< Daniel 8 >

1 Nígbà tí ó di ọdún kẹta ìjọba Belṣassari ọba, èmi Daniẹli rí ìran kan èyí tí mo ti rí tẹ́lẹ̀.
বেলচচৰ ৰজাৰ ৰাজত্বৰ তৃতীয় বছৰত, প্ৰথমে পোৱা দৰ্শনৰ পাছত মই দানিয়েলে আন এটা দৰ্শন দেখিলোঁ।
2 Nínú ìran náà, mo rí ara mi nínú ilé ìṣọ́ ní Susa ní agbègbè ìjọba Elamu: nínú ìran náà mo wà lẹ́gbẹ̀ẹ́ odò Ulai.
মই সেই দৰ্শনত দেখিলোঁ যে, মই এলম প্ৰদেশৰ চুচন ৰাজকোঁঠত আছিলোঁ; আৰু সেই দৰ্শনত দেখিলোঁ যে মই উলয় নদীৰ পাৰত আছিলোঁ।
3 Mo wo òkè mo sì rí àgbò kan tí ó ní ìwo méjì níwájú mi, ó dúró sí ẹ̀gbẹ́ odò Ulai, àwọn ìwo náà sì gùn. Ṣùgbọ́n ọ̀kan gùn ju èkejì lọ, èyí tí ó gùn jù ni ó yọ jáde kẹ́yìn.
তেতিয়া মই চকু তুলি চালোঁ যে, নদীৰ সন্মুখত দুটা শিং থকা এটা মতা মেৰ-ছাগ থিয় হৈ আছিল; এটা শিং আনটো শিঙতকৈ দীঘল আছিল; কিন্তু দীঘল শিংটো ছুটি শিঙতকৈ অধিক লাহে লাহে বাঢ়িছিল সেয়ে ছুটি শিংটো দীঘল শিঙতকৈ বাঢ়ি উঠিল।
4 Mo rí àgbò náà ó ń kàn sí ìhà ìwọ̀-oòrùn, sí àríwá, àti sí gúúsù, kò sí ẹranko kankan tí ó le è dojúkọ ọ́, kò sí ẹnìkan tí ó le è yọ ọ́ kúrò lọ́wọ́ agbára rẹ̀, ó ń ṣe bí ó ti wù ú, ó sì di alágbára.
মই দেখিলোঁ সেই মেৰ-ছাগে পশ্চিম, উত্তৰ, আৰু দক্ষিণ ফাললৈ খুন্দিয়াই আছিল; তাৰ আগত আন কোনো জন্তু থিয় হ’ব নোৱাৰিলে। তাৰ হাতৰ পৰা উদ্ধাৰ কৰিব পৰা তেওঁলোকৰ মাজত কোনো নাছিল; তাৰ যি ইচ্ছা গৈছিল তাকে কৰি অাছিল, আৰু সি পৰাক্রমী হৈ উঠিছিল।
5 Bí mo ṣe ń ronú nípa èyí, lójijì ni òbúkọ kan tí ó ní ìwo láàrín ojú u rẹ̀ méjèèjì jáde láti ìhà ìwọ̀-oòrùn, ó la gbogbo ayé kọjá láìfi ara kan ilẹ̀.
এই বিষয়ে চিন্তা কৰি থাকোতে মই দেখিলোঁ যে, পশ্চিম ফালৰ পৰা এটা মতা ছাগলী গোটেই পৃথিৱীৰ ওপৰেদি মাটিত ভৰি নিদিয়াকৈ বেগেৰে দৌৰি আহি আছিল। সেই ছাগলীৰ চকু দুটাৰ মাজত এটা ডাঙৰ শিং আছিল।
6 Ó tọ àgbò tí ó ni ìwo méjì náà wá, èyí tí mo rí tó dúró sí ẹ̀gbẹ́ odò Ulai, ó sì dojúkọ ọ́ pẹ̀lú ìrunú tí ó lágbára.
