< Deuteronomy 31 >

1 Nígbà náà ni Mose jáde tí ó sì sọ àwọn ọ̀rọ̀ wọ̀nyí sí gbogbo Israẹli pé,
পাছত মোচিয়ে ইস্ৰায়েলীয়া লোকসকলক এইবোৰ কথা ক’লে,
2 “Mo jẹ́ ọmọ ọgọ́fà ọdún báyìí àti pé èmi kò ni lè darí i yín mọ́. Olúwa ti sọ fún mi pé, ‘Ìwọ kò ní kọjá Jordani.’
“মোৰ বয়স এতিয়া এশ বিশ বছৰ হ’ল; মই চলা-ফুৰা কৰিব নোৱাৰা হৈছোঁ; যিহোৱাই মোক কৈছে, ‘তুমি এই যৰ্দ্দন নদী পাৰ হৈ নাযাবা।’’
3 Olúwa Ọlọ́run rẹ fúnra rẹ̀ ni yóò rékọjá fún ọ. Yóò pa àwọn orílẹ̀-èdè yìí run níwájú rẹ, ìwọ yóò sì mú ìní ilẹ̀ wọn, Joṣua náà yóò rékọjá fún ọ, bí Olúwa ti sọ.
আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ আগে আগে পাৰ হৈ যাব; তেৱেঁই আপোনালোকৰ সন্মুখৰ পৰা এই সকলো জাতিবোৰক বিনষ্ট কৰিব আৰু আপোনালোকে তেওঁলোকৰ দেশ অধিকাৰ কৰিব। যিহোৱাৰ আজ্ঞা অনুসাৰে যিহোচূৱাই নদী পাৰ হৈ আপোনালোকৰ আগেয়ে পাৰ হৈ যাব।
4 Olúwa yóò sì ṣe fún wọn ohun tí ó ti ṣe sí Sihoni àti sí Ogu ọba Amori, tí ó parun pẹ̀lú ilẹ̀ ẹ wọn.
ইমোৰীয়াসকলৰ ৰজা চীহোন আৰু ওগ এই দুজনক আৰু তেওঁলোকৰ দেশক যিহোৱাই যেনেকৈ বিনষ্ট কৰিছিল, তেনেকৈয়ে তেওঁ এই সকলো জাতিকে বিনষ্ট কৰিব।
5 Olúwa yóò fi wọ́n fún ọ, kí o sì ṣe sí wọn gbogbo èyí tí mo ti pàṣẹ fún ọ.
যুদ্ধক্ষেত্রত যিহোৱাই তেওঁলোকক আপোনালোকৰ হাতত শোধাই দিব আৰু মই আপোনালোকক দিয়া সকলো আজ্ঞা অনুসাৰে আপোনালোকে তেওঁলোকৰ প্রতি ব্যৱহাৰ কৰিব।
6 Jẹ́ alágbára kí o sì ní ìgboyà. Má ṣe bẹ̀rù tàbí jáyà nítorí i wọn, nítorí Olúwa Ọlọ́run rẹ ń lọ pẹ̀lú rẹ, Òun kò ní fi ọ́ sílẹ̀ tàbí kọ̀ ọ́ sílẹ̀.”
আপোনালোক শক্তিশালী হওঁক আৰু অতিশয় সাহিয়াল হওঁক; তেওঁলোকক দেখি ভয় নকৰিব বা কঁপিও নুঠিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা নিজেই আপোনালোকৰ লগত যাওঁতা; তেওঁ আপোনালোকক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব।
7 Nígbà náà ni Mose pe Joṣua ó sì wí fún un níwájú gbogbo Israẹli pé, “Jẹ́ alágbára àti onígboyà, nítorí o ní láti lọ pẹ̀lú àwọn ènìyàn wọ̀nyí sí ilẹ̀ tí Olúwa búra fún àwọn baba ńlá a wọn láti fún wọn, kí o sì pín ilẹ̀ náà láàrín wọn bí ogún wọn.
