< Exodus 34 >
1 Olúwa sọ fún Mose pé, “E gé òkúta wàláà méjì jáde bí i ti àkọ́kọ́, Èmi yóò sì kọ àwọn ọ̀rọ̀ ìwé tó wà lára tí àkọ́kọ́ tí ìwọ ti fọ́ sára wọn.
১যিহোৱাই মোচিক ক’লে, “তুমি প্রথম ফলিৰ দৰে দুখন শিলৰ ফলি কাটা। তুমি ভঙা আগৰ সেই ফলি দুখনত যি যি লিখা আছিল, সেই সকলো কথা, মই পুনৰ এই দুখন ফলিত লিখিম।
2 Múra ní òwúrọ̀, kí o sì wá sórí òkè Sinai. Kí o fi ara rẹ hàn mí lórí òkè náà.
২তুমি ৰাতিপুৱাতে যুগুত হৈ চীনয় পৰ্ব্বতলৈ উঠি আহিবা। পৰ্ব্বতৰ ওপৰত মোৰ ওচৰত উপস্থিত হ’বা।
3 Ẹnikẹ́ni kò gbọdọ̀ wá pẹ̀lú rẹ tàbí kí a rí wọn lórí òkè náà; bẹ́ẹ̀ ni agbo àgùntàn tàbí ọwọ́ ẹran kó má ṣe jẹ níwájú òkè náà.”
৩আন কোনো লোক তোমাৰ লগত নাহিব; আৰু গোটেই পৰ্ব্বতত কোনো লোক যেন দেখা পোৱা নাযায়। গৰু মেৰ-ছাগৰ জাকোবোৰো যেন পৰ্ব্বতৰ আগত চৰি নাথাকে।”
4 Bẹ́ẹ̀ Mose sì gbẹ́ òkúta wàláà méjì bí ti àkọ́kọ́, ó sì gun orí òkè Sinai lọ ní kùtùkùtù òwúrọ̀, gẹ́gẹ́ bí Olúwa ti pa á láṣẹ fún un; Ó sì gbé òkúta wàláà méjèèjì náà sí ọwọ́ rẹ̀.
৪সেয়ে মোচিয়ে আগৰ নিচিনা শিলৰ দুখন ফলি কাটি, যিহোৱাৰ আজ্ঞা অনুসাৰে ৰাতিপুৱাই উঠি চীনয় পৰ্ব্বতলৈ গ’ল। যিহোৱাই নিৰ্দেশ দিয়া অনুসাৰে শিলৰ সেই ফলি দুখনো লগত লৈ গ’ল।
5 Nígbà náà ni Olúwa sọ̀kalẹ̀ nínú àwọsánmọ̀, ó sì dúró níbẹ̀ pẹ̀lú rẹ̀, ó sì pòkìkí orúkọ Olúwa.
৫যিহোৱা মেঘৰ মাজত নামি আহিল; আৰু মোচিৰ সৈতে সেই ঠাইত থিয় হ’ল। তেওঁ “যিহোৱা” নাম উচ্চাৰণ কৰিলে।
6 Ó sì kọjá níwájú Mose, ó sì ń ké pé, “Olúwa, Olúwa, Ọlọ́run aláàánú àti olóore-ọ̀fẹ́, Ẹni tí ó lọ́ra láti bínú, tí ó pọ̀ ní ìfẹ́ àti olóòtítọ́,
৬যিহোৱাই তেওঁৰ আগেদি গমন কৰিলে আৰু ঘোষণা কৰিলে, “যিহোৱা, যিহোৱা কৃপা আৰু দয়াৰে পৰিপূৰ্ণ ঈশ্বৰ, ক্ৰোধত ধীৰ, দয়া আৰু সত্যতাত মহান;
7 Ẹni tí ó ń pa ìfẹ́ mọ́ fún ẹgbẹ̀rún, ó sì ń dáríjì àwọn ẹni búburú, àwọn ti ń ṣọ̀tẹ̀ àti ẹlẹ́ṣẹ̀. Síbẹ̀ kì í fi àwọn ẹlẹ́bi sílẹ̀ láìjìyà; Ó ń fi ìyà jẹ ọmọ àti àwọn ọmọ wọn fún ẹ̀ṣẹ̀ àwọn baba dé ìran kẹta àti ẹ̀kẹrin.”