দুটা শিং থকা মতা মেৰ-ছাগৰ ওচৰত সেই ছাগলীটো আহিছিল, আৰু মই মেৰ-ছাগটোক নদীৰ সন্মুখত থিয় হৈ থকা দেখিছিলোঁ। সেই ছাগলীটোৱে দৌৰি মেৰ-ছাগৰ ওচৰলৈ গৈ, তাৰ প্ৰচণ্ড ক্ৰোধত তাক আক্ৰমণ কৰিছিল।
7 Mo rí i tí ó fi ìtara kọlu àgbò náà, ó lu àgbò náà bolẹ̀, ó sì ṣẹ́ ìwo rẹ̀ méjèèjì. Àgbò náà kò sì ní agbára láti dojúkọ ọ́, Òbúkọ náà kàn án mọ́lẹ̀, ó sì fi ẹsẹ̀ tẹ̀ ẹ́ mọ́lẹ̀, kò sì ṣí ẹni tí ó lè gba àgbò náà là kúrò lọ́wọ́ agbára rẹ̀.
মই ছাগলীটোক মেৰ-ছাগটোৰ ওচৰলৈ অহা দেখিলোঁ। তাৰ মেৰ-ছাগটোৰ ওপৰত অতিশয় খং উঠিছিল, আৰু সি মেৰ-ছাগক খুন্দা মাৰি তাৰ শিং দুটা ভাঙি দিলে। তাৰ আগত থিয় হৈ থাকিবলৈ সেই মেৰ-ছাগৰ আৰু শক্তি নাছিল। সেই ছাগলীটোৱে মেৰ-ছাগটোক মাটিত পেলাই ভৰিৰে গচকিলে, সেই ঠাইত ছাগলীটোৰ হাতৰ পৰা ভেড়াটোক উদ্ধাৰ কৰিব পৰা কোনো নাছিল।
8 Òbúkọ náà sì di alágbára púpọ̀, ṣùgbọ́n nígbà tí ó dé góńgó, agbára rẹ̀ ru sókè, ìwo ńlá a rẹ̀ sì ṣẹ́ dànù, ní ipò o rẹ̀, ìwo mẹ́rin mìíràn hù, ó sì yọrí sí ìhà igun mẹ́rẹ̀ẹ̀rin ọ̀run.
তাৰ পাছত সেই ছাগলীটো অতিশয় ডাঙৰ হ’ল; কিন্তু সি যেতিয়া বলৱান হ’ল তাৰ ডাঙৰ শিংটো ভাগি গ’ল, আৰু তাৰ সলনি আকাশৰ চাৰিদিশৰ বতাহৰ ফালে চাৰিটা ডাঙৰ শিং গজি উঠিল।
9 Lára ọ̀kan nínú wọn, ìwo mìíràn yọ jáde, ó kékeré, ṣùgbọ́n ó dàgbà nínú agbára sí ìhà gúúsù, àti sí ìhà ìlà-oòrùn àti sí ilẹ̀ dídára.
সেইবোৰৰ মাজৰ এটা শিঙৰ পৰা আন এটা শিং গজিল; প্রথমে শিংটো সৰু আছিল, কিন্তু পাছত দক্ষিণ, পূব আৰু ইস্রায়েলৰ ঐশ্বৰ্যময় দেশৰ ফাললৈ অতিশয় বৃদ্ধি পালে।
10 Ó sì dàgbà títí ó fi kan ẹgbẹ́ ogun ọ̀run, ó sì jù lára àwọn ẹgbẹ́ ogun ọ̀run sí ayé ó sì tẹ̀ wọ́n mọ́lẹ̀,
১০সি ইমান ডাঙৰ হ’ল যে, স্বৰ্গৰ বাহিনীসকলৰ সৈতে যুদ্ধ কৰিবলৈ ল’লে। বাহিনীসকলৰ কিছুমানক আৰু তৰা কিছুমানক মাটিত পেলাই ভৰিৰে গচকিলে।
11 ó sì gbé ara rẹ̀ ga gẹ́gẹ́ bí ọmọ-aládé ẹgbẹ́ ogun ọ̀run; ó sì mú ẹbọ ojoojúmọ́ kúrò lọ́dọ̀ rẹ̀, ó sì gba ààyè ibi mímọ́ rẹ̀.
