< Deuteronomy 5 >

1 Mose sì pe gbogbo Israẹli jọ, ó sì wí pé, Gbọ́ ìwọ Israẹli, gbọ́ ìlànà àti òfin tí mo mú wá sí etí ìgbọ́ ọ yín lónìí. Ẹ kọ wọ́n, kí ẹ sì ri dájú pé ẹ̀ ń ṣe wọ́n.
তেতিয়া মোচিয়ে গোটেই ইস্ৰায়েলীয়াসকলক মাতি আনি ক’লে, “হে ইস্ৰায়েল, আজি মই যি যি বিধি আৰু ব্যৱস্থা আপোনালোকক জনাম সেইবোৰ শুনক আৰু শিকি পালন কৰি সেই মতে কাৰ্য কৰিব।
2 Olúwa Ọlọ́run wa bá wa dá májẹ̀mú ní Horebu.
আমাৰ ঈশ্বৰ যিহোৱাই হোৰেবত আমাৰ লগত এটি নিয়ম কৰিলে।
3 Kì í ṣe àwọn baba wa ni Olúwa bá dá májẹ̀mú yìí bí kò ṣe àwa, àní pẹ̀lú gbogbo àwa tí a wà láààyè níbí lónìí.
যিহোৱাই আমাৰ পূর্ব–পুৰুষসকলৰ লগতে এই চুক্তি কৰা নাই, কিন্তু আজি আমি যিমান লোক জীয়াই আছোঁ, আমাৰ সকলোৰে সৈতে কৰিলে।
4 Olúwa bá a yín sọ̀rọ̀ lójúkojú láàrín iná lórí òkè.
যিহোৱাই পৰ্ব্বতত অগ্নিৰ মাজৰ পৰা আপোনালোকৰ সৈতে মুখামুখিকৈ কথা কৈছিল।
5 (Ní ìgbà yìí, mo wà láàrín ẹ̀yin pẹ̀lú Ọlọ́run láti sọ ọ̀rọ̀ Olúwa fún un yín torí pé ẹ̀rù Ọlọ́run ń bà yín, ẹ kò sì lè kọjá lọ sórí òkè.) Ó sì wí pé,
সেই সময়ত জুইৰ ভয়ত আপোনালোকে পর্বতৰ ওপৰলৈ উঠা নাছিল বাবে মই আপোনালোকৰ আৰু যিহোৱাৰ মাজত থিয় হৈ তেওঁৰ কথা আপোনালোকৰ আগত প্রকাশ কৰিছিলোঁ। তেতিয়া যিহোৱাই কৈছিল:
6 “Èmi ni Olúwa Ọlọ́run yín, tí ó mú un yín jáde láti ilẹ̀ Ejibiti, láti oko ẹrú jáde wá.
‘মই তোমালোকৰ ঈশ্বৰ যিহোৱা। মিচৰ দেশৰ দাসত্বৰ পৰা ময়েই তোমালোকক বাহিৰ কৰি আনিলো।
7 “Ìwọ kò gbọdọ̀ ní ọlọ́run mìíràn pẹ̀lú mi.
মোৰ আগত আন কোনো দেৱতা নাথাকক।
8 Ìwọ kò gbọdọ̀ ṣe ère fún ara yín, tàbí àwòrán ohun kan tí ń bẹ ní òkè ọ̀run, tàbí ti ohun kan tí ń bẹ ní ìsàlẹ̀ ilẹ̀, tàbí ti ohun kan tí ń bẹ nínú omi ní ìsàlẹ̀ ilẹ̀.
