< Deuteronomy 15 >

1 Ní òpin ọdún méje méje, ẹ̀yin gbọdọ̀ máa yọ̀ǹda àwọn gbèsè.
আপোনালোকে প্ৰত্যেক সাত বছৰৰ মূৰত ধাৰ ক্ষমা কৰিব।
2 Báyìí ni kí ẹ máa ṣe é. Gbogbo ẹni tí wọ́n jẹ ní gbèsè gbọdọ̀ fojú fo gbèsè tí ó ti yá ará Israẹli ènìyàn rẹ̀. Kò gbọdọ̀ béèrè ohun náà, lọ́dọ̀ ará Israẹli ènìyàn rẹ̀ tàbí lọ́dọ̀ arákùnrin rẹ̀: nítorí pé a ti kéde àkókò Olúwa láti fojú fo gbèsè.
সেই ধাৰ ক্ষমা কৰাৰ নিয়ম এই, প্ৰতিজন ধাৰ দিওঁতাই নিজৰ ওচৰ চুবুৰীয়াক দিয়া ধাৰ ক্ষমা কৰিব; তেওঁ নিজৰ ওচৰ-চুবুৰীয়া ভাইৰ পৰা তাক আদায় নকৰিব, কিয়নো যিহোৱাৰ ধাৰ ক্ষমাৰ সময় ঘোষণা কৰা হ’ল।
3 Ẹ lè béèrè ìsanpadà lọ́dọ̀ àjèjì. Ṣùgbọ́n ẹ fa igi lé gbèsè yówù kó jẹ́ tí arákùnrin yín jẹ yín.
আপোনালোকে পৰজাতিৰ পৰা দাবি কৰি ঋণ আদায় কৰিব পাৰে; কিন্তু ভাইৰ ওচৰত আপোনালোকৰ যি ঋণ আছে, সেয়া এৰি দিব।
4 Ṣùgbọ́n kò sí ẹni tí yóò tọ́ sí nínú yín, nítorí pé Olúwa Ọlọ́run yín yóò bùkún un yín lọ́pọ̀lọ́pọ̀ nínú ilẹ̀ náà tí ó ń mú un yín lọ láti gbà bí ìní yín.
যাহোক আপোনালোকৰ মাজত কোনো দৰিদ্রলোক নাথাকিব। কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক অধিকাৰৰ কাৰণে যি দেশ আধিপত্য স্বৰূপে দিছে, যিহোৱাই সেই দেশত আপোনালোকক নিশ্চয় আশীৰ্ব্বাদ কৰিব।
5 Kìkì bí ẹ bá gbọ́rọ̀ sí àṣẹ Olúwa Ọlọ́run yín tí ẹ sì kíyèsára láti máa rìn nínú gbogbo àṣẹ wọ̀nyí, tí èmi ń pa fún un yín lónìí.
যদি তোমালোকে কায়মনোবাক্যে ঈশ্বৰ যিহোৱাৰ কথা শুনা, তোমালোকে তেওঁৰ সকলো আজ্ঞা পালন কৰা; এই আদেশ মই আজি তোমালোকক দিলোঁ।
6 Nítorí pé Olúwa Ọlọ́run yín yóò bùkún un yín bí ó ti ṣèlérí, ẹ̀yin yóò sì máa yá ọ̀pọ̀lọpọ̀ orílẹ̀-èdè ẹ kì yóò sì tọrọ. Ẹ ó ṣàkóso ọ̀pọ̀lọpọ̀ orílẹ̀-èdè, ṣùgbọ́n kò sí orílẹ̀-èdè tí yóò lè jẹ ọba lé e yín lórí.
