< Exodus 12 >
1 Olúwa sọ fún Mose àti Aaroni ni ilẹ̀ Ejibiti pé,
১যিহোৱাই মিচৰ দেশত মোচি আৰু হাৰোণৰ সৈতে কথা পাতিলে। তেওঁ ক’লে,
2 “Oṣù yìí ni yóò jẹ́ oṣù àkọ́kọ́ fún yín, oṣù àkọ́kọ́ nínú ọdún yín.
২“এই মাহেই তোমালোকৰ বাবে মাহৰ আৰম্ভণি হ’ব; আৰু এই মাহ তোমালোকৰ কাৰণে বছৰৰ প্ৰথম মাহ।
3 Sọ fún gbogbo àwọn ènìyàn Israẹli pé ni ọjọ́ kẹwàá oṣù yìí, ọkùnrin kọ̀ọ̀kan yóò mú ọ̀dọ́-àgùntàn kọ̀ọ̀kan fún ìdílé rẹ̀, ọ̀kan fún agbo ilé kọ̀ọ̀kan.
৩তোমালোক সমবেত হোৱা আৰু ইস্ৰায়েলী লোকসকলক কোৱা, ‘এই মাহৰ দশম দিনা তেওঁলোক প্রত্যেকে নিজৰ বাবে এটাকৈ মেৰ-ছাগ পোৱালি বা ছাগলী পোৱালি ল’ব। প্রত্যেক পৰিয়ালে এইদৰে পৰিয়ালবৰ্গৰ বাবে এটা মেৰ-ছাগ পোৱালি ল’ব।
4 Bí ìdílé kan bá kéré jù fún odidi ọ̀dọ́-àgùntàn kan, kí wọn kí ó ṣe àjọpín ọ̀kan pẹ̀lú aládùúgbò wọn ti ó sun mọ́ wọn kí wọ́n lo iye ènìyàn tiwọn jẹ láti ṣe òdínwọ̀n irú ọ̀dọ́-àgùntàn tiwọn yóò lò ní ìbámu pẹ̀lú ìwọ̀n ti ẹni kọ̀ọ̀kan lè jẹ.
৪সেই মেৰ-ছাগ পোৱালি ভোজন কৰিবলৈ যদি পৰিয়ালৰ মানুহ তাকৰ হয়, তেনেহলে তেওঁ আৰু তেওঁৰ ওচৰ-চুবুৰীয়াৰ সদস্যৰ সংখ্যা অনুসাৰে এটা মেৰ-ছাগ পোৱালি বা ছাগলীৰ মাংস প্রত্যেক মানুহলৈ জোৰাকৈ লওক। প্রত্যেক মানুহে খাব পৰা শক্তি অনুসাৰে সেই মাংস যাতে হয়।
5 Ọ̀dọ́-àgùntàn tí ìwọ yóò mú gbọdọ̀ jẹ́ akọ ọlọ́dún kan tí kò lábùkù, ìwọ lè mú lára àgbò tàbí ewúrẹ́.
৫তোমালোকৰ সেই মেৰ-ছাগ বা ছাগলী পোৱালি এবছৰীয়া আৰু নিৰ্ঘূণী মতা পোৱালি হ’ব লাগিব। তোমালোকে তাক মেৰ-ছাগ বা ছাগলীবোৰৰ জাকৰ মাজৰ পৰা ল’বা।
6 Ṣe ìtọ́jú wọn títí di ọjọ́ kẹrìnlá oṣù yìí nígbà tí gbogbo ìjọ ènìyàn Israẹli yóò pa ẹran náà ní àfẹ̀mọ́júmọ́.
৬তোমালোকে এই মাহৰ চৌদ্ধ দিনলৈকে তাক ৰাখিবা; তাৰ পাছত সমবেত ইস্ৰায়েলী সকলো লোকে গধূলি পৰত তাক বধ কৰিবা।
7 Wọn yóò mú lára ẹ̀jẹ̀ ẹran náà, wọn yóò fi kan ẹ̀gbẹ́ méjèèjì àti òkè ẹnu-ọ̀nà àbáwọlé níbi tí wọ́n bá ti jẹ ẹran ọ̀dọ́-àgùntàn náà.
