< Ezekiel 9 >
1 Mo gbọ́ ti ó kígbe ní ohùn rara pé, “Mú àwọn olùṣọ́ ìlú súnmọ́ itòsí, kí olúkúlùkù wọn mú ohun ìjà olóró lọ́wọ́.”
১তেতিয়া যিহোৱাই বৰ মাতেৰে কোৱা এই বাক্য মোৰ কাণত পৰিল আৰু ক’লে, “প্রহৰীসকলৰ প্ৰতিজনক নিজ নিজ হাতত বিনাশক অস্ত্ৰ লৈ নগৰলৈ আহিবলৈ দিয়া।”
2 Lójú ẹsẹ̀ ni ọkùnrin mẹ́fà jáde láti ẹnu-ọ̀nà òkè tó kọjú sí ìhà àríwá, olúkúlùkù pẹ̀lú ohun ìjà olóró lọ́wọ́ wọn. Ọkùnrin kan tó wọ aṣọ funfun gbòò wa láàrín wọn, pẹ̀lú ohun ìkọ̀wé lẹ́gbẹ̀ẹ́ rẹ̀. Gbogbo wọn sì dúró lẹ́gbẹ̀ẹ́ pẹpẹ idẹ.
২তেতিয়া চোৱা! উত্তৰ দিশৰ পৰা ওপৰ বাট-চৰাৰ বাটেদি নিজ নিজ হাতত হত্যাৰ অস্ত্ৰ লৈ ছয়জন লোক আহিল। তেওঁলোকৰ মাজত শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত লিখকৰ মৈলাম থকা এজন লোক আছিল। এইদৰে তেওঁলোক ভিতৰলৈ সোমাই পিতলৰ যজ্ঞবেদীৰ কাষত থিয় হ’ল।
3 Ògo Ọlọ́run Israẹli sì gòkè kúrò lórí kérúbù, níbi tó wà tẹ́lẹ̀ lọ sí ibi ìloro tẹmpili. Nígbà náà ni Olúwa pe ọkùnrin tó wọ aṣọ funfun náà tí ó sì ní ohun ìkọ̀wé lẹ́gbẹ̀ẹ́ rẹ̀.
৩তেতিয়া যি কৰূব কেইজনৰ ওপৰত ইস্ৰায়েলৰ ঈশ্বৰৰ গৌৰৱ আছিল, সেই গৌৰৱ, সেই কৰূব কেইজনৰ পৰা উঠি গৃহটিৰ দুৱাৰডলিলৈ উঠি গ’ল। আৰু শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই লোকজনক যিহোৱাই মাতিলে।
4 Ó sì sọ fún un pé, “La àárín ìlú Jerusalẹmu já, kí ìwọ sì fi àmì síwájú orí gbogbo àwọn tó ń kẹ́dùn, tó sì ń sọkún nítorí ohun ìríra tí wọn ń ṣe láàrín rẹ̀.”
৪যিহোৱাই তেওঁক ক’লে, “তোমালোকে নগৰৰ মাজেৰে যোৱা যিৰূচালেমৰ মাজেৰে আৰু নগৰৰ মাজত চলি থকা সকলো ঘিণলগীয়া কাৰ্যৰ কাৰণে হুমুনিয়াহ পেলোৱা আৰু চিঞৰি কন্দা-কতা কৰি থকা লোকসকলৰ কপালত চিন দিয়া।”
5 Bí mo ṣe ń fetí sí èyí, O tún sọ fún àwọn yòókù pé, “Tẹ̀lé ọkùnrin náà lọ sí àárín ìlú láti pa láì dá sí àti láì ṣàánú rárá.
৫তেতিয়া তেওঁ মই শুনাকৈ আন কেইজনক ক’লে, “তোমালোকে তেওঁৰ পাছে পাছে নগৰৰ মাজেদি যোৱা আৰু প্ৰহাৰ কৰা! তোমালোকৰ চকুত কৃপাদৃষ্টি কি দয়া নাথাকক,
6 Ẹ pa arúgbó àti ọ̀dọ́mọkùnrin, ẹ pa ọlọ́mọge, obìnrin àti ọmọ kéékèèké, ṣùgbọ́n ẹ má ṣe fi ọwọ́ kan àwọn tó ní àmì. Ẹ bẹ̀rẹ̀ láti ibi mímọ́.” Bẹ́ẹ̀ ni wọ́n sì bẹ̀rẹ̀ láti ọ̀dọ̀ àwọn àgbàgbà tó wà níwájú tẹmpili.
