< Exodus 6 >
1 Nígbà náà ní Olúwa sọ fún Mose pé, “Ní ìsin yìí, ìwọ yóò rí ohun tí èmi yóò ṣe sí Farao pẹ̀lú ọwọ́ agbára ńlá mi ni yóò fi jẹ́ kí wọn lọ; pẹ̀lú ọwọ́ agbára ńlá mi, òun yóò lé wọn jáde kúrò ní orílẹ̀-èdè rẹ̀.”
১তেতিয়া যিহোৱাই মোচিক ক’লে, “ফৌৰণলৈ মই কি কৰিম, এতিয়া তুমি দেখিবলৈ পাবা। তুমি দেখিবলৈ পাবা যে, মোৰ হাতৰ শক্তিৰ বাবেই ৰজাই লোক সকলক যাবলৈ দিব। মোৰ হাতৰ শক্তিৰ কাৰণেই ৰজা ফৰৌণে নিজই তেওঁলোকক দেশৰ পৰা খেদি পঠিয়াব।”
2 Ọlọ́run sì tún sọ fún Mose pé, “Èmi ni Olúwa.
২ঈশ্বৰে মোচিৰ সৈতে কথা পাতি তেওঁক ক’লে, “মই যিহোৱা।
3 Mo fi ara hàn Abrahamu, Isaaki àti Jakọbu bí Ọlọ́run alágbára, ṣùgbọ́n nípa orúkọ mi Olúwa, Èmi kò fi ara mi hàn wọ́n.
৩মই অব্ৰাহাম, ইচহাক, আৰু যাকোবৰ আগতো সৰ্ব্বশক্তিমান ঈশ্বৰ বুলি দৰ্শন দিছিলোঁ, কিন্তু মোৰ যিহোৱা নামৰ দ্বাৰাই মই তেওঁলোকক পৰিচয় দিয়া নাই।
4 Èmí sì tún fi ìdí májẹ̀mú mi múlẹ̀ pẹ̀lú wọn láti fún wọn ní ilẹ̀ Kenaani, ilẹ̀ tí wọn gbé gẹ́gẹ́ bí àjèjì.
৪ইয়াৰ উপৰিও যি কনান দেশত তেওঁলোকে বিদেশীৰ দৰে বাস কৰিছিল, আৰু অনাই বনাই ঘুৰি ফুৰিছিল, সেই দেশ তেওঁলোকক দিবলৈ মই তেওঁলোকৰ সৈতে এটা নিয়ম স্থিৰ কৰিছিলোঁ।
5 Èmi sì ti tún gbọ́ kíkùn àwọn ọmọ Israẹli àwọn tí àwọn ará Ejibiti mú gẹ́gẹ́ bí ẹrú, àti pé èmi sì ti rántí májẹ̀mú mi.
৫তাৰ উপৰিও, মিচৰীয়া সকলে বন্দীকামত লগোৱা ইস্ৰায়েলী লোক সকলৰ ক্রন্দন মই শুনিলো, আৰু মোৰ সেই নিয়মটি মই স্মৰণ কৰিলোঁ।
6 “Sọ fún àwọn ará ilé Israẹli, ‘Èmi ni Olúwa, Èmi yóò sọ yín di òmìnira kúrò nínú àjàgà àwọn ará Ejibiti. Èmi yóò sì gbà yín sílẹ̀ kúrò ní oko ẹrú wọn. Èmi yóò dá a yín sílẹ̀ pẹ̀lú apá nínà (àwọn iṣẹ́ ìyanu) àti pẹ̀lú ìdájọ́ ńlá.
৬এই হেতুকে ইস্ৰায়েলী লোক সকলক কোৱা, ‘মই যিহোৱা; মই মিচৰীয়া সকলৰ বন্দীত্বৰ পৰা তোমালোকক উলিয়াই আনিম, আৰু মই তেওঁলোকৰ ক্ষমতাৰ পৰা তোমালোকক মুক্ত কৰিম। মই মোৰ শক্তি প্রদর্শন কৰিম; আৰু ন্যায় বিচাৰৰ মহা-কৰ্মেৰে তোমালোকক উদ্ধাৰ কৰিম।
7 Èmi yóò mú un yín bí ènìyàn mi, èmi yóò sì jẹ́ Ọlọ́run yín. Nígbà náà ni ẹ̀yin yóò mọ̀ pé, èmi ni Olúwa Ọlọ́run yín, ẹni tí ó mú un yín jáde kúrò nínú àjàgà àwọn ará Ejibiti.
