< Galatians 1 >
1 Paulu, aposteli tí a rán kì í ṣe láti ọ̀dọ̀ ènìyàn wá, tàbí nípa ènìyàn, ṣùgbọ́n nípa Jesu Kristi àti Ọlọ́run Baba, ẹni tí ó jí i dìde kúrò nínú òkú.
১মই পৌল, এজন পাঁচনি। এই পাঁচনি পদ কোনো মানুহৰ পৰা বা মানুহৰ দ্বাৰাই মই পোৱা নাই, কিন্তু যীচু খ্ৰীষ্ট আৰু পিতৃ ঈশ্বৰ, যি জনে যীচুক মৃত লোকৰ মাজৰ পৰা তুলিছিল, তেওঁলোকৰ দ্বাৰাই মই পাঁচনি নিযুক্ত হ’লো।
2 Àti gbogbo àwọn arákùnrin tí ó wà pẹ̀lú mi, Sí àwọn ìjọ ní Galatia:
২মই আৰু মোৰ সহবর্ত্তী যি সকলো ভাই আছে, আমাৰ সকলোৰে পৰা এই পত্র গালাতীয়াৰ মণ্ডলীবোৰৰ সমীপলৈ।
3 Oore-ọ̀fẹ́ sí yín àti àlàáfíà láti ọ̀dọ̀ Ọlọ́run Baba wá àti Jesu Kristi Olúwa,
৩আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা আপোনালোকলৈ অনুগ্ৰহ আৰু শান্তি হওক;
4 ẹni tí ó fi òun tìkára rẹ̀ dípò ẹ̀ṣẹ̀ wa, kí ó lè gbà wá kúrò nínú ayé búburú ìsinsin yìí, gẹ́gẹ́ bí ìfẹ́ Ọlọ́run àti Baba wa, (aiōn )
৪যীচুৱে আমাৰ পাপ সমূহৰ কাৰণে নিজকে উছর্গা কৰিলে যাতে আমাৰ পিতৃ ঈশ্বৰৰ ইচ্ছা অনুসাৰে তেওঁ আমাক বৰ্ত্তমান মন্দ সংসাৰৰ পৰা উদ্ধাৰ কৰিব পাৰে। (aiōn )
5 ẹni tí ògo wà fún láé àti láéláé. Àmín. (aiōn )
৫সেই পিতৃ ঈশ্বৰৰ মহিমা চিৰকাল হওক। আমেন। (aiōn )
6 Ó yà mi lẹ́nu pé ẹ tètè yapa kúrò lọ́dọ̀ ẹni tí ó pè yín sínú oore-ọ̀fẹ́ Kristi, sí ìyìnrere mìíràn.
৬খ্ৰীষ্টৰ অনুগ্ৰহত যি জনে আপোনালোকক আমন্ত্ৰণ কৰিলে, আপোনালোক ইমান সোনকালে তেওঁৰ পৰা অন্যবিধ শুভবাৰ্তালৈ ঘূৰি গৈছে দেখি মই আচৰিত মানিছো।
7 Nítòótọ́, kò sí ìyìnrere mìíràn bí ó tilẹ̀ ṣe pé àwọn kan wà, tí ń yọ yín lẹ́nu, tí wọ́n sì ń fẹ́ yí ìyìnrere Kristi padà.
৭আচলতে কোনো অন্য শুভবাৰ্তা নাই। কিন্তু কিছুমান লোক আছে, যি সকলে আপোনালোকক বিভ্রান্ত কৰে আৰু খ্ৰীষ্টৰ শুভবাৰ্তা বিকৃত কৰিবলৈ বিচাৰে।
8 Ṣùgbọ́n bí ó ṣe àwa ni tàbí angẹli kan láti ọ̀run wá, ni ó bá wàásù ìyìnrere mìíràn fún yín ju èyí tí a tí wàásù rẹ̀ fún yín lọ, jẹ́ kí ó di ẹni ìfibú títí láéláé!
৮কিন্তু আমি আপোনালোকৰ আগত যি শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, তাৰ বাহিৰে আন শুভবাৰ্তা, আমিয়েই হওক বা স্বৰ্গৰ দূতেই হওক, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।
9 Bí àwa ti wí ṣáájú, bẹ́ẹ̀ ni mo sì tún wí nísinsin yìí pé, bí ẹnìkan bá wàásù ìyìnrere mìíràn fún yín ju èyí tí ẹ̀yin tí gbà lọ, jẹ́ kí ó di ẹni ìfibú títí láéláé!
