< Deuteronomy 32 >

1 Fetísílẹ̀, ẹ̀yin ọ̀run, èmi yóò sọ̀rọ̀; ẹ gbọ́, ìwọ ayé, ọ̀rọ̀ ẹnu mi.
হে আকাশ-মণ্ডল, মোৰ কথালৈ কাণ পাতা; হে পৃথিৱী, মোৰ মুখৰ কথা শুনা।
2 Jẹ́ kí ẹ̀kọ́ ọ̀ mi máa rọ̀ bí òjò, kí àwọn ọ̀rọ̀ mi máa sọ̀kalẹ̀ bí ìrì, bí òjò wíníwíní sára ewéko tuntun, bí ọ̀wààrà òjò sára ohun ọ̀gbìn.
মোৰ উপদেশ বৰষুণৰ দৰে টোপা-টোপে পৰক, মোৰ কথা নিয়ৰৰ দৰে নামি আহক; সেয়ে কোমল তৃণৰ ওপৰত লাহে লাহে পৰা বৰষুণৰ নিচিনা, গছ-গছনিৰ ওপৰত জাক জাক বৰষুণৰ নিচিনাকৈ পৰক।
3 Èmi yóò kókìkí orúkọ Olúwa. Ẹyin títóbi Ọlọ́run wa!
কিয়নো মই যিহোৱাৰ নাম ঘোষণা কৰিম; তোমালোকে আমাৰ যিহোৱাৰ মহিমা প্রশংসা কৰা,
4 Òun ni àpáta, iṣẹ́ ẹ rẹ̀ jẹ́ pípé, gbogbo ọ̀nà an rẹ̀ jẹ́ òdodo. Ọlọ́run olóòtítọ́ tí kò ṣe àṣìṣe kan, Ó dúró ṣinṣin, òdodo àti òtítọ́ ni òun.
তেওঁ আশ্রয় শিলা, তেওঁৰ কার্য নিখুঁত, তেওঁৰ সকলো পথ ন্যায়, তেওঁ বিশ্বস্ত ঈশ্বৰ, তেওঁ কোনো অন্যায় নকৰে; তেওঁ ন্যায়বান আৰু সৎ।
5 Wọ́n ti ṣe iṣẹ́ ìbàjẹ́ sọ́dọ̀ ọ rẹ̀; fún ìtìjú u wọn, wọn kì í ṣe ọmọ rẹ̀ mọ́, ṣùgbọ́n ìran tí ó yí sí apá kan tí ó sì dorí kodò.
তেওঁৰ লোকে তেওঁৰ বিৰুদ্ধে অশিষ্টাচৰণ ব্যৱহাৰ কৰিছে; তেওঁলোকৰ পাপৰ কাৰণে তেওঁলোক তেওঁৰ সন্তান নহয়, তেওঁলোক এক বিপথগামী আৰু কুটিল বংশ।
6 Ṣé báyìí ni ẹ̀yin yóò ṣe san an fún Olúwa, ẹ̀yin aṣiwèrè àti aláìgbọ́n ènìyàn? Ǹjẹ́ òun kọ́ ni baba yín, Ẹlẹ́dàá yín, tí ó dá a yín tí ó sì mọ yín?
হে অবুজ, বুদ্ধিহীন জাতি, এইৰূপেই তোমালোকে যিহোৱাৰ পৰিশোধ কৰানে? তেওঁ জানো তোমালোকৰ পিতৃ আৰু স্রজনকর্তা নহয়? তেৱেঁই তোমালোকক স্ৰজন কৰি জাতিৰূপে স্থাপন কৰিলে।
7 Rántí ìgbà láéláé; wádìí àwọn ìran tí ó ti kọjá. Béèrè lọ́wọ́ baba à rẹ yóò sì sọ fún ọ, àwọn àgbàgbà rẹ, wọn yóò sì ṣàlàyé fún ọ.
