< Ezra 8 >

1 Wọ̀nyí ni àwọn olórí ìdílé àti àwọn tí ó fi orúkọ sílẹ̀ pẹ̀lú àwọn tì wọn gòkè pẹ̀lú mi láti Babeli ní àkókò ìjọba Artasasta ọba:
ৰজা অৰ্তক্ষত্ৰ ৰাজত্বৰ সময়ত মোৰ সৈতে বাবিল ত্যাগ কৰি যোৱা লোকসকল এওঁলোক। এওঁলোক তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ পৰিয়াল সমূহৰ মূখ্য লোক আছিল।
2 nínú àwọn ọmọ Finehasi: Gerṣomu; nínú àwọn ọmọ Itamari: Daniẹli; nínú àwọn ọmọ Dafidi: Hattusi,
পীনহচৰ বংশধৰসকলৰ মাজত গেৰ্চোম: ঈথামৰৰ বংশধৰসকলৰ মাজত দানিয়েল: দায়ূদৰ বংশধৰসকলৰ মাজত হত্তূচ।
3 nínú àwọn ọmọ Ṣekaniah; nínú àwọn ọmọ Paroṣi: Sekariah, àti pé àádọ́jọ ọkùnrin fi orúkọ sílẹ̀ pẹ̀lú rẹ;
চখনিয়াৰ আৰু পৰিয়োচৰ বংশধৰসকলৰ মাজত জখৰিয়া: তেওঁৰ লগত তালিকাত এশ পঞ্চাশ জন পুৰুষ আছিল।
4 nínú àwọn ọmọ Pahati-Moabu: Elihoenai ọmọ Serahiah àti àwọn igba ọkùnrin pẹ̀lú rẹ̀;
পহৎ-মোৱাবৰ বংশধৰসকলৰ মাজত জৰহীয়াৰ পুত্ৰ ইলীহোঐনয়। আৰু তেওঁৰ লগত তালিকাত দুশ জন পুৰুষ আছিল।
5 nínú àwọn ọmọ Sattu: Ṣekaniah ọmọ Jahasieli àti àwọn ọ̀ọ́dúnrún ọkùnrin pẹ̀lú rẹ̀;
চখনিয়া বংশধৰসকলৰ মাজত যহজীয়েল। তেওঁৰ লগত তালিকাত তিনিশ জন পুৰুষ আছিল।
6 nínú àwọn ọmọ Adini: Ebedi ọmọ Jonatani, àti àádọ́ta ọkùnrin pẹ̀lú rẹ̀;
আদীনৰ বংশধৰসকলৰ মাজত যোনাথনৰ পুত্ৰ এবদ। তেওঁৰ লগত তালিকাত পঞ্চাশ জন পুৰুষ আছিল।
7 nínú àwọn ọmọ Elamu: Jeṣaiah ọmọ Ataliah àwọn àádọ́rin ọkùnrin pẹ̀lú rẹ̀;
এলমৰ বংশধৰসকলৰ মাজত অথলিয়াৰ পুত্ৰ যিচয়া। তেওঁৰ লগত তালিকাত সত্তৰজন পুৰুষ আছিল।
8 nínú àwọn ọmọ Ṣefatia: Sebadiah ọmọ Mikaeli, àti ọgọ́rin ọkùnrin pẹ̀lú rẹ̀;
চফটিয়াৰ বংশধৰসকলৰ মাজত মীখায়েলৰ পুত্ৰ জবদিয়া। তেওঁৰ লগত তালিকাত আশীজন পুৰুষ আছিল।
9 nínú àwọn ọmọ Joabu: Obadiah ọmọ Jehieli àti ogún ó lé nígba ó dín méjì ọkùnrin pẹ̀lú rẹ̀;
যোৱাবৰ বংশধৰসকলৰ মাজত যিহীয়েলৰ পুত্ৰ ওবদিয়া। তেওঁৰ লগত তালিকাত দুশ ওঠৰ জন পুৰুষ আছিল।
10 nínú àwọn ọmọ Bani: Ṣelomiti ọmọ Josafiah, àti ọgọ́jọ ọkùnrin pẹ̀lú rẹ̀;
১০চলোমীতৰ বংশধৰসকলৰ মাজত যোচিফিয়াৰ পুত্ৰ। তেওঁৰ লগত তালিকাত এশ ষাঠিজন পুৰুষ আছিল।
