< Daniel 6 >

1 Ó dára lójú Dariusi láti yan ọgọ́fà àwọn baálẹ̀ sórí ìjọba,
তাৰ পাছত দাৰিয়াবচে উচিত দেখি, গোটেই ৰাজ্যৰ ওপৰত এশ বিশ জন প্রাদেশিক অধ্যক্ষ নিযুক্ত কৰিলে।
2 pẹ̀lú alákòóso mẹ́ta, Daniẹli sì jẹ́ ọ̀kan nínú wọn, kí àwọn baálẹ̀ lè wá máa jẹ́ ààbọ̀ fún wọn, kí ọba má ba à ní ìpalára.
তেওঁলোকৰ ওপৰত তিনি জন প্রধান বিষয়া নিযুক্ত কৰিলে, আৰু তেওঁলোকৰ মাজত দানিয়েল এজন আছিল। ৰজাই যাতে কোনো প্রকাৰৰ ক্ষতি বহন কৰিবলগীয়া নহয় সেই বাবে এই প্রশাসক সকলৰ ওপৰত তত্ত্বাৱধান কৰিবলৈ প্রাদেশিক সকলক নিযুক্ত কৰিছিল।
3 Daniẹli ya ara rẹ̀ sọ́tọ̀ láàrín àwọn alákòóso àti àwọn baálẹ̀ nítorí ẹ̀mí tí ó tayọ wà lára rẹ̀ dé bi pé ọba sì ń gbèrò láti fi ṣe olórí i gbogbo ìjọba.
দানিয়েলৰ অন্তৰত অসাধাৰণ আত্মা থকাৰ বাবে তেওঁ আন প্ৰধান বিষয়াতকৈ আৰু প্রাদেশিক অধ্যক্ষতকৈ তেওঁ বিশিষ্ট আছিল; সেয়ে ৰজাই তেওঁক সমগ্র ৰাজ্যৰ ওপৰত নিযুক্ত কৰিবলৈ চিন্তা কৰিলে।
4 Nítorí èyí, gbogbo àwọn alákòóso àti àwọn baálẹ̀ ń gbèrò láti wá ẹ̀ṣẹ̀ kà sí Daniẹli lọ́rùn nínú ètò ìṣèjọba rẹ̀, ṣùgbọ́n wọn kò rí ẹ̀ṣẹ̀ kankan kà sí i lọ́rùn, wọn kò rí ìwà ìbàjẹ́ kankan tí ó ṣe, nítorí ó jẹ́ olóòtítọ́ kò sì ní ìwà ìjáfara.
তাৰ পাছত আন প্ৰধান বিষয়া আৰু প্রাদেশিক অধ্যক্ষসকলে, ৰাজ্যৰ বাবে কৰা কাৰ্যবোৰত দানিয়েলৰ ভুল বিচাৰিলে, কিন্তু তেওঁ বিশ্বাসী হোৱাৰ বাবে তেওঁৰ কাৰ্যত কোনো দুৰ্নীতি বা দোষ পোৱা নগ’ল; তেওঁত কোনো ভুল বা অৱহেলা পোৱা নগ’ল।
5 Nígbẹ̀yìn ni àwọn ọkùnrin wọ̀nyí sọ wí pé, “Àwa kò ní rí ìdí kankan láti kà ẹ̀ṣẹ̀ sí Daniẹli lọ́rùn, àfi èyí tí ó bá ní í ṣe pẹ̀lú òfin Ọlọ́run rẹ̀.”
তেতিয়া সেই লোকসকলে ক’লে, “আমি এই দানিয়েলৰ বিৰুদ্ধে অভিযোগ কৰিবলৈ কোনো বিষয় বিচাৰি নাপালোঁ। তেওঁৰ ঈশ্বৰৰ বিধানৰ বিষয়ে ভুল বিচাৰি নাপোৱালৈকে, আমি তেওঁৰ বিৰুদ্ধে আন কোনো ভুল বিচাৰি নাপাম।
6 Nígbà náà ni àwọn alákòóso àti àwọn baálẹ̀ lọ gẹ́gẹ́ bí ikọ̀ sí ọ̀dọ̀ ọba, wọ́n wí pé, “Ìwọ Dariusi ọba, kí o pẹ́!
তাৰ পাছত সেই বিষয়া আৰু অধ্যক্ষসকলে ৰজাৰ আগত এটা পৰিকল্পনাৰ কথা আনিলে, “মহাৰাজ দাৰিয়াবচ, চিৰজীৱি হওক!
