< Deuteronomy 23 >

1 Kí ẹnikẹ́ni tí a fọ́ ní kóró ẹpọ̀n nípa rírùn tàbí gígé má ṣe wọ inú ìjọ Olúwa wá.
যি পুৰুষৰ অণ্ডকোষ চূর্ণ বা গুপুত অঙ্গ কটা হৈছে, তেওঁ যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
2 Kí ọmọ àlè má ṣe wọ ìpéjọ Olúwa, pàápàá títí dé ìran kẹwàá.
কোনো জাৰজ সন্তান যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
3 Kí ọmọ Ammoni tàbí ọmọ Moabu, kì yóò wọ ìjọ Olúwa, àní títí dé ìran kẹwàá, ènìyàn wọn kan kì yóò wọ inú ìjọ ènìyàn Olúwa láéláé.
কোনো অম্মোনীয়া বা মোৱাবীয়া লোক যিহোৱাৰ সমাজত সোমাব নোৱাৰিব; তেওঁৰ দহ পুৰুষলৈকে কোনেও যিহোৱাৰ সমাজত সোমাব নোৱাৰিব।
4 Nítorí wọn kò fi àkàrà àti omi pàdé e yín lójú ọ̀nà nígbà tí ò ń bọ̀ láti Ejibiti àti nítorí wọ́n gba ẹ̀yà iṣẹ́ láti fi ọ́ gégùn ún Balaamu ọmọ Beori ará a Petori ti Aramu-Naharaimu.
কিয়নো মিচৰ দেশৰ পৰা ওলাই অহাৰ সময়ত আপোনালোকৰ যাত্রা পথত তেওঁলোকে অন্ন আৰু জল লৈ অহা নাছিল, বৰং আপোনালোকক শাও দিবলৈ তেওঁলোকে অৰাম-নহৰয়িম দেশৰ পথোৰ নগৰৰ পৰা বিয়োৰৰ পুতেক বিলিয়মক ধন দি আনিছিল।
5 Síbẹ̀síbẹ̀, Olúwa Ọlọ́run rẹ kò ní fetí sí Balaamu ṣùgbọ́n ó yí ègún sí ìbùkún fún ọ, nítorí Olúwa Ọlọ́run rẹ fẹ́ràn rẹ.
কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই বিলিয়মৰ কথা নুশুনিলে; আপোনালোকক প্ৰেম কৰাৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনালোকৰ পক্ষে সেই শাও আশীৰ্ব্বাদত পৰিণত কৰিলে।
6 Ìwọ kò gbọdọ̀ wá àlàáfíà, tàbí ire wọn níwọ̀n ìgbà tí o sì wà láààyè.
আপোনালোক জীয়াই থাকেমানে কেতিয়াও তেওঁলোকৰ মঙ্গল কি উন্নতিৰ চেষ্টা নকৰিব।
7 Ìwọ kò gbọdọ̀ kórìíra ará Edomu kan nítorí arákùnrin rẹ ni. Ìwọ kò gbọdọ̀ kórìíra ará Ejibiti, nítorí o gbé gẹ́gẹ́ bí àjèjì ní ilẹ̀ rẹ̀.
কোনো ইদোমীয়া লোকক আপোনালোকে ঘৃণা নকৰিব; কিয়নো তেওঁ আপোনালোকৰ ইস্রায়েলীয়া ভাই। কোনো মিচৰীয়া লোকক আপোনালোকে ঘৃণা নকৰিব, কাৰণ আপোনালোক তেওঁৰ দেশত বিদেশী হৈ আছিল।
8 Ìran kẹta àwọn ọmọ tí a bí fún wọn lè wọ ìpéjọ Olúwa.
আপোনালোকৰ মাজত বাস কৰাৰ পাছত তৃতীয় পুৰুষৰ পৰা তেওঁলোক যিহোৱাৰ সমাজত সোমাব পাৰিব।
9 Nígbà tí o bá dó ti àwọn ọ̀tá rẹ, pa gbogbo ohun àìmọ́ kúrò.
শত্রুসকলৰ বিৰুদ্ধে যুদ্ধ-যাত্ৰা কৰি ওলাই যোৱা সময়ত, সকলো মন্দৰ পৰা আপোনালোকে নিজক দূৰৈত ৰাখিব।
10 Bí ọ̀kan nínú àwọn ọkùnrin rẹ bá jẹ́ aláìmọ́ nítorí ìtújáde tí ó ní, o ní láti jáde kúrò nínú àgọ́, kí o má ṣe wọ inú àgọ́.