৭হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁতা; অপৰাধ, আজ্ঞা লঙ্ঘন, আৰু পাপ ক্ষমা কৰোঁতা। তথাপি তেওঁ নিশ্চয়ে দোষীক নিৰ্দ্দোষী নকৰে। তৃতীয় চতুৰ্থ পুৰুষলৈকে তেওঁলোকৰ সন্তানক পিতৃৰ অপৰাধৰ প্ৰতিফল দিওঁতা।”
8 Mose foríbalẹ̀ lẹ́ẹ̀kan náà ó sì sìn.
৮তেতিয়া মোচিয়ে বেগাই মাটিলৈ মূৰ দোঁৱাই প্ৰণিপাত কৰিলে,
9 Ó wí pé, “Olúwa, bí èmi bá rí ojúrere rẹ, nígbà náà jẹ́ kí Olúwa lọ pẹ̀lú wa. Bí ó tilẹ̀ jẹ́ pé, ènìyàn ọlọ́rùn líle ni wọn, dárí búburú àti ẹ̀ṣẹ̀ wa jì, kí o sì gbà wá gẹ́gẹ́ bí ìní rẹ.”
৯তাৰ পাছত মোচিয়ে কলে, “হে প্ৰভু, মই যদি আপোনাৰ দৃষ্টিত অনুগ্ৰহ পাইছোঁ, তেনেহ’লে বিনয় কৰিছোঁ আমাৰ লগত যাওঁক। কিয়নো এইলোক ঠৰডিঙীয়া লোক; আৰু আমাৰ অপৰাধ আৰু পাপ ক্ষমা কৰি, আমাক নিজৰ অধিকাৰৰ অৰ্থে গ্ৰহণ কৰক।”
10 Nígbà náà ni Olúwa wí pé, “Èmi dá májẹ̀mú kan pẹ̀lú yín. Níwájú gbogbo ènìyàn rẹ Èmi yóò ṣe ìyanu, tí a kò tí ì ṣe ní orílẹ̀-èdè ní gbogbo ayé rí. Àwọn ènìyàn tí ìwọ ń gbé láàrín wọn yóò rí i bí iṣẹ́ tí Èmi Olúwa yóò ṣe fún ọ ti ní ẹ̀rù tó.
১০যিহোৱাই কলে, “চোৱা, এই বিষয়ত মই এটি নিয়ম কৰিলোঁ। মই তোমাৰ লোকসকলৰ আগত এনে আচৰিত কৰ্ম কৰিম যে, ইয়াৰ পূৰ্বে গোটেই পৃথিৱীত আৰু কোনো জাতিতৰ মাজত এনে কৰ্ম হোৱা নাই। তুমি যি লোকসকলৰ মাজত আছা, তেওঁলোক সকলোৱে যিহোৱাৰ সেই কাৰ্য দেখিব, কাৰণ তোমাৰ আগত মই যি কৰিম, সেয়ে ভয়ঙ্কৰ হ’ব।
11 Ṣe ohun tí Èmi pàṣẹ fún ọ lónìí. Èmi lé àwọn ará Amori, àwọn ará Kenaani, àwọn ará Peresi, àwọn ará Hiti, àwọn ará Hifi àti àwọn ará Jebusi jáde níwájú rẹ.
