< Deuteronomy 33 >
1 Èyí ni ìbùkún tí Mose ènìyàn Ọlọ́run bùkún fún àwọn ọmọ Israẹli kí ó tó kú.
১তাৰ পাছত ঈশ্বৰৰ লোক মোচিয়ে তেওঁৰ মৃত্যুৰ আগেয়ে ইস্ৰায়েলীয়া সন্তান সকলক আশীৰ্ব্বাদ কৰিলে।
2 Ó sì wí pé, “Olúwa ti Sinai wá, ó sì yọ sí wọn láti Seiri wá ó sì tàn án jáde láti òkè Parani wá. Ó ti ọ̀dọ̀ ẹgbẹgbàarùn-ún àwọn mímọ́ wá láti ọwọ́ ọ̀tún rẹ̀ ni òfin kan a mú bí iná ti jáde fún wọn wá.
২তেওঁ ক’লে, যিহোৱা চীনয় পৰ্ব্বতৰ পৰা আহিল, তেওঁ চেয়ীৰৰ পৰা তেওঁলোকৰ ওপৰত উদয় হ’ল; তেওঁৰ জ্যোতি পাৰণ পৰ্ব্বতৰ পৰা জিলিকি উঠিল তেওঁ অযুত অযুত পবিত্ৰসকলৰ মাজৰ পৰা আহিল। তেওঁৰ সোঁ হাতত আছিল তেওঁলোকৰ কাৰণে বিজুলীৰ চমক ভৰা ব্যৱস্থা।
3 Nítòótọ́, ó fẹ́ràn àwọn ènìyàn an rẹ̀, gbogbo àwọn ènìyàn mímọ́ wà ní ọwọ́ rẹ̀. Ní ẹsẹ̀ rẹ̀ ni wọ́n ti foríbalẹ̀, àti lọ́dọ̀ rẹ̀ ni wọ́n ti ń gba ọ̀rọ̀,
৩সঁচাই তেওঁ নিজৰ লোকসকলক প্ৰেম কৰে; তেওঁৰ সকলো পবিত্ৰ লোক তেওঁৰ হাতত আছিল; তেওঁলোক সকলো তেওঁৰ ভৰিত নত হ’ল; প্ৰতিজনে তেওঁৰ বাক্য গ্ৰহণ কৰিলে।
4 òfin tí Mose fi fún wa, ìní ti ìjọ ènìyàn Jakọbu.
৪মই, মোচিয়ে আপোনালোকক এক ব্যৱস্থাৰ আজ্ঞা দিলোঁ, এই ব্যৱস্থা যাকোবৰ বংশধৰসকলৰ বাবে এক উত্তৰাধিকাৰ।
5 Òun ni ọba lórí Jeṣuruni ní ìgbà tí olórí àwọn ènìyàn péjọpọ̀, pẹ̀lú àwọn ẹ̀yà Israẹli.
৫যেতিয়া ইস্রায়েলৰ মুখ্য লোকসকল গোট খালে, আৰু ইস্ৰায়েলৰ সকলো ফৈদ একত্রিত হ’ল, তেতিয়া যিহোৱাই আছিল যিচুৰূণৰ ৰজা।
6 “Jẹ́ kí Reubeni yè kí ó má ṣe kú, tàbí kí ènìyàn rẹ mọ níwọ̀n.”
৬ৰূবেণ জীয়াই থাকক, নমৰক; কিন্তু তেওঁৰ গোষ্ঠীৰ লোক লেখত অলপ হওক।
7 Èyí ni ohun tí ó sọ nípa Juda: “Olúwa gbọ́ ohùn Juda kí o sì mú tọ àwọn ènìyàn rẹ̀ wá. Kí ọwọ́ rẹ̀ kí ó tó fún un, kí ó sì ṣe ìrànlọ́wọ́ fún lọ́wọ́ àwọn ọ̀tá rẹ̀!”
