< Exodus 18 >
1 Jetro, àlùfáà Midiani, àna Mose, gbọ́ gbogbo ohun tí Ọlọ́run ti ṣe fún Mose àti fún Israẹli àwọn ènìyàn rẹ̀, àti bí Olúwa ti mú àwọn ènìyàn Israẹli jáde láti Ejibiti wá.
১ঈশ্বৰে মোচিলৈ আৰু নিজৰ প্ৰজা ইস্ৰায়েললৈ যি যি কাৰ্য কৰিলে, বিশেষকৈ যিহোৱাই মিচৰৰ পৰা ইস্ৰায়েলক কেনেকৈ বাহিৰ কৰি আনিলে, সেই সকলো কথা মোচিৰ শহুৰেক মিদিয়নীয়া পুৰোহিত যিথ্ৰোৱে শুনিবলৈ পালে।
2 Nígbà náà ni Jetro mu aya Mose tí í ṣe Sippora padà lọ sọ́dọ̀ rẹ (nítorí ó ti dá a padà sí ọ̀dọ̀ baba rẹ̀ tẹ́lẹ̀),
২তেতিয়া মোচিৰ শহুৰেক যিথ্ৰোৱে, মোচিৰ ভাৰ্যা চিপ্পোৰাক, আৰু দুজন পুত্রক ঘৰলৈ পঠোৱাৰ পাছত,
3 Òun àti àwọn ọmọkùnrin rẹ̀ méjèèjì. Orúkọ àkọ́bí ń jẹ́ Gerṣomu; nítorí Mose wí pé, “Èmi ń ṣe àlejò ni ilẹ̀ àjèjì.”
৩তেওঁৰ এজন পুত্ৰৰ নাম গেৰ্চোম, কাৰণ মোচিয়ে কৈছিল, “মই বিদেশত প্রবাসী হৈ আছোঁ।”
4 Èkejì ń jẹ́ Elieseri; ó wí pé, “Ọlọ́run baba mi ni alátìlẹ́yìn mi, ó sì gbà mí là kúrò lọ́wọ́ idà Farao.”
৪আৰু আন জন পুত্রৰ নাম ইলিয়েজৰ কাৰণ তেওঁ কৈছিল, “মোৰ পূৰ্বপুৰুষৰ ঈশ্বৰে মোক সহায় কৰিছিল; আৰু তেওঁ মোক ফৰৌণৰ তৰোৱালৰ পৰা উদ্ধাৰ কৰিলে।”
5 Jetro, àna Mose, òun àti aya àti àwọn ọmọ Mose tọ̀ ọ́ wá nínú aginjù tí ó tẹ̀dó sí, nítòsí òkè Ọlọ́run.
৫মোচিয়ে মৰুভূমিত, ঈশ্বৰৰ পৰ্ব্বতৰ যি ঠাইত তম্বু তৰি আছিল, সেই ঠাইলৈ মোচিৰ শহুৰেক যিথ্ৰোৱে মোচিৰ ভাৰ্যা আৰু দুজন পুত্ৰক লগত লৈ আহিল।
6 Jetro sì ti ránṣẹ́ sí Mose pé, “Èmi Jetro, àna rẹ, ni mo ń bọ̀ wá sí ọ̀dọ̀ rẹ, èmi àti aya àti àwọn ọmọkùnrin rẹ méjèèjì.”
৬তেওঁ মোচিক ক’লে, “মই তোমাৰ শহুৰ যিথ্ৰোৱে তোমাৰ ভাৰ্যা আৰু তাইৰ দুজন পুত্রক লগত লৈ তোমাৰ ওচৰলৈ আহিছোঁ।”
7 Mose sì jáde lọ pàdé àna rẹ̀, ó tẹríba fún un, ó sì fi ẹnu kò ó ni ẹnu. Wọ́n sì béèrè àlàáfíà ara wọn, wọ́n sì wọ inú àgọ́ lọ.
৭মোচিয়ে তেওঁৰ শহুৰেকক লগ ধৰিবলৈ বাহিৰলৈ ওলাই গ’ল, আৰু তেওঁক প্ৰণাম কৰি চুমা খালে। তেওঁলোকে ইজনে সিজনৰ ভাল-বেয়া খবৰ ল’লে, আৰু তাৰ পাছত তম্বুলৈ সোমাই গ’ল।
8 Mose sọ fún àna rẹ̀ nípa ohun gbogbo ti Olúwa tí ṣe sí Farao àti àwọn ará Ejibiti nítorí Israẹli. Ó sọ nípa gbogbo ìṣòro tí wọn bá pàdé ní ọ̀nà wọn àti bí Olúwa ti gbà wọ́n là.