৭তোমালোকে তাৰ কিছু তেজ লৈ, যি ঘৰবোৰত মাংস ভোজন কৰা হ’ব, সেই ঘৰবোৰৰ দুৱাৰৰ চৌকাঠৰ দুই দাঁতিত, আৰু ওপৰতো লগাবা।
8 Ní òru ọjọ́ kan náà, wọn yóò jẹ ẹran tí a ti fi iná sun, pẹ̀lú ewé ewúro àti àkàrà aláìwú.
৮সেই ৰাতিয়েই তোমালোকে প্রথমে জুইত খৰিকাত দি সেই মাংস খমীৰ নিদিয়া পিঠা আৰু তিতা শাকেৰে সৈতে ভোজন কৰিবা।
9 Ẹ má ṣe jẹ ẹran náà ni tútù tàbí ní bíbọ̀ nínú omi, ṣùgbọ́n kí ẹ fi iná sun orí, ẹsẹ̀ àti àwọn nǹkan inú ẹran náà.
৯তোমালোকে তাক কেঁচাই, নাইবা পানীত সিজায়ো নাখাবা; তাৰ পৰিৱৰ্তে মুৰ, ঠেং, আৰু তাৰ ভিতৰত থকা অংশই সৈতে জুইত খৰিকাত দিহে খাবা।
10 Ẹ má ṣe fi èyíkéyìí sílẹ̀ di òwúrọ̀ ọjọ́ kejì, bí ó bá ṣẹ́kù di òwúrọ̀ ọjọ́ kejì, kí ẹ jó o níná.
১০ৰাতিপুৱালৈ তাৰ অলপো অৱশিষ্ট নাৰাখিবা। কিন্তু ৰাতিপুৱালৈ যি অৱশিষ্ট থাকিব, তাক তোমালোকে জুইত পুৰি ভষ্ম কৰি দিবা।
11 Báyìí ni ẹ̀yìn yóò ṣe jẹ́ tí ẹ̀yin ti àmùrè ní ẹ̀gbẹ́ yín, sáńdà yín ní ẹsẹ̀ yín àti ọ̀pá yín ni ọwọ́ yín. Ẹ yára jẹ ẹ́, oúnjẹ àjọ ìrékọjá Olúwa ni.
১১তোমালোকে টঙালিৰে কঁকাল বান্ধি, জোতা পিন্ধি, আৰু হাতত লাখুটি লৈ, বেগাবেগিকৈ তাক ভোজন কৰিবা। সেয়ে যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব।
12 “Ní òru ọjọ́ yìí kan náà ni Èmi yóò la gbogbo ilẹ̀ Ejibiti kọjá, èmi yóò sì pa gbogbo àkọ́bí àti ènìyàn, àti ẹranko, èmi yóò mú ìdájọ́ wà sí orí àwọn òrìṣà ilẹ̀ Ejibiti. Èmi ni Olúwa.”
১২যিহোৱাই এই কথা কৈছে: ‘মই সেই ৰাতিয়েই মিচৰ দেশৰ মাজেদি গৈ, মিচৰ দেশত প্রথমে জন্ম হোৱা মানুহ বা পশুৱেই হওক, সকলোকে সংহাৰ কৰিম। মিচৰীয়াসকলৰ সকলো দেৱতাকে মই দণ্ড দিম। মই যিহোৱা।
13 Ẹ̀jẹ̀ ni yóò jẹ́ àmì fún un yín ní àwọn ilé tí ẹ̀yin wà, nígbà tí èmi bá rí ẹ̀jẹ̀ náà, Èmi yóò ré e yín kọjá. Ààrùn kan kì yóò kàn yín nígbà tí èmi bá kọlu Ejibiti láti pa wọ́n run.
১৩তোমালোকে যিবোৰ ঘৰত থাকা, সেইবোৰ ঘৰত সেই তেজেই তোমালোকৰ চিন হ’ব; মই যেতিয়া মিচৰ দেশ মই আক্রমণ কৰিম, তেতিয়া সেই তেজ দেখি, মই তোমালোকক অতিক্রম কৰি এৰি থৈ যাম। এই মহামাৰিয়ে তোমালোকক স্পৰ্শ নকৰিব আৰু তোমালোকক বিনষ্ট নকৰিব।
14 “Ọjọ́ òní ni yóò sì máa ṣe ọjọ́ ìrántí fún yín, ẹ́yin yóò sì máa láàrín àwọn ìran tí ó ń bọ̀ lẹ́yìn ni ẹ̀yin yóò ti máa ṣe ní àjọ fún Olúwa; ní ìran-ìran yín bí ìlànà tí yóò wà títí ayé.
