< Genesis 17 >
1 Ní ìgbà tí Abramu di ẹni ọ̀kàndínlọ́gọ́rùn-ún ọdún, Olúwa farahàn án, ó sì wí pé, “Èmi ni Ọlọ́run alágbára, máa rìn níwájú mi, kí o sì jẹ́ aláìlábùkù.
১অব্ৰামৰ বয়স যেতিয়া নিৰানব্বই বছৰ হ’ল, তেতিয়া যিহোৱাই অব্ৰামক দৰ্শন দি ক’লে, “মই সৰ্ব্বশক্তিমান ঈশ্বৰ; মোৰ লগত চলাচল কৰা আৰু সিদ্ধ হোৱা।
2 Èmi yóò sì fi ìdí májẹ̀mú mi múlẹ̀ pẹ̀lú rẹ. Èmi yóò sì sọ ọ́ di púpọ̀ gidigidi.”
২মোৰ আৰু তোমাৰ মাজত মই মোৰ বিধি স্থাপন কৰিম আৰু মই তোমাৰ বংশক অতিশয় ৰূপে বৃদ্ধি কৰিম।”
3 Abramu sì dojúbolẹ̀, Ọlọ́run sì wí fún un pé.
৩তেতিয়া অব্ৰামে উবুৰি খাই মাটিত মুখ থৈ প্রণিপাত কৰিলে আৰু ঈশ্বৰে তেওঁৰে সৈতে কথা ক’বলৈ ধৰিলে।
4 “Ní ti èmi, májẹ̀mú mi pẹ̀lú rẹ nìyí. Ìwọ yóò di baba orílẹ̀-èdè púpọ̀.
৪তেওঁ ক’লে, “শুনা, তোমাৰ সৈতে স্থাপন কৰা মোৰ বিধি এই: তুমি এক বাহুল্য জাতিৰ আদিপিতৃ হ’বা।
5 A kì yóò pe orúkọ rẹ̀ ní Abramu mọ́, bí kò ṣe Abrahamu, nítorí, mo ti sọ ọ́ di baba orílẹ̀-èdè púpọ̀.
৫তোমাক অব্ৰাম বুলি পুনৰ কোৱা নহ’ব, কিন্তু এতিয়াৰ পৰা তোমাৰ নাম অব্ৰাহামহে হ’ব; কিয়নো মই তোমাক আদিপিতৃ হ’বলৈ নিৰূপণ কৰিলোঁ।
6 Èmi yóò mú ọ bí si lọ́pọ̀lọ́pọ̀, ọ̀pọ̀ orílẹ̀-èdè ni èmi yóò sì mú ti ara rẹ jáde wá, àwọn ọba pẹ̀lú yóò sì ti inú rẹ jáde.
৬মই তোমাৰ বংশ অতিশয়ৰূপে বৃদ্ধি কৰিম। তোমাৰ পৰা মই অনেক নতুন জাতিৰ সৃষ্টি কৰিম আৰু তোমাৰ পৰা ৰজাসকলৰো জন্ম হ’ব।
7 Èmi yóò sì gbé májẹ̀mú mi kalẹ̀ láàrín tèmi tìrẹ, ní májẹ̀mú ayérayé àti láàrín irú-ọmọ rẹ ní ìran-ìran wọn, láti máa ṣe Ọlọ́run rẹ àti ti irú-ọmọ rẹ lẹ́yìn rẹ.
৭এই বিধি মোৰ, তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ মাজত পুৰুষানুক্রমে স্থাপন কৰিলোঁ; ই এক চিৰকালৰ বিধি হ’ব। মই তোমাৰ আৰু তোমাৰ ভাবী-বংশৰ লোকসকলৰ ঈশ্বৰ হ’বলৈ মোৰ বিধি স্থাপন কৰিলোঁ।
8 Gbogbo ilẹ̀ Kenaani níbi tí ìwọ ti ṣe àjèjì ni èmi yóò fi fún ọ àti fún irú-ọmọ rẹ lẹ́yìn rẹ láéláé. Èmi yóò sì jẹ́ Ọlọ́run wọn.”