৭যিহূদাক দিয়া আশীৰ্ব্বাদ এই: মোচিয়ে ক’লে, “হে যিহোৱা, তুমি যিহূদাৰ মাত শুনা, তেওঁৰ লোকসকলৰ মাজলৈ তেওঁক পুনৰ ঘূৰাই আনা, তোমাৰ হাতেৰে তেওঁৰ বাবে যুদ্ধ কৰা; তেওঁৰ শত্ৰুবোৰৰ বিৰুদ্ধে এক সহায় হোৱা।”
8 Ní ti Lefi ó wí pé, “Jẹ́ kí Tumimu àti Urimu rẹ kí ó wà pẹ̀lú ẹni mímọ́ rẹ. Ẹni tí ó dánwò ní Massa, ìwọ bá jà ní omi Meriba.
৮লেবীৰ বিষয়ে মোচিয়ে ক’লে, “লেবী, তোমাৰ ভক্তৰ লগত তোমাৰ তুম্মীম আৰু উৰীম আছে; মচ্ছাত তুমি যাৰ পৰীক্ষা কৰিছিলা, মিৰীবাৰ পানীৰ ওচৰত যাৰ সৈতে বিবাদ কৰিছিলা,
9 Ó wí fún baba àti ìyá rẹ pé, ‘Èmi kò buyì fún wọn.’ Kò mọ àwọn arákùnrin rẹ̀, tàbí mọ àwọn ọmọ rẹ̀, ṣùgbọ́n ó dúró lórí ọ̀rọ̀ rẹ̀, ó sì pa májẹ̀mú rẹ̀ mọ́.
৯যিজনে নিজ পিতৃ আৰু মাতৃৰ বিষয়ে ক’লে, ‘মই তেওঁলোকক দেখা নাই।’ নিজৰ ভাই-ককাইক স্বীকাৰ নকৰিলে, এনেকি নিজৰ সন্তানবোৰকে নিচিনিলে; তেওঁ তোমাৰ বাক্যক পহৰা দিছে আৰু তোমাৰ ব্যৱস্থা ৰক্ষা কৰিছে।
10 Ó kọ́ Jakọbu ní ìdájọ́ rẹ̀ àti Israẹli ní òfin rẹ̀. Ó mú tùràrí wá síwájú rẹ̀ àti ọ̀tọ̀ọ̀tọ̀ ẹbọ sísun sórí i pẹpẹ rẹ̀.
১০লেবীসকলে তোমাৰ আজ্ঞাবোৰ যাকোবক শিকায়, ব্যৱস্থাবোৰ ইস্ৰায়েলক শিকায়; তোমাৰ আগত ধূপ জ্বলায়, যজ্ঞ-বেদিৰ ওপৰত হোমবলি উৎসৰ্গ কৰে।
11 Bùsi ohun ìní rẹ̀, Olúwa, kí o sì tẹ́wọ́gbà iṣẹ́ ọwọ́ rẹ̀. Lu ẹgbẹ́ àwọn tí ó dìde sí i; àwọn tí ó kórìíra rẹ̀, kí wọn kí ó má ṣe dìde mọ́.”
১১হে যিহোৱা, তুমি তেওঁৰ তাৰ সম্পত্তিত আশীৰ্ব্বাদ কৰা, তেওঁৰ সকলো হাতৰ কাৰ্য গ্ৰহণ কৰা; তেওঁৰ বিৰুদ্ধে উঠা শত্রুবোৰৰ কঁকাল ভাঙি দিয়া; । তেওঁক ঘিণাওঁতাসকলৰ কঁকাল ভাঙি দিয়া, যাতে পুনৰ উঠিব নোৱাৰে।”
12 Ní ti Benjamini ó wí pé, “Jẹ́ kí olùfẹ́ Olúwa máa gbé ní àlàáfíà lọ́dọ̀ rẹ̀, òun a máa bò ó ní gbogbo ọjọ́, ẹni tí Olúwa fẹ́ràn yóò máa sinmi láàrín èjìká rẹ̀.”
