কিন্তু তেওঁলোকে শুবলৈ যোৱাৰ আগতে নগৰৰ লোকসকলে অৰ্থাৎ চদোমৰ ল’ৰা-বৃদ্ধ আদি কৰি সকলো লোক নগৰৰ চাৰিওফালৰ পৰা আহি ঘৰটো বেৰি ধৰিলেহি।
5 Wọ́n pe Lọti pé, “Àwọn ọkùnrin tí ó wọ̀ sí ilé rẹ lálẹ́ yìí ń kọ́? Mú wọn jáde fún wa, kí a le ní ìbálòpọ̀ pẹ̀lú wọn.”
তেওঁলোকে লোটক মাতি ক’লে, “আজি ৰাতি যি কেইজন লোক তোমাৰ ইয়াত সোমাল, তেওঁলোক ক’ত আছে? তেওঁলোকক আমাৰ ওচৰলৈ উলিয়াই আনা; আমি সিহঁতৰ পৰিচয় লওঁ।”
6 Lọti sì jáde láti pàdé wọn, ó sì ti ìlẹ̀kùn lẹ́yìn rẹ̀ bí ó ti jáde.
তেতিয়া লোটে দুৱাৰৰ বাহিৰত ওলাই গৈ দুৱাৰখন জপাই ক’লে,
7 Ó sì wí pé, “Rárá, ẹ̀yin ará mi, ẹ má ṣe ṣe ohun búburú yìí,
“হে ভাইসকল, মই বিনয় কৰিছোঁ, আপোনালোকে এনে কু-আচৰণ নকৰিব;
8 kíyèsi i, mo ní ọmọbìnrin méjì tí kò mọ ọkùnrin rí, ẹ jẹ́ kí n mú wọn tọ̀ yín wá kí ẹ sì ṣe ohun tí ẹ fẹ́ pẹ̀lú wọn. Ṣùgbọ́n ẹ má ṣe ṣe àwọn ọkùnrin wọ̀nyí ní ibi kan nítorí wọ́n wá wọ̀ lábẹ́ ààbò ní ilé mi.”
চাওঁক, মোৰ দুজনী ছোৱালী আছে; কোনো পুৰুষৰ সৈতে সিহঁতৰ সংস্পৰ্শ হোৱা নাই; সিহঁতকে মই আপোনালোকৰ ওচৰলৈ উলিয়াই আনো; সিহঁতৰ লগত আপোনালোকে যি ভাল দেখে কৰক; কেৱল এই লোকসকলক একো নকৰিব; কিয়নো তেওঁলোকে এতিয়া মোৰ ঘৰৰ ছাঁত আশ্ৰয় লৈছে।”
9 Wọ́n sì wí fún pé, “Bì sẹ́yìn fún wa. Èyí yìí wá ṣe àtìpó láàrín wa, òun sì fẹ́ ṣe onídàájọ́! Aburú tí a ó fi ṣe ọ́ yóò pọ̀ ju tí wọn lọ.” Wọn rọ́ lu Lọti, wọ́n sì súnmọ́ ọn láti fọ́ ìlẹ̀kùn.
তেতিয়া তেওঁলোকে ক’লে, “যোৱা, আমাৰ পথৰ পৰা আঁতৰ হৈ যোৱা!” তেওঁলোকে আকৌ ক’লে, “এইজন বিদেশী হিচাবে আমাৰ ইয়ালৈ আহিছিল আৰু এতিয়া আমাৰে বিচাৰক হ’বলৈ গৈছে। এতিয়া আমি সিহঁততকৈ তোৰ লগত আৰু বেয়া আচৰণ কৰিম।” এই বুলি কৈ লোকসকলে সেই মানুহৰ বিৰুদ্ধে আগবঢ়িল আৰু লোটক ঠেলা মাৰি দুৱাৰ ভাঙিবলৈ কাষ চাপি গ’ল।
10 Ṣùgbọ́n àwọn ọkùnrin náà nawọ́ fa Lọti wọlé, wọ́n sì ti ìlẹ̀kùn.
