< Deuteronomy 10 >
1 Nígbà náà ni Olúwa wí fún mi pé, “Gbé wàláà òkúta méjì bí i ti àkọ́kọ́ kí o sì gòkè tọ̀ mí wá. Kí o sì tún fi igi kan àpótí kan.
১সেই সময়ত যিহোৱাই মোক কৈছিল, “তুমি আগৰ বাৰৰ দৰেই দুখন শিলৰ ফলি কাটি লোৱা আৰু পর্বতৰ ওপৰত মোৰ ওচৰলৈ উঠি আহাঁ। তাৰ লগতে কাঠৰ এটা চন্দুকো নিৰ্ম্মাণ কৰি ল’বা।
2 Èmi yóò sì kọ ọ̀rọ̀ tí ó wà lára wàláà àkọ́kọ́ tí ìwọ fọ́, sára wàláà wọ̀nyí. Ìwọ yóò sì fi wọ́n sínú àpótí náà.”
২তুমি আগেয়ে যি দুখন শিলৰ ফলি ভাঙি পেলালা তাৰ ওপৰত যি কথা লিখা আছিল, মই তাকে এই ফলি দুখনত লিখি দিম। পাছত তুমি সেই দুখন লৈ চন্দুকত ভৰাই থবা।”
3 Mo sì kan àpótí náà pẹ̀lú igi kasia, mo sì gbẹ́ wàláà òkúta méjì náà jáde bí i ti ìṣáájú. Mo sì gòkè lọ pẹ̀lú wàláà méjèèjì lọ́wọ́ mí.
৩সেইবাবে মই চিটীম কাঠৰ এটা চন্দুক সাজিছিলোঁ আৰু আগৰ দৰেই শিলৰ দুখন ফলি কাটি লৈছিলোঁ; তাৰ পাছত ফলি দুখন হাতত লৈ পৰ্বতৰ ওপৰলৈ উঠি গ’লো।
4 Olúwa tún ohun tí ó ti kọ tẹ́lẹ̀ kọ sórí wàláà wọ̀nyí. Àwọn òfin mẹ́wẹ̀ẹ̀wá tí ó ti sọ fún un yín lórí òkè, láàrín iná, ní ọjọ́ ìpéjọpọ̀. Olúwa sì fi wọ́n fún mi.
৪যিহোৱাই প্রথম ফলি দুটাৰ ওপৰত যি কথা লিখিছিল, এই দুটাৰ ওপৰতো তাকে লিখি ফলি দুখন মোক দিলে। এই কথাবোৰেই হৈছে তেওঁৰ দহ আজ্ঞা যি তেওঁ আপোনালোক সকলো একগোট হোৱা দিনা পৰ্বতৰ ওপৰত জুইৰ মাজৰ পৰা আপোনালোকক কৈছিল।
5 Mo sì sọ̀kalẹ̀ láti orí òkè náà, mo sì ki àwọn wàláà òkúta náà sínú àpótí tí mo ti kàn, bí Olúwa ti pàṣẹ fún mi, wọ́n sì wà níbẹ̀ di ìsinsin yìí.
৫তাৰ পাছত যিহোৱাৰ আজ্ঞা অনুসাৰে মই পৰ্বতৰ পৰা উভটি নামি আহি মই তৈয়াৰ কৰা সেই চন্দুকৰ ভিতৰত ফলি দুখন থলোঁ; সেইবোৰ এতিয়াও তাতে আছে।’
6 (Àwọn ará Israẹli sì gbéra láti kànga àwọn ará Jaakani dé Mosera. Níbí ni Aaroni kú sí, tí a sì sin ín, Eleasari ọmọ rẹ̀ sì rọ́pò rẹ̀ bí i àlùfáà.
৬তাৰ পাছত ইস্ৰায়েলীয়াসকল বোৰোৎবনেই যাকনৰ পৰা মোচেৰালৈ যাত্ৰা কৰিছিল; সেই ঠাইতে হাৰোণৰ মৃত্যু হৈছিল আৰু তেওঁক মৈদাম দিয়া হ’ল; তেওঁৰ পুত্ৰ ইলিয়াজৰে তেওঁৰ সলনি পুৰোহিতৰ কাৰ্য কৰিবলৈ ধৰিলে।
7 Láti ibẹ̀ ni wọ́n ti rìn lọ sí Gudgoda, títí dé Jotbata, ilẹ̀ tí o kún fún odò tí ó ń sàn.
৭সেই ঠাইৰ পৰা তেওঁলোকে গুদগোদালৈ যাত্ৰা কৰিছিল আৰু তাৰ পৰা যটবাথালৈ গৈছিল। যটবাথাত বহুতো জুৰি আছিল।
8 Ní ìgbà yìí ni Olúwa yan àwọn ẹ̀yà Lefi láti máa ru àpótí ẹ̀rí Olúwa, láti máa dúró níwájú Olúwa láti ṣe iṣẹ́ ìránṣẹ́, àti láti fi orúkọ Olúwa súre bí wọ́n ti ń ṣe títí di òní yìí.