৮তাৰ পাছত যিহোৱাই ফৰৌণ আৰু মিচৰীয়া লোকসকললৈ, আৰু ইস্ৰায়েলীলোক সকলৰ বাবে যি যি কৰিছিল, বাটত তেওঁলোকলৈ যি সকলো ক্লেশ ঘটিছিল, আৰু যিহোৱাই তেওঁলোকক কেনেকৈ উদ্ধাৰ কৰিলে, সেই সকলো কথা মোচিয়ে তেওঁৰ শহুৰেকক ক’লে।
9 Inú Jetro dùn láti gbọ́ gbogbo ohun rere ti Olúwa ṣe fún Israẹli, ẹni tí ó mú wọ́n jáde kúrò ni ilẹ̀ Ejibiti.
৯যিহোৱাই মিচৰীয়াসকলৰ হাতৰ পৰা ইস্ৰায়েলক উদ্ধাৰ কৰি, তেওঁলোকৰ বাবে যি যি সকলো মঙ্গলৰ কৰিলে, সেই কাৰ্যবোৰৰ বাবে যিথ্ৰোৱে আনন্দ কৰিলে।
10 Jetro sì wí pé, “Ìyìn ni fún Olúwa, ẹni tí ó gba yín là kúrò lọ́wọ́ àwọn ará Ejibiti àti lọ́wọ́ Farao, ẹni tí ó sì gba àwọn ènìyàn là kúrò lọ́wọ́ àwọn ará Ejibiti.
১০যিথ্ৰোৱে ক’লে, “যিজন সৰ্বশক্তিমান ঈশ্বৰে মিচৰীয়াসকলৰ হাতৰ পৰা, আৰু ফৰৌণৰ হাতৰ পৰা তোমালোকক উদ্ধাৰ কৰিলে, সেই যিহোৱাৰ গৌৰৱ হ’ওক।
11 Mo mọ nísinsin yìí pé Olúwa tóbi ju gbogbo àwọn òrìṣà lọ; nítorí ti ó gba àwọn ènìyàn rẹ̀ kúrò lọ́wọ́ ìgbéraga àti ìkà àwọn ará Ejibiti.”
১১যিহোৱা যে সকলো দেৱতাবোৰতকৈ মহান, তাক মই এতিয়া জানিলোঁ; কাৰণ মিচৰীয়াসকলে যেতিয়া ইস্ৰায়েলী লোকসকলৰ বিৰুদ্ধে গৰ্ব্ব আচৰণ কৰিছিল, তেতিয়া ঈশ্বৰে তেওঁৰ লোকসকলক তেওঁলোকৰ পৰা উদ্ধাৰ কৰিছিল।”
12 Jetro, àna Mose, mú ẹbọ sísun àti ẹbọ wá fún Ọlọ́run. Aaroni àti gbogbo àgbàgbà Israẹli sì wá láti bá àna Mose jẹun ní iwájú Ọlọ́run.
১২তাৰ পাছত মোচিৰ শহুৰেক যিথ্ৰোৱে ঈশ্বৰৰ উদ্দ্যেশে হোম-বলি, আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে। হাৰোণ আৰু ইস্ৰায়েলৰ সকলো পৰিচাৰক আহি, ঈশ্বৰৰ সন্মুখত মোচিৰ শহুৰেকৰ সৈতে ভোজন কৰিলে।
13 Ní ọjọ́ kejì, Mose jókòó láti máa ṣe ìdájọ́ fún àwọn ènìyàn gẹ́gẹ́ bí ìṣe rẹ̀; àwọn ènìyàn sì dúró ti Mose fún ìdájọ́ wọn láti òwúrọ̀ títí di ìrọ̀lẹ́.
১৩তাৰ পাছদিনা মোচিয়ে লোকসকলৰ সোধ-বিচাৰ কৰিবলৈ বহিল। ৰাতিপুৱাৰে পৰা সন্ধ্যালৈকে লোকসকল তেওঁৰ চাৰিওফালে থিয় হৈ আছিল।
14 Nígbà tí àna Mose rí bí àkókò ti èyí ń gba ti pọ̀ tó àti ti àwọn ènìyàn ti ń dúró pẹ́ tó, ó wí pé, “Kí ni èyí tí ìwọ ń ṣe sí àwọn ènìyàn? Èéṣe ti ìwọ nìkan jókòó gẹ́gẹ́ bí adájọ́, nígbà tí àwọn ènìyàn wọ̀nyí dúró yí ọ ká láti òwúrọ̀ di ìrọ̀lẹ́?”
