< Daniel 9 >

1 Ní ọdún kìn-ín-ní Dariusi ọmọ Ahaswerusi, ẹni tí a bí ní Media, òun ló jẹ ọba lórí ìjọba Babeli.
মাদিয়া বংশৰ অহচবেৰোচৰ পুত্ৰ দাৰিয়াবচক কলদীয়া ৰাজ্যৰ ওপৰত ৰজা পতা হৈছিল।
2 Ní ọdún kìn-ín-ní ìjọba rẹ̀, èmi Daniẹli fi iyè sí i láti inú ìwé, gẹ́gẹ́ bí ọ̀rọ̀ Olúwa tí wòlíì Jeremiah, wá pé, àádọ́rin ọdún ni Jerusalẹmu yóò fi wà ní ahoro.
দাৰিয়াবচৰ ৰাজত্ব কালৰ প্ৰথম বছৰত মই দানিয়েলে, ভাববাদী যিৰিমিয়ালৈ অহা যিহোৱাৰ বাক্য থকা পুথি পঢ়িছিলো। মই পঢ়ি জানিব পাৰিছিলো যে, ইয়াত সত্তৰ বছৰলৈকে যিৰূচালেম ত্যাগ কৰা সমাপ্ত কৰা হ’ব।
3 Nígbà náà, ni mo yípadà sí Olúwa Ọlọ́run, mo bẹ̀ ẹ́ pẹ̀lú àdúrà àti ẹ̀bẹ̀, pẹ̀lú àwẹ̀, aṣọ ọ̀fọ̀ àti eérú.
তেতিয়া মই লঘোন দি, চট কাপোৰ পিন্ধি, ছাঁইত বহি, অনুৰোধ আৰু প্ৰাৰ্থনাৰে প্ৰভু ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিবলৈ মই তেওঁলৈ মুখ কৰিলোঁ।
4 Mo gbàdúrà sí Olúwa Ọlọ́run mi, mo sì jẹ́wọ́ wí pé: “Ìwọ Olúwa, Ọlọ́run tí ó tóbi, tí ó sì ní ẹ̀rù, ẹni tí ń pa májẹ̀mú ìfẹ́ mọ́, pẹ̀lú àwọn tí ó ní ìfẹ́ rẹ̀ àti àwọn tí ó ń pa àwọn òfin rẹ̀ mọ́.
মই মোৰ ঈশ্বৰ যিহোৱাৰ আগত প্ৰাৰ্থনা কৰিলোঁ, আৰু পাপ স্বীকাৰ কৰি কলোঁ, “হে প্ৰভু আবেদন কৰোঁ, আপুনি মহান আৰু অসাধাৰণ, আপোনাক ভাল পোৱা আৰু আপোনাৰ আজ্ঞা পালন কৰা সকললৈ আপুনি বিশ্ৱাসযোগ্য নিয়ম স্থিৰ কৰা ঈশ্বৰ,
5 Àwa ti ṣẹ̀, a sì ti ṣe búburú. Àwa ti hu ìwà búburú, a sì ti ṣe ọ̀tẹ̀, a ti yí padà kúrò nínú àwọn àṣẹ àti àwọn ìlànà rẹ̀.
আমি পাপ কৰিলোঁ, অসৎ কাৰ্য, দুষ্কৰ্ম, আৰু বিদ্ৰোহ আচৰণ কৰিলোঁ, আৰু তোমাৰ আজ্ঞা আৰু বিধান ত্যাগ কৰিলোঁ;
6 Àwa kò fetí sí àwọn wòlíì ìránṣẹ́ rẹ, ẹni tí ó sọ̀rọ̀ ní orúkọ rẹ sí àwọn ọba wa, àwọn ọmọ-aládé àti àwọn baba wa, àti sí gbogbo ènìyàn ilẹ̀ náà.
আপোনাৰ দাস যি ভাববাদীসকলে আমাৰ ৰজা, মুখ্যলোক, পূৰ্বপুৰুষ, আৰু দেশৰ সকলো লোকক আপোনাৰ নামেৰে কথা কৈছিল, আমি তেওঁলোকৰ কথা শুনা নাছিলোঁ।
7 “Olúwa ìwọ ni olódodo, ṣùgbọ́n báyìí ìtìjú dé bá àwọn ènìyàn Juda, àwọn ènìyàn Jerusalẹmu àti gbogbo Israẹli ní gbogbo orílẹ̀-èdè tí ìwọ ti fọ́n wa ká sí nítorí àìṣòótọ́ ọ wa sí ọ.