৮যি কনান দেশত তুমি প্রবাসী হৈ বাস কৰিছা, মই তোমাক আৰু তোমাৰ ভাবী-বংশক এই সমুদায় দেশ সদাকালৰ অধিকাৰৰ অৰ্থে দিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হ’ম।”
9 Nígbà náà ni Ọlọ́run wí fún Abrahamu pé, “Ìwọ máa pa májẹ̀mú mi mọ́, ìwọ àti irú-ọmọ rẹ lẹ́yìn rẹ àti àwọn ìran tí ó ń bọ̀.
৯পুনৰ ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমালোকৰ বাবে মোৰ এই বিধি পালন কৰিব লাগিব; তুমি আৰু তোমাৰ ভাবী-বংশই পুৰুষানুক্ৰেমে তাক পালন কৰিব লাগে।
10 Èyí ni májẹ̀mú mi pẹ̀lú rẹ àti ìran rẹ lẹ́yìn rẹ, májẹ̀mú tí ẹ̀yin yóò máa pamọ́. Gbogbo ọkùnrin yín ni a gbọdọ̀ kọ ní ilà.
১০তোমালোকে মানিবলগীয়া এই বিধি হৈছে - তোমালোকৰ মাজৰ প্রত্যেক পুৰুষৰ চুন্নৎ হ’ব লাগিব; এই বিধি তোমাৰ আৰু তোমাৰ বংশৰ লোকসকলে মানি চলিব লাগিব।
11 Ẹ̀yin yóò kọ ara yín ní ilà, èyí ni yóò jẹ́ àmì májẹ̀mú láàrín tèmi tiyín.
১১তোমালোকে নিজ নিজ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিবা আৰু সেয়ে মোৰে আৰু তোমালোকৰ মাজত স্থাপিত হোৱা নিয়মৰ চিন হ’ব।
12 Ní gbogbo ìran tí ń bọ̀ lẹ́yìn, gbogbo ọkùnrin ni a gbọdọ̀ kọ ni ilà ní ọjọ́ kẹjọ tí a bí wọn, àti àwọn tí a bí ní ilé rẹ, tàbí tí a fi owó rà lọ́wọ́ àwọn àjèjì, àwọn tí kì í ṣe ọmọ rẹ̀. Èyí yóò sì jẹ́ májẹ̀mú láéláé tí yóò wà láàrín Èmi àti irú-ọmọ rẹ.
১২বংশানুক্রমে তোমালোকৰ প্রত্যেকজন পুত্ৰ-সন্তানৰ জন্মৰ আঠ দিনৰ দিনা এই চুন্নৎ হ’ব লাগিব; বংশৰ কোনো নহলেওঁ তোমালোকৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা কিনি লোৱা দাসবোৰৰো চুন্নৎ হ’ব লাগিব।
13 Ìbá à ṣe ẹni tí a bí nínú ilé rẹ, tàbí ẹni tí o fi owó rà, a gbọdọ̀ kọ wọ́n ní ilà; májẹ̀mú mí lára yín yóò jẹ́ májẹ̀mú ayérayé.
১৩তোমাৰ ঘৰত জন্ম হোৱা পুৰুষ আৰু তুমি কিনি লোৱা সকলো পুৰুষৰে চুন্নৎ হ’বই লাগিব; এইদৰে তোমালোকৰ শৰীৰত মোৰ বিধি চিৰকালৰ এক নিয়ম হ’ব।
14 Gbogbo ọmọkùnrin tí kò bá kọ ilà, tí a kò kọ ní ilà abẹ́, ni a ó gé kúrò láàrín àwọn ènìyàn rẹ̀, nítorí pé ó da májẹ̀mú mi.”
১৪যি জন পুৰুষৰ লিঙ্গগ্ৰ-চৰ্ম্ম ছেদন কৰা নহয়, এনে চুন্নৎ নোহোৱা পুৰুষক নিজ জাতিৰ মাজৰ পৰা বহিস্কাৰ কৰা হ’ব; কাৰণ তেওঁ মোৰ বিধি অমান্য কৰিলে।”
15 Ọlọ́run wí fún Abrahamu pé, “Ní ti Sarai, aya rẹ̀, ìwọ kì yóò pè é ní Sarai mọ́, bí kò ṣe Sara.