11 nínú àwọn ọmọ Bebai: Sekariah ọmọ Bebai àti ọkùnrin méjìdínlọ́gbọ̀n pẹ̀lú rẹ̀;
১১বেবয়ৰ বংশধৰসকলৰ মাজত বেবয়ৰ পুত্ৰ জখৰিয়া। তেওঁ লগত তালিকাত আঠাইশ জন পুৰুষ আছিল।
12 nínú àwọn ọmọ Asgadi: Johanani ọmọ Hakatani, àti àádọ́fà ọkùnrin pẹ̀lú rẹ̀;
১২অজগদৰ বংশধৰসকলৰ মাজত হক্কাটনৰ পুত্ৰ যোহানন। তেওঁৰ লগত তালিকাত এশ দহ জন পুৰুষ আছিল।
13 nínú àwọn ọmọ Adonikami: àwọn ti ó gbẹ̀yìn, tì orúkọ wọn ń jẹ́ Elifaleti, Jeieli àti Ṣemaiah, àti ọgọ́ta ọkùnrin pẹ̀lú wọn;
১৩অদোনীকামৰ পাছত অহা বংশধৰসকলৰ মাজত কেইজন লোক আছিল। তেওঁলোকৰ নাম হ’ল: ইলীফেলট, যিয়ুৱেল, আৰু চময়িয়া। তেওঁলোকৰ লগত ষাঠিজন পুৰুষ আহিছিল।
14 nínú àwọn ọmọ Bigfai: Uttai àti Sakkuri, àti àádọ́rin ọkùnrin pẹ̀lú wọn.
১৪বিগবয়ৰ বংশধৰসকলৰ মাজত উথয় আৰু জক্কুৰ। তেওঁৰ লগত তালিকাত সত্তৰজন পুৰুষ আছিল।
15 Èmi kó wọn jọ pọ̀ si etí odò ti ń sàn lọ sí Ahafa, a pàgọ́ síbẹ̀ fún odidi ọjọ́ mẹ́ta, nígbà ti mo wo àárín àwọn ènìyàn àti àárín àwọn àlùfáà, ń kò rí ọmọ Lefi kankan níbẹ̀.
১৫মই তেওঁলোকক অহবালৈ বৈ যোৱা পানীৰ কাষত একত্রিত কৰিলোঁ অাৰু আমি তাত তিন দিন ছাউনি পাতি থাকিলোঁ। মই সকলো লোকৰ লগতে আৰু পুৰোহিতসকলৰ মাজত অনুসন্ধান কৰি চালোঁ, কিন্তু লেবী বংশৰ কোনো এজনক তাত বিচাৰি নাপালোঁ।
16 Nígbà náà ni mo pe Elieseri, Arieli, Ṣemaiah, Elnatani, Jaribi, Elnatani, Natani, Sekariah, àti Meṣullamu, tí wọ́n jẹ́ olórí, àti Joiaribu àti Elnatani tí wọ́n jẹ́ onímọ̀ ìjìnlẹ̀,
১৬সেয়ে, ইলীয়েজৰ, অৰীয়েল, চময়িয়া, ইলনাথন, যাৰীব, ইলনাথন, নাথন, জখৰিয়া, আৰু মচুল্লম, এই মূখ্য লোকসকলক তেওঁলোকৰ বাবে পঠালোঁ; যোয়াৰিব আৰু ইলনাথন, এওঁলোক শিক্ষক আছিল, এওঁলোককো মই তেওঁলোকৰ বাবে পঠালোঁ।
17 mo sì rán wọn tí àwọn ti àṣẹ sí ọ̀dọ̀ Iddo, tí ó jẹ́ olórí ní ibi ti a ń pè ni Kasifia, mo sì sọ fún wọn ohun tí wọn yóò wí fun Iddo àti àwọn Lefi arákùnrin rẹ̀, tí wọ́n jẹ́ òṣìṣẹ́ tẹmpili ní Kasifia pé, kí wọn mú àwọn ìránṣẹ́ wá sí ọ̀dọ̀ wa fún ilé Ọlọ́run wa.