হে প্ৰভু ধৰ্মিকতা আপোনাৰেই; যিহূদাৰ লোক, যিৰূচালেম নিবাসী, আৰু সকলো ইস্রায়েল লোকৰ আজি মুখ বিবৰ্ণ হৈছে। আপোনাৰ বিৰুদ্ধে কৰা বিশ্বাসঘাতৰ বাবে আপোনাৰ দ্বাৰাই কৰা সকলো দেশত ছিন্ন-ভিন্ন হোৱা, ওচৰত থকা আৰু দূৰত থকা সকলো ইস্ৰায়েলী লোকসকলৰ মুখ বিবৰ্ণ হৈছে।
8 Háà! Olúwa, àwa àti àwọn ọba wa, àwọn ọmọ-aládé, àti àwọn baba wa, ìtìjú dé bá wa nítorí àwa ti dẹ́ṣẹ̀ sí ọ.
হে প্ৰভু, আমাৰ ৰজাসকল, মুখ্য লোকসকল, আৰু আমাৰ পূৰ্বপুৰুষসকলৰ মুখ বিবৰ্ণ হৈছে; কাৰণ আমি আপোনাৰ বিৰুদ্ধে পাপ কৰিলোঁ।
9 Olúwa Ọlọ́run wa ní àánú, ó sì ń dáríjì, bí àwa tilẹ̀ ti ṣe ọ̀tẹ̀ sí i;
আমি তেওঁৰ বিৰুদ্ধে কৰা বিদ্ৰোহৰ বাবে দয়া আৰু ক্ষমা আমাৰ প্ৰভু ঈশ্বৰৰেই আছে;
10 àwa kò gbọ́rọ̀ sí Olúwa Ọlọ́run wa, a kò sì pa àwọn òfin rẹ mọ́, èyí tí ó fún wa nípasẹ̀ àwọn wòlíì ìránṣẹ́ rẹ̀.
১০আমাৰ ঈশ্বৰ যিহোৱাৰ বাক্য আমি শুনা নাই, আৰু তেওঁৰ দাস ভাববাদীসকলৰ দ্বাৰাই আমাক দিয়া বিধানবোৰো মানি চলা নাই।
11 Gbogbo Israẹli ti ṣẹ̀ sí òfin rẹ, wọ́n ti yípadà kúrò ní ọ̀dọ̀ rẹ, wọ́n kọ̀ láti ṣe ìgbọ́ràn sí ọ. “Nígbà náà ni ègún àti ìdájọ́ tí a kọ sílẹ̀ pẹ̀lú ìbúra nínú òfin Mose ìránṣẹ́ Ọlọ́run dà sórí i wa, nítorí tí àwa ti sẹ̀ sí ọ.
১১ইস্ৰায়েলী লোকসকলে আপোনাৰ বিধান লঙ্ঘন কৰিলে, আৰু বিপথগামী হৈ আপোনাৰ কথা মানি চলিবলৈ অমান্তি হ’ল। ঈশ্বৰৰ দাস মোচিৰ বিধানত লিখা শাও আৰু শপত আমাৰ ওপৰত অধিক পৰিমাণে ফলিয়ালে; কাৰণ আমি তেওঁৰ বিৰুদ্ধে পাপ কৰিলোঁ।
12 Ìwọ ti mú ọ̀rọ̀ tí o sọ sí wa sẹ àti lórí àwọn alákòóso wa, nípa mímú kí ibi ńlá bá wa, irú èyí tí kò tí ì ṣẹlẹ̀ rí lábẹ́ ọ̀run, bí ó ti ṣẹlẹ̀ sí Jerusalẹmu yìí.
১২যিহোৱাই আমাৰ আৰু আমাৰ শাসকসকলৰ বিৰুদ্ধে কোৱা কথা সিদ্ধ কৰিলে, আৰু আমাৰ ওপৰত মহা দুৰ্যোগ আনিলে। কিয়নো যিৰূচালেমলৈ যেনে কৰা হ’ল, গোটেই আকাশ মণ্ডলৰ তলত থকা কোনো ঠাইলৈ তেনে কৰা হোৱা নাই।
13 Bí a ti kọ ọ́ sínú òfin Mose bẹ́ẹ̀ ni gbogbo ibi yìí ti dé bá wa, síbẹ̀ a kò bẹ̀bẹ̀ fún ojúrere Olúwa Ọlọ́run wa, nípa yíyí padà kí a kúrò nínú ẹ̀ṣẹ̀ wa kí a sì mọ òtítọ́ rẹ.