১১মই তোমাক যি আজ্ঞা দিছোঁ আজি তাক পালন কৰা। মই ইমোৰীয়া, কনানীয়া, হিত্তীয়া, পৰিজ্জীয়া, হিব্বীয়া, আৰু যিবুচীয়া সকলক তোমাৰ আগৰ পৰা খেদি বাহিৰ কৰিম।
12 Máa ṣọ́ra kí o má ba à bá àwọn ti ó n gbé ilẹ̀ náà tí ìwọ ń lọ dá májẹ̀mú, nítorí wọn yóò jẹ́ ìdẹwò láàrín rẹ.
১২সাৱধান, তোমালোক যি দেশলৈ গৈ আছা, সেই দেশত নিবাস কৰা লোকসকলৰ সৈতে কোনো নিয়ম স্থিৰ নকৰিবা। যদি কৰা, তেনেহ’লে সেয়ে তোমাৰ মাজত ফান্দস্বৰূপ হ’ব।
13 Wó pẹpẹ wọn lulẹ̀, fọ́ òkúta mímọ́ wọn, kí o sì gé òpó Aṣerah wọn. (Ère òrìṣà wọn.)
১৩তাৰ পৰিৱৰ্তে, তোমালোক তেওঁলোকৰ যজ্ঞবেদিবোৰ ভাঙিব লাগিব। তেওঁলোকৰ স্তম্ভবোৰ গুড়ি কৰিবা, আৰু তেওঁলোকৰ আচেৰা দেৱীৰ দণ্ডবোৰ কাটি পেলাবা।
14 Ẹ má ṣe sin ọlọ́run mìíràn, nítorí Olúwa, orúkọ ẹni ti ń jẹ́ Òjòwú, Ọlọ́run owú ni.
১৪তুমি অন্য কোনো দেৱতাৰ আৰাধনা নকৰিবা; কাৰণ, মই যিহোৱা, যাৰ নাম ঈৰ্ষাম্বিত; তেওঁ নিজ মৰ্য্যাদা ৰখাত ঈৰ্ষাম্বিত ঈশ্বৰ।
15 “Máa ṣọ́ra kí ẹ má ṣe bá àwọn ènìyàn tí ń gbé ilẹ̀ náà dá májẹ̀mú; nígbà tí wọ́n bá ń ṣe àgbèrè tọ òrìṣà wọn, tí wọ́n sì rú ẹbọ sí wọn, wọn yóò pè yín, ẹ̀yin yóò sì jẹ ẹbọ wọn.
১৫তুমি সেই দেশ নিবাসী সকলৰ সৈতে কোনো চুক্তি নকৰিবা; কাৰণ তেওঁলোকে ব্যভিচাৰ কৰে আৰু দেৱতাবোৰৰ আগত তেওঁলোকে বলিদান কৰে। তেওঁলোকে তেওঁলোকৰ নৈবেদ্য খাবলৈ তোমালোকক নিমন্ত্রণ কৰিব।
16 Nígbà tí ìwọ bá yàn nínú àwọn ọmọbìnrin wọn fún àwọn ọmọkùnrin rẹ ní ìyàwó, àwọn ọmọbìnrin wọ̀nyí yóò ṣe àgbèrè tọ òrìṣà wọn, wọn yóò sì mú kí àwọn ọmọkùnrin yín náà ṣe bẹ́ẹ̀ gẹ́gẹ́.
১৬সেয়ে তোমালোকে যদি তেওঁলোকৰ ছোৱালী নিজৰ পুত্ৰৰ বাবে বিয়া কৰি আনা, তেনেহ’লে সেই ছোৱালীয়ে তোমালোকৰ পুত্রক তেওঁলোকৰ দেৱতাৰ অনুগামী কৰাব; আৰু ব্যভিচাৰ কৰাব। তোমালোকৰ পুত্ৰসকলেও তেওঁলোকৰ দেৱতাৰ অনুগামী হৈ ব্যভিচাৰ কৰিব।
17 “Ìwọ kò gbọdọ̀ dá ère òrìṣàkórìṣà fún ara rẹ.