১১সি ডাঙৰ হ’ল এনে কি, সি বাহিনীসকলৰ স্বৰ্গীয় অধিপতিৰ দৰে ডাঙৰ হ’ল। সি তেওঁৰ পৰা নিত্য বলিদান কাঢ়ি লৈছিল, আৰু তেওঁৰ পবিত্র স্থান দূষিত কৰিছিল।
12 A fún un ní ẹgbẹ́ ogun ọ̀run àti ẹbọ ojoojúmọ́ nítorí ìwà ọlọ̀tẹ̀ ẹ rẹ̀, ó sọ òtítọ́ nù nínú gbogbo ohun tó ṣe.
১২দুষ্টতাৰ কাৰণে বাহিনীসকলক তাৰ ওপৰত দিয়া হ’ল, আৰু হোম বলি বন্ধ কৰা হ’ল। এইদৰে সকলো সত্যতাক ভূ-লুণ্ঠিত কৰিলে; আৰু যি কৰিলে তাত কৃতকাৰ্য হ’ল।
13 Nígbà náà, ni mo gbọ́ tí ẹni mímọ́ ń sọ̀rọ̀, àti ẹni mímọ́ mìíràn sọ̀rọ̀ fún un pé, “Yóò ti pẹ́ tó tí ìran yìí yóò fi wá sí ìmúṣẹ—ìran nípa ẹbọ ojoojúmọ́, ìṣọ̀tẹ̀ tí ó mú ìsọdahoro wa, àní láti fi ibi mímọ́ àti ogun ọ̀run fún ni ní ìtẹ̀mọ́lẹ̀?”
১৩তাৰ পাছত মই পবিত্ৰ জনাক কোৱা শুনিলোঁ; আৰু আন পবিত্র জনক উত্তৰ দিয়া শুনিলোঁ, “কিমান দিনলৈ এই সকলো থাকিব, এই দৰ্শন হোম বলিৰ বিষয়ে নে, পাপে সেই ধ্বংস আনিব নে, পবিত্র স্থানৰ ওপৰত হাত দিয়া হ’ব নে, আৰু স্বৰ্গীয় বাহিনীসকলক গচকা হ’ব নে?”
14 Ó sọ fún mi pé, “Yóò gbà tó ẹgbọ̀kànlá lé lọ́gọ́rùn-ún alẹ́ àti òwúrọ̀; lẹ́yìn náà ni a ó tún ibi mímọ́ yà sí mímọ́.”
১৪তেওঁ মোক ক’লে, “এই সকলো দুই হাজাৰ তিনিশ সন্ধিয়া আৰু পুৱালৈকে থাকিব; তাৰ পাছত সেই পবিত্র স্থান শুচি কৰা হ’ব।”
15 Nígbà tí èmi Daniẹli, ń wo ìran náà, mo sì ń fẹ́ kí ó yé mi, ẹnìkan tí ó sì dúró níwájú mi.
১৫মই দানিয়েলে যেতিয়া এই দৰ্শন পাইছিলোঁ, তেতিয়া মই তাক বুজিবলৈ চেষ্টা কৰিছিলোঁ; আৰু সেই ঠাইত মানুহৰ দৰে এজন লোক মোৰ সম্মুখত থিয় হৈছিল।
