< Ezra 4 >

1 Nígbà tí àwọn ọ̀tá Juda àti Benjamini gbọ́ wí pé àwọn ìgbèkùn tí ó padà dé ń kọ́ tẹmpili fún Olúwa, Ọlọ́run Israẹli,
বন্দিত্ৱৰ পৰা উভতি অহা লোকসকলে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মন্দিৰ পুনৰ নিৰ্ম্মাণ কৰিছে বুলি যিহূদা আৰু বিন্যামীনৰ কিছুমান শত্ৰুৱে শুনিলে।
2 wọ́n wá sí ọ̀dọ̀ Serubbabeli àti sí ọ̀dọ̀ àwọn olórí àwọn ìdílé, wọ́n sì wí pé, “Jẹ́ kí a bá a yín kọ́ nítorí pé, bí i tiyín, a ń wá Ọlọ́run yín, a sì ti ń rú ẹbọ sí i láti ìgbà Esarhadoni ọba Asiria, tí ó mú wa wá sí ibi yìí.”
সেয়ে তেওঁলোকে জৰুব্বাবিল আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জাতিৰ মূল লোকসকলৰ কাষ চাপিল। তেওঁলোকে তেওঁলোকক ক’লে, “আহাঁ আমি তোমালোকৰ সৈতে তোমালোকৰ দৰেই মন্দিৰ নিৰ্ম্মাণ কৰোঁহক, আমি তোমালোকৰ ঈশ্বৰক বিচাৰো আৰু অচূৰৰ এচৰ-হদ্দোন ৰজাই আমাক এই ঠাইলৈ অনা দিনৰে পৰা আমি সেই ঈশ্বৰৰ উদ্দেশ্যেই বলি-দান কৰি আছোঁ।”
3 Ṣùgbọ́n Serubbabeli, Jeṣua àti ìyókù àwọn olórí àwọn ìdílé Israẹli dáhùn pé, “Ẹ kò ní ohunkóhun pẹ̀lú wa ní kíkọ́ ilé fún Ọlọ́run wa. Àwa nìkan yóò kọ́ ọ fún Olúwa, Ọlọ́run Israẹli, bí Kirusi, ọba Persia, ti pàṣẹ fún wa.”
কিন্তু জৰুব্বাবিল, যেচুৱা আৰু তেওঁলোকৰ পূৰ্বপুৰুষৰ জাতিৰ মূল লোকসকলে ক’লে, “তোমালোক নহয়, কিন্তু আমিহে আমাৰ ঈশ্বৰৰ গৃহ নিৰ্ম্মাণ কৰিম। পাৰস্যৰ কোৰচ ৰজাই আদেশ দিয়া অনুসাৰে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে আমি গৃহ নিৰ্ম্মাণ কৰিম।”
4 Nígbà náà ni àwọn ènìyàn ilẹ̀ náà mú ọwọ́ àwọn ènìyàn Juda rọ, wọ́n sì dẹ́rùbà wọ́n ní ti kíkọ́ ilé náà.
সেয়ে দেশৰ লোকসকলে যিহূদাৰ লোকসকলক ভয় দেখুৱাই গৃহ নিৰ্ম্মাণ কাৰ্যত বাধা প্রয়োগ কৰিলে।
5 Wọ́n gba àwọn olùdámọ̀ràn láti ṣiṣẹ́ lòdì sí wọn àti láti sọ ète wọn di asán ní gbogbo àsìkò ìjọba Kirusi ọba Persia àti títí dé ìgbà ìjọba Dariusi ọba Persia.
তেওঁলোকৰ অভিপ্রায় ব্যৰ্থ কৰিবলৈ তেওঁলোকে পৰমৰ্শদাতাকো উৎকোচ হিচাবে ধন প্রদান কৰিছিল। পাৰস্যৰ কোৰচ ৰজাই ৰাজত্ব কৰা দিনলৈকে আৰু পাৰস্যৰ দাৰিয়াবচ ৰজাৰ ৰাজত্ব সময়লৈকে, তেওঁলোকে এনেদৰে কৰি থাকিল।