কিয়নো ঈশ্বৰ যিহোৱাই আপোনালোকৰ আগত যি দৰে প্ৰতিজ্ঞা কৰিছিল সেইদৰেই আপোনালোকক আশীৰ্ব্বাদ কৰিব। তেতিয়া আপোনালোকে অনেক জাতিক ঋণ দিব। কিন্তু অন্য লোকৰ পৰা আপোনালোকে ঋণ ল’ব লগা নহ’ব। আপোনালোকে বহুতো জাতিৰ ওপৰত শাসন কৰিব পাৰিব, কিন্তু তেওঁলোকৰ কোনো এজনেও আপোনালোকক শাসন কৰিব নোৱাৰিব।
7 Bí tálákà kan bá wà láàrín àwọn arákùnrin yín ní èyíkéyìí àwọn ìlú, ilẹ̀ náà tí Olúwa yín yóò fún un yín. Ẹ má ṣe ṣe àìláàánú, bẹ́ẹ̀ ni kí ẹ má ṣe háwọ́ sí arákùnrin yín tí ó jẹ́ tálákà.
ঈশ্বৰ যিহোৱাই আপোনালোকক যি দেশ দিছে, তাৰ কোনো নগৰৰ দুৱাৰৰ ভিতৰত যদি কোনো ভাই আপোনালোকৰ দেখাত দুখীয়া, তেতিয়া আপোনালোকে তেওঁলৈ হৃদয় কঠিন নকৰিব, সেই দুখীয়া ভাইলৈ আপোনালোকৰ হাত বন্ধ নকৰিব।
8 Ṣùgbọ́n ẹ lawọ́ kí ẹ sì fi tọkàntọkàn yá wọn ní ohun tí wọ́n nílò.
কিন্তু আপুনি তেওঁলৈ হাত মুকলি কৰি, তেওঁৰ অভাৱ পূৰ কৰিবৰ কাৰণে তেওঁক যি প্রয়োজন, অৱশ্যে সিমান তেওঁক ধাৰ দিব লাগে।
9 Ẹ ṣọ́ra kí èrò búburú kan má ṣe sí nínú àyà rẹ wí pé, “Ọdún keje tí í ṣe ọdún ìyọ̀ǹda gbèsè ti súnmọ́,” nípa bẹ́ẹ̀, ojú rẹ a sì burú sí arákùnrin rẹ tálákà, tí ìwọ kò sì fun ní nǹkan, o kò sì fun ní nǹkan kan. Òun a si kígbe pe Olúwa nítorí rẹ, a si di ẹ̀ṣẹ̀ fún ọ.
সাৱধান হওঁক সপ্তম বছৰ, ধাৰ ক্ষমা কৰা বছৰ ওচৰ হৈছে, এই বুলি নিজৰ হৃদয়ত নীহ ভাব উদয় নহওক; নহ’লে নিজৰ দুখীয়া ভাইলৈ কু-দৃষ্টি ৰাখি তেওঁক একোকে নিদিব, আৰু তেওঁ আপোনাৰ বিৰুদ্ধে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিব; তাতে আপোনাৰ পাপ হ’ব।
10 Fún un tọkàntọkàn, láìsí ìkùnsínú, nítorí èyí, Olúwa Ọlọ́run rẹ yóò bùkún fún ọ nínú iṣẹ́ ọwọ́ rẹ, àti gbogbo ìdáwọ́lé rẹ.
১০আপুনি তেওঁক অৱশ্যে দিব; দিওঁতে মনত বেজাৰ নকৰিব। কিয়নো এই কার্যৰ কাৰণে ঈশ্বৰ যিহোৱাই আপোনাৰ সকলো কৰ্মত, আৰু আপুনি হাত দিয়া আটাই কাৰ্যত আপোনাক আশীৰ্ব্বাদ কৰিব।
11 A kò lè fẹ́ tálákà kù ní ilẹ̀ náà ní ìgbà gbogbo, mo pàṣẹ fún un yín láti lawọ́ sí àwọn arákùnrin yín, sí àwọn tálákà àti sí àwọn aláìní, ní ilẹ̀ ẹ yín.