সেই পুৰণি দিনবোৰৰ কথা সোঁৱৰা, অনেক পুৰুষৰ আগৰ বর্ষবোৰৰ বিষয়ে ভাৱা, সেই সকলো দিনৰ কথা তোমালোকৰ পিতৃক সোধা, তেওঁলোকে তোমালোকক জনাব; বৃদ্ধসকলক সোধা, তেওঁলোকে তোমালোকক ক’ব।
8 Nígbà tí Ọ̀gá-ògo fi ogún àwọn orílẹ̀-èdè fún wọn, nígbà tí ó pín onírúurú ènìyàn, ó sì gbé ààlà kalẹ̀ fún àwọn ènìyàn gẹ́gẹ́ bí iye ọmọkùnrin Israẹli.
সৰ্ব্বোপৰি ঈশ্বৰে যেতিয়া জাতিবোৰক নিজৰ আধিপত্য ভাগ কৰি দিলে, মনুষ্যক বিভিন্ন জাতিত ভাগ কৰিলে, তেতিয়া ইস্ৰায়েল জাতিৰ লোকসংখ্যা অনুসাৰে তেওঁ জাতিবোৰৰ সীমা স্থিৰ কৰিলে।
9 Nítorí ìpín Olúwa ni àwọn ènìyàn an rẹ̀, Jakọbu ni ìpín ìní i rẹ̀.
কিয়নো যিহোৱাৰ অংশই হৈছে তেওঁৰ লোকসকল, যাকোবৰ বংশই হ’ল তেওঁৰ অধিকাৰৰ অংশ।
10 Ní aginjù ni ó ti rí i, ní aginjù níbi tí ẹranko kò sí. Ó yíká, ó sì tọ́jú rẹ̀, ó pa á mọ́ bí ẹyin ojú u rẹ̀.
১০তেওঁ তেওঁক এক মৰুভূমিত পালে, আর্তনাদ ভৰা জয়াল মৰুভুমিত পালে। তেওঁ তেওঁক আৱৰি ৰাখিলে, যতন কৰিলে, তেওঁ নিজৰ চকুৰ মণিৰ দৰেই তেওঁক পহৰা দি ৰাখিলে,
11 Bí idì ti í ru ìtẹ́ rẹ̀ ti ó sì ń rábàbà sórí ọmọ rẹ̀, tí ó na ìyẹ́ apá rẹ̀ láti gbé wọn ki ó sì gbé wọn sórí ìyẹ́ apá rẹ̀.
১১যেনেকৈ ঈগল চৰায়ে নিজৰ বাঁহক পহৰা দিয়ে; যেনেকৈ পোৱালীয়ে উৰিবলৈ ঈগলে সঘনে বাঁহ লৰাই দিয়ে আৰু তাৰ ওপৰত উৰি ফুৰে, যেনেকৈ সিহঁতক ওপৰলৈ তুলি নিবলৈ নিজৰ ডেউকা মেলি দিয়ে, আৰু নিজৰ ডেউকাৰ ওপৰত সিহঁতক বৈ নিয়ে,
12 Olúwa ṣamọ̀nà; kò sì sí ọlọ́run àjèjì pẹ̀lú rẹ̀.
১২তেনেকৈ যিহোৱাই অকলেই যাকোবক চলাই লৈ ফুৰিলে; তেওঁৰ লগত আন কোনো বিদেশী দেৱতা নাছিল।
13 Ó mú gun ibi gíga ayé ó sì fi èso oko bọ́ ọ. Ó sì jẹ́ kí ó mú oyin láti inú àpáta wá, àti òróró láti inú akọ òkúta wá.
১৩পৃথিবীৰ পার্বত্য ঠাইৰ ওপৰত তেওঁ যাকোবক ৰাখিলে, খেতিত উৎপন্ন হোৱা শস্য খাবলৈ দিলে; শিলনিৰ পৰা মধু আৰু শিলাময় দুৰাৰোহ পাহাৰৰ পৰা তেল দি পৰিপুষ্ট কৰিলে।
14 Pẹ̀lú u wàràǹkàṣì àti wàrà àgùntàn àti ti àgbò ẹran àti pẹ̀lú ọ̀rá ọ̀dọ́-àgùntàn àti ewúrẹ́, pẹ̀lú àgbò irú u ti Baṣani tí ó sì mu ẹ̀jẹ̀ èso àjàrà, àní àti wáìnì.
