< Deuteronomy 16 >
1 Ẹ kíyèsi oṣù Abibu, kí ẹ sì máa ṣe àjọ̀dún ìrékọjá ti Olúwa Ọlọ́run yín, nítorí pé ní oṣù Abibu yìí ni ó mú un yín jáde ní Ejibiti lóru.
১আপুনি আবীব মাহ মানিব, আৰু আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিব; কিয়নো আবীব মাহতেই আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক মিচৰ দেশৰ পৰা ৰাতি উলিয়াই আনিছিল।
2 Ẹ fi ẹran kan rú ẹbọ bí ìrékọjá sí Olúwa Ọlọ́run yín láti inú ọ̀wọ́ ẹran tàbí agbo màlúù yín ní ibi tí Olúwa Ọlọ́run yín yóò yàn bí ibùgbé fún orúkọ rẹ̀.
২ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে, নিজৰ নাম স্থাপনৰ কৰিবৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ মেৰ-ছাগ, ছাগ, আৰু গৰুৰ জাকৰ পৰা পশু লৈ, নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব।
3 Ẹ má ṣe jẹ ẹ́ pẹ̀lú u àkàrà tí a fi ìwúkàrà ṣe, ṣùgbọ́n ọjọ́ méje ni kí ẹ fi jẹ àkàrà tí kò ní ìwúkàrà, àkàrà ìpọ́njú, nítorí pé pẹ̀lú ìkánjú ni ẹ kúrò ní Ejibiti: kí ẹ bá à lè rántí ìgbà tí ẹ kúrò ní Ejibiti ní gbogbo ọjọ́ ayé yín.
৩মিচৰ দেশৰ পৰা ওলাই অহাৰ দিন ধৰি জীয়াই থাকে মানে সোঁৱৰণ কৰিবৰ কাৰণে, আপোনালোকে তাৰে সৈতে খমিৰ দিয়া পিঠা নাখাব। সাত দিন তাৰে সৈতে, খমীৰ নিদিয়া পিঠা ভোজন কৰিব; কিয়নো আপোনালোকে লৰালৰিকৈ মিচৰ দেশৰ পৰা ওলাই আহিছিল।
4 Kí a má sì ṣe rí àkàrà wíwú ní ọ̀dọ̀ rẹ nínú ilẹ̀ rẹ ní ijọ́ méje. Kí ìwọ má ṣe jẹ́ kí nǹkan kan ṣẹ́kù nínú ẹran tí ìwọ ó fi rú ẹbọ ní ìrọ̀lẹ́ ọjọ́ kìn-ín-ní di àárọ̀ ọjọ́ kejì.
৪সাদিনলৈকে আপোনালোকৰ সকলো সীমাত, আপোনালোকৰ ওচৰত খমীৰ দেখা নাযাওক; আৰু প্ৰথম দিনক সন্ধ্যাকালত মৰা যি বলি, তাৰ কোনো মাংস ৰাতিপুৱালৈকে গোটেই ৰাতি থকা অৱশিষ্ট নাথাকক।
5 Ẹ kò gbọdọ̀ ṣe ìrékọjá náà ní ìlúkílùú kankan, tí Olúwa Ọlọ́run yín fi fún un yín
৫ঈশ্বৰ যিহোৱাই আপোনালোকক যি যি নগৰ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব নোৱাৰিব।
6 bí kò ṣe ibi tí yóò yàn gẹ́gẹ́ bí ibùgbé fún orúkọ rẹ̀, níbẹ̀ ni ki ẹ ti ṣe ìrúbọ ìrékọjá náà ní ìrọ̀lẹ́ nígbà tí oòrùn bá ń wọ̀ gẹ́gẹ́ bí ìrántí ìgbà tí ẹ kúrò ní ilẹ̀ Ejibiti.
৬কিন্তু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, মিচৰ দেশৰ পৰা ওলাই অহাৰ সময় পৰিলে, সন্ধ্যাবেলা সূৰ্য মাৰ যোৱা সময়ত নিস্তাৰ-পৰ্ব্বৰ বলি উৎসৰ্গ কৰিব।
7 Ẹ sun ún kí ẹ sì jẹ ẹ́ ní ibi tí Olúwa Ọlọ́run yín yóò yàn. Ní àárọ̀, kí ẹ padà sí àgọ́ ọ yín.
৭আপোনালোকৰ ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত তাক খৰিকাত দি খাব। পাছত ৰাতিপুৱা নিজ নিজ তম্বুলৈ উলটি যাব।
8 Ọjọ́ mẹ́fà ní kí ẹ fi jẹ àkàrà aláìwú, ní ọjọ́ keje, ẹ pe àjọ kan fún Olúwa Ọlọ́run yín, kí ẹ má sì ṣe iṣẹ́ kankan.