৯আমি আগেয়ে যেনেকৈ কৈছিলোঁ, এতিয়া মই পুনৰ কৈছোঁ, “আপোনালোকে যি শুভবাৰ্তা গ্ৰহণ কৰিলে, তাৰ বাহিৰে আন শুভবাৰ্তা, কোনোৱে যদি আপোনালোকৰ আগত প্ৰচাৰ কৰে, তেনেহলে তেওঁ অভিশপ্ত হওক।”
10 Ǹjẹ́ nísinsin yìí, ènìyàn ni èmi ń wá ojúrere rẹ̀ ní tàbí Ọlọ́run? Tàbí ènìyàn ni èmi ń fẹ́ láti wù bí? Bí èmi bá ń fẹ́ láti wu ènìyàn, èmi kò lè jẹ́ ìránṣẹ́ Kristi.
১০মই এতিয়া মানুহৰ নে ঈশ্বৰৰ প্রশংসা বিচাৰিছোঁ? অথবা, মই মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছোঁ নেকি? মই যদি এতিয়াও মানুহক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ, তেনেহলে মই খ্ৰীষ্টৰ দাস নহওঁ।
11 Mo fẹ́ kí ẹ mọ̀, ará, pé ìyìnrere tí mo tí wàásù kì í ṣe láti ipa ènìyàn.
১১ভাই সকল, মই আপোনালোকক জনাবলৈ বিচাৰো যে, মই যি শুভবাৰ্তা প্রচাৰ কৰিছোঁ, সেয়া কোনো মানুহৰ মত অনুসাৰে নহয়।
12 N kò gbà á lọ́wọ́ ènìyàn kankan, bẹ́ẹ̀ ni a kò fi kọ́ mi, ṣùgbọ́n mo gbà á nípa ìfihàn láti ọ̀dọ̀ Jesu Kristi.
১২কাৰণ মই মানুহৰ পৰা তাক পোৱা নাই আৰু মোক শিকোৱাও নাই; কিন্তু যীচু খ্ৰীষ্টই নিজে এই বিষয়ে মোৰ আগত প্রকাশ কৰিলে।
13 Nítorí ẹ̀yin ti gbúròó ìgbé ayé mi nígbà àtijọ́ nínú ìsìn àwọn Júù, bí mo tí ṣe inúnibíni sí ìjọ ènìyàn Ọlọ́run rékọjá ààlà, tí mo sì lépa láti bà á jẹ́.
১৩আপোনালোকেতো শুনিছে যে, ইহুদী ধর্ম পালন কৰাৰ সময়ত মই কি ভাৱে জীৱন-যাপন কৰিছিলোঁ; কেনে নির্মমভাৱে ঈশ্বৰৰ মণ্ডলীৰ ওপৰত অধিক পৰিমাণে তাড়না কৰি, তাক ধ্বংস কৰিবলৈ চেষ্টা কৰিছিলোঁ।
14 Mo sì ta ọ̀pọ̀lọpọ̀ àwọn ẹlẹgbẹ́ mi yọ nínú ìsìn àwọn Júù láàrín àwọn ìran mi, mo sì ni ìtara lọ́pọ̀lọ́pọ̀ sì òfin àtọwọ́dọ́wọ́ àwọn baba mi.
১৪ইহুদী ধর্ম চর্চ্চাত মোৰ সমসাময়িক আনসকলতকৈ মই অনেক আগবাঢ়ি গৈছিলোঁ। পূর্বপুৰুষ সকলৰ পৰম্পৰাগত ৰীতি-নীতি পালনত মই যথেষ্ট উৎসাহী আছিলোঁ।
15 Ṣùgbọ́n nígbà tí ó wú Ọlọ́run ẹni tí ó yà mí sọ́tọ̀ láti inú ìyá mi wá, tí ó sì pé mi nípa oore-ọ̀fẹ́ rẹ̀.