১৪গৰু গাখীৰৰ পৰা উৎপন্ন হোৱা মাখন আৰু মেৰ-ছাগপালৰ পৰা গাখীৰ দিলে। চর্বিযুক্ত মেৰপোৱালিৰ আৰু বাচান দেশীয় মতা মেৰ, মতা ছাগলী আৰু উত্তম ঘেঁহুধানৰ আটা তেওঁক দিলে; হে ইস্রায়েল, তোমালোকে আঙুৰৰ পৰা তৈয়াৰী বুৰবুৰণি উঠা উত্তম দ্ৰাক্ষাৰস পান কৰিলা।
15 Jeṣuruni sanra tán ó sì tàpá; ìwọ sanra tán, ìwọ ki tan, ọ̀rá sì bò ọ́ tán. O kọ Ọlọ́run tí ó dá ọ o sì kọ àpáta ìgbàlà rẹ.
১৫যাকোবে হৃষ্ট-পুষ্ট হৈ খালে; কিন্তু যিচুৰূণৰ চর্বি বাঢ়িল আৰু লাথ মাৰিলে; হে যিচুৰূণ, তুমি মেদযুক্ত, স্থূলকায় আৰু মসৃণ হ’লা; তাৰ পাছত তেওঁ নিজৰ সৃষ্টিকৰ্ত্তা ঈশ্বৰক ত্যাগ কৰিলে, আৰু নিজৰ পৰিত্ৰাণৰ শিলাক অগ্রাহ্য কৰিলে।
16 Wọ́n sì fi òrìṣà mú un jowú, ohun ìríra ni wọ́n fi mú un bínú.
১৬তেওঁলোকে অন্য দেৱতালৈ কৰা সেৱা-পূজাই যিহোৱাক ঈর্ষান্বিত কৰিলে; ঘিণ লগীয়া বিষয়বোৰে তেওঁক ক্রুদ্ধ কৰিলে।
17 Wọ́n rú ẹbọ sí iwin búburú, tí kì í ṣe Ọlọ́run, ọlọ́run tí wọn kò mọ̀ rí, ọlọ́run tí ó ṣẹ̀ṣẹ̀ farahàn láìpẹ́, ọlọ́run tí àwọn baba yín kò bẹ̀rù.
১৭ভূতবোৰৰ উদ্দেশ্যে তেওঁলোকে বলি উৎসর্গ কৰিলে, ঈশ্বৰলৈ নহয়; যি দেৱতাবোৰক তেওঁলোকে কেতিয়াও নাজানিছিল, সেই নতুন দেৱতাবোৰ সম্প্রতি আহি পৰিল, যি দেৱতাবোৰক তোমালোকৰ পূর্ব-পুৰুষসকলেও ভয় নকৰিছিল,
18 Ìwọ kò rántí àpáta, tí ó bí ọ; o sì gbàgbé Ọlọ́run tí ó dá ọ.
১৮যি ঈশ্বৰে তোমালোকক জন্ম দিলে তোমালোকৰ পিতৃ হ’ল, তোমালোকে সেই শিলাক অগ্রাহ্য কৰিলা, তোমালোকৰ জন্মদাতা ঈশ্বৰক তোমালোকে পাহৰিলা;
19 Olúwa sì rí èyí ó sì kọ̀ wọ́n, nítorí tí ó ti bínú nítorí ìwà ìmúnibínú àwọn ọmọkùnrin àti ọmọbìnrin rẹ.
১৯যিহোৱাই এই সকলো দেখি ঈর্ষান্বিত হ’ল; তেওঁ নিজৰ পুত্র-কন্যাক অগ্রাহ্য কৰিলে।
20 Ó sì wí pé, “Èmi yóò pa ojú mi mọ́ kúrò lára wọn, èmi yóò sì wò ó bí ìgbẹ̀yìn in wọn yóò ti rí; nítorí wọ́n jẹ́ ìran alágídí, àwọn ọmọ tí kò sí ìgbàgbọ́ nínú wọn.