7 Àwọn alákòóso ọba, ìjòyè, baálẹ̀, olùdámọ̀ràn, àti àwọn olórí gbìmọ̀ pọ̀ wí pé kí ọba kéde òfin kan pé ẹnikẹ́ni tí ó bá gba àdúrà sí Ọlọ́run tàbí ènìyàn kankan fún ọgbọ̀n ọjọ́, yàtọ̀ fún ìwọ ọba, a ó ju ẹni náà sí inú ihò kìnnìún.
হে মহাৰাজ, ৰাজ্যৰ সকলো প্ৰধান বিষয়া, আঞ্চলিক অধ্যক্ষ, প্রাদেশিক অধ্যক্ষ, পৰামৰ্শদাতা, আৰু দেশাধক্ষ্যসকলে একেলগে আমি আলোচনা কৰিছোঁ আৰু সিদ্ধান্ত লৈছোঁ যে, মহাৰাজে এটা আজ্ঞা জাৰি কৰি তাক পালন কৰিবলৈ জোৰ দিয়া উচিত; সেয়ে এই যে, হে মহাৰাজ, যি কোনো মানুহে ত্ৰিশ দিনৰ বাবে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰে, সেই জনক সিংহৰ গাতত পেলোৱা হ’ব।
8 Nísinsin yìí, ìwọ ọba, gbé òfin yìí jáde, kí o sì kọ ọ́ sínú ìwé kí a má ba à yí i padà ní ìbámu pẹ̀lú òfin àwọn Media àti Persia, èyí tí kò ní le è parẹ́.”
এতিয়া মহাৰাজ এই আজ্ঞা জাৰি কৰক, আৰু এই নথি-পত্রত চহী কৰক; যাতে মাদীয়া ও পাৰসীকসকলৰ বিধানৰ দ্বাৰাই পৰিচালিত হৈ এই আজ্ঞা সলনি নহয়।
9 Nígbà náà, ni Dariusi ọba fi ọwọ́ sí ìwé àṣẹ náà.
সেয়ে ৰজা দাৰিয়াবচে নথী-পত্রত চহী কৰি সেই ৰাজ আজ্ঞা বিধানত সন্নিবিষ্ট কৰিলে।
10 Lóòótọ́, Daniẹli mọ̀ pé a ti fi ọwọ́ sí ìwé òfin náà, síbẹ̀ ó wọ ilé e rẹ̀ lọ, nínú yàrá òkè, ó ṣí fèrèsé èyí tí ó kọjú sí Jerusalẹmu sílẹ̀. Ó kúnlẹ̀ lórí orúnkún un rẹ̀ ní ẹ̀ẹ̀mẹ́ta lójoojúmọ́, ó gbàdúrà, ó fi ọpẹ́ fún Ọlọ́run gẹ́gẹ́ bí ìṣe rẹ̀ tẹ́lẹ̀.
১০যেতিয়া দানিয়েলে সেই বিধানৰ নথী-পত্ৰ চহী হোৱা বুলি জানিলে, তেতিয়া তেওঁ নিজৰ ঘৰলৈ গল; সেই সময়ত তেওঁৰ ওপৰ-কোঁঠালিৰ খিড়িকিবোৰ যিৰূচালেমৰ ফালে খোলা আছিল, আৰু তেওঁ আগেয়ে দিনটোত তিনিবাৰ আঁঠু কাঢ়ি নিজৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰাৰ দৰেই তেওঁ প্রাৰ্থনা কৰিলে আৰু ধন্যবাদ দিলে।
11 Nígbà náà ni, àwọn ọlọ̀tẹ̀ yìí kó ara wọn jọ, wọ́n sì rí Daniẹli tí ó ń gba àdúrà, ó sì ń bẹ̀bẹ̀ fún àánú lọ́dọ̀ Ọlọ́run.