১৭তুমি নিজৰ বাবে কোনো দেৱমূৰ্তি নিৰ্মাণ নকৰিবা।
18 “Àjọ àkàrà àìwú ni kí ìwọ máa pamọ́. Fún ọjọ́ méje ni ìwọ yóò jẹ àkàrà aláìwú, gẹ́gẹ́ bí Èmi ti pa á láṣẹ fún ọ. Ṣe èyí ní ìgbà tí a yàn nínú oṣù Abibu, nítorí ní oṣù náà ni ẹ jáde láti Ejibiti wá.
১৮তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবা। মই তোমালোকক আজ্ঞা দিয়াৰ দৰে আবীব মাহৰ নিৰূপিত কালত সাত দিন ধৰি খমীৰ নিদিয়া পিঠা খাবা। কিয়নো সেই আবীব মাহতে তুমি মিচৰ দেশৰ পৰা ওলাই আহিলা।
19 “Gbogbo àkọ́bí inú kọ̀ọ̀kan tèmi ní i ṣe, pẹ̀lú àkọ́bí gbogbo ohun ọ̀sìn rẹ, bóyá ti màlúù tàbí ti àgùntàn.
১৯প্রথমে জন্ম হোৱা সকলো মোৰ, এনেকি গৰু, মেৰ-ছাগ সকলো পশু জাকৰ মাজতো সকলো প্রথমে জগা মতা পশু মোৰ।
20 Àkọ́bí kẹ́tẹ́kẹ́tẹ́ ni kí ìwọ kí ó fi ọ̀dọ́-àgùntàn rà padà, ṣùgbọ́n bí ìwọ kò bá rà á padà, dá ọrùn rẹ̀. Ra gbogbo àkọ́bí ọkùnrin rẹ padà. “Ẹnikẹ́ni kò gbọdọ̀ wá síwájú mi ní ọwọ́ òfo.
২০তোমালোকে প্রথমে জগা গাধ কিনিব খোজা যদি এটা মেৰ-ছাগ দিব লাগিব; কিন্তু যদি কিনি লব নোখোজা, তেনেহ’লে তোমালোকে গাধটোৰ ডিঙি নিশ্চয় ভাঙিব লাগিব। তোমালোকৰ প্ৰথমে জন্ম হোৱা পুত্ৰসকলক তোমালোক কিনি ল’ব লাগিব। কোনো এজনো শুদা হাতে মোৰ আগত উপস্থিত নহ’বা।
21 “Ọjọ́ mẹ́fà ni ìwọ yóò ṣiṣẹ́, ṣùgbọ́n ní ọjọ́ keje ìwọ yóò sinmi; kódà ní àkókò ìfúnrúgbìn àti ní àkókò ìkórè ìwọ gbọdọ̀ sinmi.
২১তোমালোকে ছয় দিন পৰিশ্ৰম কৰিবা, কিন্তু সপ্তম দিনা বিশ্ৰাম কৰিবা। শস্য ৰোৱা আৰু শস্য দোৱা সময়ত অৱশ্যে বিশ্ৰাম কৰিবা।
22 “Ṣe àjọ ọ̀sẹ̀ pẹ̀lú àkọ́so èso alikama àti àjọ ìkórè ní òpin ọdún.
২২তোমালোক সপ্তাহৰ পৰ্ব্ব পালন কৰিবা। ঘেঁহু কটাৰ প্ৰথম ফল এই পৰ্ব্বত ব্যৱহাৰ কৰিবা, আৰু বছৰৰ শেষত ফল চপোৱাৰ পৰ্ব্ব পালন কৰিবা।
23 Ní ẹ̀ẹ̀mẹ́ta lọ́dún, gbogbo àwọn ọkùnrin ni kí ó farahàn níwájú Olúwa Olódùmarè, Ọlọ́run Israẹli.
২৩বছৰত তিনিবাৰ তোমালোকৰ পুৰুষসকল ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব।
24 Èmi yóò lé orílẹ̀-èdè jáde níwájú rẹ, Èmi yóò sì mú kí ìpín rẹ fẹ̀, ẹnikẹ́ni kì yóò gba ilẹ̀ rẹ nígbà tí ìwọ bá gòkè lọ ní ìgbà mẹ́ta lọ́dún kọ̀ọ̀kan láti farahàn níwájú Olúwa Ọlọ́run rẹ.
