< Deuteronomy 8 >
1 Ẹ kíyèsi i láti máa tẹ̀lé gbogbo àṣẹ tí mo fún un yín lónìí, kí ẹ bá à le yè, kí ẹ sì pọ̀ sí i wọ ilẹ̀ náà, kí ẹ sì le gba ilẹ̀ náà, tí Olúwa fì búra ṣèlérí fún àwọn baba ńlá a yín.
১আজি মই আপোনালোকক যি আজ্ঞা দিছো, সেই সকলো আজ্ঞা আপোনালোকে মানি চলিব যাতে আপোনালোক জীয়াই থাকি সংখ্যাত বৃদ্ধি পায় আৰু যিহোৱাই আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি দেশ দিম বুলি শপত কৰিছিল, সেই দেশত প্রৱেশ কৰি অধিকাৰ কৰিব পাৰে।
2 Ẹ rántí bí Olúwa Ọlọ́run yín ti tọ́ ọ yín ṣọ́nà ní gbogbo ọ̀nà ní aginjù fún ogójì ọdún wọ̀nyí láti tẹ orí yín ba àti láti dán an yín wò kí ó ba à le mọ bí ọkàn yín ti rí, bóyá ẹ ó pa òfin rẹ̀ mọ́ tàbí bẹ́ẹ̀ kọ́.
২আপোনালোকে অৱশ্যেই মনত ৰখা উচিত, যে ঈশ্বৰ যিহোৱাই চল্লিশ বছৰলৈকে মৰুপ্রান্তৰত আপোনালোকক নেতৃত্ব দি পৰিচালিত কৰিছিল। তেওঁ আপোনালোকক নম্র কৰিবলৈ আৰু আপোনালোকে যিহোৱাৰ আজ্ঞা মানি চলিব নে নাই তাক পৰীক্ষা কৰি জানিবলৈ তেওঁ এই কার্য কৰিছিল।
3 Ó rẹ̀ yín sílẹ̀ nípa fífi ebi pa yín, Ó sì fi manna bọ́ ọ yín, èyí tí ẹ kò mọ̀, tí àwọn baba yín kò mọ̀, kí ó ba à lè kọ́ ọ yín pé, ènìyàn kò ti ipa oúnjẹ nìkan wà láààyè, bí kò ṣe ohun gbogbo tí ó jáde láti ẹnu Olúwa wá.
৩ভোকত কষ্ট দি আৰু যি মান্নাৰ কথা আপোনালোকে আৰু আপোনালোকৰ পূর্বপূৰুষসকলে জনা নাছিল তাক খোৱাই যিহোৱাই আপোনালোকক নম্র কৰিছিল। এই কার্যবোৰৰ দ্বাৰাই তেওঁ আপোনালোকক জনাব বিচাৰিছিল যে, মানুহ কেৱল পিঠাৰে নিজীয়ে, কিন্তু মানুহৰ জীৱন যিহোৱাই কোৱা বাক্যৰ দ্বাৰাইহে জীয়ে।
4 Aṣọ yín kò gbó mọ́ ọn yín lọ́rùn bẹ́ẹ̀ ní ẹsẹ̀ yín kò sì wú, ní ogójì ọdún náà.
৪এই চল্লিশ বছৰত, আপোনালোকৰ গাৰ কাপোৰ ফাটি যোৱা নাছিল আৰু আপোনালোকৰ ভৰিও ফুলা নাছিল।
5 Ẹ mọ̀ ní ọkàn an yín pé, bí baba ti ń kọ́ ọmọ rẹ̀, bẹ́ẹ̀ ni Olúwa Ọlọ́run yín ń kọ́ ọ yín.
৫এই কথা আপোনালোকে অৱশ্যেই মনত ৰখা উচিত যে বাপেকে যেনেকৈ নিজ পুতেকক শাসন কৰে, ঠিক তেনেকৈয়ে আপোনালোকৰ ঈশ্বৰ যিহোৱায়ো আপোনালোকক শাসন কৰিব।
6 Nítorí èyí, ẹ gbọdọ̀ pa òfin Olúwa Ọlọ́run yín mọ́, nípa rínrìn ní ọ̀nà rẹ̀, àti bíbẹ̀rù rẹ̀.
৬আপোনালোকে ঈশ্বৰ যিহোৱাৰ আজ্ঞা পালন কৰিব, তেওঁৰ পথত চলিব আৰু তেওঁক ভয় কৰিব।
7 Nítorí pé Olúwa Ọlọ́run yín ń mú un yín bọ̀ wá sí ilẹ̀ rere ilẹ̀ tí ó kún fún odò àti ibú omi, pẹ̀lú àwọn ìsun tí ń sàn jáde láti orí òkè àti pẹ̀tẹ́lẹ̀.