১৭তাৰ পাছত মই তেওঁলোকক কচিফিয়াৰ মূখ্যলোক ইদ্দোৰৰ ওচৰলৈ পঠালোঁ। ইদ্দো আৰু তেওঁৰ সম্পৰ্কীয় লোকসকলক কি ক’ব লাগিব, সেই বিষয়ে মই কৈছিলোঁ যে, ‘মন্দিৰৰ যি দাসবোৰ কাচিফিয়াত বসবাস কৰি আছে, তেওঁলোকক ঈশ্বৰৰ গৃহৰ পৰিচৰ্যাৰ বাবে আমাৰ ওচৰলৈ পঠিয়াই দিয়ক’।
18 Nítorí ọwọ́ àánú Ọlọ́run wa wà lára wa, wọ́n sì mú Ṣerebiah wá fún wa, ẹni tí ó kún ojú òsùwọ̀n láti ìran Mahili, ọmọ Lefi, ọmọ Israẹli, àti àwọn ọmọ Ṣerebiah àti àwọn arákùnrin rẹ̀, wọ́n jẹ́ ọkùnrin méjìdínlógún.
১৮যিহেতু ঈশ্বৰৰ কৃপাদৃষ্টি আমাৰ ওপৰত আছিল, সেয়ে আমাৰ বাবে এজন ব্যক্তি পঠাই দিলে, তেওঁৰ নাম চেৰেবিয়া আছিল; তেওঁ এজন বিচক্ষণ ব্যক্তি আছিল। তেওঁ আছিল মহলীৰ বংশধৰ। মহলী আছিল, লেবীৰ পুত্র। লেবী আছিল, ইস্ৰায়েলৰ পুত্র। তেওঁ ওঠৰ জন পুত্র আৰু ভাইসকলক লগত লৈ আহিছিল।
19 Àti Haṣabiah, pẹ̀lú Jeṣaiah láti ìran Merari, pẹ̀lú àwọn arákùnrin rẹ àti àwọn ọmọ wọ́n jẹ́ ogún ọkùnrin.
১৯তেওঁৰ লগত হচবিয়া আহিছিল। তাতে যিচয়াও আছিল। যিচয়া আছিল মৰাৰীৰ পুত্রসকলৰ মাজৰ এজন, তেওঁৰ লগতে তেওঁৰ পুত্র আৰু ভাইসকলৰ সৈতে সৰ্বমুঠ বিশজন লোক আহিছিল।
20 Wọ́n sì tún mú ogún lé nígba àwọn òṣìṣẹ́ tẹmpili wá—àwọn ènìyàn tí Dafidi àti àwọn ìjòyè rẹ̀ gbé kalẹ̀ láti ran àwọn ọmọ Lefi lọ́wọ́. Gbogbo wọn ni a ṣe àkọsílẹ̀ orúkọ wọn.
২০দায়ুদ আৰু তেওঁৰ বিষয়াসকলে লেবীয়াসকলৰ সেৱকীয় কাৰ্যৰে মন্দিৰত পৰিচৰ্যা কৰিবৰ বাবে দুশ বিশজন লোকক নিযুক্ত কৰিছিল। তেওঁলোকক নাম অনুসাৰে নিযুক্ত কৰা হৈছিল।
21 Níbẹ̀, ní ẹ̀bá odò Ahafa, mo kéde àwẹ̀, kí a ba à le rẹ ara wa sílẹ̀ níwájú Ọlọ́run, kí a sì béèrè lọ́wọ́ rẹ̀ fún ìrìnàjò àìléwu fún wa àti àwọn ọmọ wa àti fún gbogbo ohun ìní wa.