১৪এই দিন সোঁৱৰণীয় দিন হ’ব; আৰু তোমালোকে এই দিন যিহোৱাৰ বাবে উৎসৱৰ দিন বুলি নিশ্চয়কৈ পালন কৰিবা। এই দিন পালন কৰাটো তোমালোকৰ বাবে এটা বিধান হ’ব, পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে এই দিন তোমালোকে পালন কৰিব লাগিব।
15 Fún ọjọ́ méje ni ẹ̀yin yóò fi jẹ àkàrà tí kò ní ìwúkàrà. Ní ọjọ́ kìn-ín-ní, ẹ ó gbé ìwúkàrà kúrò ni ilé yín, nítorí ẹnikẹ́ni tí ó bá jẹ ohunkóhun tí ó ni ìwúkàrà nínú láti ọjọ́ kìn-ín-ní di ọjọ́ keje ni kí a yọ kúrò ni Israẹli.
১৫তোমালোকে সাত দিন খমীৰ নিদিয়া পিঠা ভোজন কৰিবা। প্ৰথম দিনাই তোমালোকে নিজৰ ঘৰৰ পৰা খমীৰ দূৰ কৰিবা। কিয়নো যি কোনোৱে প্ৰথম দিনৰ পৰা সপ্তম দিনলৈকে খমীৰ দিয়া পিঠা খাব, তেওঁক ইস্ৰায়েলৰ পৰা উচ্ছন্ন কৰা হ’ব।
16 Ní ọjọ́ kìn-ín-ní kí àpéjọ mímọ́ kí ó wà; àti ní ọjọ́ keje àpéjọ mímọ́ mìíràn yóò wà fún yín. Ẹ má ṣe ṣe iṣẹ́kíṣẹ́ kan ní àwọn ọjọ́ wọ̀nyí, bí kò ṣe oúnjẹ tí olúkúlùkù yóò jẹ; kìkì èyí ni gbogbo ohun tí ẹ̀yin lè ṣe.
১৬প্ৰথম দিনা লোক সকল সমবেত হৈ মোৰ উদ্দেশ্যে পবিত্রকৃত হ’ব, আৰু সপ্তম দিনাও সেই একেদৰে লোকসকল সমবেত হ’ব। সেই দিনবোৰত কোনো কাম কৰা নহব, কেৱল প্রত্যেকে খাব পৰাকৈ ৰন্ধা কাম কৰিব।
17 “Ẹ ó sì kíyèsí àjọ àìwúkàrà, nítorí ní ọjọ́ náà gan an ni mo mú ogun yín jáde kúrò ni ilẹ̀ Ejibiti. Nítorí náà ni kí ẹ máa kíyèsi ọjọ́ náà ní ìran-ìran yín bí ìlànà tí yóò wà títí ayé.
১৭এইদৰে তোমালোকে খমীৰ নিদিয়া পিঠাৰ পৰ্ব্ব পালন কৰিবা; কিয়নো সেই দিনাই মই তোমালোকৰ লোক সকলক, সৈন্যৰ দলক মিচৰ দেশৰ পৰা বাহিৰ কৰি অনিছিলো। এতেকে তোমালোকে পুৰুষানুক্ৰমে চিৰস্থায়ী বিধিমতে সেই দিন পালন কৰিবা।
18 Àkàrà ti kò ni ìwúkàrà ni ẹ̀yin yóò jẹ láti ìrọ̀lẹ́ ọjọ́ kẹrìnlá títí di ìrọ̀lẹ́ ọjọ́ kọ̀kànlélógún oṣù àkọ́kọ́.