১৫ঈশ্বৰে অব্ৰাহামক ক’লে, “তোমাৰ ভাৰ্যা চাৰীক আৰু চাৰী বুলি নামাতিবা; কিন্তু তেওঁৰ নাম চাৰা [ৰাণী] হ’ব।
16 Èmi yóò bùkún fún un, èmi yóò sì fun ọ ní ọmọkùnrin kan nípasẹ̀ rẹ̀. Èmi yóò bùkún un, yóò sì di ìyá àwọn orílẹ̀-èdè, àwọn ọba àwọn orílẹ̀-èdè yóò sì ti ara rẹ̀ jáde wá.”
১৬মই তেওঁক আশীৰ্ব্বাদ কৰিম আৰু তেওঁৰ পৰা তোমাক এটি পুত্ৰও দিম; মই তেওঁক আশীৰ্ব্বাদ কৰিম যাতে তেওঁ অনেক জাতি আৰু তেওঁলোকৰ ৰজাসকলৰ আদিমাতৃ হ’ব।”
17 Abrahamu sì dojúbolẹ̀, ó rẹ́rìn-ín, ó sì wí fún ara rẹ̀ pé, “A ó ha bí ọmọ fún ẹni ọgọ́rùn-ún ọdún? Sara tí í ṣe ẹni àádọ́rùn-ún ọdún yóò ha bímọ bí?”
১৭এই কথা শুনি অব্ৰাহামে মাটিত উবুৰি হৈ পৰিল আৰু হাঁহি মাৰি মনতে ক’লে, “এশ বছৰীয়া বৃদ্ধই সন্তান পাবনে আৰু নব্বৈ বছৰীয়া চাৰাই জানো সন্তান প্ৰসৱ কৰিব পাৰে?”
18 Abrahamu sì wí fún Ọlọ́run pé, “Sá à jẹ́ kí Iṣmaeli kí ó wà láààyè lábẹ́ ìbùkún rẹ.”
১৮অব্ৰাহামে ঈশ্বৰক ক’লে, “ইশ্মায়েলেই যেন আপোনাৰ দৃষ্টিত জীয়াই থাকে, মোলৈ এয়ে সন্তোষজনক।”
19 Nígbà náà ni Ọlọ́run wí pé, “Mo gbọ́, ṣùgbọ́n Sara aya rẹ̀ yóò bí ọmọkùnrin kan fún ọ, ìwọ yóò sì pe orúkọ rẹ̀ ní Isaaki, èmi yóò fi ìdí májẹ̀mú mi múlẹ̀ pẹ̀lú rẹ̀ ní májẹ̀mú ayérayé àti àwọn irú-ọmọ rẹ̀ lẹ́yìn rẹ̀.
১৯ঈশ্বৰে ক’লে, “নহয়, তোমাৰ ভাৰ্যা চাৰাই তোমালৈ এটি পুত্ৰ প্ৰসৱ কৰিব আৰু তুমি তেওঁৰ নাম ইচহাক [হাঁহি] ৰাখিবা; মই চিৰকালৰ এক বিধিৰূপে ইচহাক আৰু তেওঁৰ ভাবী-বংশৰ লোকসকলৰ সৈতে মোৰ বিধি স্থাপন কৰিম।
20 Ṣùgbọ́n ní ti Iṣmaeli, mo gbọ́ ohun tí ìwọ wí, èmi yóò bùkún fún un nítòótọ́, èmi ó sì mú un bí sí i, yóò sì pọ̀ sí i, òun yóò sì jẹ́ baba fún àwọn ọmọ ọba méjìlá, bẹ́ẹ̀ ni èmi yóò sì sọ ọ́ di orílẹ̀-èdè ńlá.