১১তেতিয়া যিসকল লোকে একলগ হৈ ষড়যন্ত্র কৰিছিল, তেওঁলোকে আহি দানিয়েলক তেওঁৰ ঈশ্বৰৰ আগত প্ৰাৰ্থনা আৰু সহায় বিচাৰি অনুৰোধ কৰি থকা দেখা পালে।
12 Wọ́n lọ sí iwájú ọba, wọ́n sì rán ọba létí nípa òfin tí ó ṣe pé, “Ìwọ kò ha fi ọwọ́ sí òfin wí pé ní ìwọ̀n ọgbọ̀n ọjọ́ ẹnikẹ́ni tí ó bá gba àdúrà sí Ọlọ́run tàbí ènìyàn, láì bá ṣe ìwọ ọba, a ó gbé e jù sínú ihò kìnnìún?” Ọba sì dáhùn pé, “Àṣẹ náà dúró síbẹ̀, ní ìbámu pẹ̀lú òfin àwọn ará Media àti Persia, èyí tí a kò le è parẹ́.”
১২তাৰ পাছত তেওঁলোকে ৰজাৰ ওচৰলৈ গ’ল আৰু তেওঁৰ আজ্ঞাৰ বিষয়ে ক’লে, “হে মহাৰাজ, যি কোনো মানুহে ত্ৰিশদিনলৈকে আপোনাৰ বাহিৰে আন কোনো দেৱতা বা মানুহৰ আগত প্ৰাৰ্থনা কৰিব, তেওঁক সিংহৰ গাতত পেলোৱা যাব, এনে আজ্ঞা আপুনি দিয়া নাছিল নে?” ৰজাই উত্তৰ দিলে, হয়, মাদীয়া আৰু পাৰসীসকলৰ বিধানৰ অনুসাৰে সেই কথা স্থিৰ কৰা হৈছিল; এই আজ্ঞা সলনি কৰা নহব।”
13 Nígbà náà, ni wọ́n sọ fún ọba pé, “Daniẹli, ọ̀kan lára ìgbèkùn Juda, kò ka ìwọ ọba sí, tàbí àṣẹ ẹ̀ rẹ tí o fi ọwọ́ sí. Òun sì tún ń gba àdúrà ní ẹ̀ẹ̀mẹ́ta lójúmọ́.”
১৩তেতিয়া তেওঁলোকে ৰজাৰ আগত উত্তৰ দি ক’লে, “হে মহাৰাজ, দেশান্তৰিত যিহুদীসকলৰ মাজত যি দানিয়েল, তেওঁ আপোনাক, বা আপুনি চহী কৰা আজ্ঞাক নামানে। তেওঁ নিজৰ ঈশ্বৰক প্ৰতিদিনে তিনিবাৰ প্ৰাৰ্থনা কৰে।”
14 Nígbà tí ọba gbọ́ èyí, inú rẹ̀ bàjẹ́ gidigidi; ó pinnu láti kó Daniẹli yọ, títí oòrùn fi rọ̀, ó sa gbogbo ipá a rẹ̀ láti gba Daniẹli sílẹ̀.
১৪ৰজাই সেই কথা শুনি, অতিশয় বেজাৰ পালে আৰু দানিয়েলক সেই নিয়মৰ পৰা ৰক্ষা কৰিবলৈ তেওঁ চিন্তা কৰিলে। ৰজাই বেলি মাৰ নোযোৱালৈকে দানিয়েলক উদ্ধাৰ কৰিবলৈ অনেক চেষ্টা কৰিলে।
15 Nígbà náà, ni àwọn ọlọ̀tẹ̀ wọ̀nyí kó ara wọn jọ wá sí ọ̀dọ̀ ọba, wọ́n sì wí fún un pé, “Ìwọ ọba rántí pé, ní ìbámu pẹ̀lú òfin àwọn Media àti Persia kò sí àṣẹ tàbí ìkéde tí ọba ṣe tí a le è yí i padà.”
১৫তাৰ পাছত যি লোকসকল একলগ হৈ ষড়যন্ত্র কৰিছিল, তেওঁলোক ৰজাৰ ওচৰলৈ গ’ল আৰু ক’লে, “হে মহাৰাজ, আপুনি জানে যে, ৰজাই জাৰি কৰা কোনো আজ্ঞা বা বিধি মাদীয়া আৰু পাৰসীয়াসকলৰ বিধান অনুসাৰে সলনি হ’ব নোৱাৰে।”
16 Nígbà náà, ni ọba pàṣẹ, wọ́n sì mú Daniẹli, wọ́n sì sọ ọ́ sínú ihò kìnnìún. Ọba sì sọ fún Daniẹli pé, “Kí Ọlọ́run rẹ tí ìwọ ń sìn nígbà gbogbo kí ó gbà ọ́!”