২১তাৰ পাছত আমি ঈশ্বৰৰ সন্মূখত নিজকে নম্র কৰিবৰ বাবে অহবা নদীৰ দাঁতিত উপবাস ঘোষণা কৰিলোঁ, তাতে আমি আমাৰ সৰু সকলৰ বাবে আৰু আমাৰ সম্পত্তিৰ বাবে এটা সুবিধাজনক পথ বিচাৰিলো।
22 Mo tijú láti béèrè lọ́wọ́ ọba fún àwọn jagunjagun orí ilẹ̀, àti ti orí ẹṣin láti dáàbò bò wá kúrò lọ́wọ́ àwọn ọ̀tá ní ọ̀nà wa, nítorí àti sọ fún ọba pé, “Ọwọ́ àánú Ọlọ́run wà ní ara gbogbo ẹni tí ó gbé ojú sókè sí i, ṣùgbọ́n ìbínú ńlá rẹ wà lórí ẹni tó kọ̀ ọ́ sílẹ̀.”
২২শত্রুবোৰৰ পৰা আমাক ৰক্ষা কৰিবলৈ মই আমাৰ লগত সৈন্য বা অশ্বাৰোহী ৰজাক খুজিবলৈ অত্যন্ত দ্বিধাবোধ কৰিছিলোঁ। আমি ৰজাক কৈছিলোঁ যে, “আমাৰ ঈশ্বৰে, তেওঁক মঙ্গল খোজা সকলৰ ওপৰত তেওঁৰ হাত থাকে, কিন্তু তেওঁক ত্যাগ কৰা সকলৰ ওপৰত তেওঁৰ পৰাক্ৰম আৰু ক্ৰোধ থাকে।”
23 Bẹ́ẹ̀ ni a sì gbààwẹ̀, a sì bẹ̀bẹ̀ fún èyí lọ́dọ̀ Ọlọ́run wa, òun sì gbọ́ àdúrà wa.
২৩সেয়ে আমি উপবাস কৰি, আমাৰ ঈশ্বৰৰ আগত সেই বিষয়ে প্ৰাৰ্থনা কৰিলোঁ, আৰু তেওঁ আমাৰ প্ৰাৰ্থনা গ্ৰহণ কৰিলে।
24 Nígbà náà ni mo ya àwọn àlùfáà tó jẹ́ aṣáájú méjìlá sọ́tọ̀, pẹ̀lú Ṣerebiah, Haṣabiah àti mẹ́wàá lára àwọn arákùnrin wọn,
২৪তাৰ পাছত, মই পুৰোহিত কৰ্মচাৰীসকলৰ পৰা বাৰ জন নিৰ্ব্বাচন কৰিলোঁ: চেৰেবিয়া, হচবিয়া, আৰু তেওঁলোকৰ ভাই সকলৰ মাজত দহজন।
25 mo sì fi òsùwọ̀n wọn ọrẹ fàdákà àti wúrà àti àwọn ohun èlò tí ọba, àti ti àwọn ìgbìmọ̀, àti ti àwọn ìjòyè, àti ti gbogbo ọmọ Israẹli tí ó wà níbẹ̀, tí wọ́n gbe sílẹ̀ fún ilé Ọlọ́run wa.
২৫ৰজা আৰু তেওঁৰ পৰামৰ্শদাতা, কৰ্মচাৰী আৰু ইস্ৰায়েল লোকসকলে আমাৰ ঈশ্বৰৰ গৃহৰ অৰ্থে মুক্তভাৱে দিয়া দান, ৰূপ, সোণ, আৰু সকলো বস্তু জুখি তেওঁলোকক দিলোঁ।
26 Mo fi òsùwọ̀n wọn ẹgbẹ̀ta lé láàádọ́ta tálẹ́ǹtì fàdákà, àti ohun èlò fàdákà tí ó wọn ọgọ́rùn-ún tálẹ́ǹtì, ọgọ́rùn-ún tálẹ́ǹtì wúrà,
২৬সেয়ে, ছশ পঞ্চাশ কিক্কৰ ৰূপ, এশ কিক্কৰ ৰূপৰ বস্তু, এশ কিক্কৰ সোণ,
27 ogún ago wúrà tí iye rẹ̀ tó ẹgbẹ̀rún dariki, àti ohun èlò idẹ dáradára méjì ti ó ni iye lórí bí i wúrà.