১০আপোনালোকৰ মাজত যদি কোনো পুৰুষ ৰাতি ঘটা ঘটনাৰ কাৰণে অশুচি হয়, তেন্তে সি ছাউনিৰ বাহিৰলৈ যাব লাগিব; ছাউনিৰ ভিতৰলৈ ঘূৰি নাহিব।
11 Ṣùgbọ́n nígbà tí ó bá di ìrọ̀lẹ́ o ní láti wẹ ara rẹ, àti ní àṣálẹ́ kí o padà sínú àgọ́.
১১সন্ধিয়া হৈ আহিলে তেওঁ নিজে পানীত গা ধুব। সূৰ্য মাৰ যোৱাৰ পাছত তেওঁ ছাউনিলৈ ঘূৰি যাব পাৰিব।
12 Sàmì sí ibìkan lóde àgọ́, níbi tí o lè máa lọ láti dẹ ara rẹ lára.
১২পায়খানাৰ কাৰণে আপোনালোকে ছাউনিৰ বাহিৰত এটা ঠাই ঠিক কৰি ল’ব লাগিব।
13 Kí ìwọ kí ó sì mú ìwalẹ̀ kan pẹ̀lú ohun ìjà rẹ; yóò sì ṣe, nígbà tí ìwọ yóò bá gbọnṣẹ̀ lẹ́yìn ibùdó, kí ìwọ kí ó mú ìwalẹ̀, kí ìwọ kí ó sì yípadà, kí o sì bo ohun tí ó jáde láara rẹ.
১৩আপোনালোৰ সা-সামগ্রীৰ মাজত মাটি খান্দিবলৈ এখন খন্তি থাকিব। পায়খানা কৰাৰ আগতে আপোনালোকে তাৰে গাত কৰি মলখিনি আকৌ মাটিৰে ঢাকি দিব।
14 Nítorí Olúwa Ọlọ́run rẹ ń rìn láàrín àgọ́ láti dáàbò bò ọ́ àti láti fi àwọn ọ̀tá à rẹ lé ọ lọ́wọ́. Àgọ́ rẹ ní láti jẹ́ mímọ́, nítorí kí ó má ba à rí ohun àìtọ́ láàrín yín kí ó sì yípadà kúrò lọ́dọ̀ yín.
১৪আপোনালোকক ৰক্ষা কৰিবলৈ, আৰু আপোনালোকৰ শত্রুবোৰক আপোনালোকৰ হাতত তুলি দিবলৈ আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ ছাউনিৰ মাজত অহা-যোৱা কৰে। সেই কাৰণে, আপোনালোকে ছাউনি পবিত্ৰ কৰি ৰাখিব লাগিব যাতে আপোনালোকৰ মাজত কোনো অশুচি বস্তু দেখি তেওঁ আপোনালোকৰ পৰা বিমুখ হৈ নাযায়।
15 Bí ẹrú kan bá ti gba ààbò lọ́dọ̀ rẹ, má ṣe fi lé ọ̀gá rẹ̀ lọ́wọ́.
১৫কোনো দাসে যদি নিজৰ গৰাকীৰ পৰা পলাই আহি আপোনালোকৰ ওচৰত আশ্রয় লয়, আপোনালোকে তাক তাৰ গৰাকীৰ হাতত শোধাই নিদিব।
16 Jẹ́ kí ó máa gbé láàrín rẹ níbikíbi tí ó bá fẹ́ àti èyíkéyìí ìlú tí ó bá mú. Má ṣe ni í lára.
১৬সেই দাসে যি কোনো এখন নগৰত আপোনালোকৰ মাজত, য’তে বাস কৰিব বিচাৰে, তাতে বাস কৰিবলৈ দিব। তাক উপদ্ৰৱ নকৰিব।
17 Kí ọkùnrin tàbí obìnrin Israẹli má ṣe padà di alágbèrè ojúbọ òrìṣà.
১৭ইস্ৰায়েলৰ যুৱতীসকলৰ মাজত যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়; ইস্ৰায়েলীয়া পুৰুষৰ মাজতো যেন কোনোৱে মন্দিৰৰ বেশ্যা নহয়।
18 Ìwọ kò gbọdọ̀ mú owó iṣẹ́ panṣágà obìnrin tàbí ọkùnrin wá sí ilé Olúwa Ọlọ́run rẹ láti fi san ẹ̀jẹ́ kankan; nítorí Olúwa Ọlọ́run rẹ kórìíra àwọn méjèèjì.