6 Ní ìbẹ̀rẹ̀ ìjọba Ahaswerusi wọ́n fi ẹ̀sùn kan àwọn ènìyàn Juda àti Jerusalẹmu.
তাৰ পাছত অহচবেৰোচ ৰজাৰ ৰাজত্বৰ আৰম্ভণিতে তেওঁলোকে যিহূদা আৰু যিৰূচালেম-নিবাসীসকলৰ বিৰুদ্ধে এখন অভিযোগ-পত্ৰ লিখিলে।
7 Àti ní àkókò ìjọba Artasasta ọba Persia, Biṣilami, Mitredati, Tabeli àti àwọn ẹlẹgbẹ́ rẹ̀ yòókù kọ̀wé sí Artasasta. A kọ ìwé náà ní ìlànà ìkọ̀wé Aramaiki èdè Aramaiki sì ní a fi kọ ọ́.
অহচবেৰোচ ৰজাৰ ৰাজত্বৰ সময়ত, সেই বিশ্লম, মিত্ৰদাৎ, টাবেল, আৰু তেওঁৰ সহকাৰীসকলে, পাৰস্যৰ অহচবেৰোচ ৰজালৈ এখন পত্র লিখিলে। সেই পত্ৰ অৰামীয়া ভাষাৰে লিখা আৰু অনুবাদ কৰা আছিল।
8 Rehumu balógun àti Ṣimṣai akọ̀wé jùmọ̀ kọ́ ìwé láti dojúkọ Jerusalẹmu sí Artasasta ọba báyìí:
ৰহূম সেনাপতি আৰু চিমচয় লিখকেও অৰ্তক্ষত্ৰ ৰজালৈ যিৰূচালেমৰ বিষয়ে এইদৰে এখন পত্র লিখিলে।
9 Rehumu balógun àti Ṣimṣai akọ̀wé, pẹ̀lú àwọn ẹlẹgbẹ́ wọn tókù—àwọn ará Dina, ti Afarsatki, ti Tarpeli, ti Afarsi, Ereki àti Babeli, àwọn ará Elamu ti Susa,
তাৰ পাছত ৰহূম, চিমচয়, আৰু তেওঁৰ সহকাৰীসকল দীনায়ীয়া, অফৰ্চৎখীয়া, টৰ্পলীয়া, অৰ্ফচীয়া, অৰ্কবীয়া, বাবিলীয়া, চুচনখীয়া, দেহয়ীয়া, আৰু এলমীয়া লোকসকলে এখন পত্র লিখিলে।
10 pẹ̀lú àwọn ènìyàn mìíràn tí ẹni ọlá àti ẹni ọ̀wọ̀ Asnappari kó jáde, tí ó sì tẹ̀ wọ́n dó sí ìlú Samaria àti níbòmíràn ní agbègbè e Eufurate.
১০নদীৰ সিপাৰে থকা দেশৰ অৱশিষ্ট লোকসকলৰ সৈতে তেওঁলোকে মহামহিম মৰ্য্যদাৱান অস্নপ্পৰে চমৰিয়াত বাস কৰিবলৈ বাধ্য কৰোঁৱা লোকসকলৰ লগত যোগ দিলে।
11 (Èyí ni ẹ̀dà ìwé tí wọ́n fi ránṣẹ́ sí i.) Sí ọba Artasasta, láti ọ̀dọ̀ àwọn ìránṣẹ́ rẹ̀, àwọn ọkùnrin agbègbè Eufurate.
১১এই খনেই তেওঁলোকে অৰ্তক্ষত্ৰ ৰজালৈ পঠোৱা পত্ৰখনৰ অনুলিপি, “নদীৰ সিপাৰে থকা আপোনাৰ দাসবোৰে এই পত্র লিখিছে:
12 Ọba gbọdọ̀ mọ̀ pé àwọn ará Júù tí ó gòkè wá sọ́dọ̀ wa láti ọ̀dọ̀ rẹ̀ ti lọ sí Jerusalẹmu wọ́n sì ń tún ìlú búburú àti ìlú ọlọ̀tẹ̀ ẹ nì kọ́. Wọ́n ń tún àwọn ògiri náà kọ́, wọ́n sì ń tún àwọn ìpìlẹ̀ náà ṣe.