২৭এক হাজাৰ অদৰ্কোন মূল্যৰ বিশ টা সোণৰ বাটি, আৰু পিতলৰ দুটা ভালকৈ পালিশ কৰা বা নিমজ পাত্ৰ জুখি মই তেওঁলোকক দিলোঁ।
28 Mo wí fún wọn pé, “Ẹ̀yin àti àwọn ohun èlò wọ̀nyí ni a ti yà sí mímọ́ fún Olúwa. Fàdákà àti wúrà sì jẹ́ ọrẹ àtinúwá sí Olúwa Ọlọ́run àwọn baba yín.
২৮তাৰ পাছত, মই তেওঁলোকক ক’লোঁ, “আপোনালোক যিহোৱালৈ উৎসৰ্গ হওক, আৰু এই বস্তুবোৰো উৎসৰ্গ কৰক। এই ৰূপ আৰু সোণবোৰ আপোনালোকৰ পূৰ্বপুৰুষৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ইচ্ছাকৃতভাৱে কৰা দান।
29 Ẹ máa tọ́jú wọn dáradára títí ẹ̀yin yóò fi fi òsùwọ̀n wọ̀n wọ́n jáde kúrò ni ilé Olúwa ni Jerusalẹmu ní iwájú àwọn aṣáájú, àwọn àlùfáà àti àwọn ọmọ Lefi, àti ní iwájú olórí ìdílé gbogbo ni Israẹli.”
২৯পুৰোহিত কৰ্মচাৰী, লেবীয়া আৰু যিৰূচালেমৰ ইস্ৰায়েল বংশৰ পূৰ্বপুৰুষৰ মূখ্য লোকসকলৰ আগত ঈশ্বৰৰ গৃহৰ কোঁঠালিত জুখি নিদিয়ালৈকে এইবোৰ চাই থাকক আৰু সযতনে ৰাখক।”
30 Nígbà náà ni àwọn àlùfáà àti àwọn Lefi gba fàdákà àti wúrà àti àwọn ohun èlò mímọ́ tí a ti wọ̀n jáde fún kíkó lọ sí ilé Ọlọ́run wa ní Jerusalẹmu.
৩০পুৰোহিতসকল আৰু লেবীয়াসকলে ৰূপ, সোণ, আৰু বস্তুবোৰো জুখি গ্রহণ কৰি, যিৰূচালেমত আমাৰ ঈশ্বৰৰ গৃহলৈ সেইবোৰ লৈ যাবৰ বাবে আদেশ দিলে।
31 Ní ọjọ́ kejìlá oṣù kìn-ín-ní ni a gbéra kúrò ní ẹ̀bá odò Ahafa láti lọ sí Jerusalẹmu. Ọwọ́ Ọlọ́run wa wà lára wa, ó sì dáàbò bò wá kúrò lọ́wọ́ àwọn ọ̀tá àti àwọn adigunjalè ní ọ̀nà wa.