১৮তোমালোকে বছৰৰ প্ৰথম মাহৰ চৌদ্ধ দিনৰ গধুলিৰে পৰা একৈশ দিনৰ গধুলিলৈকে খমীৰ নিদিয়া পিঠাহে ভোজন কৰিবা।
19 Fún ọjọ́ méje ni ẹ kò gbọdọ̀ ni ìwúkàrà nínú ilé yín, ẹnikẹ́ni tí ó bá jẹ ohun tí ó ni ìwúkàrà nínú ni a ó yọ kúrò ni àárín àwùjọ Israẹli, ìbá à ṣe àlejò tàbí ẹni tí a bí ní ilẹ̀ náà.
১৯এই সাত দিনলৈকে তোমালোকৰ ঘৰবোৰত খমিৰ পোৱা নাযাব। কাৰণ বিদেশী হওক, বা স্বদেশীয়েই হওক, যি কোনোৱে খমিৰ দিয়া বস্তু খাব, তেওঁক ইস্ৰায়েলৰ সমাজৰ পৰা উচ্ছন্ন কৰা হ’ব।
20 Ẹ kò gbọdọ̀ jẹ ohunkóhun tí a fi ìwúkàrà ṣe. Ní ibikíbi tí ẹ̀yin bá ń gbé, kí ẹ̀yin kí ó jẹ àkàrà tí kò ní ìwúkàrà.”
২০তোমালোকে খমিৰ দিয়া কোনো বস্তুৱেই নাখাবা। তোমালোকে যি ঠাইতে বাস কৰা সেই সকলো ঠাইত, খমীৰ নিদিয়া পিঠাহে খাবা’।”
21 Ní ìgbà náà ni Mose pé gbogbo àwọn àgbàgbà Israẹli jọ, ó sì sọ fún wọn pé, “Ẹ jáde lọ, kí ẹ sì yan ọ̀dọ́-àgùntàn fún àwọn ìdílé yín, kí ẹ sì pa ẹran àjọ ìrékọjá Olúwa.
২১তেতিয়া মোচিয়ে ইস্ৰায়েলৰ সকলো পৰিচাৰকক মাতি আনিলে আৰু তেওঁলোকক ক’লে, তোমালোকে নিজৰ নিজৰ পৰিয়ালৰ লোকক পৰ্যাপ্ত পৰিমাণে খোৱাবলৈ ভেৰাৰ জাকৰ পৰা পোৱালি বাছি লবা আৰু নিস্তাৰ-পৰ্ব্বৰ বলিৰ বাবে তাক কাটিবা।
22 Ẹ̀yin yóò sì mú ìdí-ewé hísópù, ẹ tì í bọ inú ẹ̀jẹ̀ tí ó wà nínú ọpọ́n kí ẹ sì fi kun òkè à bá wọ ẹnu-ọ̀nà ilé yín àti ẹ̀gbẹ́ méjèèjì ìlẹ̀kùn yín. Ẹnikẹ́ni nínú yín kò gbọdọ̀ jáde sí òde títí di òwúrọ̀.
২২তাৰ পাছত এচোব বন একোচা লৈ, পাত্ৰটোত থকা তেজত জুবুৰিয়াবা। সেই তেজ পাত্ৰৰ পৰা লৈ দুৱাৰৰ চৌকাঠৰ ওপৰত আৰু দুই দাঁতিৰ কাঠত লগাবা। ৰাতিপুৱালৈকে তোমালোকৰ কোনেও নিজৰ নিজৰ ঘৰৰ দুৱাৰৰ বাহিৰ নহবা।
23 Ní ìgbà tí Olúwa bá ń lọ káàkiri ní ilẹ̀ Ejibiti láti kọlù wọn, yóò rí ẹ̀jẹ̀ ni òkè ẹnu-ọ̀nà àti ni ẹ̀gbẹ́ ẹnu-ọ̀nà ilé yín, yóò sì ré ẹnu-ọ̀nà ilé náà kọjá, kì yóò gba apanirun láààyè láti wọ inú ilé e yín láti kọlù yín.