তাৰ পাছত মোচিয়ে যিহোচূৱাক মাতিলে আৰু সকলো ইস্ৰায়েলীয়া লোকৰ সন্মুখত তেওঁক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা; কিয়নো তুমিয়েই এই লোকসকলৰ লগত সেই দেশলৈ যাব লাগিব, যি দেশ দিবলৈ যিহোৱাই তেওঁলোকৰ পূর্বপুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিল; সেই দেশত এই লোকসকলৰে সৈতে তুমিহে সোমাবা আৰু এওঁলোকক তুমিহে সেই দেশত অধিকাৰ কৰাবা।
8 Olúwa fúnra rẹ̀ ń lọ níwájú rẹ yóò sì wà pẹ̀lú rẹ; kò ní fi ọ́ sílẹ̀ tàbí kọ̀ ọ́ sílẹ̀. Má ṣe bẹ̀rù má sì ṣe fòyà.”
যিহোৱা নিজেই তোমাৰ আগে আগে যাব আৰু তোমাৰ সঙ্গে সঙ্গে থাকিব; তেওঁ তোমাক কেতিয়াও নেৰিব বা ত্যাগ নকৰিব; তুমি ভয় নকৰিবা আৰু নিৰুৎসাহ নহ’বা।”
9 Nígbà náà ni Mose kọ òfin yìí kalẹ̀ ó sì fi fún àwọn àlùfáà, àwọn ọmọ Lefi, tí ń gbé àpótí ẹ̀rí Olúwa, àti fún gbogbo àwọn àgbàgbà ní Israẹli.
মোচিয়ে এই ব্যৱস্থা লিখি যিহোৱাৰ নিয়ম চন্দুক কঢ়িয়াই নিয়া লেবী গোষ্ঠীৰ পুৰোহিতসকলক আৰু ইস্ৰায়েলৰ পৰিচাৰক সকলৰ হাতত দিলে।
10 Nígbà náà ni Mose pàṣẹ fún wọn, “Ní òpin ọdún méje méje, ní àkókò ọdún ìdásílẹ̀, nígbà àjọ àwọn àgọ́.
১০মোচিয়ে তেওঁলোকক এই আজ্ঞা দিলে, “প্রত্যেক সপ্তম বছৰৰ অন্তত, ধাৰ ক্ষমাৰ বছৰত অর্থাৎ যেতিয়া পঁজা-পৰ্ব্বৰ সময় আহিব,
11 Nígbà tí gbogbo Israẹli bá wá láti fi ara hàn níwájú Olúwa Ọlọ́run wa ní ibi tí yóò yàn, ìwọ yóò ka òfin yìí níwájú wọn sí etí ìgbọ́ wọn.
১১যি সময়ত ইস্ৰায়েলীয়া সকলো লোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত উপস্থিত হ’বৰ কাৰণে তেওঁৰ মনোনীত ঠাইলৈ আহিব, তেতিয়া আপোনালোকে এই ব্যৱস্থা অৱশ্যেই লোক সকলৰ আগত তেওঁলোকে শুনাকৈ পাঠ কৰিব।
12 Pe àwọn ènìyàn jọ àwọn ọkùnrin, àwọn obìnrin àti àwọn àjèjì tí ń gbé àwọn ìlú u yín kí wọn lè fetí sí i kí wọn sì lè kọ́ láti bẹ̀rù Olúwa Ọlọ́run rẹ kí wọn sì rọra tẹ̀lé gbogbo ọ̀rọ̀ òfin yìí.
১২আপোনালোকে পুৰুষ, মহিলা, ল’ৰা-ছোৱালীকে আদি কৰি নগৰৰ দুৱাৰৰ ভিতৰত আপোনালোকৰ মাজত বাস কৰা বিদেশী লোক সকলোকে একগোট কৰিব। তেওঁলোকেও এই ব্যৱস্থা শুনি শিকিব পাৰিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিব। তেওঁলোকে এই ব্যৱস্থাৰ সকলো বাক্য পালন কৰিব।
13 Àwọn ọmọ wọn tí wọn kò mọ òfin yìí, gbọdọ̀ gbọ́ kí wọn sì kọ́ láti bẹ̀rù Olúwa Ọlọ́run rẹ níwọ̀n ìgbà tí o tí ń gbé ní ilẹ̀ tí ò ń kọjá la Jordani lọ láti ni.”
১৩তেওঁলোকৰ সন্তান সকলে যদি এইবোৰ কথা নজনাকৈ থাকে, তেন্তে তেওঁলোকেও শুনিব আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ শিকিব; যি দেশ অধিকাৰ কৰিবলৈ আপোনালোকে যৰ্দ্দন নদী পাৰ হৈ যাব, সেই দেশত যিমান দিনলৈকে আপোনালোক জীয়াই থাকিব, সিমান দিনলৈকে তেওঁলোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক সন্মান কৰিবলৈ আপোনালোকে এইদৰে কৰিব।”
14 Olúwa sọ fún Mose pé, “Ọjọ́ ikú rẹ ti súnmọ́ etílé báyìí. Pe Joṣua kí ẹ sì fi ara yín hàn nínú àgọ́ àjọ, níbi tí èmi yóò ti fi àṣẹ fún un.” Nígbà náà ni Mose àti Joṣua wá, wọ́n sì fi ara wọn hàn níbi àgọ́ àjọ.