১৬তেতিয়া ৰজাই আজ্ঞা দিয়াৰ দৰে দানিয়েলক সিংহৰ গাতত পেলোৱা হ’ল। ৰজাই দানিয়েলক ক’লে, “তুমি সদায় যি জনাৰ সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে তোমাক ৰক্ষা কৰিব।”
17 A sì gbé òkúta kan wá, wọ́n sì fi dí ẹnu ihò náà, ọba sì dì í pa pẹ̀lú òrùka èdìdì rẹ̀ àti pẹ̀lú òrùka àwọn ọlọ́lá rẹ̀, nítorí kí a má ṣe yí ohunkóhun padà nítorí i Daniẹli.
১৭তাৰ পাছত এটা শিল আনি গাতৰ মুখত দিয়া হ’ল; আৰু দানিয়েলৰ বিষয়ে কোনো কথা যেন সলনি নহয়, সেই বাবে ৰজাই নিজৰ আঙঠিৰ মোহৰেৰে, আৰু প্ৰধান লোকসকলৰ আঙঠিৰ মোহৰেৰে তাত ছাব মাৰিলে।
18 Nígbà náà ni ọba padà sí ààfin rẹ̀, ó sì lo gbogbo òru náà láì jẹun, kò sì gbọ́ orin kankan, bẹ́ẹ̀ ni kò sì le è sùn ní òru ọjọ́ náà.
১৮ৰজাই নিজৰ ৰাজ গৃহলৈ গ’ল, আৰু গোটেই ৰাতি লঘোনে থাকিলে। ৰজাৰ ওচৰলৈ কোনো বাদ্যযন্ত্ৰ আনিবলৈ দিয়া ন’হল, আৰু তেওঁৰ টোপনি নাহিল।
19 Ní òwúrọ̀ kùtùkùtù, ni ọba dìde ó sì sáré lọ sí ibi ihò kìnnìún náà.
১৯ৰজাই দোকমোকালিতে উঠি বেগাই সিংহৰ গাতৰ ওচৰলৈ গ’ল।
20 Nígbà tí ó súnmọ́ ibi ihò náà ní ibi tí Daniẹli wà, ó pe Daniẹli pẹ̀lú ìtara pé, “Daniẹli, ìránṣẹ́ Ọlọ́run alààyè, ṣé Ọlọ́run rẹ tí ìwọ ń sìn tọ̀sán tòru, lè gbà ọ́ lọ́wọ́ kìnnìún bí?”
২০তেওঁ গাতৰ ওচৰ পাই দুখেৰে দানিয়েলক মাতিলে। ৰজাই দানিয়েলক ক’লে, “হে জীৱন্ত ঈশ্বৰৰ দাস দানিয়েল, তুমি সদায় যি জনাক সেৱা কৰা, তোমাৰ সেই ঈশ্বৰে সিংহবোৰৰ পৰা তোমাক ৰক্ষা কৰিব পাৰিলে নে?”
21 Daniẹli sì dáhùn wí pé, “Ọba kí ẹ pẹ́!
২১তেতিয়া দানিয়েলে ৰজাক ক’লে, “মহাৰাজ চিৰজীৱি হওক!
22 Ọlọ́run mi rán angẹli i rẹ̀, ó sì dí àwọn kìnnìún lẹ́nu. Wọn kò le è pa mí lára, nítorí a rí mi gẹ́gẹ́ bí aláìlẹ́ṣẹ̀ ní iwájú rẹ̀. Bẹ́ẹ̀ ni èmi kò hu ìwà ìbàjẹ́ kan níwájú rẹ ìwọ ọba.”