16 Mo gbọ́ ohùn ènìyàn ní ẹ̀gbẹ́ Ulai, tí ó ń ké pé “Gabrieli, sọ ìtumọ̀ ìran náà fún ọkùnrin yìí.”
১৬উলয় নদীৰ মাজৰ পৰা মই এজন মানুহৰ মাত শুনিলোঁ; তেওঁ ক’লে, “হে গাব্ৰিয়েল, সেই মানুহজনক এই দৰ্শন বুজিবলৈ সহায় কৰা।”
17 Bí ó ṣe súnmọ́ ibi tí mo dúró sí, ẹ̀rù bà mí, mo sì dọ̀bálẹ̀. Ó ń sọ fún mi pé, “Ọmọ ènìyàn, jẹ́ kí ó yé ọ pé ìran náà ń sọ nípa ìgbà ìkẹyìn ni.”
১৭তাতে মই থিয় হৈ থকা ঠাইৰ ওচৰলৈ তেওঁ আহিল। তেওঁ যেতিয়া আহিল, মই শঙ্কিত হলোঁ, আৰু মাটিত উবুৰি হৈ পৰিলোঁ। তেওঁ মোক ক’লে, “হে মানুহৰ সন্তান, বুজি লোৱা, কিয়নো এই দৰ্শন শেষৰ সময়ৰ বিষয়ে।”
18 Bí ó ṣe ń bá mi sọ̀rọ̀, mo ti sùn lọ fọnfọn, bí mo ṣe da ojú bolẹ̀. Nígbà náà ni ó fi ọwọ́ kàn mí, ó sì gbé mi dúró lórí ẹsẹ̀ mi.
১৮তেওঁ মোৰ লগত কথা পাতি থাকোঁতে, মই মাটিত উবুৰি হৈ পৰি ঘোৰ নিদ্ৰা গলোঁ; তেতিয়া তেওঁ মোক স্পৰ্শ কৰিলে আৰু মোক থিয় কৰালে।
19 Ó sọ wí pé, “Èmi yóò sọ ohun tí yóò ṣẹlẹ̀ ní ìkẹyìn ní ìgbà ìbínú, nítorí ìran náà jẹ mọ́ àkókò ohun tí a yàn nígbà ìkẹyìn.
১৯তেওঁ ক’লে, “চোৱা, ক্ৰোধৰ শেষ সময়ত যি ঘটিব, তাক মই তোমাক দেখুৱাম; কাৰণ এই দৰ্শন শেষৰ নিৰূপিত সময়ৰ বাবে।
20 Àgbò oníwo méjì tí o rí, òun ni ó dúró gẹ́gẹ́ bí àwọn ọba Media àti Persia.
২০দুটা শিং থকা যি মেৰ-ছাগ তুমি দেখিছিলা, সি মাদিয়া আৰু পাৰস্যৰ ৰজা দুজনক বুজাইছে।
21 Òbúkọ onírun náà ni ọba Giriki, ìwo ńlá ti ó wà láàrín ojú u rẹ̀ ni ọba àkọ́kọ́.
২১আৰু সেই মতা ছাগলীটো গ্রীচৰ ৰজা; আৰু তাৰ চকু দুটাৰ মাজত থকা ডাঙৰ শিংটো প্ৰথম ৰজা।
22 Ìwo mẹ́rin mìíràn sì dìde dúró dípò ọ̀kan tí ó ṣẹ́, èyí dúró gẹ́gẹ́ bí ìjọba mẹ́rin tí yóò dìde nínú orílẹ̀-èdè náà, ṣùgbọ́n wọn kì yóò ní ní irú agbára kan náà.
২২আৰু সেয়ে ভাঙি যোৱা শিঙৰ ঠাইত তাৰ সলনি আন চাৰিটা শিং গজি উঠাৰ অৰ্থ এই, তেওঁৰ দেশৰ পৰা চাৰিখন ৰাজ্য উৎপন্ন হ’ব, কিন্তু তেওঁৰ পৰাক্ৰমৰ সৈতে নহ’ব।
23 “Ní ìgbà ìkẹyìn ìjọba wọn, nígbà tí àwọn oníwà búburú bá dé ní kíkún, ni ọba kan yóò dìde, tí ojú rẹ̀ le koko, tí ó sì mòye ọ̀rọ̀ àrékérekè.