৭কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই এখন উত্তম দেশলৈ আপোনালোকক লৈ গৈছে; সেই দেশ পাহাৰ আৰু উপত্যকাৰ মাজেদি বৈ যোৱা জলৰ সোঁত আৰু জুৰি থকা দেশ; মাটিৰ তলত ওলোৱা পানীৰ ভুমুকৰ দেশ।
8 Ilẹ̀ tí ó kún fún jéró àti ọkà barle, tí ó sì kún fún àjàrà àti igi ọ̀pọ̀tọ́, igi pomegiranate, òróró olifi àti oyin.
৮সেই দেশ ঘেহুঁ ধান আৰু যৱ ধান উৎপন্ন হোৱা দেশ, আৰু দ্ৰাক্ষালতা, ডিমৰু, ডালিম গছ থকা দেশ, জিত গছ আৰু মৌ উৎপন্ন হোৱা দেশ।
9 Ilẹ̀ tí oúnjẹ kò ti wọ́n, kò sí ohun tí ẹ̀yin yóò ṣe aláìní, ilẹ̀ tí irin ti pọ̀ bí òkúta, ẹ̀yin sì lè wa idẹ jáde láti inú òkè rẹ̀ wá.
৯সেই দেশত আপোনালোকে অভাৱত নপৰাকৈ আহাৰ খাবলৈ পাব আৰু আপোনালোকৰ প্রয়োজনীয় সকলো বস্তুয়েই আপোনালোকে পাব। সেই ঠাইৰ শিলবোৰ লোহাৰ আৰু সেই ঠাইৰ পাহাৰবোৰৰ পৰা আপোনালোকে খনন কৰি তাম পাব।
10 Nígbà tí ẹ bá ti jẹ tí ẹ sì yó tán ẹ yin Olúwa Ọlọ́run yín fún pípèsè ilẹ̀ rere fún un yín.
১০আপোনালোকে তাত ভোজন কৰি তৃপ্ত হ’ব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই দিয়া উত্তম দেশৰ কাৰণে তেওঁৰ ধন্যবাদ কৰিব।
11 Ẹ ṣọ́ra kí ẹ má gbàgbé Olúwa Ọlọ́run yín, nípa kíkùnà láti pa àṣẹ rẹ̀, àwọn òfin rẹ̀, àti àwọn ìlànà rẹ̀ tí mo ń fún un yín lónìí mọ́.
১১আপোনালোক সাৱধান হ’ব; আজি মই আপোনালোকক তেওঁৰ যি সকলো আজ্ঞা, নির্দেশ আৰু শাসন-প্রণালীবোৰ দিছো, সেইবোৰ যেন অমান্য কৰি আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি নাযাব।
12 Kí ó má ba à jẹ́ pé, nígbà tí ẹ bá jẹun yó tán, tí ẹ bá kọ́ ilé tí ó dára tán, tí ẹ sí ń gbé inú rẹ̀,
১২অন্যথা, এনেকুৱা নহওঁক যে আপোনালোকে ভোজন কৰি তৃপ্ত হ’ব আৰু সুন্দৰ ঘৰ সাজি তাত বাস কৰিব।
13 nígbà tí àwọn agbo màlúù yín àti tí ewúrẹ́ ẹ yín bá pọ̀ sí i tán, tí fàdákà àti wúrà yín sì ń peléke sí i, tí ohun gbogbo tí ẹ ní sì ń pọ̀ sí i,
১৩যেতিয়া আপোনালোকৰ গৰু-ছাগলী, মেৰ-ছাগ জাকৰ বৃদ্ধি পাব, আপোনালোকৰ অধিক সোণ ৰূপ হব আৰু আপোনালোকৰ সকলো সম্পত্তি বৃদ্ধি পাব,
14 nígbà náà ni ọkàn yín yóò gbéga, tí ẹ̀yin yóò sì gbàgbé Olúwa Ọlọ́run yín, tí ó mú un yín jáde láti Ejibiti wá, nínú oko ẹrú.