২২মোৰ ঈশ্বৰে তেওঁৰ দূত পঠাই সিংহবোৰৰ মুখ বন্ধ কৰিলে, আৰু সিহঁতে মোৰ অনিষ্ট কৰা নাই; কাৰণ তেওঁৰ সন্মুখত মোক নিৰ্দ্দোষী পালে; আৰু হে মহাৰাজ, আপোনাৰ সাক্ষাতেও মই কোনো দোষ কৰা নাই।”
23 Inú ọba dùn gidigidi, ó sì pàṣẹ kí a mú Daniẹli jáde wá láti inú ihò. Nígbà tí a mú Daniẹli jáde nínú ihò, kò sí ojú ọgbẹ́ kan ní ara rẹ̀, nítorí tí ó gbẹ́kẹ̀lé Ọlọ́run rẹ̀.
২৩তেতিয়া ৰজাই অতিশয় আনন্দিত হৈছিল। ৰজাই দানিয়েলক গাতৰ পৰা তুলিবলৈ আজ্ঞা দিলে, তাতে দানিয়েলক গাতৰ পৰা তোলা হ’ল। দানিয়েল নিজৰ ঈশ্বৰত বিশ্বাস কৰিছিল, সেয়ে তেওঁৰ গাত কোনো প্ৰকাৰৰ আঘাত পোৱা নগল।
24 Ọba pàṣẹ pé, kí a mú àwọn alátakò Daniẹli wá, kí a jù wọ́n sí inú ihò kìnnìún, pẹ̀lú ìyàwó àti àwọn ọmọ wọn. Kí wọn tó dé ìsàlẹ̀ ihò, kìnnìún lágbára lórí i wọn, wọ́n sì fọ́ gbogbo egungun wọn.
২৪ৰজাই আজ্ঞা দিয়াত, দানিয়েলৰ অহিতে অভিযোগ কৰা সকলৰ সৈতে তেওঁলোকৰ সন্তান সকল, আৰু ভাৰ্যা সকলক সিংহৰ গাতত পেলোৱা হ’ল। তাতে তেওঁলোক গাতৰ তলত নাপাওঁতেই সিংহবোৰে তেওঁলোকক আক্ৰমণ কৰি তেওঁলোকৰ হাড়বোৰ ভাঙি ডোখৰ ডোখৰ কৰিলে।
25 Nígbà náà ni Dariusi ọba kọ̀wé sí gbogbo ènìyàn orílẹ̀-èdè, àti gbogbo jákèjádò ilẹ̀ náà: “Kí ìre yín máa pọ̀ sí i!
২৫তেতিয়া ৰজা দাৰিয়াবচে গোটেই পৃথিৱীত বাস কৰা সকলো দেশৰ লোক, আৰু সকলো ভাষাৰ লোকলৈ এই পত্ৰ লিখিলে: “তোমালোকৰ মাজত শান্তি বৃদ্ধি হওক।
26 “Mo gbé àṣẹ kan jáde wí pé, ní gbogbo agbègbè ìjọba mi, gbogbo ènìyàn gbọdọ̀ bẹ̀rù, kí wọn kí ó sì bọ̀wọ̀ fún Ọlọ́run Daniẹli.
২৬মই এই আজ্ঞা কৰিছোঁ যে, মোৰ ৰাজ্যৰ সকলো ঠাইৰ লোকসকলে দানিয়েলৰ ঈশ্বৰৰ সাক্ষাতে কম্পমান হওক; আৰু তেওঁক ভয় কৰক; কাৰণ তেওঁ জীৱন্ত ঈশ্বৰ, আৰু চিৰকাললৈকে থাকে; আৰু তেওঁৰ ৰাজ্য উচ্ছন্ন নহ’ব, তেওঁৰ ৰাজত্ব শেষলৈকে থাকিব।
27 Ó ń yọ ni, ó sì ń gbani là;
২৭তেওঁ আমাক সুৰক্ষিত কৰে, আৰু উদ্ধাৰ কৰে; স্বৰ্গ আৰু পৃথিৱীত, তেওঁ আচৰিত কাৰ্য কৰে; তেওঁ সিংহৰ শক্তিৰ পৰা দানিয়েলক ৰক্ষা কৰে।”
28 Daniẹli sì ṣe rere ní àkókò ìjọba Dariusi àti àkókò ìjọba Kirusi ti Persia.
২৮সেয়ে দাৰিয়াবচৰ আৰু পাৰস্যৰ কোৰচৰ ৰাজত্বৰ সময়ত দানিয়েলৰ উন্নতি হ’ল।

< Daniel 6 >