১৮পুৰষ হওঁক বা মহিলাই হওঁক, যি জনে বেশ্যাৰ জীৱন কটায়, তেওঁৰ উপার্জনৰ ধন কোনো সঙ্কল্প-সিদ্ধিৰ অৰ্থে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ গৃহলৈ নানিব; কাৰণ সেই ধৰণৰ পুৰুষ আৰু মহিলাক আপোনালোকৰ ঈশ্বৰ যিহোৱাই ঘৃণা কৰে।
19 Ìwọ kò gbọdọ̀ ka èlé sí arákùnrin rẹ lọ́rùn, bóyá lórí owó tàbí oúnjẹ tàbí ohunkóhun mìíràn tí ó lè mú èlé wá.
১৯আপোনালোকে কোনো ইস্রায়েলীয়া ভাইক সুদ লৈ ধাৰ নিদিব - সেই সুদ ধনৰ ওপৰতে হওঁক বা খোৱা-বস্তুৰ ওপৰতে হওঁক নাইবা অন্য যি কোনো বস্তুৰ ওপৰতে হওঁক।
20 Ìwọ lè ka èlé sí àlejò lọ́rùn, ṣùgbọ́n kì í ṣe arákùnrin ọmọ Israẹli, nítorí kí Olúwa Ọlọ́run rẹ lè bùkún ọ nínú ohun gbogbo tí o bá dáwọ́lé ní ilẹ̀ tí ò ń wọ̀ lọ láti ní.
২০অন্য জাতিৰ লোকসকলৰ পৰা আপোনালোকে ধাৰ দি সুদ ল’ব পাৰে, কিন্তু, কোনো ইস্রায়েলীয়া ভাইৰ পৰা নোৱাৰে। এইদৰে চলিলে আপোনালোকে যি দেশ অধিকাৰ কৰিবলৈ গৈছে, সেই দেশত আপোনালোকে যিহতে হাত দিব, সকলো কাৰ্যতে আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব।
21 Bí o bá jẹ́ ẹ̀jẹ́ fún Olúwa Ọlọ́run rẹ, má ṣe lọ́ra láti san án, nítorí Olúwa Ọlọ́run rẹ yóò béèrè rẹ̀ lọ́wọ́ rẹ, o sì máa jẹ̀bi ẹ̀ṣẹ̀.
২১আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যদি আপোনালোকে কোনো সঙ্কল্প কৰে, তেন্তে তাক পূৰণ কৰিবলৈ পলম নকৰিব; কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ পৰা তাক নিশ্চয়ে আদায় কৰিব; তাক পূৰণ নকৰিলে আপোনালোকৰ পাপ হ’ব।
22 Ṣùgbọ́n tí o bá fàsẹ́yìn láti jẹ́ ẹ̀jẹ́, o kò ní jẹ̀bi.
২২কিন্তু সঙ্কল্প নকৰিলে, তাত কোনো পাপ নহ’ব।
23 Rí i dájú pé o ṣe ohunkóhun tí o bá ti ètè rẹ jáde, nítorí pé ìwọ fi tinútinú rẹ jẹ́ ẹ̀jẹ́ fún Olúwa Ọlọ́run rẹ pẹ̀lú ẹnu ara rẹ.
২৩আপোনালোকৰ মুখৰ পৰা যি সঙ্কল্পৰ কথা ক’ব, তাক আপোনালোকে পূৰণ কৰিবই লাগিব, কাৰণ আপোনালোকে স্ব-ইচ্ছাৰে নিজ মুখেৰে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ ওচৰত সেই প্ৰতিজ্ঞা কৰিছে।
24 Bí ìwọ bá wọ inú ọgbà àjàrà aládùúgbò rẹ, o lè jẹ gbogbo èso àjàrà tí o bá fẹ́, ṣùgbọ́n má ṣe fi nǹkan kan sínú agbọ̀n rẹ.
২৪আনৰ দ্ৰাক্ষাবাৰীলৈ গৈ আপোনালোকে ইচ্ছামতে হেঁপাহ পলুৱাই আঙুৰ খাব পাৰিব, কিন্তু লৈ যোৱাৰ বাবে আপোনালোকৰ পাত্ৰত অলপো নল’ব।
25 Bí ìwọ bá wọ inú oko ọkà aládùúgbò rẹ, o lè fi ọwọ́ rẹ ya síírí rẹ̀, ṣùgbọ́n o kò gbọdọ̀ ki dòjé bọ ọkà tí ó dúró.
২৫অন্যৰ শস্যক্ষেত্রত গৈ আপোনালোকে নিজ হাতেৰে থোক ছিঙিব পাৰিব, কিন্তু শস্যত কাচি লগাব নোৱাৰিব।

< Deuteronomy 23 >