< Exodus 15 >

1 Nígbà náà ni Mose àti àwọn ọmọ Israẹli kọ orin yìí sí Olúwa, Èmi yóò kọrin sí Olúwa, nítorí òun pọ̀ ní ògo. Ẹṣin àti ẹni tí ó gùn ún ni ó ti sọ sínú Òkun.
তাৰ পাছত মোচি আৰু ইস্ৰায়েলী লোকসকলে যিহোৱাৰ উদ্দেশ্যে এই স্তুতি গীত গাইছিল; তেওঁলোকে এইদৰে গাইছিল, “মই যিহোৱাৰ উদ্দেশ্যে গান কৰিম, কিয়নো তেওঁ মহা জয়েৰে গৌৰৱাম্বিত হ’ল; তেওঁ ঘোঁৰা আৰু অশ্বাৰোহী সমূদ্ৰত পেলালে।
2 Olúwa ni agbára àti orin mi; òun ti di Olùgbàlà mi, òun ni Ọlọ́run mi, èmi ó yìn ín, Ọlọ́run baba mi, èmi ó gbé e ga.
যিহোৱা মোৰ বল আৰু গান; তেওঁ মোৰ পৰিত্ৰাণকৰ্ত্তা হ’ল; তেওঁ মোৰ ঈশ্বৰ, আৰু মই তেওঁৰ প্ৰশংসা কৰিম; তেওঁ মোৰ পিতৃৰো ঈশ্বৰ, আৰু মই তেওঁৰ প্রশংসা কৰিম।
3 Ológun ni Olúwa, Olúwa ni orúkọ rẹ,
যিহোৱা পৰাক্ৰমী বীৰ; যিহোৱা তেওঁৰ নাম।
4 kẹ̀kẹ́ ogun Farao àti ogun rẹ̀ ni ó mú wọ inú Òkun. Àwọn ọmọ-ogun Farao tó jáfáfá jùlọ ni ó rì sínú Òkun Pupa.
তেওঁ ফৰৌণৰ ৰথ আৰু সৈন্য সমূহক সমুদ্ৰত পেলালে। ফৌৰণৰ মনোনীত সেনাপতিসকল চূফ সাগৰত ডুবিল।
5 Ibú omi bò wọ́n mọ́lẹ̀; wọ́n sì rì sí ìsàlẹ̀ omi òkun bí òkúta.
জল সমূহে তেওঁলোকক ঢাকি ধৰিলে; শিলৰ দৰে তেওঁলোক অগাধ জলৰ ত’ললৈ গ’ল।
6 “Ọwọ́ ọ̀tún rẹ, Olúwa, pọ̀ ní agbára. Ọwọ́ ọ̀tún rẹ, Olúwa, fọ́ àwọn ọ̀tá túútúú.
হে যিহোৱা, আপোনাৰ সোঁ হাত, পৰাক্ৰমত মহিমান্বিত হ’ল; হে যিহোৱা, আপোনাৰ সোঁ হাতে শত্ৰুক গুড়ি কৰিছে।
7 “Nínú agbára ńlá rẹ ti ó tóbi ìwọ bi àwọn ti ó dìde sí ọ ṣubú. Ìwọ rán ìbínú gbígbóná rẹ; tí ó run wọ́n bí àgémọ́lẹ̀ ìdí koríko.
আপুনি আপোনাৰ মহান মহিমাৰে আপোনাৰ বিৰুদ্ধে উঠাবোৰক বিনষ্ট কৰিলে। আপুনি পঠোৱা আপোনাৰ ক্ৰোধাগ্নিয়ে; তেওঁলোকক নৰাৰ দৰে গ্রাস কৰিছে।
8 Pẹ̀lú èémí imú rẹ ni omi fi ń wọ́jọ pọ̀. Ìṣàn omi dìde dúró bí odi; ibú omi sì dìpọ̀ láàrín Òkun.
আপোনাৰ নিশ্বাসতে জল সমূহ স্তূপাকৃত হ’ল; বৈ যোৱা জল সমূহো স্তূপাকৃত হ’ল; সমুদ্ৰৰ অগাধ জল সাগৰৰ অন্তৰ ভাগত গোট বান্ধিলে।
9 Ọ̀tá ń gbéraga, ó ń wí pé, ‘Èmi ó lépa wọn, èmi ó bá wọn. èmi ó pín ìkógun; èmi ó tẹ́ ìfẹ́kúfẹ̀ẹ́ mi lọ́run lára wọn. Èmi yóò fa idà mi yọ, ọwọ́ mi yóò pa wọ́n run.’