৭মই তোমালোকক মোৰ নিজৰ লোক কৰি ল’ম, আৰু মইয়ে তোমালোকৰ ঈশ্বৰ হ’ম। তোমালোকক মিচৰৰ বন্দীত্বৰ পৰা উলিয়াই অনা ময়েই যে তোমালোকৰ সেই ঈশ্বৰ যিহোৱা, ইয়াক তোমালোকে জানিবা।
8 Èmi yóò mú un yín wá ilẹ̀ náà ti èmi ti búra pẹ̀lú ìgbọ́wọ́sókè láti fi fún Abrahamu. Isaaki àti Jakọbu. Èmi yóò fi fún un yín bí ohun ìní, Èmi ni Olúwa.’”
৮মই যি দেশ অব্ৰাহাম, ইচহাক, আৰু যাকোবক দিম বুলি শপত খাইছিলোঁ, সেই দেশলৈ তোমালোকক নিম, আৰু তোমালোকৰ অধিকাৰৰ অৰ্থেও সেই দেশ মই তোমালোকক দিম; ময়েই যিহোৱা’।”
9 Mose sì sọ èyí fún àwọn ará Israẹli, ṣùgbọ́n wọn kò fi etí sílẹ̀ sí Mose nítorí ọkàn wọn tó rẹ̀wẹ̀sì àti nítorí ìgbèkùn búburú bí ohun tí ó ti kọ́ sọ kó wọn sí ní oko ẹrú wọn.
৯যেতিয়া মোচি গৈ ইস্ৰায়েলী লোক সকলক সেই কথা কলে; তেতিয়া তেওঁলোকে কঠিন বন্দীকামৰ বাবে নিৰুৎসাহ হৈ মোচিৰ কথাত মন নিদিলে।
10 Nígbà náà ni Olúwa sọ fún Mose.
১০সেয়ে যিহোৱাই মোচিক ক’লে,
11 “Lọ, sọ fún Farao ọba Ejibiti pé kí ó jẹ́ kí àwọn ará Israẹli lọ kúrò ní orílẹ̀-èdè rẹ̀.”
১১“তুমি গৈ মিচৰৰ ৰজা ফৰৌণক কোৱা যে, ইস্ৰায়েলী লোক সকলক আপোনাৰ দেশৰ পৰা ওলাই যাবলৈ এৰি দিয়ক।”
12 Ṣùgbọ́n Mose sọ fún Olúwa pé, “Nígbà ti àwọn ará Israẹli tó jẹ́ ènìyàn mi kó fetí sí ọ̀rọ̀ mi, báwo ni Farao yóò ṣe fetí sí ọ̀rọ̀ mi, nígbà ti mo jẹ́ akólòlò?”
১২মোচিয়ে যিহোৱাক ক’লে, “যদি ইস্ৰায়েলী লোক সকলেই মোৰ কথা নুশুনে; তেনেহ’লে ফৰৌণে মোৰ কথা কিয় শুনিব? যিহেতু মই কথা কোৱাত নিপুণ নহয়।”
13 Olúwa bá ìran Mose àti Aaroni sọ̀rọ̀ nípa àwọn ará Israẹli àti Farao ọba Ejibiti, ó pàṣẹ fún wọn pé kí wọn kó àwọn Israẹli jáde kúrò ni ilẹ̀ Ejibiti.