১৪পাছত যিহোৱাই মোচিক ক’লে, “এতিয়া তোমাৰ মৃত্যুৰ সময় ওচৰ চাপি আহিছে; যিহোচূৱাক মাতি আনি তুমি সাক্ষাৎ তম্বুত উপস্থিত হোৱা। সেই ঠাইতে মই যিহোচূৱাক তেওঁৰ কার্যৰ আজ্ঞা দিম।” সেয়ে মোচি আৰু যিহোচূৱা গৈ সাক্ষাৎ কৰা তম্বুত উপস্থিত হ’ল।
15 Nígbà náà ni Olúwa farahàn níbi àgọ́ ní ọ̀wọ́ àwọsánmọ̀, àwọsánmọ̀ náà sì dúró sókè ẹnu-ọ̀nà àgọ́.
১৫তেতিয়া যিহোৱাই মেঘস্তম্ভৰ মাজত সেই তম্বুত দেখা দিলে; সেই মেঘস্তম্ভ তম্বুৰ দুৱাৰৰ ওপৰত ৰৈ আছিল।
16 Olúwa sì sọ fún Mose pé, “Ìwọ ń lọ sinmi pẹ̀lú àwọn baba à rẹ, àwọn wọ̀nyí yóò sì ṣe àgbèrè ara wọn sí ọlọ́run àjèjì ilẹ̀ tí wọn ń wọ̀ lọ láìpẹ́. Wọn yóò kọ̀ mí sílẹ̀ wọn yóò sì da májẹ̀mú tí mo bá wọn dá.
১৬যিহোৱাই মোচিক ক’লে, “শুনা, তুমি তোমাৰ ওপৰ-পিতৃসকলৰ লগত নিদ্রিত হ’বা; এই লোকসকলে উঠি যি দেশত সোমাবলৈ গৈ আছে, তেওঁলোক সেই ঠাইৰ লোকৰ মাজত থাকিব; তেওঁলোকে সেই দেশৰ আন দেৱতাবোৰৰ পাছত চলি ব্যভিচাৰৰ দৰে কার্য কৰিব আৰু মোক ত্যাগ কৰিব; মই তেওঁলোকৰ সৈতে কৰা মোৰ নিয়মটিও তেওঁলোকে ভাঙিব।
17 Ní ọjọ́ náà ni èmi yóò bínú sí wọn èmi yóò sì kọ̀ wọ́n sílẹ̀; èmi yóò pa ojú mi mọ́ kúrò fún wọn, wọn yóò sì parun. Ọ̀pọ̀lọpọ̀ àjálù àti ìṣòro yóò wá sórí wọn, àti ní ọjọ́ náà ni wọn yóò béèrè pé, ‘Ǹjẹ́ ìpọ́njú wọ̀nyí kò wá sórí i wa nítorí Ọlọ́run wa kò sí pẹ̀lú u wa?’
১৭যিদিনা তেওঁলোকে এইদৰে কৰিব, সেইদিনা তেওঁলোকৰ বিৰুদ্ধে মোৰ ক্ৰোধ প্ৰজ্বলিত হ’ব আৰু ময়ো তেওঁলোকক ত্যাগ কৰিম। মই তেওঁলোকৰ পৰা মোৰ মুখ ঢাকিম আৰু তেওঁলোক ধ্বংস হৈ যাব। তেওঁলোকলৈ অনেক দুখ-কষ্ট আৰু আপদ ঘটিব; সেইদিনা তেওঁলোকে ক’ব যে, “আমাৰ ঈশ্বৰ আমাৰ মাজত নথকাৰ কাৰণেই আমাৰ ওপৰত এই সকলো আপদ নে?
18 Èmi yóò sì pa ojú mi mọ́ dájúdájú ní ọjọ́ náà nítorí i gbogbo ìwà búburú wọn ní yíyípadà sí ọlọ́run mìíràn.
১৮তেওঁলোকে দেৱতাবোৰলৈ ঘুৰি যি সকলো কুকৰ্ম কৰিব, সেইবাবে মই অৱশ্যেই সেইদিনা মোৰ মুখ ঢাকিম।
19 “Ní báyìí kọ ọ́ kalẹ̀ fúnra à rẹ orin yìí kí o sì kọ ọ́ sí Israẹli kí o sì jẹ́ kí wọn kọ ọ́ kí ó lè jẹ́ ẹ̀rí ì mi sí wọn.
