< Exodus 24 >
1 Ní ìgbà náà ni Olúwa sọ fún Mose pé, “Gòkè tọ Olúwa wá, ìwọ àti Aaroni, Nadabu àti Abihu àti àádọ́rin àwọn àgbàgbà Israẹli. Ẹ̀yin kì ó sìn ni òkèèrè réré.
১যিহোৱাই মোচিক কলে, “তুমি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ সত্তৰজন পৰিচাৰক মোৰ ওচৰলৈ উঠি আহাঁ; আৰু তোমালোকে দূৰৰে পৰা মোক আৰাধনা কৰা।
2 Ṣùgbọ́n Mose nìkan ṣoṣo ni yóò súnmọ́ Olúwa; àwọn tókù kò gbọdọ̀ súnmọ́ tòsí ibẹ̀. Bẹ́ẹ̀ ni àwọn ènìyàn kò gbọdọ̀ gòkè wá pẹ̀lú rẹ̀.”
২কেৱল মোচিহে মোৰ ওচৰলৈ আহিব। আন লোকসকল ওচৰলৈ আহিব নালাগে; বা লোকসকল তেওঁৰ লগত ওপৰলৈ উঠি আহিব নালাগে।”
3 Nígbà ti Mose lọ láti sọ fún àwọn ènìyàn, gbogbo ọ̀rọ̀ àti òfin Olúwa, wọ́n wí ní ohùn kan pé, “Gbogbo ohun ti Olúwa wí ni àwa yóò ṣe.”
৩তেতিয়া মোচিয়ে গৈ, যিহোৱাৰ সকলো বাক্য আৰু শাসন প্ৰণালীৰ কথা লোকসকলক ক’লে। সকলোৱে একে লগে উত্তৰ দি ক’লে, “যিহোৱাই কোৱা সকলো কথা আমি পালন কৰিম।”
4 Nígbà náà ni Mose kọ gbogbo ohun tí Olúwa sọ sílẹ̀. Ó dìde ní kùtùkùtù òwúrọ̀ ọjọ́ kejì, ó sì mọ pẹpẹ ni ẹsẹ̀ òkè náà. Ó ṣe ọ̀wọ́n òkúta méjìlá. Èyí ti ó dúró fún àwọn ẹ̀yà Israẹli méjìlá.
৪তাৰ পাছত মোচিয়ে যিহোৱাৰ সকলো বাক্য লিখিলে। ৰাতিপুৱাই উঠি, মোচিয়ে পৰ্ব্বতৰ তলত এটা যজ্ঞবেদী আৰু ইস্ৰায়েলৰ বাৰ ফৈদ অনুসাৰে বাৰটা স্তম্ভ নিৰ্ম্মাণ কৰিলে।
5 Nígbà náà ni ó rán àwọn ọ̀dọ́mọkùnrin Israẹli, wọ́n sì rú ẹbọ sísun, wọ́n fi ọ̀dọ́ màlúù rú ẹbọ àlàáfíà si Olúwa.
৫তেওঁ ইস্ৰায়েলী লোকসকলৰ মাজৰ কিছুমান যুৱকক যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলিস্বৰূপে ভতৰা গৰু উৎসৰ্গ কৰিবলৈ পঠিয়ালে।
6 Mose bu ìlàjì ẹ̀jẹ̀ ẹran sínú abọ́, ó sì fi ìlàjì tókù wọn ara pẹpẹ.
৬মোচিয়ে তেজৰ আধা অংশ, কেইটামান চৰিয়াত থলে, আৰু বাকি আধা অংশ বেদীৰ ওপৰত ছটিয়াই দিলে।
7 Nígbà náà ni ó sì mú ìwé májẹ̀mú, ó sì kà á sí àwọn ènìyàn. Wọ́n dáhùn pé, “Àwa yóò ṣe gbogbo ohun tí Olúwa wí. Àwa yóò sì gbọ́rọ̀.”
৭তেওঁ নিয়ম-পুস্তকখন ল’লে লোকসকলে শুনাকৈ পাঠ কৰিলে। তেওঁলোকে ক’লে, “যিহোৱাই যি যি সকলো কৈছে, সেই সকলোকে আমি পালন কৰিম, আৰু আমি তেওঁৰ আজ্ঞাধীন হম।”
8 Nígbà náà ni Mose gbé ẹ̀jẹ̀, ó sì wọn sí àwọn ènìyàn náà lára pé, “Èyí ni ẹ̀jẹ̀ májẹ̀mú tí Olúwa ti ṣe pẹ̀lú yín ni ìbámu pẹ̀lú àwọn ọ̀rọ̀ wọ̀nyí.”
৮তাৰ পাছত মোচিয়ে সেই তেজ লৈ, লোকসকলৰ ওপৰত ছটিয়াই দিলে। মোচিয়ে ক’লে, “যিহোৱাই এই সকলো বাক্যৰ সৈতে আপোনালোকক দিয়া প্রতিজ্ঞাৰ যি নিয়ম স্থাপন কৰিলে, এয়ে সেই নিয়মৰ তেজ।”
9 Mose àti Aaroni, Nadabu àti Abihu àti àádọ́rin àwọn àgbàgbà Israẹli gòkè lọ.
৯তাৰ পাছত মোচি, হাৰোণ, নাদব, অবীহূ, আৰু ইস্ৰায়েলৰ মাজৰ সত্তৰ জন পৰিচাৰক পৰ্ব্বতৰ ওপৰলৈ উঠি গ’ল।
10 Wọ́n sì rí Ọlọ́run Israẹli. Ní abẹ́ ẹsẹ̀ rẹ̀ ni ohun kan bí i pèpéle ti a fi òkúta safire ṣe wà. Èyí ti ó mọ́ nigínnigín bí àwọ̀ sánmọ̀ fúnra rẹ̀.