২০তেওঁ ক’লে, “মই তেওঁলোকৰ পৰা মোৰ মুখ লুকুৱাম। তেওঁলোকৰ শেষ দশা কি হ’ব, মই তাক চাম; কিয়নো তেওঁলোক একেবাৰে বিপথে চলা বংশ, অবিশ্বাসী সন্তান।
21 Wọ́n fi mí jowú nípa ohun tí kì í ṣe Ọlọ́run, wọ́n sì fi ohun asán an wọn mú mi bínú. Èmi yóò mú wọn kún fún ìlara láti ọ̀dọ̀ àwọn tí kì í ṣe ènìyàn; èmi yóò sì mú wọn bínú láti ọ̀dọ̀ aṣiwèrè orílẹ̀-èdè.
২১যি ঈশ্বৰ নহয়, তাৰ সেৱা-পূজাৰ দ্বাৰাই তেওঁলোকে মোক ঈর্ষান্বিত কৰিলে, তেওঁলোকৰ অসাৰ মূর্তিবোৰৰ দ্বাৰাই মোৰ ক্রোধ জন্মালে; এই হেতুকে মই তেওঁলোকক এক জাতি নোহোৱা লোকসকলৰ দ্বাৰা ঈর্ষা জন্মাম; এক নির্বোধ জাতিৰ দ্বাৰাই মই তেওঁলোকক কুপিত কৰিম।
22 Nítorí pé iná kan ràn nínú ìbínú mi, yóò sì jó dé ipò ikú ní ìsàlẹ̀. Yóò sì run ayé àti ìkórè e rẹ̀ yóò sì tiná bọ ìpìlẹ̀ àwọn òkè ńlá. (Sheol h7585)
২২কিয়নো মোৰ ক্ৰোধত এক অগ্নি প্ৰজ্বলিত হৈছে, চিয়োলৰ গভীৰতালৈকে পুৰিছে, ই পৃথিৱী আৰু তাৰ উৎপাদিত বস্তু গ্ৰাস কৰিছে, পৰ্ব্বতৰ ভিত্তিমূলবোৰ জ্বলাইছে। (Sheol h7585)
23 “Èmi yóò kó àwọn ohun búburú lé wọn lórí èmi ó sì na ọfà mi tán sí wọn lára.
২৩মই তেওঁলোকৰ ওপৰত দুর্যোগৰ স্তূপ গঢ়িম; তেওঁলোকৰ অহিতে মোৰ কাঁড়বোৰ এৰিম:
24 Èmi yóò mú wọn gbẹ, ooru gbígbóná àti ìparun kíkorò ni a ó fi run wọ́n. Pẹ̀lú oró ohun tí ń rákò nínú erùpẹ̀.
২৪দেহ শুকাই যোৱা দুর্ভিক্ষ, প্রচণ্ড বিনাশকাৰী, কষ্টদায়ক মহামাৰী। তেওঁলোকৰ অহিতে মই মাটিত বগাই ফুৰা জীৱৰ বিষপূর্ণ হিংস্র পশুবোৰৰ দাঁত পঠাম।
25 Idà ní òde, àti ẹ̀rù nínú ìyẹ̀wù, ni yóò run ọmọkùnrin àti wúńdíá. Ọmọ ẹnu ọmú àti arúgbó eléwú irun pẹ̀lú.
২৫বাটত তৰোৱালে মাৰিব, ভিতৰ-কোঠালিত আতঙ্কত মৰিব। যুৱক আৰু কুমাৰীসকলক, পিয়াহ খোৱা কেঁচুৱা আৰু পকামুৰীয়া বৃদ্ধক একেভাৱে বিনষ্ট কৰিব।
26 Mo ní èmi yóò tú wọn ká èmi yóò sì mú ìrántí i wọn dà kúrò nínú àwọn ènìyàn,
২৬মই ক’লো যে মই তেওঁলোকক সিচঁৰতি কৰিম, আৰু মনুষ্যৰ মনৰ পৰা তেওঁলোকৰ স্মৃতি মচি পেলাম।
27 nítorí bí mo ti bẹ̀rù ìbínú ọ̀tá, kí àwọn ọ̀tá a wọn kí ó má ba à wí pé, ‘Ọwọ́ wa lékè ni; kì í sì í ṣe Olúwa ni ó ṣe gbogbo èyí.’”