৮আপোনালোকে ছয় দিন খমীৰ নিদিয়া পিঠা খাব; আৰু সপ্তম দিনা আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে ধৰ্ম-সভা আয়োজন হ’ব, সেই দিনা আপোনালোকে কোনো কাম নকৰিব।
9 Ka ọ̀sẹ̀ méje láti ìgbà tí ẹ bá ti bẹ̀rẹ̀ sí fi dòjé ṣe ìkórè ọkà.
৯তাৰ পাছত আপোনালোকে সাত সপ্তাহ লেখ কৰিব। শস্যত প্ৰথমে কাচি লগোৱাৰে পৰা আৰম্ভ কৰি সাত সপ্তাহ গন্তি কৰিব।
10 Nígbà náà ni kí ẹ ṣe àjọ ọ̀sẹ̀ sí Olúwa Ọlọ́run yín, nípa pípèsè ọrẹ àtinúwá, gẹ́gẹ́ bí ìbùkún tí Olúwa Ọlọ́run yín fún un yín.
১০আৰু ঈশ্বৰ যিহোৱাই যি পৰিমাণে আশীৰ্ব্বাদ দিলে, সেই পৰিমাণে নিজ ইচ্ছাৰে দিয়া উপহাৰৰ দ্বাৰাই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সেই সাত সপ্তাহৰ মুৰত হোৱা সেই পৰ্ব্ব পালন কৰিব।
11 Kí ẹ sì máa yọ̀ níwájú Olúwa Ọlọ́run yín ní ibi tí yóò yàn ní ibùgbé fún orúkọ rẹ̀: ẹ̀yin, àwọn ọmọ yín ọkùnrin àti àwọn ọmọ yín obìnrin, àwọn ẹrú yín ọkùnrin àti àwọn ẹrú yín obìnrin, àwọn Lefi tí ó wà ní ìlú yín, àti àwọn àjèjì, àwọn aláìní baba, àti àwọn opó tí ń gbé àárín yín.
১১আৰু আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপনৰ অৰ্থে যি ঠাই মনোনীত কৰিব, সেই ঠাইত, আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত, আপোনালোকৰ পো-জী, বন্দী-বেটী, আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়া লোক, আৰু আপোনালোকৰ মাজত বাস কৰা বিদেশী, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
12 Ẹ rántí pé, ẹ ti jẹ́ ẹrú ní Ejibiti rí, nítorí náà ẹ tẹ̀lé àwọn ìlànà wọ̀nyí dáradára.
১২আৰু আপোনালোক মিচৰ দেশত যে বন্দীত্ব অৱস্থাত আছিল, তাক সোঁৱৰণ কৰিব; আৰু এই সকলো বিধি পালন কৰি সেই মতে কাৰ্য কৰিব।
13 Ẹ ṣe ayẹyẹ àgọ́ ìpàdé fún ọjọ́ méje lẹ́yìn ìgbà tí ẹ bá ti kórè oko yín tí ẹ ti pakà tí ẹ sì ti fún ọtí tán.
১৩পাছত আপোনালোকৰ শস্যমৰা ঠাইৰ আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা যি গোটাব লগীয়া, তাক গোটোৱা হ’লে, আপোনালোকে সাত দিন পঁজা-পৰ্ব্ব পালন কৰিব।
14 Ẹ máa yọ̀ ní àkókò àjọ̀dún un yín, ẹ̀yin, àwọn ọmọ yín ọkùnrin àti obìnrin, àwọn ẹrúkùnrin àti ẹrúbìnrin yín, àti àwọn Lefi, àwọn àjèjì, àwọn aláìní baba àti àwọn opó tí ń gbé ní àwọn ìlú u yín.
১৪আপোনালোকৰ সেই উৎসৱত আপোনালোকৰ পো-জী, বন্দী-বেটী আৰু আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা লেবীয়াসকল, বিদেশীসকল, পিতৃহীন, আৰু বিধৱা, এই সকলোৰে সৈতে আনন্দ কৰিব।
15 Ọjọ́ méje ni kí ẹ̀yin kí ó fi ṣe ayẹyẹ fún Olúwa Ọlọ́run yín ní ibi tí Olúwa yóò yàn. Nítorí pé Olúwa Ọlọ́run yín yóò bùkún un yín ní gbogbo ìkórè e yín, àti ní gbogbo iṣẹ́ ọwọ́ yín, ayọ̀ ọ yín yóò sì kún.