১৪তেতিয়া আপোনালোকৰ হৃদয় অহংকাৰী হৈ উঠিব আৰু যি জনে আপোনালোকক মিচৰ দেশৰ বন্দীগৃহৰ পৰা উলিয়াই আনিলে আপোনালোকৰ সেই ঈশ্বৰ যিহোৱাক আপোনালোকে পাহৰি যাব।
15 Òun ni ó mú un yín la aginjù ẹlẹ́rù ńlá já, ilẹ̀ tí kò sí omi tí ó sì kún fún òǹgbẹ, pẹ̀lú àwọn ejò olóró ńlá ńlá àti àkéekèe. Ó mú omi jáde fún un yín láti inú àpáta.
১৫তেওঁ আপোনালোকক শুকান, জলহীন, বিষাক্ত সাপ আৰু কেকোঁৰাবিছা ভৰা বিশাল আৰু ভয়ানক মৰুপ্রান্তৰৰ মাজেদি যিহোৱাই আপোনালোকক লৈ আনিলে। সেই ভয়ানক মৰুপ্রান্তৰত বহুতো বিষাক্ত সাপ আৰু কেকোঁৰাবিছা আছিল। তেওঁ কঠিন শিলৰ পৰা আপোনালোকৰ কাৰণে পানী বাহিৰ কৰি উলিয়াইছিল।
16 Ó fún yín ní manna láti jẹ nínú aginjù, ohun tí àwọn baba yín kò mọ̀ rí, kí Òun bá à le tẹ orí yín ba kí ó sì lè dán an yín wò, kí ó bá à lè dára fún un yín.
১৬তেওঁ সেই মৰুভূমিত আপোনালোক মান্না খাবলৈ দিছিল - যিটো আপোনালোকৰ পূর্বপুৰুষসকলে কেতিয়াও দেখা নাছিল। যিহোৱাই আপোনালোকক পৰীক্ষা কৰিবৰ কাৰণে আৰু নম্র কৰিবৰ কাৰণে তেওঁ এইদৰে কৰিছিল যাতে শেষত আপোনালোকৰ সকলো ভাল হয়।
17 Ẹ lè rò nínú ara yín pé, “Agbára mi àti iṣẹ́ ọwọ́ mi ni ó mú ọ̀rọ̀ wọ̀nyí wá fún mi.”
১৭আপোনালোকে হয়তো মনতে ক’ব পাৰে, “মোৰ নিজৰ শক্তিত আৰু নিজৰ হাতৰ কর্মৰেহে এই ধন-সম্পত্তি পালোঁ।”
18 Ṣùgbọ́n ẹ rántí Olúwa Ọlọ́run yín tí ó fún un yín ní agbára àti lè ní àwọn ọrọ̀ wọ̀nyí, tí ó sì fi mú májẹ̀mú rẹ̀ ṣẹ tí ó ti búra fún àwọn baba ńlá a yín bí ó ti rí lónìí.
১৮কিন্তু আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সোঁৱৰণ কৰিব; কিয়নো তেওঁৱেই আপোনালোকক এই সম্পত্তি লাভ কৰিবলৈ সামর্থ কৰিলে, আৰু আপোনালোকৰ পূৰ্ব-পুৰুষসকলৰ আগত যি নিয়মৰ শপত খাই কৈছিলে, তেওঁ তাক এতিয়া পূর্ণ কৰিছে।
19 Bí ẹ bá wá gbàgbé Olúwa Ọlọ́run yín, tí ẹ sì tẹ̀lé àwọn òrìṣà mìíràn, tí ẹ sì sìn wọ́n, tí ẹ sì foríbalẹ̀ fún wọn, Mo kìlọ̀ fún un yín pé rírun ni ẹ̀yin yóò run.
১৯আপোনালোকে যদি কেতিয়াবা আপোনালোকৰ ঈশ্বৰ যিহোৱাক পাহৰি গৈ আন দেৱতাবোৰৰ পাছত চলে আৰু সেইবোৰৰ সেৱা-পূজা কৰে, তেন্তে আজি মই আপোনালোকৰ বিৰুদ্ধে এই কথা নিশ্চয় কৰি কৈছো যে, আপোনালোক ধ্বংস হৈ যাব।
20 Bí àwọn orílẹ̀-èdè tí Olúwa parun níwájú u yín, bákan náà ni ẹ ó parun, torí pé ẹ kò gbọ́rọ̀ sí Olúwa Ọlọ́run yín lẹ́nu.
২০আপোনালোকৰ সন্মুখত যিহোৱাই যি সকলো জাতিক বিনষ্ট কৰিছে, আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ বাক্য নুশুনিলে তেনেদৰেই বিনষ্ট হ’ব।