১০তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ দৰ্শন পালে। নীলা আকাশৰ দৰে স্বচ্ছ নীলকান্ত বাখৰেৰে তৈয়াৰী বাটত তেওঁ থিয় হৈ আছিল।
11 Ṣùgbọ́n Ọlọ́run kò gbé ọwọ́ rẹ̀ sókè sí àwọn àgbàgbà Israẹli wọ̀nyí; wọ́n ri Ọlọ́run, wọ́n jẹ, wọ́n sì mu.
১১ঈশ্বৰে ক্রোধেৰে ইস্ৰায়েলী মুখ্যলোক সকলৰ ওপৰত হাত নিদিলে। তেওঁলোকে ঈশ্বৰৰ দৰ্শন পালে আৰু তেওঁলোকে ভোজন পান কৰিলে।
12 Olúwa sì sọ fún Mose pé, “Gòkè wá sí ọ̀dọ̀ mi, kí o sì dúró níhìn-ín. Èmi yóò sì fún ọ ní wàláà òkúta pẹ̀lú òfin àti ìlànà tí mo ti kọ sílẹ̀ fún ìtọ́sọ́nà wọn.”
১২যিহোৱাই মোচিক কলে, “তুমি পৰ্ব্বতলৈ মোৰ ওচৰলৈ উঠি আহাঁ, আৰু তাতে থাকা। মই লিখা ব্যৱস্থা আৰু আজ্ঞাৰ শিলৰ ফলি মই তোমাক দিম; যাতে সেইবোৰ তুমি তেওঁলোকক শিকাব পাৰা।”
13 Nígbà náà ni Mose jáde lọ pẹ̀lú Joṣua arákùnrin rẹ̀. Mose lọ sí orí òkè Ọlọ́run.
১৩তেতিয়া মোচিয়ে আৰু তেওঁৰ পৰিচাৰক যিহোচূৱাক লগত লৈ ঈশ্বৰৰ পৰ্ব্বতলৈ উঠি গ’ল।
14 Ó sì wí fún àwọn àgbàgbà pé, “Ẹ dúró dè wá níhìn-ín yìí, títí àwa yóò fi tún padà tọ̀ yín wá, sì kíyèsi i, Aaroni àti Huri ń bẹ pẹ̀lú yín, bí ẹnìkan bá ni ọ̀ràn kan, kí ó tọ̀ wọ́n lọ.”
১৪মোচিয়ে পৰিচাৰক সকলক ক’লে, “আমি আপোনালোকৰ ওচৰলৈ উভটি নহালৈকে, আপোনালোক ইয়াতে থাকক। হাৰোণ আৰু হূৰ আপোনালোকৰ লগত আছে। কোনো জনৰ যদি কিবা বিবাদ থাকে, তেওঁক তেওঁলোকৰ ওচৰলৈ যাব দিব।”
15 Nígbà tí Mose gun orí òkè lọ, ìkùùkuu bo orí òkè náà.
১৫সেই বুলি কৈ, মোচি পৰ্ব্বতলৈ উঠি গ’ল, আৰু মেঘে পৰ্ব্বত ঢাকি ধৰিলে।
16 Ògo Olúwa sì wà ní orí òkè Sinai. Ìkùùkuu bo orí òkè náà fún ọjọ́ mẹ́fà, ni ọjọ́ keje ni Olúwa kọ sí Mose láti inú ìkùùkuu náà wá.
১৬সেই চীনয় পৰ্ব্বতৰ ওপৰত যিহোৱাৰ প্ৰতাপ স্থাপিত আছিল, আৰু ছয় দিনলৈকে মেঘে পৰ্ব্বত ঢাকি ৰাখিছিল। সপ্তম দিনত তেওঁ মেঘৰ মাজৰ পৰা মোচিক মাতিলে।
17 Ni ojú àwọn ọmọ Israẹli ògo Olúwa náà dàbí iná ajónirun ni orí òkè.
১৭ইস্ৰায়েলী লোকসকলৰ দৃষ্টিত, যিহোৱাৰ প্ৰতাপ পৰ্ব্বতৰ ওপৰত গ্ৰাসকাৰী অগ্নিৰ দৰে প্ৰকাশিত হ’ল।
18 Nígbà náà ni Mose wọ inú ìkùùkuu náà bí ó ti ń lọ ní orí òkè. Ó sì wà ni orí òkè náà ni ogójì ọ̀sán àti ogójì òru.
১৮মোচি মেঘৰ মাজত সোমাই পৰ্ব্বতলৈ উঠি গ’ল। মোচি সেই পৰ্ব্বততে চল্লিশ দিন আৰু চল্লিশ ৰাতি থাকিল।