৩১প্ৰথম মাহৰ দ্বাদশ দিনা, আমি যিৰূচালেমলৈ যাবৰ বাবে অহবা নদীৰ পৰা যাত্রা কৰিলোঁ। আমাৰ ওপৰত আমাৰ ঈশ্বৰৰ হাত থকা বাবে তেওঁ শত্ৰুবোৰৰ ওপৰত আৰু বাটত খাপ দি থকা ডকাইতসকলৰ হাতৰ পৰা আমাক ৰক্ষা কৰিলে।
32 Bẹ́ẹ̀ ni a gúnlẹ̀ sí Jerusalẹmu, níbi tí a ti sinmi fún ọjọ́ mẹ́ta.
৩২তাৰ পাছত আমি যিৰূচালেম আহি পালোঁ, তাতে তিন দিন থাকিলোঁ।
33 Ní ọjọ́ kẹrin, a wọn ohun èlò fàdákà àti wúrà àti àwọn ohun èlò mímọ lé àlùfáà Meremoti ọmọ Uriah lọ́wọ́, láti inú ilé Ọlọ́run wa, Eleasari ọmọ Finehasi wà pẹ̀lú rẹ̀, bẹ́ẹ̀ ni àwọn ọmọ Lefi; Josabadi ọmọ Jeṣua àti Noadiah ọmọ Binnui wà níbẹ̀ pẹ̀lú.
৩৩চতুৰ্থ দিনা সেই ৰূপ, সোণ, আৰু বস্তুবোৰ জুখি আমাৰ ঈশ্বৰৰ গৃহত উৰিয়াৰ পুত্ৰ মৰেমোৎ পুৰোহিতৰ হাতত গতাই দিলোঁ। তেওঁৰ লগত পীনহচৰ পুত্ৰ ইলিয়াজৰ আছিল, যেচুৱাৰ পুত্ৰ যোজাবদ আৰু বিন্নইৰ পুত্ৰ নোৱদিয়া, এওঁলোক লেবীয়া আছিল।
34 Gbogbo nǹkan ni a kà, tí a sì wọ̀n, gbogbo iye ìwọ̀n ni a sì ṣe àkọsílẹ̀ rẹ̀ sínú ìwé ní ìgbà náà.
৩৪সকলোবোৰ গণনা কৰি আৰু জুখি গতাই দিয়া হ’ল; সেই সময়ত সকলোবোৰ বস্তুৰ জোখ লিখি থোৱা হ’ল।
35 Nígbà náà ni àwọn ìgbèkùn tí ó ti padà láti ilẹ̀ àjèjì rú ẹbọ sísun sí Ọlọ́run Israẹli: akọ màlúù méjìlá fún gbogbo Israẹli, àgbò mẹ́rìndínlọ́gọ́rùn-ún, ọ̀dọ́-àgùntàn mẹ́tàdínlọ́gọ́rin, àti òbúkọ méjìlá fún ẹbọ ẹ̀ṣẹ̀. Gbogbo èyí jẹ́ ẹbọ sísun sí Olúwa.
৩৫বন্দীত্বৰ পৰা ঘূৰি অহা দেশান্তৰিত লোকসকলে ইস্ৰায়েলৰ ঈশ্বৰৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিলে: ইস্ৰায়েলৰ বাবে বাৰটা ভতৰা গৰু, ছয়ানব্বৈটা মতা ছাগলী, সাতসত্তৰটা মেৰ-ছাগ পোৱালি, আৰু পাপাৰ্থক বলিৰ বাবে বাৰটা মতা ছাগলী উৎসৰ্গ কৰিলে। এই সকলোবোৰ যিহোৱাৰ উদ্দেশ্যে দিয়া হোম-বলি।
36 Wọ́n sì jíṣẹ́ àṣẹ ọba fún àwọn ìjòyè àti àwọn baálẹ̀ agbègbè Eufurate, wọ́n sì ṣe ìrànlọ́wọ́ fún àwọn ènìyàn àti ilé Ọlọ́run.
৩৬তাৰ পাছত তেওঁলোকে নদীৰ সিপাৰে থকা ৰাজপ্ৰতিনিধি আৰু ৰজাৰ উচ্চপদত থকা কৰ্মচাৰী সকলক ৰজাৰ আজ্ঞা পত্ৰ দিলে, আৰু তেওঁলোকে লোকসকলক আৰু ঈশ্বৰৰ গৃহত সহায় কৰিলে।

< Ezra 8 >