২৩সেই ৰাজ্যবোৰৰ শেষৰ সময়ত, পাপীসকলে যেতিয়া সীমা চেৰাব, তেতিয়া কঠোৰ চেহেৰা থকা, এজন অতি বুদ্ধিয়ক ৰজা উৎপন্ন হ’ব;
24 Yóò di alágbára, ṣùgbọ́n tí kì í ṣe nípa agbára rẹ̀. Yóò sì máa ṣe ìparun tí yóò ya ni lẹ́nu, yóò sì máa ṣe àṣeyọrí nínú ohun gbogbo tó ń ṣe. Yóò sì run àwọn alágbára àti àwọn ènìyàn mímọ́.
২৪তেওঁ পৰাক্রম মহান, কিন্তু নিজৰ পৰাক্রমেৰে নহয়। তেওঁৰ কাৰণে ধ্বংস আহিব, আৰু তেওঁ যি কৰিব তাতে কৃতকাৰ্য হ’ব। তেওঁ পবিত্ৰ পৰাক্রমী লোকসকলক ধ্বংস কৰিব।
25 Nípa àrékérekè rẹ̀, yóò mú kí ẹ̀tàn gbèrú, yóò gbé ara rẹ̀ ga nínú ọkàn rẹ̀, nígbà tí wọ́n rò wí pé àlàáfíà dé, yóò sì pa àwọn ènìyàn run, nígbà tí wọn kò rò tẹ́lẹ̀, yóò sì lòdì sí olórí àwọn ọmọ-aládé, síbẹ̀, a ó pa á run ṣùgbọ́n kì í ṣe nípa agbára ènìyàn.
২৫তেওঁৰ শিল্পকৰ্মৰ দ্বাৰাই তেওঁ নিজৰ হাতেৰে মিছা উন্নতি সিদ্ধ কৰিব, এনে কি, তেওঁ নিজৰ ৰজাৰো ৰজাৰ বিৰুদ্ধে উঠিব, আৰু তেওঁক ভঙা হ’ব; কিন্তু মানুহৰ শক্তিৰে নহয়।
26 “Ìran alẹ́ àti ti òwúrọ̀, tí a fihàn ọ́ jẹ́ òtítọ́, ṣùgbọ́n pa ìran náà mọ́, nítorí pé, ó jẹ mọ́ ti ọjọ́ iwájú.”
২৬সন্ধিয়া আৰু ৰাতিপুৱা বিষয়ৰ যি দৰ্শনৰ কথা কোৱা হ’ল, সেয়ে সত্য; কিন্তু এই দৰ্শন চাব মাৰি বন্ধ কৰা আছে; কিয়নো এয়ে ভৱিষ্যতৰ অনেক দিনবোৰক নিৰ্দেশ কৰা হৈছে।”
27 Èmi Daniẹli sì ṣe àárẹ̀ fún ọjọ́ mélòó kan. Nígbà náà, mo dìde, mo sì ń bá iṣẹ́ ọba lọ. Ìran náà sì bà mí lẹ́rù, kò sì yé mi.
২৭তাৰ পাছত মই দানিয়েলে মূৰ্চ্ছিত হৈ কিছু দিনলৈকে নৰিয়াত পৰি আছিলোঁ। তাৰ পাছত মই উঠিলোঁ, আৰু ৰজাৰ ব্যৱসায়লৈ গলো; কিন্তু সেই দৰ্শনৰ বাবে মই হতভম্ব হৈছিলোঁ, আৰু সেই ঠাইত সেই দৰ্শন বুজি পোৱা কোনো এজনো নাছিল।

< Daniel 8 >