১২বিন্যামীনৰ বিষয়ে মোচিয়ে ক’লে, “যিহোৱাই যাক প্রেম কৰে, বিন্যামীন তেওঁৰ ওচৰত নিৰ্ভয়ে থাকে; যিহোৱাই ওৰে দিনটো তেওঁক আৱৰি ৰাখে, আৰু তেওঁ যিহোৱাৰ দুই বাহুৰ মাজত বাস কৰে।”
13 Ní ti Josẹfu ó wí pé, “Kí Olúwa bùkún ilẹ̀ rẹ, fún ohun iyebíye láti ọ̀run pẹ̀lú ìrì àti ibú tí ó ń bẹ níṣàlẹ̀;
১৩যোচেফৰ বিষয়ে মোচিয়ে ক’লে, “আকাশৰ উত্তম দান আৰু নিয়ৰেৰে সৈতে, তলত ব্যাপি থকা সাগৰেৰে, যিহোৱাই যোচেফৰ দেশক আশীৰ্ব্বাদ কৰক।
14 àti fún èso iyebíye tí ọ̀run mú wá àti ti ohun iyebíye tí ń dàgbà ní oṣooṣù;
১৪সূৰ্যৰ তাপৰ উৎকৃষ্ট ফলেৰে, মাহবোৰৰ উত্তম শস্যৰে,
15 pẹ̀lú ohun pàtàkì òkè ńlá ìgbàanì àti fún ohun iyebíye ìgbà ayérayé;
১৫পুৰণি পৰ্ব্বতবোৰৰ অতি উত্তম সম্পদেৰে, চিৰকালৰ পাহাৰবোৰৰ বহুমূলীয়া বস্তুৰে,
16 Pẹ̀lú ohun iyebíye ayé àti ẹ̀kún un rẹ̀ àti fún ìfẹ́ ẹni tí ó ń gbé inú igbó. Jẹ́ kí gbogbo èyí sinmi lé orí Josẹfu, lórí àtàrí ẹni tí ó yàtọ̀ láàrín àwọn arákùnrin rẹ̀.
১৬পৃথিবীৰ উত্তম উত্তম দ্ৰব্যৰ প্রচুৰতাৰে, আৰু জ্বলন্ত জোপোহাৰ মাজত যি জনা আছিল, তেওঁৰ আনুগ্রহেৰে সৈতে - যোচেফৰ মূৰত, যিজন ভাই-ককাইসকলৰ মাজত ৰাজপুত্র আছিল, তেওঁৰ কপালত এই সকলো আশীর্বাদ পৰক।
17 Ní ọláńlá ó dàbí àkọ́bí akọ màlúù; ìwo rẹ̀, ìwo àgbáǹréré ni. Pẹ̀lú wọn ni yóò fi ti àwọn orílẹ̀-èdè, pàápàá títí dé òpin ayé. Àwọn sì ni ẹgbẹẹgbàárùn mẹ́wàá Efraimu, àwọn sì ni ẹgbẹẹgbẹ̀rún Manase.”
১৭যোচেফৰ মহিমা প্ৰথমে ওপজা এটা ষাঁড়, তেওঁৰ শিং দুটা বনৰীয়া ষাঁড়ৰ শিঙৰ দৰে; তাৰ দ্বাৰাই তেওঁ সকলো জাতিকে বিদ্ধ কৰিব, এনেকি পৃথিবীৰ অন্তলৈকে জাতিবোৰক ঠেলি নিব; এইদৰেই ইফ্ৰয়িমৰ অযুত অযুত আৰু মনচিৰ হাজাৰ হাজাৰ লোক হ’ব।