৮সেই সময়ত, যিহোৱাই তেওঁৰ নিয়ম চন্দুক বৈ নিবৰ কাৰণে, পুৰোহিতৰ কার্য কৰিবৰ উদ্দেশ্যে তেওঁৰ সন্মুখত থিয় হবলৈ আৰু তেওঁৰ নামত লোকসকলক আশীৰ্ব্বাদ কৰিবলৈ লেবীয়া ফৈদক মনোনীত কৰিলে। এই সকলো কাম তেওঁলোকে এতিয়ালৈকে কৰি আছে।
9 Ìdí nìyí tí àwọn ẹ̀yà Lefi kò fi ní ìpín tàbí ogún kan láàrín àwọn arákùnrin wọn. Olúwa ni ogún wọn gẹ́gẹ́ bí Olúwa Ọlọ́run ti sọ fún un yín.)
৯সেই কাৰণে লেবীয়াসকলে তেওঁলোকৰ ইস্রায়েলীয়া ককাই ভাইসকলৰ মাজত সম্পত্তিৰ কোনো ভাগ বা দেশৰ অধিকাৰ পোৱা নাই। আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ কথা অনুসাৰে যিহোৱাই তেওঁলোকৰ আধিপত্য।
10 Mo tún dúró ní orí òkè náà fún ogójì ọ̀sán àti ogójì òru, bí mo ti ṣe ní ìgbà àkọ́kọ́, Olúwa sì gbọ́ tèmi ní àkókò yìí bákan náà. Kì í ṣe ìfẹ́ rẹ̀ láti run yín.
১০পূৰ্বৰ দৰেই সেইবাৰো মই চল্লিশ দিন আৰু চল্লিশ ৰাতি পৰ্বতৰ ওপৰত আছিলোঁ আৰু সেই সময়তো যিহোৱাই মোৰ নিবেদন শুনিছিল। আপোনালোকক ধ্বংস কৰি দিয়াৰ ইচ্ছা যিহোৱাৰ নাছিল।
11 Olúwa sọ fún mi pé, “Lọ darí àwọn ènìyàn wọ̀nyí ní ọ̀nà wọn, kí wọn bá à lè wọ ilẹ̀ náà, kí wọn sì gba ilẹ̀ tí mo ti búra fún àwọn baba wọn láti fún wọn.”
১১যিহোৱাই মোক কৈছিল, “তুমি উঠি লোকসকলক পৰিচালনা কৰি আগে আগে যাত্ৰা কৰা; মই তেওঁলোকৰ পূর্বপুৰুষসকলৰ ওচৰত যি দেশ দিবলৈ প্রতিজ্ঞা কৰিছিলোঁ সেই দেশলৈ গৈ তেওঁলোকে যেন তাক অধিকাৰ কৰে।”
12 Nísinsin yìí ìwọ Israẹli, kín ni ohun tí Olúwa Ọlọ́run rẹ béèrè lọ́wọ́ rẹ? Bí kò ṣe kí ìwọ bẹ̀rù Olúwa Ọlọ́run rẹ àti láti máa rìn ní gbogbo ọ̀nà rẹ̀, láti fẹ́ràn rẹ̀, láti fi gbogbo ọkàn rẹ sin Olúwa Ọlọ́run rẹ ọkàn àti àyà rẹ,
১২ইস্ৰায়েলীয়াসকল, আপোনালোকৰ ঈশ্বৰ যিহোৱাই এতিয়া আপোনালোকৰ পৰা কি বিচাৰিছে? তেওঁ কেৱল বিচাৰিছে যেন আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাক ভয় কৰে, তেওঁৰ সকলো পথত চলে, তেওঁক প্ৰেম কৰে, আপোনালোকৰ সকলো মন আৰু প্ৰাণেৰে সৈতে ঈশ্বৰ যিহোৱাৰ আৰাধনা কৰে;
13 àti láti máa kíyèsi àṣẹ àti ìlànà Olúwa tí mo ń fún ọ lónìí, fún ìre ara à rẹ.
১৩লগতে আপোনালোকৰ ভালৰ কাৰণে আজি মই আপোনালোকৰ ওচৰত যিহোৱাৰ যি সকলো আজ্ঞা আৰু বিধি আপোনালোকক দিছো, সেই সকলোকে যেন পালন কৰে।
14 Bí ó tilẹ̀ jẹ́ wí pé Olúwa Ọlọ́run yín ni ó ni ọ̀run àní àwọn ọ̀run tó ga ju ayé àti ohun gbogbo tí ó wà nínú rẹ̀.
১৪শুনক, আকাশ আৰু তাৰ ওপৰৰ সকলোবোৰেই, পৃথিৱী আৰু তাত থকা সকলোবোৰেই আপোনালোকৰ ঈশ্বৰ যিহোৱাৰ।
15 Síbẹ̀ Olúwa sì tún fi ìfẹ́ rẹ̀ hàn fún àwọn baba ńlá a yín, Ó sì fẹ́ wọn Ó sì yan ẹ̀yin ọmọ wọn láti borí gbogbo orílẹ̀-èdè títí di òní.