৬বুঢ়া, ডেকা, যুৱতী, শিশু আৰু মহিলা আদি সকলোকে নিঃশেষে বধ কৰা, দয়া নকৰিবা! কিন্তু মূৰত চিন থকা কোনো লোকৰ কাষলৈ নাযাবা। মোৰ পবিত্ৰ স্থানৰ পৰা আৰম্ভ কৰা!” গতিকে তেওঁলোকে গৃহৰ সন্মুখত থকা সেই বৃদ্ধ লোকসকলৰ পৰা আৰম্ভ কৰিলে।
7 Nígbà náà lo sọ fún wọn pé, “Ẹ sọ tẹmpili náà di àìmọ́, kí òkú sì kún àgbàlá náà. Ẹ lọ!” Wọ́n jáde síta, wọ́n sì bẹ̀rẹ̀ sí í pa ènìyàn láàrín ìlú.
৭তেওঁ তেওঁলোকক ক’লে, “গৃহটি অশুচি কৰা, চোতাল কেইখন হত হোৱা লোকসকলেৰে পূৰ কৰা। আগবাঢ়া!” গতিকে তেওঁলোকে ওলাই গৈ জেৰুচালেম নগৰক আক্রমণ কৰিলে।
8 Èmi nìkan ló ṣẹ́kù nígbà tí wọ́n lọ pa àwọn ènìyàn, mo dójú mi bolẹ̀, mo kígbe pé, “Háà! Olúwa Olódùmarè! Ìwọ yóò ha pa ìyókù Israẹli nípa dída ìbínú gbígbóná rẹ sórí Jerusalẹmu?”
৮যেতিয়া তেওঁলোকে প্ৰহাৰ কৰি আছিল, তেতিয়া মই নিজকে অকলশৰীয়া যেন অনুভৱ কৰিলোঁ আৰু উবুৰি হৈ পৰি চিঞৰি কান্দি কান্দি কলোঁ, “হায় হায় প্ৰভু যিহোৱা! আপুনি যিৰূচালেমৰ ওপৰত আপোনাৰ ক্ৰোধ বৰষাই ইস্ৰায়েলৰ সকলোক অৱশিষ্ট ভাগ বিনষ্ট কৰিব নে?”
9 Ó dá mi lóhùn pé, “Ẹ̀ṣẹ̀ ilé Israẹli àti Juda pọ gidigidi; ilé wọn kún fún ìtàjẹ̀ sílẹ̀ àti àìṣòótọ́. Wọ́n ní, ‘Olúwa tí kọ ilẹ̀ náà sílẹ̀; Olúwa kò sì rí wa.’
৯তেওঁ মোক ক’লে, “ইস্ৰায়েল আৰু যিহূদা বংশৰ অপৰাধ অতিশয় গভীৰ। আৰু দেশ তেজেৰে পৰিপূৰ্ণ, আৰু নগৰখন দুৰ্নীতিৰে ভৰা; কিয়নো তেওঁলোকে কয়, ‘যিহোৱাই দেশখন ত্যাগ কৰিলে’ আৰু ‘যিহোৱাই দেখা নাপায়!’
10 Nítorí náà, èmi kò ní wò wọ́n pẹ̀lú àánú, èmi kò sì ní dá wọn sí, ṣùgbọ́n Èmi yóò dá ohun tí wọ́n ti ṣe padà sórí wọn.”
১০গতিকে মই হ’লে কৃপাদৃষ্টি নকৰিম আনকি দয়াও নকৰিম। বৰং তেওঁলোকৰ কাৰ্যৰ ফল তেওঁলোকৰ মূৰত ফলিওৱাম।”
11 Ọkùnrin tí ó wọ aṣọ ọ̀gbọ̀, tí ó ní ìwo tàdáwà ní ẹ̀gbẹ́ rẹ̀ ròyìn pé, “Mo ti ṣe gẹ́gẹ́ bí ìwọ ti pàṣẹ fún mi.”
১১আৰু চোৱা! শণ সূতাৰ বস্ত্ৰ পিন্ধা আৰু কঁকালত মৈলাম থকা সেই পুৰুষজন ঘূৰি আহিল। “তুমি মোক আজ্ঞা দিয়া অনুসাৰে মই সকলো কৰিলোঁ”, এই বুলি তেওঁ বাৰ্ত্তা দিলেহি।