১৩মোচিৰ বিধানত লিখাৰ দৰে, সকলো দুৰ্যোগ আমাৰ ওপৰত আহিল, তথাপি আমি নিজৰ অপৰাধৰ পৰা মন পালটন কৰি আপোনাৰ সত্যতালৈ মনোযোগ দি, আমাৰ ঈশ্বৰ যিহোৱাৰ পৰা অনুগ্ৰহ পাবলৈ প্ৰাৰ্থনা কৰা নাই।
14 Olúwa kò jáfara láti mú ibi náà wá sórí wa, nítorí olódodo ni Olúwa Ọlọ́run wa nínú u gbogbo ohun tí ó ń ṣe; síbẹ̀ àwa kò ṣe ìgbọ́ràn sí i.
১৪সেই কাৰণে যিহোৱাই হাতত ধৰি দুৰ্যোগবোৰ আমাৰ ওপৰলৈ আনিলে; কাৰণ আমাৰ ঈশ্বৰ যিহোৱাই কৰা সকলো কাৰ্য ধর্মময়, তথাপি আমি তেওঁৰ কথা মানি চলা নাই।
15 “Ní ìsinsin yìí, Olúwa Ọlọ́run wa, ẹni tí ó mú àwọn ènìyàn rẹ̀ jáde láti ilẹ̀ Ejibiti wá, pẹ̀lú ọwọ́ agbára, tí ó fún ara rẹ̀ ní orúkọ tí ó wà títí di òní, a ti ṣẹ̀, a sì ti ṣe búburú.
১৫এতিয়া হে আমাৰ প্ৰভু ঈশ্বৰ, মিচৰ দেশৰ পৰা নিজৰ লোকসকলক পৰাক্রমী হাতেৰে উলিয়াই আনিলে, আজিলৈকে আপোনাৰ নাম কীৰ্ত্তিমন্ত কৰি ৰাখিলে। কিন্তু আমি এতিয়াও পাপ, আৰু দুষ্কৰ্ম কৰি আছোঁ।
16 Olúwa, ní ìbámu pẹ̀lú ìwà òdodo rẹ, yí ìbínú àti ìrunú rẹ padà kúrò ní Jerusalẹmu ìlú u rẹ, òkè mímọ́ rẹ. Ẹ̀ṣẹ̀ wa àti àìṣedéédéé àwọn baba wa ti mú Jerusalẹmu àti ènìyàn rẹ di ẹ̀gàn fún gbogbo àwọn tí ó yí wọn ká.
১৬হে প্ৰভু, বিনয় কৰোঁ, আপুনি কৰা সকলো ধাৰ্মিকতাৰ কাৰণে আপোনাৰ নগৰ যিৰূচালেমৰ পৰা, আপোনাৰ পবিত্ৰ পৰ্ব্বতৰ পৰা আপোনাৰ খং আৰু ক্ৰোধ আঁতৰাওক। আমাৰ পাপ আৰু আমাৰ পূৰ্বপুৰুষসকলৰ অপৰাধৰ কাৰণে, যিৰূচালেম আৰু আপোনাৰ লোক, আমাৰ চাৰিওফালে থকা সকলোৰে বাবে ঘৃণাৰ পাত্র হৈছে।
17 “Nísinsin yìí, Ọlọ́run wa, gbọ́ àdúrà àti ẹ̀bẹ̀ ìránṣẹ́ rẹ, nítorí i tìrẹ Olúwa, fi ojú àánú wo ibi mímọ́ rẹ tí ó ti dahoro.
১৭এতেকে হে আমাৰ ঈশ্বৰ, আপোনাৰ এই দাসৰ প্ৰাৰ্থনা আৰু অনুগ্রহৰ বাবে কৰা মিনতি শুনক, আপোনাৰ অভিপ্রায়ৰ বাবে, ধ্বংস হোৱা আপোনাৰ পবিত্র স্থানলৈ আপোনাৰ মুখ উজ্জ্বল কৰক।
18 Tẹ́ etí rẹ sílẹ̀, Ọlọ́run, kí o gbọ́; ya ojú rẹ sílẹ̀, kí o sì wo ìdahoro ìlú tí a ń fi orúkọ rẹ pè. Àwa kò gbé ẹ̀bẹ̀ wa kalẹ̀ níwájú u rẹ nítorí pé a jẹ́ olódodo, bí kò ṣe nítorí àánú ńlá rẹ.