১৪মোচিয়ে লোকসকললৈ কৰা সকলো কাৰ্য দেখি তেওঁৰ শহুৰেকে তেওঁক ক’লে, “তুমি লোকসকলৰ সৈতে এয়া কি কাৰ্য কৰিছা? তুমি কিয় অকলে বহি থাকা, আৰু লোকসকল ৰাতিপুৱাৰ পৰা সন্ধ্যালৈকে তোমাৰ চাৰিওফালে থিয় হৈ থাকে?”
15 Mose dá a lóhùn pé, “Nítorí àwọn ènìyàn ń tọ̀ mí wá láti mọ́ ìfẹ́ Ọlọ́run.
১৫তেতিয়া মোচিয়ে তেওঁৰ শহুৰেকক ক’লে, “লোকসকলে ঈশ্বৰৰ নিৰ্দেশনৰ কথা সুধিবলৈ মোৰ ওচৰলৈ আহে।
16 Nígbà tí wọ́n bá ní ẹjọ́, wọn a mú un tọ̀ mí wá, èmi a sì ṣe ìdájọ́ láàrín ẹnìkínní àti ẹnìkejì, èmi a sì máa mú wọn mọ òfin àti ìlànà Ọlọ́run.”
১৬যেতিয়া তেওঁলোকৰ মাজত বিবাদ হ’য়, তেতিয়া তেওঁলোক মোৰ ওচৰলৈ আহে। তেতিয়া মই এজনৰ লগত আন জনৰ মীমাংসা কৰোঁ; আৰু মই ঈশ্বৰৰ বিধি আৰু ব্যৱস্থাবোৰ তেওঁলোকক বুজাই দিওঁ।”
17 Àna Mose dá a lóhùn pé, “Ohun tí o ń ṣe yìí kò dára.
১৭তেতিয়া মোচিৰ শহুৰেকে মোচিক ক’লে, “তুমি যি কাৰ্য কৰি আছা সেই কাৰ্য বৰ ভাল নহয়।
18 Ìwọ àti àwọn ènìyàn ti ń tọ̀ ọ́ wá yìí yóò dá ara yín ní agara; iṣẹ́ yìí pọ̀jù fún ọ, ìwọ nìkan kò lè dá a ṣe.
১৮এই দায়িত্ব তোমাৰ বাবে ভাৰস্বৰূপ হৈছে, সেয়ে তুমি অকলে বহন কৰিব নোৱাৰিবা। এইদৰে কৰিলে তুমি আৰু তোমাৰ ওচৰলৈ অহা লোকসকল নিশ্চয় ভাগৰি পৰিব।
19 Nísinsin yìí, fetísílẹ̀ sí mi, èmi yóò sì gbà ọ́ ni ìmọ̀ràn, Ọlọ́run yóò sì wà pẹ̀lú rẹ. Ìwọ gbọdọ̀ jẹ́ aṣojú àwọn ènìyàn wọ̀nyí níwájú Ọlọ́run, ìwọ yóò sì mú èdè-àìyedè wá sí iwájú rẹ̀.
১৯মোৰ কথা শুনা, মই তোমাক পৰামৰ্শ দিম, আৰু ঈশ্বৰ তোমাৰ লগত থাকক; কাৰণ তুমি ঈশ্বৰৰ সন্মুখত লোকসকলৰ প্ৰতিনিধি হৈ, তেওঁলোকৰ বিবাদৰ কথা ঈশ্বৰৰ ওচৰত জনোৱা।
20 Kọ́ wọn ní òfin àti ìlànà Ọlọ́run, fi ọ̀nà igbe ayé ìwà-bí-Ọlọ́run hàn wọ́n àti iṣẹ́ tí wọn yóò máa ṣe.
২০তুমি তেওঁলোকক তেওঁৰ বিধি আৰু ব্যৱস্থাবোৰ শিকোৱা উচিত। তেওঁলোকে চলিবলগীয়া পথ আৰু কৰিবলগীয়া কার্য তেওঁলোকক দেখুৱা।
21 Ṣa àwọn tí ó kún ojú òsùwọ̀n nínú gbogbo àwọn ènìyàn, àwọn tó bẹ̀rù Ọlọ́run, ti wọ́n jẹ́ olóòtítọ́, tí wọ́n kórìíra ìrẹ́jẹ; yàn wọ́n ṣe olórí, lórí ẹgbẹ̀rún ẹgbẹ̀rún, ọgọ́rùn-ún ọgọ́rùn-ún, àádọ́ta-dọ́ta àti mẹ́wàá mẹ́wàá.