২৭কিন্তু মই তেওঁলোকৰ শত্ৰুবোৰৰ ক্রোধাগ্নিলৈ ভয় কৰিলোঁ, কিয়নো তেওঁলোকৰ শত্রুপক্ষই ভুল বুজি কব পাৰে যে, ‘আমাৰ হাতেৰেই বিজয়ী হ’লো; এই সকলো কৰাজন যিহোৱা নহয়।’
28 Wọ́n jẹ́ orílẹ̀-èdè tí kò ní ìmọ̀, bẹ́ẹ̀ ni kò sí òye nínú wọn.
২৮তেওঁলোক এক বিবেকহীন জাতি; তেওঁলোকৰ বিচাৰ-বুদ্ধি বুলি একো নাই।
29 Bí ó ṣe pé wọ́n gbọ́n, kí òye yìí sì yé wọn kí wọn ro bí ìgbẹ̀yìn wọn yóò ti rí!
২৯তেওঁলোক জ্ঞানী হোৱা হ’লে, এই কথা বুজিলেহেঁতেন; শেষ দশা কি হ’ব তেওঁলোকে বিবেচনা কৰিলেহেঁতেন।
30 Báwo ni ẹnìkan ṣe lè lé ẹgbẹ̀rún, tàbí tí ẹni méjì sì lè lé ẹgbẹ̀rún mẹ́wàá sá, bí kò ṣe pé àpáta wọn ti tà wọ́n, bí kò ṣe pé Olúwa wọn ti fi wọ́n tọrẹ?
৩০এজনে কেনেকৈ এহেজাৰজনক ছত্রভঙ্গ কৰিব পাৰে, আৰু দুজনে দশ সহস্রজনক খেদাব পাৰে? যদিহে তেওঁলোকৰ শিলাই তেওঁলোকক শত্রুৰ হাতত বেচি নিদিয়ে, যদিহে যিহোৱাই তেওঁলোকক শত্রুৰ হাতত তুলি নিদিয়ে।
31 Nítorí pé àpáta wọn kò dàbí àpáta wa, àní àwọn ọ̀tá wa tìkára wọn ń ṣe onídàájọ́.
৩১শত্রুৰ শিলা আমাৰ শিলাৰ নিচিনা নহয়; আমাৰ শত্ৰুবোৰেও এইদৰে স্বীকাৰ কৰে।
32 Igi àjàrà a wọn wá láti igi àjàrà Sodomu àti ti ìgbẹ́ ẹ Gomorra. Èso àjàrà wọn kún fún oró, ìdì wọn korò.
৩২সিহঁতৰ দ্ৰাক্ষালতা চদোমৰ দ্রাক্ষাকুণ্ডৰ পৰা, আৰু ঘমোৰাৰ দ্রাক্ষাবাৰীৰ পৰা অহা; সিহঁতৰ আঙুৰবোৰ বিহযুক্ত আঙুৰ; সিহঁতৰ থোকবোৰ তিতা;
33 Ọtí wáìnì wọn ìwọ ti dragoni ni, àti oró mímú ti ejò paramọ́lẹ̀.
৩৩সিহঁতৰ দ্ৰাক্ষাৰস সাপৰ বিষ, ফেঁটি সাপৰ ভয়ানক বিষ
34 “Èmi kò to èyí jọ ní ìpamọ́ èmi kò sì fi èdìdì dì í ní ìṣúra mi?