১৮হে মোৰ ঈশ্বৰ, কাণ পাতক; চকু মেলি আমাক চাওক; আমি উচ্ছন্ন হ’লো, আপোনাৰ নামেৰে প্ৰখ্যাত নগৰখনলৈ দৃষ্টি কৰক। আমাৰ ধাৰ্মিকতাৰ কাৰণে নহয়, কিন্তু আপোনাৰ অধিক অনুগ্ৰহৰ কাৰণেহে, আমি আপোনাৰ সহায় পাবলৈ বিনয় কৰিছোঁ।
19 Olúwa, fetísílẹ̀! Olúwa, dáríjì! Olúwa, gbọ́ kí o sì ṣe é! Nítorí i tìrẹ, Ọlọ́run mi, má ṣe pẹ́ títí, nítorí ìlú rẹ àti àwọn ènìyàn rẹ ń jẹ́ orúkọ mọ́ ọ lára.”
১৯হে প্ৰভু, শুনক! হে প্ৰভু, ক্ষমা কৰক! হে প্ৰভু মনোযোগ দিয়ক, আৰু কাৰ্য কৰক! হে মোৰ ঈশ্বৰ, আপোনাৰ অভিপ্রায়ৰ বাবে পলম নকৰিব। আপোনাৰ নগৰ আৰু লোকসকলে আপোনাৰ নামেৰে মাতি আছে।”
20 Bí mo ṣe ń sọ̀rọ̀, tí mo sì ń gba àdúrà, tí mo ń jẹ́wọ́ ẹ̀ṣẹ̀ mi àti ẹ̀ṣẹ̀ àwọn Israẹli ènìyàn mi, tí mo sì ń mú ẹ̀bẹ̀ mi tọ Olúwa Ọlọ́run mi nítorí òkè mímọ́ rẹ.
২০এইদৰে যি সময়ত মই কথা কৈ মোৰ পাপ আৰু মোৰ ইস্ৰায়েলী লোকসকলৰ পাপ স্বীকাৰ কৰি আছিলোঁ, আৰু ঈশ্বৰৰ পবিত্ৰ পৰ্ব্বতৰ হৈ ঈশ্বৰ যিহোৱাৰ আগত মোৰ অনুৰোধ কৰি আছিলোঁ,
21 Bí mo ṣe ń gba àdúrà náà lọ́wọ́, Gabrieli ọkùnrin tí mo rí nínú ìran ìṣáájú, yára kánkán wá sí ọ̀dọ̀ mi ní àkókò ẹbọ àṣálẹ́.
২১এনে কি, গধুলীৰ বলিদান উৎসৰ্গ কৰা সময়ত মই প্রাৰ্থনা কৰি আছিলোঁ, সেই সময়ত আগেয়ে দৰ্শনত দেখা মানুহ যি গাব্ৰিয়েল তেওঁ মোৰ ওচৰলৈ বেগেৰে উড়ি আহিল।
22 Ó jẹ́ kí ó yé mi, ó sì wí fún mi pé, “Daniẹli, mo wá láti jẹ́ kí o mọ̀ kí o sì ní òye.
২২তেওঁ মোক বিবেচনা শক্তি দিলে, আৰু মোক ক’লে, “হে দানিয়েল, তোমাক বিবেচনা শক্তি আৰু অন্তৰ্দৃষ্টি দিবলৈ মই আহিলোঁ।
23 Bí o ṣe bẹ̀rẹ̀ sí nígbà àdúrà, a fún ọ ní ìdáhùn kan, èyí tí mo wá láti sọ fún ọ, nítorí ìwọ jẹ́ àyànfẹ́ gidigidi. Nítorí náà, gba ọ̀rọ̀ náà yẹ̀ wò kí ìran náà sì yé ọ:
২৩যেতিয়া তুমি অনুগ্রহৰ বাবে বিনয় কৰিবলৈ আৰম্ভ কৰিছিলা, তেতিয়াই আজ্ঞা দিয়া হৈছিল, আৰু মই তাক তোমাৰ আগত ক’বলৈ আহিলোঁ, কাৰণ তুমি অতি প্ৰিয়। সেই কাৰণে কথাটো বিবেচনা কৰা, আৰু দৰ্শনৰ কথাবোৰ বুজা।
24 “Àádọ́rin ọ̀sẹ̀ ni a pàṣẹ fún àwọn ènìyàn rẹ àti fún àwọn ìlú mímọ́ rẹ láti parí ìrékọjá, láti fi òpin sí ẹ̀ṣẹ̀, láti ṣe ètùtù sí ìwà búburú, láti mú òdodo títí ayé wá, láti ṣe èdìdì ìran àti wòlíì àti láti fi òróró yan Ibi Mímọ́ Jùlọ.