২৩কিয়নো যিহোৱাই মিচৰীয়া সকলক আক্ৰমণ কৰিবৰ বাবে, তোমালোকৰ ওচৰেদি গমন কৰিব। যেতিয়া তেওঁ দুৱাৰৰ চৌকাঠৰ ওপৰত, আৰু চৌকাঠৰ দুই দাঁতিত সেই তেজ দেখিব, তেতিয়া যিহোৱাই সেই দুৱাৰ এৰি যাব, আৰু তোমালোকক আক্ৰমণ কৰিবৰ বাবে, আপোনালোকৰ ঘৰত আক্ৰমণকাৰীক সোমাবলৈ নিদিব।
24 “Ẹ pa ìlànà yìí mọ́ gẹ́gẹ́ bí ohun tí ẹ ó máa ṣe títí ayérayé láàrín yín àti àwọn ìran yín.
২৪তোমালোকে আৰু তোমালোকৰ সন্তান সকলেও চিৰকাললৈকে পালন কৰিবলগীয়া বিধি বুলি, এই ৰীতি পালন কৰি থাকিব।
25 Nígbà tí ẹ̀yin bá de ilẹ̀ tí Olúwa yóò fi fún un yín bí òun ti ṣe ìlérí, ẹ máa kíyèsi àjọ yìí.
২৫যিহোৱাই নিজৰ প্ৰতিজ্ঞাৰ দৰে তোমালোকক যি দেশ দিব, সেই দেশত যেতিয়া তোমালোক সোমাবা, তেতিয়াও তোমালোকে এই উপসনাৰ কাৰ্য কৰি থাকিব।
26 Ní ìgbà tí àwọn ọmọ yín bá béèrè lọ́wọ́ yín, ‘Kí ni ohun tí àjọ yìí túmọ̀ sí fún un yín?’
২৬যেতিয়া তোমালোকৰ সন্তান সকলে সুধিব “এই উপসনাৰ অৰ্থ কি,”
27 Ẹ sọ fún wọn ni ìgbà náà, ‘Ẹbọ ìrékọjá sí Olúwa ni, ẹni tí ó rékọjá ilé àwọn ọmọ Israẹli ni ìgbà tí ó kọlu àwọn ara Ejibiti. Tí ó si da wa sí nígbà ti ó pa àwọn ara Ejibiti.’” Àwọn ènìyàn sì tẹríba láti sìn.
২৭তেতিয়া তোমালোকে ক’বা, ‘যিহোৱাই মিচৰীয়ালোকক আক্ৰমণ কৰোঁতে মিচৰত থকা ইস্ৰায়েলৰ লোকসকলৰ ঘৰবোৰ এৰি থৈ গৈছিল, এই দৰেই তেওঁ ইস্ৰায়েলৰ ঘৰবোৰ নিস্তাৰ কৰিছিল, সেইয়ে যিহোৱাৰ উদ্দেশে কৰা এয়ে নিস্তাৰ-পৰ্ব্বৰ বলিদান’।” তেতিয়া লোকসকলে মূৰ দোঁৱাই যিহোৱাৰ আৰাধনা কৰিলে।
28 Àwọn ọmọ Israẹli ṣe gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Mose àti Aaroni.
২৮ইস্ৰায়েলৰ লোকসকলে সেয়ে যিহোৱাই মোচি আৰু হাৰোণক দিয়া আজ্ঞাৰ দৰেই কৰিলে।
29 Ní ọ̀gànjọ́ òru Olúwa kọlu gbogbo àwọn àkọ́bí ilẹ̀ Ejibiti, láti orí àkọ́bí. Farao tí ó wà ní orí ìtẹ́ títí dé orí àkọ́bí ẹlẹ́wọ̀n tí ó wà nínú túbú àti àkọ́bí ẹran ọ̀sìn pẹ̀lú.
২৯মাজ নিশা সিংহাসনত বহা ফৰৌণৰ জেষ্ঠ পুত্ৰৰ পৰা বন্দীশালত থকা লোকৰ বৰ পুত্ৰলৈকে মিচৰ দেশত প্ৰথমে জন্মা সকলোলোক আৰু পশুবোৰৰ প্ৰথমে জন্মাবোৰকো আক্ৰমণ কৰিলে।
30 Farao àti àwọn ìjòyè rẹ̀ àti gbogbo àwọn ara Ejibiti dìde ní ọ̀gànjọ́ òru, igbe ẹkún ńlá sì gba gbogbo ilẹ̀ Ejibiti, nítorí kò sí ilé kan tí ó yọ sílẹ̀ tí ènìyàn kan kò ti kú.