১০তেতিয়া সেই দুজন পুৰুষে হাত মেলি লোটক ঘৰৰ ভিতৰলৈ টানি নিলে আৰু ভিতৰৰ পৰা দুৱাৰ বন্ধ কৰি দিলে;
11 Wọ́n sì bu ìfọ́jú lu àwọn ọkùnrin tí ó wà ní ẹnu-ọ̀nà ilé náà, àti èwe àti àgbà: wọ́n kò sì rí ẹnu-ọ̀nà mọ́.
১১তাৰ পাছত লোটৰ অতিথিসকলে ঘৰৰ দুৱাৰৰ বাহিৰত থকা সৰু বৰ সকলো মানুহকে আঘাত কৰি কণা কৰিলে; তাতে সেই মানুহবোৰে দুৱাৰ বিচাৰি বিচাৰি হাবাথুৰি খালে।
12 Àwọn ọkùnrin náà sì wí fún Lọti pé, “Ǹjẹ́ ó ní ẹlòmíràn ní ìlú yìí bí? Àna rẹ ọkùnrin, àwọn ọmọ rẹ lọ́kùnrin àti lóbìnrin, tàbí ẹnikẹ́ni tí ìwọ ní ní ìlú yìí, kó wọn jáde kúrò ní ibí yìí,
১২তাৰ পাছত সেই লোক দুজনে লোটক সুধিলে, “এই ঠাইত তোমাৰ আৰু কোনোবা আছে নেকি? তোমাৰ জোঁৱাই, পো, জী বা কোনো আত্মীয়-স্বজন আদি কৰি যিসকল লোক এই নগৰত আছে, সেই সকলোকে এই ঠাইৰ পৰা উলিয়াই লৈ যোৱা।
13 nítorí a ó pa ìlú yìí run, nítorí igbe iṣẹ́ búburú wọn ń dí púpọ̀ níwájú Olúwa, Olúwa sì rán wa láti pa á run.”
১৩কিয়নো আমি এই নগৰ ধ্বংস কৰিবৰ কাৰণে যুগুত হৈছোঁ। যিহোৱাৰ আগত এই ঠাইৰ লোকসকলৰ বিৰুদ্ধে ভীষণ হৈ চৈ হৈছে আৰু সেইবাবে তেওঁ তাক ধ্বংস কৰিবলৈ আমাক পঠাইছে।”
14 Nígbà náà ni Lọti jáde, ó sì wí fún àwọn àna rẹ̀ ọkùnrin tí ó ti bá jẹ́ ẹ̀jẹ́ láti fẹ́ àwọn ọmọ rẹ̀ pé, “Ẹ ṣe kánkán, kí ẹ jáde ní ìlú yìí, nítorí Olúwa fẹ́ pa ìlú yìí run!” Ṣùgbọ́n àwọn ọkọ ọmọ rẹ̀ wọ̀nyí rò pé àwàdà ló ń ṣe.
১৪তেতিয়া লোটে বাহিৰলৈ গৈ তেওঁৰ হবলগীয়া জোৱাঁইসকলক ক’লে, “সোনকাল কৰা! এতিয়াই এই ঠাই এৰি গুছি যোৱা; কিয়নো যিহোৱাই এই নগৰ ধ্বংস কৰিবলৈ যুগুত হৈছে।” কিন্তু জোঁৱায়েকহঁতে ভাৱিলে, তেওঁ ধেমালি কৰিছে।
15 Ní àfẹ̀mọ́júmọ́, àwọn angẹli náà rọ Lọti pé, “Ṣe wéré, mú aya rẹ àti àwọn ọmọbìnrin rẹ méjèèjì tí ó wà níhìn-ín, àìṣe bẹ́ẹ̀, ìwọ yóò parun pẹ̀lú ìlú yìí nígbà tí wọ́n bá ń jìyà ẹ̀ṣẹ̀ wọn.”
১৫তাৰ পাছত ৰাতিপুৱা সেই দুজন দূতে লোটক সোনকাল কৰিবলৈ দিলে আৰু ক’লে, “ইয়াত থকা তোমাৰ ভার্য্যা আৰু দুজনী জীয়ৰীক লৈ গৈ থাকা; তেতিয়াহে নগৰৰ লগত তোমালোকক এই শাস্তিত ধ্বংস কৰা নহ’ব।”
16 Nígbà tí ó ń jáfara, àwọn ọkùnrin náà nawọ́ mú un lọ́wọ́, wọ́n sì nawọ́ mú aya rẹ̀ náà lọ́wọ́ àti àwọn ọmọbìnrin rẹ̀ méjèèjì, wọ́n sì mú wọn jáde sẹ́yìn odi ìlú, nítorí Olúwa ṣàánú fún wọn.
