< Deuteronomy 14 >
1 Ọmọ Olúwa Ọlọ́run yín ni ẹ̀yin jẹ́: nítorí náà, ẹ má ṣe ya ara yín ní abẹ. Ẹ má ṣe gé irun iwájú orí yín nítorí òkú.
১আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ সন্তান। আপোনালোকে মৰা মানুহৰ কাৰণে শোক প্রকাশ কৰিবলৈ নিজৰ শৰীৰত কাটকুট নকৰিব বা মূৰৰ চুলি নুখুৰাব।
2 Nítorí pé ènìyàn mímọ́ ní ẹ jẹ́ fún Olúwa Ọlọ́run yín, nínú gbogbo ènìyàn tí ó wà lórí ilẹ̀ ayé, Ọlọ́run ti yàn yín láti jẹ́ ìṣúra iyebíye rẹ̀.
২কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি; পৃথিবীত থকা সকলো জাতিৰ মাজৰ পৰা যিহোৱাই আপোনালোকক মনোনীত কৰিলে যাতে আপোনালোক তেওঁৰ নিজৰ বিশেষ সম্পত্তি হয়।
3 Ẹ má ṣe jẹ ohun ìríra kankan.
৩আপোনালোকে কোনো ঘিণলগীয়া বস্তু নাখাব।
4 Àwọn wọ̀nyí ni ẹranko tí ẹ lè máa jẹ: màlúù, àgùntàn àti ewúrẹ́,
৪আপোনালোকে খাব পৰা পশু এইবোৰ; গৰু, মেৰ, ছাগলী,
5 àgbọ̀nrín, èsúró, etu, àgóró, ẹfọ̀n, ìgalà àti àgùntàn igbó.
৫হৰিণা, কৃষ্ণসাৰ, যহমুৰ পহু, বনৰীয়া ছাগলী, দীচোন পশু, টৱো আৰু পৰ্বতীয়া মেৰ-ছাগ।
6 Ẹ lè jẹ gbogbo ẹranko tí pátákò ẹsẹ̀ rẹ̀ kì í ṣe méjì tí ó sì tún jẹ àpọ̀jẹ.
৬যিবোৰ জন্তুৰ খুৰা সম্পূৰ্ণকৈ দুফাল আৰু ঘাঁহ পাগুলে, সেই সকলো পশু আপোনালোকে খাব পাৰিব।
7 Síbẹ̀síbẹ̀ nínú gbogbo ẹran tí ń jẹ àpọ̀jẹ tí ó sì tún ya pátákò ẹsẹ̀ tí ẹ kò gbọdọ̀ jẹ ni: ìbákasẹ, ehoro, àti ẹranko tí ó dàbí ehoro tí ń gbé inú àpáta. Bí ó tilẹ̀ jẹ́ pé wọ́n jẹ àpọ̀jẹ, ṣùgbọ́n wọn kò la pátákò ẹsẹ̀, a kà wọ́n sí àìmọ́ fún yín.
৭তথাপিও এইবোৰৰ মাজত যিবোৰে ঘাঁহ পাগুলে বা খুৰা দুফাল হোৱা পশুবোৰৰ মাজত আপোনালোকে এইবোৰ খাব নালাগে: উট, শহা আৰু চাফন পহু। কাৰণ সেইবোৰে ঘাঁহ পাগুলে হয়, কিন্তু খুৰা দুফাল নহয়; সেইবোৰ আপোনালোকৰ কাৰণে অশুচি।
8 Ẹlẹ́dẹ̀ jẹ́ àìmọ́; bí ó tilẹ̀ jẹ́ pé ó ya pátákò ẹsẹ̀, kì í jẹ àpọ̀jẹ, ẹ kò gbọdọ̀ jẹ ẹran rẹ̀, ẹ kò sì gbọdọ̀ fọwọ́ kan òkú rẹ̀.
৮গাহৰি অশুচি। কাৰণ তাৰ খুৰা দুফাল হলেও সি ঘাঁহ পাগুলি নাথাকে, সি আপোনালোকৰ পক্ষে অশুচি। আপোনালোকে সেইবোৰৰ মাংস নাখাব, সেইবোৰৰ শৱকো নুচুব।
9 Nínú gbogbo ẹ̀dá alààyè tí ń gbé inú omi, ẹ lè jẹ èyíkéyìí tí ó ní lẹbẹ àti ìpẹ́.
৯পানীত বাস কৰা প্রাণীবোৰৰ মাজত যিবোৰৰ পাখি আৰু বাকলি আছে, সেইবোৰ আপোনালোকে খাব পাৰিব।
10 Ṣùgbọ́n èyíkéyìí tí kò bá ní lẹbẹ àti ìpẹ́, ẹ má ṣe jẹ ẹ́, nítorí pé àìmọ́ ni wọ́n jẹ́ fún yín.