৩০সেয়ে ফৰৌণ, তেওঁৰ দাসবোৰ আৰু মিচৰৰ সকলোলোক ৰাতিয়েই উঠিল। মিচৰত সেয়ে মহাক্ৰন্দন হ’ল; কাৰণ এনে এটা ঘৰ নাছিল য’ত প্ৰথমা জন্মা পুএৰ মৃত্যু হোৱা নাছিল।
31 Farao sì ránṣẹ́ pe Mose àti Aaroni ní òru, ó sì wí pé, “Ẹ kúrò lọ́dọ̀ mi ẹ̀yin àti àwọn ènìyàn Israẹli! Ẹ lọ láti sin Olúwa gẹ́gẹ́ bí ẹ ti béèrè.
৩১ৰাতিয়েই ফৰৌণে মোচি আৰু হাৰোণক মাতি আনি ক’লে, “উঠা, তোমালোক আৰু ইস্ৰায়েলৰ সকলো লোক মোৰ প্ৰজাসকলৰ মাজৰ পৰা বাহিৰ হৈ যোৱা। তোমালোকে কোৱাৰ দৰেই যিহোৱাৰ আৰধনা কৰা।
32 Ẹ kó agbo àgùntàn yín àti agbo màlúù yín gẹ́gẹ́ bí ẹ̀yin ti sọ, kí ẹ sì máa lọ, kí ẹ sì súre fún mi.”
৩২তোমালোকে কোৱাৰ দৰেই নিজৰ নিজৰ ভেৰা, ছাগলী, আৰু তোমালোকৰ জাকবোৰকো লৈ যোৱা; আৰু মোকো আশীৰ্ব্বাদ কৰি যোৱা।”
33 Àwọn ara Ejibiti ń rọ àwọn ènìyàn náà láti yára máa lọ kúrò ní ilẹ̀ wọn. Wọ́n wí pé, “Bí bẹ́ẹ̀ kọ́ gbogbo wa ni yóò kú!”
৩৩তেতিয়া মিচৰীয়া লোকসকলে শীঘ্ৰে ইস্ৰায়েলী লোকসকলক দেশৰ পৰা পঠাবৰ বাবে ততাতৈয়া লগালে; কাৰণ তেওঁলোকে ক’লে, “আমি সকলো মৃত লোক।”
34 Àwọn ènìyàn náà sì mú ìyẹ̀fun púpọ̀ kí wọn tó fi ìwúkàrà sí i, wọ́n gbe le èjìká wọn nínú ọpọ́n tí wọ́n ti fi aṣọ dì.
৩৪সেয়ে লোকসকলে খমীৰ নিদিয়াকৈ নিজৰ নিজৰ আটাগুড়ি ল’লে। তেওঁলোকে নিজৰ নিজৰ সনা পাত্ৰ গাৰ কাপোৰত বান্ধিলৈ, নিজৰ নিজৰ কান্ধত ল’লে।
35 Àwọn ọmọ Israẹli ṣe gẹ́gẹ́ bí Mose ti sọ fún wọn. Wọ́n sì béèrè lọ́wọ́ ará Ejibiti fún ohun èlò fàdákà àti wúrà àti fún aṣọ pẹ̀lú.
৩৫তাৰ পাছত ইস্ৰায়েলৰ লোকসকলে মোচিয়ে কোৱাৰ দৰেই কৰিলে। তেওঁলোকে মিচৰীয়া লোকসকলৰ পৰা সোণ আৰু ৰূপৰ অলঙ্কাৰ, আৰু বস্ত্ৰও খুজি ল’লে।
36 Olúwa ti mú kí àwọn ènìyàn yìí rí ojúrere àwọn ará Ejibiti wọ́n sì fún wọn ní ohun tí wọ́n béèrè fún, wọ́n sì ko ẹrù àwọn ará Ejibiti.