১৬লোটে সংকোচ কৰি পলম কৰিবলৈ ধৰিলে। কিন্তু যিহোৱাৰ দয়া তেওঁৰ ওপৰত থকা কাৰণে সেই পুৰুষ দুজনে তেওঁক, তেওঁৰ ভার্য্যাক আৰু দুজনী জীয়েককো হাতত ধৰি টানি নগৰৰ বাহিৰলৈ উলিয়াই আনিলে।
17 Ní kété tí wọ́n mú wọn jáde sẹ́yìn odi tán, ọ̀kan nínú wọn wí pé, “Sá àsálà fún ẹ̀mí rẹ! Má ṣe wo ẹ̀yìn rẹ, bẹ́ẹ̀ ni kí ìwọ kí ó má ṣe dúró ní gbogbo pẹ̀tẹ́lẹ̀! Sá àsálà lọ sí orí òkè, kí ìwọ ó má ba ṣègbé!”
১৭সকলোকে বাহিৰ কৰি অনাৰ পাছত তেওঁলোকৰ এজনে লোটক ক’লে, “প্ৰাণ বচাবলৈ হ’লে পলোৱা! পাছলৈ ঘূৰি নাচাবা আৰু এই সমভূমিৰ কোনো ঠাইতে নৰখিবা; পাহাৰটোলৈ পলাই যোৱা; নহ’লে তোমালোকো বিনষ্ট হ’বা।”
18 Ṣùgbọ́n Lọti wí fún wọn pé, “Rárá, ẹ̀yin Olúwa mi, ẹ jọ̀wọ́!
১৮তেতিয়া লোটে তেওঁলোকক ক’লে, “নহয়, হে মোৰ প্ৰভু, তেনে নকব!
19 Nígbà tí ìránṣẹ́ rẹ ti rí ojúrere rẹ, tí o sì ti fi àánú rẹ hàn nípa gbígba ẹ̀mí mi là, èmi kò le è sálọ sórí òkè, kí búburú yìí má ba à lé mi bá, kí n sì kú.
১৯চাওঁক, আপোনালোকৰ দৃষ্টিত আপোনালোকৰ এই দাসে অনুগ্ৰহ পাইছো আৰু মোৰ জীৱন ৰক্ষা কৰাত আপোনালোকে মোলৈ দয়াও দেখুৱালে; কিন্তু মই পাহাৰটোলৈ পলাই যাব নোৱাৰোঁ; কিয়নো মই গৈ পোৱাৰ আগেয়ে হয়তো সেই বিপদ আহি পৰিব আৰু মই মৰিম।
20 Wò ó, ìlú kékeré kan nìyí ní tòsí láti sá sí: jẹ́ kí n sálọ síbẹ̀, ìlú kékeré ha kọ́? Ẹ̀mí mi yóò sì yè.”
২০চাওঁক, পলাই যাবলৈ হ’লে যথেষ্ট কাষতে সেইখন সৰু চহৰ আছে। প্রাণ ৰক্ষাৰ বাবে মোক তালৈকে পলাই যাবলৈ দিয়ক। ই জানো সৰু নহয়? তাতেই মোৰ প্ৰাণ ৰক্ষা পৰিব।”
21 Ó sì wí fún un pé, “Ó dára, mo gba ẹ̀bẹ̀ rẹ. Èmi kì yóò run ìlú náà tí ìwọ sọ̀rọ̀ rẹ̀.
২১তেতিয়া দূতে ক’লে, “বাৰু, মই তোমাৰ এই অনুৰোধ ৰাখিলোঁ। যি চহৰখনৰ কথা তুমি ক’লা, তাক মই ধ্বংস নকৰোঁ;
22 Tètè! Sálọ síbẹ̀, nítorí èmi kò le ṣe ohun kan àyàfi tí ó bá dé ibẹ̀.” (ìdí nìyí tí a fi ń pe ìlú náà ní Soari).
২২কিন্তু সোনকাল কৰা! বেগাই সেই ঠাইলৈকে পলোৱা; কিয়নো তুমি সেই ঠাই নোপোৱালৈকে, মই একো কৰিব নোৱাৰোঁ।” সেয়ে সেই চহৰখনৰ নাম হ’ল চোৱৰ।