তোমালোকে নিজলৈ কোনো কটা প্ৰতিমা, ওপৰত থকা স্বৰ্গত, তলত থকা পৃথিবীত, আৰু পৃথিবীৰ তলত থকা পানীত যি যি আছে, সেইবোৰৰ আকৃতিৰে কোনো মুৰ্ত্তি নাসাজিবা।
9 Ìwọ kò gbọdọ̀ tẹ orí ara rẹ ba fún wọn, bẹ́ẹ̀ ni ìwọ kò gbọdọ̀ sìn wọ́n; nítorí Èmi Olúwa Ọlọ́run rẹ, Ọlọ́run owú ni mí, tí ń bẹ ẹ̀ṣẹ̀ àwọn baba wò lára àwọn ọmọ, láti ìran kẹta títí dé ẹ̀kẹrin nínú àwọn tí ó kórìíra mi.
সেইবোৰৰ আগত তোমালোকে প্ৰণিপাত নকৰিবা আৰু সেইবোৰৰ সেৱাপূজাও নকৰিবা; কিয়নো কেৱল মই যিহোৱা, তোমালোকৰ ঈশ্বৰ। মই নিজ মর্য্যাদা ৰখাত উদ্যোগী; যিসকলে মোক ঘিণ কৰে, তেওঁলোকৰ দুষ্টতাৰ শাস্তি মই তেওঁলোকৰ তৃতীয় আৰু চতুৰ্থ পুৰুষলৈকে দিওঁ।
10 Èmi a sì máa fi àánú hàn sí ẹgbẹẹgbẹ̀rún àwọn tí ó fẹ́ mi, tí wọ́n sì ń pa òfin mi mọ́.
১০কিন্তু মোক প্ৰেম কৰা ও মোৰ আজ্ঞা পালন কৰাসকলক মই হাজাৰ হাজাৰ পুৰুষলৈকে দয়া কৰোঁ।
11 Ẹ má ṣe ṣi orúkọ Olúwa Ọlọ́run yín lò, torí pé ẹnikẹ́ni tí o bá ṣi orúkọ rẹ̀ lò kì yóò lọ láìjẹ̀bi.
১১তোমালোকে অনর্থকৰূপে নিজ ঈশ্বৰ যিহোৱাৰ নাম নল’বা; কিয়নো যিকোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দোষী নকৰিব।
12 Rántí ọjọ́ ìsinmi láti yà á sí mímọ́, bí Olúwa Ọlọ́run yín ti pàṣẹ fún un yín.
১২তোমালোকক ঈশ্বৰ যিহোৱাই দিয়া আজ্ঞা অনুসাৰে বিশ্ৰাম-দিন পালন কৰি পবিত্ৰ কৰা।
13 Ọjọ́ mẹ́fà ni ìwọ yóò fi ṣiṣẹ́, kí ìwọ kí ó ṣe gbogbo iṣẹ́ rẹ.
১৩সপ্তাহৰ ছয়দিন পৰিশ্ৰম কৰি তোমালোকৰ সকলো কাৰ্য সম্পন্ন কৰিবা;
14 Ṣùgbọ́n ọjọ́ keje ni ọjọ́ ìsinmi Olúwa Ọlọ́run rẹ: nínú rẹ̀ ìwọ kò gbọdọ̀ ṣe iṣẹ́kíṣẹ́ kan: ìwọ, àti ọmọ rẹ ọkùnrin àti ọmọ rẹ obìnrin, ọmọ ọ̀dọ̀ rẹ ọkùnrin àti ọmọ ọ̀dọ̀ rẹ obìnrin, àti akọ màlúù rẹ, àti kẹ́tẹ́kẹ́tẹ́ rẹ, àti ohun ọ̀sìn rẹ kan, àti àlejò tí ń bẹ nínú ibodè rẹ; kí ọmọ ọ̀dọ̀ rẹ ọkùnrin àti ọmọ ọ̀dọ̀ rẹ obìnrin kí ó lè sinmi gẹ́gẹ́ bí ìwọ.