৩৬যিহোৱাই মিচৰীয়া লোকসকলৰ আগত ইস্ৰায়েলী লোকসকলক অনুগ্ৰহপ্ৰাপ্ত কৰিলে। সেয়ে তেওঁলোকে খোজাৰ দৰেই তেওঁলোকক দিলে; এইদৰে তেওঁলোকে মিচৰীয়ালোক সকলক লুট কৰিলে।
37 Àwọn ọmọ Israẹli sì rìn láti Ramesesi lọ sí Sukkoti. Àwọn ọkùnrin tó ń fi ẹsẹ̀ rìn tó ọgbọ̀n ọ̀kẹ́ ni iye láìka àwọn obìnrin àti àwọn ọmọdé.
৩৭ইস্ৰায়েলী লোকসকল ৰামিচেচৰ পৰা চুক্কোতলৈ যাত্ৰা কৰি গ’ল। মহিলা আৰু সন্তানৰ ওপৰিও তেওঁলোকৰ ছয় লাখমান পদাতিক পুৰুষ আছিল।
38 Ọ̀pọ̀ àwọn ènìyàn mìíràn ni ó bá wọ́n lọ àti ọ̀pọ̀lọpọ̀ ẹran ọ̀sìn, agbo àgùntàn àti agbo màlúù.
৩৮ইয়াৰ উপৰিও অনা ইস্ৰায়েলী বহুলোক, তেওঁলোকৰ ভেৰা, ছাগলী আদি কৰি বহুতো পশুৰে সৈতে তেওঁলোকৰ লগত গৈছিল।
39 Pẹ̀lú ìyẹ̀fun tí kò ní ìwúkàrà nínú tí wọ́n gbé jáde láti Ejibiti wá ni wọ́n fi ṣe àkàrà aláìwú. Ìyẹ̀fun náà kò ni ìwúkàrà nínú nítorí a lé wọn jáde láti ilẹ̀ Ejibiti wọn kò si rí ààyè láti tọ́jú oúnjẹ fún ara wọn.
৩৯তাৰ পাছত, তেওঁলোকে মিচৰৰ পৰা অনা খমীৰ নিদিয়া আটাগুড়িৰে পিঠা যুগুত কৰিলে। সেইবোৰত খমীৰ দিয়া নাছিল, কাৰণ তেওঁলোকক মিচৰৰ পৰা খেদাই দিয়া হ’ল, সেয়ে খোৱা যুগুত কৰিবৰ কাৰণে তেওঁলোকে পলম কৰিব নোৱাৰিলে।
40 Iye ọdún ti àwọn ará Israẹli gbé ní ilẹ̀ Ejibiti jẹ́ irinwó ọdún ó lé ọgbọ̀n.
৪০ইস্ৰায়েলী লোকসকল মিচৰ দেশত প্ৰবাসী হৈ চাৰিশ ত্ৰিশ বছৰ আছিল।
41 Ó sì ní òpin irinwó ọdún ó le ọgbọ̀n, ní ọjọ́ náà gan an, ni ó sì ṣe tí gbogbo ogun Olúwa jáde kúrò ní ilẹ̀ Ejibiti.
৪১চাৰিশ ত্ৰিশ বছৰৰ শেষৰ দিনা, যিহোৱাৰ বাহিনীৰ সকলো দল মিচৰ দেশৰ পৰা বাহিৰ হৈ আহিছিল।
42 Nítorí pé, Olúwa ṣe àìsùn ni òru ọjọ́ náà láti mú wọn jáde kúrò ní ilẹ̀ Ejibiti, ní òru yìí ni gbogbo Israẹli ní láti máa ṣe àìsùn láti fi bu ọlá fún Olúwa títí di àwọn ìran tí ń bọ̀.
৪২যিহোৱাই মিচৰ দেশৰ পৰা তেওঁলোকক বাহিৰ কৰি অনাৰ কাৰণে, সেই ৰাতি তেওঁলোক সজাগ হৈ আছিল। সেই ৰাতি যিহোৱাৰ উদ্দেশে পালন কৰা ৰাতি বুলি ইস্ৰায়েলৰ সকলো লোকে পুৰুষানুক্ৰমে পালন কৰে।