৩৪এই কথা মই জানো সাঁচি ৰখা নাই? মোৰ ভঁড়ালত জানো মোহৰ মাৰি থোৱা নাই?
35 Ti èmi ni láti gbẹ̀san. Èmi yóò san án fún wọn ní àkókò tí ẹ̀ṣẹ̀ wọn yóò yọ; ọjọ́ ìdààmú wọn súnmọ́ etílé ohun tí ó sì ń bọ̀ wá bá wọn yára bọ̀.”
৩৫সিহঁতৰ ভৰি পিছল খোৱা সময়ত প্ৰতিকাৰ সধা আৰু প্ৰতিফল দিয়া মোৰহে কাৰ্য; কিয়নো সিহঁতৰ ক্লেশৰ কাল ওচৰ চাপিছে, আৰু সিহঁতলৈ ঘটিবলগীয়া সৰ্বনাশ শীঘ্ৰে ঘটিব।
36 Olúwa yóò ṣe ìdájọ́ àwọn ènìyàn an rẹ̀ yóò sì ṣàánú fún àwọn ìránṣẹ́ ẹ rẹ̀ nígbà tí ó bá rí i pé agbára wọn lọ tán tí kò sì sí ẹnìkan tí ó kù, ẹrú tàbí ọmọ.
৩৬যিহোৱাই যেতিয়া দেখিব যে, তেওঁৰ লোকসকলৰ শক্তি নোহোৱা হৈছে, বন্দী কি স্বাধীন কাৰো শক্তি নোহোৱা হৈছে, তেতিয়া অৱশ্যেই যিহোৱাই তেওঁৰ লোকসকলৰ পক্ষ লব, তেওঁৰ দাসবোৰক কৃপা কৰিব।
37 Yóò wí pé, “Òrìṣà wọn dà báyìí, àpáta tí wọ́n fi ṣe ìgbẹ́kẹ̀lé e wọn,
৩৭তেওঁ তেতিয়া ক’ব, “তেওঁলোকৰ দেৱতাবোৰ ক’ত আছে? ক’ত আছে তেওঁলোকৰ সেই শিল যিহত তেওঁলোকে আশ্রয় লৈছিল?
38 ọlọ́run tí ó jẹ ọ̀rá ẹran ẹbọ wọn tí ó ti mu ọtí i wáìnì ẹbọ ohun mímu wọn? Jẹ́ kí wọn dìde láti gbà wọ́n! Jẹ́ kí wọn ṣe ààbò fún un yín!
৩৮তেওঁলোকৰ বলিবোৰৰ মেদযুক্ত আহাৰ কোনে ভোজন কৰিছিল, আৰু পেয় নৈবেদ্যৰ দ্ৰাক্ষাৰস কোনে পান কৰিছিল? এতিয়া সেইবোৰেই উঠি তোমালোকক সহায় কৰক; সেইবোৰেই তোমালোকৰ আশ্ৰয় হওঁক!
39 “Wò ó báyìí pé, Èmi fúnra à mi, Èmi ni! Kò sí ọlọ́run mìíràn lẹ́yìn mi. Mo sọ di kíkú mo sì tún sọ di ààyè. Mo ti ṣá lọ́gbẹ́ Èmi yóò sì mu jiná, kò sí ẹni tí ó lè gbà kúrò lọ́wọ́ ọ̀ mi.
৩৯এতিয়া তোমালোকে ভাবি চোৱা, মই ময়েই, ময়েই তেওঁ; মোৰ বাহিৰে আন কোনো দেৱতা নাই; মইয়ে মাৰো, আৰু ময়েই জীয়াও; মইয়ে ঘা লগাওঁ আৰু ময়েই সুস্থ কৰোঁ; মোৰ হাতৰ পৰা উদ্ধাৰ কৰোঁতা কোনো নাই।
40 Mo gbé ọwọ́ mi sókè ọ̀run mo sì wí pé, Èmi ti wà láààyè títí láé,
৪০কিয়নো মই আকাশলৈ হাত দাঙি শপত খাই ক’লো, মোৰ চিৰস্থায়ী জীৱনৰ শপত,
41 nígbà tí mo bá pọ́n idà dídán mi àti tí mo bá sì fi ọwọ́ mi lé ìdájọ́, Èmi yóò san ẹ̀san fún àwọn ọ̀tá mi Èmi ó sì san fún àwọn tí ó kórìíra à mi.