১৪কিন্তু সপ্তম দিন তোমালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক বিশ্ৰাম-দিন; সেই দিনা তোমালোকে তোমালোকৰ পো বা জী, দাস বা দাসী, আৰু গৰু বা গাধ, নাইবা আন কোনো পশু, আৰু তোমালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা বিদেশী, কোনোৱে একো কাম নকৰিবা, তোমালোকৰ দাস-দাসীয়েও যেন তোমালোকৰ নিচিনাকৈ বিশ্ৰাম পাব।
15 Sì rántí pé, ìwọ ti jẹ́ ẹrú ní Ejibiti rí, àti pé Olúwa Ọlọ́run rẹ yọ ọ́ kúrò níbẹ̀ pẹ̀lú agbára ńlá, àti nína ọwọ́ rẹ̀. Torí èyí ni Olúwa Ọlọ́run rẹ ṣe pàṣẹ fún ọ láti ya ọjọ́ ìsinmi sí mímọ́.
১৫সোঁৱৰণ কৰা, তোমালোকো মিচৰ দেশত দাস আছিলা আৰু তোমালোকৰ ঈশ্বৰ যিহোৱাই ক্ষমতাশালী হাতৰ শক্তি প্রর্দশন কৰি তাৰ পৰা তোমালোকক উলিয়াই আনিলে; এই কাৰণেই তোমালোকৰ ঈশ্বৰ যিহোৱাই তোমালোকক বিশ্ৰাম-দিন পালন কৰিবলৈ আজ্ঞা দিছে।
16 Bọ̀wọ̀ fún baba òun ìyá rẹ, bí Olúwa Ọlọ́run yín ti pàṣẹ fún ọ, kí ọjọ́ rẹ kí ó lè pẹ́, àti kí ó lè dára fún ọ ní ilẹ̀ tí Olúwa Ọlọ́run rẹ fi fún ọ.
১৬নিজ পিতৃ-মাতৃক সন্মান কৰিবা; ঈশ্বৰ যিহোৱাই তোমাক দিয়া আজ্ঞা অনুসাৰে, সেই আদেশ মানি চলিলে তোমালোকৰ আয়ুস দীঘল হ’ব আৰু তোমালোকৰ মঙ্গল হ’ব
17 Ìwọ kò gbọdọ̀ pànìyàn.
১৭তোমালোকে নৰবধ নকৰিবা।
18 Ìwọ kò gbọdọ̀ ṣe panṣágà.
১৮তোমালোকে ব্যভিচাৰ নকৰিবা।
19 Ìwọ kò gbọdọ̀ jalè.
১৯তোমালোকে চুৰ নকৰিবা।
20 Ìwọ kò gbọdọ̀ jẹ́rìí èké sí ẹnìkejì rẹ.
২০তোমালোকে ওচৰ চুবুৰীয়াৰ অহিতে মিছা সাক্ষ্য নিদিবা।
21 Ìwọ kò gbọdọ̀ ṣe ojúkòkòrò sí aya ẹnìkéjì rẹ, bẹ́ẹ̀ ni ìwọ kò gbọdọ̀ ṣe ojúkòkòrò sí ilé ẹnìkéji rẹ, oko rẹ̀, àti ọmọ ọ̀dọ̀ rẹ̀ ọkùnrin, àti ọmọ ọ̀dọ̀ rẹ̀ obìnrin, akọ màlúù rẹ̀ àti kẹ́tẹ́kẹ́tẹ́ rẹ̀, àti ohun gbogbo tí í ṣe ti ẹnìkéji rẹ.”
২১আনৰ ভার্যালৈ লোভ নকৰিবা; আন লোকৰ ঘৰ-দুৱাৰ, খেতি-বাতি, দাস-দাসী, গৰু-গাধ বা আন কোনো বস্তুলৈকে লোভ নকৰিবা।’
22 Wọ̀nyí ni àwọn àṣẹ Olúwa tí a kéde rẹ̀ sí gbogbo ìpéjọpọ̀ ọ yín, níbẹ̀ ní orí òkè, láàrín iná, ìkùùkuu àti òkùnkùn biribiri, kò sì fi ohunkóhun kún un mọ́. Ó sì kọ wọ́n sínú wàláà méjì, Ó sì fi wọ́n lé mi lọ́wọ́.