২৪মই তোমালোকৰ পৰা পৰজাতিসকলক দূৰ কৰিম, আৰু তোমালোকৰ দেশৰ সীমা বিস্তাৰ কৰিম। তোমালোক অৱশ্যে বছৰত তিনিবাৰ নিজৰ ঈশ্বৰ যিহোৱাৰ আগত উপস্থিত হ’ব লাগিব, যাতে কোনেও তোমালোকৰ দেশ অধিকাৰ কৰাৰ চেষ্টা নকৰে।
25 “Má ṣe ta ẹ̀jẹ̀ ẹbọ sí mi pẹ̀lú ohunkóhun tí ó bá ní ìwúkàrà, kí o má sì ṣe jẹ́ kí ẹbọ ìrékọjá kù títí di òwúrọ̀.
২৫তোমালোকে মোৰ নৈবেদ্য হিচাপে তেজ উৎসৰ্গ কৰোঁতে তাৰ লগত খমীৰ নিদিবা। নিস্তাৰ-পৰ্ব্বত উৎস্বৰ্গিত মাংস পাছদিনা ৰাতিপুৱালৈকে নাৰাখিবা।
26 “Mú àkọ́ká èso ilẹ̀ rẹ tí ó dára jùlọ wá sí ilé Olúwa Ọlọ́run rẹ. “Ìwọ kò gbọdọ̀ bọ ọmọ ewúrẹ́ nínú omi ọmú ìyá rẹ̀.”
২৬তোমালোকে নিজৰ খেতিৰ প্ৰথম ফলৰ উত্তম ভাগ নিজৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ আনিবা। তোমালোকে ছাগলী পোৱালিক তাৰ মাকৰ গাখীৰ দি নিসিজাবা।”
27 Olúwa sì wí fún Mose pé, “Kọ àwọn ọ̀rọ̀ wọ̀nyí sílẹ̀, nítorí nípa àwọn ọ̀rọ̀ wọ̀nyí ni Èmi bá ìwọ àti Israẹli dá májẹ̀mú.”
২৭তাৰ পাছত যিহোৱাই মোচিক ক’লে, “তোমাক মই যি সকলো কথা কলোঁ, সেই সকলো লিখি ৰাখা। ইয়াৰ দ্বাৰাই তোমাৰ আৰু ইস্ৰায়েলৰ লগত মই এটি নিয়ম স্থিৰ কৰিলোঁ।”
28 Mose wà níbẹ̀ pẹ̀lú Olúwa fún ogójì ọ̀sán àti ogójì òru láìjẹ oúnjẹ tàbí mu omi. Ó sì kọ ọ̀rọ̀ májẹ̀mú náà òfin mẹ́wàá sára wàláà.
২৮মোচি সেই ঠাইত যিহোৱাৰ সৈতে চল্লিশ দিন চল্লিশ ৰাতি বাস কৰিছিল। মোচিয়ে চল্লিশ দিন একো ভোজন পান কৰা নাছিল; আৰু তেওঁ সেই দুখন ফলিত নিয়মৰ বাক্য, দহ আজ্ঞা লিখিছিল।
29 Nígbà tí Mose sọ̀kalẹ̀ láti orí òkè Sinai pẹ̀lú wàláà ẹ̀rí méjì ní ọwọ́ rẹ̀, òun kò mọ̀ pé ojú òun ń dán nítorí ó bá Olúwa sọ̀rọ̀.