23 Nígbà tí Lọti yóò fi dé ìlú Soari, oòrùn ti yọ.
২৩লোটে যেতিয়া চোৱৰ গৈ পালে তেতিয়া সূৰ্য উদয় হৈছিল।
24 Nígbà náà ni Olúwa rọ̀jò iná àti sulfuru sórí Sodomu àti Gomorra láti ọ̀run lọ́dọ̀ Olúwa wá.
২৪তেনেতে যিহোৱাই আকাশৰ পৰা চদোম আৰু ঘমোৰাৰ ওপৰত গন্ধক আৰু অগ্নি বর্ষাবলৈ ধৰিলে।
25 Báyìí ni ó run àwọn ìlú náà àti gbogbo ilẹ̀ pẹ̀tẹ́lẹ̀, pẹ̀lú gbogbo àwọn tí ó wà ní ìlú ńlá ńlá wọ̀n-ọn-nì àti ohun gbogbo tí ó hù jáde nílẹ̀.
২৫তেওঁ সেই নগৰকেইখন, গোটেই সমথল, নগৰৰ সকলো লোক আৰু ভূমিত গজা সকলো বস্তুকে বিনষ্ট কৰিলে।
26 Ṣùgbọ́n aya Lọti bojú wo ẹ̀yìn, ó sì di ọ̀wọ́n iyọ̀.
২৬কিন্তু পাছত গৈ থকা লোটৰ ভার্য্যাই পাছফালে উভটি চালে, তাতে তেওঁ লোণৰ এটা স্তম্ভ হৈ গ’ল।
27 Ní kùtùkùtù òwúrọ̀ ọjọ́ kejì, Abrahamu sì dìde ó sì padà lọ sí ibi tí ó gbé dúró níwájú Olúwa.
২৭অব্ৰাহামে অতি পুৱাতে উঠি যি ঠাইত পূৰ্বতে যিহোৱাৰ সন্মুখত থিয় হৈছিল, সেই ঠাইলৈ গ’ল।
28 Ó sì wo ìhà Sodomu àti Gomorra àti àwọn ilẹ̀ pẹ̀tẹ́lẹ̀ wọ̀n-ọn-nì, ó sì rí èéfín tí ń ti ibẹ̀ jáde bí èéfín iná ìléru.
২৮তেওঁ তলৰ ফালে চদোম, ঘমোৰা আৰু গোটেই সমতল ভূমিলৈ চাই দেখিলে যে অগ্নিকুণ্ডৰ ধুঁৱাৰ দৰে সেই সকলো ঠাইৰ পৰা ধুঁৱা উঠিছে।
29 Ọlọ́run sì rántí Abrahamu, nígbà tí ó run ìlú pẹ̀tẹ́lẹ̀ wọ̀n-ọn-nì tan, ó sì mú Lọti jáde kúrò láàrín ìparun náà, tí ó kọlu ìlú tí Lọti ti gbé.
২৯যেতিয়া ঈশ্বৰে সমথলৰ নগৰবোৰ বিনষ্ট কৰিলে, তেতিয়া ঈশ্বৰে অব্ৰাহামক সোঁৱৰণ কৰিলে; তেওঁ লোটে য’ত বাস কৰিছিল, সেই নগৰবোৰৰ ধ্বংসস্তূপৰ মাজৰ পৰা তেওঁক বাহিৰলৈ উলিয়াই পঠালে।
30 Lọti àti àwọn ọmọ rẹ̀ obìnrin méjèèjì sì kúrò ní Soari, wọ́n sì ń lọ gbé ní orí òkè ní inú ihò àpáta, nítorí ó bẹ̀rù láti gbé ní ìlú Soari.
৩০পাছত লোটৰ চোৱৰত থাকিবলৈ সাহস নহ’ল আৰু সেয়ে তেওঁ জীয়েক দুজনীক লগত লৈ চোৱৰৰ পৰা ওলাই পাহাৰত বাস কৰিবলৈ উঠি গ’ল; তাত তেওঁ জীয়েক দুজনীৰে সৈতে এটা গুহাত বাস কৰিলে।
31 Ní ọjọ́ kan, èyí ẹ̀gbọ́n sọ fún àbúrò rẹ̀ pé, “Baba wa ti dàgbà, kò sì sí ọkùnrin kankan ní agbègbè yìí tí ìbá bá wa lòpọ̀, bí ìṣe gbogbo ayé.