২০ইশ্মায়েলৰ বিষয়ে হ’লে মই তোমাৰ কথা শুনিলোঁ; চোৱা, মই তেওঁক আশীৰ্ব্বাদ কৰিলোঁ; তেওঁকো মই বহুবংশ কৰিম আৰু তেওঁৰ সন্তান-সন্ততি অতিশয়ৰূপে বৃদ্ধি কৰিম; তেৱোঁ বাৰজন গোষ্ঠী-নেতাৰ পিতৃ হ’ব আৰু তেওঁৰ পৰা মই এক মহাজাতি উৎপন্ন কৰিম।
21 Ṣùgbọ́n èmi yóò fi ìdí májẹ̀mú mi múlẹ̀ pẹ̀lú Isaaki, ẹni tí Sara yóò bí fún ọ ni ìwòyí àmọ́dún.”
২১কিন্তু মোৰ নিয়মটি হ’লে অহা বছৰ এই সময়তে চাৰাই তোমালৈ যি সন্তান প্ৰসৱ কৰিব, সেই ইচহাকৰ সৈতেহে স্থাপন কৰিম।”
22 Nígbà tí ó ti bá Abrahamu sọ̀rọ̀ tán, Ọlọ́run sì gòkè lọ kúrò lọ́dọ̀ rẹ̀.
২২অব্ৰাহামৰ লগত কথা কৈ শেষ কৰাৰ পাছত ঈশ্বৰ তেওঁৰ ওচৰৰ পৰা ওপৰলৈ গুছি গ’ল।
23 Ní ọjọ́ náà gan an ni Abrahamu mú Iṣmaeli ọmọ rẹ̀ àti àwọn ẹrú tí a bí ní ilé rẹ̀ àti àwọn tí ó fi owó rà, ó sì kọ wọ́n ní ilà. Bẹ́ẹ̀ ni ó sì kọ gbogbo ọkùnrin tí ń bẹ ní ilé rẹ̀ ní ilà gẹ́gẹ́ bí àṣẹ Ọlọ́run.
২৩তাৰ পাছত ঈশ্বৰৰ কথা অনুসাৰে অব্ৰাহামে তেওঁৰ পুতেক ইশ্মায়েলক, তেওঁৰ ঘৰত জন্ম হোৱা আৰু কিনি লোৱা দাসবোৰক অৰ্থাৎ অব্ৰাহামৰ ঘৰত যিমান পুৰুষ আছিল, তেওঁ সেই দিনাই সকলোৰে লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিলে।
24 Abrahamu jẹ́ ẹni ọ̀kàndínlọ́gọ́rùn-ún ọdún nígbà tí a kọ ọ́ ní ilà.
২৪অব্ৰাহামে যেতিয়া নিজৰ লিঙ্গাগ্ৰ-চৰ্ম্ম ছেদন কৰিছিল, সেই সময়ত তেওঁৰ বয়স আছিল নিৰানব্বৈ বছৰ আৰু
25 Iṣmaeli ọmọ rẹ̀ jẹ́ ẹni ọdún mẹ́tàlá.
২৫তেওঁৰ পুত্ৰ ইশ্মায়েলৰ বয়স আছিল তেৰ বছৰ।
26 Ní ọjọ́ náà gan an ni a kọ Abrahamu ní ilà pẹ̀lú Iṣmaeli ọmọ rẹ̀ ọkùnrin.
২৬সেই একে দিনাই অব্ৰাহাম আৰু তেওঁৰ পুত্ৰ ইশ্মায়েল দুয়োৰে চুন্নৎ কৰা হ’ল।
27 Àti gbogbo ọkùnrin tí ó wà ní ilé Abrahamu, ìbá à ṣe èyí tí a bí ní ilé rẹ̀ tàbí èyí tí a fi owó rà lọ́wọ́ àlejò ni a kọ ní ilà pẹ̀lú rẹ̀.
২৭তেওঁৰ লগতে ঘৰৰ আন সকলো পুৰুষৰ অর্থাৎ তেওঁৰ ঘৰত জন্ম হোৱা আৰু বিদেশীৰ পৰা যি সকলক কিনি লোৱা হৈছিল, সেই সকলো পুৰুষৰে চুন্নৎ কৰা হ’ল।