২৯মোচি যেতিয়া সেই দুখন ফলি লৈ চীনয় পৰ্ব্বতৰ পৰা নামি আহিল, তেতিয়া যিহোৱাৰ লগত কথা পতাৰ পাছত তেওঁৰ চেহেৰা যে উজ্জ্বল হৈ আছিল, সেই কথা মোচিয়ে নিজে জনা নাছিল।
30 Nígbà tí Aaroni àti gbogbo àwọn ọmọ Israẹli rí Mose, ojú rẹ̀ ń dán, ẹ̀rù sì ń bà wọ́n láti súnmọ́ ọn.
৩০হাৰোণ আৰু ইস্ৰায়েলৰ সকলো লোকে মোচিৰ চেহেৰা উজ্জ্বল দেখি, তেওঁলোকে তেওঁৰ ওচৰলৈ যাবলৈ ভয় কৰিলে।
31 Ṣùgbọ́n Mose pè wọn; Aaroni àti gbogbo àwọn olórí àjọ padà wá bá a, ó sì bá wọn sọ̀rọ̀.
৩১কিন্তু মোচিয়ে তেওঁলোকক মাতিলে, তেতিয়া হাৰোণ আৰু সমাজৰ মূখ্যলোক সকল তেওঁৰ ওচৰলৈ ওভটি আহিল। তেতিয়া মোচিয়ে তেওঁলোকৰ লগত কথা পাতিলে।
32 Lẹ́yìn èyí gbogbo àwọn ọmọ Israẹli súnmọ́ ọn, ó sì fún wọn ní gbogbo àṣẹ tí Olúwa fún un lórí òkè Sinai.
৩২তাৰ পাছত, ইস্ৰায়েলৰ লোকসকল মোচিৰ ওচৰ চাপিলে। তেওঁ চীনয় পৰ্ব্বতত যিহোৱাই যিবোৰ আজ্ঞা দিছে সেই সকলো তেওঁলোকক ক’লে।
33 Nígbà tí Mose parí ọ̀rọ̀ sísọ fún wọn. Ó fi ìbòjú bo ojú rẹ̀.
৩৩মোচিয়ে যেতিয়া তেওঁলোকৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া মোচিয়ে নিজৰ চেহেৰা ওৰণি লৈ ঢাকি ল’লে।
34 Ṣùgbọ́n nígbàkígbà tí Mose bá wà níwájú Olúwa láti bá a sọ̀rọ̀, á ṣí ìbòjú náà títí yóò fi jáde. Nígbà tí ó bá sì jáde, á sì sọ fún àwọn ọmọ Israẹli ohun tí a ti pàṣẹ fún un,
৩৪মোচিয়ে যেতিয়াই যিহোৱাৰ লগত কথা পাতিবলৈ তেওঁৰ সন্মুখলৈ গৈছিল, তেতিয়া সেই ওৰণি গুচাইছিল। কিন্তু ঘূৰি অহাৰ লগে লগে তেওঁ পুনৰ ওৰণি লৈছিল। তেওঁ যি সকলো নিৰ্দেশ পাইছিল, সেই সকলো তম্বুৰ বাহিৰলৈ আহি ইস্ৰায়েলৰ লোকসকলক কৈছিল।
35 àwọn ọmọ Israẹli sì rí i pé ojú rẹ̀ ń dán. Mose á sì tún fi ìbòjú bo ojú rẹ̀ títí á fi lọ bá Olúwa sọ̀rọ̀.
৩৫তেতিয়া ইস্ৰায়েলী লোকসকলে তেওঁৰ চেহেৰাত এটা উজ্জ্বলতা দেখা পাইছিল। কিন্তু মোচিয়ে যিহোৱাৰ লগত কথা পাতিবলৈ পুনৰ ভিতৰলৈ নোযোৱালৈকে, নিজৰ চেহেৰা ওৰণিৰে ঢাকি লৈছিল।