শত্ৰুৱে কৈছিল, ‘মই পাছে পাছে খেদি যাম, মই আগ ভেটি ধৰিম, মই লুটদ্ৰব্য ভগাই ল’ম; মোৰ হাবিয়াহ তেওঁলোকৰ ওপৰত পূৰ হ’ব; মই তৰোৱাল উলিয়াম, মোৰ হাতে তেওঁলোকক সংহাৰ কৰিব।’
10 Ìwọ fẹ́ èémí rẹ, òkun ru bò wọ́n mọ́lẹ̀. Wọ́n rì bí òjé ni àárín omi ńlá.
১০কিন্তু আপুনি আপোনাৰ বায়ুৰে ফু দিলত সাগৰে তেওঁলোকক ঢাকি ধৰিলে; তেওঁলোক সীহৰ দৰে মহাজলত ডুব গ’ল।
11 Ta ni nínú àwọn òrìṣà tó dàbí rẹ, Olúwa? Ta ló dàbí rẹ: ní títóbi, ní mímọ́ Ẹlẹ́rù ni yìn, tí ń ṣe ohun ìyanu?
১১হে যিহোৱা, দেৱতাবোৰৰ মাজত আপোনাৰ তুল্য কোন? পবিত্ৰতাত আপোনাৰ দৰে মহিমান্বিত কোন? প্ৰশংসাত গৌৰৱাম্বিত, আচৰিত কৰ্ম কৰোঁতা কোন?
12 “Ìwọ na apá ọ̀tún rẹ, ilẹ̀ si gbé wọn mì.
১২আপুনি আপোনাৰ সোঁ হাত মেলিলে, আৰু পৃথিৱীয়ে তেওঁলোকক গ্ৰাস কৰিলে।
13 Nínú ìfẹ́ rẹ ti kì í sákí Ìwọ ṣe amọ̀nà àwọn ènìyàn náà tí Ìwọ ti rà padà. Nínú agbára rẹ Ìwọ yóò tọ́ wọn, lọ sí ibi ìjókòó rẹ mímọ́.
১৩আপুনি উদ্ধাৰ কৰা লোকসকলক আপোনাৰ দয়াৰে চলাই আনিছে; আপুনি আপোনাৰ পৰাক্ৰমেৰেই তেওঁলোকক আপোনাৰ পবিত্ৰ নিবাসলৈ লৈ গৈছে।
14 Orílẹ̀-èdè yóò gbọ́ wọn yóò wárìrì. Ìkáàánú yóò mi àwọn ènìyàn Filistia.
১৪লোকসকলে শুনিব আৰু তেওঁলোক কঁপি উঠিব; পলেষ্টিয়া লোকসকলক ত্ৰাসে বেৰি ধৰিছে।”
15 Ìbẹ̀rù yóò mú àwọn ìjòyè Edomu, àwọn olórí Moabu yóò wárìrì. Àwọn ènìyàn Kenaani yóò sì yọ́ dànù.
১৫তেতিয়া ইদোমৰ প্রধান লোকসকলে ভয় কৰিলে; মোৱাবৰ সৈন্য সকল কঁপি উঠিল; কনান-বাসী সকলোৱেই দিশহাৰা হৈ গ’ল।
16 Ìbẹ̀rù bojo yóò ṣubú lù wọ́n, nítorí nína títóbi apá rẹ̀ wọn yóò dúró jẹ́ẹ́ láì mira bí i òkúta, títí àwọn ènìyàn rẹ yóò fi rékọjá, Olúwa, títí tí àwọn ènìyàn tí o ti rà yóò fi rékọjá.