১১কিয়নো দুখীয়া মানুহ দেশৰ পৰা আতৰ নহ’ৱ, এই কাৰণে মই আপোনাক এই আজ্ঞা দিছোঁ, যে, আপুনি নিজৰ দেশত থকা দুখীয়া আৰু দৰিদ্ৰ ভাইলৈ হাত মুকলি কৰি ৰাখিব।
12 Bí Heberu ara yín kan, yálà ọkùnrin tàbí obìnrin bá ta ara rẹ̀ fún ọ, tí ó sì sìn ọ́ fún ọdún mẹ́fà. Ní ọdún keje, jẹ́ kí ó di òmìnira.
১২যদি তোমাৰ ভাই এজন ইব্ৰীয়া পুৰুষ বা এজনী ইব্ৰীয়া মহিলা আপোনাৰ হাতত বেচা হয়, আৰু তেওঁ আপোনাক ছয় বছৰ খাটি দিয়ে, তেন্তে আপুনি সপ্তম বছৰত তেওঁক মুকলি কৰি বিদায় দিব।
13 Nígbà tí ó bá dá a sílẹ̀ má ṣe jẹ́ kí ó lọ lọ́wọ́ òfo.
১৩মুকলি কৰি বিদায় দিয়া সময়ত, তাক শুদা হাতে নপঠাব।
14 Fi tọkàntọkàn fún un láti inú agbo ewúrẹ́ rẹ, ilẹ̀ ìpakà rẹ, àti ibi ìfúntí rẹ. Fún un gẹ́gẹ́ bí Olúwa Ọlọ́run rẹ ti bùkún fún ọ tó.
১৪আপোনালোকে আপোনালোকৰ মেৰ-ছাগ আৰু ছাগলী জাকৰ পৰা, মৰণামৰা খোলাৰ পৰা আৰু দ্ৰাক্ষাকুণ্ডৰ পৰা তাক ভালকৈ দি পঠাব। আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকক আশীৰ্ব্বাদ কৰাৰ দৰেই তেওঁক দি দি’ব।
15 Ẹ rántí pé ẹ ti fi ìgbà kan jẹ́ ẹrú ní Ejibiti, Olúwa Ọlọ́run yín sì rà yín padà, ìdí nìyí tí mo fi pa àṣẹ yìí fún un yín lónìí.
১৫আপুনি অৱশ্যেই মনত ৰখা উচিত যে মিচৰ দেশত আপোনালোক বন্দী অৱস্থাত আছিল, আৰু ঈশ্বৰ যিহোৱাই আপোনালোকক মুক্ত কৰিলে; তাক সোঁৱৰক; এই কাৰণে মই আজি আপোনালোকক এই আজ্ঞা দিছোঁ।
16 Ṣùgbọ́n bí ìránṣẹ́ rẹ bá sọ fún ọ pé, “Èmi kò fẹ́ fi ọ́ sílẹ̀,” nítorí pé ó fẹ́ràn ìwọ àti ìdílé rẹ, tí ó sì tẹ́ ọ lọ́rùn,
১৬কিন্তু আপোনাৰ আৰু আপোনালোকৰ পৰিয়ালৰ লোকসকলৰ প্রতি ভাল পোৱাৰ কাৰণে আৰু আপোনালোকৰ ওচৰত সুখেৰে আছে কৈ আপোনালোকক এৰি নাযাওঁ বুলি কয়,
17 kí ìwọ kí ó mú ìlu kan lu etí rẹ̀ mọ́ ara ìlẹ̀kùn, yóò sì di ẹrú rẹ láéláé. Bẹ́ẹ̀ náà ni kí o ṣe sí ìránṣẹ́ ẹrúbìnrin rẹ.