১২মহাৰাজক জানিবলৈ দিওঁ যে, যি যিহূদী লোকসকল আপোনাৰ পৰা আঁতৰি গৈ, পুনৰ যিৰূচালেমলৈ আহি আমাৰ বিৰুদ্ধে বিদ্রোহী নগৰ নিৰ্ম্মাণ কৰিছে। তেওঁলোকে দেৱালবোৰ সম্পূৰ্ণ কৰিলে আৰু ভিত্তিমূল মেৰামতি কৰিলে।
13 Síwájú sí i, ọba gbọdọ̀ mọ̀ pé tí a bá kọ́ ìlú yìí àti tí a sì tún àwọn ògiri rẹ̀ mọ, kò sí owó orí, owó òde tàbí owó ibodè tí a ó san, owó tí ó sì ń wọlé fún ọba yóò sì dínkù.
১৩এতিয়া ৰজাক জানিবলৈ দিওঁ যে, যদি তেওঁলোকে এই নগৰ নিৰ্ম্মাণ কৰে আৰু দেৱালবোৰ সম্পূৰ্ণ কৰে তেনেহলে, তেওঁলোকে আপোনাক কোনো প্রকাৰৰ কৰ-কাটল নিদিব, কিন্তু তেওঁলোকে ৰজাৰ অনিষ্টহে কৰিব।
14 Nísinsin yìí níwọ̀n ìgbà tí a ní ojúṣe sí ààfin ọba, kò sì bójúmu fún wa láti rí ìtàbùkù ọba, àwa ń rán iṣẹ́ yìí láti sọ fún ọba,
১৪আমি হ’ল সচাঁকৈয়ে ৰজা প্রসাদৰ নিমখ খাই আছোঁ, সেয়ে ৰজাৰ কোনো অপমান হোৱা চাই থকা আমাৰ পক্ষে উচিত নহয়। এই কাৰণে আমি মহাৰাজক এই কথা জনাইছোঁ।
15 kí a bá a lè ṣe ìwádìí ní inú ìwé ìrántí àwọn aṣíwájú rẹ̀. Nínú ìwé ìrántí wọn yìí, ìwọ yóò rí i wí pé, ìlú yìí jẹ́ ìlú aṣọ̀tẹ̀, oníwàhálà sí àwọn ọba àti àwọn ìgbèríko, ibi ìṣọ̀tẹ̀ láti ìgbà àtijọ́. Ìdí ni èyí tí a ṣe pa ìlú yìí run.
১৫আপোনাৰ পিতৃৰ ইতিহাস-পুস্তকত বিচাৰি চাওক আৰু প্রমাণ কৰক যে, এইখন এখন বিদ্ৰোহী নগৰ ই ৰজা আৰু প্ৰদেশবোৰৰ অনিষ্টজনক। ই ৰজা আৰু প্রদেশলৈ বহুতো সমস্যাৰ সৃষ্টি কৰিব। বহু আগৰে পৰা বিদ্রোহীসকলৰ বাবে এইখন এখন মূখ্য ঠাই। ইয়াৰ বাবেই সেই নগৰখন ধংস হৈছিল।
16 A fi dá ọba lójú wí pé tí a bá tún ìlú kọ́ àti ti àwọn ògiri rẹ̀ si di mímọ padà, kì yóò sì ohun ti yóò kù ọ́ kù ní agbègbè Eufurate.
১৬আমি মহাৰাজক জনাও যে, যদি এই নগৰ আৰু তাৰ দেৱাল নিৰ্ম্মাণ কৰা হয় তেনেহ’লে মহা নদীৰ সিপাৰে আপোনাৰ কোনো অস্তিত্ৱ নাথাকিব।”
17 Ọba fi èsì yìí ránṣẹ́ padà. Sí Rehumu balógun, Ṣimṣai akọ̀wé àti àwọn ẹlẹgbẹ́ wọn yòókù tí ń gbé ní Samaria àti ní òpópónà Eufurate. Ìkíni.