১৬ভয় আৰু ত্ৰাসে তেওঁলোকক বেৰি ধৰিলে; আপোনাৰ বাহুবলৰ শক্তিৰ কাৰণে তেওঁলোক শিলৰ দৰে নীৰৱ হৈ ৰ’ল; হে যিহোৱা, আপোনাৰ লোকসকল পাৰ নোহোৱালৈকে; আপুনি উদ্ধাৰ কৰা লোকসকল পাৰ নোহোৱালৈকে।
17 Ìwọ yóò mú wọn wá láti gbìn wọ́n ni orí òkè ti ìwọ jogún, ní ibi ti ìwọ ṣe fún ara rẹ, Olúwa. Láti máa gbé ibi mímọ́ ti ìwọ fi ọwọ́ rẹ gbé kalẹ̀, Olúwa.
১৭আপুনি তেওঁলোকক আনিব আৰু আপোনাৰ অধিকাৰ কৰা পাহাৰত স্থাপন কৰিব, হে যিহোৱা, আপুনি নিবাস কৰিবলৈ যুগুত কৰা ঠাই, হে প্ৰভু, যি ধৰ্মধাম আপুনি নিজৰ হাতেৰে নিৰ্ম্মাণ কৰিলে,
18 “Olúwa yóò jẹ ọba láé àti láéláé.”
১৮যিহোৱাই সদা-সৰ্ব্বদায় ৰাজত্ব কৰিব।”
19 Nígbà ti ẹṣin Farao, kẹ̀kẹ́ ogun àti àwọn ẹlẹ́ṣin rẹ̀ wọ inú Òkun, Olúwa mú kí omi òkun padà bò wọ́n mọ́lẹ̀, ṣùgbọ́n àwọn ọmọ Israẹli rìn lórí ìyàngbẹ ilẹ̀ la òkun kọjá.
১৯কাৰণ ফৰৌণৰ ৰথ আৰু অশ্বাৰোহীৰ সৈতে ঘোঁৰাবোৰ সমুদ্ৰৰ মাজত সোমাল। যিহোৱাই সমুদ্ৰৰ জল তেওঁলোকৰ ওপৰলৈ উভটাই আনিলে। কিন্তু ইস্ৰায়েলী লোকসকল হ’লে, সমুদ্ৰৰ মাজেদি শুকান বাটেদি গুছি গ’ল।
20 Miriamu wòlíì obìnrin, arábìnrin Aaroni, mú ohun èlò orin ni ọwọ́ rẹ̀, gbogbo àwọn obìnrin sì jáde tẹ̀lé e pẹ̀lú ìlù òun ijó.
২০তেতিয়া হাৰোণৰ বায়েক মিৰিয়ম ভাববাদিনীয়ে তেওঁৰ হাতত খঞ্জৰি ল’লে; আৰু তেওঁৰ পাছে পাছে আন আন মহিলাসকলেও হাতত খঞ্জৰি লৈ, নাচি নাচি ওলাই গ’ল।
21 Miriamu kọrin sí wọn báyìí pé, “Ẹ kọrin sí Olúwa, nítorí òun ni ológo jùlọ. Ẹṣin àti ẹni tí ó gùn ún, ni òun bi ṣubú sínú Òkun.”
২১মিৰিয়মে তেওঁলোকৰ আগত গীত গালে, “তোমালোকে যিহোৱাৰ উদ্দেশ্যে গান কৰা, কিয়নো তেওঁ মহা-গৌৰৱাম্বিত হ’ল; তেওঁ ঘোঁৰা আৰু অশ্বাৰোহীক সমুদ্ৰত পেলাই দিলে।”
22 Nígbà náà ni Mose ṣe amọ̀nà àwọn ènìyàn Israẹli jáde láti Òkun Pupa lọ sínú ijù Ṣuri. Wọ́n lọ ní ìrìn ọjọ́ mẹ́ta sínú ijù náà, wọn kò sì rí omi.