১৭তেন্তে আপোনালোকে তেওঁৰ কাণৰ লতি লৈ দুৱাৰত লগাই ৰাখি বিন্ধনাৰে ফুটা কৰিব। তেতিয়া তেওঁ সদায় আপোনাৰ বন্দী হৈ থাকিব; আৰু বেটীলৈকো সেইদৰেই কৰিব।
18 Má ṣe kà á sí ohun ìnira láti dá ẹrú rẹ sílẹ̀, nítorí ìsìnrú rẹ̀ fún ọ, ní ọdún mẹ́fà náà tó ìlọ́po méjì iṣẹ́ alágbàṣe, Olúwa Ọlọ́run rẹ yóò bùkún fún ọ nínú gbogbo ìdáwọ́lé rẹ.
১৮তেওঁ ছয় বছৰ আপোনালোকৰ কাৰণে আপোনাৰ বেচ খোৱা চাকৰতকৈ দুগুণ কাম কৰিলে, আপুনি তেওঁক মুকলি কৰি বিদায় দিয়াত আপুনি কষ্টবোধ নকৰিব; তাতে আপোনাৰ ঈশ্বৰ যিহোৱাই আপুনি কৰা সকলো কাৰ্যত আপোনাক আশীৰ্ব্বাদ কৰিব।
19 Gbogbo àkọ́bí tí o jẹ́ akọ nínú agbo màlúù rẹ ni kí o yà sọ́tọ̀ fún Olúwa, àti nínú agbo ewúrẹ́ bákan náà. Ẹ má ṣe fi àkọ́bí màlúù yín ṣiṣẹ́ rárá. Má ṣe rẹ́ irun àkọ́bí àgùntàn rẹ pẹ̀lú.
১৯আপোনালোকে আপোনালোকৰ গৰু, মেৰ-ছাগ আদি পশুৰ জাকৰ পৰা প্ৰথমে আটাই মতা পশুবোৰ আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ কৰিব; আপোনালোকে প্ৰথমে জগা গৰু, কোনো কামত নলগাব, আৰু আপোনালোকৰ মেৰ-ছাগৰ প্ৰথমে জগা নোম নাকাটিব।
20 Ní ọdọọdún ni kí ìwọ àti ìdílé rẹ máa jẹ ẹ́ níwájú Olúwa Ọlọ́run yín níbi tí Òun yóò yàn.
২০যিহোৱাই যি ঠাইত মনোনীত কৰিব সেই ঠাইত আপোনাৰ ঈশ্বৰ যিহোৱাৰ সাক্ষাতে আপুনি আপোনালোকৰ সপৰিয়ালে তাক প্ৰতিবছৰে আহাৰ হিচাপে গ্রহণ কৰিব।
21 Bí ẹran ọ̀sìn kan bá ní àbùkù: bóyá ó yarọ, tàbí fọ́jú, tàbí tí ó ní èyíkéyìí àbùkù tó burú. Ẹ kò gbọdọ̀ fi rú ẹbọ sí Olúwa Ọlọ́run yín.
২১যদি তাত কোনো ঘুণীয়া থাকে, অৰ্থাৎ সেইবোৰত যদি খোৰা, কণা, বা আন প্ৰকাৰৰ কোনো ঘুণ থকা হয়, তেন্তে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে তাক উৎসৰ্গ নকৰিব।
22 Ẹ jẹ ẹ́ ní ìlú u yín. Àti ẹni tí a kà sí mímọ́ àti aláìmọ́ ni ó lè jẹ ẹ́ bí ìgbà tí a ń jẹ èsúró tàbí àgbọ̀nrín.
২২আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত তাক খাব। শুচি আৰু অশুচি সকলো লোকে সমানে কৃষ্ণসাৰ বা হৰিণাৰ মাংস খোৱাৰ দৰে তাক খাব পাৰিব।
23 Ṣùgbọ́n ẹ̀yin kò gbọdọ̀ jẹ ẹ̀jẹ̀, ẹ dà á síta bí omi.
২৩আপুনি কেৱল তাৰ তেজ নাখাব; তাক পানীৰ দৰে মাটিত ঢালি পেলাব।

< Deuteronomy 15 >