২৪অধৰ্ম শেষ কৰিবলৈ, পাপৰ অন্ত কৰিবলৈ, পাপৰ প্ৰায়শ্চিত কৰিবলৈ, চিৰস্থায়ী ধাৰ্মিকতা আনিবলৈ, দৰ্শন আৰু ভাববাণী ক’বলৈ, আৰু মহাপবিত্ৰ স্থান অভিষেক কৰিবলৈ, তোমাৰ লোক আৰু তোমাৰ পবিত্র স্থানৰ বাবে সত্তৰ সপ্তাহ নিৰ্ধাৰণ কৰা হৈছে।
25 “Nítorí náà, mọ èyí pé, láti ìgbà tí a ti gbé ọ̀rọ̀ náà jáde wí pé kí a tún Jerusalẹmu ṣe, kí a sì tún kọ́, títí dé ìgbà ọmọ-aládé, ẹni òróró náà, alákòóso wa yóò fi dé, ó jẹ́ ọ̀sẹ̀ méje àti ọ̀sẹ̀ méjìlélọ́gọ́ta, a ó sì tún ìgboro àti yàrá rẹ̀ mọ, ṣùgbọ́n ní àkókò wàhálà ni.
২৫সেয়ে জানি লোৱা আৰু বুজি লোৱা যে, যিৰূচালেম পুনৰ নিৰ্মাণ কৰাৰ আজ্ঞা পোৱাৰ পৰা আৰু অভিষেক কৰা শাসনকৰ্ত্তাজন অহালৈকে সাত সপ্তাহ আৰু বাষষ্ঠি সপ্তাহলৈকে হ’ব। যন্ত্রনাৰ সময়ৰ স্বত্তেও গড়েৰে সৈতে যিৰূচালেমৰ ৰাস্তা পুনৰ নিৰ্মাণ কৰা হ’ব।
26 Lẹ́yìn ọ̀sẹ̀ méjìlélọ́gọ́ta, a ó ké Ẹni òróró náà kúrò, kò sì ní ní ohun kan. Àwọn ènìyàn ọmọ-aládé náà tí yóò wá ni yóò pa ìlú náà àti ibi mímọ́ run. Òpin yóò dé bí ìkún omi, ogun yóò máa jà títí dé òpin, a sì ti pàṣẹ ìdahoro.
২৬বাষষ্টি সপ্তাহৰ পাছত, অভিষিক্ত লোকসকলক উচ্ছন্ন কৰা হ’ব, আৰু কোনো নাথাকিব। আহিব লগা শাসনকৰ্ত্তাৰ সৈন্যই নগৰখন আৰু ধৰ্মধাম ধ্বংস কৰিব। জলপ্লাৱনৰ দ্বাৰাই সেইজন শেষ হ’ব, আৰু শেষলৈকে সেই ঠাইত যুদ্ধ হ’ব; আজ্ঞাৰ দ্বাৰাই জনশূন্যতা নিৰূপিত কৰা হৈছে।
27 Yóò sì fi ìdí i májẹ̀mú kan múlẹ̀ pẹ̀lú ọ̀pọ̀lọpọ̀ fún ọ̀sẹ̀ kan. Ní àárín ọ̀sẹ̀ ni yóò mú òpin bá ẹbọ àti ọrẹ ẹbọ. Àti lórí apá kan ni yóò dà ìríra tí ó mú ìdahoro wá, títí tí òpin tí a ti pàṣẹ lórí asọnidahoro yóò fi padà fi dé bá a.”
২৭এক সপ্তাহৰ বাবে সেইজনে অনেকৰ সৈতে এটি নিয়ম সুনিশ্চিত কৰিব। সেই সপ্তাহৰ মাজৰ দিনত বলিদান আৰু নৈবেদ্য স্থগিত কৰিব। কোনো এজন ঘিণলগীয়া ডেউকাৰ সৈতে আহিব, আৰু ধ্বংস কৰিব। ধ্বংস কৰা জনৰ ওপৰত আজ্ঞাৰ দ্বাৰাই সম্পূৰ্ণ সমাপ্ত বৰ্ষোৱা হ’ব।

< Daniel 9 >