18 Ní ti Sebuluni ó wí pé, “Yọ̀ Sebuluni, ní ti ìjáde lọ rẹ, àti ìwọ Isakari, nínú àgọ́ rẹ.
১৮জবূলূনৰ বিষয়ে মোচিয়ে ক’লে, হে জবুলুন, তুমি বাহিৰলৈ যোৱা কালত আনন্দিত হোৱা, আৰু হে ইচাখৰ, তুমি নিজ তম্বুত আনন্দ কৰা।
19 Wọn yóò pe àwọn ènìyàn sórí òkè àti níbẹ̀ wọn yóò rú ẹbọ òdodo, wọn yóò mu nínú ọ̀pọ̀lọpọ̀ Òkun, nínú ìṣúra tí ó pamọ́ nínú iyanrìn.”
১৯লোকসকলক তেওঁলোকে পৰ্ব্বতলৈ মাতি পঠাব; সেই ঠাইত তেওঁলোকে যোগ্য মনোভাৱেৰে বলি উৎসৰ্গ কৰিব; তেওঁলোকে সমুদ্ৰৰ প্রচুৰ সমৃদ্ধি আৰু বালিৰ পৰা গুপুত ধন চুহিব।”
20 Ní ti Gadi ó wí pé, “Ìbùkún ni ẹni tí ó mú Gadi gbilẹ̀! Gadi ń gbé níbẹ̀ bí kìnnìún, ó sì fa apá ya, àní àtàrí.
২০গাদৰ বিষয়ে মোচিয়ে ক’লে, “যিজনাই গাদৰ ৰাজ্যৰ সীমা বঢ়াব, সেই জনা ধন্য; গাদে সিংহৰ দৰে বাস কৰে, তেওঁ বাহু, এনেকি মূৰৰ তালুকো বিদাৰে।
21 Ó sì yan ilẹ̀ tí ó dára jù fún ara rẹ̀; ìpín olórí ni a sì fi fún un. Nígbà tí ó rí tí gbogbo àwọn ènìyàn péjọ, ó mú òdodo Olúwa ṣẹ, àti ìdájọ́ rẹ̀ pẹ̀lú àwọn ọmọ Israẹli.”
২১তেওঁ নিজৰ কাৰণে উৎকৃষ্ট ভাগ মনোনীত কৰিলে, কিয়নো সেই ঠাইত নেতাৰ যোগ্য লোকৰ কাৰণে ভাগ ৰাখি থোৱা আছে; তেওঁ লোক সকলৰ মুখ্যৰ লগত আহিল। তেওঁ যিহোৱাৰ ন্যায় কাৰ্য সিদ্ধ কৰিলে, আৰু ইস্ৰায়েলৰ সৈতে যিহোৱাৰ নিয়ম পালন কৰিলে।
22 Ní ti Dani ó wí pé, “Ọmọ kìnnìún ni Dani, tí ń fò láti Baṣani wá.”
২২দানৰ বিষয়ে মোচিয়ে ক’লে, “দান বাচানৰ পৰা জাপ মাৰি অহা যুৱা সিংহ।”
23 Ní ti Naftali ó wí pé, “Ìwọ Naftali, kún fún ojúrere Ọlọ́run àti ìbùkún Olúwa; yóò jogún ìhà ìwọ̀-oòrùn àti gúúsù.”
২৩নপ্তালীৰ বিষয়ে মোচিয়ে কলে, “হে নপ্তালী, তুমি যিহোৱাৰ অনুগ্ৰহেৰে তৃপ্ত, আৰু যিহোৱাৰ আশীৰ্ব্বাদেৰে পৰিপূৰ্ণ; পশ্চিম আৰু দক্ষিণ অঞ্চল অধিকাৰ কৰা।”
24 Ní ti Aṣeri ó wí pé, “Ìbùkún ọmọ ni ti Aṣeri; jẹ́ kí ó rí ojúrere láti ọ̀dọ̀ àwọn arákùnrin rẹ̀ kí ó sì ri ẹsẹ̀ rẹ̀ sínú òróró.