১০কিন্তু যিবোৰৰ পাখি আৰু বাকলি নাই, সেইবোৰ নাখাব। সেইবোৰ আপোনালোকৰ কাৰণে অশুচি।
11 Ẹ lè jẹ ẹyẹ tí ó bá mọ́.
১১আপোনালোকে সকলোবিধৰ শুচি চৰাই খাব পাৰিব।
12 Ṣùgbọ́n ìwọ̀nyí ní ẹ kò gbọdọ̀ jẹ: idì, igún, àkàlà,
১২কিন্তু আপোনালোকে এইবোৰ খাব নোৱাৰিব: ঈগল, শগুণ, শেন,
13 onírúurú àṣá àti àṣá alátagbà,
১৩শঙ্কৰ চিলনী, ৰঙা চিলনী, সকলোবিধৰ মটিয়া চিলনী,
15 ògòǹgò, òwìwí, pẹ́pẹ́yẹdò àti onírúurú àwòdì,
১৫উট চৰাই, ৰাতি-শেন, গঙ্গা-চিলনী, সকলোবিধৰ শেন জাতীয়;
১৬ফেঁচা, হুদু, বগা-ফেঁচা,
17 òwìwí ọ̀dàn, àkàlà, ìgò,
১৭হাড়গিলা, ঢোঁৰা কাউৰী, মাছৰোকা,
18 àkọ̀, òòdẹ̀, onírúurú ẹyẹ odò mìíràn, atọ́ka àti àdán.
১৮বৰটোকোলা, সকলো বিধৰ বগলী, ৰাজহংস আৰু বাদুলী।
19 Àti gbogbo kòkòrò tí ń fò tí wọ́n ń kọ́wọ̀ọ́ rìn jẹ́ aláìmọ́ fun un yín, ẹ má ṣe jẹ wọ́n.
১৯জাক বান্ধি উৰি ফুৰা সকলো পতঙ্গ আপোনালোকৰ কাৰণে অশুচি হ’ব; সেইবোৰ খাব নালাগে।
20 Ṣùgbọ́n ẹ lè jẹ èyíkéyìí ẹ̀dá abìyẹ́ tí ó bá mọ́.
২০কিন্তু আন পাখি থকা শুচি প্রণীবোৰ আপোনালোকে খাব পাৰিব।
21 Ẹ má ṣe jẹ ohun tí ó ti kú sílẹ̀. Ẹ lè fún àwọn àjèjì tí ń gbé ní èyíkéyìí nínú ìlú yín. Òun lè jẹ ẹ́ tàbí kí ẹ tà á fún àwọn àjèjì. Ṣùgbọ́n ènìyàn mímọ́ fún Olúwa Ọlọ́run yín ni ẹ̀yin jẹ́. Ìwọ kò gbọdọ̀ ṣe ewúrẹ́ nínú wàrà ìyá rẹ̀.
২১নিজে মৰি পৰি থকা কোনো পশু আপোনালোকে নাখাব। কিয়নো আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে এক পবিত্ৰ জাতি। কিন্তু আপোনাৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা কোনো বিদেশীক তাক দিব পাৰিব আৰু তেওঁলোকে তাক খাব পাৰিব নাইবা আপোনালোকে কোনো বিদেশীৰ ওচৰত তাক বিক্রী কৰিব পাৰিব। ছাগলী পোৱালিৰ মাংস তাৰ মাকৰ গাখীৰত নিসিজাব।
22 Ẹ rí i dájú pé ẹ̀ ń fi ìdákan nínú mẹ́wàá nínú ìre oko yín lọ́dọọdún pamọ́ sí apá kan.
২২বছৰে বছৰে উৎপন্ন হোৱা খেতিৰ শস্যৰ দশম ভাগ আপোনালোকে পৃথক কৰি থব।
23 Ẹ jẹ ìdámẹ́wàá oúnjẹ yín, wáìnì tuntun, òróró, àti àkọ́bí àwọn màlúù yín àti ewúrẹ́ ẹ yín, níwájú Olúwa Ọlọ́run yín, ní ibi tí yóò yàn bí ibùgbé orúkọ rẹ̀. Kí ẹ lè kọ́ bí a ṣé ń bu ọlá fún Olúwa Ọlọ́run yín nígbà gbogbo.