১৩যিহোৱাই মোচি আৰু হাৰোণৰ লগত কথা পাতিলে; আৰু মিচৰ দেশৰ পৰা ইস্রায়েলী লোক সকলক উলিয়াই দিবলৈ ইস্ৰায়েলী লোক আৰু মিচৰ দেশৰ ৰজা ফৰৌণৰ বাবে তেওঁ আজ্ঞা দিলে।
14 Wọ̀nyí ni olórí ìran wọn: àwọn ọmọ Reubeni àkọ́bí Israẹli ni: Hanoku, Pallu, Hesroni àti Karmi. Àwọn wọ̀nyí ni ìdílé Reubeni.
১৪এওঁলোকেই নিজৰ পিতৃ-বংশৰ প্রধান লোক আছিল: ইস্ৰায়েলৰ জ্যেষ্ঠ পুত্ৰ ৰূবেণ, আৰু ৰূবেণৰ পুত্র হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী। এওঁলোক আছিল ৰূবেণ গোষ্ঠীৰ পূৰ্বপুৰুষ।
15 Àwọn ọmọ Simeoni ni: Jemueli, Jamini, Ohadi, Jakini, Sohari àti Saulu ọmọ obìnrin Kenaani. Àwọn wọ̀nyí ni ìran Simeoni.
১৫চিমিয়োনৰ পুত্র সকল আছিল যিমূৱেল, যামীন, ওহদ, যাখীন, চোহৰ আৰু চৌল। চৌল কনানীয়া মহিলাৰ পুত্র আছিল। এওঁলোক আছিল চিমিয়োন গোষ্ঠীৰ পূৰ্বপুৰুষ।
16 Ìwọ̀nyí ni orúkọ àwọn ọmọ Lefi gẹ́gẹ́ bí àkọsílẹ̀ wọn: Gerṣoni, Kohati àti Merari. Lefi lo ẹ̀tàdínlógóje ọdún láyé.
১৬লেবীৰ পুত্র সকলৰ সৈতে তেওঁলোকৰ বংশধৰ নাম এই তালিকাত উল্লেখিত আছে। তেওঁলোকৰ নাম হ’ল: গেৰ্চোন, কহাৎ, আৰু মৰাৰী। লেবী এশ সাতত্ৰিশ বছৰ বয়সলৈকে জীয়াই আছিল।
17 Àwọn ọmọ Gerṣoni ni ìran wọn ni: Libni àti Ṣimei.
১৭গেৰ্চোনৰ পুত্ৰ লিবনী আৰু চিমিয়ী আছিল।
18 Àwọn ọmọ Kohati ni: Amramu, Isari, Hebroni àti Usieli. Kohati lo ẹ̀tàléláádóje ọdún láyé.
১৮কহাতৰ পুত্র সকল হ’ল অম্ৰম, যিচহৰ, হিব্ৰোণ, আৰু উজ্জীয়েল। কহাত এশ তেত্ৰিশ বছৰ বয়সলৈকে জীয়াই আছিল।
19 Àwọn ọmọ Merari ni: Mahili àti Muṣi. Ìwọ̀nyí ni ìran Lefi gẹ́gẹ́ bí àkọsílẹ̀ wọn.
১৯মৰাৰীৰ পুত্র সকল হ’ল মহলী আৰু মুচী। এওঁলোক বংশধৰ সকলৰ সৈতে লেবী গোষ্ঠীৰ পূৰ্বপুৰুষ আছিল।
20 Amramu sì fẹ́ Jokebedi arábìnrin baba rẹ̀ ní ìyàwó. Jokebedi sì bí Aaroni àti Mose fún un. Amramu lo ẹ̀tàdínlógóje ọdún láyé.
২০অম্ৰমে তেওঁৰ পিতৃৰ ভনীয়েক যোকেবদক বিয়া কৰাইছিল। তেওঁ হাৰোণ আৰু মোচিক জন্ম দিছিল। অম্ৰম এশ সাতত্ৰিশ বছৰ জীয়াই আছিল আৰু তাৰ পাছত তেওঁৰ মৃত্যু হৈছিল।
21 Àwọn ọmọ Isari ni: Kora, Nefegi àti Sikri.
২১যিচহৰৰ পুত্র সকল আছিল কোৰহ, নেফগ, আৰু জিখ্ৰী।
22 Àwọn ọmọ Usieli ni: Miṣaeli, Elsafani àti Sitiri.