৩১পাছত ডাঙৰ জীয়েকে সৰু জনীক ক’লে, “আমাৰ পিতৃ বৃদ্ধ হৈ গৈছে। এই এলেকাত এনে কোনো পুৰুষ নাই যেয়ে পৃথিৱীৰ নিয়ম অনুসাৰে আমাৰ লগত সম্বন্ধ কৰিব পাৰে।
32 Wá, jẹ́ kí a mú baba wa mu ọtí yó, kí ó ba à le bá wa lòpọ̀, kí àwa kí ó lè bí ọmọ, kí ìran wa má ba à parẹ́.”
৩২আহাঁ, আমি আমাৰ পিতৃক দ্ৰাক্ষাৰস পান কৰাই তেওঁৰ লগত শয়ন কৰোঁহক। তাতে আমি আমাৰ পিতৃৰ বংশ ৰক্ষা কৰিব পাৰিম।”
33 Ní òru ọjọ́ náà, wọ́n rọ baba wọn ní ọtí yó. Èyí ẹ̀gbọ́n sì wọlé tọ̀ ọ́, ó sì bá a lòpọ̀, baba wọn kò mọ̀ ìgbà tí ó sùn ti òun àti ìgbà tí ó dìde.
৩৩সেই কথা অনুসাৰে সেইদিনা ৰাতি তেওঁলোকে বাপেকক দ্ৰাক্ষাৰস পান কৰাই মতলীয়া কৰিলে। তাৰ পাছত ডাঙৰজনীয়ে সোমাই গৈ বাপেকৰ লগত শয়ন কৰিলে; কিন্তু কেতিয়া তাই শুলে আৰু কেতিয়ানো উঠি গ’ল লোটে গমকে নাপালে।
34 Ní ọjọ́ kejì èyí ẹ̀gbọ́n wí fún àbúrò rẹ̀ pé, “Ní àná mo sùn ti baba mi. Jẹ́ kí a tún wọlé tọ̀ ọ́, kí a lè ní irú-ọmọ láti ọ̀dọ̀ baba wa.”
৩৪পাছদিনা ডাঙৰজনীয়ে সৰু জনীক ক’লে, “শুনা, যোৱাকালি ৰাতি মই পিতৃৰ লগত শয়ন কৰিলোঁ; আহাঁ আজি ৰাতিও আমি পিতৃক দ্ৰাক্ষাৰস পান কৰাওঁ আৰু তুমি সোমাই গৈ তেওঁৰ লগত শয়ন কৰিবা। তাতে পিতৃৰ পৰা আমি আমাৰ বংশ ৰক্ষা কৰিব পাৰিম।”
35 Bẹ́ẹ̀ ni wọ́n tún fún baba wọn ní ọtí mu yó ni alẹ́ ọjọ́ náà, èyí àbúrò náà sì wọlé tọ̀ ọ́ lọ, ó sì bá a lòpọ̀, kò sì tún mọ ìgbà tí ó wọlé sùn ti òun tàbí ìgbà tí ó dìde.
৩৫এইদৰে সেইদিনা ৰাতিও তেওঁলোকে নিজৰ বাপেকক দ্ৰাক্ষাৰস পান কৰালে আৰু সৰু জীয়েকে গৈ বাপেকৰ লগত শয়ন কৰিলে; কিন্তু কেতিয়া যে তেওঁৰ ওচৰত শুলে আৰু কেতিয়ানো উঠি গ’ল, তাক লোটে গম নাপালে।
36 Àwọn ọmọbìnrin Lọti méjèèjì sì lóyún fún baba wọn.
৩৬এইদৰে লোটৰ দুয়ো জনী জীয়েক নিজ বাপেকৰ দ্বাৰা গৰ্ভৱতী হ’ল।
37 Èyí ẹ̀gbọ́n sì bí ọmọkùnrin, ó sì pe orúkọ rẹ̀ ní Moabu. Òun ni baba ńlá àwọn ará Moabu lónìí.
৩৭পাছত ডাঙৰজনীৰ এটি পুত্ৰ হ’ল আৰু তেওঁ তাৰ নাম মোৱাব ৰাখিলে; এই মোৱাবেই বর্তমানৰ মোৱাবীয়াহঁতৰ আদিপিতৃ।
38 Èyí àbúrò náà sì bí ọmọkùnrin, ó sì pe orúkọ rẹ̀ ní Bene-Ami. Òun ni baba ńlá àwọn ará Ammoni lónìí.
৩৮পাছত সৰুজনীয়েও এটি পুত্ৰ প্ৰসব কৰিলে আৰু তাৰ নাম বিন-অম্মি হ’ল; তেওঁ বর্তমানৰ অম্মোনীয়াহঁতৰ আদিপিতৃ।

< Genesis 19 >