১৭ৰজাই ৰহূম, চিমচয়, চমৰিয়াত থকা তেওঁলোকৰ সহকাৰীসকল আৰু নদীৰ সিপাৰে থকা অৱশিষ্ট লোকসকলক উত্তৰ লিখি পঠালে, “তোমালোকৰ মঙ্গল হওক।
18 A ti ka ìwé tí ẹ fi ránṣẹ́ sí wa, a sì ti túmọ̀ rẹ̀ níwájú mi.
১৮তোমালোকে মোলৈ পঠোৱা পত্ৰ অনুবাদ কৰি মোৰ আগত পঢ়ি শুনালে।
19 Mo pa àṣẹ, a sì ṣe ìwádìí, nínú ìtàn ọjọ́ pípẹ́ àti ti ìsinsin yìí ti ìṣọ̀tẹ̀ sí àwọn ọba pẹ̀lú, ó sì jẹ́ ibi ìṣọ̀tẹ̀ àti ìrúkèrúdò.
১৯সেয়ে মই বুজ-বিচাৰ কৰিবলৈ আজ্ঞা দিলোঁ আৰু জানিব পাৰিলোঁ যে, আগৰে পৰাই তেওঁলোক বিদ্রোহী আছিল আৰু ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰিছিল।
20 Jerusalẹmu ti ní àwọn ọba alágbára tí ń jẹ ọba lórí gbogbo àwọn agbègbè Eufurate, àti àwọn owó orí, owó òde àti owó ibodè sì ni wọ́n ń san fún wọn.
২০পৰাক্রমী ৰজাসকলে যিৰূচালেমৰ ওপৰত শাসন কৰিছিল আৰু নদীৰ সিপাৰৰ সকলো বস্তুৰ ওপৰত অধিকাৰ কৰিছিল। তেওঁলোকক কৰ-কাটল দিছিলে।
21 Nísinsin yìí pa àṣẹ fún àwọn ọkùnrin yìí láti dá iṣẹ́ dúró, kí a má ṣe tún ìlú náà kọ títí èmi yóò fi pàṣẹ.
২১এতিয়া, সেই লোকসকলক এই নগৰ নিৰ্ম্মাণ কাৰ্য বন্ধ কৰিবলৈ আজ্ঞা দিওঁ আৰু যেতিয়ালৈকে মই আজ্ঞা নিদিওঁ তেতিয়ালৈকে তেওঁলোকে নগৰ নিৰ্ম্মাণ কৰিব নোৱাৰে।
22 Ẹ ṣọ́ra kí ẹ má ṣe àìkọbi-ara sí ọ̀rọ̀ yìí. Èéṣe tí ìbàjẹ́ yóò fi pọ̀ sí i, sí ìpalára àwọn ọba?
২২সাৱধান হোৱা, ইয়াক অৱহেলা নকৰিবা। কিয় ৰজাক আঘাত দিবলৈ ক্ষতি বৃদ্ধি কৰিছা?”
23 Ní kété tí a ka ẹ̀dà ìwé ọba Artasasta sí Rehumu àti Ṣimṣai akọ̀wé àti àwọn ẹlẹgbẹ́ ẹ wọn, wọ́n yára lọ sí ọ̀dọ̀ àwọn Júù ní Jerusalẹmu pẹ̀lú, wọ́n fi agbára mú wọn láti dáwọ́ dúró.
২৩যেতিয়া অৰ্তক্ষত্ৰ ৰজাৰ আজ্ঞা ৰহূম, চিমচয়, আৰু তেওঁলোকৰ সহকাৰীসকলৰ আগত পঢ়ি শুনালে, তেওঁলোকে তৎক্ষণাত যিৰূচালেমলৈ গ’ল আৰু যিহূদীসকলক বলেৰে গৃহ নিৰ্ম্মাণ কাৰ্য বন্ধ কৰিলে।
24 Báyìí, iṣẹ́ lórí ilé Ọlọ́run ní Jerusalẹmu wá sí ìdúró jẹ́ẹ́ títí di ọdún kejì ìjọba Dariusi ọba Persia.
২৪সেয়ে পাৰস্যৰ ৰজা দাৰিয়াবচৰ ৰাজত্ব কালৰ দ্বিতীয় বছৰলৈকে যিৰূচালেমত ঈশ্বৰৰ গৃহৰ নিৰ্ম্মাণৰ কাৰ্য বন্ধ থাকিল।

< Ezra 4 >