< Daniel 11 >
1 Ní ọdún kìn-ín-ní Dariusi ará Media, mo dúró láti tì í lẹ́yìn àti láti dáàbò bò ó.)
১মাদীয়া দাৰিয়াবচৰ ৰাজত্ব কালৰ প্ৰথম বছৰতে ময়েই মিখায়েলক সমৰ্থন আৰু ৰক্ষা কৰিবলৈ থিয় হৈছিলোঁ।
2 “Ní ìsinsin yìí, mo sọ òtítọ́ fún ọ ọba mẹ́ta yóò dìde sí i ní Persia, àti ẹ̀kẹrin tí yóò jẹ́ ọlọ́rọ̀ ju gbogbo wọn lọ. Tí ó bá ti di alágbára nípa ọrọ̀ rẹ̀, yóò sì ru gbogbo wọn sókè lòdì sí ìjọba Giriki.
২আৰু এতিয়া মই তোমাৰ আগত সত্যবিষয় প্রকাশ কৰোঁ। পাৰস্য দেশত তিনি জন ৰজা উৎপন্ন হ’ব; আৰু চতুৰ্থ ৰজা জন আন সকলতকৈ অধিক ধনৱান হ’ব। তেওঁ নিজৰ ধন-সম্পতিৰ দ্বাৰাই ক্ষমতা অৰ্জন কৰিব, আৰু তেওঁ সকলোকে গ্রীচ ৰাজ্যৰ বিৰুদ্ধে উচটাব।
3 Nígbà náà ni ọba alágbára kan yóò fi ara hàn, yóò ṣe àkóso pẹ̀lú agbára ńlá, yóò sì ṣe bí ó ti wù ú.
৩তাৰ পাছত এজন পৰাক্ৰমী ৰজা উৎপন্ন হ’ব; তেওঁ অতি বৃহৎ ৰাজ্য শাসন কৰিব, আৰু তেওঁ নিজৰ ইচ্ছাৰে সকলো কাৰ্য কৰিব।
4 Lẹ́yìn ìgbà tí ó bá fi ara hàn tán, ìjọba rẹ̀ yóò fọ́, yóò sì pín sí mẹ́rin ní orígun mẹ́rẹ̀ẹ̀rin ayé, ìjọba náà kò sì ṣọ́wọ́ àwọn ìran rẹ̀ tàbí kí ó ní agbára tí ó ń lò tẹ́lẹ̀, nítorí, a ó fa ìjọba rẹ̀ tu a ó sì fi fún àwọn mìíràn.
৪যেতিয়া তেওঁ উৎপন্ন হ’ব, তেওঁৰ ৰাজ্য ভগ্ন হ’ব, আৰু আকাশৰ চাৰিও দিশৰ বায়ুলৈ বিভক্ত হ’ব। তেওঁৰ ৰাজ্য তেওঁৰ বংশধৰসকলক দিয়া নহ’ব; আৰু তেওঁ শাসন কৰা সময়ত থকা ক্ষমতা আৰু নাথাকিব। কিয়নো তেওঁৰ ৰাজ্য উৎখাত কৰা হ’ব, আৰু তেওঁৰ বংশধৰক নিদি আন সকলক দিয়া হ’ব।
5 “Ọba ìhà gúúsù yóò di alágbára ṣùgbọ́n ọ̀kan lára àwọn aláṣẹ rẹ̀ yóò di alágbára jù ú lọ, yóò sì ṣe àkóso ìjọba rẹ̀ pẹ̀lú agbára ńlá.
৫দক্ষিণ দেশৰ ৰজা বলৱান হ’ব; কিন্তু তেওঁৰ সেনাপতি সকলৰ মাজৰ এজন তেওঁতকৈয়ো অধিক বলৱান হৈ এখন ডাঙৰ ৰাজ্য শাসন কৰিব।
6 Lẹ́yìn ọdún púpọ̀ wọn yóò dá májẹ̀mú àlàáfíà, ọmọbìnrin ọba gúúsù yóò lọ sí ọ̀dọ̀ ọba àríwá láti bá a dá májẹ̀mú àlàáfíà, ṣùgbọ́n òun kì yóò lè di agbára apá a rẹ̀ mú, bẹ́ẹ̀ ni òun kì yóò lè dádúró, ṣùgbọ́n a ó tẹrí i rẹ̀ ba àti àwọn tí ó mú un wá, àti ọmọ tí ó bí, àti ẹni tí ó ń mu lọ́kàn le ní gbogbo àkókò wọ̀nyí.
৬কেইবছৰমানৰ পাছত যেতিয়া নিৰূপিত সময় আহিব, তেতিয়া তেওঁলোকে মিত্রতা কৰিব। চুক্তি সুনিশ্চিত কৰিবলৈ দক্ষিণ দেশৰ ৰজাৰ জীয়েকক উত্তৰ দেশৰ ৰজালৈ দিয়া হ’ব; কিন্তু জীয়েকে নিজৰ ক্ষমতা হেৰুৱাব, আৰু তেওঁক পৰিত্যক্ত কৰা হ’ব। তেওঁ আৰু তেওঁক অনাসকলক, তেওঁৰ পিতৃক, আৰু সেই সময়ত তেওঁক সমৰ্থন কৰা জনক আপদত পেলোৱা হ’ব।
7 “Ọ̀kan lára àwọn ìdílé e rẹ̀, ọmọbìnrin ọba gúúsù yóò dìde láti gba ipò o rẹ̀. Yóò sì kọlu ogun ọba àríwá, yóò sì wó odi alágbára; yóò bá wọn jà yóò sì borí.
৭তথাপি তেওঁৰ শিপাৰ এটি শাখা তেওঁৰ ঠাইত উৎপন্ন হ’ব; তেওঁ সৈন্যসামন্তক আক্রমণ কৰিব, আৰু উত্তৰ দেশৰ ৰজাৰ দুৰ্গত সোমাব, আৰু তেওঁলোকৰ বিৰুদ্ধে কাৰ্য কৰি জয়ী হ’ব।
8 Yóò gba òrìṣà wọn, ère dídá àti ohun èlò oníye lórí ti fàdákà àti ti wúrà, yóò sì kó wọn lọ sí Ejibiti. Fún ọdún díẹ̀ yóò fi ọba àríwá lọ́rùn sílẹ̀.
৮ৰূপ আৰু সোণৰ অতি সুন্দৰ পাত্ৰবোৰে সৈতে তেওঁলোকে তেওঁলোকৰ প্রতিমাবোৰ, আৰু দেৱতাবোৰকো মিচৰলৈ কাঢ়ি নিব। কেইবছৰমানৰ বাবে উত্তৰ দেশৰ ৰজাক আক্রমণ কৰাৰ পৰা বিৰত থাকিব।
9 Nígbà náà, ni ọba àríwá yóò gbógun ti ilẹ̀ ọba, gúúsù, ṣùgbọ́n yóò padà sí Orílẹ̀-èdè, òun fúnra rẹ̀.
৯সেই ৰজা দক্ষিণ দেশৰ ৰজাৰ ৰাজ্যত সোমাব, কিন্তু তেওঁ নিজৰ দেশলৈ ঘূৰি যাব।
10 Àwọn ọmọ rẹ̀ yóò múra ogun wọn yóò kó ogun ńlá jọ, èyí tí a ó gbá lọ bí àgbàrá omi ńlá, yóò sì gbá a lọ títí dé ìlú olódi rẹ̀.
১০তেওঁৰ পুত্রসকল যুদ্ধ কৰিব, আৰু মহা সৈন্য-সামন্ত গোটাব; তেওঁলোকে দেশৰ মাজেৰে জলপ্লাবনৰ দৰে সোমাব, আৰু তেওঁলোকৰ দুৰ্গৰ সকলো পথত পুনৰ হঠাতে আক্রমণ কৰিব।
11 “Nígbà náà ni ọba gúúsù yóò jáde pẹ̀lú ìbínú, yóò sì bá ọba àríwá jà, ẹni tí yóò kó ọmọ-ogun púpọ̀ jọ, ṣùgbọ́n ọba gúúsù yóò borí i wọn.
১১দক্ষিণ দেশৰ ৰজা অতিশয় ক্রোধাম্বিত হৈ উত্তৰ দেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিব। উত্তৰ দেশৰ ৰজাই মহা সৈন্য-সামন্ত গোটাব, কিন্তু সেই সৈন্যসামন্তক দক্ষিণ দেশৰ ৰজাৰ হাতত গতাই দিয়া হ’ব।
12 Nígbà tí a bá kó ogun náà lọ, ọba gúúsù yóò kún fún agbára, yóò sì pa ẹgbẹẹgbẹ̀rún ní ìpakúpa síbẹ̀ kì yóò ṣẹ́gun.
১২যেতিয়া সৈন্য-সামন্ত লৈ অহা হ’ব, তেতিয়া দক্ষিণ দেশৰ ৰজা অহঙ্কাৰেৰে পৰিপূৰ্ণ হ’ব। তেওঁৰ হাজাৰ হাজাৰ শত্রুক হত্যা কৰা হ’ব, কিন্তু তেওঁ কৃতকাৰ্য নহ’ব।
13 Nítorí ọba àríwá yóò lọ kó ogun mìíràn jọ, tí ó pọ̀ ju ti àkọ́kọ́ lẹ́yìn ọ̀pọ̀lọpọ̀ ọdún, yóò jáde pẹ̀lú ọ̀pọ̀lọpọ̀ ogun tí ó ti dira ogun fún dáradára.
১৩উত্তৰ দেশৰ ৰজাই আন এটা সৈন্যৰ দল গঠন কৰিব; সেয়া আগতকৈয়ো ডাঙৰ হ’ব, কেইবছৰমানৰ পাছত উত্তৰ দেশৰ ৰজাই বহুতো সা-সঁজুলিৰ সৈতে ডাঙৰ সৈন্যৰ দল লৈ আহিব।
14 “Ní àkókò ìgbà náà, ni ọ̀pọ̀lọpọ̀ yóò dìde sí ọba gúúsù. Àwọn ọlọ̀tẹ̀ nínú àwọn ènìyàn an rẹ̀ yóò ṣọ̀tẹ̀ ní ìmúṣẹ ìran náà, ṣùgbọ́n wọn kì yóò borí.
১৪সেই সময়ত দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে অনেক লোক উঠিব। এই দৰ্শনৰ কথা সিদ্ধ হ’বলৈ, তোমাৰ লোকসকলৰ মাজৰ অতি অত্যাচাৰী লোকসকলে নিজকে নিজে উঠাব; কিন্তু তেওঁলোক উজুটি খাই পৰিব।
15 Nígbà náà ni ọba àríwá yóò wá yóò sì gbé ogun tì í, yóò sì kó ìlú olódi. Ogun ọba gúúsù kò ní ní agbára láti kọjú ìjà sí i; bẹ́ẹ̀ ni àwọn ọ̀wọ́ ogun tó dára jù kò ní ní agbára láti dúró.
১৫উত্তৰ দেশৰ ৰজা আহি ঢিপত এঢলীয়া পথ নিৰ্মাণ কৰিব, আৰু দুৰ্গৰ নগৰ অধিকাৰ কৰিব। দক্ষিণ দেশৰ সৈন্যসকল থিৰে থাকিব নোৱাৰিব; এনে কি, তেওঁলোকৰ শ্রেষ্ঠ সৈন্যসকলৰো থিৰে থাকিবলৈ শক্তি নহ’ব।
16 Ẹni tí ó gbóguntì í yóò máa ṣe bí ó ti wù ú, kò sì ṣí ẹni tí yóò le è dojúkọ ọ́. Yóò sì fún ara rẹ̀ ní ibùjókòó ní ilẹ̀ tí ó dára, yóò sì ní agbára láti bà á jẹ́.
১৬কিন্তু উত্তৰ দেশৰ ৰজাই দক্ষিণ দেশৰ ৰজাৰ বিৰুদ্ধে যি ইচ্ছা তাকেই কৰিব, আৰু কোনেও তেওঁক বাধা দিব নোৱাৰিব। তেওঁ সম্পূৰ্ণ ধ্বংসৰ সৈতে, এখন সমৃদ্ধিশালী দেশত নিজকে প্রতিষ্ঠিত কৰিব।
17 Yóò pinnu láti wá pẹ̀lú agbára ìjọba rẹ̀, yóò sì ní májẹ̀mú àlàáfíà pẹ̀lú ọba gúúsù yóò sì fi ọmọbìnrin rẹ̀ fún un láti fẹ́ ẹ ní ìyàwó nítorí kí ó lè gba ìjọba, ṣùgbọ́n ète rẹ̀ yìí kì yóò dúró tàbí ṣe ìrànlọ́wọ́ fún un.
১৭উত্তৰ দেশৰ ৰজাই তেওঁৰ ৰাজ্যৰ সকলো শক্তিৰে সৈতে আহিবলৈ স্থিৰ কৰিব। দক্ষিণ দেশৰ ৰজাৰ সৈতে তেওঁ এটা চুক্তি কৰিব; আৰু সেই চুক্তি কাৰ্যকৰী কৰিবৰ অৰ্থে তেওঁ দক্ষিণ দেশ ধ্বংস কৰিবলৈ দক্ষিণ দেশৰ ৰজালৈ এজনী ছোৱালীক বিয়া দিব; কিন্তু পৰিকল্পনাটো সফল নহ’ব আৰু তাৰ পৰা তেওঁৰ সহায়ো নহ’ব।
18 Nígbà náà ni yóò yí ara padà sí ilẹ̀ etí Òkun, yóò mú ọ̀pọ̀lọpọ̀, ṣùgbọ́n aláṣẹ kan yóò mú òpin bá àfojúdi rẹ̀, yóò sì yí àfojúdi rẹ̀ padà sí orí rẹ̀.
১৮ইয়াৰ পাছত উত্তৰ দেশৰ ৰজাই সাগৰৰ পাৰৰ ঠাইবোৰলৈ দৃষ্টি কৰি, তাৰ অনেক ঠাই তেওঁ অধিকাৰ কৰিব; সেনাপতিয়ে তেওঁৰ অপমান দূৰ কৰিব কিন্তু তেওঁৰ অপমানৰ কাৰণে সেয়া তেওঁলৈ পুনৰ ঘূৰি আহিব।
19 Lẹ́yìn èyí, yóò sì yí padà sí ìlú olódi ti orílẹ̀-èdè òun fúnra rẹ̀, ṣùgbọ́n yóò kọsẹ̀ yóò sì ṣubú, a kì yóò sì rí i mọ́.
১৯তেতিয়া তেওঁ নিজৰ দেশৰ দুৰ্গবোৰলৈ মন কৰিব, কিন্তু তেওঁ বিঘিনি পাই পতিত হ’ব; তেওঁক বিচাৰি পোৱা নাযাব।
20 “Arọ́pò rẹ̀ yóò rán agbowó orí kan jáde láti fi ìdí ipò ọlá ọba múlẹ̀ ṣùgbọ́n ní ìwọ̀n ọdún díẹ̀, a ó pa á run, kì yóò jẹ́ nípa ìbínú tàbí nínú ogun.
২০তাৰ পাছত ৰাজ্যৰ ঐশ্বৰ্যৰ বাবে কৰ দিবলৈ জোৰ দিয়া এজনে তেওঁৰ স্থান ল’ব। এই জনো অলপ দিনৰ ভিতৰতে বিনষ্ট হ’ব, কিন্তু ক্ৰোধত বা যুদ্ধত নহয়।
21 “Ẹni tí kò níláárí kan yóò rọ́pò rẹ̀, ẹni tí a kò tí ì fi ọlá ọba fún rí. Yóò sì gbógun sí ìjọba nígbà tí ọkàn àwọn ènìyàn balẹ̀ láìbẹ̀rù, yóò sì gbà á pẹ̀lú àrékérekè.
২১তেওঁৰ স্থানত আন এজন ঘৃণনীয় ব্যক্তি আহিব; লোকসকলে তেওঁক ৰাজকীয় সন্মান নিদিব। তেওঁ নিঃশব্দে আহিব আৰু তোষামোদেৰে ৰাজ্যৰ ওপৰত অধিকাৰ কৰিব।
22 Nígbà náà, ni a ó gbà ogunlọ́gọ̀ ogun kúrò níwájú u rẹ̀, pẹ̀lú òun àti ọmọ-aládé ti májẹ̀mú náà ni a ó parun.
২২তেওঁৰ আগত অতিশয় ডাঙৰ সৈন্যৰ দলো জলপ্লাৱনৰ দৰে উটি যাব। সৈন্য সমূহ আৰু চুক্তিৰে স্থাপন কৰা অধিপতিসকল ধ্বংস হ’ব।
23 Lẹ́yìn tí ó wá ṣe ìpinnu pẹ̀lú u rẹ̀, yóò hùwà ẹ̀tàn, pẹ̀lú ìwọ̀nba ènìyàn kékeré ni yóò gba ìjọba.
২৩তেওঁৰ লগত মিত্ৰতা থিৰ কৰাৰে পৰা তেওঁ প্ৰতাৰণাৰ কাম কৰিব। কেৱল কম সংখ্যক লোকৰ সৈতেহে তেওঁ পৰাক্রমী হ’ব।
24 Nígbà tí àwọn agbègbè tí ó lọ́rọ̀ gidigidi wà láìbẹ̀rù ni yóò gbóguntì wọ́n, yóò ṣe ohun tí baba rẹ̀ tàbí baba ńlá rẹ̀ kò ṣe rí, yóò pín ìkógun ẹrù àti ọrọ̀ fún àwọn ọmọ lẹ́yìn in rẹ̀. Yóò pète àti bi àwọn ìlú olódi ṣubú, ṣùgbọ́n fún ìgbà díẹ̀ ni.
২৪তেওঁ প্ৰদেশৰ ঐশ্বৰ্যশালী অংশলৈ সাৱধানবাণী নিদিয়াকৈ সোমাব, আৰু তেওঁৰ পিতৃ, বা পিতৃৰ পিতৃয়ে যি কৰা নাই, তেনে কাৰ্য কৰিব। তেওঁ লূটদ্ৰব্য, কাঢ়ি লোৱা বস্তু, আৰু ধন সম্পত্তি তেওঁৰ অনুসৰণকাৰী সকলৰ মাজত বিলাই দিব; এনে কি, তেওঁ দুৰ্গবোৰৰ সৰ্বনাশ কৰিবলৈ কল্পনা কৰিব; কিন্তু অলপ সময়ৰ বাবেহে।
25 “Pẹ̀lú ogun púpọ̀, yóò sì ru agbára rẹ̀ àti ìgboyà rẹ̀ sókè sí ọba gúúsù. Ọba gúúsù yóò dìde ogun pẹ̀lú ọ̀pọ̀lọpọ̀ ọmọ-ogun tí ó lágbára gidigidi, ṣùgbọ́n kò ní le è dúró, nítorí ọ̀tẹ̀ tí ó gbèrò sí i.
২৫তেওঁ দক্ষিণ দেশৰ ৰজাৰ সৈন্যসকলৰ বিৰুদ্ধে তেওঁৰ ক্ষমতা আৰু সাহস উত্তেজিত কৰিব। দক্ষিণ দেশৰ ৰজাই অধিক পৰাক্ৰমী সৈন্য সমূহ লগত লৈ, যুদ্ধ কৰিবলৈ ধৰিব কিন্তু তিষ্ঠিব নোৱাৰিব; কাৰণ লোকসকলে তেওঁৰ অহিতে নানা কল্পনা কৰিব।
26 Àwọn tí ó jẹ nínú oúnjẹ ọba yóò gbìyànjú láti parun, a ó gbá ogun rẹ̀ dànù, ọ̀pọ̀lọpọ̀ ni yóò ṣubú sí ogun.
২৬আনকি যিসকলে ৰজাৰ মেজৰ পৰা আহাৰ খায়, তেওঁলোকেও তেওঁক নষ্ট কৰিবলৈ চেষ্টা কৰিব, আৰু তেওঁৰ সৈন্য সমূহ বানপানীৰ দৰে উটি যাব, আৰু তেওঁলোকৰ অনেকক হত্যা কৰা হ’ব।
27 Àwọn ọba méjèèjì, ọkàn wọn tẹ̀ sí búburú, wọn yóò jókòó lórí tábìlì kan, wọn yóò máa parọ́ sí ara wọn, ṣùgbọ́n kò ní yọrí sí nǹkan kan nítorí òpin yóò wá ní àsìkò tí a yàn.
২৭আৰু এই দুজন ৰজাই ইজনে সিজনৰ বিৰুদ্ধে অন্তৰত বেয়া ভাব ৰাখিব, তেওঁলোকে একেখন মেজতে বহিব আৰু ইজনে সিজনক মিছা ক’ব; কিন্তু কোনো উদ্দেশ্যত নহয়। কাৰণ নিৰূপিত সময়তহে সেই কথা ফলিয়াব।
28 Ọba àríwá yóò padà sí ilẹ̀ rẹ̀ pẹ̀lú ọrọ̀ púpọ̀, ṣùgbọ́n ọkàn rẹ̀ yóò lòdì sí májẹ̀mú mímọ́, yóò sì ṣiṣẹ́ lòdì sí i, yóò sì padà sí orílẹ̀-èdè òun fúnra rẹ̀.
২৮তাৰ পাছত অনেক ধন-সম্পত্তি লৈ উত্তৰ দেশৰ ৰজা নিজৰ দেশলৈ উভটি যাব, কিন্তু তেওঁৰ মন পবিত্ৰ নিয়মটোৰ বিৰুদ্ধে হ’ব। তেওঁ নিজৰ ইচ্ছা অনুসাৰে কাৰ্য কৰি নিজ দেশলৈ উভটি যাব।
29 “Ní àsìkò tí a yàn, yóò gbógun sí gúúsù lẹ́ẹ̀kan sí i, ṣùgbọ́n ní ìgbà yí àyọríṣí yóò yàtọ̀ sí ti ìṣáájú.
২৯নিৰূপিত সময়ত তেওঁ ঘূৰি আহিব আৰু দক্ষিণ দেশ পুনৰ আক্ৰমণ কৰিব। কিন্তু আগতে যেনেদৰে হৈছিল, তেতিয়া সেইদৰে নহ’ব।
30 Nítorí pé, ọkọ̀ ojú omi àwọn ilẹ̀ etídò ìwọ̀-oòrùn yóò takò ó, ọkàn rẹ̀ yóò sì pami. Nígbà náà, ni yóò padà, yóò sì bínú sí májẹ̀mú mímọ́, yóò sì padà, yóò sì fi ojúrere hàn sí àwọn tí ó kọ májẹ̀mú mímọ́ náà.
৩০কিয়নো কিত্তীমৰ জাহাজবোৰ তেওঁৰ বিৰুদ্ধে আহিব; আৰু তেওঁ নিৰুৎসাহ হৈ ঘূৰি যাব। পবিত্ৰ নিয়মৰ বিৰুদ্ধে তেওঁ ক্ৰোধ কৰিব আৰু পবিত্ৰ নিয়ম অমান্য কৰা লোকসকলক অনুগ্রহ দেখুৱাব।
31 “Agbára ọmọ-ogun rẹ̀ yóò dìde láti ba ohun mímọ́ ilé olódi tẹmpili jẹ́, yóò sì pa ẹbọ ojoojúmọ́ rẹ́. Nígbà náà ni wọn yóò gbé ìríra tí ó fa ìsọdahoro kalẹ̀.
৩১তেওঁৰ সৈন্যদল উঠিব আৰু পবিত্রস্থান আৰু দুৰ্গ অশুচি কৰিব। তেওঁলোকে প্রতিদিনৰ হোম-বলি বন্ধ কৰিব, আৰু তেওঁলোকে ঘৃণনীয় বস্তু স্থাপন কৰিব যিয়ে ধ্বংসাত্মকৰূপে অপবিত্র কৰিব।
32 Pẹ̀lú irú àwọn tí ń ṣe búburú sí májẹ̀mú ní yóò fi ọ̀rọ̀ ìpọ́nni mú ṣọ̀tẹ̀, ṣùgbọ́n, àwọn tí ó mọ Ọlọ́run wọn yóò mú ọkàn le. Wọn yóò sì máa ṣe iṣẹ́ agbára.
৩২নিয়ম লঙ্ঘন কৰা সকলক তেওঁ খুচামোদ কৰিব আৰু তেওঁলোকক ভ্ৰষ্ট কৰিব; কিন্তু নিজৰ ঈশ্বৰক জনা লোকসকল বলৱন্ত হ’ব আৰু ইয়াৰ বিৰুদ্ধে কাৰ্য কৰিব।
33 “Àwọn tí ó mòye yóò máa kọ́ ọ̀pọ̀lọpọ̀, ṣùgbọ́n fún ìgbà díẹ̀, wọn yóò máa ṣubú nípa idà tàbí kí a jó wọn tàbí ìgbèkùn tàbí nípa ìkógun.
৩৩মানুহৰ মাজৰ জ্ঞানী লোকসকলে অনেকক বিবেচনা শক্তি দিব; কিন্তু কিছুদিনৰ বাবে তৰোৱাল, আৰু অগ্নিশিখাৰে পতিত হ’ব, তেওঁলোকক বন্দীসকলৰ দৰে আটক কৰা হ’ব, আৰু তেওঁলোকৰ সা-সম্পত্তি লুট কৰা হ’ব।
34 Nígbà tí wọ́n bá ṣubú, wọn yóò rí ìrànlọ́wọ́ díẹ̀, ọ̀pọ̀ àwọn tó ṣe aláìṣòótọ́ yóò sì darapọ̀ mọ́ wọn.
৩৪তেওঁলোকে উজুটি খোৱা সময়ত অলপ সহায় পাব; তেওঁলোকে কি কয় সেই কথা নুবুজা অনেক লোকে তেওঁলোকৰ লগত যোগদান কৰিব।
35 Lára àwọn tí ó mòye yóò kọsẹ̀, nítorí kí a ba à tún wọn ṣe, wọ́n di mímọ́ àti aláìlábàwọ́n títí di ìgbà ìkẹyìn nítorí yóò sì wá ní àkókò tí a yàn.
৩৫শেষৰ সময় নহালৈকে পৰীক্ষাসিদ্ধ, পবিত্ৰ, আৰু শুদ্ধ হ’বলৈ জ্ঞানী লোকসকলৰ কিছুমানে উজুটি খাব; কাৰণ নিৰূপিত সময় এতিয়াও আহিবলৈ আছে।
36 “Ọba yóò ṣe bí ó ti wù ú yóò sì gbé ara rẹ̀ ga, ju gbogbo òrìṣà lọ, yóò máa sọ àwọn ọ̀rọ̀ tí kò-ṣe-é-gbọ́-létí sí Ọlọ́run àwọn Ọlọ́run, yóò sì máa yege títí àkókò ìbínú yóò fi parí, nítorí ohun tí a ti pinnu yóò ṣẹlẹ̀.
৩৬ৰজাই যি কৰিবলৈ ইচ্ছা কৰে, সেয়াই কৰিব। তেওঁ সকলো দেৱতাতকৈ নিজকে উন্নত আৰু অতিৰঞ্জিত কৰিব, আৰু দেৱতাবোৰৰ ঈশ্বৰৰ বিৰুদ্ধে আশ্বৰ্যজনক কথা ক’ব। ক্রোধ সিদ্ধ নোহোৱালৈকে তেওঁ কৃতকাৰ্য হ’ব; কাৰণ বিধানত যি আছে, সেয়াই সিদ্ধ কৰা হ’ব।
37 Òun kò ní ka òrìṣà àwọn baba rẹ̀ sí tàbí èyí tí àwọn fẹ́, òun kò ní ka nǹkan kan sí, ṣùgbọ́n yóò gbé ara rẹ̀ ga ju gbogbo wọn lọ.
৩৭তেওঁ নিজৰ পূৰ্বপুৰুষসকলৰ দেৱতাবোৰৰ বাবে বিবেচনা নকৰিব, কাৰণ মহিলাৰ দ্বাৰাই আকাংক্ষা কৰা দেৱতা, নাইবা আন কোনো দেৱতাবোৰকো নামানিব। তেওঁ অহঙ্কাৰেৰে কাৰ্য কৰিব আৰু সকলোতকৈ ওপৰত বুলি দাবী কৰিব।
38 Ṣùgbọ́n dípò wọn, yóò bu ọlá fún òrìṣà àwọn ìlú olódi: òrìṣà tí àwọn baba rẹ̀ kò mọ̀ ni yóò bu ọlá fún pẹ̀lú wúrà àti fàdákà, pẹ̀lú òkúta iyebíye àti ẹ̀bùn tí ó lówó lórí.
৩৮তেওঁলোকৰ পৰিৱৰ্তে তেওঁ দুৰ্গৰ দেৱতাক সন্মান কৰিব। নিজৰ পূৰ্ব-পুৰুষসকলে নজনা এজন দেৱতাক তেওঁ সোণ, ৰূপ, বহুমূলীয়া পাথৰ, মূল্যবান উপহাৰেৰে সন্মান কৰিব।
39 Yóò kọlu àwọn ìlú olódi tí ó lágbára pẹ̀lú ìrànlọ́wọ́ òrìṣà àjèjì, yóò sì bu ọláńlá fún ẹni tí ó jẹ́wọ́ rẹ̀. Yóò mú wọn ṣe alákòóso lórí ọ̀pọ̀lọpọ̀ ènìyàn, yóò sì pín ilẹ̀ náà fún wọn gẹ́gẹ́ bí èrè.
৩৯তেওঁ বিজাতীয় দেৱতাৰ সহায়ত শত্রুবোৰৰ অতি দৃঢ় দুৰ্গবোৰ আক্রমণ কৰিব। যি সকলে তেওঁক স্বীকাৰ কৰিব, তেওঁলোকক তেওঁ সন্মান কৰিব। অনেকলোকৰ ওপৰত তেওঁ তেওঁলোকক শাসনকৰ্ত্তা পাতিব, আৰু ধনৰ বাবে তেওঁ মাটি ভাগ কৰিব।
40 “Ní ìgbà ìkẹyìn, ọba gúúsù yóò gbé ogun de sí i, ọba àríwá yóò sì jáde bí ìjì láti kọlù ú pẹ̀lú u kẹ̀kẹ́ ogun àti ẹlẹ́ṣin àti ọ̀pọ̀lọpọ̀ ọkọ̀ ojú omi. Yóò gbógun wọ orílẹ̀-èdè púpọ̀, yóò sì bo wọn mọ́lẹ̀ bí ìkún omi.
৪০শেষৰ সময়ত দক্ষিণ দেশৰ ৰজাই আক্রমণ কৰিব। উত্তৰ দেশৰ ৰজাই ৰথ, অশ্বাৰোহী, আৰু অনেক জাহাজেৰে সৈতে বা’মাৰলী বতাহৰ দৰে তেওঁৰ বিৰুদ্ধে আহিব। তেওঁ অনেক দেশ আক্রমণ কৰিব, আৰু বানপানীৰ দৰে তেওঁলোকৰ মাজেদি ওলাই যাব।
41 Bẹ́ẹ̀ ni yóò sì tún gbógun ti ilẹ̀ ológo náà pẹ̀lú, ọ̀pọ̀lọpọ̀ orílẹ̀-èdè yóò ṣubú, ṣùgbọ́n Edomu, Moabu àti àwọn olórí Ammoni yóò bọ́ lọ́wọ́ rẹ̀.
৪১তেওঁ সমৃদ্ধিশালী দেশলৈ সোমাই আহিব, আৰু অনেক পৰাজিত হ’ব; কিন্তু ইদোম, মোৱাব, আৰু অম্মোনৰ অনেক প্রধান লোকে তেওঁৰ হাতৰ পৰা ৰক্ষা পাব।
42 Yóò lo agbára rẹ̀ lórí ọ̀pọ̀lọpọ̀ orílẹ̀-èdè; Ejibiti kì yóò là.
৪২তেওঁ অনেক দেশৰ ওপৰত তেওঁৰ ক্ষমতা প্রয়োগ কৰিব, আৰু মিচৰ দেশখনেও ৰক্ষা নাপাব।
43 Yóò gba àkóso ìṣúra wúrà àti fàdákà àti gbogbo ọrọ̀ Ejibiti, pẹ̀lú ti Libia àti Kuṣi nígbà tí ó mú wọn tẹríba.
৪৩মিচৰ দেশৰ আটাই বহুমূল্য বস্তুৰ ওপৰত আৰু সোণ ৰূপৰ ভঁৰালৰ ওপৰত তেওঁৰ ক্ষমতা থাকিব। লুবীয়া আৰু কুচীয়াসকলে তেওঁৰ পৰিচৰ্যা কৰিব।
44 Ṣùgbọ́n ìròyìn láti ìlà-oòrùn àti láti ìwọ̀-oòrùn yóò mú ìdáríjì bá a, yóò sì fi ìbínú ńlá jáde lọ láti parun, àti láti pa ọ̀pọ̀lọpọ̀ run pátápátá.
৪৪পূব আৰু উত্তৰৰ পৰা অহা সম্বাদে তেওঁক সজাগ কৰিব; তাতে তেওঁ বিনষ্ট কৰিবলৈ, আৰু অনেকক নিঃশেষে সংহাৰ কৰিবলৈ মহাক্ৰোধেৰে ওলাই যাব।
45 Yóò sì pàgọ́ ọ rẹ̀ láàrín Òkun kọjú sí àárín òkè mímọ́ ológo. Síbẹ̀ yóò wá sí òpin rẹ̀, ẹnìkan kò ní ràn án lọ́wọ́.
৪৫সমূদ্ৰ আৰু পবিত্ৰতাৰ সৌন্দৰ্যৰ পাহাৰৰ মাজত তেওঁ নিজৰ ৰাজপ্রসাদৰ তম্বু তৰিব। তেওঁ তেওঁৰ শেষ অৱস্থাত আহিব, কিন্তু তেওঁক সহায় কৰিবলৈ কোনো নাথাকিব।