২১তুমি এই লোকসকলৰ মাজৰ পৰা সক্ষম, ঈশ্বৰক সন্মান কৰা, আৰু অন্যায় ঘৃণা কৰা, সত্যবাদী লোকক মনোনীত কৰা। লোকসকলৰ ওপৰত তেওঁলোকক সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি নিযুক্ত কৰা।
22 Jẹ́ kí wọn ó máa ṣe ìdájọ́ àwọn ènìyàn ni gbogbo ìgbà, ṣùgbọ́n jẹ́ kí wọn mú ẹjọ́ tí ó bá nira fún wọn láti dá tọ̀ ọ́ wá; kí wọn kí ó máa dá ẹjọ́ kéékèèké. Èyí ni yóò mú iṣẹ́ rẹ rọrùn, wọn yóò sì máa ràn ọ́ lọ́wọ́ lórí ìdájọ́ ṣíṣe.
২২তেওঁলোকে লোকসকলৰ সকলো সাধাৰণ বিষয়বোৰৰ সোধ-বিচাৰ কৰিব; কিন্তু কঠিন বিষয়বোৰ বিচাৰৰ বাবে তোমাৰ ওচৰলৈ আনিব। সকলো সাধাৰণ বিষয়ৰ বিচাৰ তেওঁলোকে নিজেই কৰিব। এইদৰে কৰিলে তোমাৰ কাৰণে সহজ হ’ব; আৰু তেওঁলোকে তোমাৰ সৈতে ভাৰ বহন কৰিব।
23 Bí ìwọ bá ṣe èyí, bí Ọlọ́run bá sì fi àṣẹ sí i fún ọ bẹ́ẹ̀, àárẹ̀ kò sì ní tètè mu ọ, àwọn ènìyàn wọ̀nyí yóò sì padà lọ ilé wọn ni àlàáfíà.”
২৩তুমি যদি এইদৰে কাৰ্য কৰা, আৰু ঈশ্বৰে যদি তোমাক এইদৰে কৰিবলৈ আজ্ঞা দিয়ে, তেতিয়া তুমি সহ্য কৰিব পাৰিবা, আৰু লোকসকল সন্তুষ্ট হৈ নিজৰ ঘৰলৈ যাব পাৰিব।”
24 Mose fetísílẹ̀ sí àna rẹ̀, ó sì ṣe ohun gbogbo tí ó wí fún un.
২৪সেয়ে মোচিয়ে তেওঁৰ শহুৰেকৰ কথা শুনিলে, আৰু তেওঁ কোৱাৰ দৰেই সকলো কৰিলে।
25 Mose sì yan àwọn ènìyàn tí wọ́n kún ojú òsùwọ̀n nínú gbogbo Israẹli; ó sì fi wọ́n jẹ olórí àwọn ènìyàn, olórí ẹgbẹẹ̀rún, olórí ọ̀rọ̀ọ̀rún, olórí àràádọ́ta, àti olórí mẹ́wàá mẹ́wàá.
২৫মোচিয়ে সকলো ইস্ৰায়েলৰ মাজৰ পৰা সক্ষম লোকসকলক মনোনীত কৰি, লোকসকলৰ ওপৰত সহস্ৰপতি, শতপতি, পঞ্চাশপতি, আৰু দশপতি, এইদৰে প্ৰধান লোক নিযুক্ত কৰিলে।
26 Wọ́n sì ń ṣe ìdájọ́ àwọn ènìyàn ní ìgbà gbogbo. Wọ́n sì ń mú ẹjọ́ tó le tọ Mose wá; ṣùgbọ́n wọ́n ń dá ẹjọ́ tí kò le fúnra wọn.
২৬তেওঁলোকে সাধাৰণ পৰিস্থিতিত লোকসকলৰ বিচাৰ কৰিছিল। কঠিন বিষয়বোৰ তেওঁলোকে মোচিৰ ওচৰলৈ আনিছিল; কিন্তু সাধাৰণ বিষয়বোৰ তেওঁলোকে নিজে বিচাৰ কৰিছিল।
27 Mose sì jẹ́ kí àna rẹ̀ lọ ní ọ̀nà rẹ̀, Jetro sì padà sí ilẹ̀ ẹ rẹ̀.
২৭তাৰ পাছত মোচিয়ে শহুৰেকক বিদায় দিলে, আৰু যিথ্রো তেওঁৰ নিজৰ দেশলৈ গুচি গ’ল।