১৯তোমালোকে এতিয়া তোমালোকৰ বাবে এই গীত লিখি ৰাখা। এই গীত ইস্ৰায়েলৰ লোকসকলক শিকাবা আৰু তেওঁলোকক মুখস্থ কৰিবলৈ দিবা। তাতে এই গীত ইস্ৰায়েলৰ লোকৰ অহিতে মোৰ সাক্ষী হৈ থাকিব।
20 Nígbà tí mo ti mú wọn wá sí ilẹ̀ tí ń sàn fún wàrà àti fún oyin, ilẹ̀ tí mo ti ṣe ìlérí ní ìbúra fún àwọn baba ńlá wọn, àti nígbà tí wọ́n bá jẹ, tí ó sì tẹ́ wọn lọ́rùn, tí wọ́n sì gbilẹ̀, wọn yóò yí padà sí ọlọ́run mìíràn wọn yóò sì sìn wọ́n, wọn yóò kọ̀ mí sílẹ̀, wọn yóò sì da májẹ̀mú mi.
২০কিয়নো, যি দেশ দিম বুলি মই তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ আগত প্রতিজ্ঞা কৰিছিলোঁ, সেই গাখীৰ আৰু মধু বোৱা দেশলৈ যেতিয়া মই তেওঁলোকক লৈ যাম আৰু যেতিয়া তেওঁলোকে তৃপ্তিৰে ভোজন কৰি হৃষ্টপুষ্ট হ’ব, তেতিয়া তেওঁলোকে মোক তুচ্ছ কৰিব আৰু মোৰ নিয়মটি অগ্রাহ্য কৰি আন দেৱতাবোৰলৈ উলটি সেইবোৰৰ সেৱা পূজা কৰিব।
21 Àti nígbà tí ọ̀pọ̀lọpọ̀ ìpọ́njú àti ìṣòro bá wá sórí i wọn, orin yìí yóò jẹ́ ẹ̀rí sí wọn, nítorí kò ní di ìgbàgbé fún àwọn ọmọ wọn. Mo mọ̀ ohun tí wọ́n ní inú dídùn sí láti ṣe, pàápàá kí èmi tó mú wọn wá sí ilẹ̀ tí mo ṣe ìlérí fún wọn lórí ìbúra.”
২১তাৰ ফলত তেওঁলোকলৈ বহুত দুখ-কষ্ট আৰু বিপদ- আপদ ঘটিব; তেতিয়া এই গীতেই সাক্ষীস্বৰূপে তেওঁলোকৰ আগত সাক্ষ্য দিব; কাৰণ তেওঁলোকৰ বংশধৰসকলে মুখস্থ কৰা এই গীত নাপাহৰিব। কিয়নো, যি দেশ দিম বুলি মই প্রতিজ্ঞা কৰিছিলোঁ, তেওঁলোকক সেই দেশলৈ নিয়াৰ আগেয়েই তেওঁলোকে কৰা মনৰ পৰিকল্পনা মই জানো।”
22 Nígbà náà ni Mose kọ orin yìí kalẹ̀ ní ọjọ́ náà ó sì kọ ọ́ sí Israẹli.
২২সেয়ে মোচিয়ে সেইদিনাই এই গীত ইস্ৰায়েলৰ লোকসকলক শিকালে।
23 Olúwa sì fún Joṣua ọmọ Nuni ní àṣẹ yìí: “Jẹ́ alágbára àti onígboyà, nítorí ìwọ yóò mú Israẹli wá sí ilẹ̀ tí mo ṣèlérí fún wọn lórí ìbúra, èmi fúnra à mi yóò sì wà pẹ̀lú rẹ.”