২৪আচেৰৰ বিষয়ে মোচিয়ে কলে, “আন সন্তান সকলতকৈ আচেৰে অধিক আশীৰ্ব্বাদ পাওক; তেওঁ যেন নিজৰ ভাই-ককাইসকলৰ প্রিয় হয়, তেওঁৰ ভৰি দুখন যেন জলফাইৰ তেলত ডুবি থাকে।
25 Bàtà rẹ̀ yóò jẹ́ irin àti idẹ, agbára rẹ̀ yóò sì rí bí ọjọ́ rẹ̀.
২৫তোমাৰ নগৰৰ ডাংবোৰ লোহা বা পিতলৰ হ’ব; যিমানদিন তোমাৰ আয়ুস থাকিব, সিমানদিন তোমাৰ শক্তি থাকিব।”
26 “Kò sí ẹlòmíràn bí Ọlọ́run Jeṣuruni, ẹni tí ń gun ọ̀run fún ìrànlọ́wọ́ rẹ àti ní ojú ọ̀run nínú ọláńlá rẹ̀.
২৬মোচিয়ে ক’লে, “হে যিচুৰূণ, ঈশ্বৰৰ তুল্য কোনো নাই; তোমালোকৰ সহায়ৰ কাৰণে তেওঁ নিজ গৌৰৱেৰে মেঘৰথত উঠি আকাশ পথত অহা যোৱা কৰে।
27 Ọlọ́run ayérayé ni ibi ìsádi rẹ, àti ní ìsàlẹ̀ ni apá ayérayé wà. Yóò lé àwọn ọ̀tá rẹ níwájú rẹ, ó sì wí pé, ‘Ẹ máa parun!’
২৭যিজন অনাদিকালৰ ঈশ্বৰ তেৱেঁই নিজৰ লোকসকলৰ আশ্রয়, অধোদেশত তেওঁ চিৰস্থায়ী বাহুৰে ধৰি ৰাখে; তেওঁ তোমালোকৰ সন্মুখৰ পৰা শত্ৰুবোৰক দূৰ কৰিব, তেওঁ ক’ব, ‘এওঁলোকক ধ্বংস কৰা!’
28 Israẹli nìkan yóò jókòó ní àlàáfíà, orísun Jakọbu nìkan ní ilẹ̀ ọkà àti ti ọtí wáìnì, níbi tí ọ̀run ti ń sẹ ìrì sílẹ̀.
২৮ইস্ৰায়েল জাতিয়ে নিৰ্ভয়েৰে বাস কৰিব; যাকোবৰ ভুমুক শস্য আৰু নতুন দ্রাক্ষাৰসৰ দেশত নিৰাপদ হ’ব; তেওঁৰ ওপৰত আকাশৰ নিয়ৰ টোপা টোপে পৰক।
29 Ìbùkún ni fún ọ, Israẹli, ta ni ó dàbí rẹ, ẹni tí a gbàlà láti ọ̀dọ̀ Olúwa? Òun ni asà àti ìrànwọ́ rẹ̀ àti idà ọláńlá rẹ̀. Àwọn ọ̀tá rẹ yóò tẹríba fún ọ, ìwọ yóò sì tẹ ibi gíga wọn mọ́lẹ̀.”
২৯হে ইস্ৰায়েল, তুমি ধন্য; যিহোৱাৰ দ্বাৰাই নিস্তাৰ পোৱা জাতি যি তোমালোক, তোমালোকৰ সদৃশ কোন আছে? তেওঁ তোমালোকৰ সাহার্যকাৰী ঢাল, তোমালোকৰ গৌৰৱৰ তৰোৱাল; শত্ৰুবোৰ তোমালোকৰ ওচৰলৈ কম্পমান হৈ আহিব; তোমালোকে ওখ ঠাইবোৰত ভৰি দিবা।”