২২উজ্জীয়েলৰ পুত্র সকল আছিল মিচায়েল, ইলিচাফন, আৰু চিথ্ৰী।
23 Aaroni fẹ́ Eliṣeba ọmọbìnrin Amminadabu tí í ṣe arábìnrin Nahiṣoni, ó sì bí Nadabu, Abihu, Eleasari àti Itamari.
২৩হাৰোণে অম্মীনাদবৰ জীয়েক নহচোনৰ ভনীয়েক ইলীচেবাক বিয়া কৰিছিল। তেওঁ নাদব, অবীহূ, ইলিয়াজৰ, আৰু ঈথামৰক, জন্ম দিলে।
24 Àwọn ọmọ Kora ni: Asiri, Elkana àti Abiasafu. Ìwọ̀nyí ni ìran Kora.
২৪কোৰহৰ পুত্র সকল আছিল অচীৰ, ইলকানা, আৰু অবীয়াচক। এওঁলোক কোৰহীয়া গোষ্ঠীৰ পূৰ্বপুৰুষ।
25 Eleasari ọmọ Aaroni fẹ́ ọ̀kan lára àwọn ọmọbìnrin Putieli ní ìyàwó, ó sì bí Finehasi fún un. Ìwọ̀nyí ni olórí àwọn Lefi ni ìdílé ìdílé.
২৫হাৰোণৰ পুত্ৰ ইলিয়াজৰে পুটীয়েলৰ এজনী জীয়েকক বিয়া কৰিলে। তেওঁ পীনহচক জন্ম দিলে। এওঁলোকেই লেবীয়া সকলৰ বংশৰ সৈতে পিতৃবংশৰো প্রধান লোক আছিল।
26 Aaroni àti Mose yìí kan náà ni Olúwa sọ fún pé, “Ẹ kó àwọn ará Israẹli jáde kúrò ni ilẹ̀ Ejibiti ní ìsọ̀rí ìsọ̀rí.”
২৬এই দুজন পুৰুষ হাৰোণ আৰু মোচিক যিহোৱাই কৈছিল, “তোমালোকে ইস্ৰায়েলৰ লোকসকলক তেওঁলোকৰ যুদ্ধাৰু দলৰ সৈতে মিচৰ দেশৰ পৰা উলিয়াই আনাগৈ।”
27 Àwọn ni ó bá Farao ọba Ejibiti sọ̀rọ̀ nípa kíkó àwọn ará Israẹli jáde kúrò ni Ejibiti, àní Mose àti Aaroni yìí kan náà ni.
২৭মিচৰ দেশৰ পৰা ইস্ৰায়েলী লোকসকলক উলিয়াই আনিবৰ বাবে মিচৰৰ ৰজা ফৰৌণক কোৱা লোক সকল মোচি আৰু হাৰোণেই হয়।
28 Nígbà tí Olúwa bá Mose sọ̀rọ̀ ni Ejibiti,
২৮মিচৰ দেশত যেতিয়া যিহোৱাই মোচিৰ সৈতে কথা পাতিছিল,
29 Olúwa sì sọ fún Mose pé, “Èmi ni Olúwa. Sọ ohun gbogbo ti mo ti sọ fún ọ fún Farao ọba Ejibiti.”
২৯তেতিয়া যিহোৱাই মোচিক কৈছিল, “মই যিহোৱা; মই তোমাক যি যি কথা কলোঁ, সেই সকলো কথা তুমি মিচৰৰ ৰজা ফৰৌণৰ আগত গৈ কবা।”
30 Ṣùgbọ́n Mose sì wí ní iwájú Olúwa pé, “Níwọ́n ìgbà ti mo jẹ́ akólòlò, ọ̀nà dà ti Farao yóò ṣe fi etí sí mi?”
৩০কিন্তু মোচিয়ে যিহোৱাক কৈছিল, “মই কথা কোৱাত পাৰ্গত নহয়, সেয়ে ফৰৌণে মোৰ কথা কিয় শুনিব?”