২২এইবোৰ আজ্ঞা সেই পর্বতৰ ওপৰত জুই, মেঘ আৰু ঘোৰ অন্ধকাৰৰ মাজৰ পৰা যিহোৱাই আপোনালোকৰ গোটেই সমাজৰ আগত বৰ মাতেৰে ঘোষণা কৰিছিল; ইয়াৰ বাহিৰে তেওঁ আৰু একোকে কোৱা নাছিল। পাছত তেওঁ সেইবোৰ দুখন শিলৰ ফলিত লিখি মোক দিলে।
23 Nígbà tí ẹ gbóhùn láti inú òkùnkùn wá, nígbà tí iná náà ń yọ iná lala, àwọn aṣáájú ẹ̀yà a yín àti àwọn àgbàgbà yín tọ̀ mí wá.
২৩সেইদিনা যেতিয়া পৰ্ব্বতত জুই জ্বলিছিল আৰু অন্ধকাৰৰ মাজৰ পৰা আপোনালোকে তেওঁৰ সেই কন্ঠস্বৰ শুনিবলৈ পাইছিল, তেতিয়া আপোনালোকৰ সকলো পৰিচাৰক আৰু ফৈদৰ মুখ্য লোকসকল মোৰ ওচৰলৈ আহিছিল
24 Ẹ sì sọ pé, “Olúwa Ọlọ́run wa ti fi ògo rẹ̀ hàn wá, àti títóbi rẹ̀ a sì ti gbóhùn rẹ̀ láti àárín iná wá. A ti rí i lónìí pé, ènìyàn sì lè wà láààyè lẹ́yìn tí Ọlọ́run bá bá a sọ̀rọ̀.
২৪আপোনালোকে কৈছিল, ‘আমাৰ ঈশ্বৰ যিহোৱাই আমাৰ আগত নিজৰ প্ৰতাপ আৰু মহিমা দেখুৱালে, আৰু জুইৰ মাজৰ পৰা আমি তেওঁৰ মাত শুনিলোঁ; আজি আমি জানিলোঁ যে, ঈশ্বৰে মানুহৰ লগত কথা পতাৰ পাছতো মানুহ জীয়াই থাকিব পাৰে।
25 Ṣùgbọ́n èéṣe tí àwa yóò fi kú? Iná ńlá yìí yóò jó wa run, bí àwa bá sì tún gbọ́ ohun Olúwa Ọlọ́run wa, àwa ó kú.
২৫কিন্তু এতিয়া আমি কিয় মৰিবলৈ যাম? কিয়নো এই মহান জুইয়ে আমাক গ্ৰাস কৰি পেলাব; যদি আৰু বেছি সময় আমি আমাৰ ঈশ্বৰ যিহোৱাৰ কন্ঠস্বৰ শুনো, তেন্তে আমি নিশ্চয়ে মৰিম।
26 Ta ni nínú ẹlẹ́ran ara tí ó ti gbọ́ ohun Ọlọ́run alààyè láti inú iná rí, bí àwa ti gbọ́ ọ, tí a sì wà láyé?
২৬মৰ্ত্ত্য লোকৰ মাজত এনে কোন লোক আছে যে, আমাৰ দৰে অগ্নিৰ মাজৰ পৰা কোৱা জীৱন্ত ঈশ্বৰৰ কন্ঠস্বৰ শুনাৰ পাছতো জীয়াই আছে?
27 Súnmọ́ tòsí ibẹ̀ kí o sì gbọ́ gbogbo ohun tí Olúwa Ọlọ́run wa yóò sọ, nígbà náà sọ ohunkóhun tí Olúwa Ọlọ́run wa sọ fún ọ fún wa. A ó sì fetísílẹ̀, a ó sì gbọ́rọ̀.”