২২তাৰ পাছত মোচিয়ে ইস্ৰায়েলী লোকসকলক চূফ সাগৰৰ তীৰৰ পৰা যাত্ৰা কৰিবলৈ দিলে, তেওঁলোকে চূৰ মৰুভূমিৰ মাজেৰে যাত্রা কৰি গ’ল। তেওঁলোকে সেই মৰুভূমিৰ মাজেৰে তিনি দিনৰ বাট গ’ল, আৰু সেই ঠাইত পানী বিচাৰি নাপালে।
23 Nígbà tí wọ́n dé Mara, wọn kò lè mu omi Mara nítorí omi náà korò. (Nítorí náà ni a ṣe pe ibẹ̀ ni Mara: ibi ìkorò.)
২৩তাৰ পাছত তেওঁলোকে মাৰা গৈ পালে, আৰু মাৰাত থকা পানী তিতা হোৱাৰ বাবে, তেওঁলোকে পান কৰিব নোৱাৰিলে; সেয়ে তেওঁলোকে সেই ঠাইৰ নাম মাৰা ৰাখিলে।
24 Àwọn ènìyàn ń kùn sí Mose wí pé, “Kí ni àwa yóò mu?”
২৪সেই কাৰণে লোকসকলে মোচিক অভিযোগ কৰি ক’লে, “আমি কি পান কৰিম?”
25 Mose sì ké pe Olúwa, Olúwa sì fi igi kan hàn án, ó sì sọ igi náà sínú omi, omi náà sì dùn. Níbẹ̀ ni Olúwa ti gbé ìlànà àti òfin kalẹ̀ fún wọn, níbẹ̀ ni ó sì ti dán wọn wò.
২৫তেতিয়া মোচিয়ে যিহোৱাৰ আগত কাতৰোক্তি কৰিলে, আৰু যিহোৱাই তেওঁক এজোপা গছ দেখুৱালে। তেওঁ তাকে আনি পানীত পেলাই দিলে, আৰু পানী খাবলৈ মিঠা হ’ল। সেই ঠাইতে যিহোৱাই তেওঁলোকৰ অৰ্থে এটা কঠোৰ বিধি আৰু শাসন-প্রণালী দিলে। সেই ঠাইতে যিহোৱাই তেওঁলোকক পৰীক্ষা কৰিলে।
26 Ó wí pé, “Bí ìwọ bá fetísílẹ̀ dáradára sí òfin Olúwa Ọlọ́run, ti ìwọ sì ṣe ohun tí ó tọ́ ni ojú rẹ̀, ti ìwọ sì tẹ̀lé ohun tí ó pàṣẹ, ti ìwọ si pa ìlànà rẹ̀ mọ́. Èmi kì yóò jẹ́ kí èyíkéyìí nínú àwọn ààrùn wọ̀n-ọn-nì ti mo mú wá sórí àwọn ará Ejibiti wá sí ara rẹ, nítorí Èmi ni Olúwa ti ó mú ọ láradá.”
২৬তেওঁ ক’লে, “মই, তোমালোকৰ ঈশ্বৰ যিহোৱা, যদি তোমালোকে সাৱধানে মোৰ বাক্য শুনা, আৰু মোৰ দৃষ্টিত যি উচিত সেই কাৰ্য কৰা, আৰু মোৰ আজ্ঞাবোৰলৈ মনোযোগ দিয়া আৰু মোৰ সকলো বিধি পালন কৰা তেনেহ’লে, মই মিচৰীয়াসকলক যি সকলো ৰোগ দিছিলোঁ, সেইবোৰৰ কোনো ৰোগ তোমালোকক নিদিম, কাৰণ মই তোমালোকৰ আৰোগ্যকাৰী যিহোৱা।”
27 Nígbà ti wọ́n dé Elimu, níbi ti kànga omi méjìlá àti àádọ́rin ọ̀pẹ gbé wà, wọ́n pàgọ́ síbẹ̀ ni etí omi.
২৭তাৰ পাছত লোকসকল এলীমলৈ আহিল; সেই ঠাইত পানীৰ বাৰটা ভুমুক, আৰু সত্তৰ জোপা খাজুৰ গছ আছিল; তেওঁলোকে সেই ঠাইতে পানীৰ কাষত তম্বু তৰিলে।

< Exodus 15 >