২৩তাৰ পাছত যিহোৱাই নুনৰ পুত্ৰ যিহোচূৱাক আজ্ঞা দি ক’লে, “তুমি বলৱান হোৱা, আৰু অতিশয় সাহিয়াল হোৱা; কিয়নো, মই ইস্ৰায়েলৰ সন্তান সকলক যি দেশ দিম বুলি প্রতিজ্ঞা কৰিছিলোঁ, সেই দেশলৈ তুমিহে তেওঁলোকক লৈ যাবা আৰু মই তোমাৰ সঙ্গী হম।”
24 Lẹ́yìn ìgbà tí Mose ti parí i kíkọ ọ̀rọ̀ òfin yìí sínú ìwé láti ìbẹ̀rẹ̀ dé òpin,
২৪মোচিয়ে সম্পূৰ্ণকৈ এই নিয়মৰ সকলো কথা এখন পুস্তকত লিখিলে।
25 ó sì fi àṣẹ yìí fún àwọn ọmọ Lefi tí wọ́n ń gbé àpótí ẹ̀rí Olúwa:
২৫তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক বৈ নিওঁতা লেবীয়াসকলক তেওঁ এই আজ্ঞা দিলে,
26 “Gba ìwé òfin yìí kí o sì fi sí ẹ̀gbẹ́ àpótí ẹ̀rí Olúwa Ọlọ́run rẹ. Níbẹ̀ ni yóò wà bí ẹ̀rí sí ọ.
২৬“এই ব্যৱস্থা পুস্তকখন লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ নিয়ম-চন্দুকৰ কাষত ৰাখক; সেই ঠাইতে এইখন ইস্রায়েলীয়াসকলৰ বিৰুদ্ধে সাক্ষী হৈ থাকিব।
27 Nítorí mo mọ irú ọlọ̀tẹ̀ àti ọlọ́rùn líle tí ẹ jẹ́. Bí o bá ṣe ọlọ̀tẹ̀ sí Olúwa nígbà tí mo pàpà wà láyé pẹ̀lú yín, báwo ní ẹ ó ti ṣe ọlọ̀tẹ̀ tó nígbà tí mo bá kú tán!
২৭কিয়নো আপোনালোক যে কিমান বিদ্রোহী আৰু ঠৰ-ডিঙীয়া তাক মই জানো; মই আপোনালোকৰ মাজত আজি জীয়াই থাকোঁতেও যেতিয়া আপোনালোকে যিহোৱাৰ বিৰুদ্ধে বিদ্ৰোহ-আচৰণ কৰিছে, তেন্তে মোৰ মৃত্যুৰ পাছত যে ইয়াতকৈ আৰু কিমান অধিককৈ কৰিব!
28 Ẹ péjọpọ̀ síwájú mi gbogbo àgbà ẹ̀yà yín àti àwọn aláṣẹ yín, kí èmi lè sọ àwọn ọ̀rọ̀ wọ̀nyí sí etí ìgbọ́ ọ́ wọn.
২৮আপোনালোকৰ নিজৰ নিজৰ গোষ্ঠীৰ সকলো পৰিচাৰক আৰু বিষয়াসকল মোৰ সন্মুখত একগোট হওঁক যাতে মই তেওঁলোকক এই সকলোবোৰ কথা শুনাব পাৰোঁ; আকাশ আৰু পৃথিবীক তেওঁলোকৰ বিৰুদ্ধে সাক্ষী কৰি ৰাখিব পাৰোঁ।
29 Nítorí tí mo mọ̀ pé lẹ́yìn ikú mi, ó dájú pé ìwọ yóò padà di ìbàjẹ́ pátápátá, ẹ ó sì yípadà kúrò ní ọ̀nà tí mo ti pàṣẹ fún un yín. Ní ọjọ́ tó ń bọ̀, ìpọ́njú yóò sọ̀kalẹ̀ sórí i yín nítorí ẹ̀yin yóò ṣe búburú níwájú Olúwa ẹ ó sì mú u bínú nípa ohun tí ọwọ́ yín ti ṣe.”
২৯কিয়নো মই জানো যে, মোৰ মৃত্যুৰ পাছত আপোনালোক একেবাৰে ভ্ৰষ্ট হৈ যাব আৰু যি পথত চলিবলৈ মই আপোনালোকক আজ্ঞা দিছো, সেই পথৰ পৰা আপোনালোক আতৰি যাব; ভৱিষ্যত কালত আপোনালোকলৈ বিপদ নামি আহিব; কাৰণ যিহোৱাৰ দৃষ্টিত যি বেয়া আপোনালোকে তাকে কৰিব আৰু আপোনালোকে নিজ হাতেৰে কৰা কার্যৰ দ্বাৰাই যিহোৱাক ক্রোধিত কৰি তুলিব।”
30 Mose sì ka ọ̀rọ̀ inú orin yìí láti ìbẹ̀rẹ̀ títí dé òpin sí etí ìgbọ́ ọ gbogbo ìjọ Israẹli:
৩০তাৰ পাছত মোচিয়ে ইস্ৰায়েলৰ গোটেই সমাজক এই গীতৰ কথাবোৰ শেষলৈকে গাই শুনালে।

< Deuteronomy 31 >