১৫কেৱল আপোনালোকৰ পূর্বপুৰুষসকলৰ প্রতি যিহোৱা সন্তুষ্ট আছিল বাবেই তেওঁ তেওঁলোকক প্ৰেম কৰিছিল। তেওঁ তেওঁলোকৰ পাছত, তেওঁলোকৰ বংশধৰ আপোনালোকক আন সকলো জাতিৰ মাজৰ পৰা বাচি ল’লে। আজিও আপোনালোক তেওঁৰ সেই মনোনীত জাতি।
16 Ẹ kọ ọkàn yín ní ilà, kí ẹ má sì ṣe jẹ́ olórí kunkun mọ́ láti òní lọ.
১৬সেয়ে, আপোনালোকে আপোনালোকৰ অন্তঃকৰণৰ চুন্নত কৰক; আপোনালোক ঠৰডিঙীয়া নহ’ব।
17 Torí pé Olúwa Ọlọ́run yín, ni Ọlọ́run àwọn ọlọ́run àti Olúwa àwọn olúwa. Ọlọ́run alágbára, tí ó tóbi tí ó sì lẹ́rù, tí kì í ṣe ojúsàájú kì í sì í gba àbẹ̀tẹ́lẹ̀.
১৭কিয়নো আপোনালোকৰ ঈশ্বৰ যিহোৱা, ঈশ্বৰৰো ঈশ্বৰ আৰু প্ৰভুৰো প্ৰভু, মহান ঈশ্বৰ; পৰাক্রমী আৰু ভয়ঙ্কৰ ঈশ্বৰ; কাৰো মুখলৈ নাচায় আৰু উৎকোচো নলয়।
18 Ó máa ń gbẹjọ́ aláìní baba àti opó rò, Ó fẹ́ràn àjèjì, Òun fi aṣọ àti oúnjẹ fún wọn.
১৮তেওঁ পিতৃহীন আৰু বিধৱাৰ বিচাৰ নিস্পত্তি কৰোঁতা আৰু বিদেশীক এনে দৰে প্ৰেম কৰে যে তেওঁলোকক অন্ন-বস্ত্ৰও দিয়ে।
19 Ẹ gbọdọ̀ fẹ́ràn àwọn àjèjì, torí pé ẹ̀yin pẹ̀lú ti jẹ́ àjèjì rí ní Ejibiti.
১৯আপোনালোকেও বিদেশীক প্ৰেম কৰিব; কিয়নো মিচৰ দেশত আপোনালোকো বিদেশী আছিল।
20 Ẹ bẹ̀rù Olúwa Ọlọ́run yín, ẹ sì máa sìn ín. Ẹ dìímú ṣinṣin, kí ẹ sì búra ní orúkọ rẹ̀.
২০আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহোৱাকেই ভয় কৰিব আৰু তেওঁৰেই আৰাধনা কৰিব; তেওঁতেই লাগি থাকিব আৰু তেওঁৰ নামেৰেই প্রতিজ্ঞা কৰিব।
21 Òun ni ìyìn in yín, Òun sì ni Ọlọ́run yín, tí ó ṣe àwọn iṣẹ́ ìyanu ńlá àti ohun ẹ̀rù, tí ẹ fojú ara yín rí.
২১তেওঁৱেই আপোনালোকৰ প্ৰশংসা, তেওঁৱেই আপোনালোকৰ ঈশ্বৰ। আপোনালোকে নিজ চকুৰে যি সকলো মহৎ আৰু ভয়ঙ্কৰ কাৰ্যবোৰ দেখিছে তাক তেওঁ আপোনালোকৰ কাৰণেই কৰিছে।
22 Àádọ́rin péré ni àwọn baba ńlá a yín tí ó sọ̀kalẹ̀ lọ sí Ejibiti, ṣùgbọ́n Olúwa Ọlọ́run yín ti mú un yín pọ̀ sí i ní iye bí àwọn ìràwọ̀ ojú ọ̀run.
২২আপোনালোকৰ যি পূৰ্ব–পুৰুষসকল মিচৰলৈ গৈছিল তেওঁলোক সংখ্যাত মাত্র সত্তৰ জন আছিল আৰু এতিয়া আপোনালোকৰ ঈশ্বৰ যিহোৱাই আপোনালোকৰ সংখ্যা আকাশৰ তৰাবোৰৰ দৰে অসংখ্য কৰিলে।