২৭আপুনি, আপুনিয়েই ওচৰলৈ গৈ, আমাৰ ঈশ্বৰ যিহোৱাই কোৱা সকলো কথা শুনি আঁহক; তেওঁ আপোনাক যি যি ক’ব, সেই সকলো কথা আমাক জনায় দিব; আমি সেইবোৰ শুনি সেইদৰে চলিম।’
28 Olúwa ń gbọ́ nígbà tí ẹ̀yin ń bá mi sọ̀rọ̀, Olúwa sì sọ fún mi pé, “Mo ti gbọ́ ohun tí àwọn ènìyàn yí sọ fún ọ. Gbogbo ohun tí wọ́n sọ dára,
২৮এইবুলি যেতিয়া আপোনালোকে মোক ক’লে, তেতিয়া যিহোৱাই আপোনালোকৰ সেই কথা শুনি মোক ক’লে, ‘এই লোকসকলে তোমাক যি যি ক’লে তাক মই শুনিলোঁ। তেওঁলোকে যি কৈছে ভাল কথাই কৈছে।
29 ìbá ti dára tó, bí ọkàn wọn bá lè bẹ̀rù mi, tí ó sì ń pa gbogbo òfin mi mọ́ nígbà gbogbo, kí ó bá à lè dára fún wọn, àti àwọn ọmọ wọn láéláé.
২৯মোক ভয় কৰিবলৈ আৰু মোৰ আজ্ঞা পালন কৰাৰ এই মনোভাৱ যেন তেওঁলোকৰ সদায় থাকে; তাতে তেওঁলোক আৰু তেওঁলোকৰ সন্তান সকল চিৰকাল কুশলে থাকিব!
30 “Lọ sọ fún wọn kí wọn padà sínú àgọ́ wọn.
৩০তুমি গৈ তেওঁলোকক নিজ নিজ তম্বুলৈ উলটি যাবলৈ কোৱা।
31 Ṣùgbọ́n ìwọ túbọ̀ dúró síbí pẹ̀lú mi, kí n bá à lè fún ọ ní àwọn àṣẹ tí o gbọdọ̀ fi kọ́ wọn láti máa tẹ̀lé ní ilẹ̀ náà tí èmi ó fi fún wọn láti ní.”
৩১কিন্তু তুমি হ’লে মোৰ ওচৰত এই ঠাইতে থিয় হৈ থাকা; মই তোমাক সেই সকলো আজ্ঞা, নিয়ম আৰু ব্যৱস্থা দিম যিবোৰ তুমি তেওঁলোকক শিকাব লাগিব যাতে অধিকাৰ কৰিবলৈ যি দেশ মই তেওঁলোকক দিম, সেই দেশত তেওঁলোকে সেইবোৰ পালন কৰি চলিব।’
32 Torí èyí, ẹ ṣọ́ra láti máa ṣe ohun tí Olúwa Ọlọ́run yín tí pa ní àṣẹ fún un yín; ẹ má ṣe yà sọ́tùn ún tàbí sósì.
৩২এতেকে, আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি আজ্ঞা দিলে, আপোনালোকে যত্নেৰে সেইবোৰ পালন কৰক; তাৰ পৰা সোঁ কি বাওঁফালে নুঘূৰিব।
33 Ẹ rìn ní gbogbo ọ̀nà tí Olúwa Ọlọ́run yín ti pàṣẹ fún un yín, kí ẹ bá à le yè, kí ó sì dára fún un yín, kí ọjọ́ ọ yín bá à lè pẹ́ ní ilẹ̀ tí ẹ̀yin yóò gbà.
৩৩আপোনালোক যেন জীয়াই থাকিব পাৰে, আপোনালোকৰ যেন মঙ্গল হয়, আৰু যি দেশ আপোনালোকে অধিকাৰ কৰিব, তাত যেন অনেক কাল জীয়াই থাকিব পাৰে, সেইবাবে আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি যি পথত আপোনালোকক চলিবলৈ আজ্ঞা দিলে, সেই পথতে আপোনালোক চলিব।”

< Deuteronomy 5 >