43 Olúwa sọ fún Mose àti Aaroni pé, “Ìwọ̀n yìí ni àwọn òfin fún àjọ ìrékọjá: “Àjèjì kò gbọdọ̀ jẹ nínú rẹ̀.
৪৩যিহোৱাই মোচি আৰু হাৰোণক ক’লে, “নিস্তাৰ-পৰ্ব্বৰ বলিৰ বিধি এই: কোনো বিদেশী লোকে ইয়াক ভোজন কৰিব নোৱাৰিব।
44 Ẹrú tí ẹ̀yin bá rà lè jẹ́ nínú rẹ̀ lẹ́yìn tí ẹ̀yin bá ti kọ ọ́ ní ilà,
৪৪অৱশ্যে ইস্ৰায়েলী লোকৰ প্ৰতিজন ধন দি কিনা বন্দীক যদি চুন্নৎ কৰা হৈছে, তেতিয়া তেৱোঁ ভোজন কৰিব পাৰিব।
45 ṣùgbọ́n àtìpó àti alágbàṣe kò ni jẹ nínú rẹ̀.
৪৫কিন্তু বিদেশী সকল আৰু ভাড়া কৰি অনা দাস সকলে ইয়াক খাব নোৱাৰিব।
46 “Nínú ilé ni ẹ ti gbọdọ̀ jẹ ẹ́; ẹ kò gbọdọ̀ mú èyíkéyìí nínú ẹran náà jáde kúrò nínú ilé. Ẹ má ṣe ṣẹ́ ọ̀kankan nínú egungun rẹ̀.
৪৬আহাৰ একেটা ঘৰতে ভোজন কৰিবই লাগিব। সেই মাংসৰ অলপো ঘৰৰ বাহিৰলৈ নিনিবা, আৰু তাৰ এডাল হাড়ো নেভাঙিবা।
47 Gbogbo àjọ Israẹli ni ó gbọdọ̀ ṣe àjọyọ̀ ọ rẹ̀.
৪৭ইস্ৰায়েলৰ গোটেই সমাজে তাক পালন কৰিব।
48 “Àjèjì ti ó bá ń gbé ní àárín yín ti ó bá fẹ́ kópa nínú àjọ ìrékọjá Olúwa, ni o gbọdọ̀ kọ gbogbo àwọn ọmọkùnrin ilé rẹ̀ ní ilà; ní ìgbà náà ni ó lè kó ipa gẹ́gẹ́ bí àwọn ọmọ tí a bí ní ilẹ̀ náà. Gbogbo àwọn ọmọkùnrin tí a kò bá kọ ní ilà, wọ́n kò ni jẹ nínú rẹ̀.
৪৮তোমাৰ লগত বাস কৰা কোনো বিদেশী লোকে যদি যিহোৱাৰ নিস্তাৰ-পৰ্ব্ব পালন কৰিব খোজে, তেন্তে তেওঁৰ পৰিয়ালৰ সকলো পুৰুষে চুন্নৎ কৰিব লাগিব। তেতিয়াহে তেওঁ আহি তাক পালন কৰিব পাৰিব। তেওঁ দেশত জন্ম হোৱা লোকৰ নিচিনা হ’ব। অৱশ্যে চুন্নৎ নোহোৱা কোনো লোকে ইয়াক ভোজন কৰিব নালাগে।”
49 Òfin yìí kan náà ni ó mú àwọn ọmọ tí a bí ni ilẹ̀ náà àti àwọn àlejò tí ń gbé ní àárín yín.”
৪৯দেশত জন্ম হোৱা লোকৰ বাবে, আৰু তোমালোকৰ মাজত বাস কৰা বিদেশী লোকৰ কাৰণেও একেটা বিধিয়েই হ’ব।
50 Gbogbo àwọn ọmọ Israẹli ṣe gẹ́gẹ́ bí Olúwa ti pàṣẹ fún Mose àti Aaroni.
৫০সেয়ে ইস্ৰায়েলৰ সকলো লোকে যিহোৱাই মোচি আৰু হাৰোণক দিয়া আজ্ঞাৰ দৰেই কৰিলে।
51 Àti pé ní ọjọ́ náà gan an ni Olúwa mú àwọn ọmọ Israẹli jáde kúrò ní ilẹ̀ Ejibiti gẹ́gẹ́ bí ìpín ìpín wọn.
৫১এইদৰে যিহোৱাই সেই দিনাই ইস্ৰায়েলৰ লোক সকলক সৈন্যৰ দলেৰে সৈতে মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে।