< Daniel 4 >
1 Nebukadnessari ọba, sí gbogbo ènìyàn, orílẹ̀ àti onírúurú èdè, tí ó ń gbé ní àgbáyé. Kí àlàáfíà máa pọ̀ sí i fún un yín. Kí ẹ ṣe rere tó pọ̀!
১পৃথিৱীত থকা সকলো লোক, দেশ, আৰু সকলো ভাষাৰ লোকসকললৈ ৰজা নবূখদনেচৰে এই আজ্ঞা দি পঠিয়ালে, “আপোনালোকৰ মাজত শান্তি বৃদ্ধি হওক!
2 Ó jẹ́ ìdùnnú fún mi láti fi iṣẹ́ àmì àti ìyanu tí Ọlọ́run Ọ̀gá-Ògo ti ṣe fún mi hàn.
২সৰ্বোপৰি ঈশ্বৰে মোৰ বাবে যি অদ্ভুত লক্ষণ আৰু আচৰিত কাৰ্য দেখুৱালে, সেই সকলোকে মই প্ৰচাৰ কৰা উচিত বুলি ভবিলোঁ।
3 Báwo ni àmì rẹ̀ ti tóbi tó,
৩তেওঁৰ অদ্ভুত লক্ষণবোৰ কেনে মহৎ! আৰু তেওঁৰ আচৰিত কাৰ্যবোৰ কেনে পৰাক্রমী! তেওঁৰ ৰাজ্য চিৰকলীয়া ৰাজ্য, আৰু তেওঁৰ ৰাজত্ব পুৰুষানুক্ৰমে থাকে।”
4 Èmi Nebukadnessari wà ní ààfin mi, pẹ̀lú ìtẹ́lọ́rùn àti àlàáfíà.
৪মই নবূখদনেচৰে মোৰ ঘৰত শান্তিৰে আৰু মোৰ ৰাজগৃহত কুশলে আছিলোঁ।
5 Mo lá àlá kan èyí tí ó bà mí lẹ́rù. Nígbà tí mo wà lórí ibùsùn mi, ìran tí ó jáde lọ́kàn mi dẹ́rùbà mí.
৫কিন্তু এটা সপোনে মোক আতঙ্কিত কৰিলে; আৰু মই শুই থকা সময়ত দেখা প্রতিবিম্ব আৰু মানসিক দৰ্শনে মোক ব্যাকুল কৰিলে।
6 Nígbà náà, ni mo pàṣẹ pé kí a mú gbogbo àwọn amòye Babeli wá, kí wọn wá sọ ìtumọ̀ àlá náà fún mi.
৬সেয়ে মোৰ সপোনৰ ফলিতা মোক জনাবৰ বাবে বাবিলৰ সকলো জ্ঞানসম্পন্ন লোকক মোৰ ওচৰলৈ আনিবলৈ মই আজ্ঞা কৰিলোঁ।
7 Nígbà tí àwọn apidán, àwọn apògèdè, àwọn awòràwọ̀ àti àwọn aláfọ̀ṣẹ wá, mo sọ àlá náà fún wọn, ṣùgbọ́n wọn kò le è sọ ìtumọ̀ àlá náà fún mi.
৭তেতিয়া মায়াবীলোক, মৃতলোকৰ লগত কথা পতা দাবী কৰা লোক, জ্ঞানীলোক, জ্যোতিষী সকল মোৰ ওচৰলৈ আহিল। মই তেওঁলোকক সপোনটো কলোঁ; কিন্তু তেওঁলোকে মোক তাৰ ফলিতা ক’ব নোৱাৰিলে।
8 Ní ìkẹyìn Daniẹli wá síwájú mi, mo sì sọ àlá náà fún. (Ẹni tí à ń pè ní Belṣassari gẹ́gẹ́ bí orúkọ òrìṣà mi àti pé ẹ̀mí àwọn ọlọ́run mímọ́ wà nínú rẹ̀.)
৮কিন্তু শেষত মোৰ দেৱতাৰ নাম অনুসাৰে যাৰ নাম বেলটচচৰ, আৰু যাৰ অন্তৰত পবিত্ৰ দেৱতাবোৰৰ আত্মা আছে, সেই দানিয়েল মোৰ সন্মুখলৈ আহিল; আৰু মই তেওঁক মোৰ সপোন ক’লোঁ,
9 Mo wí pé, “Belṣassari, olórí àwọn amòye, èmi mọ̀ wí pé ẹ̀mí ọlọ́run mímọ́ wà nínú rẹ, kò sì ṣí àṣírí kan tí ó ṣòro jù fún ọ. Sọ àlá mi kí o sì túmọ̀ rẹ̀ fún mi.
৯“হে মায়াবীসকলৰ প্ৰধান অধ্যক্ষ বেলটচচৰ, মই জানোঁ যে, পবিত্ৰ দেৱতাবোৰৰ আত্মা আপোনাত আছে, আৰু কোনো নিগূঢ় বিষয় আপোনাৰ বাবে কঠিন নহয়। মোৰ সপোন, আৰু সপোনৰ ফলিতা মোক কোৱা।
10 Èyí ni ìran náà tí mo rí nígbà tí mo wà lórí ibùsùn mi, mo rí igi kan láàrín ayé, igi náà ga gidigidi.
১০মই মোৰ শয্যাত শুই থকা সময়ত মোৰ মানসিক দৰ্শনত মই দেখিলোঁ: পৃথিৱীৰ মাজত এজোপা গছ আছিল, আৰু তাৰ উচ্চতা অতিশয় অধিক আছিল।
11 Igi náà tóbi, ó sì lágbára, orí rẹ̀ sì ń kan ọ̀run; a sì rí i títí dé òpin ayé.
১১সেই গছ বৃদ্ধি হৈ বৃহৎ হ’ল, আৰু তাৰ আগভাগে আকাশ ঢুকি পোৱা হ’ল; আৰু সমগ্র পৃথিৱীৰ প্রান্তৰ পৰা তাক দেখা গ’ল।
12 Ewé rẹ̀ lẹ́wà, èso rẹ̀ sì pọ̀, ó sì ń pèsè oúnjẹ fún gbogbo ènìyàn. Abẹ́ ẹ rẹ̀ ni àwọn ẹranko igbó fi ṣe ibùgbé, àwọn ẹyẹ ojú ọ̀run sì ń gbé ní ẹ̀ka rẹ̀, nínú rẹ̀ ni gbogbo alààyè ti ń jẹ.
১২তাৰ পাতবোৰ ধুনীয়া, তাৰ ফল প্রচুৰ পৰিমাণৰ আছিল আৰু সকলোৱে বাবে খাব পৰা আছিল। তাৰ তলত বনৰীয়া জন্তুবোৰে ছাঁ লৈছিল, তাৰ ডালবোৰত আকাশৰ চৰাইবোৰে বাঁহ লৈছিল, আৰু সকলো জীৱিত প্ৰাণীয়ে তাৰ পৰা আহাৰ পাইছিল।
13 “Lórí ibùsùn mi, mo rí ìran náà, olùṣọ́ kan dúró síwájú u mi, àní ẹni mímọ́ kan, ó ń bọ̀ wá láti ọ̀run
১৩মই মোৰ শয্যাত শুই থকা সময়ত দৰ্শন দেখিলোঁ যে, এজন পবিত্ৰ বাৰ্ত্তাবাহক স্বৰ্গৰ পৰা নামি আহিল।
14 ó kígbe sókè wí pé, ‘Gé igi náà kí o sì gé àwọn ẹ̀ka rẹ̀ kúrò; gbọn ewé rẹ̀ ká, kí o sì fọ́n èso rẹ̀ dànù. Jẹ́ kí àwọn ẹranko tí ó wà lábẹ́ rẹ̀ sá àti àwọn ẹyẹ tí ó wà ní ẹ̀ka rẹ̀ kúrò.
১৪তেওঁ চিঞৰী ক’লে, “গছজোপা কাটা, আৰু তাৰ ডালবোৰ কাটি পেলোৱা, তাৰ পাতবোৰ চুঁচি পেলোৱা, আৰু তাৰ ফলবোৰ সিঁচৰিত কৰি পেলোৱা। তাৰ তলৰ পৰা জন্তুবোৰ, আৰু তাৰ ডালবোৰৰ পৰা পক্ষীবোৰ পলাই যাওক।
15 Ṣùgbọ́n fi kùkùté àti gbòǹgbò rẹ̀ tí a fi irin àti idẹ dè ṣẹ́kù sórí ilẹ̀ àti sí orí koríko igbó. “‘Jẹ́ kí ìrì ọ̀run sẹ̀ sí i lára, kí ó sì jẹ́ kí ìpín in rẹ̀ wà pẹ̀lú àwọn ẹranko igbó láàrín ilẹ̀ ayé.
১৫কিন্তু তোমালোকে তাৰ মুঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি পথাৰৰ মাটিত কুমলীয়া ঘাঁহৰ মাজত ৰাখা। আকাশৰ পৰা অহা নিয়ৰত তাক তিতিব দিয়া; মাটিত থকা গছ গছনিৰ মাজত জন্তুবোৰৰ লগত তাক থাকিবলৈ দিয়া।
16 Jẹ́ kí ọkàn rẹ̀ kí ó yí padà kúrò ní ti ènìyàn, kí a sì fún un ní ọkàn ẹranko, títí ìgbà méje yóò fi kọjá lórí i rẹ̀.
১৬সাত বছৰলৈকে তেওঁৰ হৃদয় মনুষ্য হৃদয়ৰ পৰা সলনি কৰি তেওঁক জন্তুৰ হৃদয় দিয়া হওক।
17 “‘Olùṣọ́ ni ó gbé ìpinnu náà jáde, àṣẹ sì wá láti ọ̀dọ̀ ẹni mímọ́, kí gbogbo alààyè le mọ̀ wí pé, Ọ̀gá-ògo ni olórí ìjọba ènìyàn, ó sì ń fi fún ẹnikẹ́ni tí ó wù ú, òun sì ń gbé onírẹ̀lẹ̀ lórí i wọn.’
১৭এই সিদ্ধান্ত বাৰ্ত্তাবাহকে জনোৱা আজ্ঞাৰ দ্বাৰাই আৰু পবিত্র জনাৰ দ্বাৰাই লোৱা সিদ্ধান্ত। সেয়ে যিসকল জীৱিত তেওঁলোকে জানিব লাগে যে, মানুহৰ ৰাজ্যত সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু যিজনকে তেওঁ ইচ্ছা কৰে, সেই জনক সেই ৰাজ্য দিয়ে, এনে কি, অতি নম্র লোককো তাৰ ওপৰত নিযুক্ত কৰে।’
18 “Èyí ni àlá tí èmi Nebukadnessari ọba lá. Ní ìsinsin yìí ìwọ Belṣassari, sọ ohun tí ó túmọ̀ sí fún mi, nítorí kò sí amòye kan ní ìjọba mi, tí ó lè sọ ìtumọ̀ rẹ̀ fún mi. Ṣùgbọ́n ìwọ lè sọ ìtumọ̀ rẹ̀, nítorí tí ẹ̀mí Ọlọ́run mímọ́ wà ní inú rẹ.”
১৮মই ৰজা নবূখদনেচৰে এই সপোন দেখিলোঁ। এতিয়া হে বেলটচচৰ, আপুনি ইয়াৰ ফলিতা কওক; কিয়নো মোৰ ৰাজ্যত থকা কোনো জ্ঞানসম্পন্ন লোকে মোক ইয়াৰ ফলিতা ক’ব পৰা নাই। আপুনি ক’ব পাৰিব, কাৰণ আপোনাৰ অন্তৰত পবিত্ৰ দেৱতাবোৰৰ আত্মা আছে।”
19 Nígbà náà ni Daniẹli (ẹni tí à ń pè ní Belṣassari) páyà gidigidi fún ìgbà díẹ̀, èrò inú rẹ̀ sì bà á lẹ́rù. Nígbà náà ni ọba wí pé, “Belṣassari, má ṣe jẹ́ kí àlá náà tàbí ìtumọ̀ rẹ̀ kí ó dẹ́rùbà ọ́.” Belṣassari sì dáhùn wí pé, “Olúwa mi, kí àlá yìí jẹ́ ti àwọn ọ̀tá a rẹ, kí ìtumọ̀ rẹ̀ sì jẹ́ ti àwọn aṣòdì sí.
১৯তেতিয়া বেলটচচৰ নামেৰে প্ৰখ্যাত দানিয়েলে অলপ সময়ৰ বাবে বিচলিত হ’ল, আৰু চিন্তাত ব্যাকুল হ’ল। ৰজাই ক’লে, “হে বেলটচচৰ, সেই সপোন আৰু তাৰ ফলিতাই আপোনাক ব্যাকুল নকৰক।” বেলটচচৰে উত্তৰ দি ক’লে, “হে মোৰ প্ৰভু, আপোনাক ঘিণ কৰা সকল আৰু আপোনাৰ শত্রুবোৰৰ বাবে এই সপোন আৰু ইয়াৰ ফলিতা হওক।
20 Igi tí ìwọ rí, tí ó dàgbà, tí ó sì lágbára, tí orí rẹ̀ sì ń kan ọ̀run, tí ó lẹ́wà àti ọ̀pọ̀lọpọ̀ èso, tí ó ń pèsè oúnjẹ fún gbogbo ènìyàn, tí ó ṣe ààbò lórí ẹranko igbó àti èyí tí ẹ̀ka rẹ̀ pèsè ààyè fún ẹyẹ ojú ọ̀run.
২০আপুনি দেখা সেই গছ বৃদ্ধি হৈ বৃহৎ হ’ল, ওখই আকাশ ঢুকি পোৱা হ’ল, আৰু পৃথিৱীৰ সকলো প্রান্তৰ পৰা সেই গছজোপা দেখা গ’ল।
21 Èyí tí ewé e rẹ̀ lẹ́wà, tí èso rẹ̀ si pọ̀, nínú èyí tí oúnjẹ sì wà fún gbogbo ẹ̀dá, lábẹ́ èyí tí àwọn ẹranko igbó ń gbé, lórí ẹ̀ka èyí ti àwọn ẹyẹ ojú ọ̀run ní ibùgbé wọn.
২১তাৰ পাত ধুনীয়া আৰু তাৰ ফল প্রচুৰ পৰিমাণে আছিল, সেয়ে সকলোৰে বাবে খাব পৰা হৈছিল, তাৰ তলত বনৰীয়া জন্তুবোৰে বাস কৰিছিল, আৰু তাৰ ডালবোৰত আকাশৰ চৰাইবোৰে বাঁহ লৈছিল।
22 Ìwọ ọba ni igi náà, ìwọ ti dàgbà, o sì lágbára, títóbi i rẹ ga ó sì kan ọ̀run, ìjọba rẹ sì gbilẹ̀ títí dé òpin ayé.
২২হে মহাৰাজ, সেই গছজোপা আপুনিয়েই। আপুনি বৃদ্ধি হৈ অতি বলৱান হৈছে, আপোনাৰ মহিমা বৃদ্ধি পাই আকাশ ঢুকি পোৱা হৈছে; আপোনাৰ ক্ষমতা পৃথিৱীৰ অন্তলৈকে হৈছে।
23 “Ìwọ ọba, rí ìránṣẹ́ ẹni mímọ́ kan, tí ó ń bọ̀ láti ọ̀run ó sì sọ pé, ‘Gé igi náà kí o sì run ún, ṣùgbọ́n fi kùkùté rẹ tí a dè pẹ̀lú irin àti idẹ sílẹ̀ nínú koríko igbó, nígbà tí gbòǹgbò rẹ̀ sì wà nínú ilẹ̀ kí o sì jẹ́ kí ìrì ọ̀run sẹ̀ sórí i rẹ̀, jẹ́ kí ìpín in rẹ̀ wà láàrín ẹranko búburú títí ìgbà méje yóò fi kọjá lórí i rẹ̀.’
২৩মহাৰজা আপুনি দেখিছিল যে, এজন পবিত্ৰ বাৰ্ত্তাবহক স্বৰ্গৰ পৰা নামি আহিছিল, আৰু আপোনাক কৈছিল, “গছজোপা কাটি নষ্ট কৰা; কিন্তু তাৰ মূঢ়াটো লোহা আৰু পিতলৰ শিকলিৰে বান্ধি মাটিত পথাৰৰ কুমলীয়া ঘাঁহৰ মাজত ৰাখা; তাক আকাশৰ নিয়ৰত তিতিব দিবা, আৰু সাত বছৰলৈকে পথাৰৰ জন্তুবোৰৰ লগত তাক থাকিব দিবা।”
24 “Èyí ni ìtumọ̀ àlá rẹ ọba àti àṣẹ tí Ọ̀gá-ògo mú wá sórí ọba olúwa mi.
২৪হে মহাৰাজ, ইয়াৰ ফলিতা এই, মোৰ প্ৰভু মহাৰাজলৈ সৰ্ব্বোপৰি জনাৰ পৰা অহা আজ্ঞা এই।
25 A ó lé ọ jáde kúrò láàrín ènìyàn, ìwọ yóò sì máa gbé láàrín ẹranko búburú, ìwọ yóò jẹ koríko bí i màlúù, ìrì ọ̀run yóò sì sẹ̀ sára rẹ. Ìgbà méje yóò sì kọjá lórí rẹ, títí ìwọ yóò fi mọ̀ wí pé Ọ̀gá-ògo ń jẹ ọba lórí ìjọba ènìyàn, ó sì ń fi fún ẹni tí ó bá wù ú.
২৫মানুহৰ ৰাজ্য যে সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, আপোনাক মানুহৰ মাজৰ পৰা দূৰ কৰা হ’ব, আৰু পথাৰৰ পশুবোৰৰ লগত আপুনি বাস কৰিব লাগিব, আপুনি গৰুৰ দৰে ঘাঁহ খাব লাগিব, আৰু আপুনি আকাশৰ পৰা অহা নিয়ৰত তিতিব লাগিব, এইদৰে আপোনাৰ ওপৰত সাত বছৰৰ অতিবাহিত হ’ব।
26 Bí wọ́n ṣe pàṣẹ pé kí wọn fi kùkùté àti gbòǹgbò igi náà sílẹ̀, èyí túmọ̀ sí wí pé a ó dá ìjọba rẹ padà fún ọ lẹ́yìn ìgbà tí o bá ti mọ̀ wí pé, Ọ̀run jẹ ọba.
২৬কিন্তু গছৰ মুঢ়াটো যে ৰাখিবলৈ আজ্ঞা দিয়া হৈছিল, তাৰ অৰ্থ এই, স্বৰ্গৰ বিধিসমূহৰ শিক্ষা পোৱাৰ পাছতহে, আপোনাৰ হাতলৈ আপোনাৰ ৰাজ্য পুনৰ ঘূৰি আহিব।
27 Nítorí náà ọba, jẹ́ kí ìmọ̀ràn mi jẹ́ ìtẹ́wọ́gbà fún ọ, kọ ẹ̀ṣẹ̀ rẹ sílẹ̀ kí o sì ṣe rere, àti ìwà búburú rẹ nípa ṣíṣe àánú fún àwọn tálákà. Ó lè jẹ́ pé nígbà náà ni ìwọ yóò ṣe rere.”
২৭এই কাৰণে, হে মহাৰাজ, মোৰ পৰামৰ্শ আপোনাৰ আগত গ্ৰাহ্য হওক; পাপ নকৰিব, আৰু সৎ কাৰ্য কৰক। নিপীড়িত সকলক দয়া কৰক আৰু আপুনি অপৰাধৰ পৰা দূৰ হওক; তাৰ দ্বাৰাই আপোনাৰ উন্নতি দীৰ্ঘকালীন হ’ব পাৰে।
28 Gbogbo nǹkan wọ̀nyí ṣẹlẹ̀ sí Nebukadnessari ọba.
২৮এই সকলো ৰজা নবূখদনেচৰত ঘটিলে।
29 Lẹ́yìn oṣù kejìlá, bí ọba ṣe ń rìn káàkiri lórí òrùlé ààfin ìjọba Babeli,
২৯বাৰ মাহৰ পাছত তেওঁ বাবিলৰ ৰাজ-গৃহত তেওঁ খোজ কাঢ়ি আছিল,
30 ó sọ pé, “Èyí ha kọ́ ni Babeli ńlá tí mo kọ́ gẹ́gẹ́ bí ilé ọba, nípa agbára à mi àti fún ògo ọláńlá à mi?”
৩০ৰজাই কৈছিল, “মই মোৰ ঐশ্বৰ্যৰ গৌৰৱৰ বাবে মোৰ ৰাজকীয় গৃহ নিৰ্মাণ কৰিছিলোঁ, এয়াই সেই বিশাল বাবিল নহয় নে?”
31 Bí ọba ṣe ń sọ ọ̀rọ̀ náà lọ́wọ́ ohùn kan wá láti ọ̀run, “Ìwọ Nebukadnessari ọba, ìwọ ni a ti pàṣẹ nípa rẹ̀, a ti gba ìjọba à rẹ kúrò ní ọwọ́ ọ̀ rẹ.
৩১ৰজাই এই কথা কৈ থাকোঁতেই, আকাশীবাণী হ’ল, হে ৰজা নবূখদনেচৰ তোমাৰ বিৰুদ্ধে আজ্ঞা দিয়া হৈছে যে; এই ৰাজ্য দীৰ্ঘদিন তোমাৰ হৈ নাথাকিব।
32 A ó lé ọ kúrò láàrín àwọn ènìyàn, ìwọ yóò sì lọ máa gbé àárín àwọn ẹranko igbó; ìwọ yóò jẹ koríko bí i màlúù, ìgbà méje yóò kọjá lórí i rẹ títí ìwọ yóò fi mọ̀ wí pé, Ọ̀gá-ògo jẹ ọba lórí ìjọba ènìyàn àti pé ó ń fi fún ẹni tí ó bá wù ú.”
৩২মানুহৰ মাজৰ পৰা তোমাক দূৰ কৰা হ’ব; পথাৰত বনৰীয়া জন্তুৰ সৈতে তোমাৰ ঘৰ হ’ব; আৰু গৰুৰ দৰে তুমি ঘাঁহ খাব লাগিব। সৰ্ব্বোপৰি জনাই শাসন কৰে, আৰু তেওঁ যিজনক দিবলৈ ইচ্ছা কৰে, সেই জনকে সেই ৰাজ্য দিয়ে, এই কথা আপুনি নজনালৈকে, সাত বছৰ অতিবাহিত হ’ব।”
33 Lẹ́sẹ̀kẹsẹ̀ ni ohun tí a sọ nípa Nebukadnessari ṣẹlẹ̀ sí i. A lé e kúrò láàrín ènìyàn, ó sì ń jẹ koríko bí i màlúù, ìrì ọ̀run sì ń sẹ̀ sí ara rẹ̀, títí irun orí rẹ̀ fi gùn bí i ti ìyẹ́ ẹyẹ idì, tí èékánná rẹ̀ sì dàbí i ti ẹyẹ.
৩৩এই আজ্ঞা সেই মুহূৰ্ত্ততে নবূখদনেচৰৰ বিৰুদ্ধে ফলিয়ালে। তেওঁক মানুহৰ মাজৰ পৰা দূৰ কৰা হ’ল, আৰু তেওঁ গৰুৰ দৰে ঘাঁহ খালে, তেওঁৰ শৰীৰ আকাশৰ নিয়ৰত তিতিলে; তেওঁৰ চুলি ঈগল চৰাইৰ পাখিৰ দৰে দীঘল হ’ল, আৰু তেওঁৰ নখ চৰাইৰ নখৰ দৰে বাঢ়িল।
34 Ní òpin ìgbà náà, èmi, Nebukadnessari gbé ojú mi sókè sí ọ̀run, iyè mi sì sọjí. Mo fi ọpẹ́ fún Ọ̀gá-ògo; mo fi ọlá àti ògo fún ẹni tí ó wà láéláé.
৩৪সেই দিনবোৰৰ শেষত মই নবূখদনেচৰে স্বৰ্গলৈ দৃষ্টি কৰিলোঁ, আৰু মোৰ মানসিক সুস্থতা মোক ঘূৰাই দিয়া হ’ল। “মই সৰ্ব্বোপৰি জনাৰ প্রশংসা কৰিলোঁ, আৰু অনন্ত কাললৈকে থকা জনাক সন্মান আৰু গৌৰৱ কৰিলোঁ; কাৰণ তেওঁৰ ৰাজ শাসন চিৰকলীয়া ৰাজ শাসন, আৰু তেওঁৰ ৰাজ্য পুৰুষানুক্ৰমে স্থিৰ হৈ থাকে।
35 Gbogbo àwọn ènìyàn ayé
৩৫তেওঁৰ দ্বাৰাই পৃথিৱীৰ সকলো নিবাসী একো নোহোৱাৰ দৰে বিবেচিত হৈছে; তেওঁ স্বৰ্গৰ বাহিনীসকলৰ আৰু পৃথিৱী নিবাসী সকলৰ মাজত নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰে; কোনেও তেওঁক ৰখাব নোৱাৰে, বা তেওঁক আপত্তি কৰিব নোৱাৰে; আৰু ‘আপুনি কি কৰিছে?’ এই বুলি তেওঁক কোনেও সুধিব নোৱাৰে।”
36 Ní àkókò kan náà, iyè mi padà, ọlá àti ògo dídán mi padà tọ̀ mí wá fún ògo ìjọba mi. Àwọn ìgbìmọ̀ àti àwọn ọlọ́lá mi, wá mi rí, wọ́n sì dá mi padà sórí ìjọba mi, mo sì di alágbára ju ti ìṣáájú lọ.
৩৬সেই একে সময়তে মোৰ মানসিক সুস্থতা মোলৈ ঘূৰি আহিল, আৰু মোৰ ৰাজ্যৰ গৌৰৱৰ অৰ্থে মোৰ ৰাজপদ আৰু ঐশ্বৰ্য মোলৈ ঘূৰি আহিল। মোৰ উপদেষ্টা আৰু মূখ্য লোকসকলে মোৰ অনুগ্রহ বিচাৰিলে; মোৰ সিংহাসন মোক পুনৰায় দিয়া হ’ল, এনে কি, মোৰ মহত্বও মোক দিয়া হ’ল।
37 Báyìí, èmi, Nebukadnessari fi ọpẹ́, mo sì gbé Ọlọ́run ga, mo sì fi ògo fún ọba ọ̀run, nítorí pé gbogbo nǹkan tí ó ṣe ló dára, gbogbo ọ̀nà rẹ̀ sì tọ́. Gbogbo àwọn tó sì ń rìn ní ìgbéraga ni ó le rẹ̀ sílẹ̀.
৩৭এতিয়া মই নবূখদনেচৰে স্বৰ্গৰ ৰজাৰ প্ৰশংসা, গুণ কীৰ্ত্তন আৰু তেওঁক সমাদৰ কৰিছোঁ; কাৰণ তেওঁৰ সকলো কাৰ্য সত্য, আৰু তেওঁৰ পথবোৰ ন্যায়। যি সকলে নিজৰ অহংকাৰত চলে, তেওঁ তেওঁলোকক নম্র কৰিব পাৰে।