২৩যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নামৰ বাসস্থান কৰিবৰ কাৰণে মনোনীত কৰিলে, সেই ঠাইত আপোনালোকৰ শস্য, নতুন দ্রাক্ষাৰস, তেলৰ দশম ভাগ আৰু নিজৰ গৰু, মেৰ-ছাগ, ছাগলীৰ প্রথমে জগাবোৰক আপোনালোকে ঈশ্বৰ যিহোৱাৰ সন্মুখত খাব: তাতে আপোনালোকে ঈশ্বৰ যিহোৱাক ভয় ভক্তি কৰিবলৈ শিকিব।
24 Bí ibẹ̀ bá jì tí Olúwa Ọlọ́run rẹ sì ti bùkún fún ọ, tí o kò sì le ru àwọn ìdámẹ́wàá rẹ (nítorí pé ibi tí Olúwa yóò yàn láti fi orúkọ rẹ̀ sí jìnnà jù).
২৪কিন্তু যি ঠাই আপোনালোকৰ ঈশ্বৰ যিহোৱাই নিজৰ নাম স্থাপন কৰিবৰ অর্থে মনোনীত কৰিব, যদি সেই ঠাই বহু দূৰৈত হয় আৰু তাৰ কাৰণে আপোনালোকৰ যাত্রাও ইমান দীঘলীয়া হয় যে আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আশীৰ্ব্বাদত পোৱা দশম ভাগৰ বস্তু তালৈ নিব নোৱাৰিব।
25 Ẹ pààrọ̀ àwọn ìdámẹ́wàá yín sí owó, ẹ mú owó náà lọ sí ibi tí Olúwa yóò yàn.
২৫তেন্তে সেই উৎসর্গিত বস্তু বিক্রি কৰি তাৰ ধন লৈ আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ মনোনীত ঠাইলৈ যাব।
26 Fi owó náà ra ohunkóhun tí o bá fẹ́, màlúù, àgùntàn, wáìnì, tàbí ọtí líle, tàbí ohunkóhun tí o bá fẹ́. Kí ìwọ àti ìdílé rẹ sì jẹ ẹ́ níwájú Olúwa níbẹ̀ kí ẹ sì máa yọ̀.
২৬আপোনালোকে সেই ধনেৰে নিজৰ ইচ্ছামতে বস্তু কিনিব, যেনে গৰু, মেৰ-ছাগ, ছাগলী নাইবা দ্ৰাক্ষাৰস বা সুৰা বা আপোনালোকৰ মনৰ ইচ্ছাৰ যি কোনো বস্তু। সেইবোৰ কিনি আপোনালোকে আপোনালোকৰ সপৰিয়ালক লৈ সেই ঠাইতে আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ আগত আহাৰ গ্রহণ কৰি আনন্দ কৰিব।
27 Ẹ má ṣe gbàgbé àwọn Lefi tí ó ń gbé nì ìlú yín, nítorí pé wọn kò ní ìpín kan tàbí ogún kan tí í ṣe tiwọn.
২৭আপোনালোকৰ নগৰৰ দুৱাৰৰ ভিতৰত থকা যি লেবীয়াসকল তেওঁলোকক নাপাহৰিব; কিয়নো নিজৰ বুলিবলৈ তেওঁলোকৰ কোনো অংশ বা আধিপত্য নাই।
28 Ní òpin ọdún mẹ́ta mẹ́ta, ẹ̀yin yóò mú gbogbo ìdámẹ́wàá ìre oko àwọn ọdún náà, kí ẹ kó wọn jọ ní ìlú yín.
২৮প্ৰত্যেক তৃতীয় বছৰৰ শেষত, আপোনালোকৰ সেই বছৰৰ উৎপাদিত শস্যৰ দশম ভাগ উলিয়াই আনি আপোনালোকে নগৰৰ দুৱাৰৰ ভিতৰত জমা কৰিব।
29 Kí àwọn Lefi (tí kò ní ìpín tàbí ogún tiwọn) àti àwọn àjèjì, àwọn aláìní baba, àti àwọn opó tí ń gbé ìlú yín lè wá, kí wọn sì jẹ kí wọn sì yó, kí Olúwa Ọlọ́run rẹ le è bùkún fún ọ, nínú gbogbo iṣẹ́ ọwọ́ rẹ.
২৯তাতে লেবীয়াসকল, যি সকলৰ নিজৰ বুলিবলৈ কোনো আধিপত্য নাই, তেওঁলোকৰ লগতে সেই নগৰৰ বিদেশী বাসিন্দাসকল, বিধৱা আৰু পিতৃহীন ল’ৰা-ছোৱালীবোৰে তৃপ্তিৰে খাবলৈ পাব। আপোনালোকৰ হাতে কৰা এই সকলো কাৰ্যত আপোনালোকৰ ঈশ্বৰ যিহোৱাই আশীৰ্ব্বাদ কৰিবৰ কাৰণে ইয়াকে কৰিব।