১৫কিন্তু ঈশ্বৰে মোক মাতৃ-গৰ্ভৰে পৰা বাছি ল’লে আৰু তেওঁৰ অনুগ্ৰহেৰে মোক আমন্ত্ৰণ কৰিলে।
16 Láti fi ọmọ rẹ̀ hàn nínú mi, kì èmi lè máa wàásù ìyìnrere rẹ̀ láàrín àwọn aláìkọlà; èmi kò wá ìmọ̀ lọ sọ́dọ̀ ẹnikẹ́ni,
১৬মই যেন অনা-ইহুদী সকলৰ আগত তেওঁৰ পুত্ৰৰ বিষয়ে শুভবাৰ্তা প্ৰচাৰ কৰোঁ; সেয়ে, ঈশ্বৰে যেতিয়া নিজ পুত্ৰক মোৰ জীৱনত প্ৰকাশ কৰিবলৈ সন্তুষ্ট হৈছিল, তেতিয়া মই ক্ষণিকৰ বাবেও মাংস আৰু তেজেৰে সৈতে কোনো পৰামৰ্শ নকৰিলোঁ;
17 bẹ́ẹ̀ ni èmi kò gòkè lọ sì Jerusalẹmu tọ àwọn tí í ṣe aposteli ṣáájú mi, ṣùgbọ́n mo lọ sí Arabia, mo sì tún padà wá sí Damasku.
১৭এনে কি মোতকৈ আগেয়ে হোৱা পাঁচনি সকলক লগ পাবলৈ যিৰূচালেমলৈও নগ’লো; কিন্তু মই আৰব দেশলৈ গৈছিলোঁ আৰু পাছত পুনৰ দম্মেচকলৈ উলটি আহিলোঁ।
18 Lẹ́yìn ọdún mẹ́ta, nígbà náà ni mo gòkè lọ sì Jerusalẹmu láti lọ kì Peteru, mo sì gbé ọ̀dọ̀ rẹ̀ ní ìjọ mẹ́ẹ̀ẹ́dógún,
১৮ইয়াৰ তিনি বছৰৰ পাছত, মই কৈফাৰে সৈতে চিনা পৰিচয় হ’বলৈ যিৰূচালেমলৈ গ’লো আৰু তেওঁৰ লগত পোন্ধৰ দিন থকিলোঁ।
19 èmi kò ri ẹlòmíràn nínú àwọn tí ó jẹ́ aposteli, bí kò ṣe Jakọbu arákùnrin Olúwa.
১৯তাত প্রভুৰ ভায়েক যাকোবৰ বাহিৰে আন কোনো পাঁচনি পদ পোৱা লোকক মই দেখা নাপালোঁ।
20 Nǹkan tí èmi ń kọ̀wé sí yín yìí, kíyèsi i, níwájú Ọlọ́run èmi kò ṣèké.
২০চাওক, ঈশ্বৰৰ দৃষ্টিত মই আপোনালোকৰ ওচৰত এই যি সকলো কথা লিখিছোঁ, সেইবোৰ মিছা নহয়।
21 Lẹ́yìn náà mo sì wá sí agbègbè Siria àti ti Kilikia.
২১তাৰ পাছত মই চিৰিয়া আৰু কিলিকিয়াৰ শাসনাধীন অঞ্চলবোৰলৈ গ’লো;
22 Mo sì jẹ́ ẹni tí a kò mọ̀ lójú fún àwọn ìjọ tí ó wà nínú Kristi ni Judea.
২২তেতিয়াও খ্ৰীষ্টত আশ্ৰয় লোৱা যিহুদীয়াৰ মণ্ডলীবোৰৰ সৈতে মোৰ ব্যক্তিগত সাক্ষাত-পৰিচয় হোৱা নাছিল
23 Wọ́n kàn gbọ́ ìròyìn wí pé, “Ẹni tí ó tí ń ṣe inúnibíni sí wa rí, ní ìsinsin yìí ti ń wàásù ìgbàgbọ́ náà tí ó ti gbìyànjú láti bàjẹ́ nígbà kan rí.”
২৩কিন্তু তেওঁলোকে কেৱল শুনিবলৈ পাইছিল, “যি জনে পূৰ্বতে আমাক তাড়না কৰিছিল, তেওঁ এতিয়া সেই বিশ্বাসৰ বাণী প্রচাৰ কৰিছে, যি তেওঁ পূৰ্বে ধ্বংস কৰিবলৈ বিচাৰিছিল।”
24 Wọ́n sì yin Ọlọ́run lógo nítorí mi.
২৪আৰু তেওঁলোকে মোৰ বাবে ঈশ্বৰৰ মহিমা কৰিবলৈ ধৰিলে।