৪১যেতিয়া মোৰ জিলিকি থকা তৰোৱালত ধাৰ দিওঁ, ন্যায় বিচাৰ কৰিবলৈ মোৰ হাতেৰে তাক ধৰোঁ, তেতিয়া মই মোৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিম, আৰু মোক ঘিণাওঁতা সকলক প্ৰতিফল দিম।
42 Èmi yóò mú ọfà mu ẹ̀jẹ̀, nígbà tí idà mi bá jẹ ẹran: ẹ̀jẹ̀ ẹni pípa àti ẹni ìgbèkùn, láti orí àwọn aṣáájú ọ̀tá.”
৪২হত হোৱা লোক আৰু বন্দীসকলৰ তেজেৰে সৈতে মোৰ কাঁড়বোৰক মই তেজ পান কৰাই মতলীয়া কৰিম, মোৰ তৰোৱালে মঙহ খাব, দীঘলচুলি থকা শত্রুৰ মূৰৰ মঙহ খাব।
43 Ẹ yọ̀ ẹ̀yin orílẹ̀-èdè, pẹ̀lú àwọn ènìyàn rẹ̀ nítorí òun yóò gbẹ̀san ẹ̀jẹ̀ àwọn ìránṣẹ́ ẹ rẹ̀; yóò sì gbẹ̀san lára àwọn ọ̀tá a rẹ̀ yóò sì ṣe ètùtù fún ilẹ̀ àti ènìyàn rẹ̀.
৪৩হে আকাশ মণ্ডল, আনন্দিত হোৱা, হে সকলো জাতিৰ লোকসকল, তোমালোকে যিহোৱাৰ লোকসকলৰ সৈতে প্রশংসা কৰা, তেওঁৰ আৰাধনা কৰা কিয়নো তেওঁ নিজ সন্তানবোৰৰ ৰক্তপাতৰ প্ৰতিকাৰ সাধিব, তেওঁৰ শত্ৰুবোৰক প্ৰতিফল দিব; তেওঁক ঘিণাওঁতা সকলক প্রতিফল দি নিজৰ লোকসকলৰ অর্থে ভূমি শুচি কৰিব।”
44 Mose sì wá ó sì sọ gbogbo ọ̀rọ̀ òfin yìí ní etí àwọn ènìyàn náà, òun, àti Hosea ọmọ Nuni.
৪৪এইদৰে মোচি আৰু নুনৰ পুত্ৰ যিহোচূৱাই গৈ এই গীতৰ সকলো কথা লোকসকলক শুনালে।
45 Nígbà tí Mose parí i kíka gbogbo ọ̀rọ̀ wọ̀nyí sí Israẹli.
৪৫ইস্ৰায়েলীয়া লোকসকলৰ আগত মোচিয়ে যেতিয়া এই গীতবোৰ গাই শেষ কৰিলে,
46 Ó sọ fún un pé, “Ẹ gbé ọkàn an yín lé gbogbo ọ̀rọ̀ tí mo ti sọ láàrín yín lónìí, kí ẹ̀yin lè pàṣẹ fún àwọn ọmọ yín láti gbọ́rọ̀ àti láti ṣe gbogbo ọ̀rọ̀ inú òfin yìí.
৪৬তেতিয়া তেওঁ তেওঁলোকক ক’লে, “যি সকলো কথা আপোনালোকৰ বিৰুদ্ধে সাক্ষ্যস্বৰূপে আজি মই আপোনালোকক ক’লো, তাক আপোনালোকে মনত গাঠি ৰাখক যাতে এই নিয়মৰ সকলো কথা যত্নেৰে সৈতে পালন কৰিবৰ কাৰণে আপোনালোকৰ সন্তান সকলক আজ্ঞা দিব পাৰে।
47 Wọn kì í ṣe ọ̀rọ̀ asán fún ọ, ìyè e yín ni wọ́n. Nípa wọn ni ẹ̀yin yóò gbé pẹ́ lórí ilẹ̀ tí ẹ̀yin ń gòkè e Jordani lọ láti gbà.”