১৫যি ঠাই যিহোৱাই মনোনীত কৰিব, সেই ঠাইত আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে সাত দিন উৎসৱ পালন কৰিব। কিয়নো আপোনালোকৰ ভূমিত উৎপন্ন হোৱা সকলো দ্ৰব্যত আৰু হাতেৰে কৰা আটাই কাৰ্যত যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰিব, আৰু আপোনালোক সকলোভাৱে আনন্দিত হ’ব।
16 Ní ẹ̀ẹ̀mẹ́ta lọ́dún ni kí gbogbo àwọn ọkùnrin rẹ kí ó farahàn níwájú Olúwa Ọlọ́run rẹ̀, ní ibi tí yóò yàn. Níbi àjọ àkàrà àìwú, níbi àjọ ọ̀sẹ̀, àti àjọ àgọ́ ìpàdé. Ẹnikẹ́ni kò gbọdọ̀ wá sí iwájú Olúwa ní ọwọ́ òfo.
১৬ঈশ্বৰ যিহোৱাই যি ঠাই মনোনীত কৰিব, সেই ঠাইত বছৰত তিনিবাৰ, খমীৰ নিদিয়া পিঠাৰ উৎসৱত, সপ্তাহবোৰৰ মুৰৰ উৎসৱত, আৰু পঁজা-পৰ্ব্বত তেওঁৰ আগত আটাই পুৰুষ উপস্থিত হ’ব; কিন্তু শুদা হাতে তেওঁৰ আগত উপস্থিত হ’ব নালাগে।
17 Kí olúkúlùkù ó mú ọrẹ wá bí agbára rẹ̀ ti tó, gẹ́gẹ́ bí ìbùkún Olúwa Ọlọ́run rẹ tí ó fi fún un ọ̀.
১৭ঈশ্বৰ যিহোৱাই আপোনালোকক দিয়া আশীৰ্ব্বাদ অনুসাৰে প্ৰতিজনে নিজ সমৰ্থ অনুসাৰে উপহাৰ আনিব।
18 Ẹ yan àwọn adájọ́ àti àwọn olóyè fún ẹ̀yà a yín kọ̀ọ̀kan, ní gbogbo ìlú tí Olúwa Ọlọ́run yín yóò fún un yín, wọ́n sì gbọdọ̀ máa fi òtítọ́ ṣe ìdájọ́ àwọn ènìyàn.
১৮ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো ফৈদ অনুসাৰে আপোনাক যিবোৰ নগৰ দিছে, সেইবোৰৰ দুৱাৰৰ ভিতৰত আপুনি আপোনাৰ কাৰণে বিচাৰকৰ্ত্তা আৰু বিষয়া নিযুক্ত কৰিব। তেওঁলোকে, ন্যায়ৰূপে প্ৰজাসকলক বিচাৰ কৰিব।
19 Ìwọ kò gbọdọ̀ yí ìdájọ́ po, ìwọ kò gbọdọ̀ ṣe ojúsàájú ènìyàn. Ìwọ kò gbọdọ̀ gba àbẹ̀tẹ́lẹ̀ nítorí pé àbẹ̀tẹ́lẹ̀ ń fọ́ ojú ọlọ́gbọ́n, ó sì ń ba ọ̀rọ̀ olódodo jẹ́.
১৯আপুনি বলপূর্বক অন্যায় বিচাৰ নকৰিব, আৰু কাৰো মুখলৈ নাচাব; আৰু কাৰো পৰা ভেঁটি নল’ব, কিয়নো ভেঁটিয়ে জ্ঞানীসকলৰ চকু অন্ধ কৰে, আৰু ধাৰ্মিকৰ কথা ওলোটাই।
20 Ẹ tẹ̀lé ìdájọ́ òtítọ́ àní ìdájọ́ òtítọ́ nìkan, kí ẹ bá à lè gbé kí ẹ sì gba ilẹ̀ tí Olúwa Ọlọ́run yín ń fún un yín.
২০তাতে আপুনি জীয়াই থাকি, আপোনাৰ ঈশ্বৰ যিহোৱাই যি দেশ দিছে, সেই দেশ অধিকাৰ কৰিবলৈ সকলোভাৱে যি ন্যায়, সেই মতে চলিব।
21 Ẹ má ṣe ri ère òrìṣà Aṣerah sí ẹ̀gbẹ́ pẹpẹ tí ẹ ti mọ fún Olúwa Ọlọ́run yín.
২১তাত আপুনি আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে যি যজ্ঞ-বেদি নিৰ্ম্মাণ কৰিব, তাৰ গুৰিত আচেৰা মুৰ্ত্তি বুলি কোনো প্ৰকাৰৰ কাঠ স্থাপন নকৰিব।
22 Ẹ kò gbọdọ̀ gbé òkúta òrìṣà gbígbẹ́ kan kalẹ̀ fún ara yín, nítorí èyí ni Olúwa Ọlọ́run yín kórìíra.
২২আৰু আপোনাৰ ঈশ্বৰ যিহোৱাৰ দৃষ্টিত ঘিণ লগা কোনো স্তম্ভ স্থাপন নকৰিব।