৪৭কিয়নো আপোনালোকৰ কাৰণে ই সাধাৰণ কথা নহয়; বৰঞ্চ জীৱনৰহে কথা; কাৰণ ইয়াতেই আপোনালোকৰ জীৱন আছে, আৰু আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ যৰ্দ্দন পাৰ হৈ যাব, সেই দেশত ইয়াৰ দ্বাৰাই আপোনালোক দীর্ঘায়ু হ’ব পাৰে।”
48 Ní ọjọ́ kan náà, Olúwa sọ fún Mose pé,
৪৮সেইদিনাখনেই যিহোৱাই মোচিক ক’লে,
49 “Gòkè lọ sí Abarimu sí òkè Nebo ní Moabu, tí ó kọjú sí Jeriko, kí o sì wo ilẹ̀ Kenaani, ilẹ̀ tí mo ń fi fún àwọn ọmọ Israẹli, bí ìní i wọn.
৪৯“তুমি যিৰীহোৰ বিপৰীতে মোৱাব দেশত থকা সেই অবাৰীম পৰ্ব্বতমালাৰ নবো পাহাৰৰ ওপৰলৈ উঠি যোৱা আৰু ইস্ৰায়েলীয়াসকলক অধিকাৰৰ অৰ্থে মই যি দেশ দিবলৈ গৈ আছোঁ, সেই কনান দেশ চোৱাগৈ।
50 Ní orí òkè tí ìwọ ń gùn lọ ìwọ yóò kùú níbẹ̀, kí a sì sin ọ́ pẹ̀lú àwọn ènìyàn rẹ, gẹ́gẹ́ bí arákùnrin in rẹ Aaroni ti kú ní orí òkè Hori tí a sì sin ín pẹ̀lú àwọn ènìyàn an rẹ̀.
৫০যেনেকৈ তোমাৰ ককায়েৰা হাৰোণৰ মৃত্যু হোৰ পাহাৰত হৈছিল আৰু তেওঁ নিজৰ পূর্বপুৰুষসকলৰ ওচৰলৈ গৈছিল, তেনেকৈ তোমাৰ মৃত্যু সেই পাহাৰৰ ওপৰতে হ’ব আৰু তুমিও পূর্বপুৰুষসকলৰ ওচৰলৈ গুচি যাবা।
51 Ìdí ni pé ẹ̀yin méjèèjì ṣẹ̀ sí mi láàrín àwọn ọmọ Israẹli ní ibi omi Meriba Kadeṣi ní aginjù Sini àti nítorí ẹ̀yin kò yà mí sí mímọ́ láàrín àwọn ọmọ Israẹli.
৫১কিয়নো ছিন মৰুভূমিত কাদেচৰ মিৰীবা পানীৰ ওচৰত ইস্ৰায়েলীয়া সন্তান সকলৰ মাজত মোৰ পবিত্রতা মানি নচলি তোমালোকে ইস্ৰায়েলীয়া সন্তান সকলৰ আগত মোৰ প্রতি অবিশ্বাসৰ কার্য কৰিছিলা।
52 Nítorí náà, ìwọ yóò rí ilẹ̀ náà ní ọ̀kánkán, o kì yóò wọ inú rẹ̀ ilẹ̀ ti mo ti fi fún àwọn ọmọ Israẹli.”
৫২তথাপিও, মই ইস্ৰায়েলীয়া সন্তান সকলক যি দেশ দিবলৈ গৈ আছোঁ, তুমি সেই দেশত নোসোমাবা, কিন্তু কেৱল দূৰৰ পৰা তাক চাবলৈ পাবা।”

< Deuteronomy 32 >